পৃষ্ঠা:চান (কবিতা পুথি).pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)


 তই কিন্তু চান,
যদিওবা নাই তোত অপাৰ মহিমা,
যদিও নহৱ তই সহস্ৰ কিৰণ,
নিদিয় যদিও তই শকতি-সমূহ,

আছে তোত—
 কোমলতা লৱনু-পৰশ,
 মৃদুহাঁহি মুখ-ভৰা,
 শীতল জেউতি ভোৰ
 মন-প্ৰাণ জুৰ কৰা;

তই চান,
 হৃদয়ৰ প্ৰিয়— প্ৰিয়তম,
তয়েহে কৰিছ জয় মানুহৰ মনোৰাজ্য
বিৰাজিছ অধীশ্বৰ কল্পনা-ৰাজ্যত।

 কিহত মহত্ব তোৰ?
কিবাগুণে কৰ তই মনত বিহাৰ,
কিয়বা ভুলাইছ তই জীৱ-জগতক?