পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৪)

খেলিছা, খেলা “তুমি” বাজিকৰ,
“তোমাৰ” খেলাতে “মোৰ” অৱতাৰ,
 নকৰোঁ ভয়,
 নহওঁ নিৰাশ,
যত দিন জাগে “মোৰ” অন্তৰত
 “তোমাৰ” “মোৰ” অভিন্ন ভাৱ—
 কৰাঁ ইচ্ছা পূৰ্ণ প্ৰভু “তোমাৰ”।