পৃষ্ঠা:চান (কবিতা পুথি).pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কবিতাভাস

 কবিতা স্থূল সঙ্গীত মাত্ৰ। যি ভাৱ স্বভাৱতে সঙ্গীতৰ সুৰত কণ্ঠত আবিৰ্ভূত হৈ ভাষাত পৰিণত হয় সেয়ে কবিতা। কবিতা জন্মতে সঙ্গীত; গতিকে সঙ্গীতৰ লয়লাস আৰু মাধুৰী কবিতাত নিত্য বৰ্ত্তমান। সেই কাৰণে কবিতা দেখাত ছন্দহীন হৈও ললিত আৰু স্নিগ্ধ। কবিতাৰ সুৰ আছে, তাল আছে, লয় আছে; ভাৱৰাজ্য কবিতাৰ সামগ্ৰী—অলপ কথাৰে মনৰ আগত বিশাল বিশ্বৰ ছবি আঁকি দিয়াই কবিতাৰ অন্তৰ্নিহিত শক্তি। কবিতাই ছন্দ অনুসৰণ নকৰে; ছন্দই হে কবিতাক অনুসৰণ কৰে। সেই কাৰণে ছন্দ অলেখ; অকল সেয়ে নহয়, নিতৌ নতু নতুন ছন্দৰ উদ্ভৱ হৈছে। ছন্দ অনুসৰণ কৰিলে কবিতাৰ সৌন্দৰ্য্য নাথাকে, — সঙ্গীতৰ লয়, মাধুৰী আৰু ঝঙ্কাৰ সকলো নষ্ট হয়। প্ৰাকৃতিক কবিতাক ৰীতি অনুযায়ী চলিত ছন্দত মিলাই জুখিমাখি সাঁচত ঢালি লিখিব খুজিলে, অনেক সময়ত সি ‘নাগদ্য-নাপদ্য’ত পৰিণত হয়; এনেকি তাক পঢ়াই দুঃসাধ্য হৈ পৰে—প্ৰতি পদে