পৃষ্ঠা:চান (কবিতা পুথি).pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )

 এই জটিলতাৰ মূলত দুটা কথা আছে। প্ৰথমটো হৈছে জটিল মানৱ-প্ৰকৃতি আৰু সিটো হৈছে ৰসবোৰৰ মৌলিক একত্ব। সেই কাৰণেহে জালৰ পাহিৰ দৰে ৰসবোৰ গাঁথি লগা বা মিশ্ৰিত। চেক্‌চ্-পিয়েৰৰ নাটবোৰত এই ৰসবোৰৰ বিৰাট বিতোপন সমাবেশ হোৱা দেখা যায়।

 ৰসবোৰৰ প্ৰকৃতি অনুসাৰে ৰাগ ৰাগিণীৰো প্ৰকৃতি নিৰ্ণয় হয়। কিছুমান ৰসৰ ৰাগ থাকিব নোৱাৰে আৰু কিছুমানৰ ৰাগিণী থাকিব নোৱাৰে, কিছুমানৰ ৰাগ ৰাগিণী উভয়ে থাকে। মিশ্ৰৰসৰ ৰাগিণীও মিশ্ৰ। মিশ্ৰৰসৰ প্ৰাচুৰ্য্য হেতুকে ৰাগিণীত অসংয্যাত৷