পৃষ্ঠা:চান (কবিতা পুথি).pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)

বিশিষ্ট ঢৌবোৰে একেৰাহে ভ্ৰমণ কৰে, সেই ঢৌবোৰে বেচি সময় মনত সন্তোষ দিব নোৱাৰে— কিছুপৰৰ পিচতে সেই ঢৌ-বোৰ বিৰক্তিকৰ হৈ উঠে। আকৌ যেতিয়া ঢৌ-বোৰৰ দৈৰ্ঘ্যৰ সমীচীন হীনডেঢ়ি হয়, তেতিয়া সেই ঢৌ বোৰ চিত্তাকৰ্ষক হৈ উঠে; ধুমুহাৰ ঢৌবোৰে আতঙ্কৰ সৃষ্টি কৰে। সঙ্গীত ৰাজ্যতো যিবোৰ সঙ্গীতৰ শব্দমালাই, ধুমুহাৰ সময়ৰ সাগৰৰ ঢৌৰ দৰে, শব্দঢৌ স্ৰজন কৰে, সেইবোৰে মনত বিভীষিকাৰ ভাৱ উদয় কৰে; যিবোৰ সঙ্গীতৰ শব্দমালাই নানা দৈৰ্ঘ্যৰ সামঞ্জস্যপূৰ্ণ ঢৌৰাজিৰ সৃষ্টি কৰে, সেইবোৰেই অতি সুখদায়ক হৈ উঠে। প্ৰকৃতিৰ ঢৌৰ সৃষ্টি কৌশল অধ্যয়ন কৰি সেই লেখিয়া ঢৌ সাজিব পৰাকৈ সঙ্গীত ৰচিব পাৰিলে সঙ্গীত নিশ্চয় প্ৰীতিকৰ হব। সেইটো অৱশ্যে দুৰুহ। প্ৰকৃততে সিবিলাকেহে ভাল সঙ্গীত ৰচিব পাৰে, যাৰ শৰীৰৰ ধমনিত প্ৰকৃতিৰ ঢৌৱে ঢৌ খেলিব পাৰে, যাৰ সুক্ষ্ম নাড়ীবোৰে প্ৰকৃতিৰ হেন্দোলনিত দুলিব পাৰে, যাৰ সুক্ষ্ম অনুভূতি আৰু প্ৰকৃতিৰ প্ৰতি সহানুভূতিপূৰ্ণ শিৰা ( Sympathetic chord ) আছে সেইবিলাকেহে সঙ্গীত ভাল দৰে উপলব্ধি কৰিব পাৰে আৰু ৰসৰ আস্বাদ পায়। কবিতাতো একে কথাই খাটে।