পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৬)


পিচপৰা, ভীৰু, সন্দিগ্ধমনা—সি চাৰিওফালে হীন আৰু জীৱন যুদ্ধত সি টিকিব নোৱাৰে। শক্তিমান পুৰুষ বীৰ, সাহী,জ্ঞানী; শক্তিমান পুৰুষেহে সঁচা কথা নিৰ্ভয়ে কব পাৰে, নিৰ্ভয়ে মৃত্যুক বৰণ কৰিব পাৰে, হৰিশ্চন্দ্ৰৰ নিচিনাকৈ দাৰিদ্ৰ্যক আকোঁৱালি ধৰিব পাৰে, আৰু সিদ্ধ পুৰুষবিলাকৰ নিচিনাকৈ জুই-পানী, সুখ-দুখ, মান-অপমানক একে বুলি ভাবিব আৰু সংসাৰত থাকিও সংসাৰ-নিৰ্লিপ্ত হব পাৰে। শক্তিমানৰ হাতত হীনশক্তিৰ জীৱ পুতলাৰ নিচিনা হৈ পৰে; শক্তিমানে আনক জীৱন যুদ্ধত পিচ পেলাই আগবাঢ়ে। এই কাৰণেই গছ-লতা, পশু-পক্ষী আটাইয়ে জীৱ শ্ৰেষ্ঠ মানুহৰ হাতৰ অস্ত্ৰ, গাৰ বস্ত্ৰ আৰু পেটৰ যোগনীয়াৰ হৈছে।

 প্ৰকৃততে শক্তি জীৱকুলতে আৱদ্ধ নহয়। শক্তিৰ ৰূপান্তৰেই বস্তু বা পদাৰ্থ— ( পদাৰ্থ বুলিলে নিৰ্জীৱ আৰু জীৱন্ত সকলোকে বুজায় )। একে বস্তুৱেই ৰূপান্তৰিত হৈ পানী, বৰফ আৰু ভাপ হয় : তাপৰ আধিক্যই পোহৰ; একে বিজুলী শক্তিয়েই তাপ দিয়ে, পোহৰ দিয়ে, আকৰ্ষণ কৰে, কল চলায়, কথা কয়, মানুহ মাৰে আৰু মানুহ জীয়ায়, ( বেমাৰ চিকিৎসাত বিজুলী শক্তিৰ প্ৰয়োগ কৰা