পৃষ্ঠা:চান (কবিতা পুথি).pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)

শৈশৱ কালত দেখিলোঁ সাদৃশ্য
 ভাবিলোঁ তৰাও খৰিকাজাই;
ফুলৰে লেখিয়া  মন্দ বতাহত
 বিলায় অমিয় সৌৰভ-ধাৰা।

কতনো হাঁহিলোঁ  কতনো মাতিলোঁ
 কতনো সাজিলোঁ ফুলৰ চাকি;
সি কথা ভাবিলে  আজিও মনত
 সুখৰ কণিকা জ্বলে ৰিণি ৰিণি।

সুখত মগন  আছিলোঁ সিদিনা
 মূৰ্খ দোষে সুখ দিলে সিকালত;
বিজ্ঞান পোহৰে  নাশিলে এতিয়া
 সুখৰ আঁকৰ কল্পনা-সোঁত।

শিকিলোঁ আকাশ  নহয় আকাশ
 নাই একো তাত, শূন্যৰ বিস্তাৰ;
ৰঙিয়াল ফুল  তৰাটিহঁতিও
 একোটি পৃথিবী বৃহৎ আকাৰ