পৃষ্ঠা:চান (কবিতা পুথি).pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৮)

তোৰেই কাৰণে  জগত বিভোল
 তয়েই সমাজ ৰাখিছ বান্ধি।

তোৰ মৰমত  নাই স্বাৰ্থ একো—
 ভাল পাওঁ তোক আপোনা আপুনি;
তোৰ ই মৰমে সিঁচৰে মৰম
 তোৰ মৰমেই প্ৰেম-শিকনি।

পৰা নাই যি  তোৰ ই মায়াৰ
 বান্ধোনত এটিবাৰ,
নুবুজে কদাপি  প্ৰেম কিবা বস্তু
 তাৰ প্ৰেমালাপ সমূলি অসাৰ।

পৰা নাই যি  তোৰ চাহনিত
 অমল মৰমে ভৰা,
নুবুজে সংসাৰ  কিনো প্ৰেমময়
 তাৰ প্ৰেম-কথা সপোন-তৰা।
তয়েই দেৱতা  তয়ে জোন-বেলি
 আগভাগ তই লৱ দেৱতাৰ,