পৃষ্ঠা:চান (কবিতা পুথি).pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৭)

সকলো জীৱ  অংশ ঈশ্বৰৰ
 সকলে মানৱ নাই ভেদাভেদ,
তথাপি কিয়  ৰক্ত অভিলাসী
 ৰণ-মদে মত্ত কিয়বা তুমি?

জীৱন সংহাৰা,  দাসত্ব দিয়া,
 ধন-জন কিবা গঢ়িছা নিজে?
ঈশ্বৰে দিয়া  শান্তি-সাম্য ভাৱ
 হৰি জয়ঢোল বজোৱা কিয়?

মাৰিছা যিদৰে  মৰিবা সিদৰে
 ৰঙ্গমঞ্চ এৰি যাবাগৈ গুচি,
পটৰ সিফালে  নতুন মঞ্চত
 ওলাব লাগিব নতুন সাজি।

শক্তি অব্যাহত  নাই তাৰ ক্ষয়
 আতমাৰো নাই ক্ষয়-ভগন,
ভ্ৰমিবা বিশ্বত  নতুন সাজেৰে
 ৰূপান্তৰ মাত্ৰ জন্ম-মৰণ।