পৃষ্ঠা:চান (কবিতা পুথি).pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)

চিনি পাৱ তেন্তে জনক জননী
 অফুট মাতেৰে জান কবলৈ।

ওচৰক গলে মধুৰ হাঁহিটি
 হাঁহ শিশু তই অন্তৰ খুলি,
দুৰ্ব্বল শক্তিৰে  ডেৱ দিব চাৱ
 মৰম-কোলাত স্নেহ বিচাৰি।

উভটি নাচালে  মুখ ওফন্দাৱ
 অভিমান তোৰ অতিকে বৰ
তোৰ আলসুৱা  চেনেহ শক্তিয়ে
 কৰে বিচলিত হৃদয় বীৰ।

পাষাণ হৃদয়  নৰহত্যাকাৰী
 কৰ পৰাজয় বীৰ মহাবীৰ,
ভৰি হাত মাৰি  কান চুলি টানি
 কৰ অত্যাচাৰ, নহয় কাতৰ।

আ-বা, বা-বা বুলি  মাতি থাক ঘনে
 সুমধুৰ গীত নাই সমকুল,