পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৩)

সবেও অসাৰ  মোৰেই নিচিনা
 সংসাৰ শ্মশান—
 জন-পূৰ্ণ হৈও তাক
 দেখোঁ জনহীন।

তুমিও প্ৰভু নিদিয়া দেখা
 মায়া-আৱৰণ সোলোকাই থৈ;
মায়াৰে আচ্ছন্ন মই বুদ্ধিহীন,
 পূৰ্ণ আলোকেৰে নাহানো কিয়?
এটিমাত্ৰ আশা জাগে অন্তৰত,
ক্ষুদ্ৰ আলোকেৰে দেখোঁ সুদূৰত,
 “তুমি”য়েই “মই”
 “তোমাৰে” শক্তি বিকশিত “মোত”।

যদিওবা অতি ক্ষুদ্ৰ “মই” শক্তি
 “তোমাৰে” অসীম জ্যোতিৰ কণা।
 তোমাৰে লগত,
 অসীম অনন্ত,
নিৰ্ব্বিকাৰ “মই” জন্ম-মৃত্যুহীন।