পৃষ্ঠা:চান (কবিতা পুথি).pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)

 সুন্দৰত সমাবেশ নাই বিৰূপৰ
 নিৰ্দ্দয়তা কপটতা বিৰূপৰ ৰূপ।

তোৰ প্ৰকৃতিয়ে তোৰ ৰূপত কালিমা সানে
লুকাচুৰি খেলিমেলি তোকেই মলিন কৰে।

আকাশ।

শৰৎ কালত পদুলি মুখত
 ফুলে জাতিষ্কাৰ খৰিকাজাই,
জকমক কৰে ফুলে ঢাকি ধৰে
 ফুল-জেউতিয়ে লুকালে কায়।

মৃদু বতাহত  নাচে ফুলবোৰে
 তিৰ্ বিৰ কৰে আকাশী তৰা;
সবুজ বৰণ  মাজে মাজে ফুল
 নীল আকাশত হাঁহিৰ ৰেখা।