পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৯)

প্ৰেমৰ মাজেৰে  লভিবা সত্য
 প্ৰেমেৰে থাপিবা শান্তিৰ ৰাজ্য
প্ৰেমৰ তুলনা  নাই জগতত
 প্ৰেমহে কেৱল অমোঘ অস্ত্ৰ।

ক্ষমা, সহ্যগুণ  প্ৰেমৰ সোপান
 প্ৰেমৰ পথিক শিকাঁই ধৰম,
মহাত্মা যিশুৰ  আদৰ্শ লোৱা
 বশিষ্ঠ-দেৱক কৰা প্ৰণাম।

ই গালে মাৰিলে  সিও গাল দিয়া
 নুমোৱা জুই ক্ষমা—বলেৰে;
লভিবা প্ৰেম  সিও ঘাতকৰ
 প্লাবিব ধৰা শান্তি-বাৰিৰে।