পৃষ্ঠা:চান (কবিতা পুথি).pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

হাঁহিৰ জেউতি তোৰ চৰে চৌদিশত,
হাঁহিৰ লহৰি তোৰ ভ্ৰমে অনন্তত;
 তাৰে এটি জ্যোতি মোৰ পৰেহি চকুত;
 চকুত চমক মাৰি,
 পোহৰে পোহৰ হৰি,
ভেলেকী বাণেৰে তই তধামধা কৰ মোক।

এটি মাত্ৰ ঢৌৱে আহি ঢৌ সাজে বহুমান,
ঢৌ-খলকনিবোৰে কঁপায় হিয়াৰ তাঁৰ;
 কঁপাই হিয়াৰ তাঁৰ
 কঁপালি আতমা মোৰ,
শান্তি শাম্যভাৱ হৰি অস্থিৰতা কিয় দিলি?

 হিয়া-চোৰ মন-চোৰ
 তই চান দুষ্ট ঘোৰ,
 খন্তেকলৈ খেলিমেলি
 মন উত্ৰাৱল কৰি
 গুচি যাৱ ঘৰলৈ
 ৰং চাৱ দুৰ্ব্বলৰ;