পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৮)


এক ৰূপত বালি, শিল, পানী, জীৱদেহ আদি হৈ দেখা দিছে, অন্য এক ৰূপত জীৱন বা প্ৰাণ হৈ জীৱ-জগত সৃজন কৰিছে; এই একমাত্ৰ শক্তিয়েই তাপ, পোহৰ,বিজুলী আদি বিভিন্ন শক্তিধাৰাত পৰিণত হৈছে। এই শক্তিৰ ৰূপান্তৰতেই অসীম অনন্ত বিচিত্ৰ জগতখন হৈ পৰিছে। এই ৰূপান্তৰেই সৃষ্টি, আৰু যি মুহূৰ্ত্ততে এই শক্তিয়ে ৰূপ ধৰিব এৰিব, তেতিয়াই এই সংসাৰৰ অৱসান হব। এই শক্তি অসীম অনন্ত, অপ্ৰমেয়, অবিনশ্বৰ,অটুট; ই সদায় সমভাবে বৰ্ত্তমান ( Conservation of Energy )। এই শক্তিয়েই আদি, অন্ত, সৃষ্টি, স্থিতি,প্ৰলয়। ইয়াৰ আধাৰেই ঈশ্বৰ।

 যাৰ শৰীৰত এই শক্তি বেচি পৰিমাণে আছে, সেয়ে আনৰ তুলনাত বেচি পূৰ্ণ। ঈশ্বৰ সকলো শক্তিৰ আধাৰ; তেওঁ সম্পূৰ্ণ। মানুহৰ ভিতৰত যিবিলাকক আমি ঈশ্বৰৰ অৱতাৰ বোলোঁ, সেইবিলাকেই মানুহৰ ভিতৰত আটাইতকৈ বেচি শক্তিমান—শক্তিৰ প্ৰাচুৰ্য্য হেতুকেই তেওঁলোকে অদ্ভুত অদ্ভুত কাৰ্য্য কৰে আৰু অৱতাৰ আখ্যা পায়।

 উন্নতিকামীয়ে শক্তি বঢ়াবলৈ চেষ্টা কৰে, সেয়েহে তেওঁলোকৰ উন্নতি হয়। এহাতে শক্তি ক্ষয় কৰি ফল