পৃষ্ঠা:চান (কবিতা পুথি).pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

আশা-কামনাৰ জুই?
 কোৱা জ্ঞানী ইনো কি?

সৰু-বৰ

ক্ষুদ্ৰ পৰমাণুবোৰে
 গঢ়িছে মানৱ দেহ—
ৰজা, প্ৰজা, সুখী, দুখী
 বালি-চাহী পিপীলিকা
নতশিৰ দুৰ্ব্বাদল
 আৰু ক্ষুদ্ৰ ধূলি-কণা
সকলোৰে জীৱদেহ
 অণুৰে গঠিত৷
অণু পৰমাণুবোৰ
 ঈশ-শক্তি পুঞ্জীভূত