পৃষ্ঠা:চান (কবিতা পুথি).pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২২)

সত্য অন্বেষণ সত্যৰ প্ৰচাৰ
 উদ্দেশ্য তোমাৰ তুমি মহাজ্ঞানী।

তব শাম্যভাৱ  আদৰ্শ নৰৰ
 চিত্ৰী-শিল্পী-তুমি জগত মাজে
গুণমুগ্ধ আমি,  তুমি গুণাধাৰ,
 প্ৰণমো, তুষ্ট হোৱা নিজ গুণে।

অন্ধৰ উক্তি।

[A Blind boy পদ্যৰ ছঁ৷]

বেলিয়ে পোহৰ দিয়ে
 কোৱা শুনো মই
শুনো সৌন্দৰ্য্যৰ কথা
 পোহৰায় মন;