পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আত্ম-সমৰ্পণ।

কিহেৰে গঠিত মোৰ
 এই জীৱটি,
কিবা বস্তু ইটো
 “মই” নাম যাৰ,
হাত, ভৰি, দেহ “ম‍ই” নহয়
 জীৱ দেহ সংযোগতে
 উপজিছে “মই।"

চকুৰে নমনি নিৰাকাৰ জীৱ
 ইন্দ্ৰিয় বুদ্ধিৰ জীৱ অগোচৰ;
 জীৱৰ বিনাশ বাদ
 উৎপত্তি ইয়াতে,
নাস্তিক বিজ্ঞানে তাকে
 ঘোষে নিৰন্তৰ।

ভূতেৰে নিৰ্ম্মিত দেহ মৃত্যুৰ পাচত
 মিলি যায় ভূতৰ লগত;