এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)
বাজি উঠে অন্তৰত নিতৌ নতুন—
অজান দেশৰ অজান গীতি
নীৰৱ সুৰত বাজে ৰিণি ৰিণি
যি গীতি-ৰাগীত মতলীয়া প্ৰাণ
মুহূৰ্ত্তে কৰে ৰূপ পৰিহাৰ
কৰে বাজিখেল চপল মন।
ক্ষণে সাধু ক্ষণে চোৰ —
আস্তিক নাস্তিক
সাজে একে তালে
ছলনা, চাতুৰি, ধাৰ্ম্মিক প্ৰবৰ
ভাল বেয়া যত ৰূপ
ধৰে একে একে;
ছাঁয়াবাজি কৰে চঞ্চল মন —
কাণ্ডাৰীহীন জীৱন-তৰী
ধুমুহা কোবত নাই থানথিতি—
লক্ষ্যহীন হৈ চলে ই জীৱন—
মায়া ধুমুহাত
নাজানো কদাপি জীৱনৰ গতি।