পৃষ্ঠা:চান (কবিতা পুথি).pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৬)

 শক্তি ৰূপ ধৰি হয় দৃশ্যমান;
ৰূপান্তৰ শক্তি  বস্তুৰ প্ৰভেদ
 শক্তিৰ ৰূপেই চৈতন্য প্ৰাণ।

দৰাচলে নাই  বস্তুৰ ভেদ
 চেতনাচেতন একেই বস্তু;
ধূলিৰ কণাটি,  চৈতন্য-জীৱন
 এক ঈশ্বৰৰ বিভিন্ন ৰূপ।

তেন্তে কৰা কিয়  ভেম, অভিমান,
 অৱহেলা কৰা 'সামান্য জীৱে',
ক্ষুদ্ৰ বস্তু বুলি  ইতিকিং কৰা
 ক্ষুদ্ৰতম বস্তু নোহোৱানে নিজে?

কৰা গৰ্ব্ব কিয়  জগতৰ মাজে
 আত্মম্ভৰি ভাৱ মনত কিয়?
কিহৰ গৌৰৱ  কিহত জয়
 ৰণ-বাদ্য তুমি বজোৱা কিয়?