পৃষ্ঠা:চান (কবিতা পুথি).pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)

তোৰ বৰ্ত্তমানে  কোন দেৱ আছে:
 মগ্ন তোতে, তই কেন্দ্ৰ জগতৰ।


ফুল কলি।

ফুল-কলি ফুলিছিলি গছৰ আগত,
 গোন্ধত আমোল মোল,
 সৌৰভত বায়ু ভোল,
ৰূপদেখি পখিলাই
 নাচে পাখিমেলি,
 নাচে ঠেও ধৰি
তোৰ ৰূপে পখিলাক
 কৰিলে ৰূপহী।

আকাশী নৰ্ত্তকী পখী
 চেনেহ টানত
উৰিব নোৱাৰি
 তালমান ভঙ্গ হল –