[ ১৬৯ ]

পৰিশিষ্ট

মোৰ মৃগয়া

(১)

 মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া;—যাৰ ভিতৰত জীৱহত্যা ব্যাপাৰটো ষোল অনা বৰ্ত্তমান। সৰুৰেপৰা জীৱহত্যা আৰু জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্ধিবলৈ বুলি অনা জীয়া কাৱৈ, মাগুৰ মাছ থেঁতেলাই মৰাটো মই কেতিয়াও নাচাইছিলো। বজাৰৰ পৰা জীয়া গৰৈ, চেঙেলি মাছ আনিলে, মই আইৰ গালি- শপনি খাইও, তালৈ কাণ নকৰি, লৰি সেইবোৰ লৈ গৈ আমাৰ পুখুৰীত মেলি দিছিলোঁ। হাঁহ, পাৰ, ছাগলীৰতো কথাই নাই, সেইবোৰ মৰাটো মই শুনাৰ বাহিৰে দেখাই নাছিলো। কাৰণ আমি মহাপুৰুষীয়া মানুহ। হাঁহ, পাৰ, ছাগলী খোৱাটো আমাৰ ঘৰত একেবাৰেই নিষেধ আছিল। ফলত ছাগলী খোৱা মানুহক মই পেটে পেটে ঘিণ কৰিছিলো। শাক্ত মানুহৰ ঘৰৰ ছোৱালী আমাৰ ঘৰলৈ পৰিলে সেই বোৱাৰী ছোৱালীক মই কথাই কথাই “ছাগলীখোৱা ঘৰৰ’’বুলি বাক্যবাণ প্ৰহাৰ কৰিবলৈ নেৰিছিলো। এনে সাত্ত্বিক মহাপুৰুষীয়া মোৰ আজি কি ভীষণ পৰিবৰ্ত্তন, ভাবিলে মই নিজেই আচৰিত মানো।

 আমাৰ ঘৰত বন্দুকৰ ব্যৱহাৰ নাছিল। পিতৃ দেৱতাই তেওঁৰ কোনো পুতেককে বন্দুক চুব নিদিছিল। শেহৰ ডোখৰত মাথোন মোৰ সৰু ভাই এটাই লুকাই চুৰকৈ কেতিয়াবা লোকৰ বন্দুক খুজি আনি অ’ত ত’ত এজাই দুজাই মাৰি হাতৰ খজুৱতি মাৰিছিল বুলি শুনিছিলো; কিন্তু সিয়ো পিতৃ দেৱতাৰ অবৰ্ত্তমানত। কলিকতাত থাকোঁতেও মই পূৰ্ব্বসংস্কাৰৰ বশত ভালেমান বছৰলৈকে বন্দুকত হাত নিদিছিলো। ঘটনাচক্ৰত পৰি কেনেকৈ মোৰ পৰিৱৰ্ত্তন ঘটিল, তাৰে পূৰ্ব্বাভাষ আজিৰ প্ৰবন্ধত দিম।

 ১৯১৪ খৃষ্টাব্দত য়ুৰোপত মহাযুদ্ধ আৰম্ভ হয়। সেই যুদ্ধত যেতিয়া বৃটিছে ফ্ৰান্স আৰু ৰুছিয়াৰ লগ লাগি জাৰ্ম্মানি, অষ্ট্ৰীয়া আৰু তুৰস্কৰ বিপক্ষে থিয় দিলে, সেই যুদ্ধখন এক প্ৰকাণ্ড কাণ্ড হৈ উঠিল। ভাৰতৰ প্ৰজাই নিজৰ ৰজা বৃটিছৰ নিমিত্তে ধন-জন, প্ৰাণ পাত কৰিবলৈ প্ৰস্তুত হ’ল। বিদেশ ফ্ৰান্সত একপক্ষে ভাৰতীয় সৈন্যই প্ৰথমতে বৃটিছৰ হকে প্ৰাণ দি প্ৰচণ্ড বেগেৰে বৈ অহা জাৰ্ম্মানীৰ সোঁতত ভেটা দিলে। স্বদেশত সকলো ভাৰতীয়ই যুদ্ধৰ হকে নিজৰ ধনৰ মোনাৰ মুখ মুকলি কৰি বৃটিছৰ ধনৰ ভঁৰালত ঢালি দিলে। ভাৰতীয় বীৰ জাতিৰ হাজাৰ হাজাৰ যুঁজাৰু বৃটিছৰ পতাকাৰ তলত যুঁজৰ নিমিত্তে থিয় হ’ল। বীৰ জাতি বুলি খ্যাতি নথকাসকলৰ অনেক ডেকাই আন নানা প্ৰকাৰে ৰণত সহায়ক হবৰ নিমিত্তে আগবাঢ়ি [ ১৭০ ] ওলাল। নানা উপায় অৱলম্বন কৰি ভাৰতবাসীসকলে বৃটিছৰ যুদ্ধৰ খৰচৰ সহায়ৰ অৰ্থে ধন তুলিবলৈ ধৰিলে। সুবিখ্যাত বেৰিষ্টাৰ ছাৰ আশুতোষ চৌধুৰী তেতিয়া কলিকতাৰ হাইকোৰ্টৰ জজৰ আসন অলঙ্কৃত কৰি আছিল। জজ হবৰ নিমিত্তে বেৰিষ্টৰী ব্যৱসায়ত তেওঁৰ উপাৰ্জ্জন প্ৰচুৰ আছিল, শুনিছিলোঁ মাহে পোন্ধৰ হাজাৰৰপৰা কুৰি হাজাৰলৈকে, কিন্তু সেই কালত কলিকতা হাইকোৰ্টৰ চিফ জাষ্টিচ জেন্ কিন্সৰ অনুৰোধ এৰাব নোৱাৰি, তেওঁ এনে লাভৰ বেৰিষ্টাৰী ব্যৱসায় পৰিত্যাগ কৰি দেশৰ কল্যাণৰ অৰ্থে জজৰ চাকৰী স্বীকাৰ কৰিছিল। যুঁজত বৃটিছৰ সাহায্যৰ নিমিত্তে ধন তুলিবৰ মনেৰে কলিকতাৰ ৰয়েল থিয়েটাৰত তেওঁ এখন নাটকৰ অভিনয় কৰাবৰ উদ্যোগ কৰিলে। কৱিবৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাল্মীকি-প্ৰতিভা নাটৰ অভিনয়কে কৰিবৰ থিয় হ’ল। সেই অভিনয়ৰ এটা প্ৰধান অঙ্গ প্ৰথম দস্যু অৰ্থাৎ ডকাইতৰ চন্দাৰৰ ভাও। মোৰ গাত সেই ভাৰ পৰিল আৰু বালিকা সৰস্বতী হোৱাৰ ভাৰ মোৰ বৰজনী ছোৱালী শ্ৰীমতী অৰুণাৰ গাত পৰিল। মই তেতিয়া হাওড়াত আছিলোঁ। আমি ভাৱনাৰ আখৰা দিবলৈ দিনৌ গধূলি বেলিকা সপৰিবাৰে হাওড়াৰ পৰা বালিগঞ্জলৈ এমাহমান অহা যোৱা কৰিবলগীয়াত পাৰিছিলো। হাওডাৰ ঘৰত দুটা চাইটা চাকৰ-চাকৰণীৰ বাহিৰে দিনৌ গধূলিৰপৰা ৰাতি ৯৷১০ বজালৈকে কোনো নাথাকিছিল।

 বাটৰ কেঁয়াবন খচকতহে জঁয় পৰি আদ্‌মৰা হৈ থাকে। দিনদিয়েক একেলানিয়ে সিহঁতৰ মূৰত খচকত নপৰিলে, সিহঁতে মূৰ দাঙি উঠে আৰু বাটৰ চিনকে মাৰি পেলায়। গধূলি তিনি চাৰি ঘণ্টা সময় উদংমুৰীয়া হৈ থাকিবলৈ পাই আমাৰ ঘৰৰ লগুৱা-লিগিৰী কেইটা ঠন ধৰি উঠিল। সিহঁতৰ গাত তেলে ধৰিলে আৰু মনত নানা বৰ সৰু মতলব খেলাবলৈ ধৰিলে। মতলব কাৰ্যত পৰিণত কৰিবৰ নিমিত্তে সিহঁতে বজাৰৰ পৰা ন ন সঁচাৰকাঠী আনি, পেৰা-পেটাৰি মেলি, তাৰপৰা ধ্ববিত আৰু সিহঁতৰ পছন্দমতে ভাল ভাল কাপোৰ-কানি লাহে লাহে সৰকাবলৈ ধৰিলে। প্ৰথম দিনদিয়েকলৈকে আমি সিহঁতৰ এই ষড়যন্ত্ৰক গমকে ধৰিব পৰা নাছিলোঁ। হোলাৰ ভাই মোলা হৈ সৰ্ব্বতিকাল সিহঁতক বিশ্বাস কৰি ঘৰ এৰি দি যেনেকৈ গৈছিলোঁ তেনেকৈ গৈয়ে আছিলোঁ। আমাৰ অসাৱধানতাৰ আঁৰত যেতিয়া সিহঁতৰ দেওপাৰণি বাঢ়িল, তেতিয়াহে এদিন আমাৰ চকু মেল খালে। দেখিলোঁ ঘৰত চৌৰ্য কাৰ্য বঢ়িয়াকৈয়ে বৃদ্ধিপ্ৰাপ্ত হৈছে, তেতিয়া আমাৰ ধুমধুপাল আৰম্ভ হ’ল। সেই বস্তুটো ক’লৈ গ’ল? —নাই। কাপোৰৰ আলমাৰিৰ কাপোৰবোৰ লাংখালিংখি কৰিলে কোনে? সেই চোলাটো, সেই চুৰিয়াখন, সেই কাপোৰ খন ক’লৈ গ’ল? অলঙ্কাৰৰ পেৰাৰপৰা, হাতনি পেৰাৰপৰা অলঙ্কাৰ আৰু ৰূপবান ক’লৈ গ’ল?— নাই। এনে বিধৰ আন্দোলনেৰে তেতিয়া আমি ঘৰ খলক লগালো। কোৱা বাহুল্য যে ‘বিশ্বাসী’ লগুৱা আৰু লগৱানীহঁতেও ধুমধুপালত সম্পূৰ্ণৰূপে যোগ দি নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ আৰু প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু যাতে আমাৰ সন্দেহৰ চকু সিহঁতৰ ওপৰত নপৰে, তাৰ অৰ্থে, বাহিৰৰ পৰা অহা চোৰৰ সম্পূৰ্ণ সম্ভৱপৰ বিষয়ে [ ১৭১ ] কল্পনা, অনুমান, ব্যাখ্যাবাদ, বিচাৰ, সিদ্ধান্ত আৰু মত থিয় কৰি দেখুৱাবলৈ ধৰিলে। —কিম্বদন্তিত প্ৰচলিত শ্ৰীযুত হোলা কোন আছিল, কব নোৱাৰোঁ, কিন্তু বৰ্ত্তমান ক্ষেত্ৰত যে তস্য ভ্ৰাতা শ্ৰীমান মোলা—এই প্ৰবন্ধ লিখক—সোঁ‌শৰীৰে বিদ্যমান আছিল, সেইটো নিৰ্ভুল আৰু তেঁ‌ৱেই মোলাৰ ভূমিকাৰ ভাও অতি সূচাৰুৰূপে দিছিল। তেওঁ নিজে ভাবিবই নোৱাৰিছিল আৰু আনে কলেও নামানিছিল যে তেওঁৰ দেখাত অতি নিৰ্দোষী ভৃত্যমণ্ডলীমেই এই চৌৰ্যাভিনয় নাটকৰ প্ৰধান অভিনেতা অভিনেত্ৰী। পুলিচত খবৰ দিয়া হ’ল। পুলীচে বৃত্তান্ত শুনি আদ্যোপান্ত ঘটনা- ৱলী ৰিজাই মিলাই ভৃত্যমণ্ডলীৰ প্ৰশ্নোত্তৰ লেখি লৈ বিচাৰ বিবেচনা কৰি সিহঁ‌তৰ ওপৰতে সম্পূৰ্ণে সন্দেহৰ চকু দিলে। আনকি দুই এটাক গিৰিপ্তাৰ কৰি লৈ যাবও খুজিলে; কিন্তু মিষ্টৰ মোলাই সেই সন্দেহৰ কথা শুনি জিকজিকাই উঠিল আৰু পুলিচক সেই ফালে মুখকে কৰিব নিদিলে। কাৰণ তেওঁৰ বিশ্বাস আছিল, তেওঁৰ ভৃত্যমণ্ডলটি আকাশৰ সপ্তৰ্ষিমণ্ডলৰে তেওঁৰ ঘৰত দ্বিতীয় তাঙৰণ। তেওঁৰ গঢ় দেখি পুলিচ বিৰক্ত হৈ উভতি গুচি গ’ল, আৰু তাৰ পিছতো সেই নাটকৰ নিৰ্ব্বিঘাত অভিনয় দিনৌ চলিবলৈ ধৰিলে। দিনৌ পুৱা নতুন নতুন গঢ়েৰে চুৰি আত্মপ্ৰকাশিত হবলৈ ধৰিলে। এদিন নহয়, দুদিন নহয় দীঘল তিনিমাহ সেইদৰে চলিল। শেষত বন্ধু-বান্ধৱৰ পৰামৰ্শ গ্ৰহণ কৰি বজাৰৰপৰা এটা বন্দুক কিনি আনিলো— চোৰক ভয় দেখুৱালৈ। বাস্তৱিকতে মোৰ হাতত বন্দুক দেখি প্ৰথমতে চোৰ-সংঘ সশঙ্কিত হ’ল; আৰু সিহঁ‌তে সিহঁ‌তৰ অভিনয়, বন্ধ নহয়, স্থগিত কৰি, বন্দুকধাৰী গিৰিহঁ‌তৰ অলেখলেখ চাবলৈ ধৰিলে। দুদিন চাৰিদিনৰ মূৰতে তীক্ষ্ণবুদ্ধিসম্পন্ন ভৃত্যমণ্ডলীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে হাৰিণাৰ মূৰত প্ৰকাণ্ড শিং যেনে সিহঁ‌তৰ গৰাকীৰ হাততো বিভীষণ বন্দুক তেনে। নিশ্চয় সিহঁ‌তে সেইদেখি গৰাকীৰ চকুৰ আঁ‌ৰত গৰাকীজনৰ চিকাৰ-কৌশলৰ প্ৰতি নিজৰ নিজৰ বৃদ্ধাঙ্গুষ্ঠি প্ৰদৰ্শন কৰি সন্মান প্ৰদৰ্শন নকৰি নাথাকিছিল। ফলত স্থগিত নাটকৰ পুনৰাভিনয় মহাসমাৰোহেৰে চলিল।

 ইয়াৰ পিছত অনেক ঘটনা ঘটিছিল, সেইবোৰ লিখি এই প্ৰবন্ধৰ কলেবৰ বৃদ্ধি কৰিবলৈ গ’লে আলহীক ভোজ খাবলৈ মাতি, মহাভাৰতৰ অধ্যায় এটাকে মাথোন শুনাই খুৱাবলৈ পাহৰি বিদায় দিয়াৰ নিচিনা হ’ব। আৰু ‘আৱাহন’ৰ পাঠক- পাঠিকাই মৃগয়া লেখকৰ ব্যৱহাৰ দেখি তেওঁক গালি পাৰি নিজৰ নিজৰ ঘৰলৈ উভতি গৈ, ঘৰত থকা কোমল চাউল একোমুঠিকেই লৰালৰিকৈ তিয়াই হুটাকৈয়ে খাব লাগিব, নাইবা টেকেলিত থকা লোৱাপিঠাগুৰিত পানী দি এখামোচ গুৰ সানি ভোজন কৰি শয়ন কৰিব লাগিব। মুঠতে কওঁ যে আগ্নেয়াস্ত্ৰ অথাৎ বন্দুকৰে সৈতে মোৰ এই প্ৰথম পৰিচয়। প্ৰথম দৰ্শনত ওপজা প্ৰেম প্ৰায়ে নিটিকে। কিন্তু মোৰ এই প্ৰেম, অকল টিকিল যে এনে নহয় শেহত ই ঘনিষ্ঠতাত পৰিণত হ’ল অৰ্থাৎ হলিগলি অৱস্থাত পৰিলগৈ। [ ১৭২ ]

(২)

 মহাযুদ্ধ চাৰি বছৰ চলিছিল। তাৰ দুবছৰৰ ভিতৰতে মোৰ স্বাধীন ব্যৱসায়ৰ দিনকদিনে পৰালি পৰি আহিবলৈ ধৰিলে। চেগুণ কাঠৰ ব্যৱসায় অলপ ডাঙৰকৈ কৰিবলৈ হলে অনেক ধন লাগে। ডাঙৰকৈ নকৰিলে ডাঙৰ পেটৰ কথাই নাই, নিয়মীয়া পেটো ভৰোৱা টান। মোৰ দুৰ্ভাগ্যবশতঃ সৰুৰে পৰা মোৰ পেট ডাঙৰ- ভাবে লালিত-পালিতহৈ ডাঙৰ হৈ পৰিছিল অলপ-অচৰপত মোৰ পেটৰ খুদখহুৰ খজুৱতিয়ে নমৰা হ’ল।

 ব্ৰহ্মদেশৰ পৰা চেগুণ কাঠ আহে। ব্ৰহ্মদেশত য়ুৰোপীয় সদাগৰ সকলৰ সেই ব্যৱসায় এক প্ৰকাৰে একচেটীয়া অৰ্থাৎ অকলশৰীয়া। তেওঁলোকৰ য়ুৰোপীয় এজেণ্ট, কলিকতা, মাদ্ৰাজ, বোম্বাই আৰু কৰাচী আদি ঠাইত থাকে। সেই এজেণ্টসকলো ডাঙৰ ডাঙৰ সদাগৰী ফাৰ্ম্ম। কাঠৰ ব্যৱসায় কৰোঁতা সৰহভাগ ভাৰতীয়ই তেওঁ- লোকৰ মাৰ্ফত কাঠ আনে। খুচুৰাখাচাৰা দুই-চাৰিখন কাঠ নহয়; একো একোটা ডাঙৰ ’কনছাইনমেণ্ট’ অথাৎ খেপ। খেপত এশ-আদশ দুশ-পাঁচশটন কাঠ আহে আৰু তাৰ বেচ দহহাজাৰ, কুৰি হাজাৰ, পঞ্চাশ হাজাৰ টকালৈকে হয়। তেওঁলোকৰ বিশ্বাসী ভাৰতীয় বেপাৰীসকলক এই য়ুৰোপীয় এজেণ্ট সদাগৰ, সকলে ৯০ দিনৰ কৰালত সেই কাঠ ধাৰে দিয়ে। যিদিনা সেই কাঠৰ দাম সমূলি পৰিশোধ কৰাৰ কথা হয়, সেইদিনা সেই টকা দিব নোৱাৰিলে বেপাৰীৰ ইজ্জত নাথাকে আৰু ভৱিষ্যতলৈ তেওঁ কাঠ ধাৰে নাপায়। তাৰ উপৰি ধন-সম্পত্তি তেওঁলোকে আদালতত নালিচ কৰি লব পাৰে। আমি দেশী বেপাৰীবোৰে য়ুৰোপীয় এজেণ্টৰ পৰা ওপৰত কোৱা দৰে কাঠ কিনি কলিকতাৰ আৰু আন আন ঠাইৰ সৰু সৰু বেপাৰীক বেচোঁহক। কিন্তু অধিকাংশ সময়ত আমিও সেই বেপাৰীসকলক ধাৰে বিক্ৰী কৰিবলগীয়াত পৰোঁ, কাৰণ তেনেকুৱাটোৱেই প্ৰচলিত দস্তুৰ; নহলে আমাৰ ব্যৱসায় অচল হয়।

 যুদ্ধত প্ৰথম ডোখৰত জাৰ্ম্মানিৰ প্ৰতাপ আৰু ইংলণ্ডৰ প্ৰতাপ দেখি আমাৰ দেশী মানুহৰ অনেকে ঘাইকৈ লেখা-পঢ়া কম জনা বা নজনাবোৰৰ ভিতৰত বহুতে ভাবিছিল, যে কিজানি ইংৰাজৰ ৰাজত্বৰ ওৰ পৰেই। আমি কাঠ ধাৰে দিয়া সৰু সৰু বেপাৰীবোৰে ভাবিলোঁ, যদি দেশত গোলযোগ উপস্থিত হয়েই তেন্তে “কাৰ টকা কোনে ধাৰে?” ইয়াকে ভাবি তেওঁলোকে দিবলগীয়া দিনত টকা নিদি, আজি দিম, কাইলৈ দিম কৰিবলৈ ধৰিলে আৰু অনেকে নিজৰ কাঠ গোলা সামৰি ধনবিত লৈ নিজৰ গাঁও-ভূঁইলৈ পলায়ুদ্ধং কৰিলে। অথচ ইফালে আমি আমাৰ য়ুৰোপীয় জাহাজৰ এজেণ্টক কৰালমতে দিবলগীয়া টকা দিবলগীয়াত পৰিলোঁ। ডাঙৰ মহাজন বা ব্যৱসায়দাৰৰ কথা সুকীয়া; কুৰি হাজাৰ, পঞ্চাশ হাজাৰ টকা তেওঁলোকৰ বন্ধহৈ থাকিলেও তেওঁলোকে কাম চলাই গৈ থাকিব পাৰে। কিন্তু এই লেখকৰ ধনৰ মোনা দীঘল নাছিল, গতিকে তেওঁ শোটমোট খাই পৰিল। এবছৰমানৰ ভিতৰতে

তেওঁৰ ব্যৱসায়ৰ ফল অচল হ'ল। তেওঁৰ গাড়ী ঘোঁৰাকে আদি কৰি ঘৰ-সংসাৰ [ ১৭৩ ]

পৰিশিষ্ট

৭৩

চলোৱা আড়ম্বৰ আগৰ দৰেই সমানে থাকিল অথচ ঘৰৰ চাকিত তেল ঢুকাল। মনত আছে, একো একোদিন পুৰণি ষ্টেটছ্‌মেন, খবৰকাকত বেচিহে তেওঁ বজাৰৰ খৰচ চলাব পাৰিছিল। নিৰুপায় অৱস্থাত ধৰুৱাবোৰৰ ওপৰত আদালতত মোকৰ্দ্দমাৰ মালা গুথি আঁৰি দিয়াটোকে থিৰ কৰি আঁৰি দিয়া হ'ল। কিন্তু দেৱানী মোকৰ্দ্দমা আজি কৰিলেই ফাইলৈ সি টকাৰ পোৱালী জগাব এনে নহয়। গতিকে সেইফালেও সোনকালে পোহৰৰ জিলিঙনি দেখা নগ'ল। অৱশ্যে ভালেমান দিনৰ মূৰত গোচৰৰ ফলৰ কিছুমান হাতে ঢুকি পোৱা ধৰুৱাৰ পৰা ধন আদায় হ’ল যদিও সৰহখিনি ধৰুৱাৰ ধন আথাউনি পানীত বুৰিল। গোচৰ কৰি যিবোৰৰ পৰা ধন আদায় কৰিব পাৰিছিলো, সেই ধৰুৱাবোৰে অৱশ্যে ভালকৈয়ে শিক্ষা পাইছিল। বেঙে হেনো কেতিয়াবা সাপৰ পৰা ধন ধাৰে লৈছিল, বাৰিষা সাপে গাতৰ পৰা ওলাই বেঙক ধাৰ সাধিলে, বেঙে প্ৰথমতে এই বুলি ভাবুকি দিয়ে—“কাৰ কড়ি কোনে ধাৰে? কাৰ কড়ি কোনে ধাৰে?” কিন্তু সাপে যেতিয়া বেঙৰ টেটুটোত ধৰেহি, তেতিয়া বেঙে কাতৰ কণ্ঠেৰে কয়—“টকা নে-এ-এ। টকা নে-এ-এ।”

 মই ভাবিলোঁ, মোৰ ব্যৱসায়তো গলেই এতিয়া কিং কৰ্ত্তব্যং? পালে এটা চাকৰিকে কৰা উচিত; নতুবা “ভোজনং যত্ৰ তত্ৰচ, মৰণং গোমতী তীৰে, বা গঙ্গাতীৰে।” বাৰ্ডকোম্পানীৰ টিম্বৰ আৰু আন আন গোটাচেৰেক ডিপাৰ্টমেণ্টৰ বৰচাহাব মিষ্টৰ কাৰ্কপেট্ৰিকেৰে সৈতে চিনাকি হৈ তেওঁৰ আগত মোৰ দুখৰ কাহিনী ক’লত, তেওঁ মোক তেওঁলোকৰ ফাৰ্ম্মত চাকৰি এটা দি সহায় কৰিবলৈ গাত ললে। বাৰ্ড কোম্পানীৰ ঘাই বৰচাহাব আইৰণ ছাইডৰ ওচৰলৈ তেওঁ মোক লৈ গ'ল। আইৰণ ছাইডে মোক দেখি-শুনি মোৰে সৈতে কথাবাৰ্ত্তা কৈ সন্তুষ্ট হৈ, জষ্টিচ্‌ ছাৰ আশুতোষ চৌধুৰীৰ পৰা মোৰ বিষয়ে এখন চিঠি আনিবলৈ মোক ক'লে। সেই চিঠি অনায়াসে আনি দিলত তাৰ পিছ দিনাৰ পৰা তেওঁলোকৰ ফাৰ্ম্মত মিষ্টৰ কাৰ্কপেট্ৰিকৰ তলত মোক কাম কৰিবলৈ মিষ্টৰ আইৰণ ছাইডে মোক হুকুম দিলে। মোৰ দৰমহা হ’ল ১৫০ টকা। যদিও তেতিয়া মোৰ ঘৰৰ চাকৰ-নাকৰ, কচোৱান- চহিচ আৰু কেৰাণীৰ দৰমহা গোটালে দুশ টকাৰো ওপৰে মই মাহেকত দিব লাগিছিল, তথাপি মই এই দৰমহাকে স্বীকাৰ কৰি, বেজীটো হৈ ফাৰ্ম্মত সোমাই লবলৈ থিৰ কৰি বাৰ্ডকোম্পানীৰ বৰচাহাবক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে প্ৰায় এবছৰ মই বাৰ্ড কোম্পানীৰ কলিকতাৰ অফিচত কাম কৰোঁ। কোম্পানীয়ে মাহেকত দুবাৰ তিনিবাৰকৈ দহ-বাৰ দিনৰ নিমিত্তে মোক “চিভিলচেনিটৰি” আৰু “টিম্বৰ বিজনেছৰ“ উন্নতিৰ নিমিত্তে “কেনভেছাৰৰূপে“ চাৰিওফালে মফছললৈ পঠিয়াইছিল। আৰু সেই আলমতে মই বঙ্গ, বিহাৰ, উৰিষ্যা আদি অনেক ঠাইত ফুৰিছিলোঁ। বঙ্গ দেশৰ চান্দপুৰ, চিটাগং, বৰিশাল আদি ঠাইত, উত্তৰ আৰু দক্ষিণ বেহাৰত; সিফালে এলাহাবাদ পৰ্য্যন্ত, আৰু ইফালে নাগপুৰ, বিলাসপুৰ, ৰায়পুৰ, সম্বলপুৰ আদি ঠাইত মই ঘূৰি ফুৰিছিলোঁ।

 ১৯১৭ চনৰ শেষছোৱাত সম্বলপুৰৰ বাৰ্ডকোম্পানীয়ে বেহাৰউৰিষ্যা গবৰ্ণ[ ১৭৪ ]
৭৪
মোৰ জীৱন-সোঁৱৰণ

মেণ্টৰপৰা পাঁচ বছৰৰ নিমিত্তে বন্দবস্ত কৰি জংঘল ললে। তাৰ আগেয়ে মই সম্বল- পুৰলৈ আহোঁতে ডিভিজনেল ফৰেষ্ট অফিচৰৰে সৈতে দেখা কৰি সেই বিষয়ে ঠিক কৰিছিলো। জংঘল লোৱা হলত বাৰ্ডকোম্পানীয়ে মোক তেওঁলোকৰ জংঘলৰ কাম ‘মেনেজ’ কৰিবৰ নিমিত্তে সম্বলপুৰলৈ পঠিয়াই দিলে, আৰ মোৰ দৰমহা ২০০ টকা হ’ল। তাৰ উপৰি মোৰ থকা ঘৰৰ কেৰেয়া, চাকৰ, চাপৰাচীৰ দৰমহা আৰু গাড়ীৰ খৰচ কোম্পানীয়ে দিছিল। ১৯১৭ খ্ৰীষ্টাব্দৰ ছেপ্তেম্বৰ মাহত মই সম্বলপুৰলৈ উঠি আহিলোঁ। ইয়াৰ ছমাহমানৰ পিছতে মিষ্টৰ কাৰ্কপেট্ৰিকে বাৰ্ডকোম্পানীৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ বৰচাহাব মিষ্টৰ ডফক লগত লৈ মোৰ কাম চাবলৈ সম্বৰপুৰলৈ আহি মোৰ লগতে মোৰ ঘৰত আছিল। আৰু উভতি যাবৰ দিনা তেওঁ মোৰ দৰমহা বঢ়াই ৩০০ শ কৰি দি গ'ল। মই বাৰ্ডকোম্পানীৰ ‘ফৰেষ্ট বিজিনেছ’ত প্ৰায় এঘাৰ বছৰ এই সম্বলপুৰতে থাকি কাম কৰিছিলো আৰু মোৰ দৰমহা, কমি- ছন, পিছত আৰু অনেক বাঢ়িছিল, যাৰ বিষয়ে এই প্ৰবন্ধত কোৱাটো অনাৱশ্যক।

 কোনো কোনোৱে এইখিনিতে কব পাৰে যে লেখকে তেওঁৰ মৃগয়াৰ কথা কবলৈ গৈ এইখন কি বকলা মেলিলে। মই কওঁ সঁচা। বুঢ়া হলে মানুহ ‘গেৰুলাছ্‌’ অৰ্থাৎ কথাচহকী হয় ই তাৰে চিন; যদিও যমে আশয় পাব দেখি মই বুঢ়া হৈছোঁ বুলি সৈ নাকাঢ়ো। বুঢ়াক কোনেও কাপ ধৰিবলৈ কোৱাই উচিত নহয , কলেই সাতকাণ্ড ৰামায়ণৰ লগতে কলঠোকা বাদুলিয়ে খোৱা কথাও বুঢ়াৰ পৰা তেওঁ শুনিবলৈ বাধ্য আৰু তাৰ নিমিত্তে বপুৰা প্ৰস্তত হৈ থকাই উচিত।

 মই সম্বলপুৰলৈ আহিলত বাৰ্ডকোম্পানীয়েও সম্বলপুৰত থকা তেওঁলোকৰ গ্ৰেফাইটৰ কামো মোৰ গাতে জাপি দিলে। সম্বলপুৰত ঘাইকৈ মোৰ হাবিত কাম। হাবিত বাঘ, ভালুক, বৰাৰ বাসস্থান;-গতিকে মোৰ হাতত বন্দুকৰ বাসস্থান হোৱাটো শাস্ত্ৰসন্মত। এটা দুনলী বন্দুক আৰু এটা ৪০৫ উইন্ছে‌ষ্টৰ ৰাইলো কিনি লৈ মই বন্দুক মৰা কল-কৌশলবোৰ শিকি ললোঁ, আৰু এখোজ দুখোজকৈ মৃগয়া নামক ব্যসনত আসক্ত হলো। নিৰীহ চৰাই-চিৰিকতিৰ পৰা আৰম্ভ কৰি ভীষণ জংঘলী জন্তুৰ গালৈকে মোৰ হাত উঠিবলৈ ধৰিলে। হাবিৰ বৰগছ আৰু মহুৱা গছত হাইঠা জাকে জাকে পৰে বিশেষকৈ বৰ গছৰ ফল পকিলে আৰু মহুৱাৰ ফুল ফুলিলে। বন্দুকৰ গুলী এজাই মাৰি দিলেই তিনিটা-চাইটা হাইঠা টলৰ টলৰ কৰে সৰি পৰে। হাইঠা খাবলৈকো ভাল। গতিকে জীৱ হত্যাবিৰাগী পুৰুষজনৰ অচিৰতে জীৱ- হত্যানুৰাগী ছোৱাৰ ফালে আকৰ্ষণ প্ৰবল হৈ উঠিল।

 জাৰকালি হিমালয় প্ৰদেশৰ ফালৰ পৰা এই ফালে অনেক জাতৰ ৰাজহাঁহ, আহি মহানদী আৰু বিল, বন্ধ পুখুৰী প্ৰভৃতিত পৰেহি। ধিত্‌ৰাজ, লালমুণ্ডী, হুইচলিংটিল, কটন্‌টিল, চাকৈচকোৱা ঘিলাহাঁহ, ডাউক, কোঢ়া, কামচৰাই ইত্যাদিয়ে

কোঢ়াল কৰে আৰু জলচৰ জন্তু মাছ, পোক, শামুক আৰু উদ্ভিদ জাতীয় পদুম,বভেট, শেলুক, শিঙৰি দ’লঘাঁহ ইত্যাদিৰ শান্তি ভঙ্গ কৰে। লাহে লাহে মই সেই[ ১৭৫ ]
৭৫
পৰিশিষ্ট

বোৰৰ ওপৰত গুলী চলাই নৈ, বিল, পুখুৰীবাসী ‘লয়েল’ প্ৰাণীবোৰৰ শান্তি ৰক্ষাৰ নিমিতে ‘ল কণ্ড অৰ্ডৰ'ৰ সন্মান ৰক্ষা কাৰ্য্যত অভ্যস্ত হলোঁ। আমাৰ ঘৰৰ ৰাণীৰ অনুগ্ৰহ-নিগ্ৰহৰ ওপৰত এই লেখকৰ ভোজানানন্দ বা নিৰানন্দ ঘটে। তেখেত আৰু তেখেতৰ লোণ খোৱা ভৃত্যবৃন্দই এই শান্তি ৰক্ষকৰ “বিক্ৰম দেখি, পৰম বিস্ময় মনে” আহ্লাদেৰে চৰাইৰ মঙহ লগে ভাগে ভোজন কৰি তৃপ্তি লাভ কৰি শান্তিৰক্ষকক উৎসাহিত কৰিবলৈ ধৰিলে। ফলত অচিৰতে এই বৃত্তান্ত লেখক এজন লেখত লব- লগীয়া চিকাৰী হৈ উঠিল।

 চৰাই মৰাৰ পিচতে যেতিয়া চৰাইটো ধৰি তুলি আনো—বিশেষকৈ হাইঠা, তাৰ ৰক্তাক্ত শৰীৰ দেখি তেতিয়াও মোৰ মনতো যে ভালকৈয়ে আঁচোৰ লাগি ৰক্তৰ ফল্গু নৈ নবৈছিল এনে নহয়। মনটো দৃঢ় কৰিবৰ নিমিত্তে কালিদাসৰ শকুন্তলা নাটকৰ পৰা দিনদিয়েক এই শ্লোকটো মাতিবলৈ ধৰিলোঁ;-

মেদশ্ছেদকৃশোদৰং লঘু ভবত্যুৎসাহযোগ্যং বপুঃ
সত্ত্বানামপি লক্ষতে বিকৃতিমচ্চিত্তং-ক্ৰোধষোঃ।
উৎকৰ্ষঃ স চ ধস্বিনাং মদিষবঃ সিধ্যন্তি লক্ষে চলে।
মিথ্যৈব ব্যসনং বদন্তি মৃগয়ামীদৃগ্বিনোদঃ কুতঃ।।

 অৰ্থাৎ,মৃগযাৰ দ্বাৰা মেদ কমি যোৱা বাবে পেট সৰু হয়, শৰীৰ পাতল আৰু উৎসাহবিশিষ্ট হয় আৰু জীৱবোৰৰ ভয় আৰু ক্ৰোধ হলে সিহঁতৰ কেনেকুৱা চিত্তবিকাৰ হয়, সেইবোৰো জানিব পৰা যায় আৰু জন্তুবোৰ লৰি যাওঁতে লক্ষ্যভেদ কৰিব পাৰিলে, চিকাৰীৰ মনত আনন্দও হয়। এতেকে মনুপ্ৰভৃতি শাস্ত্ৰকাৰসকলে যে মৃগয়াক ব্যসন বুলি দোষ দিছে, সেইটো অ্ৰযথাৰ্থ। মৃগযাৰ নিচিনা আমোদ আন একোতে নাই।

 আচৰিত শ্লোক-মন্ত্ৰৰ মহা গুণ পৰিলক্ষিত হ’ল আৰু জীৱ-জন্তুৰ শৰীৰ দেখিলে, মোৰ মনত ফুটা পানীজোলাবোৰ কাঠ বান্ধিবলৈ ধৰিলে। সেই পৰিমিত মই চাৰিঠেঙীয়া জন্তুৰ ওপৰত গুলি চলাবলৈ চল পোৱা নাছিলোঁ। হাবিলৈ যাওঁ কিন্তু মোৰ লগত যোৱা চাপৰাচীৰ কান্ধত সদায় বন্দুক দিহে যাওঁ, “পাদমেকং ন গমিষ্যামি।”

 এদিন পৱা আঠমান বজাত হাবিৰ পৰা, টঙাত উঠি সম্বলপুৰৰ ফালে আহিছিলো। হাবিৰ মাজৰ বাটতে দেখিলোঁ মোৰ আগেদি আলিৰ ইপাৰৰ পৰা সিপাৰলৈ প্ৰকাণ্ড শিং থকা ফুটুকাফুটুকী পহু এটা যাব লাগিছে আৰু পাছে পাছে পাঁচজনী মাইকী পহু। মোৰ টঙাৰ গৰু খেদোৱা মানুহটোৱে হঠাৎ টঙাখন ৰাখি মোক কলে, “হুজুৰ। চিতল চিতল মাৰিয়ে।” মই লৰালৰিকৈ বন্দুকটো লৈ টঙাৰ পৰা ভূমিস্থ হলোঁ। পহু কেইটাই ভেলেঙা লাগি মোৰ ফালে চাই ৰ’ল। ভাবিলোঁ একে গুলীয়ে মতাটো ওফৰাই দিওঁ। চৰকাৰী আইনমতে মাইকী পহু মাৰিব নাপায়। মই বন্দুকতো মতা পহুটোৰ ফালে টোৱাই বন্দৰ ঘোৰাটো তুলি ৰৈ [ ১৭৬ ] আছোঁ, কিন্তু গুলী এৰি দিয়া নাই। টঙাৱালাটোয়ে ব্যস্ত হৈ ফুচফুচাই ক’লে, “হুজুৰ! ফায়াৰ কৰিয়ে, কৰিয়ে।” মই কিন্তু ফায়াৰ নকৰি পহুকেইটাৰ আলেখলেখ চাই সামাজিক তত্ত্বৰ মীমাংসাত প্ৰবৃ্ত্ত হলোঁ। যথা মই কি কৰিবলৈ গৈছোঁ। শিঙাল মতা পহুটো Polygamous অৰ্থাৎ বহুবিবাহকাৰী। যদি তাক নিষ্ঠুৰভাৱে হত্যা কৰোঁ, তেন্তে তাৰ এই পঞ্চ মহিষী অনাথা বিধবা হব। ভাৰতৰ পৰা এতিয়াও পলিগেমিৰ অৰ্থাৎ বহুবিবাহৰ উচ্ছেদ সাধন হোৱা নাই; এতেকে ইয়াৰে বা দোষ কি? ক্ষন্তেকৰ উত্তেজনা আৰু সুখৰ নিমিত্তে এনে পাপ কাৰ্য্য কৰাটো মোৰ উচিত হবনে? স্বামীৰ অবিহনে অনাথা অবলাহঁতৰ কি গতি হব? ইয়াকে ভাবি থাকোঁতে সিফালে বঙালী বল্লালী কুলিন প্ৰথা সমৰ্থক শিঙাল পহুটোৱে একে ডেৱেই হাবিত প্ৰৱেশ কৰিলে, আৰু পত্নীবৃন্দইও ততালিকে স্বামীৰ অনুগমন কৰিলে। মই ভোটা হৈ দাৰ্শনিক চিন্তাৰ গতি অতি তীব্ৰভাৱে অৱৰোধ কৰি পুনৰায় টঙাৰোহণ কৰিলোঁ। তাৰ পিছত ভালেখিনি পৰলৈকে মই টঙাৱালাটোৰ মুখৰ ফালে চোৱা নাছিলোঁ। হঠাৎ এবাৰ তাৰ মুখত মোৰ চকু পৰা মাত্ৰকে দেখিলোঁ, তাত মোৰ প্ৰতি বিৰক্তি আৰু সম্ভৱতঃ ঘৃণাৰ ভাব।

 ১৯১৭ খৃষ্টাব্দৰ অক্টোবৰ মাহত প্ৰথমতে মই মেঘপাল নামৰ ঠাই এডোখৰৰ এখন জংঘলত মোৰ কাম আৰম্ভ কৰিলোঁ। মেঘপাল সম্বলপুৰৰ পৰা প্ৰায় ত্ৰিশ মাইল দূৰত। তাৰ জংঘলখনৰ নাম পৰ্চলিখানম। পৰ্চলি ডাঙৰ জংঘল। তাতে তিনি বছৰ মোৰ কাম চলিছিল। ঘাইকৈ ৰেলত ব্যৱহাৰ হোৱা শ্লিপৰ গৰুৰ গাডীৰে সম্বলপুৰৰ ৰেলৰ ষ্টেছনৰ কাষৰ আমাৰ কাঠৰ ডিপোলৈ পঠিয়াই, তাত ৰেলৰ ইঞ্জিনিয়েৰৰ দ্বাৰাই পাছ কৰাই দিয়াটোৱেই মোৰ ঘাই কাম আছিল। কওঁতে একে উশাহতে কথাবোৰ কৈ গলোঁ কিন্তু কাৰ্যত ই বাৰিষা ভৰা ব্ৰহ্মপুত্ৰত চুচীয়া নাৱেৰে পাৰি দিয়াৰ নিচিনা। ইমান আহুকলীয়া কাম যে, সেই আহুকালবোৰৰ কথা ক’লে ওৰ নপৰে।

 মোৰ হেডকোৱাৰ্টৰ অৰ্থাৎ আচল থকা ঠাই হল সম্বলপুৰ। মেঘপাললৈ গৈ তাতো এটা ডাঙৰ বঙলা সজাই লৈছিলোঁ। বঙলাটো ভালকৈয়ে কৰাইছিলো, কাৰণ সি অন্ততঃ তিনি বছৰ বাসোপযোগী হব লাগিব আৰু তাৰ উপৰি বাৰ্ড কোম্পানীৰ বৰচাহাব মাজে মাজে আহি তাত থাকি হাবিৰ কাম পৰীক্ষা আৰু সেই সুযোেগতে চিকাৰ কৰিবলৈ আহিবৰ কথা। কাৰ্য্যত তেনে ঘটিছিলো।

 মাহেকত তিনি-চাৰিবাৰকৈ সম্বলপুৰৰ পৰা মেঘপাললৈ গৈছিলো। যাবৰ বাহন টঙা। টঙা হৈছে, বলদ গৰু এহালেৰে টনা, এইফালে আৰু চেণ্ট্ৰেল প্ৰভিঞ্চৰ ফালে প্ৰচলিত এবিধ গাড়ী। ভাল বলদ গৰুহাল হলে, টঙাক ঘোঁৰাৰ গাড়ীয়েও চেৰ পেলাব নোৱাৰে। আজিকালিহে মটৰ গাড়ীয়ে দেশ জুৰি পৰিছে। কিন্তু সেই কালত টঙাৰ চল্তি‌হে বেছি আহিল। পৰ্ব্বতীয়া ঠাইত ঘোৰাৰ গাড়ীতকৈ গৰুৰ টঙাহে যেছি কাৰ্য্যকৰী। শিলনি বাটত ঘোঁৰা সোনকালে খোৰা হয়; কিন্তু গৰু নিপৰোৱা। মই টঙাৰে সম্বলপুৰৰ পৰা মেঘপাললৈ দুদিনে গৈছিলোঁ আৰু দুদিনে [ ১৭৭ ] উভতি আহিছিলো। মাজে মাজে সপৰিবাৰে সৰু টাটু ঘোঁৰা এটা মোৰ বৰজনী আৰু মাজুজনী ছোৱালীক কিনি দিছিলোঁ। সিহঁতৰ এজনীয়ে আমাৰ টঙাৰ লগে লগে ওচৰে ওচৰে ঘোঁৰাত উঠি গৈছিল।

 ঘামকালি এদিন আমাৰ মেঘপালৰ বঙলাতে আবেলি বেলিকা চাহ খাই আছিলোঁ, এনেতে মানুহ এটাই লৰি খবৰ দিলেহি যে ওচৰেৰ খাল এটাত ভালুক এটাই পানী খাইছেহি। খপ্‌ কৰে বন্দুকটো হাতত লৈ মই ভালুক মাৰিবলৈ উঠিলোঁ। আৰু যেই উঠা, গৃহিণী আৰু তেওঁৰ যুগল কন্যাৰত্নই মোক সাৱট মাৰি ধৰিলে, যাব নিদিয়ে। মই যাবলৈ যিমান চেষ্টা কৰিলোঁ সিমান এই স্ত্ৰী ত্ৰিমূৰ্ত্তিৰ হাতত কটকটীয়া ভাবে বন্দী হৈ পৰিলো। শেহত তেওঁলোকে মানুহ পঠিয়াই ভালুকটো হুৰাইদি খেদাই পঠিয়াইহে মোক তেওঁলোকৰ বাহু-বন্ধনৰ পৰা মুক্তি দিলে।

 আৰু এদিন সন্ধ্যা লাগি ভগাৰ সময়ত আমি মেঘপালৰ বঙলাত বহি থাকোতে হাই-উৰুমি আৰু ভগাটিনত কোব শুনিলো। আৰু কিছুমান মানুহে হাতত ধানখেৰৰ জুমুঠিত জুই লগাই লৈ লৰি ফুৰা দেখিলো। ব্যাপাৰটো কি বুলি ভূ ললত জানিবলৈ পোৱা গ’ল যে বনৰীয়া হাতী এটাই ওচৰতে ধাননিত সোমাই ধান খাব লাগিছে। যেই শুনা, তৎক্ষণাৎ এই বহাবীৰে বন্দুকলৈ সেইফালে চোচা লব খোজোঁতেই আকৌ সেই পুৰণি ভালুক ব্যাপাৰৰ পুনৰাভিনয় হ’ল, পূৰ্ব্বৱতে বন্দী হল।

 এদিন পুৱা ১ মান বজাত মই আমাৰ বঙলাৰ প্ৰায় আধা মাইল দূৰৰ হাবিত সপৰিবাৰে ফুৰিবলৈ গৈছিলোঁ। ইচ্ছাটো, যদি বনৰীয়া কুকুৰা চৰাই দেখোঁ, মাৰিম আৰু আনি দস্তুৰমতে ভোজন কৰিম। এটা চাপৰাচীৰ হাতত মোৰ বন্দুকটো দি যাবলৈ ধৰিলোঁ। চাপৰাচীটো যদিও আমাৰ পাছে পাছে আহিছিল, তথাপি সি অলপ পাছ পৰিল। মই মোৰ গৃহিণী আৰু ছোৱালী তিনিজনীৰে সৈতে সৰু পৰ্ব্বত এটাৰ ওপৰত উঠি শিল এটাৰ ওপৰতে অলপ থিয় দিছোঁ এনেতে দেখিলোঁ এটা ভীষণ বুঢ়া ভালুক ওলাই আহি আমাৰ আগেদি গজপতি গমনেৰে যাবলৈ ধৰিলে। বন্দুক আন, বন্দুক আন, বুলি মই চাপৰাচীটোক যিমান পাৰো লাহে লাহে মাতোঁহে মাতোঁ, সি ওচৰকে পোৱাহি নাই। ভালুকটোৱে আমাৰ কটাক্ষ কৰি চাই তুচ্ছ-তাচ্ছিল্য প্ৰদৰ্শন কৰি ধীৰ মন্থৰ গতিৰে হাবিত প্ৰৱেশ কৰি অদৃশ্য হ’ল। সৌভাগ্যগুণে মোৰ বীৰত্বৰ বিকাশৰ যোগ নঘটিল সৌভাগ্যগুণে বুলিছোঁ এইবাবে যে বন্দুকটো মোৰ চাপৰাচীৰ হাতত আছিল আৰু সি কিছু দূৰ পাছ পৰি আহিছিল। যদি বন্দুকটো মোৰ হাতত থাকিলহেঁতেন তেন্তে আগগুৰি নাভাবি মই ভালুকৰ গালৈ গুলী মাৰি দিলোঁহেতেন। গুলী তাৰ মৰ্ম্মস্থানত নপৰি য’তে-ত’তে লগাহেঁতেন, সি অলপ অচৰপ জখম হলহেঁতেন যদিও কিন্তু উভতি ধৰি আমাক আক্ৰমন নকৰি নেৰিলেহেঁতেন। ফলত কাৰ কি হলহেঁতেন নেদেখা জনেহে তাক জানিব পাৰিছিল। ভালুক বৰ লেকেটীয়া জীৱ। আচল ঠাইত নালাগিলে দুই-চাৰি গুলীত সি নমৰেই। গুলী-খোৱা ভালুকে খঙতআগত যাকে পায় তাকে [ ১৭৮ ] আক্ৰমণ কৰে। অনেক সময়ত খেদাচিকাৰত দেখিছোঁ দুটা কি তিনিটা ভালুক অগাপিছাকৈ যাব লাগিছে। গছত বন্ধা ওখ চাঙৰ ওপৰৰ পৰা প্ৰথমটোক গুলীয়ালোঁ। সি গুলী খাই আগত কাকো নেদেখি উভতি পাচলৈ চাই তাৰ লগৰীয়া ভালুকটো দেখি ভাবিলে যে সেই পাছটোৱে তাক আক্ৰমণ কৰিছিল। তৎক্ষণাৎ সি পাচৰটোৰে সৈতে তুমুল সংগ্ৰামত প্ৰবৃত্ত হ’ল।

(৩)

 দুঠেঙীয়া জন্তুত হাত পকাই লৈ এতিয়া চাৰিঠেঙীয়া জন্তুলৈ হেপা মেলিবলৈ মোৰ হেঁপাহ হ’ল। হেঁপাহ দিনকদিনে অদম্য হৈ উঠিল। সম্বলপুৰৰ তিনি চাৰিজন চিকাৰী বন্ধুৰে সৈতে পৰামৰ্শ কৰি লগ লাগি এখন হাবিত খেদা-চিকাৰৰ ( Beat) বন্দৱস্ত কৰিলোঁ। সেই বন্ধুকেইজনৰ এজন ডেপুটি মেজিষ্ট্ৰেট এজন একচাইজ ছুপাৰিণ্টেণ্ডেণ্ট, এজন তহচিলদাৰ আৰু আনজন ছবৰেজিষ্ট্ৰৰ। চিকাৰ কৰিবলৈ থিৰ কৰা হাবিত সুবিধা বুজি, গছৰ ডালত তিনিখন ওখ চাং সুকীয়াকৈ আঁতৰে আঁতৰে বন্ধোৱা গ’ল। ছবৰেজিষ্ট্ৰৰ চিকাৰী নহয় কিন্তু চিকাৰ চাবৰ তেওঁৰ হেঁপাহ। সেই দেখি একচাইজ ছুপাৰিণ্টেণ্ডেণ্টৰ লগত বহুৱাই দিযা হল। ডেপুটি মেজিষ্ট্ৰেটজন বিখ্যাত চিকাৰী। তেওঁ অকলেই এখন চাঙত বহিল। তহচিলদাৰৰ হাতত বন্দুক নাছিল, সেইদেখি তেওঁ মোৰ লগতে বহিল। আমি চাঙত উঠি প্ৰস্তুত হৈ ললত, সঙ্কেতমতে ‘বিট’ অৰ্থাৎ খেদ আৰম্ভ হ'ল। তিনিকুৰিমান “বিটৰে” অথাৎ খেদাকৰা মানুহে অনেক দূৰৰ পৰা হাইহুইকৈ আমাৰ ফালে বনৰীষ, জন্তু খেদি আনিবলৈ ধৰিলে। প্ৰথমতে অনেক দূৰৰ পৰা সিহঁতৰ হাই-উৰুমিৰ শব্দ আমাৰ কাণত ৰিণি- ৰিণি পৰিবলৈ ধৰি ক্ৰমে ওচৰ চাপি ডাঙৰ হৈ আহিল। আধাঘণ্টামানৰ পিছত দেখিলোঁ মোৰ চাঙৰ, কাষতে, দেখিবলৈ খুব সুন্দৰ জন্তু এটি থিয় দি আছে। মই তেনেকুৱা জন্তু আগেয়ে দেখা নাছিলো। দিলোঁ গুলী মাৰি। গুলি লাগি জন্তুটো নিশবদে তাতে বাগৰি পৰিল। তেতিয়াও সিফালে খেদা চলি আছে। খেদা শেষ নহলে ডাঙৰ চাঙৰ পৰা মাটিলৈ নমাটো যুক্তিযুক্ত নহয়; সেই দেখি আমি নমা নাই। এনেতে ডেপুটীজনৰ ফালৰ পৰা ৰাইফোলৰ গুলিৰ আৱাজ ওপৰা-উপৰিকৈ শুনিলো, আৰু লগে লগে কিবা এটা ডাঙৰ জন্তুৰ নানা ৰকমৰ চিঞৰে হাবিখন তল-ওপৰ কৰিবলৈ ধৰিলে। গোজৰ, গোঁগোৱনি আৰু ডাঙৰ কৰতেৰে হাবিত ডাঙৰ কাঠ ফলাৰ নিচিনা শব্দবোৰ আমাৰ কাণত পৰিল। মই তেতিয়াও বুজিব পৰা নাই, সেইটো কি জন্তুৰ চিঞৰ; কাৰণ মোৰ পক্ষে সি নতুন। অলপ পৰ পিছতে এক্ চাইজ ছুপাৰিণ্টেণ্ডেণ্টৰ ফালৰ পৰাও বন্দুকৰ আৱাজ আমাৰ কাণত পৰিল। খেদা কৰা মানুহবোৰে বন্দুকৰ আৱাজ শুনি আৰু বেছিকৈ হাইউৰুমি কৰিবলৈ ধৰিলে আৰু সিহঁতৰ ভিতৰৰ অতি টেঙৰবোব টপ্‌ টপ্‌ কৈ গছত উঠিল, যদি বাঘ ওলাইছে, এই ভয়ত। ডেপুটি বাবুৰ বন্দুকৰ মাত যদিও বন্ধ হল, কিন্তু গুলীখোৱা জন্তুটোৱে [ ১৭৯ ] তেতিয়াও চিঞৰি হাবি খলক লগাবলৈ এৰা নাছিল। সেই হাবিখনত যদি বনদেৱী- সকল থাকিলহেঁতেন তেওঁলোকে নিশ্চয় সশঙ্কিত আৰু বিৰক্ত হৈ দূৰৰ কোনোবা বৰ গছৰ তলত এনেকুৱা দুখৰ গীত ধৰিলেহেঁতেন:—

“কে এল আজি এ
ঘোৰ নিশীথে,
সাধেৰ কাননে,
শান্তি নাশিতে।
ঘুমন্ত বিহগে,
কেনে বধে ৰে,
সঘনে খৰশৰ সন্ধিষা
তৰাসে চমকিষে
হৰিণ হৰিণী,

স্খলিত চৰণে ছুটিছে।” ইত্যাদি (ৰবীন্দ্ৰনাথ ) আমাৰ দ্বাৰাই হাবিৰ শান্তি নাশ ঘটিছিল যদিও সি কিন্তু আবেলি বেলিকা। গতিকে আমি এক আঙুল কম জগৰীয়া।

 সিফালে একচাইজৰ বন্দুকে গুড়ুম গুড়ুম কৰিয়েই আছে; বিৰাম নাই। কিন্তু সেইফালৰ পৰা কোনো জন্তুৰ চিঞৰ আমাৰ কৰ্ণগোচৰ হোৱা নাই। সমুখৰ ফালৰ পৰা খেদা কৰা মানুহবোৰো আমাৰ ওচৰ চাপি অহা আমি দূৰৰ পৰা দেখিবলৈ পালোঁ। সেই দেখি নিৰ্ভয় মনেৰে তহচিলদাৰ আৰু মই চাঙৰ পৰা নামি এখোজ দুখোজকৈ একচাইজৰ চাঙৰ ফালে যাবলৈ ধৰিলোঁ। এমূৰে মোৰ চাং আৰু সিমূৰে ডিপুটীৰ চাং; একচাইজৰ চাং মাজতে। গৈ দেখিলোঁ, একচাইজ ছুপাৰিণ্টেণ্ডেণ্ট মাটিত থিয় হৈ আছে। আৰু তেওঁৰ আগতে দহ-বাৰ হাতমান দূৰত ভালুক এটাই অনেক গুলী খাই অবশ হৈ থিয় দি আছে। সি বাগৰিও পৰা নাই অথচ তাৰ গা তেজেৰে তুংৰলি মোক দেখি একচাইজে কলে যে তেওঁৰ কাৰ্টিজ এটাইবোৰ ঢুকাল; কিন্তু ভালুকটো এতিয়াও মৰা নাই; সেই দেখি মোৰ হাতত থকা কাৰ্টিজ গোটেই বোৰকে তেওঁক দিব লাগে। মই হাত মেলি দুটা বুলেট কাৰ্টিজ তেওঁক দিলোঁ; তেওঁ বন্দুকত খাজি ললে। ছব্‌ৰেজিষ্ট্ৰৰ কিন্তু তেতিয়াও চাঙৰ ওপৰৰ পৰা নমা নাই। তেওঁ চাঙৰ ওপৰৰ পৰাই আমাক ক’লে,—চাওক ভালুকটো এতিয়াও মৰা নাই। আপোনাসকলে মাটিত থাকি ভাল কাম কৰা নাই। গুলী খোৱা ভালুকে যদি আপোনালোকক ধৰেহি, তেতিয়া কি হব? যেই কথা শুনিলো—মই ভয় খাই লৰি তেওঁ বহি থকা চাঙত উঠিবলৈ গ’লোঁ। চাঙত উঠিবলৈ লগাই থোৱা জখলাটোত ধৰি তাৰ খোপে খোপে উঠি গৈছোঁ, চাং পাবলৈ আৰু এটা কি দুটা ঢাপ আছে; এনেতে মোৰ ভৰি পিচলিল। তাৰ আগতে মোক চাঙত উঠিবলৈ যোৱা দেখি তহচিলদাৰেও ভয় খাই মোৰ পাছে পাছে জখলাত উঠিছিল। ভয়ত খপজপাই মই [ ১৮০ ]

জখলাত উঠাৰ বাবেই মোৰ তেনে হৈছিল। জখলাৰ আদখিনি বাটত থকা বপুৰা তহচিলদাৰকো, মই খহি পৰি মোৰ লগতে বগৰাই আনিলো। খন্তেকতে জখলাৰ গুৰিত মাটিত দুয়ো শোটমোট খাই পৰিলো। অৱশ্যে মই তহচিলদাৰৰ ওপৰত আৰু তহচিলদাৰ মোৰ তলত। সিফালে একচাইজে, মই দিয়া গুলী দুটাৰে ভালুকৰ প্ৰাণবায়ু, বহিৰ্গত কৰি দিলে; ভালুক মৰি বাগৰি পৰিল।

 ছব্‌ৰেজিষ্ট্ৰৰ খুহুটীয়া মানুহ। তেওঁ ধেমেলীয়া কথা কোৱাত কাজী। যেই ভালুকটো মৰিল, তেওঁ নিৰ্ভয় হ’ল আৰু তেওঁৰ হাঁহি আৰু পেংলাইৰ থুনপাকৰ মুখ মুকলি হ’ল। তেওঁৰ হাঁহিৰ প্ৰধান উপাদান হ’ল, ক্ষন্তেকৰ আগতে সংঘটিত মোৰ আৰু তহচিলদাৰৰ জোটাশলীয়া Somersault অৰ্থাৎ জখলাৰ পৰা ওলোটাখৰ। মহাআনন্দৰে চাঙৰ ওপৰৰ পৰাই এই বৃত্তান্তৰ অতিৰঞ্জিত বিশদ বৰ্ণনা একচাইজ ছুপাৰিণ্টেণ্ডেণ্টৰ আগত তেওঁ দিবলৈ ধৰিলে। কাৰণ একচাইজৰ চকু একেৰাহে ভালুকটোৰ ফালে থকাৰ নিমিত্তে তেওঁৰ পাছফালে ঘটা আমাৰ বিলাই- বিপত্তি তেওঁৰ চকুত নপৰিছিল। ঘটনাটোৰ চিত্ৰ-বিচিত্ৰ বৰ্ণনা ছব্‌ৰেজিষ্ট্ৰৰৰ মুখত শুনি আমাৰ দুইৰো হাঁহি উঠিছে অথচ মুখ লাজত ৰঙাও পৰিছে আৰু ছব্‌- ৰেজিষ্ট্ৰৰৰো ভালুক নমৰাৰ আগতে শেতা পৰি থকা মুখে তেনে বৰণকে ধৰিছে, অৱশ্যে সুকীয়া কাৰণত, অৰ্থাৎ হাঁহিত ঘটনাটো শুনি মিচিকিয়াই হাঁহি আৰু তাৰ আওভাও বুজি, একচাইজ ততালিকে আমাৰ সহায়ক হ’ল। তেওঁ চবৰেজিষ্টাৰক চাঙৰ পৰা নামি আহিবলৈ ক’লে আৰু চাঙৰ ওপৰত ছবৰেজিষ্টৰ বাবুৱে যি কীৰ্ত্তি কৰিছিল, তাৰ হাস্যজনক বৰ্ণনা তেওঁ আমাৰ আনন্দ বৰ্দ্ধন আৰু ছব্‌ৰেজিষ্ট্ৰৰৰ উল্লাস কৰ্তন কৰি দিবলৈ ধৰিলে হেনো চাঙত বহি থাকোতে ছবৰেষ্ট্ৰৰে এক্ চাইজ ছুপাৰিণ্টেণ্ডেণ্টক কুতুৰি আছিল, বাঘ বা ভালুক ওলালে যেন তাৰ ওপৰত এক্‌- চাইজে গুলী নচলায়। সিফালে ডেপুটি বাবুৰ গুলীৰ আৱাজ আৰু তেওঁ গুলীৱা জন্তুটোৰ ভীষণ চিঞৰ শুনি ছব্‌ৰেজিষ্ট্ৰৰ বাবুৱে হেনো বহি থকা চাং এৰি চাং-বন্ধা গছ-জোপাৰ গা বগাই গৈ তাৰ ওখ ডাল এটাত বহিছিলগৈ, একচাইজৰ হাকলৈ কাণ নিদি। আৰু হেনো নিজৰ কঁকালটো তেওঁ বান্ধি থৈছিল, কেনেবাকৈ ভয়ত তললৈ সৰি পৰে বুলি। এই বৃত্তান্ত শুনি ছব্‌ৰেজিষ্ট্ৰৰ বাবুৰ খৰচত আমাৰ কিৰীলিৰ জাউৰি উঠিল। আমি বাহিৰে সৈতে পেংলাই-হাঁহিৰ ধাৰ সুজা ললোঁ।

 কিছুমান বেলিৰ মূৰত ডেপুটীবাবু, তেওঁৰ চাঙৰ পৰা নামি আহিল আৰু দেখিলোঁ, তেওঁ এটা প্ৰকাণ্ড ভালুক মাৰি আনিছে। মই মৰা জন্তুটো দেখি তেওঁ কলে, সেইটো হেনো Mouse-deer; অৰ্থাৎ এন্দুৰৰ নিচিনা এবিধ সৰু পহু, আৰু সহজে দুষ্প্ৰাপ্য। তাৰ মঙহ ভক্ষ। পহুটো মই ঘৰলৈ আনি তাৰ ধুনীয়া ছালখন ক’লৈ গ’ল আৰু বিচাৰি নাপালোঁ , নতুবা প্ৰথম Trophy অৰ্থাৎ মোৰ চিকাৰৰ চিনস্বৰূপে ছালখন ভালকৈ ‘টন্‌” (Tan) কৰাই ৰাখিবৰ মোৰ মন আহিল। চাৰি ঠেঙীয়া জন্তুবধৰ এয়ে মোৰ প্ৰথম অধ্যায়।

 মই সদায় দেখি আহিছো যে ভালুক বৰ লেকেটা জীৱ। তাৰ মৰ্ম্মস্থানত গুলী [ ১৮১ ] নালাগিলে সহজে সি নমৰে। তাৰ পিঠিৰ নোম প্ৰায ছ আঙুলমান দীঘল। অনেক সময়ত গুলী তাৰ নোমৰ ভিতৰেদিয়েই এসোপা নোম সৰাই ওলাই গুচি যায়। গাত নালাগে। আজি পাঁচ মাহমান হ’ল, মোৰ বন্ধু এজনে এখন হাবিত খেদা চিকাৰৰ বন্দবস্ত কৰি মোক তেওঁৰ লগত লৈ গৈছিল। তেৱোঁ এখন চাঙত মইও তেওঁৰ অলপ দূৰতে আন এখন সুকীয়া চাঙত। খেদা আৰম্ভ হওঁতে নহওঁতেই দেখিলোঁ হঠাৎ ভালুক এটা মোৰ পাছ ফালৰ পৰা ওলাই আহিল। তাৰ আবিৰ্ভাৱ খেদাৰ ফলত নিশ্চয় হোৱা নাছিল। কাৰণ খেদা মোৰ সন্মুখৰ ফালৰ পৰা মোৰ ফালে আৰম্ভ হৈছিল। খেদাত অহা জন্তু মোৰ সন্মুখতে ওলালহিহেঁতেন। আৰু তেতিযা খেদা কৰা মানুহবোৰো এমাইলমান দূৰত। মোৰ পাছফালে মোৰ চাঙৰ পৰা প্ৰায় ১০০ হাত মান দূৰত ভালুকটো থিয় হ’লহি। মই ৪০৫ উইনচেষ্টৰ ৰাইফলেৰে তাৰ গালৈ গুলী এটা মাৰি পঠিযালোঁ। ভালুকটোৰ গাত গুলী লাগি সি ভয়ানক চিঞৰিবলৈ ধৰিলে মই ভাবিলোঁ সি নিশ্চয় মৰিব; মিছাতে আৰু গুলী খৰচ কৰিবৰ সকাম নাই। কিন্তু অলপ পৰ পিছতে ভালুক পৰ্ব্বতৰ ফালে লৰ দি পৰ্ব্বতত উঠি যাবলৈ ধৰিলে, আৰু নেদেখা হ’ল। খেদাৰ ওৰ পৰিলত মই মোৰ চাঙৰ পৰা নামিলোঁ। আৰু বন্ধুজনেও তেওঁৰ চাঙৰ পৰা নামি মোৰ ওচৰলৈ আহিল। তেতিষা আমি দুযো সাতোটা আঠোটা মানুহ লগত লৈ গুলী খোৱা ভালুকটো বিচাৰি গ’লোঁ। দেখিলোঁ সি গুলী খোৱা ঠাইৰ পৰা যেনি যেনি পৰ্ব্বতত উঠিছিল। গোটেই বাট তাৰ তেজেৰে তুংৰলি হৈ গৈছে। আমি সেই তেজৰ চিন ধৰি পৰ্ব্বতৰ ওপৰত প্ৰায এমাইলমান বাট গলোঁ, কিন্তু শেহত হঠাৎ তেজ নেদেখা হলোঁ। সেইখিনিৰ পৰাই কেনি ফালৰি কাটি কৰবাত লুকাই পৰি মৰিলগৈ তাত সন্দেহ নাই। কাষৰে- পাঁজৰে অনেক বিচাৰিও তাৰ উৱাদিহ নাপাই উভতি গুচি আহিলোঁ। মোৰ বৰ ভুল হৈছিল যে মই ওপৰা-উপৰিকৈ আৰু দুটা মান গুলী তাৰ গাত নামাৰিলোঁ। বাস্তৱিকতে সি গুলী খাই কেনেকৈ চিৎপতলং হৈ পৰিছিল, মই ভাবিছিলোঁ, সি আৰু উঠিব নোৱাৰে। গুলী নমৰাৰ আৰু এটা কাৰণ আছিল। সেই দিনা মোৰ হাতত ৰাইফলৰ গুলী মাথোন তিনিটাহে আছিল। মই ভাবিলোঁ ইকনমি কৰি গুলী খৰচ নকৰিলে অৰ্থাৎ হাত উবুৰিযাই দিলে, আৰু যদি জন্তু ওলায়হি, তেন্তে কিহেৰে মাৰিম। আচলতে সেই দেখি মই চিকটা হৈ পৰিছিলোঁ। চিকটা হোৱাৰ ফল হাতে হাতে পালোঁ। চিকটাই শাকত নাখায় লোণ, কিন্তু তাৰ পিটিকাত যায় তিনিগুণ। যিহওক চিকাৰলৈ যোৱা চিকাৰীসকলে এইটো মনত ৰাখিবলগীয়া যে, অন্ততঃ তেওঁৰ হাতত যেন আঠোটো গুলীৰ কম নাথাকে।

 এবাৰ সম্বলপুৰলৈ আহোঁতে কবি বন্ধু এজনে মোক কৈছিল যে, তেওঁ হেনো কিতাপত পঢ়িছে, যে ভালুক বৰ মৰমিয়াল জন্তু। সি মানুহক মৰমহে কৰে। মই তেওঁক উত্তৰ দিছিলোঁ যে ভালুকৰ মৰম বিচাৰি তেওঁ যেন ভালুকৰ কাষ নাচাপে। যতবিলাক হিংস্ৰ জন্তু আছে, তাৰ ভিতৰত ভালুক অতি দুৰন্ত। তাক নোজোকালেও সি জোকায়। অৱশ্যে মানুহৰ তেজৰ সোৱাদ পোৱা বাঘৰ কথা বেলেগ। মোৰ

২য়-৬

[ ১৮২ ] তিনিটা চাৰিটা গাড়োৱান আৰু কৰতীয়াই ভালুকৰ হাতত প্ৰাণ দিছে। এবাৰ

পুৱা ৯ মান বজাত তিনিটা গাড়োৱানে হাবিৰ ভিতৰত সোমাই সিহঁতৰ গাড়ীত মোৰ শ্লীপৰ বোজাই দিওঁতে, হঠাৎ ভালুক এটাই আহি এনেকৈ গাডোৱান এটাক আক্ৰমণ কৰিলে যে তাৰ পেটৰ পৰা মূৰলৈকে ছাল বখলিয়াই দিলে। এই ফালৰ মানুহৰ যেনে গঢ়গতি লগৰীয়াটোক ভালুকৰ হাততে এৰি বাকী গাডোৱান দুটাই ফাট মাৰিলে। পিছত খবৰ পাই ঋক্ষৰাজৰ দ্বাৰাই আক্ৰান্ত মানুহটোক মই সম্বলপুৰৰ আস্পাতাললৈ লৰালৰিকৈ পঠিয়াই দিলোঁ। কিন্তু সি নিজীলে। আৰু দুটা কৰতীয়াৰ এনে বিপদ ঘটিছিল। এটা হাস্পাতালত ভাল হ’ল,আনটো মৰিল।

(৪)

 এই বাৰ জামৰাত চিকাৰৰ ঠিক কৰিলোঁ। জাম্‌ৰা বোলা ঠাইডোখৰৰ সম্বল- পুৰৰ পৰা আঠমাইল মান দূৰত, আৰু মহানদীৰ পাৰত। জামৰাৰ ওচৰতে মহা- নদীৰ মাজুলী এটা আছে, তাৰ নাম হীৰাকুদ। আগৰ কালত সম্বলপুৰৰ ৰজাৰ দিনত হীৰাকুদৰ পৰা হীৰা পোৱা গৈছিল। কিছুমান মানুহৰ বাব আছিল, তাৰ পৰা বিচাৰি বিচাৰি সিহঁতে হীৰা আনি ৰজাক যোগান দিয়াটো। দেশী ৰজা গল, লগে লগে সেই কাম কৰা মানুহো মৰিহাজি অন্ত হ’ল আৰু পৰা হীৰা বিচাৰি অনা কাৰ্যৰো ওৰ পৰিল। সেই মানুহবোৰৰ পো-নাতিবোৰে বোপা-ককাৰ কাৰ্য আজিকালি পৰিত্যাগ কৰি আন কামত ধৰিলে, আৰু হীৰাকুদত হীৰা ক’ত পোৱা যায়, আৰু কেনেকৈ বিচাৰি উলিয়া হয়, তাৰ সম্ভেদ সিহঁতে এতিয়া একোকে নাজানে। সম্বলপুৰৰ পৰা পোন্ধৰ মাইলমান দূৰত ধামা বোলা এখন ঠাইৰ ডাকবঙলা এটাত এদিন মই থাকোঁতে, এটা মানুহে নকটা-হীৰা এখন মোক দেখুৱাই কৈছিল যে সেইখন তাৰ বাপেকে হীৰাকুদত পাইছিল, আৰু তাৰ ঘৰত তেতিয়াৰে পৰা সেই হীৰাখন আছে। যদি ভাল বেচ পোৱা যায়, সি হীৰাখন বেচিবলৈ সাজু আছে। মই তাৰ হীৰাখনৰ কিমান বেচ বুলি সুধিলত সি এনে এটা অসম্ভৱ বেচৰ নাম কাঢ়িলে যে মই ৰসতে নাম থৈ হুহকি পৰিলোঁ। সি গুচি গ'ল আৰু তাৰ পিছত শুংসুত্ৰও মই হেৰুৱালোঁ।

 ঘামকালি। মহানদীৰ পাৰত থকা ডাঙৰ ডাঙৰ আম গছৰ থুপৰ তলত আমি আমাৰ বাহৰ কৰালোঁ। ৰম্য ঠাই। সি মহানদীৰ কথা কীৰ্ত্তন ঘোষাৰ ওৰেষা খতত মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে এইদৰে বৰ্ণনা কৰিছে—৷

“দেখিল স্থান সব অনুপাম।
আছ তীৰ্থ মহানদী নাম।
লোকৰ কৰিয়া পাপ উপান্ত।
দক্ষিণ সাগৰক বহি যান্ত।৷
গঙ্গাৰ সমান তীৰ্থ নিঃশেষ।
দুয়ো কুলে আছে অনেক দেশ।৷

[ ১৮৩ ]

হৃষ্টপুষ্ট লোক তাত সদায়।
বসনে-ভূষণে ভূষিত কায়।
বেদবিদ বিপ্ৰ আছে অপাৰ।
প্ৰত্যহ অগ্নিহোত্ৰ সিজে তাৰ॥
সদায় নুগুচে শাস্ত্ৰ আলাপ।
বেদধ্বনি শুনি পলায় পাপ॥
ক্ষেত্ৰত আছে যত নাৰীগণ।
সবাৰৰ গাৱে শোভে আভৰণ।
আয়ত লোচন পদ্মৰ পাসি।
নুগুচে মুখত ঈষত হাসি॥
ৰূপে বিদ্যাধৰী সম সাক্ষাত।
কৰন্ত লয়লাসে আয়াযাত॥

 অৱশ্যে এই বৰ্ণনা কটক পুৰীৰ মহানদীৰ পাৰৰ। কিন্তু সম্বলপুৰৰ মহানদীৰে শেহডোখৰ কটকপুৰীৰ কাষৰ মহানদী। গতিকে এই বৰ্ণনাৰ দুই চাৰি অনা সম্বলপুৰৰ মহানদীৰ ভাগত দিলেও অযথা নহয়।

 আম গছৰ তলত সুন্দৰ শীতল ছাঁত আমালৈ ভাতপানী ৰান্ধিবাঢ়ি আৰু আন সকলো আৱশ্যকীয় দিহা কৰি ৰাখিবলৈ পুৱাই আমাৰ সেই বাহিৰলৈ লগুৱা আৰু ৰান্ধনি পঠিয়াই দিয়া হৈছিল। আমি দহমান বজাত সেইখিনি পালোঁগৈ। আমাৰ দলত ভদ্ৰলোক আৰু ভদ্ৰমহিলা প্ৰায় ন-দহজন। তাৰে ভিতৰৰ চাৰিজন আচল মৃগয়ালোলুপ আৰু আনবোৰ বনভোজন আৰু আমাৰ চিকাৰৰ উত্তেজনা আৰু ফল- ভোজন প্ৰয়াসী। এজন কি দুজন এই দুই বিষয়তো উদাসী আছিল। তেওঁলোক আমাৰ লগত কিয় গৈছিল ক’ব নোৱাৰোঁ। বোধকৰোঁ তেওঁলোকৰ মনস্কামনা মাথোন পৰিভ্ৰমন আৰু বিশুদ্ধ বায়ু ভক্ষণ আছিল। মহিলাসকলৰ পত্নীসকলে পত্যানুগমন আৰু দুহিতাসকলে পিতৃৰ হৰ্ষবৰ্ধন কৰি সেই যাত্ৰাৰ শ্ৰীবৰ্দ্ধন কৰিছিল। পুৰুষ ডাঙৰীয়াসকলৰ ভিতৰৰ এজন ছবজজ, এজন এছিষ্টেন্ট ছৰ্জ্জন আৰু এজন আবকাৰিৰ অধিকাৰ। বাকীসকল চৰ্কাৰী হিচাপত নামনাচৰ।

 আমি পৰিবাৰবৰ্গক, অ-মৃগয়াশীলসকলক আৰু, উদাসীন কেইজনক মহানদীৰ পাৰৰ প্ৰকাণ্ড আমগছৰ তলৰ বাহৰতে, নৈসৰ্গিক শোভা পৰিদৰ্শন কৰিবৰ সুবিধা দি মুকলিমুৰীয়াকৈ এৰি থৈ লৰালৰিকৈ চাহ-জলপান খাইবৈ আমাৰ চিকাৰৰ ঠাইলৈ পদব্ৰজে গতি কৰিলোঁ। আমাৰ বাহৰৰ পৰা এমাইলমান দূৰত আমাৰ চিকাৰৰ ঠাই, আৰু এটা পৰ্ব্বতৰ পাদদেশত। প্ৰায় বাৰবজাত আমি চিকাৰী চাৰিজনে নিজৰ নিজৰ নিৰ্দ্দিষ্ট চাঙত উঠি, হাতত বন্দুক লৈ. আমাৰ আগত ওলাব বুলি আশা কৰি জন্তুৰ ওপৰত শৰ সন্ধান কৰিবলৈ অৰ্থাৎ বন্দুকৰ গুলী বৰষিবলৈ আশা-টপালি ৰ’লোঁ। সেই দিনা মোৰ হাতত ৫০০ নম্বৰ এক্সপ্ৰেছ বন্দুক। আমাৰ লগৰীয়া [ ১৮৪ ] এজনে আন এটা বন্দুক লৈ সেইটো মোক দিছিল। সিফালে খেদা আৰম্ভ হ’ল। দেড়মাইলমান দূৰৰ পৰা বিটৰবোৰে খেদা কৰি আনিবলৈ ধৰিলে। পৰ্বতটোৰ ভৰিৰ তলতে মোৰ চাংখন। একমান বজাত খেদাকৰোঁ‌তাবোৰ কাষ চাপি আহিল। এনেতে শুকান পাতৰ খৰখৰনি মোৰ কাণত পৰিল। বুজিলোঁ পৰ্বতৰ টিঙৰপৰা মোৰ ফালে কিবা জন্তু এটা নামি আহিছে। মই বৰ ঘোঁ‌ৰাটো তুলি সেই ফালে মুখ কৰি গুলী মাৰিবলৈ সাজু হ’লো। মোৰ মুখত জিভাৰ ৰস কৰি গ’ল, বুকুত ধিপধিপনি উঠিল,আৰু ধিপধিপনিৰ ধ্বনি মোৰ কাণত পৰিবলৈ ধৰিলে। তেনেকুৱা Tense moment অত মানসিক উত্তেজনাৰ সন্ধিক্ষণত সদায় তেনে হয়। অকল মোৰেই যে তেনে হয় এনে নহয়। শুনিছো আনৰো আৰু মোতকৈ পকা চিকাৰীৰো তেনে হয়। খৰখৰনিৰ শব্দ ওচৰ চাপি আহিলত দেখিলোঁ এটা বৰ ডাঙৰ দঁ‌তাল বৰ পৰ্বতৰ গাৰ পৰা মোৰ ফাললৈ নামি আহিছে। বন্দুকটো ঠিককৈ টোৱাই লৈ বিম্বাশবদে দিলোঁ‌ গুলী মাৰি। একে গুলীতে বৰাটো মাটিত বাগৰি পৰি চটফটাবলৈ ধৰিলে। তাৰ গাৰ ওচৰৰ মাটিত তেজে ডোঙা বান্ধিলে। ক্ষন্তেকৰ পিছতে বৰাটোৱে বৰাহলীলা সমাপন কৰি নিসাৰসাৰ অৱস্থা বৰণ কৰিলে।

 খেদাৰ অন্তত চাৰিওফালৰ পৰা সকলো চাপি-কুচি আহিল আৰু দেখা গ’ল যে প্ৰকাণ্ড বৰা আৰু ভীষণ দঁ‌তাল। মোৰ লগৰীযা চিকাৰীসকলৰ কংগ্ৰেছুলেছন অৰ্থাৎ আনন্দ প্ৰকাশৰ অভিনন্দন মই আনন্দ মনেৰে গ্ৰহণ কৰিলোঁ‌। দুখৰ বিষয় লগৰীয়া চিকাৰী বন্ধুসকলে সেই দিনাখন একো নাপালে।

 চাৰিটা মানুহে সাঙী কৰি বৰাটো আমাৰ বাহৰলৈ যেতিয়া আনিলে, জন্তুটো দেখি বাহৰবাসীসকলৰ আনন্দ হ’ল। আবেলি প্ৰায় চাৰিবজাত বৰাটো আমাৰ বাহৰ পাইছিলহি। বৰাটো কোনে মাৰিলে বুলি বাহৰবাসীসকলে প্ৰশ্ন কৰিলত, তাক কঢ়িয়াই অনা মানুহ কেইটাক ক'লে—“বুঢ়া চাহাবে।” তাৰ মানে “ওল্ডমেন” চাহাব নহয়, বৰুৱা চাহাবে।” বুঢ়া চাহাব বৰুৱা চাহাবৰ অপভ্ৰংশ। মোৰ নামটো বৰুৱা চাহাব বুলি কোৱা শুনি ভাৰী কেইটাই তাৰ অৰ্থ বুঢ়াচাহাব কৰি পেলাইছিল। এইটো আজি দহ বছৰৰ আগৰ কথা (১৮৪২ শক )। আজিকালি ধৰ্ম্ম ৰাজ যমৰজাৰ পৰা তেওঁৰ “টিপাৰ্টি”, “উইডইনিং পাৰ্টি”, আৰু “ডিনৰপাটিলৈ’’ যিমানবোৰ বগা কাকতত লিখা নিমন্ত্ৰণ পত্ৰ পাইছো, দহ বছৰৰ আগেয়ে সিমান পোৱা নাছিলো। কথাষাৰ মুকলি কৰি ক’লে এনে হয় যে মোৰ মূৰৰ চেচুক ঠাইত লুকাইচুৰকৈ যদিও তেতিয়া দুডাল চাইডাল চুলি পকিছিল, সৰহ সংখ্যক চুলিযে নিজৰ স্বাভাৱিক বৰ্ণাশ্ৰমধৰ্ম্ম পৰিত্যাগ কৰি অধৰমী হোৱা নাছিল। সেই দেখি পাব্লিক অৰ্থাৎ ৰাইজৰ যেয়ে-সেয়ে মোক নিৰ্ভয়ে বুঢ়া বুলিবৰ অধিকাৰ তেতিয়াও লাভ কৰা নাছিল। ক্ৰোধান্ধ হৈ মোৰ কোনো বিপক্ষই মোৰ পাছত কেতিয়াবা মোক বুঢ়া-ঘুগুলাটো বুলিছিল যদি কিন্তু মৰ-সাহ দি মোৰ সমুখ হৈ সেই দুষ্কাৰ্য কোনোৱে কেতিয়াবা কৰাৰ কথা মই

নাজানো। [ ১৮৫ ]
৮৫
পৰিশিষ্ট


 যাওক। বৰা আমৰ আমতলৰ বাহৰ পোৱাৰ পিছতে এটা অভাৱণীয় ঘটনা ঘটিল। আমাৰ বনভোজনৰ লগৰীষা মহিলাসকলৰ ভিতৰৰ ললনা'এজনাই যেই শুনিলে যে তেওঁৰ চিকাৰা স্বাম সেই বৰাহৰ অন্তক নহয, ৰজাৰ বিষয়-বাসনা নোখোৱা বৰুৱা চাহাবহে বৰাহ-বধী তেওঁ খঙত ৰঙা পৰিল। তাৰ উপৰি আৰু যেতিয়া তেওঁ শুনিলে যে সেই দিনা তেওঁৰ হাকিম স্বামীৰ ভাগত কোনো জন্তুবধেই সংঘটিত নহল, সেই হৰিণাক্ষীযে স্থান, কাল পাত্ৰ সকলোবোৰৰে সোঁৱৰণ চাহপানী তপতোৱা উধান তিনিটাৰ ভিতৰত জ্বলাজুইত বিসৰ্জন দি, যৰে চাহ পানী, ততে এৰি মুখখন এপাচিমানকৈ ওফোন্দাঈ দুৰ্ঘোৰ ৰোহ পাতিলে। তেওঁৰ বযসিযাল স্বামী কিছুদূৰ পত্নীপৰাধীন, সেইটো আমাৰ অবিদিতি নাছিল। চিকাৰৰ পৰা ঘামিজামি অহা স্বামীৰ সৈতে তেওঁ সকলোৰে সমুখতে সত্যাগ্ৰহ আৰম্ভ কৰি দিলে। স্বামীৰ সৈতে মৃগাক্ষাৰ কথা-বাৰ্ত্তা আৰু চাহপানী বন্ধ হল। আনকি তেওঁৰ ঠেহৰ জোখ ইমান বাঢিল, যে বনভোজনৰ নিৰ্দিষ্ট আহাৰো তেওঁ নোখোৱা হ'ল। লগৰীয়া মহিলা সকলোৱে বুজাই-বৰাইও তেওঁৰ ঠেহ ভাঙিব নোৱাৰিলে। বপুৰা স্বামী। ঘৈণীয়েকৰ এনে অশোভন ব্যৱহাৰত তেওঁৰ মুখখন শুকাই টোটোৰা পৰিল।

 আমি বাকীবোৰে খাইবৈ ৰং-ধেমালি কৰি ৰাতি ঘৰলৈ উভতি আহিলোঁ। জোনাক ৰাতি আছিল। বৰ ৰঙেৰে আমি উভতিলোঁ-অৱশ্যে উল্লেখিত সেই কদৰ্য্য ঘটনাটোৰ বাহিৰে আমাৰ মনত নিৰানন্দৰ ছাঁ পেলাবলৈ আন একো নাছিল।

 পিছ দিনা পুঁৱাই সেই অভিমানিনী হাকিমনীৰ ঘৰলৈ বন্যবৰাহৰ পিৰা এটা পঠিয়াই দিযা হ'ল। কিন্তু বেজাৰৰ কথা যে তেওঁৰ অভিমান আৰু আমাৰ ওপৰত বিৰক্তিৰ কোব ইমান ওপৰলৈ চৰিছিল যে যদিও পালে বন্যবৰাহ তেওঁলোকে অতি হেপাহেৰে ভোজন কৰাটোৰ কথা আমি জানো, বৰাৰ পিৰা লৈযোৱা মোৰ লগৱাটোক তেওঁ কটুক্তি কৰি সেই পিৰাটো ওভোটাই দিলে।

 চাৰিঠেঙীযা জন্তু চিকাৰৰ মোৰ দ্বিতীয় ট্ৰফী অৰ্থাৎ জয চিহ্নস্বৰপে সেই বৰাটোৰ মূৰটো আজিলৈকে মোৰ চৰাঘৰৰ বেৰত আঁবি থোৱা আছে।

(৫)

 মোৰ এজন মুছলমান বন্ধুৱে এবাৰ ঘিচামূৰা নাকৰ ঠাই এডোখৰৰ হাবিত চিকাৰৰ বন্দৱস্ত কৰি মোক লগত ললে। ঘিচামূৰা সম্বলপুৰৰ পৰা বাইশ কি তেইশ মাইল মান দূৰত। ঘিচামূৰাব পৰা দেডমাইল মান দূৰৰ গাঁও এখনত আমি তামিঘৰা তৰি ৰলোহঁক। তাত আমি তিনি দিন আছিলো আৰু তিনিখন ওচৰা- উচৰি হাবিত খেদা চিকাৰ কৰিছিলো। প্ৰথম দুদিনৰ চিকাৰত বাঘ পাম বুলি আমি বৰ আশা কৰিছিলো; কিন্তু বাঘৰ মহাক বোন্দা এটাও নোলাল। কিন্তু তৃতীয় দিনাৰ চিকাৰত সেই কালৰ হাবিত কোনেও আশা নকৰা জন্তু এটা লাভ হ’ল যাৰ বিষয়ে এতিয়া কম।

 আমি দুয়ো দুখন সুকীয়া চাঙত বহি ভাবি আছোঁহক যে সেই দিনাও যথাপূৰ্ব্বং [ ১৮৬ ] তথাপৰং হ’ব আৰু আমি চিকাৰী মেকুৰীৰ ভাগ্যত কোনো জন্তুৰ শিকিয়াই নিছিগে। খেদা প্ৰায় শেষ হবলগীয়া হ’ল। এনেতে হাবিখন খোজৰ দপদপনিত তলওপৰ কৰি কিবা ডাঙৰ জন্তু গোটাদিয়েক আমাৰ ফালে “লাঞ্জৰ ছাটিত মেঘ উডাই” অহা শুনিলো। মোৰ বন্ধুৰ চাংখন মোৰখন চাঙৰ পৰা দহ বেওমানৰ আগত আছিল। হঠাৎ তেওঁৰ বন্দুকৰ আৱাজ শুনিলো গুড়ুম। আকৌ শুনিলো গুড়ুম। মযো ইফালে ৰাইফল লৈ সষ্টম হলোঁ। এনেতে দেখিলোঁ, বিজুলীৰ বেগেৰে তিনিটা প্ৰকাণ্ড জন্তু লৰি মোৰ ফালে আহি ফালৰি কাটি মোৰ চাঙৰ কাষেদি গুচি গ’ল। কানিমুনি কৰি দিলো মাৰি এজাই। ঢাপলি মেলি যোৱা জন্তু কেইটা মুহূৰ্ত্ততে অদৃশ্য হ’ল।

 খেদা কৰা মানুহবোৰ লাহে লাহে মোৰ কাষ পালেহি আৰু মোৰ ওচৰ ওলালহি। মযো মোৰ চাঙৰ পৰা নামি আহিলোঁ আৰু বন্ধুৰে সৈতে কোৱামেলা কৰিবলৈ ধৰিলো যে আগৰ দুদিন কোনো জন্তু নোলালেই, আজি ওলাল যদিও আমি মাৰিব নোৱাৰিলোঁহক। এইদৰে দুয়ো কোৱা-মেলা কৰি থাকোতেই, আমাৰ পাছফালে কুৰি বেওমান দূৰৰপৰা গোটাচেৰেক মানুহ লৰি আহি আমাক বাতৰি দিলেহি যে ডাঙৰ জন্তু এটা শুকান নলা এটাৰ ভিতৰত পৰিছে। আমি বন্দুকত গুলী ভৰাই লৈ অতি সন্তৰ্পণে এখোজ দুখোজকৈ গৈ সেইখিনি পাই দেখিলোঁ যে মহিষাসুৰৰ জাতৰ বৰ ডাঙৰ জন্তু এটা তাত —

“ভূমিত পৰি আছে চেতন হৰি।
চক্ষু ওলোটাই আছাড়ে ভৰি।৷

 মই আকৌ এটা গুলী তাৰ গালৈ মাৰি দিব খোজোঁতেই লগৰীয়া মানুহ কেইটাই হাক দি ক’লে —“আৰু গুলী মাৰিবৰ সকাম নাই; সি মৰিল।’’ ময়ো দেখিলো, সিহঁতৰ কথা ঠিক।—

“মৰিল অসুৰ ছাদি ৰধিৰ।
বাজ ভৈল (বাহু,) প্ৰাণ ফাটি শৰীৰ৷৷”

 মই আগেয়ে তেনেকুৱা জন্তু দেখা নাছিলোঁ। সিহঁতে ক’লে সেইটো গযেল্‌। গযেলক ইংৰাজীত বাইছন বোলে। আমাৰ অসমীযাত বাইচনক বোধকৰোঁ মেঠোন বোলে। মোৰ বন্ধুজনে আনন্দত মোক কৰমৰ্দ্দন কৰিবলৈ কৰিলে। মই তেওঁক ক’লো “সম্ভৱতঃ আপোনাৰ গুলীতহে তাৰ প্ৰাণ গৈছে। বৰং মইহে আপোনাৰ কৰমৰ্দন কৰি আপোনাক মোৰ অভিনন্দন জনোৱা উচিত।” তেওঁ মোৰ কথাত প্ৰতিবাদ কৰি তেতিয়াই প্ৰমাণ কৰি দিলে যে তেওঁৰ গুলী তাৰ গাত লগা নাছিল; মোৰ গুলীহে লাগিছিল কাৰণ জন্তু কেইটা যিফালে মুখ কৰি লৰি আহিছিল, সিহঁতৰ সোঁফালৰ চাঙত মই বহিছিলোঁ আৰু বাঁওফালৰ চাঙত তেওঁ। যদিও তেওঁ দুটা গুলী মাৰিছিল তথাপি জন্তুটোৰ বাওঁফালৰ কোনো অঙ্গ-প্ৰত্যঙ্গত তেওঁৰ দুনলী [ ১৮৭ ] বন্দুকৰ কোনো গুলীৰ চিন নাই অথচ সোঁফালে তাৰ কলাডিলৰ ওপৰত মোৰ ৰাইফলৰ চিন জাঞ্জল্যমান।

 মোৰ চিকাৰৰ পিছৰ ডোখৰ কালত অনেক বাৰ দেখিছোঁ যে অনেক ভদ্ৰলোক লগৰীষা চিকাৰী বন্ধুৱে তেওঁলোকৰ গুলী যে চিকাৰত মৰা জন্তুটোৰ বধৰ কাৰণ নহয, সেইটো যত্নপূৰ্ব্বক মোৰ এইজন বন্ধুৰ দৰে প্ৰমাণ কৰিবলৈ নগৈ বৰং—“আমি লগে ভাগে মাৰিছোঁ। সম্ভৱতঃ মোৰ গুলীতহে জন্তুটো মৰিছে”, ইয়াকেহে প্ৰমাণ কৰিবলৈ যায। আজিকালি আদালতৰ বিচাৰ কাৰ্য্যত সত্যাগ্ৰহীযে যোগ নিদি তেওঁৰ দোষ সস্তাতে সাব্যস্ত কৰিবলৈ এৰি দিয়াৰ দৰে, মযো তেনে বিচাৰত যোগ নিদিওঁ। কাৰণ মোৰ গঢ়গতি “মা ফলেষু কদাচন” বিধৰ।

 বাইশটা মানুহে জন্তুটো সাঙ্গী কৰি কিছুদূৰ আনি ভাগৰি নোৱাৰি, দূৰৰ গাঁৱৰ পৰা মহৰ গাড়ী এখন বিচাৰি আনি তাত তুলি দি ৰাতি দহমান বজাত আমাৰ বাহৰ পোৱালেহি। জন্তুটো মৰাৰ খবৰ বিয়পি পৰিল, ৰাতিযেই ওচৰৰ গাঁৱৰ পৰা জাকে জাকে মানুহ আহিবলৈ ধৰিলে আৰু তিনিখন গাঁৱৰ মানুহে তাৰ মঙহবোৰ কাটি বাছি খাবলৈ লৈ গ’ল। মোৰ বন্ধুৰ তত্বাৱধানত মোৰ চিকাৰৰ জয়লব্ধ স্বৰূপে শিঙেৰে সৈতে মূৰটো আৰু ছালখন মোলৈ থোৱা হ’ল। পিছ দিনা মই সম্বলপুৰলৈ উভতি আহি সেই মূৰটো আৰু ছালখন কানপুৰৰ সূটা কুম্পানীলৈ পঠিয়াই দিলোঁ। দুমাহ, মানৰ মূৰত শিঙেৰে সৈতে মূৰটো সুন্দৰকৈ এখন কাঠৰ বাৰুৰ ওপৰত বহুৱাই ঠিক জীযা জন্তুটোৰ মূৰটো যেনেকৈ এটা কুম্পানীযে মোলৈ পঠিযাই দিলে আৰু ছালখনেৰে দুটা ছুটকেছ অৰ্থাৎ ছালৰ পেৰা প্ৰস্তুত কৰি আনটো কুম্পানীযে পঠিযালে। সেইবোৰ আজিও মোৰ ঘৰত বিৰাজমান। ছুটকেছ দুটা আৰু মূৰটো তেনেকুৱা কৰাওঁতে অৱশ্যে মোৰ এশ টকাৰ ওপৰে খৰচ পৰিছিল। মোৰ বন্ধুজনে সেই চিকাৰৰ সকলো খৰচ, আনকি জন্তুটো কঢ়িযাই অনা, তাৰ ছাল বখলিৱা, আৰু মূৰটো কাটি ৰখা ইত্যাদিৰ সকলো ব্যয স্বইচ্ছাতে বহন কৰিছিল , মোৰ বাৰে বাৰে অনুৰোধ, অনুনয়-বিনয় স্বত্বেও মোক এটা পইচা খৰচ কৰিবলৈ নিদিছিল।

 এই খিনিতে অলপ অবান্তৰ কথাৰ অৱতৰণা কৰিম। সি যদি পাঠকসকলৰ বিৰকতিৰ কাৰণ হয়, তেন্তে মোৰ অনুৰোধ, তেওঁলোকে এই ডোখৰ নপঢ়িব।

 মোৰ বন্ধুজন আলিগড কলেজৰ গ্ৰেজুৱেট আৰু ইংৰাজী, ফাৰ্চী, উৰ্দ্দু ভাষাত সুপণ্ডিত। চৰ্কাৰৰ ঘৰৰো তেওঁ এজন ডাঙৰ বিষয়া। ছেটেল্‌মেণ্ট অৰ্থাৎ বন্দৱস্ত বিভাগৰ তেওঁ বৰ চাহাব। মানুহজন দেখিবলৈ যেনে সুপুুৰুষ, কথাবাৰ্ত্তা আৰু ব্যৱহাৰতো অতুলনীয়। বাস্তৱিকতে তেওঁক সুশিক্ষা আৰু সৌজন্যৰ প্ৰতিমুৰ্ত্তি বুলিব লাগে। মোৰ এই দীঘল জীৱনত মই নানা ধৰ্ম্মাৱলম্বী ভাৰতীয় মানুহ অনেক দেখিছোঁ, ইমান মানুহেৰে সৈতে মিলিজুলি ইমান ফুৰিছোঁ, কিন্তু সঁচাকৈয়ে মোৰ এই মুছলমান বন্ধুজনৰ নিচিনা ভদ্ৰ আৰু ওখ মনৰ মানুহ অতি কমহে মোৰ সৈতে সম্পৰ্কলৈ আহিছে। মানুহে সাধাৰণত ভদ্ৰ বা ভাল মানুহ আখ্যা পায়, তেওঁৰ ভাল স্বভাৱ চৰিত্ৰ আৰু ব্যৱহাৰৰ নিমিত্তে; তেওঁ যদি বুদ্ধি-বৃত্তিতো কম [ ১৮৮ ] হয়। প্ৰায়ে টেঙৰ মানুহ দুষ্ট, আৰু মূৰ্খ বা হোজা মানুহ ভাল হোৱা দেখি সাধাৰণতে মানুহৰ এনে ধাৰণা হয়। কিন্তু ওপৰত যাৰ কথা কৈছোঁ, সেইজন যেনে বিজ্ঞ, সুচতুৰ আৰু সুবুদ্ধিমান, তেনে ভদ্ৰ আৰু পোনপটিৰ। এইখিনিতে নিজৰ কথা একাষাৰ কবৰ মন গৈছে আৰু সেইফেৰা দায়ৰ নিমিত্তে পাঠকসকলৰ ওচৰত ক্ষমা মাগিলোঁ। অসমৰ কথা কব নোৱাৰোঁ, কিন্তু এই সুদৰ বিদেশতো এই বৃত্তান্ত লেখকৰ এটা খ্যাতি বা অখ্যাতি আছে যে তেওঁ ভাল মানুহ। নিশ্চয় তেওঁৰ গঢ়- গতি দেখি-শুনি মানুহে তেওঁক তেনেকুৱা বুলি ভাবিছে। কিন্তু যদিও সেই হিচাপত তেওঁক প্ৰযোগ কৰা ভাল মানুহ কথাষাৰ তেওঁ অস্বীকাৰ কৰি প্ৰতিবাদ কৰিবলৈ ইচ্ছা নকৰে, তথাপি প্ৰখৰ বুদ্ধি বা সুবিবেচনাৰ বিষয়ত তেওঁ যে সেই খিতাপ আৰ্জ্জিছে এনে নহয় বুলি তেওঁৰ ডাঠ বিশ্বাস। তেওঁৰ কথাৰ সমৰ্থক স্বৰূপে এইখিনিতে আকৌ এফেৰি পুৰণি কথাৰ অৱতাৰণা তেওঁ কৰিলে।

 মই বি-এ পৰীক্ষাত উঠাৰ পিছত দুবাৰ গৱৰ্ণমেণ্টৰ পৰা চাকৰিৰ আহ্বান পাওঁ। এবাৰ কমিছনৰ লটমেন জনছনৰ পৰা আৰু দ্বিতীয়বাৰ অসমৰ ছিফ্‌কমিছনৰ ছাৰ হেনৰী কটনৰ পৰা দুইবাৰৰ আহ্বান মই প্ৰত্যাখ্যান কৰিছিলো, কাৰণ মোৰ সৰুৰে পৰা ইচ্ছা যে হয আইন ব্যবসায়ী হম, নাইবা অইন ব্যৱসায়ী হম। মই আইনত বি- এল পৰীক্ষা দিছিলোঁ। কিন্তু মোৰে সৈতে প্ৰাষ ত্ৰিশজনমান পৰীক্ষাৰ্থী ছাতৰক য়ুনিভৰ্ছিটিয়ে অযথাৰ্থভাৱে ফেল কৰি দিযা বাবে, মই মোৰ আৰু লগৰীসকলৰ হৈ কলিকতাৰ হাইকোৰ্টত মোকৰ্দ্দমা কৰিছিলো, সেই মোকৰ্দ্দমাত অকল মষেই যে কিয় বাদী হৈছিলোঁ তাৰো অলপ ইতিহাস আছে। পৰীক্ষাত ফেল হোৱা মোৰ লগৰীযাসকলৰ সৰহ ভাগ কলিকতীযা ডাঙৰ মানুহৰ ল’ৰা। আমি লগলাগি উকিল বেৰিষ্টাৰ, এটৰ্ণিৰে সৈতে পৰাৰ্মশ কৰি যেতিয়া হাইকোৰ্টত মোকৰ্দ্দমা ৰুজু কৰিবলৈ ঠিক কৰিলো তেতিয়া মোৰ লগৰীষা আটাই কেউজন ছাতৰ বাদী হৈ গোচৰত নাম দিযাৰ পৰা পাছ হুহকি পৰিল। গছত তুলি দি গুৰি কাটি দিযাৰ নিচিনা তেওঁলোকৰ ব্যৱহাৰ দেখি মই অবাক হলোঁ। কিন্তু এবাৰ যেতিযা আগবাঢ়ি ওলালোঁ, মই কেতিযাও নেহোহকোঁ বলি দঢ়প্ৰতিজ্ঞা হলোঁ। সেই দেখি সেই মোকৰ্দ্দমাৰ মই অকলশৰীযা বাদী আৰু বাকী ছাতৰবোৰ মোৰ যুদ্ধৰ ফলভোক্তাবিলাষী। হাইকোৰ্টৰ পৰা য়ুনিভিৰ্টিৰ ওপৰত “ৰিট্‌ অব্ মেণ্ডেমাছ” বাহিৰ হ’ল। কিন্তু অন্তত মোকৰ্দ্দমাত মই হাৰিলোঁ। হৰাৰ প্ৰধান কাৰণ, য়ুনিভৰ্ছিটিৰ প্ৰেষ্টিজ্‌ ৰক্ষা। প্ৰেষ্টিজ মানে মান বা ইজ্জৎ। এই বলিশালত ন্যায নামৰ ছাগ বলি সদায় হৈ আহিব লাগিছে। গতিকে মোৰ মোকৰ্দ্দমাৰ ফল লাভত মই আচৰিত নহলোঁ।

 বিশ্ববিদ্যালয় সম্পৰ্ক পৰিত্যাগ কৰি ১৮৯৫ চনত দেখাশুনাকৈ মই ব্যৱসাষ জীৱন অৱলম্বন কৰিলোঁ। ব্যৱসায়ত অভিজ্ঞ লোক এজনেৰে সৈতে লগ লাগিলোঁ। সেই সময়ত অভিজ্ঞ জনৰ ব্যৱসায় কলিকতাত এটি সৰিযহতকৈও সৰু আছিল। আমি দুয়ো লগলাগি তাৰ শ্ৰীবৃদ্ধি সাধনত তৎপৰ হ’লোঁ। যুটীয়া পৰিশ্ৰমৰ ফলত লাহে [ ১৮৯ ] লাহে সি এজোপা ডাঙৰ বৰগছত পৰিণত হ’ল। কোৱা বাহুল্য যে সেই ব্যৱসায়ৰ গুৰি আৰু মাজডোখৰত মোৰ অভিজ্ঞ বন্ধু আৰু মই মাথোন। অৰ্থাৎ —

“ৰামকৃষ্ণ দুটি ভাই বৃন্দাবনে চলি যাষ।
হাতত মোহন বংশী ৰৈয়া ৰৈয়া বায়॥”

 দুইৰো হাতত তেতিযা মোহন বংশী নাছিল যদিও, আছিল ছাতি আৰু লাখুটিহে। তাকে দুষো হাতত লৈ কলিকতাৰ বাটেপথে আলিযে-গলিযে টহলৰাম হৈ ঘূৰি ফুৰিছিলোঁ আৰু চকৰি লগা যানৰ ভিতৰত ট্ৰেমগাড়ীত গা ঘেলাইছিলোঁ। পোন্ধৰ বছৰৰ ওপৰ কাল, মোৰ সেই অভিজ্ঞ বন্ধুৱে সৈতে মই একেটা ব্যৱসায়তে আছিলোঁ। কিন্তু লাহে লাহে ব্যৱসায়ৰ গছজোপা ডাঙৰ হৈ উঠিলত তাত অনেক চৰাই-চিৰ্কতি গোট খাবলৈ ধৰিলে, তালৈ কানকুৰিকা আহিল, শালিকা আহিল, ফেচু আহিল, হেটুলকা আহিল,—আনকি বিদেশী ফেঁচা আৰু কাউৰীৰো দৌৰাত্ম তাত বাঢিবলৈ ধৰিলে। কোঢাল বৰ বেছি হ'ল। মই স্বভাৱতে শান্তিপ্ৰিয় মানুহ সেইদেখি “ৰামকৃষ্ণ দুটি ভাই। ভালে ভালে আঁতৰি যাষ।” ইষাকে থিৰ কৰি আঁতৰি পৰিলোঁ। গোটেইটো ব্যৱসাযৰ টকা-কড়ি, বেঙ্কৰ টকা হিচাপ-পত্ৰ মোৰ হাতত আৰু মোৰ নামত আছিল। সুযোগ্য অভিজ্ঞ ভ্ৰাতাক সেইবোৰ বিনা বাক্যব্যযে প্ৰত্যৰ্পণ কৰি আঁতৰি পৰিলোঁ। মনত আছে সেই সময়ত আমাৰ যুটীয়া ব্যৱসায়ৰ মূল্য স্থাবৰ-অস্থাবৰ, নগদ টকা ইত্যাদিৰে প্ৰায বাৰ লাখ টকাৰ ওপৰ।

 সম্বলপুৰত এঘৰ ওখ শাৰীৰ বঙালী ভদ্ৰলোক আছিল। তেওঁলোকেৰে সৈতে আমাৰ প্ৰায় ত্ৰিশ বছৰৰ ওপৰকলীয়া বন্ধুতা আৰু ঘনিষ্ঠতা। মই হাওৰাত থাকোঁতে তেওঁলোেক বছেৰেকত তিনি চাৰিবাৰকৈ আমাৰ ঘৰত থাকিছিলগৈ। আমিও মাজে মাজে সম্বলপুৰলৈ ফুৰিবলৈ আহি তেওঁলোকৰ ঘৰৰ আলহী থাকিছিলো। বঙালী ভদ্ৰলোকজনৰ গৃহিনীজনা সুশিক্ষিতা আৰু প্ৰখৰ বুদ্ধিমতী আছিল। (দুখৰ বিষয তেওঁ আজি ইহলোকত নাই)। মই বাৰ্ডকোম্পানীৰ চাকৰি লৈ সম্বলপুৰলৈ আহি পোনতে চাৰি-পাঁচ দিন তেওঁলোকৰ ঘৰত আছিলোঁহি। মহিলাজনাই মোক প্ৰথম সম্ভাষণতে কলে—“দেখুন মিষ্টাৰ বেজবৰুৱা। আপনাৰ মাথায় গোবৰ পোৰা। আমৰা ভাল কৰে জানি, আপনি সেই ব্যৱসাযে পাৰ্টনাৰ ছিলেন। সমস্ত টাকা-কড়ি আপনাৰ হাতে ছিল। আপনি যে লোটা-কম্বল আৰ চিম্টা‌ নিয়ে এই ৰকম কৰে বেডিয়ে এলেন, তাৰ মানে কি? অন্ততঃ হাতে দুলাখ টাকা নিয়েওতো আসতে পাৰতেন? আপনি পাৰ্টনাৰ ছিলেন যখন, কে আপনাকে কি কৰতে পাৰত? বৰং আদালতে এই ব্যাপাৰ গেলে, আপনি অৰ্দ্ধেক ব্যৱসাযেৰ অধিকাৰী হতেন।”

 মই ভদ্ৰমহিলাক মোৰ নমস্কাৰ জনাই ক’লো—“আপনি কোৱা কথা সঁচা। মোৰ মূৰটো নিশ্চয় গোবৰেৰে ভৰা। নহ’লে মোৰ মনলৈ সদায় এই কথা আহিব কিয় যে মোক ধন নালাগে লাগে শান্তি? আৰু কিয় ত্যাগ মোৰ হেপাহৰ বস্তু হব? আৰু পূৰৈশাকৰ চৰ্চৰীষা খুদ খুদ মিছা মাছ, আৰু এচিকটা লোণ আৰ্জ্জি দিনৌ পেট [ ১৯০ ] প্ৰৱৰ্ত্তাই থাকিব পাৰিলেই মোৰ হ’ল বুলি কিয় মোৰ মনলৈ ভাব আহিব? আৰু আটাইতকৈ মজাৰ কথা যে মই তেনে নকৰিলোঁ কিয় বুলি মোৰ মনত অনুতাপো নহব কিয়?”

 মোৰ চিকাৰৰ সঙ্গী মুছলমান বন্ধুজন অৱশ্যে মোৰ শৰীৰৰ ভাল মানুহ নহয়। তেওঁৰ মূৰত নিশ্চয় গোবৰ নাই, আছে সুবুদ্ধি আৰু বিষয-বুদ্ধি।

(৬)

 মই চিকাৰী কিন্তু প্ৰজাঘৰীযাহে আজিলৈকে ৰজাঘৰীযা হব নোৱাৰিলো। ৰজাই সকলো বেজৰ হাতে দৰব নাখায। ৰজালৈ সুকীয়ালৈ ৰাজবৈদ্য বা বেজবৰুৱা আছে। অকল তেওঁৰ হাতে বডী খাই ৰজা জীযে বা মৰে, আৰু সেই বাবে ৰজাই সেইজনক খিতাপ দি বেজবৰুৱা পাতে। বনৰ ৰজা আৰু দেশৰ ৰজাৰ গঢ়-গতি অনেক পাৰ্থক্য থাকিলেও গোটাচেৰেক ঘাই কথাত মিল আছে। সেইবোৰ ফঁহিযাই দেখুৱাবলৈ নগৈ ইষাকে মাথোন কওঁ যে আজিলৈকে বনৰজাই এই চিকাৰীৰহাতে বডী অৰ্থাৎ গুলী খোৱা নাই , গতিকে তেওঁ ৰজাঘৰীযা বেজবৰুৱাও হ’ব পৰা নাই,— যদিও সেই বিষযত তেওঁৰ পুৰুষাৰ্থৰ ক্ৰুটী নাই। কত দিন, কত ৰাতি তেওঁ গছৰ ওখ ডালত বন্ধা চাঙত হাতত বন্দুক লৈ সজাগ হৈ আৰু উজাগৰে থাকি খাপ দি বহি আছে, বনৰ ৰজাক ৰাজ-প্ৰাণ সংহাৰিণী বটিকা এপালি সেৱণ কৰাবলৈ, কিন্তু ৰজাক একোপধ্যে তেওঁ ৰাজি কৰাব পৰা নাই। যিদিনা পাৰিব সেই দিনাই তেওঁ তেওঁৰ দুৱাৰমুখত ডাঙৰ ডাঙৰ আখৰেৰে জাননী দিব , ৰাজবৈদ্য অমুক তমুক।

By Appointment to

His Exalted Highness

The King of the Chamunda Forest,

 অৰ্থাৎ চামুণ্ডা হাবিৰ বনৰজাই পতা অমুক বেজবৰুৱা। যিহওক ব্যৰ্থপ্ৰযাস- বোৰৰ কথা বহলাই নকৈ চমুকৈ তাৰে দুটা চাইটাৰ কথা আজি কম।

 পৰমাণপুৰ বোলা এডোখৰ হাবি এখনত বাঘ চিকাৰ কৰিবলৈ লগৰীযা জনচেৰেকেৰে সৈতে ওলালোঁ। আমি একোখন সুকীযা চাঙত বহিলোঁহক। চিকাৰ আৰম্ভ হল। সিফালৰ পৰা দেখা কৰা মানুহবোৰে লাহে লাহে বাঘ খেদি আনিবলৈ ধৰিলে। মই মোৰ চাঙৰ পৰা দেখিলোঁ, নেজ খৰা বাঘ এটা লৰি আহিছে। কিন্তু সি ইমান আঁতৰেদি আহিব লাগিছে যে মোৰ বন্দুকৰ গুলীযে তাক ঢুকি নাপায। ক্ষন্তেকৰ পিছতে ফালৰি কাটিলৈ নেদেখা হ’ল। মহাপ্ৰতাপশালী বনৰজা এনেভাৱে আবিৰ্ভাৱ আৰু তিৰোভাৱত এই চিকাৰীৰ লাভলোকচান একো নহ’ল। মাথোন তেওঁ ব্যৰ্থমনোৰথ হৈ বাৰচেৰেক দাঁত কামুৰিলে।

 খেদাৰ অন্তত আমি আটাই কেউজন চিকাৰীয়ে নিজ নিজ উচ্ছিত মঞ্চৰ পৰা অৱতৰণ কৰি লগ লাগি উভতি আহিবলৈ খোজ লৈছোঁ এনেতে মানুহ এটাই লৰি [ ১৯১ ] আহি কলে যে সি নলা এটাত বাঘ এটা শুই থকা দেখিছে। কথাটো শুনিয়েই খেদা কৰোঁতাবোৰৰ ভিতৰৰ টেঙৰ কেইটাই লৰি গছত উঠিল। গোটাচেৰেক বিম্বাশবদে ওখ পৰ্ব্বতৰ টিং পালেগৈ, চিকাৰী কেইজনৰ ভিতৰৰ কোনো কোনো নিজৰ পুৰণি চাঙত পুনৰ উপবিষ্ট হ’ল। মই আৰু আন এজনে সেই মহাজনসকলৰ বাটে নগৈ, হাতত ৰাইফল লৈ আমাক খবৰ দিযা মানুহটোক লগত লৈ এখোজ খোজ কৈ অতি সাৱধানে বাঘ থকা নলাৰ ফালে যাবলৈ ধৰিলোঁ। মোৰ লগৰীয়া বন্ধুজন মোৰ আগত, মই পাছত। সেই ঠাইত উপস্থিত হৈযেই বন্ধুজনে হাবি-বনেৰে ঢাক খাই থকা নলাৰ ভিতৰলৈ জুমি চাই দেখিলে যে হয, বাঘ এটা তাতে শুই আছে। তেওঁ মোক সাৱধান হৈ বন্দুক সাজু, কৰি তেওঁৰ লগে লগে আগবাঢ়িবলৈ কৈ জন্তুটোৰ গাত ওপৰাউপৰিকৈ দুটা গুলী মাৰিলে। বাঘ নাম পোবা জন্তুটোৱে গুলী খাই ৰাম- বিষ্ণু, একোকে নুবুলি ঘোৰ আমাৰ লগৰীযা মানুহটোৱে লাহে লাহে ভালকৈ জুমি জুমি সেই জন্তুটোৰ ফালে চাই থিৰাং কৰিলে, যে আৰু কোনো ভষ নাই, বন ৰজা মৰি কাঠ হ’ল। খেদা কৰা মানুহ গোটাচেৰেক আমাৰ ওচৰলৈ আগবাঢি আহিল। সিহঁতৰ ভিতৰৰ সাহিযাল দুটাই আগবাঢ়ি গৈ বনবজাৰ মৃত দেহ টানি বাহিৰলৈ উলিয়াই আনিলত দেখা গল যে এইটো বাঘ নহয, বোন্দাও নহয়, বাঘব খৰিভাৰী হাযেনাহে। তেতিযা আমাৰ ভিতৰত হাঁহিৰ ৰোল উঠিল। হাযেনাক আমাৰ অসমত কি বোলে পাহৰিলোঁ। বঙলা ভাষা হেঁডেল। বাস্তৱিকতে হাযেনাক দূৰৰ পৰা ঢেকীযাপতীযা বাঘটো যেন দেখি। বাঘৰ গাত ঢেকীযাৰ নিচিনা কাপ কাপ যেনেকৈ থাকে, হাযেনাৰ গাতো প্ৰায তেনেকুৱাই। যি হক সেই দিনাৰ বাঘ-চিকাৰ সেই ভেকোভাওনাতে ওৰ পৰিল।

 এদিন দুপৰীযা খাইবৈ উঠি মই মোৰ লডলডি নামৰ জংঘলৰ বঙলাতে বহি আছোঁ, এনেতে এছিষ্টেন্ট কৰ্নজৰ্ভেটৰ অৱ ফৰেষ্ট তেওঁৰ থকা ঠাই চামুণ্ডাৰ পৰা ঘপহ্‌ কৰি তাতে ওলালহি। চামুণ্ডা লডলডিৰ পৰা পাঁচ মাইল দূৰত্ব। তেওঁক দেখি মই আচৰিত হৈ অভিবাদন কৰি, তেওঁৰ মুখলৈ চালত তেওঁ কলে, আপোনাক মই এতিযাই লৈ যাবলৈ আহিছোঁ, বলক। চামুগুৰি ফৰেষ্ট বঙলাৰ পৰা প্ৰায আধামাইল দূৰত গ’ল ৰাতি বাঘে এটা গৰু মাৰি থৈছে। আজি সন্ধ্যাবেলিকা বাঘটো নিশ্চয় সেই গৰুটো খাবলৈ আকৌ আহিব। মই তাৰ ওচৰৰে গছ এজোপাত চাং এখন বান্ধিবলৈ মোৰ মানুহক লগাই দি আহিছোঁ। আমি দুযো তাতে বহি আজি নিশ্চয় বাঘটো মাৰিমহঁক। খবৰটো-শুনি বৰ উৎসাহেৰে মই তেওঁৰ লগত তেতিযাই চামুণ্ডালৈ আহি আবেলি চাৰিমান বজাত তেওঁৰ সৈতে সেই চাঙত উঠি বন্দুক হাতত লৈ বহিলোঁ। তেতিযাৰ পৰা নিসাৰসাৰে বহি আছোঁ, ৰাতি ন মান বাজিলগৈ কিন্তু বাঘ ভাযাই অনুগ্ৰহ কৰি দেখা নিদিলে। আমি বুজিব পাৰিছিলো যে বাঘটো ওচৰতে কৰবাত লুকাই আছে। কিন্তু কেনেবাকৈ সি আমি সেই চাঙত বহি থকাটো গম পাই ওলোৱা নাই। বাঘটো বাট চাই আমনি লাগি ৰাতি ন মান বজাত আমি চাঙৰ ওপৰৰ পৰা নামি ঘৰলৈ উভতিবলৈ মন কৰিলোঁ। [ ১৯২ ] চাঙৰ পৰা নামিবলৈ জখলা নাছিল। উঠোঁতেও আমি গা-গছডাল বগাইহে উঠিছিলো। নামোতেও তাকে কৰিবলগীয়াত পৰিলোঁ। প্ৰথমতে প্ৰয়াস কৰি নামি আহোঁতে আদখিনিমান বাটৰ পৰা পিছলি তলত পৰিলোঁহি। মোক পৰা দেখি এছিষ্টেণ্ট কন্‌জৰ্ভেটৰ উস্‌ উৰ্স আস্‌ আস্‌ কৰিবলৈ ধৰিলে, আৰু ততালিকে নামি আহি মোক সুধিলে, মই কৰবাত দুখ পাইছোঁ নে বুলি। মই যদিও কঁকালত অলপ দুখ পাইছিলোঁ তথাপি নাই পোৱা বুলি কলোঁ। কিন্তু মোৰ কঁকালৰ বিষৰ জইন এমাহমানলৈকে মৰা নাছিল।

 চামুণ্ডাৰ বঙলালৈ আহি আমি দুযো পৰামৰ্শ কৰি থিৰ কৰিলোঁ যে কাইলৈ সেই ডোখৰ হাবি আনেক দূৰৰ পবা খেদা কৰামহঁক। খেদা কৰালে নিশ্চয় বাঘটোক পাম। কাৰণ সি শেহ ৰাতি গৰুটো খাই তাৰ পৰা ওলাই নগৈ সেই হাবিৰে এঠাইত শুই থাকিব।

 পিছ দিনা খেদা কৰা গ’ল। চাৰিকুৰিমান মানুহে হাবিডোখৰৰ তিনিফালে বেঢ়ি বাঘটোক আমাৰ ফালে খেদি আনিলে। আমি দুযো আঁতৰে আঁতৰে দুখন সুকীযা চাঙত। এটা সুৰুকীয়া নলাইদি বাঘটো মোৰ ফালে অহা দেখিলোঁ। প্ৰকাণ্ড বাঘ দূৰতে তাক দেখি মোৰ উদ্বেগ বাঢিল। সি মোৰ ফালে ওপৰ চাপি আহিবলৈ মই বাট নাচাই খপজপাই দিলোঁ গুলী মাৰি। গুলী বাঘৰ গাত নালাগি গল কেনিবা উৰি। বাঘে তাৰ নেগুৰডাল থিযকৈ ফালৰি কাটি এছিষ্টেণ্ট কন্‌জৰ্ভেটৰৰ ফালে লৰ দিলে। তেৱেঁ মাৰিলে এগুলী। সেই গুলীও বাঘৰ গাত নালাগিল; আৰু সেইখিনিতে সেই বাঘ চিকাৰৰ আধ্যা পৰিল।

 আমাৰ চিকাৰৰ কৃতিত্বৰ বিষষে সেই খেদাকৰোঁতা মানুহে কণা-কণি কৰাৰ কথা পিছত আমি যি শুনিবলৈ পালোঁ সেই মন্তব্য আমাৰ পক্ষে ঘাইকৈ মোৰ পক্ষে গৌৰৱ- জনক নহয দেখি, তাৰ উল্লেখ নকৰি ভদ্ৰলোকটি হৈ বহি থকাই শ্ৰেযঃকৰ ভাবি মৌনাৱলম্ব কৰিলোঁ।

 বাঘচিকাৰ কৰিবলৈ যাওঁতে কত বাৰ যে মোৰ এনে বিধৰ কৃতিত্ব প্ৰকাশ হৈছে, তাৰ বৰ্ণনা দি প্ৰবন্ধ বঢ়োৱাটো অনাৱশ্যক, মাথোন আৰু এটা বা দুটাৰ বিষয় যৎ- কিঞ্চিত উল্লেখ কৰিম।

 দুৰ্গাপালি গৱৰ্ণমেণ্টৰ ৰিজাৰ্ভ ফৰেষ্ট। সম্বলপুৰৰ পৰা ছমাইল দূৰত। তাত এটা পৰ্ব্বতৰ ওপৰত চিকাৰৰ বন্দবস্ত কৰি চিকাৰ কৰিবলৈ গলোঁ৷ সম্বলপুৰৰ ডিপুটী কমিছনৰ, ডিভিজনেল ফৰেষ্ট অফিচাৰ, এছিষ্টেণ্ট কনজৰ্ভেটৰ অৱ ফৰেষ্ট আৰু মই। এই কেইজনেৰে চিকাৰৰ দল গঠিত। তিনিখন চাং বন্ধা হৈছিল। এখনত ডিপুটী কমিছনাৰ, এখনত ডিভিজনেল ফৰেষ্ট অফিচাৰ আৰু এখনত মই। মোৰ লগত এছিষ্টেণ্ট কনজৰ্ভেটৰ অব্‌ ফৰেষ্ট বহিছিল। খেদা আৰম্ভ হোৱাৰ অলপপৰ পিছতে মোৰ চাঙৰ পৰা ৫০ হাত মান দূৰত এটা ডাঙৰ ঢেকীয়া পটীয়া বাঘৰ মূৰটো আমি দেখিলোঁ। বাঘটো হাবিৰ পৰা তাৰ মুৰটো উলিযায়েই, গাৰিডোখৰ ওখ ঘাঁহেৰে [ ১৯৩ ] আবৃত ৰাখি থমকি ৰল। মই তাৰ মূৰলৈ গুলী মাৰিবলৈ বন্দুকটো যেই টোৱইেছোঁ, মোৰ লগত বহি থকা এছিষ্টেণ্ট কনজৰ্ভেটৰ-অৱ্‌ ফৰেষ্টে হঠাৎ মোৰ হাতত থাপ মাৰি ধৰিলে। মই আচৰিত হৈ কাৰণ সুধিলত তেওঁ কলে, “অলপ পিছত”। বাঘটো আৰু অলপ আগবাঢিল আৰু মূৰটোৰে সৈতে তাৰ গলধনটো দেখা হল। মই গুলী মাৰিবলৈ আকৌ উদ্যম কৰাত তেওঁ আকৌ থাপ মাৰি মোৰ হাতত ধৰিলে। তেওঁৰ এনে অদ্ভুত ব্যৱহাৰত মই বিৰক্ত হৈ মোৰ হাতটো এৰি দিবলৈ কত বাৰ তেওঁক কলোঁ, কিন্তু একোতে তেওঁ হাতৰ খামোচ নেৰিলে। বাঘৰ কি গৰজ যে সি আমাৰ সেই বটা আজোৰৰ খকাখুন্দাখন শুনি আমালৈ ডিঙিটো পাতি বহি থাকিব। সি প্ৰকাণ্ড জাপ মাৰি পলাই গুচি গ’ল। এনে সুবিধাৰ অৱস্থাত মই বাঘটো মাৰিবলৈ নাপালোঁ দেখি মোৰ মনত বৰ বেযা লাগিল। সেই ভদ্ৰলোক- জনৰ তেনেকুৱা ব্যৱহাৰৰ মানে আন একো নহয মাথোন ভয় যদিও সেই কথা সৈ নাকাঢি লোকৰ আগত বাজে কাৰণ দেখুৱাইছিল। এই বাঘচিকাৰৰ এই ওনা এই দৰেই দেলে।

 মোৰ বাঘচিকাৰৰ ব্যৰ্থ প্ৰয়াসৰ বিষযে ঘটা অনেক ঘটনাৰ ওপৰেদি জপিয়াই গৈ আজি ছমাহৰ আগেযে ঘটা ঘটনা এটা মাথোন এইখিনিতে উল্লেখ কৰি আজিৰ প্ৰবন্ধৰ সামৰণি মাৰিম।

 মোৰ সহধৰ্ম্মিনী, বৰজোঁৱাই, বৰজী আৰু মই সম্বলপুৰৰ ডিপুটী কমিছনাৰৰ নিমন্ত্ৰিত অতিথি হৈ চামুগুৰি হাবিত চিকাৰ কৰিবলৈ গলোঁ। চামুণ্ডাত যদিও এটা ডাঙৰ ফৰেষ্ট বঙলা আছে তথাপি তিনি চাৰিটা সুন্দৰ তামিঘৰা তৰা হৈছিল। চিকাৰৰ এই দলটোত আছিল—সম্বলপুৰৰ ডিপুটী কমিছনাৰ, তেওঁৰ সহধৰ্ম্মিনী, তেওঁলোকৰ ল’ৰা-ছোৱালী, তিনিটি মোৰ বৰজোঁৱাই বৰজী, মোৰ সহধৰ্ম্মিনী মই, মোৰ সৰু সৰু নাতি-নাতিনী দুটা আৰু পুলিচৰ ছোট চাহাব। আমি তাত চাৰি দিন আছিলোঁহক। খোৱাবোৱা আৰু নানা আমোদ আহলাদৰ আড়ম্বৰ খুব হৈছিল। প্ৰত্যেক দিন আমি দুবাৰকৈ বাঘ, বৰা, ভালুক, পহু ইত্যাদি মাৰিবলৈ গৈছিলোঁ। আমি তালৈ যাবৰ আগদিনা বাঘ থকা ঠাইত এটা “কিল” (Kill ) অৰ্থাৎ জন্তুৰ টোপ বান্ধি থোৱা হৈছিল। সেই জন্তুটোক বাঘে মাৰিছিল। আমি যোৱা দিনা আকৌ এটা “কিল” বন্ধা হ’ল আৰু আমি গাইপতি একোখন সুকীযা চাঙত সন্ধ্যা লগাৰ পৰা বহি ৰাতি ন মান বজালৈকে বাঘলৈ খাপ দি আছিলোঁ, কিন্তু বাঘ নোলাল। ন বজাৰ পিছত আমি চাঙৰ পৰা নামি থকা ঠাইলৈ উভতি আহিলোঁ, কিন্তু “কিলটো” তাতে বান্ধি থৈ। পিছ দিনা পুৱা খবৰ পোৱা গ'ল যে আমি গুচি অহাৰ পিছত সেই দিনা আমি চিকাৰী কেইজনে আবেলি চাৰিমান বজাতে আমাৰ নিৰ্দ্দিষ্ট নিজ নিজ চাঙত বহি বাঘলৈ বাট চাই ৰলোহক। দিনৰ চাৰি বজাৰ পৰা ওৰে ৰাতি আৰু তাৰ পিছ দিনা পুৱা ছয়বজালৈকে আমি আমাৰ চাঙৰ ওপৰতে আছিলোঁহঁক। বাঘে কিন্তু আমাক দেখা নিদিলে। আমিও এৰিবৰ পাত্ৰ নহওঁ। [ ১৯৪ ] আকৌ পিছ দিনা সন্ধ্যাৰ সময়ত আমি চাঙত উঠিলোঁগৈ। কিন্তু হঠাৎ এটা দুৰ্ঘটনা ঘটি সেই দিনাৰ সকলো প্ৰয়াস পণ্ড কৰি দিলে। আৰু সেই দুৰ্ঘটনাৰ কাৰণ মই। মই চাঙৰ উঠোঁতে গধূলি পাৰ হৈ যোৱা এন্ধাৰ। এন্ধাৰেমুধাৰে মই মোৰ ৰাইফলৰ মেগেজিনত চাৰিটা গুলী ভৰাই এটা বেৰেল অৰ্থাৎ নলীৰ ভিতৰত খাজিলোঁ। কিন্তু হঠাৎ গম পালোঁ যে গুলীবোৰ “জাম” হৈ গ’ল অৰ্থাৎ অলপো লৰচৰ নকৰা হ’ল আৰু ৰাইফেলটো বন্ধ নোহোৱা হ’ল। হাতেৰে খপিযাই ‘জাম’ গুচাবলৈ মই চেষ্টা কৰোতেঁইে হঠাৎ তাৰ পৰা এটা গুলীৰ আৱাজ হ’ল। মই ব্যতিব্যস্ত হৈ সেই ভুল শুধৰাবলৈ যাওঁতেই আকৌ এটা গলীৰ আৱাজ হ’ল। ভাগ্যে সেই গুলি দুটা যোৱা বাটেদি কোনো নাছিল, নতুবা ভয়ানক কাণ্ড হ’লহেঁতেন। গুলীৰ দুবাৰ আৱাজত গোটেই হাবি তল-ওপৰ লাগি পৰিল। ওচৰত বাঘ আছিল যদি (সম্ভৱতঃ আছিল) সি ঢাপলি মেলি দূৰ দূৰণি পালেগৈ। ইয়াৰ পিছত আৰু তাত চিকাৰৰ আশাত বহি থকাটো মিছা জানি আমি উভতি থকা ঠাইলৈ আহিলোঁহক। মোৰ দ্বাৰাই সেই বিপয্যয ঘটি সেই দিনাৰ চিকাৰ পণ্ড হৈ সকলোকে নিৰাশা কৰাত মই যে মনত কিমান লাজ আৰু দুখ পাইছিলো তাক কৈ এটাব নোৱাৰো। মোৰ মনত ইমান ধিক্কাৰ লাগিছিল যে “আজিৰ পৰা মোৰ ৰাইফলত হাত নিদিওঁ’’ বুলি মই সঙ্কল্প কৰিছিলো। অৱশ্যে সেই সঙ্কল্প আজিলৈকে লৰচৰ হোৱা নাই , পিছত কি হয় ক’ব নোৱাৰোঁ আৰু দুটা ক্ষুদ্ৰ ঘটনাৰ কথা ইযাৰ লগতে কৈ মোৰ মৃগয়াৰ ইতিহাসৰ ওৰ পেলাম।

 বহু দিনৰ আগৰ কথা। মই টঙাৰে মোৰ হাবিৰ পৰা উভতি সম্বলপুৰৰ ঘৰলৈ আহিব লাগিছোঁ। লগতে মোৰ সহধৰ্ম্মিনীও আছিল। এটা শুকান নলা পাৰ হৈ আহিছোঁ, এনেতে সেই নলাৰ ভিতৰতে অলপ দূৰত এদোঙা পানীত কিবা ডাঙৰ ক’লা জন্তু এটা মেৰ বান্ধি ওপঙি থকা যেন দেখিলোঁ। টঙাৰ গৰু খেদোৱা মানুহটোক টঙা ৰাখিবলৈ কৈ, সেইটো কি দূৰৰ পৰা চাই আহিবলৈ পঠিয়ালে। সি খুপি খুপি হাতত সাৰে ভৰিত সাৰে গৈ চাই উভতি আহি ক’লে যে সেইটো প্ৰকাণ্ড অজগৰ সাপ আধাৰি পকাই পানীত পৰি আছে। মই লৰালৰিকৈ মোৰ বন্দুকত গুলী সাজি লৈ লাহে লাহে গৰাইদি গৈ দিলোঁ গুলি। মোৰ গুলিটো তাৰ গাত পৰি ধুপচকৰে উঠিল। আৰু এগুলী মাৰিলোঁ। সেই গুলীটো পৰিও তেনেকুৱা শব্দ হল অথচ জন্তুটোৱে অলপো কেৰমেৰ কৰা নাই। মোৰ সন্দেহ হৈ ওচৰলৈ গৈ জুপি চাই দেখিলো যে সেইটো এটা মৰা শিয়ালৰ শৱ উখহি তেনেকৈ পৰি আছে। তেতিয়া আমাৰ যে হাঁহি উঠিল, কি কম!

 আৰু এটা ঘটনাৰ কথা কওঁ। আজি এবছৰমান হৈছে। মই মোৰ সহধৰ্ম্মিনী, মোৰ মাজুজোৱাই মাজুজীৰে সৈতে মোৰ জঙ্গলৰপৰা সম্বলপুৰৰ ফালে উভতি আহিছোঁ। আবেলি চাৰিমান বাজিছে। বাটৰ কাষৰ হাবিৰ ভিতৰৰ এখন বিলত কিছুমান হাঁহ পৰি থকা দেখি মোৰ মাজুজোঁৱায়ে হাতত বন্দুক লৈ হাঁহ মাৰিবলৈ নামিল। [ ১৯৫ ] ময়ো লগে লগে নামিলো। আমাৰ লগত যোৱা চাপৰাচীটো আমাৰ অলপ আগে আগে গৈছিল। সি হঠাৎ থমকি ৰৈ লাহে লাহে আমাৰ ফালে উভতি আহি আমাক ক'লে, “হুজুৰ! “বৰা বৰা।” আমি দয়ো কুজা হৈ আগবাঢ়ি গৈ জুপি জপি চাই দেখিলোঁ যে হয়—অনেক বৰা-গাহৰি। দুযো বন্দুকৰ ঘোঁৰা তুলি দুটালৈ গুলী মাৰিব খুজিছো এনেতে আন এটা চাপৰাচী লৰি আহি আমাক ক’লে “হুজুৰ! নামাৰিব, নামাৰিব। সেই জাক ঘৰচীয়া গাহৰি।” আমি হঠাৎ ক্ষান্ত দি উঠি চাওঁ হয ঘৰচীয়া গাহৰিহে। তাৰ পিছতে দূৰত তাৰ ৰখীয়া এটাকো দেখিলোঁ। এক নিমিষৰ নিমিত্তে আমি সেই ভুলৰ হাত সাৰিলোঁ। নতুবা তাৰ গৰাকীক দুটা গাহৰিৰ বেচ ক্ষতিপূৰণেৰে সৈতে দিব লাগিলহোঁতেন। অৱশ্যে সেই নিৰ্জ্জন হাবিৰ ভিতৰত যে কোনোবাই এজাক গাহৰি লৈ চৰাব, সেইটো সহজে মনত নেখেলায়। *


  • ‘আৱাহন’ৰ ২য় বছৰৰ (১৮৫২-৫৩শক) পাঁচ সংখ্যাত প্ৰকাশ হোৱা প্ৰৱন্ধ। (অ-২) [ ১৯৬ ]

মোৰ মাতৃমুখ দৰ্শন
প্ৰথম আধ্যা

 ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দৰ্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলোঁ। কাৰ্যটো নিশ্চয় আপচু। কিন্তু কিয় যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিযৎ মই দিব নোৱাৰোঁ। মহাপুৰুষৰ কীৰ্ত্তনঘোষাত আছে,—

“নকৰিলো শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাপোট মোৰ ভৈল মহাভাৰ।।”

 ইত্যাদি পদবোৰো মোৰ বিষযে খটাই চলাই দিব পাৰি , মাথোন মাধৱৰ ঠাইত মাতৃ শব্দটো বহুৱাই দিলেই হব। সিদিনা শিৱসাগৰত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষযে কাৰণ এটা দিছিল,—মই হেনো গপ বা ওফোন্দ পাতিহে এনে কৰি আছিলোঁ। মই অৱশ্যে তেওঁক তেতিয়াই কৈ দিবলৈ নহ’ল, যে “ৰামশ্চন্দ্ৰ। সেইবোৰ একো নহয় দেওহে। গপো নহয় ওফোন্দো নহয়। হয় যদি ই এটা শাওপাতহে।” শাওপাতত পৰিলে মানুহে পানীত এডিঙিলৈকে নামিও পিয়াহত শুকাই মৰে। মহাত্মা কবীৰে কৈছিল,—

পানীমে মীন পিষাসী।
মোক শুনত শুনত লাগে হাসি।।”

 শাওপাত-সন্নিপাতে পোৱা দুটা প্ৰাণীযে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হবলৈ নাপাই, ওৰেৰাতি চিঞৰি কান্দি মৰে। এনেকুৱা শাওপাততে পৰিযেই একঠা মাটিৰ নিমিত্তে দুই ভাযে কিলাকিলি মৰামৰি গোচৰ ফৰিযাদ কৰি সৰ্ব্বস্বান্ত হৈ মৰে, তথাপি আপোচে মিতমাত কৰি মিলিজুলি পৈতৃক সম্পত্তি খাইমেলি থাকিব নোৱাৰে। এনে শাওপাতৰ নিমিত্তেই দু্ৰ্য্যোধনে পাঁচ পাণ্ডৱক পাঁচখন গাঁও দিযক ছাৰি বেজীৰ আগটোৱে ঢাকিব পৰা মাটিকণ পৰ্য্যন্ত নিদিওঁ বুলি যুঁজ কৰি মৰিল। শাওপাত বা খোদাৰ গজপত পৰি দুই ভাই হিন্দু, মুছলমানে ফুটুকাৰ ফেন সোপা বা নকটা খেৰৰ নশ-মুঠিৰ ভাগ বিচাৰি, মিছাতে দন্দহাই কটাকটি কৰি মৰি লোকৰ হাঁহিযাতৰ পাত্ৰ হব লাগিছে, তথাপি তেওঁলোকৰ গালৈ চেতনা অহা নাই। মথুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান ছমাইল কি দহ মাইল। বিধিৰ এনে বিধানতে পৰিযেই বৃন্দাবনচন্দ্ৰই এইফেৰাকে ডেই মথুৰাৰ পৰা গৈ বৃন্দাবনত মাক-বাপেক আৰু গোপীসকলক দেখা দিব পৰা নাছিল। সাঁতোৰা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাঠু পানীত পৰি বুৰি মৰে। বিধিলিপি অগ্ৰাহ্য কৰিব নোৱাৰিযে অমুক লক্ষ্যপতিযে ধনখৰচৰ ভযত লঘোনে থাকি আঠু্মুৰীয়া চুৰিয়া পিন্ধি জীৱন কটায়। এনে শাওপাতৰ পাকত [ ১৯৭ ] পৰিয়েই অমুক মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিবৰ ভযত, ধন আৰু নোটেৰে খুন্দা খাই থকা লোৰ পেৰাৰ সঁচাৰকাঠীটো নিজৰ গাৰুৰ তলত থৈ ডাক্তৰক নামাতি লেকেটীযা নৰিয়াত ভুগি মৰি যায আৰু এনে গঢ়ৰ শাওপাতত পৰিয়েই ছশ ৰূপ দৰ্ম্মহা পোৱা অমুক ছবজজে খৰচৰ ভযত জাৰকালি মাথোন ফটা কঁথা এখন গাত মেৰিয়াই লৈয়েই চালপীৰাত বহি জজমেন্ট লেখি জীৱন কটায়। সেইদেখি মুঠতে কওঁ যে মোৰ এই কাৰ্য গপ, অহঙ্কাৰ, অভিমান বা ওফোন্দৰ শাৰীৰ নহয। ই বিধিৰ বিতং বিধানং অদষ্টৰ ফল , বলৱন্ত নিয়তিৰ নিযমিত। ৰা্ৱণে কৰিবলৈ পাঙি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে, লোণ সাগৰখন সিঁচি পেলাই, লঙ্কাৰ চাৰিউফালে গাখীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে, ঠিক এনেকুৱা দৈব্যৰ বলতেই।  কোনো মানুহক সবাহলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰাই লৈ যোৱা, এই দুটাৰ ভিতৰত প্ৰভেদ বিস্তৰ। নিমন্ত্ৰণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আৰু সবাহত তেওঁৰ অপাৰ আনন্দ লাভৰ সম্পূৰ্ণ আগন্তুক থাকিলেও, অনেক সময়ত এলাহ, ভাগৰ, থেৰোগেৰো ইত্যাদি এশ এটা মনে গঢ়া আহুকাল তাৰ ভিতৰত সোমাই সেইবোৰে জুমুৰি দি ধৰি গোটেইখন খেলিমেলি লগাই তাত ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধৰি লৈ যাবলৈ অহা টেকেলাৰ লাখুটিৰ আগত সেই মকৰাজালবোৰ আৰু থাকিব নোৱাৰে। যাম, যোৱাটো উচিত, গলে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও ধুনপেচ মৰা গাভৰুৰ দলৰ দৰে তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভয প্ৰভৃতি নিগনি, শলিয়া, বিছা, চেলা, পইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবিৰ্ভাৱ হ’লে, সেই দলটি সম্ভৱতঃ ছেদেলি-ভেদেলি হব। “আহিবই লাগিব, এৰণ নাই” এইষাৰ “আহক, অহা উচিততকৈ” নিশ্চয় বলী। মাতৃভূমিযে এই চিৰপ্ৰৱসুৱাক সদায মাতি আছিল, কিন্তু সেই মতা ৰাজহুৱা ডাক। এই ডাক যদিও বিৰাট তথাপি সি নিৰ্দ্দিষ্ট আকৃতি গ্ৰহণ কৰি মোৰ আগত দেখা দিয়া নাছিল দেখি তাৰ শক্তি মোৰ পক্ষে বিক্ষিপ্ত আৰু দুৰ্ব্বল হৈ আছিল। বিষ্ণু সৰ্ব্বব্যাপী সৰ্ব্বস্থিত ব্যাপ্ত অৱস্থাত এই বিভূৰ শক্তি যদিও বিৰাট মহান, তথাপি সৰ্ব্বসাধাৰণ বিষয়ী সংসাৰীৰ পক্ষে সি ক্ষীণ। কিন্তু যেতিয়া তেওঁ ভক্তৰ আহ্বানত নিৰ্দ্দিষ্ট মু্ৰ্ত্তি পৰিগ্ৰহ কৰি বাহিৰ হ্ষ, তেতিয়া সি ঘোৰ নৰসিংহৰূপী; হিৰণ্যকশিপুৰ কালান্তক আৰু প্ৰ্হ্লাদৰ প্ৰশান্ত পুৰুষ তেতিয়া সেই শক্তি অগ্ৰাহ্য অমান্যৰ স্ফটিকৰ স্তম্ভৰ বাহিৰত। মাতৃৰ ব্যাপ্ত অশৰীৰ ডাকে তেতিয়া মূৰ্ত্তি পৰিগ্ৰহ কৰি বাজ হ’ল,তেতিষা আৰু এই অধম সন্তানৰ মুৰ তেওঁৰ চৰণত ভক্তি গদগদভাবে স্বভাৱতে নত হৈ পৰিল। তেতিযা এলাহ, অমনোষোগ, শৈথিল্য, সকলোবোৰ নৃসিংহৰ আগত দৈত্যেন্দ্ৰৰ নিচিনা ক্ষুদ্ৰাতিক্ষুদ্ৰ হৈ পৰিল।

“নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে।
লুকাই পতঙ্গ যেন অগনিত জাসে॥”

 দুৰ্গা পূজাৰ বন্ধত ৰেল কোম্পানীয়ে যাত্ৰীক ভেৰোণৰ সুবিধা কৰি দিয়া

২য়-৭

[ ১৯৮ ]

সুবিধাকে লৈ ১৮৩০ খৃষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি আমি সম্বলপুৰ এৰিলোঁ। লগত মোৰ সহধৰ্ম্মিণী আৰু সৰুটী কন্যা। মানুহৰ মুখে মুখে প্ৰচলিত একাষাৰ সংস্কৃত শ্লোক আছে যে “পথে নাৰী বিবৰ্জ্জিতা।” কব নোৱাৰা সেই শ্লোক কোনে কৰিছিল। মই তাৰ অনুশাসন মানি নচলোঁ। নিশ্চয় শ্লোক কৰোঁতাই তিৰুতাক গলগ্ৰহ ভাবি সেই শ্লোক ৰচনা কৰিছিল। হব পাৰে, নানা কাৰণত শ্লোক ৰচকৰ তেনে অৱস্থাত দুৰৱস্থা ঘটিছিল। সেইদেখি শ্লোক ৰচক পুতৌৰহে যোগ্য, খঙৰ নহয়। মই কওঁ মোৰ বহুদৰ্শনত “পথে নাৰী বিবৰ্জ্জিতা” নহয সম্পূজিত্যহে। বয়বস্তু দেখাশুনা, লাগিলে ৰেলৰ টিকট পৰ্যন্ত কিনা, ঘণ্টাই ঘণ্টাই ফলটো, পিঠাখন চাহপানীটোপা যাতনাই খুৱাই বাটৰ ভোকক ৰেলৰ খোটালীৰ ভিতৰৰ পৰা গতিযাই উলিযাই দিযা, শুৱলৈ পাটীখন পাৰি দিযা, গাৰুটো মুৰৰ তলত গুজি দিযা, আৱশ্যক হলে বিছনীৰে মুৰৰ ওপৰত বিছি ঘামৰ কণকঠীযা মৰা ইত্যাদি এশ এটা সৰু বৰ কাম ৰেলৰ পথত আমাৰ তেওঁৰ দ্বাৰাই সুসম্পাদিত হৈ যাত্ৰা সুখাতিসুখকৰ মোৰ পক্ষে সদায হয়। সেইদেখি মই কবলৈ বাধ্য যে মোৰ পক্ষে নাৰী পথত যে গলগ্ৰহ নহযেই বৰং গলৰ মালাহে হৈ পৰে আৰু; কবিতা কৰি কলে, সিয়ো মালতীৰ মালা।

 বি, এন আৰ অৰ্থাৎ বেঙ্গল-নাগপুৰ বেলৰ ঝাৰসোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১মাইল দূৰত্ব। গধুলি চাৰে পাচ বজাত সম্বলপুৰৰ ৰেলত উঠি দুঘণ্টামানৰ মূৰত ঝাৰসোগোড়া পোৱাগৈ যায। তাত চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেল গাড়ীত উঠিব লাগে। কিন্তু সেইদিনা আমাৰ কপালত দুৰ্গতি লেখা আছিল , গতিকে ডাক-গাড়ীৰে সৈতে আমাৰ ৰাহি নাহিল। আমি ঝাৰসোগোড়া পোৱাৰ আগতে বোম্বাই মেইলে আমাৰ বুকুত বিৰহৰ অগনি জ্বালি দি গুচি গ’ল। ডাকগাড়ী হেৰুৱাই আমি না-জল না-স্থলত পৰিলো। আমাৰ সম্বলপুৰৰ গাডীযে যে পলম কৰি আহি মেইল ধৰিব নোৱাৰিলে, তাকে গুণি-গাথি আমাৰ বিলাই- বিপত্তিৰ কাৰণে সম্বলপুৰৰ গাডীক পাৰোঁ মানে গালি পাৰি ঝাৰসোগোড়া ষ্টেছনতে বহি আছোহঁক। এনেতে কোনোবাই কলে যে ৰাতি দুই কি তিনিমান বজাত এখন পেছেঞ্জাৰ গাডী ঝাৰসোগোড়াৰ পৰা কলিকতালৈ যায, সেইখনতে আমাৰ যোৱা উচিত। নিৰুপায হৈ টোপনি ক্ষতি কৰি খাপ দি সেই শেহৰাতীয়া গাড়ীখনতে উঠিলোহক। ফলত, ৰাতিৰ বাকীডোখৰ আৰু পিছদিনাৰ গোটেইটো দিন, সেই ঢেকেৰ ঢেকেৰ পেছেঞ্জাৰ গাড়ীতে খপি কুৰি তাৰিখে ৰাতি আঠমান বজাত কলিকতা পালোগৈ। বাটত আমাৰ অনাহাৰ বুলিলেও সৰহকৈ বঢ়াই কোৱা নহয। যাওঁতে মনত খেলাইছিল যে হিচাপৰ বহীত ইমান বছৰৰ বাকী পৰি থকা আঁউসী, একাদশী- বোৰে সি্হঁতৰ পাওনা হাচিল কৰিবলৈ যেন হাতত ৰামটাঙোন লৈ কাবুলীৰ দৰে আমাৰ গাড়ীৰ খোঁটালীৰ দুৱাৰমুখত থিয় হৈ আছে আৰু লাখুটিৰ আগৰে বাকী পাওনা আদায় কৰি লৈহে উভতি যাব। আচলতে মেইল গাডীত মাথোন ৰাতিটো গৈ পুৱাই কলিকতা পামগৈ বুলি আমি লগত খাবলৈ প্ৰায় একোকে নিয়া নাছিলোঁ। [ ১৯৯ ] প্ৰায় এই বাবে বুলিছোঁ যে দিনৌ চাৰি সাজকৈ খাই বদ্অ‌ভ্যাসত পৰা আমাৰ লগত যি আছিল, সি নিঃ+ৰস সন্ধিৰ “ৰ”ৰ আগৰ পৰা বিসৰ্গ লোপ হৈ নীৰস হোৱাৰ দৰে এসাজতে নীৰস হৈ লুপ্ত হৈ গ’ল। পেছেঞ্জাৰ গাডীত ডাইনিং কাৰ নাথাকে। বাটৰ দুঠাইত এঠাইত যি “ৰিফ্ৰেছমেণ্ট ৰুম” আছে, সেইবোৰে পেছেঞ্জাৰ গাডীৰ অধীনতা স্বীকাৰ নকৰে। তথাপি গাৰ্ডক কৈ খৰগ্ পুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰলৈ মই টেলিগ্ৰাফ কৰিলোঁ, যাতে আমালৈ অলপ আহাৰৰ আযোজন কৰি থয। কিন্তু ক’ৰ টেলিগ্ৰাম ক’লৈ গল, তাৰ কৰ্ত্তা কৰ্ম কৰণ অধিকৰণসকলেহে জানে। সেই দুই ঠাইতে ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰে আমালৈ একো আয়োজনকে নকৰি, টেলিগ্ৰাফ নাই পোৱা বুলি কৈ গা সাৰিলে; যদিও আমি আমাৰ পেটৰ ভোকক তেনেকৈ কিবা এটা কৈফিয়ৎ গি গা সাৰিব নোৱাৰিলোহঁক। ফুটা নাৱত চিৰচিৰকে পানী সোমোৱাদি ওৰে দিনটো আমাৰ পেটত ভোকে চিৰচিৰাই আছিল। নাৱৰীয়াই নাৱৰ ফুটাত ফটা কানিৰ সোপা দিযাদি ষ্টেছনত বিক্ৰী কৰা কচুৰি, শিঙৰা এসোপাকৈ কিনি লৈ আমি যদিও ভোকৰ ফুটাত সোপা দিবলৈ ধৰিলোঁ, কিন্তু গাখীৰৰ হেঁপাহ ঘোলে কেনেকৈ পলুৱায? তেনে অৱস্থাৰেই ভোকত লেকাত লাগি গৈ আমি ৰাতি কলিকতা পালোগৈ। যত উঠিলোঁগৈ, তাত লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই খাই পেটক প্ৰবোধ দি সেই ৰাতিৰ নিমিত্তে শুই থাকিলোঁহক। কবলৈ পাহৰিছোঁ যে বাটত আমাৰ অশান্তি বাহিৰে ভিতৰে সমানে চলিছিল। মগনিযাৰে বাটৰ এফালৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে মাগি পইচা বুটলি ফুৰাদি পেছেঞ্জাৰে গাড়ীযে প্ৰায় সকলো ষ্টেছনতে ৰৈ ৰৈ যাত্ৰী বুটুলি ফুৰে। আমি ঝাৰসোগোড়াৰ পৰা যাওঁতে আমাৰ দ্বিতীয় শ্ৰেণীৰ খোঁটালীত আন কোনো নাছিল। কিন্তু লাহে লাহে আমাৰ গাড়ীখনে দুজন এজনকৈ যাত্ৰী বুটলি আমাৰ খোঁটালী ভৰাই পেলালে। আটাইতকৈ আহুকালৰ কথা হৈছিল, বাটৰ এটা ষ্টেছনত। উঠিব নোৱাৰা বৰ নৰিয়া পৰা ল’ৰা এটাক মাক-বাপেকে কোলাত লৈ, দুটা-তিনিটা মানুহৰে সৈতে আমাৰ খোঁটালীত সোমালহি। ল’ৰাটোক কলিকতাত চিকিৎসা কৰাবলৈ লৈ গৈছিল। তেওঁলোক সোমায়েই খোটালীটোৰ খিড়ীকি দুৱাৰবোৰ মাৰি দিলে,—ফলত, যাত্ৰীৰে খুন্দ খোৱা খোঁটালীটো চিৰাজদ্দৌলাৰ অন্ধকুপ যেন হ’ল। ভদ্ৰতা আৰু পৰহিতৰ অনুৰোধত আমি জুলুম নীৰৱে সহিবলগীয়াত পৰিছিলো।



  • (বাঁহী-১১শ ৫ম সংখ্যা, ১৮৫২শক। অ-২৭) [ ২০০ ]

দ্বিতীয় আধ্যা

 একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোৰ অতি প্ৰিয় দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। সেই হাস্যবদন দুখনৰ গৰাকী “মাজিউ” আৰু “জ্ঞান। তেওঁলোকে আগেয়েই আমি অহা খবৰ পাই আমাক লৈ যাবলৈ আহিছিল। “মাজিউ” আৰু “জ্ঞান” এই দুটা গুৱাহাটীৰ দুজন প্ৰখ্যাত লোকৰ নাম,—অৱশ্যে সুকীয়াকৈ মোৰ নিমিত্তে। মই তেওঁলোকক সেই সেই নামেৰে মাতি সুখ পাওঁ দেখি তেওঁলোকৰ জনাজাত ডাঙৰ নামে তাত ব্যাঘাত নজন্মায। মাজিউ নামটো সুকবি সুবিখ্যাত চাহখেতিযক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ আৰু জ্ঞান নামটো আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিঞ্চিপাল উদাৰহৃদয় মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ- এট্-লৰ। এই দুটি উজ্জল তৰাই মোৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছে। সেইদেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই মোৰ মনত সুখৰ লহৰী উঠে। তেওঁলোকৰ ঘৰ মোৰ নিজৰ ঘৰ হৈ পৰে। তেওঁলোকৰ আদৰ’ যত্ন আৰু মৰমে মোৰ জয় পৰা জীৱনটোত জীপ দি ঠন ধৰায।

 আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে। তাৰে গোটাদিয়েক হৈছে এই, (১) প্ৰাকৃতিক সৌন্দৰ্য্য (২) ঐতিহাসিক উৎকৰ্ষ (৩) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা। অসমীয়াৰ জীৱন-বেদৰ পাত এইবোৰে প্ৰথমতে গুৱাহাটীতেই মকলি কৰি দেখুৱায়। কালৰ পীড়ণত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীণ। তথাপি গুৱাহাটীৰ বুকুত সেইবোৰ অবিলুপ্ত। অসমযাত্ৰী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে বৰং যিমানকৈ চকু মেলে সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা, অশ্বক্লান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যই সেই বিদেশীৰ চকুত জলক লগাব। তীৰ্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থ স্পৃহা গুৱাহাটীয়ে পলুৱাব। পৰিশ্ৰমী প্ৰত্নতাত্বিকক প্ৰাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি মনত বিস্ময় লগাই দিব। কৱিৰ হৃদযৰ কোমল কুসুমকলি গুৱাহাটীয়ে ফুলাই দি তেওঁৰ জীৱন আমোলমোল কৰি দিব আৰ পিছত সেই কৱিৰ ৰচনাই কাব্যৰসৰ মন্দাকিনী নমাই বোৱাই আনি কাব্যমোদীসকলৰ অন্তঃকৰণ সজীৱ সচেতন কৰি দিব। তত্ব আৰু তথ্যানুসন্ধিৎসৰ আগত বৰভঁৰালৰ বৰদুৱাৰ মেলি দি অক্ষয ৰত্নৰাজি প্ৰকাশ কৰি দিব গুৱাহাটীয়ে। এনেকুৱা গুৱাহাটীয়ে যে অসমৰ আন সকলোবোৰ জিলাতকৈ এই লেখকৰ মনত বেছি প্ৰভাৱ বিস্তাৰ কৰিব, তাত আশ্চৰ্য্য কি?

 সম্বলপুৰতে মোৰ গাত ঘুঘুয়া জ্বৰে বাহ লৈছিল। ডাক্তৰৰ দ্বাৰা তাৰ নামকৰণ হৈছিল ‘মেলেৰিয়া’। সকলোৱে জানে যে এই লেখক বেজবৰুৱা ঘৰৰ ল’ৰা। [ ২০১ ] মই মোক ল’ৰা বোলাত আশা কৰোঁ পাঠকসকলে নাহাঁহিব। ল’ৰা শব্দটোৰ মানে এইখিনিত কি, সেইটো কোৱাই বাহুল্য। লেখকৰ পিতৃদেৱতা ৰজাঘৰীয়া বেজ আছিল। আয়ুৰ্ব্বেদ শাস্ত্ৰত যে তেওঁৰ জ্ঞান সুপৰিপক্ক আছিল, এই কথা আগৰ তৰপৰ অসমীয়াই জানে। তেওঁৰ মুখত মেলেৰিয়া জ্বৰ কথাটো মই কেতিয়াও শুনা নাছিলোঁ। মেলেৰিয়া কথাটো আয়ুৰ্ব্বেদৰ অবিদিত, ইংৰাজী সভ্যতা আৰু ডাক্তৰী শাস্ত্ৰৰ দ্বাৰাই আনীত। এইকলীযা চাবোন, চুৰট, চেলেউৰ দৰে যদিও সি বিদেশৰ আমদানি তথাপি সি আজিকালি আমাৰ ঘৰৰে এটা হৈ পৰিছে, সেই দেখি তাক অগ্ৰাহ্য কৰিবৰ উপায় নাই। দিনৌ আবেলিৰ পৰা মোৰ গাত অলপ জ্বৰ উঠি সেই জ্বৰ প্ৰায আদখিনিমান ৰাতিলৈকে থাকিছিল। কিন্তু মই গুৱাহাটী পালতে, বৰ আনন্দৰ হেঁচাত বোধকৰোঁ মেলেৰিয়া টেপা খাই পলৰীয়া হ’ল, যদিও সি তাৰ লগৰীযা কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ যাবলৈ পাহৰা নাছিল। কটন কলেজৰ মোৰ ছাত্ৰ-বন্ধুসকলে সেই দিনাই গধুলি সভা পাতি মোক অভিনন্দন দি সম্মানিত কৰিলে। সভালৈ যাওঁতে মোৰ গাত বন্ধ খাই থকা ডাঠ কৰপাৰ অভাৱ নাছিল। কিন্তু আগ্ৰহ, সমাদৰ আৰু অনুৰোধ অমান্য কৰিবৰ শকতি ঈশ্বৰে মোক দিয়া নাই; গতিকে “যথা নিযুক্তোহুস্মি তথা কৰোমি।” সভালৈ গৈ দেখিলোঁ, মোৰ ছাত্ৰ- বন্ধুসকলৰ কি উৎসাহ! কি আনন্দ। মই সমাজিকতো ভবা নাছিলো যে তেওঁলোকৰ হৃদয়ৰ এছোৱা এই অকামিলা এলাবাদু লেখকে কেনেবাকৈ এইদৰে অধিকাৰ কৰি থৈছিল। একো একোটি ডেকা ল’ৰাৰ গঢ়িত প্ৰফুল্ল মুখ দেখি সঁচাকৈয়ে মই উৎফুল্ল হৈ, মোৰ বৃদ্ধত্ব জৰত্ব পৰিহাৰ কৰি তেওঁলোকৰ লগতে ডেকা হৈ পৰিছিলো। তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বস্তৃতা দিছিল। জনচেৰেকে সুললিত কণ্ঠেৰে সঙ্গীত গাইছিল আৰু জনচেৰেকে ওজাপালী হৈ অঙ্গীভঙ্গীৰে হাস্যৰসপূৰ্ণ বিবাহ গাই আমাক নথৈ আনন্দ দিছিল আৰু লগে লগে নুমাওঁ নুমাওঁ হোৱা মোৰ সৰুকালৰ আনন্দ ৰসৰ বন্তিগছত তেল দি তাৰ শলাকানি বঢ়াই দিছিল। নিশ্চয় গুৱাহাটীত কলেজ আৰু শিক্ষাৰ কেন্দ্ৰ হোৱা নিমিত্তে যে এনে সুফল ফলিছে, তাক নকলেও হব। মোৰ মনত বৰ ৰং লাগিছে যে তাহানি গুৱাহাটীত কলেজ হোৱা উচিত নে কলিকতাত চকৰিী বৃত্তিৰ সংখ্যা বঢ়াই দি বেছি সংখ্যক অসমীয়া ছাতৰক পঢ়িবলৈ দিয়া উচিত, এই লেখকে গুৱাহাটীত কলেজ হোৱাৰ সপক্ষে যথাসাধ্য চেষ্টা কৰিছিল।

 ২৩ তাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ ২৪ তাৰিখে পুৱা ন মান বজাত ডিবুৰুগড পালোঁগৈ। ষ্টেছনত অনেক চিনা-জনা মানুহেৰে সৈতে সাক্ষাৎ হ’ল আৰু তাৰ ভিতৰত মোৰ মাজুজনী ছোৱালী আৰু মাজু জোঁৱাইক আৰু মোৰ সৰু ভাইক দেখি মনত বৰ আনন্দ মিলিল। মই আগৰটো প্ৰবন্ধত ৰাজহুৱা ডাকতকৈও টেকেলাৰ ডাকৰ প্ৰবল প্ৰভাবৰ কথা কৈছিলোঁ, কিন্তু সেইটোনো কোন টেকেলা, কাৰ টেকেলা, কেনে টেকেলা, তাৰ আঁতিগুৰিৰ বিষয়ে নকৈ কথাৰ তাঁতখনত খৰকৈ মাকো চলাই গ’লোঁ। কাৰণটো আন একো নহয়, মাথোন এই ভাবি যে সি যথাস্থানত [ ২০২ ] প্ৰকাশ পাব। এতিয়া কওঁ যে সেই প্ৰবল পৰাক্ৰমী টেকেলাটো হৈছে,—মোক ডিবুৰুলৈ নিবলৈ মোৰ মাজু জী-জোঁৱাইৰ আহ্বানৰ আগ্ৰহাতিশয্য। বোধকৰোঁ অনেকে জানে যে মোৰ মাজু ছোৱালীজনীক ডিবুৰুগড়ৰ সম্ভ্ৰান্ত পৰিয়াল এঘৰৰ সুশিক্ষিত ডেকা এজনলৈ বিয়া দিছোঁ। প্ৰায় দুবছৰ হব লগা হ’ল, মোক মোৰ জী-জোঁৱায়ে ডিবুৰুলৈ মাতি আছিল, কিন্তু মই নানা লেঠাত পৰি আজি যাম, কালি যামকৈ যাব পৰা নাছিলোঁ। এইবাৰ সেইদেখি তেওঁলোকৰ তাবেদাৰ ৰোহ, ঠেহ, অভিমান—এই তিনিউ আদালতৰ টেকেলা মোৰ আগত হাজিৰ হলহি। কাজেই এই বাৰ উপায় গৈ নিৰুপায়ৰ পদুলিমূৰ পালেগৈ। তাহানি হেনো এদিন পাৰ্ব্বতীয়ে মহাদেউক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং, ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ পানী খাই নোদোকাটো হৈ পৰিছে, তাৰেই হাল বাই খেতিবাতি কৰি এগাল ধানকে নাৰ্জে। ঘৈণীয়েকৰ এনে কদৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দঢ় সকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুক্ টুক্ কৰে গৈ খেতি কৰিবলৈ লাগি গ’ল। তেখেত হ’ল দেৱাদিদেৱ মহাদেৱ। তেখেতে খেতিত ধৰিলে আৰু ৰাইখ কি? খেতি কৰি উভৈনদী কৰি পেলালে। তেওঁৰ খোৱা-শোৱা গুচিল। আনকি ঘৰলৈ আহিবলৈকো তেওঁ পাহৰিলে। গিৰিযেক আকৰা মৈত উঠিল আৰু মৈৰ পৰা ননমাই হ’ল। গিৰিযেকক মাতি আনিবলৈ পাৰ্ব্বতীয়ে নন্দী ভৃঙ্গীকে আদি কৰি জোৰে-জোৰে মানুহ পঠিযায় হে পঠিযায়, গিৰিয়েক নাহে। একোকে উপায নাপাই পাৰ্ব্বতীযে নাৰদক বিপুৱা ধৰিলে। নাৰদে উভতি আহি কলে, যে মহাদেৱে কাৰো কথা নুশুনে, কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। অন্তত অনেক ভাবি-চিন্তি পাৰ্ব্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা চাৰ্জ্জন কৰি মহাদেউক আমনি কৰিবলৈ পঠিয়াই দিলে। তাৰ পিছতো হেনো হাহা হুহ নামৰ মানসপুত্ৰ দুটা চৰ্জি পঠিয়াইছিল। হাহা হুহুৱে কি কৰিলেগৈ আমাক নালাগে, কাৰণ আমাৰ আখ্যান নিমিত্তে মহ, ডাঁহ, চেৰেপা সৃষ্টিকাৰিণী পাৰ্ব্বতীস্বৰূপিনী আমাৰ ঘৰৰ ঘৈণী নহয়, সেইজনা আমাৰ আদৰৰ দুহিতাহে। যি হওক, হাহা হুহুলৈ মই বাটকে নাচালো, কাৰণ সিহঁতৰ অগ্ৰজ ডাঁহ, মহ, চেৰেপাই মোৰ পক্ষে যথেষ্ট হৈ পৰিছিল। লৰুৱাই

ডিবুৰুগড়ত পেলাই দিলেগৈ।*
[ ২০৩ ]

তৃতীয় আধ্যা

 আমি ডিব্ৰুগড় পোৱাৰ দিনাই, ৰাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰষুণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সৰকি যোৱা। সেই লে্লপেল্, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজু সোপাকে সেঙেটা লগাই পেলাইছিল। বৰষুণৰ দৌৰাত্ম্যত আমি ক’লৈকো হৃষ্টচিত্তেৰে ফুৰিবলৈ ওলাই যাব নোৱাৰিছিলোঁ। ফলত আমি ৰাজনৈতিক বন্দীৰ দৰে একে ঠাইতে বন্দী হৈ ৰলোঁহক,—অবশ্যে আজিকালি চৰ্কাৰ বাহাদুৰে শ্ৰেণীবিভাগ কৰাৰ দৰে এ- শ্ৰেণীৰ বন্দী নহয়, ৰাজবন্দীহে। কাৰণ চাৰি বেৰৰ ভিতৰতে আমাৰ আহাৰবিহাৰ আৰ নিদ্ৰাসুখ নিবিঘ্নে সম্পাদিত হৈছিল, এই নিমিত্তে যে সেইবোৰ বিষয়ৰ জইন্ট-ছুপাৰিন্টেন্টে অৰ্থাৎ যুটীয়া তত্বাৱধাযক আছিল আমাৰ জী-জোঁৱাই। বেটীযে বাঢ়নীৰ ওপৰত খং সৰাদি, দিনৌ আমাৰ মূৰৰ ওপৰত পানী বৰষা মেঘৰ ওপৰত আমি শাও বৰষি আমাৰ খং সাৰিছিলো। কাইলে অ’ত ফৰিবলৈ যাম, পৰশুইলৈ ত’ত চিকাৰ কৰিবলৈ যাম, তাৰ পিছ দিনা নাৱত উঠি গৈ ব্ৰহ্মপুত্ৰৰ বালিত বালিভাত খাম ইত্যাদি কথাৰ সাত হাল ৰাতিমৰি থাকি কটাইছিলোঁ, কিন্তুপুৱা বৰষুণে বিধি-পথালি কৰি আমাক এহালো মাৰিবলৈ নিদিছিল। স্বৰ্গৰ খবৰ অৱশ্যে নাজানো। শুনিছোঁ তাত হেনো এজন ৰজা আছে, তেওঁৰ নাম ইন্দ্ৰ। তেওঁ থকা পুৰীখনো হেনো সুন্দৰ আৰু তাৰ নাম অমৰাৱতী। ৰজা থাকিলেই ৰাজসভা থকাতো দস্তুৰ পাত্ৰ, মন্ত্ৰী, সভাসদ আৰু টেকেলা-বেঙেনা এইবোৰো তেওঁৰ থাকিবলগীয়া কথা। আৰু শুনিছো স্বৰ্গৰ ৰজাই স্বৰ্গতো ৰাজত্ব কৰে আৰু পথিৱীৰ নৰমনিচবোৰৰ ওপৰতো তেনেকুবা কিবা এটাকে কৰে। তোমাৰ মন গ’লে তাক ৰাজত্বও বুলিব পাৰা, Rule বা শাসনো বুলিব পাৰা। শাসিত নৰ-মনিচে সদায় ইবাৰ এইটো সিবাৰ সেইটো আমাক দিয়া বুলি ৰাজাধিৰাজ ইন্দ্ৰক আমনি কৰি থকাটোও জানো। বোধকৰো নৰমনিচৰ বৰ আমনিত তৎ নেপাই ৰাজাধিৰাজে এইবাৰ তেওঁৰ সভাসদবোৰ গোটাই বৰ ডাঙৰকৈ মেল এখন পাতিছিল। তাত আলোচ্য বিষয় আছিল, পৃথিৱীৰ নৰ-মনিচক তেওঁলোকে কি দিব পাৰিব, কি দিব নোৱাৰিব, কি দিয়াটো উচিত আৰৰ কি দিয়াটো অনুচিত। অথবা দিব লগীয়াটোও কি উপাষেৰে নিদিষা হ’ব পাৰে। কোনে জানে কিজানি এইবাৰ সাতোখন স্বৰ্গৰ পৰা প্ৰতিনিধি নমাৰ খেলুৱৈসকলক মাতি আনি মেলখন ডাঙৰকৈয়ে পাতিছিল। শুনিছোঁ সুৰপুৰীৰ সুৰেশ্বৰসকলৰ পেটত সুৰা আৰু সৰুসুৰা নোহোৱা গুৰুভোজন নপৰিলে, তেওঁলোকৰ ভাবনা চিন্তাবোৰত খেলিমেলি লাগি পৰে, মুখ ভালকৈ মেল নাখাষ আৰু মেল খালেও জিভা ভালকৈ দোৰোল নাখায়। আমাৰ ভাতৰ পাতত কথা নিষিদ্ধ; কিন্তু তেওঁলোকৰ ভাতৰ পাততহে বৰমঙহৰ বৰমেলখন সিদ্ধ হয়। সেইদেখি ইন্দ্ৰ মহাৰাজে, আমি ডিবুৰুগড় পোৱা সময়তে সুৰপুৰীৰ খেলুৱৈসকলৰ নিমিত্তে বৰ[ ২০৪ ] ভোজৰ আয়োজন কৰিছিল যেন পাওঁ। আমাৰ ডিবুৰু গমন আৰু ইন্দ্ৰৰ ভোজৰ আযোজন এই দুটা একো সময়তে পৰাটো কাকতালী সংযোগ বুলিয়েই ধৰিব পাৰি। স্বগ খনৰ আয়তন কিমান, কব নোৱাৰো আৰু সেই বৰভোজৰ কোন বস্তু ক’ত থৈছিল, তাকো ক’ব নোৱাৰো। আমি তাহানি কলিকতাত থাকোঁতে দেখিছিলো, ডাঙৰ বিয়া সবাহত নিমন্ত্ৰিতসকলক খুৱাই-বুৱাই সুকলমে কাৰ্য সমাধা কৰিবৰ নিমিত্তে কৰ্ম্মকৰ্ত্তাই আহল-বহল ডাঙৰ ঘৰ ভেৰোণীয়াকৈ লৈ ডাঙৰ ৰভা পাতি সভা কৰে। ডিবুৰুগড়ত বৰষুণৰ কোব দেখি অকস্মাতে মোৰ মনত খেলাইছিল যে ইন্দ্ৰদেৱৰাজে তেওঁৰ ভোজত ব্যৱহাৰ্য পানাৰ বৰজকাটো ডিবুৰুগড়তে পাতিছিল। ইন্দ্ৰৰ কেইকুৰি পানীভাৰী আছে, সম্ভেদ নাজানো। কিন্তু কাৰ্য দেখি কুৰিৰ কথাই নাই, লাখচেৰেকৰ ওপৰেহে থকা যেন লাগে। যদি এই অনুমান সঁচা তেন্তে কি কম, কি শুনিবা।—গুৰিপৰুৱাৰ লানি যেন হৈ সেই ভাৰীবোৰে ভাৰে ভাৰে অবিৰাম পানী আনি সেই ডিবুৰৰগড়ত বহুৱা জকাত ঢালিছিল। অৱশ্যে এইবোৰ অনুমানৰহে কথা। এনে শাৰীৰ কথাৰ সঁচামিছা কোনো বাপৰ পোৱে প্ৰমাণ কৰিব নোৱাৰে।

 মই ডিবুৰুত দুদিন থকাৰ পিছতে গুৱাহাটীত টেপা খাই থকা আৰু এৰি অহা জ্বৰ আকৌ মোৰ গাত লম্ভিল। সি তাৰ কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ গৈছিল বুলি মই আগৰ প্ৰৱন্ধত কৈ আহিছোঁ। কোনে জানে—হয়তো পাপিষ্ঠ কৰ্পটিযে মোৰ গাত চৰি সুবিধা দেখি গুৱাহাটীতে এৰি থৈ অহা সেই তাৰ জ্বৰ বন্ধুক বিজুলী বাতৰি দি মাতি আনিলে? বিৰা গমনৰ দিনবাৰ চোৱাৰ দস্তুৰ এই জ্বৰৰ নাই। তাক ঔচ বুলিলেই হ‘ল আৰু সি লৰি আহি গা জুৰি বহেহি। জী-জোঁৱায়ে আমাক তেওঁলোকৰ মাজত পাই আনন্দৰ প্ৰেৰণাত দিনৌ আমালৈ হাঁহ মাৰি ভাত খুৱাবৰ আযোজন কৰিছিল। সঙ্গীসকলে তাৰ সদ্ব্যৱহাৰ কৰে, কিন্তু মই বেচেৰাই কোনো দিনা এটেপা-আদ্‌টেপা খাওঁ, কোনো দিন ভাতৰ পাতৰ আগত বহি টোপালি বাওঁ, সেপ ঢোকোঁ আৰু তৎপশ্চাৎ উঠি গৈ শয়ন কৰোঁ। বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ পৰাও সততে ভোজনৰ সাগ্ৰহ নিমন্ত্ৰণ পাওঁ, কিন্তু মোৰ দ্বাৰাই নিমন্ত্ৰণ ৰক্ষণহে হয, ভক্ষণ নহয, কাৰণ মই যে অক্ষম অৰ্থাৎ Hors do combat থেৰোগেৰোকৈ কোনো দিনা তেনে নিমন্ত্ৰণলৈ যাওঁ, কোনো দিনা নাযাওঁ আৰু গলেও আহাৰৰ আযোজনৰূপী নৈৰ পাৰতে বহি তাৰ ফেনফোতোকৰ চাই থাকোঁ, নহলে কেতিযাবা তাৰে দুচলু-এচলু পানী পানী কৰোঁ। নাইবা শিৰত লওঁ আৰু মোৰ আগতে সেই ওফোন্দা লৈযে মোৰ Patronage অৰ্থাৎ অনুগ্ৰহ নিগ্ৰহ লৈ Cate নকৰি অৰ্থাৎ অপেক্ষা নাৰাখি বেগেৰে দুইপাৰ ছাদি বৈ গৈ থাকে। এনেকুৱা অৱস্থা হৈছিল মোৰ।

 দুৰ্গাপূজাৰ দিনচেৰেকৰ আগতে আমি ডিবুৰু পাইছিলো। ডিবুৰুগৰীয়া ৰাইজৰ উছাহ আনন্দৰ কল্লোলৰ মাজত থিয়েটাৰ গান-বাজনা ইত্যাদিৰে পূজা মহাসমাৰোহেৰে সম্পাদিত হৈ গ‘ল। নৰিয়া গাৰেই দুদিন এদিন মই তেওঁলোকৰ [ ২০৫ ] আনন্দৰ ভাগ লৈছিলোঁ, কিন্তু গাত নৰিয়াৰ বাজে গজালি মেলি মোক বিকল কৰি পেলাইছিল। চৌদিশে উৰি ফুৰা আনন্দৰ ফুটুকা পখিলাবোৰৰ লগতে নিৰানন্দৰ মহ কেইটাই মোৰ গাত শুং ফুটাই কোনকোনাই ফুৰিছিল। যি হওক হৰ্ষ-বিষাদৰ সানমিহলিতে মোৰ ডিুবুৰুগৰীয়া দিন কেইটা এক প্ৰকাৰে কাটি গ’ল।

 ভালেমান বছৰৰ মূৰত মই অসমলৈ গৈছিলোঁ। সেইদেখিয়েই বোধকৰো মোৰ স্বদেশী বন্ধু-বান্ধৱৰ মোলৈ আগ্ৰহ অশেষ হৈছিল। তেওঁলোকে সভা সমিতি পাতি মোক নৰিয়া পাটীৰপৰা টানি নি সেইবোৰত থিয় কৰি দিছিল। মযো মৰমৰ অত্যাচাৰ অতি হৃষ্টচিত্তেৰে সহ্য কৰিছিলো। বন্ধুবৰ শ্ৰীযুত প্ৰভাতচন্দ্ৰ দাস ডাক্তৰে প্ৰায দিনৌ আহি মোক অতি যতন কৰি চিকিৎসা কৰিছিল আৰু তেওঁৰ যত্নতে মই লাহে লাহে গা-তঙাই উঠিলোঁ। মোৰ কৃতজ্ঞতাৰ আঁজলিৰ বাহিৰে মই উঠি অহা মনোভিৰাম ডাক্তাৰ বন্ধুজনলৈ আৰু একো নাই।

 ডিবুৰুগডত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। তাৰে দুটা এটাৰ বিষযে কওঁ। প্ৰথমতে মই আনন্দ-বিমিশ্ৰিত আচৰিত হৈ পৰিছিলো ডিবুৰুগড়ৰ অসমীযা তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্য্য-কলাপ দেখি। তেওঁলোক মই তাহানি এৰি থৈ অহা অসমৰ, মহৰ দযাত আৰু চেচুঁকৰ ছাঁত বঢ়া চুকৰ বোৱাৰীৰ শাৰীত আৰু নাই। শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কাৰ্য্যাদিত তেওঁলোক অগ্ৰণী। সকলো সজ কাৰ্য্যত পুৰুষৰ সমকক্ষ হ’বলৈ তেওঁলোকৰ আগ্ৰহ প্ৰদীপ্ত। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি-তেহেলৈ সেই সোণৰে হওক বা লোৰে হওক তেওঁলোকৰ ভিতৰৰ অনেকে ছিঙিছে আৰু বাকী সকলেও ছিঙিবলৈ যত্ন কৰিছে। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ শাৰীত ঠাই লৈছেহি আৰু অনেক বিষয়ত শামুক- খুজীযা পুৰুষতকৈ আগবাঢ়িছে বুলি ক’লে বঢ়াই কোৱা নহয়। ডিুবুৰগডত সভা- সমিতি পতাত তেওঁলোকেই আগৰণুৱা হৈ পৰিছে আৰু ৰক্ষণশীল শাৰীৰ পুৰুষ চুকত ভেকুৰিছে। মাজতে বিমোৰ অৱস্থাত পৰি অসমীযা তিৰুতা শিপিনীসকলে তেওঁলোকৰ অঙ্গৰ ভূষণ বোৱাকটা পৰিহাৰ কৰিছিল। ডিবুৰুগডীযা নতুন তৰপৰ মহিলাসকলে তাক আকৌ সাদৰেৰে হাতত তুলি লৈছে। তেওঁলোকৰ বিনন্দীয়া মুখ মলিয়ন কৰোঁতা কাণ্ডজ্ঞানহীন পৰ্দ্দাক তেওঁলোকে পৰিহাৰ কৰিছে। আৰু বাহিৰলৈ গলে ওৰণীৰ সৰ্বগ্ৰাসী গ্ৰহণৰপৰা বিমুক্ত হৈ মনোজ্ঞ আংশিক গ্ৰাস গ্ৰহণ বৰণ কৰিছে। নিন্দুক সমালোচকৰ সস্তা সমালোচনাবোৰ, সমালোচকৰ আজিকালি অব্যৱহাৰ্য্য দ’তৰ জোলোঙাত সুমাই থবলৈ তেওঁলোকে তেওঁলোকৰ মনৰ বলেৰে পৰোক্ষভাৱে সমালোচকক অনুজ্ঞা কৰিছে। সভা-সমিতিত তেওঁলোকে পুৰুষৰ আগত ওলাই একে শাৰীতে বা সমুখতে বহি প্ৰজা সাধাৰণৰ মঙ্গলামঙ্গলৰ বিষয়ত স্বাধীন মতামত প্ৰকাশ কৰিছে,অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য্য আৰু কমনিয়তাৰ এচুলিমানকো হ্ৰাস হ’বলৈ তেওঁলোকে দিয়া নাই। দুজনা এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা কৰিছে যে অনেক নামজ্বলা বক্তা পুৰুষকো তেওঁলোকে সেই বিষয়ত চেৰ পেলাইছে। ৰামমোহন ৰায়ৰ স্মৃতিসভাত মোক সভাপতিৰ আসন [ ২০৬ ] দিয়া হৈছিল। তাত কল্যাণীয়া শ্ৰীমতী যোগদা দেৱীয়ে যিটি বক্তৃতা অনৰ্গলভাৱে দিলে, মই শুনি সঁচাকৈয়ে পুলকিত হৈ পৰিছিলোঁ আৰু মোৰ দেশৰ এজনা সম্ভ্ৰান্ত মহিলাৰ সেই বিষয়ত নৈপুণ্য দেখি নিজকে গৌৰৱান্বিত বিবেচনা কৰিছিলো। মই ডিবুৰু পোৱাৰ দ্বিতীয় কি তৃতীয় দিনা জ্বৰত শোৱাপাটীত পৰি কেঁকাই আছোঁ, এনেতে বালিকা স্কুলৰ প্ৰধান-শিক্ষয়িত্ৰী আয়ুস্মতী শ্ৰীমতী গৌৰীপ্ৰভা চলিহাই লগত একুৰিমান ছোৱালী ছাত্ৰী আৰু তেওঁৰ সহযোগী শিক্ষযিত্ৰী জনচেৰেকক লৈ মোৰ আগত ওলালগৈ। তেওঁলোকৰ মোৰ প্ৰতি কি দযা আৰু কি আগ্ৰহ। তেওঁলোকৰ মুখত অনাৱশ্যকীয সংকোচ নাই, তেওঁলোকে তেওঁলোকৰে দেশৰ এই চিৰ প্ৰৱসুৱাক সাক্ষাৎ কৰি সমাদৰ কৰি সম্মানিত কৰিবলৈ আহিছে আৰু পাৰিলে তেওঁক তেওঁলোকৰ স্কুললৈ আদৰি গৈ তেওঁৰ মুখৰ পৰা দুষাৰ-চাৰিষাৰ কথা শুনিবলৈ ইচ্ছা কৰিছে। কি সুখকৰ দৃশ্য! কি সুন্দৰ ব্যৱহাৰ। শ্ৰীমতী গৌৰীপ্ৰভা আইদেওক অৱশ্যে তেওঁ কলিকতা কলেজ পঢাৰে পৰা মই জানো, আৰু মোৰ নিজৰ জীৰ নিচিনাকৈ তেওঁক স্নেহ কৰোঁ। গৌৰী চন্দ্ৰমাক মাজত লৈ তেওঁৰ সহযোগী নক্ষত্ৰৰূপিনী শিক্ষত্ৰিযী আৰু ছাত্ৰী সকলে যেতিযা মোৰ আগত উপস্থিত হ’লহি, জ্বৰত চেপেটা লাগি থকা মই জ্বৰৰ অত্যাচাৰলৈ ক্ষন্তেকৰ নিমিত্তে পাহৰি বিমল আনন্দ অনুভৱ কৰিছিলোঁ। ইয়াৰ কিছু দিনৰ পিছত তেওঁলোকৰ স্কুললৈ মই গৈ স্কুল চাই আৰু তেওঁলোকৰ কাৰ্য্য দেখি অতি সন্তোষ পাইছিলো। স্কুলত তেওঁলোকে বাছকবনীযা ৰূপৰ বঁটা এটিত যি কাকত এডুখৰি মোক দিছিল, সেই বঁটাটি আৰু কাকতডুখৰিযে সদায মোক সন্তোষ দি থাকিব। ডিবুৰুগড়ৰ সম্ভ্ৰান্ত মহিলাসকলৰ সভাতো এই লেখকক যিখন অভিনন্দন পত্ৰ মুগাৰ কাপোৰৰ ওপৰত ছপাই দিছিল, সেইখনো নিশ্চয এই লেখকৰ পক্ষে অতি আদৰৰ সমল হৈ সদায তেওঁৰ হাতত থাকিব।

 ডিবুৰুগডৰ থিযেটাৰ অৰ্থাৎ ৰঙ্গশালৰ বিষয়ে একেষাৰ কওঁ। ডেকাসকলৰ উদ্যমৰ ফলত ৰঙ্গশালটি সুদৰ্শন হৈ পৰি সি ডিবুৰুগডৰ সমৃদ্ধি বৃদ্ধি কৰিছে। সভা-সমিতি, থিযেটাৰ, যাত্ৰা, গান, ভাৱনা প্ৰভৃতি এই ঘৰতে হয়। থিযেটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ্‌ ডেকাসকলৰ দ্বাৰাই অঁকা হৈছে আৰু সেইবোৰ কলিকতাৰ ব্যৱসাযী নিপুণ চিত্ৰবিদৰ চিত্ৰতকৈ কোনোগুণে হীন নহয। নাট্যকলাত ডিবুৰুগডৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি লাভ কৰিছে দেখি মোৰ মনত হৰ্ষ উপজিছিল। পেইন্টিং আৰু ফটোগ্ৰাফীত স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত লবলগীযা। থিযেটাৰৰ ভালেমান দৃশ্যপট তেওঁৰ হাতৰ। তেওঁৰ ষ্টুডিওলৈকো আমি গৈছিলোঁ। তাত তেওঁৰ হাতৰ চিত্ৰবোৰ দেখি বৰ সন্তোষ পালোঁ। তেওঁ যদি সেই ষ্টুডিও অৰ্থাৎ চিত্ৰশাল আনি কলিকতাত পাতি বহে, তেন্তে তেওঁক সেই কাৰ্য্যত চেৰ পেলোবা লোকৰ লেখ সৰহ নহ’ব। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাটৰ অভিনয় কৰিছিল। অৱশ্যে এটাইবোৰ দেখা কপালত নঘটিল। কিন্তু যিকেইটা দেখিলোঁ, তাতে মোৰ অশেষ সন্তোষ লভিছিল। সাজসজ্জা, চিত্ৰপট, ভাবপূৰ্ণ অভিনয়, সুস্বৰ [ ২০৭ ] সজীত আৰু মনোজ্ঞ নৃত্যত তেওঁলোকৰ বৈশিষ্ট্য দেখা গৈছিল। কালত তেওঁলোকে যে আৰু উন্নতি কৰিব তাত সংশয় নাই। চিত্ৰকলাবিদ শ্ৰীযুত মুক্তানাথ বৰদলৈৰ কৃতিত্ব “কমিক এক্‌টিঙতে” অৰ্থাৎ হাস্যৰসৰ ভাৱতো পৰিস্ফুট। ডাক্তৰ শ্ৰীযুত প্ৰভাতচন্দ্ৰ দাস আৰু জনদিযেকৰ অভিনয কলিকতাৰ থিযেটাৰৰ বিখ্যাত অভিনেতা সকলতকৈয়ো কোনো গুণে কম হয। মাথোন এটি কথা ডিবুৰুগডীযা ডেকা বন্ধু সকলক জনাই থওঁ,—যেন তেওঁলোকৰ যত্ন মৌলিক অসমীয়া নাটৰ অভিনয় সৰহ হয। অৱশ্যে তেনে নাটকৰ যে আটক, সেইটো জানে। যি হওক, ভৱিষ্যতলৈ সেই আটক গুচিব বুলি আশা কৰিলো। বিদেশী নাটক অসমীযালৈ ভাঙি অসমীয়া ৰঙ্গশালাত অভিনয কৰাটোত অনেকে দায ধৰে। মযো তেনে কাৰ্য্য বৰ সন্তোষ পাওঁ, এনে নহয। কিন্তু বিদেশী ভাষাৰ নাটক একেবাৰেই আমাৰ ৰঙ্গশালাৰ বাহিৰ কৰি দিয়াটোৰো মই বিৰোধী। অৱশ্যে যদি তাৰ অনুবাদ প্ৰকৃত অসমীযাৰ অনুবাদ হে অসমীযাৰ পেটত সি জীণ যোৱা হয। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদক অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা,যদি সেই ভাবসম্পদক বাৰেবঙলুৱা অসমীয়া নকৰি আচল অসমীযা কৰি দিয়া যায়। ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্ব্বতোভাৱে বৰণ কৰি অসমীযা হৈ যায তাৰ দ্বাৰাই অসমৰ আপদ নাবাঢ়ি সম্পদ হে বাঢ়িব। এনে গঢেৰেই পুৰণি কালৰে পৰা অসম পৰিপু্ষ্ট হৈ আহিছেও। কিন্তু অসমৰ বৰসবাহত যদি কোনোবাই অসমীয়াৰ দৰে চাপৰি বজাই বা তাল লৈ নাম নাগাই খোল কৰতাল লৈ—

 “দযাল দযাল, দয়াল বলে ডাকৰে ৰসনা।
যাৰে ডাক্‌লে হৃদয শীতল হবে যাবে যম যন্ত্ৰণা॥”

 এনে বঙলুৱা সংকীৰ্ত্তন মেলি দিযে, তেন্তে সি অসম যাব বৰসাহত হাহৰ মাজত কাউৰী হৈ পৰি খেলিমেলিহে লগাব, শোভা নকৰে Hybrid অৰ্থাৎ এধাকেচেলুৱা গান মিহলি আহাৰে পেট গোমাই তাত বিপ্লৱৰহে সষ্টি কৰিব, শান্তি সৃষ্টি নকৰে। এই কথা মনত ৰাখি আমাৰ নাট্যকাৰসকলে বিদেশী নাটৰ অসমীযা ভাঙনি কৰিবলৈ গ’ল মঙ্গল, নতুবা অমঙ্গল। তাহানি কলিকতানিবাসী জনচেৰেক অসমীযা ছাতৰে লগ লাগি ছেক্সপিযেৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰঙ্গ দি অভিনয় কৰিছিল। অনুবাদকৰ লেখত যদিও এই লেখক পৰা নাছিল, তথাপি তেওঁৰ হাত যে সেই অনুবাদকব ওপৰত নুফুৰিছিল এনে নহয। মোৰ বিশ্বাস, ইংৰাজী নাটৰ সেই অনুবাদ একেবাৰেই অসমীযা হৈ পৰি অসমীযা সৰ্ব্বসাধাৰণৰ মন হৰণ কৰিব পৰা হৈছিল। এতিয়াও নতুনকৈ উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীযা সাজপাৰ পিন্ধাই ৰঙ্গশালত তুলি দিলে, আমাৰ আঁসোৱাহ ধৰিবলৈ একো নাথাকিব। *

  • বাঁহী—১৯শ বছৰ, ৭ম সংখ্যা, ১৮৫২ শক। অ-২১ [ ২০৮ ]

॥ চতুৰ্থ আধ্যা॥

 অক্টোবৰ মাহৰ ১৫ তাৰিখে ডিবুৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালোঁ। বাহন মটৰগাডী। ৰথখন আমাৰ জোঁৱাই শ্ৰীমান ৰোহিণীকুমাৰ বৰুৱা বোপাৰ আৰু সাৰথিও তেৱেঁই। যাত্ৰী মই, মোৰ সহধৰ্ম্মিণী, মোৰ ছোৱালী দুজনী আৰু শ্ৰীমান যতীন্দ্ৰনাথ দুৱৰা,—যাৰ কৱিতাৰ তলত নামৰ ক্ষদ্ৰ তাঙৰণ ছপা হৈ ওলায—যদু। যদু কৱি এদিনৰ আগতে ভটং কৰে ডিবুৰুত ওলাইছিলগৈ, সম্ভৱতঃ চুম্বকৰ টানত আৰু সেই চুম্বকডোখৰো সম্ভৱতঃ মযেই। নহয যদি তেওঁ কওক, মই মোৰ দাবী এৰি দিম। যদিও আমাৰ ডিবুৰুগডত বাস অধ্যাযৰ “কৃষ্ণৰ কিঙ্কৰে শঙ্কুৰে ভনে’’ৰ সময়ত যদু উপস্থিত হৈছিলগৈ, তথাপি ভগা সবাহত ওলোৱা তেওঁকো আমি সন্তোষৰ মালা চৰু বিলোৱাত ত্ৰুটি কৰা নাছিলোঁ। আমাৰ শিৱসাগৰমুখীয়া যাত্ৰাত তেওঁকো লগত লোৱা গ’ল, কাৰণ তেওঁৰোতো ওভতনি সেই ফাললৈকে। আমাৰ মটৰগাড়ীত তেওঁলৈ ঠাই নাছিল বুলিলেই হয়। কিন্তু ঠাই নহ’লে কি হ’ব তেওঁকতো নিবই লাগিব। মজিয়াত ঠাই নাথাকিলে লাগতিযাল বস্তুক বাৰৰ হাঁকোটাত আঁৰি থোৱা হয। তেনেকুৱা কিবা এটা দিহা কৰি যদুক আমাৰ লগত লোৱা গ’ল। দীঘলীয়া বাটত কৱি এজন লগত থাকিলে বাটৰ শ্ৰম কমে বুলি মোৰ বিশ্বাস। তোমাৰ গা ৰাইজাই কৰিলে, কৱিৰ কাব্যৰ পুঙৰ পৰা এটা উহ ওলালেই সি তোমাৰ গাৰ ৰাইজাই গুচাই দিব। বাটত যাওঁতে যাওঁতে তোমাকে যদি কেনেবাকৈ কৱিতাই পায়, একো কথা নাই। কবি হাতে ঢুকি পোৱাতে আছে, তুমি কৱিতাৰ সৰুসুৰা ফোৰোহনি এটা নিৰ্ভয়ে মাৰি দিব পাৰা। তোমাৰ ফোৰোহনিযে কৱিৰ পৰা ততোধিক সুশ্ৰাব্য ফোৰোহনিহে উজাৰ খুৱাই দিব। কোনে কব পাৰে কাৰ কেতিয়া কেনে অৱস্থা ঘটে? যদি বাটিত তোমাৰ কৱিতাৰ হামি উঠিল, ভয় কি? কৱি লগতে আছে। তেওঁ বসন্ত, মলয়া আৰু কুলি এই তিনিটি পুৰাতন কাব্যৰ উপাদানক তিনি টিলিকি মাৰি মাতি দি তোমাক পতি কৰিবলৈ লগাই দিব। হামিৰ পিছত যদি কেনেবাকৈ হেকটি আহিল, তথাপি ভয় নাই। তেওঁ তেওঁৰ চোলাৰ মোনাত থকা চন্দ্ৰামৃতৰ বড়ি এটি তোমাৰ মুখত পেলাই দি সেই হেকটি তেতিয়াই বন্ধ কৰি দিব, কোনো অনুপানৰে আৱশ্যক নহ’ব। ধৰা যাওতে বাটৰ কাষৰ মুকলি ধানব পথাৰত যদি কোনো Solitary Reaper-অক অৰ্থাৎ কুঁজী হৈ হাতৰ কাচি লৈ অকলশৰীকৈ ধান দাই থকা কোনো থোলোকা দাৱনীক কবিয়ে তাইৰ লোদেৰ- পোদোৰ হাতেৰে কপালৰ ঘাম মচি থকা দেখে আৰু সেই দাৱনী যদি একাদশী দ্বাদশী ত্ৰয়োদশী চতুৰ্দ্দশীৰ পৰা পূৰ্ণিমাৰ ভিতৰতে হয়, আৰু পূৰ্ণিমাই বা কিয়—কৃষ্ণ পক্ষৰ অমাবস্যা পৰ্য্যন্তও হয়; তেন্তে কবিয়ে তেতিয়াই কৱিতাৰ সোৱণশিৰী সৃষ্টি কৰি তাৰ পানীক সোণৰ ৰেণুৰে ৰঞ্জিত কৰি তাৰ বালি ধুই সোণ উলিয়াই দিব। ‘ওমৰ তীৰ্থ'ৰ যদু কৱিৰ পৰা যদিও এনেবোৰ উপসৰ্গৰ আশঙ্কা কম, তথাপি [ ২০৯ ] তেনেবোৰ অসংযত কথাই মোৰ অসংযত মনত খেলিছিল। মনৰ বাঘজৰীডাল ঢিলা হলেই যে এনে অসংযত চেকুৰ মোৰ মনে মেলে, এইটো সদায মই দেখি আহিছোঁ। এতেকে এনে কথা উচপিচালে নচলে। যি হওক কৱিৰ সঙ্গ আমাৰ যাত্ৰাৰ পক্ষে শুভ বুলি ধৰি মই গাড়ীত উঠিলোঁ। কৱিক অন্তৰ্গত কৰি মটৰগাড়ীখনে মোৰ দৰেই কিবা ভাবিছিল নেকি কব নোৱাৰোঁ, আৰু ভাবিছিল যদিও জোখতকৈ নিশ্চয অলপ বেছিকৈ ভাবিছিল। ফলত আমাৰ থকা ঘৰৰ পৰা এখনমান গৈয়েই গাড়ীখনে দুৰ্ভাৱনাৰ অতিশয্যাত, গোট খোৱা তপত ভাববোৰ তাৰ চকৰি এটাৰ ৰবৰ টায়াৰ এটাই সোঁসোঁকৰে উলিয়াই দিলে। আমি বিমোৰত পৰিলোঁ। শ্ৰীমান ৰোহিণীকুমাৰ বোপাৰ তাল সদায ঠিক থাকে কি গান, কি কামত। আমাৰ তাল কাটি গৈছিল যদিও, তেওঁৰ নাকাটিল। তেওঁ লৰালৰিকৈ গৈ কিছুমান বেলিৰ মূৰত চকৰিটোত নতুন টায়াৰ এটা লগাই আনি গাডীক পুনৰায গতি প্ৰদান কৰি পুনৰ যাত্ৰা সুৰ- সুৰীয়া কৰি পেলালে। কথাতে কয, এবাৰ সাপে খাপে খালে কেচুলৈকো ভয় হয। এইবাৰ মই সাৱধান হলোঁ, যাতে কৱিতাৰ ষ্টীম অৰ্থাৎ ভাপ মোৰ মনত জোখতকৈ বেছি গোট নাখায। কিন্তু সমস্যা উপস্থিত হ'ল, আমাৰ কৱিজনাৰ কৱিতাৰ ভাবৰ ভাপত ভেটা দিযা যায কেনেকৈ? তেওঁক খোলাখুলিকৈ কলে কিজানি তেওঁ বেযাকে পায। কবিৰ মনকুসুম কোমল মোৰ ধাৰণা, আন ভাপৰ কথাকে নালাগে কৱিৰ মনক তপত ভাপৰ ধোঁৱায়েই খায়। হাক বচনৰ বিষম ভাপে সেই মনক কোবালে সি যে জঁয পৰি যাব তাত বিচিত্ৰ কি? অলপ-অচৰপ Hypnotisn অৰ্থাৎ সম্মোহন বিদ্যা মোৰ জনা আছিল। Will Power অৰ্থাৎ ইচ্ছাশক্তিকো অলপ-অচৰপ চলাবলৈ শিকিছিলো। তাৰে আশ্ৰয ললোঁ। কৱিয়ে গমকে নোপোৱাকৈ চাবলৈ ধৰিলোঁ। মনে মনে মোৰ ইচ্ছাক্তিযে আদেশ দিবলৈ ধৰিলে, “কৱিতা নাহিবি। কৱিতা তই দগাবাজ। তই চোৰ। তই ডকাইত। দগাবাজ চোৰ-ডকাইতৰ ঠাই পোতাশালহে। আমি উঠি যোৱা ডজ কোম্পানীৰ বিনিৰ্ম্মিত মটৰগাড়ী নহয। আমাক মৰমৰ কৱিৰ কোমল হিযাত সম্প্ৰতি তই উদ্ভণ্ডালি নকৰিবি। মোৰ দৰব ফাপিলে। আমাৰ দুইৰো মনত কৱিতাৰ সোঁত বন্ধ হ’ল। কৱিতাক বনবাস দি গাডীৰ গতিৰ লগতে মোৰ মনৰ গতিকো লগ লগাই দিলোঁ। মোৰ মনক কলোঁ—Forward march আগবঢ়া। চট্‌ৰবটৰ নকৰিবি। মন সুৰসুৰ কৰে গাড়ীৰ চকৰিৰ লগেভাগে ঘূৰিবলৈ ধৰিলে। গাড়ীও শিৱসাগৰমুৱা হ'ল। ভাবিবলৈ ধৰিলোঁ:— -আজি মই শিৱসাগৰলৈ যাব লাগিছোঁ। মোৰ মৰমৰ সেই ৰংপুৰ শিৱসাগৰ— যি শিৱসাগৰতে মই ডাঙৰদীঘল হৈছিলোঁ। আৰু দুঘণ্টামানৰ মৰত মই সেই শিৱসাগৰ পামগৈ। হে মোৰ শিৱসাগৰ। কত কাল মই তোমাক দেখা নাই। আজিকালি তোমাক দেখিবলৈ কেনে হৈছেগৈ? তোমাৰ প্ৰত্যেক ডোখৰ ঠাই মোৰ চিনাকি। তোমাৰ গাৰ ওপৰত গজা প্ৰতিডাল গছ-গছনি মোৰ সকালত বুকুৰ বান্ধ আছিল, তুমি জানা। নিৰ্মল চপচপীয়া পানীৰে মহিমামণ্ডিত বিশাল বৰপুখুৰীটো তুমি নিশ্চয় আজিও বুকুত লৈ শান্তি লভিছা। সোণৰ কলচীৰে জলমলীয়া শিৱদলটো আৰু [ ২১০ ] তাৰ দুকাষে বিষ্ণুদ’ল আৰু দেৱীদ’ল দুটাই আজিও তোমাৰ মূৰত তিৰবিৰাই নিশ্চয় আছে। তোমাৰ কোলাত বহল বৰদলৰ পথাৰখনৰ ওপৰত থকা নানা বৰণীয়া পকা ধানৰ ওপৰত আজিও বতাহে ঢৌৱাই যায় নে? গা শাঁতকৈ লৈ যোৱা বশিষ্ঠী-গঙ্গা দিখৌৰ খবৰ কি? নিশ্চয় দিখৌৱে আগৰ দৰেই বৈ থাকি শিৱসাগৰীয়াৰ আয়ুশ্ৰী বৃদ্ধি কৰিব লাগিছে। আহা সেই দিখৌ! যি দিখৌত সততে নাদুৰি সাঁতুৰি মই অপাৰ আনন্দ লাভ কৰিছিলো। আজিও মোৰ মনত আছে—বাৰিষা দুই পাৰ উপচি যোৱা দিখৌত কেনেকৈ মই সাঁতুৰি ইপাৰ সিপাৰ হৈছিলো। তেতিয়া দিখৌৰ ঘাটৰ ঘাটে আছিল ৰঙাই। ৰঙাই ডাঙৰ-দীঘল মানুহটো। তাৰ বৰণটোও বগা। মই তাক মাতিছিলো ৰঙাই ৰাজখোৱা বুলি। সেইদৰে সম্বন্ধ ধৰি মতাৰ উদ্দেশ্যটো মাথোন ঘাটৈৰ মনত সন্তোষ দি পইচা নিযাৰিকৈ নিনিয়াকৈ তাৰ পাৰনাৱত উঠি দিখৌৰ মাজ পাযেই মই নাৱৰ পৰা জাপ মাৰি দি পানীত সাঁতুৰি সিপাৰত উঠছিলোগৈ। একো একো দিন আনন্দৰ উদ্বেগত Somersault অৰ্থাৎ ওলোটা খৰ মাৰি নাৱৰ পৰা পানীত পৰি সাঁতুৰি নৈ পাৰ হৈছিলো। এটা কথা আজিলৈকে মনত আছে, এদিন আবেলি মই দিখৌৰ সিপাৰৰ পৰা নাৱত উঠি ইপাৰলৈ আহি আছোঁ। মোৰ লগত মোৰ ভাগিন ‘বন্ধু’ (শ্ৰীমান পদ্মনাথ ফুকন) আছিল। এনেতে ইপাৰে বন্ধুৰ দেউতাক মুক্তানাথ ফুকন ডাঙৰীযা ভিনিহিদেৱক দেখিলোঁ। ভযত আমাৰ মূৰৰ আগে জীৱ গ’ল। তেওঁ আমি শুনাকৈ কাৰবাক ক’লে,—“সৌৱা চোৱা-মোৰ বৰপুত্ৰ আৰু বেজবৰুৱাৰ-এ।” প বৰ্গৰ পঞ্চম বৰ্ণটোহে তেওঁ ব্যৱহাৰ কৰিছিল। মই আৰু কি কৰিম লাজতে টোটোৰা পৰিলোঁ। নিশ্চয় বসুই সেই দিনা দেউতাকৰ হাতত মাৰ খাইছিল। সেই দিনা আমি সিপাৰলৈ কিয গৈছিলোঁ, কাৰণটো কওঁ :—

 দিখৌৰ সিপাৰে শ্ৰীযুত শঙ্খধৰ বৰকাকতী উকিলৰ ঘৰ। তেওঁৰ বাৰীখন তামোলপাণ আৰু বগৰিৰে ডৰা। উকিলৰ পুতেক ত্ৰিনযন বৰকাকতীৰে সৈতে স্কুলত মই একে শ্ৰেণীতে পঢ়িছিলোঁ গতিকে তেওঁ মোৰ বন্ধু। তেওঁলোকৰ বাৰীত পকা বগৰী খাবলৈ আমি গৈছিলোঁ। বগৰী খাই যেনেকৈ মোৰ পেট ভৰিছিল, ভিনিহিদেৱৰ সেই গা বেজ-বেজাই যোৱা মাতষাৰ খাইও মোৰ ততোধিক হৈছিল। মই মনতে সংকল্প কৰিলোঁ যে মই আকৌ সেইদৰে বগৰি খাবলৈ যামেই, কিন্তু আৰু কাকো লগত লৈ নাযাওঁ।

 হে শিৱসাগৰ! তোমাৰ ভিতৰতে সম্ভ্ৰান্ত অসমীয়া ডাঙৰীযা সকলৰ গমগমীয়া বাসস্থান আছিল। আজি আকৌ মই সেইবোৰ দেখিমগৈ নহযনে? সেই ডাঙৰীযা- সকলৰ অনেক কিজানি আজিও শিৱসাগৰ অলঙ্কৃত কৰি ৰাখিছে। সিংহ যেন পুৰুষ, মোৰ পিতৃদেৱতা দীননাথ বেজবৰুৱাতো আজি শিৱসাগৰত নাই। হায়! তেওঁৰ চৰণত মূৰ থৈ সেৱা কৰি তেওঁৰ আশীৰ্ব্বাদ লবলৈ ক’ত পাম? দীননাথ বেজবৰুৱা দেউতাৰ শাস্ত্ৰজ্ঞান, ধৰ্ম্মনিষ্ঠা, কৰ্মকুশলতা আৰু ৰাজ্যৰ সাধাৰণ কাৰ্য্যত উৎসাহে সেই কালত শিৱসাগৰক অসমৰ ভিতৰত শ্ৰেষ্ঠ আসনৰ অধিকাৰী কৰি [ ২১১ ] থৈছিল। শিৱসাগৰৰ সমাজ বান্ধোনৰ জৰীডালৰ জোৰটো কেনেকৈ দেউতাই নিজৰ হাতৰ ভিতৰত দৃঢ় কৰি শিৱসাগৰৰ সমাজিক জীৱন সুশৃঙ্খল কৰি ৰাখিছিল। মাননীয় চিৰস্তাদাৰ ইন্দীবৰ বৰুৱা আৰু তেওঁৰ সুযোগ্য ভায়েকসকল —দামোদৰ বৰুৱা, শশীধৰ বৰুৱা, ৰত্নধৰ বৰুৱা আজিও শিৱসাগৰত আছে নে? সেই কালত শিৱসাগৰৰ দৈৱজ্ঞ ব্ৰাহ্মণসকসৰ ভিতৰত প্ৰধান পুৰুষ কৃষ্ণপ্ৰাণ শৰ্মা চাংকাকতী, হৰকান্ত শৰ্মা নাজিৰ আৰু গোপীনাথ শৰ্মা প্ৰভৃতিক দেখিবলৈ পাম নে? বেজ- বৰুৱাৰ বংশধৰ, সুপণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ ভায়েক তুলসীৰাম বৰুৱা পণ্ডিত, সোমেশ্বৰ বৰুৱা আৰু ভায়েক মহেশ্বৰ বৰুৱা আছেনে? স্নেহাস্পদ দেশনেতা শ্ৰীযুত কুলধৰ চলিহা, প্ৰেমধৰ চলিহা আৰু শ্ৰীযুত পদ্মধৰ চলিহাৰ পিতৃদেৱতা নিৰ্ভীক দেশহিতৈষী তেজস্বী পুৰুষ ফণীধৰ চলিহাক আৰু ফুকননগৰ নিবাসী সভাশুৱনি বুদ্ধিমান নেতা গঙ্গাগোবিন্দ ফুকন আৰু তেওঁৰ অন্তৰঙ্গ বন্ধু বৈদ্যবিদ্যা বিশাৰদ মোৰ জ্যেষ্ঠ ভ্ৰাতা ব্ৰজনাথ বেজবৰুৱাক শিৱসাগৰত দেখিবলৈ পাম নে? দিখৌৰ পাৰৰ ঘৰত ৰসেন্দ্ৰৰ ঘৰৰ শিলাকুটি মৌজাদাৰ ইন্দ্ৰেশ্বৰ ৰাজখোৱা আৰু তেওঁৰ ভায়েক কমলচন্দ্ৰ আৰু সেই শাৰীৰে ঘৰত গঙ্গাধৰ শৰ্মা উকিল, মিষ্টভাষী শ্যামসুন্দৰ দুৱৰা ডাঙৰীয়া আৰু সেই কালত ইংৰাজী ভাষাভিজ্ঞ বুলি প্ৰখ্যাত পৰমানন্দ ভঁৰালী ডাঙৰীয়া আজিও আছে নে? বেৰিষ্টাৰ তাৰাপ্ৰসাদ চলিহা আৰু দেশসেৱক যাদৱপ্ৰসাদ চলিহাৰ পিতৃদেৱতা—তেতিয়াৰ দিনত উঠি অহা ডেকা উকিল সুযোগ্য কালীপ্ৰসাদ চলিহা ডাঙৰীয়াক দেখিবলৈ পামগৈ নে? শ্ৰদ্ধাস্পদ দুৰ্গাপ্ৰসাদ বৰুৱা আৰু ৰমাকান্ত নাজিৰ সেই মই দেখি অহা ঘৰতে আজিও আছেনে? সুবিখ্যাত চৰকাৰী বিষযা শ্ৰীযুত ৰাধানাথ ফুকনৰ পিতৃদেৱতা ডাঙৰীযা কৃপানাথ ফুকন আৰু ভায়েক যদুনাথ ফকন সেই আমাৰ ঘৰৰ ওচৰৰ বাৰীখনৰ ঘৰতে আছে নে? বুৰঞ্জীবিদ কাশীনাথ তামুলিফুকনৰ পুতেক মুক্তানাথ ফুকন ভিনিহিদেৱৰ ঘৰো আমাৰ ঘৰৰ ওচৰতে আছিল। এতিয়াও সেই ঘৰ সেই- দৰেই আছে নে? বৰভিনিহি বিদ্যাধৰ বৰুৱা, মহাপণ্ডিত উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পুতেক কীত্তিধৰ বৰুৱা আৰু আমাৰ ভাগিন সোমধৰ বৰুৱাৰ ঘৰ আগৰ ঠাইতে আছে নে? বৰভিনিহি বিদ্যাধৰ বৰুৱাৰ ঘৰত এজোপা ডাঙৰ বহত গছ আছিল। ক’ত দিন তেওঁলোকৰ ঘৰলৈ গৈ মই বহুত খাইছিলো আৰু তেওঁলোকৰ বাৰীৰ পাছফালে থকা পকা মিৰিকা টেঙা চুৰ কৰি খাইছিলো। তেতিয়াৰ দিনত বাহী গাৰে মই পানী এটোপাকে নেখাইছিলো। সেইদেখি পুৱা সিদিনা মই মিৰিকা টেঙা চুৰ কৰিছিলো। টেঙাবোৰ চুৰিযাৰ কোচত লৈ বাহিৰে বাহিৰে গৈ দিখৌত জোবোৰা মাৰি গা ধুইহে তাক মুখত দিছিলোঁ।

 গহীন গম্ভীৰ দুৰ্গেশ্বৰ শৰ্মা চিৰস্তাদাৰ আৰু তেওঁৰ ভায়েক টেপু মাষ্টৰলৈকো ( লোকনাথ শৰ্মা) মনত পৰিছে। দুৰ্গেশ্বৰ চিৰস্তাদাৰক মোৰ দেউতাই বৰ ভাল পাইছিল। গধূলি প্ৰায় দিনৌ দেউতা তেওঁৰ ঘৰৰ ফালে ফুৰিবলৈ গৈছিল। তেওঁৰ পুতেক দ্বাৰকেশ্বৰ শৰ্ম্মা বেছ বুদ্ধিমান ল'ৰা আছিল। কলিকতাত একেটা মেছতে [ ২১২ ] আমি আছিলোঁহক। বেচেৰা অকালত কালৰ গৰাহত পৰিল। দ্বাৰকেশ্বৰৰ মাক মোৰ মোমাইৰ জীয়েক আছিল।

 দুৰ্গেশ্বৰ চিৰস্তাদাৰৰ কথাতে এইখিনিতে আৰু এটা ঘটনা মোৰ মনত পৰিল। এবাৰ মই দিছাংমুখৰ ঘাটত কলিকতালৈ যোৱা জাহাজ ধৰি কলিকতালৈ যাবলৈ আহিছিলো। লগত মোৰ ককাইদেউ এজন আহিছিল। দিছাংমুখৰ ‘ফ্লটিং ডাক- বঙলা’তে আমি জাহাজলৈ বাট চাই তাতে আমাৰ আহাৰ কাৰ্য্য সমাপণ কৰিলোঁহক। ককাইদেউ জনে আগগুৰি নাভাবি, ডাকবঙলাৰ খানচামাৰ ওপৰত খং কৰি তাৰ বিৰুদ্ধে ভিজিটৰ্চ বুকত অৰ্থাৎ যাত্ৰীসকলৰ মতামত লেখি থবলৈ থকা কিতাপত লেখিলে,—Rice bad অৰ্থাৎ ভাত বেযা। সেইষাৰ লেখি তেওঁ সম্পূৰ্ণৰূপে তলত নিজৰ নামটোও চহী কৰিলে। ককাইদেৱে তাত কি লেখিছিল মই দেখাই নাছিলোঁ। জাহাজ আহিলত মই জাহাজত উঠি কলিকতালৈ গলোঁ আৰু তেওঁ ঘৰলৈ গ’ল। ইয়াৰ কিছুমান দিনৰ পিছত হেনো চিৰস্তাদাৰ দুৰ্গেশ্বৰ শৰ্মা এবাৰ দিছাং মুখলৈ আহোঁতে সেই কিতাপখনত সেই লেখা দেখিবলৈ পালে, আৰু শিৱসাগৰলৈ উভতি গৈ সেই কথা লৈ মহা গোলমাল লগাই দিলে। মই কলিকতাত থাকোঁতে সেই খবৰ পাই নথৈ হাঁহিছিলো। ককাইদেৱে কি সন্তোষজনক উত্তৰ দি সেই আহুকালৰ হাত সাৰিছিল, মই অৱশ্যে কব নোৱাৰোঁ। ঠিক এই শাৰীৰে এটা ঘটনা মই শিৱসাগৰত থাকোঁতেই হৈছিল। শিৱসাগৰত ঢাকাৰ মুছলমান বেপাৰীৰ কেইবাখনো দোকান আছিল। এখন দোকানৰ বেপাৰীটোৰ নাম আছিল ইমু। আমাৰ শিৱসাগৰত ব্ৰাহ্মণ ডেকা এজনে বোধকৰো লোভ সামৰিব নোৱাবি এদিন ইমুৰ দোকানৰ পৰা এটীন বিস্কুট কিনি আনিলে। তেওঁ যদি তাৰ দাম নগদ দিলেহেঁতেন, তেন্তে কাৰো সাধ্য নাছিল সেই কাৰ্য্য জানিবলৈ। কিন্তু তেওঁ উঠনাৰ বহীত বিস্কুট বুলি লেখি দি চহী কৰি গুচি আহিল। পৰিল কাৰবাৰ চকুত সেইটো। আৰু বপুৰা যায় ক’লৈ? সেই কথা লৈ নগৰ গোটেইখন তোলপাৰ লাগিল। ডেকাজনক, সমাজৰ গুৰিযাল সকলে চেপি ধৰিলত, তেওঁ ক’লে—“বিস্কুট” লেখা নাছিল, “জিন্ কোট” লেখিছিল , কাৰণ তেওঁ সেই দোকানৰ পৰা জিন কাপোৰৰ কোট অৰ্থাৎ চোলা এটাহে আনিছিল যিটো তেওঁ দিনৌ পিন্ধি ফুৰিছে, বিস্কুট তেওঁ কিয় কিনিবলৈ যাব, যিটো বস্তু হাতেৰেই নোছোৱে।”

 টেপু মাষ্টৰ নামতহে টেপু কিন্তু দেখিবলৈ বৰ ভইব মানুহ আৰু আমি স্কুলীযা ল’ৰাৰ মানত তেওঁ দ্বিতীয় টিপু চুলতান আছিল। তেওঁৰ ভয়ত আমি স্কুলত কঁপি থাকোঁ। তেওঁৰ হাতত খোৱা কোবকেইটা মোৰ আজিও মনত আছে আৰু আজিও মোৰ হাতত তলুৱাখন ফৰফৰাইছে যেন লাগে, অৱশ্যে যদিও মই আনবোৰ ল’ৰাতকৈ কম মাৰ খাইছিলোঁ। ত্ৰিলোচন নাজিৰ আৰু ভায়েক পৰমা আৰু নাজিৰ পুতেক সহদেৱ পণ্ডিতে আজিও শিৱসাগৰৰ আমোলাপটীত শৰাধ, শান্তিকৰম, তিলহোম প্ৰভৃতি বামুণীয়া পুৰোহিতালি কাৰ্য্যবোৰ কৰি ফুৰে নে? নাজিৰ সেইবোৰ কাৰ্য্যত বৰ পটু আৰু বিধিব্যৱস্থাত বৰ পণ্ডিত আছিল? [ ২১৩ ] কিন্তু লোকলৈ বিধিবিধান দিযাতহে পণ্ডিতসকলক পটু হোৱা দেখা যায়, নিজৰ বেলিকা সেইবোৰ প্ৰায নামানি চলাহে তেওঁলোকৰ গঢ়গতি। নাজিৰে লোভ কৰি কৰবাৰ পৰা ঘোঁৰা দান লৈ আৰু ঘনে ঘনে সোণ দান লৈ জগতৰ পৰা কতবাৰ দেখিছিলোঁ। বগাতাৰা আৰু ক’লাতাৰাৰে বা খবৰ কি? বগাতাৰা বিখ্যাত ক্ষেত- কেশ্বৰ পণ্ডিতৰ পুতেক আৰু বেছ বুদ্ধিমান ডেকা আছিল। যাক ক’লাতাৰা বুলিছোঁ, তেওঁ তামুলীফুকনৰ ঘৰৰ কমলানাথ ফুকন ডাঙৰীয়াৰ পুতেক। তেওঁৰ বৰণ নিশ্চয কলা নাছিল, কিন্তু ক’লাতাৰাৰ বৰণটো বৰ বগা হোৱাৰ নিমিত্তে তেওঁ ৰিজণিত ক’লা নাম পাইছিল। ধকধক কৰে বগা সুবিখ্যাত দাদাভাই নৌৰজীযে বিলাতত বিলাতত বগা ইংৰাজৰ তুলনাত লৰ্ড চল্ চবেৰিৰ মুখৰ পৰা Boack man অৰ্থাৎ ক’লা মানুহ নাম পোৱাৰ দৰে আমাৰ দুইনম্বৰৰ তাৰাই তেনে নাম পাইছিল।

 প্ৰিযৰাম দত্ত জীযাই আছে নে? মোৰ মনত পৰে, তেওঁৰ ঘৰ আমাৰ স্কুলৰ ওচৰতে আছিল। ডাঙৰীয়া লক্ষ্মীনাথ কাকতীযে কলিকতাত পঢ়ি গৈ প্ৰথমতে আমাৰ স্কুলত ছাৰ্ভে মাষ্টৰ হয। তাৰ পিছত হে ছবডিপুটী আৰু ই-এ-চি। তেওঁ প্ৰথমতে শ্ৰীযুত প্ৰিযৰাম দত্তৰ ঘৰত আছিলগৈ।

 ৰামবাবু, আৰু বিষ্ণুবাবুৰ ঘৰো আমাৰ স্কুলৰ ওচৰতে আছিল। অসমত অনেকদিন বাস কৰি আদখিনি অসমীয়া হৈ যোৱা বঙালী তেওঁলোক। ৰামবাবুৰ বিলাতী মদৰ দোকান আছিল। বিষ্ণুবাবু, কাছাৰীত অফিচ চুপাৰিণ্টেণ্ডেণ্ট। ভাযেক ককাযেক দুযো বৰ গাৱাল আছিল আৰু সেই বিষযত দুইৰো ভিতৰত এজনে বোলে মোক চা বিধৰ। ৰামবাবুৰ পুতেক এজনে মোৰে সৈতে একে শ্ৰেণীতে পঢ়িছিল। বিষ্ণবাবুৰো পুতেক এজন আছিল। তেৱোঁ গা-গাৰিৰ বিষযত বাপেকত কৈ এখোপ চৰা, নহয বাপেকৰ সমান, নহয অলপ নাম্ নাচ। ঠাকুৰ দাস, ঘোষ আৰু তেওঁৰ পুতেক গোপালবাবু মাষ্টৰ গিৰীশ ৰাজেন্দ্ৰও প্ৰায় একেবাৰেই অসমীযা হৈ যোৱা বঙালী। ঠাকুৰদাসবাবুৱে আবেলি আমাৰ ঘৰত দেউতাই শ্ৰীমদ্ভাগৱত ব্যাখ্যা কৰা আন আন শ্ৰোতা সকলেৰে সৈতে বহি শুনিছিলগৈ। পুতেক গোপালবাবুৱে পুৱা গৈ দেউতাৰ কাষত নিদান ভাৱ প্ৰকাশ ইত্যাদি আয়ুৰ্ব্বেদ শাস্ত্ৰ পঢ়িছিল গৈ। এটা কথাৰ নিমিত্তে কিছুমান দিনৰ পিছত গোপাল বাবুৰ পাঠত ব্যাঘাত ঘটিছিল। সাধাৰণ ব্ৰাহ্ম সমাজৰ প্ৰচাৰক পণ্ডিত ৰাম কুমাৰ বিদ্যাৰত্ন নামেৰে বঙালী এজনে অসমত ব্ৰাহ্মধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিল। শিৱসাগৰত তেওঁ গোটাচেৰেক বক্তৃতা দিছিল আৰু গোপালবাবুৰ ঘৰত ব্ৰাহ্মধৰ্ম্মৰ পদ্ধতি অনুসাৰে ব্ৰহ্মোপাসনা কৰিছিল। তেওঁৰ বক্তৃতা শুনি শিৱসাগৰৰ ডেকাসকলৰ ভিতৰত বৰকৈ চাঞ্চল্য উপস্থিত হৈছিল আৰু কোনো কোনো ডেকাই ব্ৰহ্মোপাসনাত যোগ দিছিল। মোৰ দেউতা আৰু পণ্ডিত তুলসীৰাম বৰুৱা প্ৰভৃতিযে বাধা দি ডেকাসকলক পুনৰায় বান্ধোনৰ ভিতৰলৈ আনছিল। তুলসী বৰুৱা পণ্ডিতে প্ৰতিবাদ স্বৰূপে ব্ৰাহ্মধৰ্মৰ বিৰুদ্ধে আমাৰ স্কুলঘৰত বক্তৃতা পঢ়া আৰু ৰাম কুমাৰ বাবুৱে সেই সভাত উঠি কাণৰ কণা-মাকৰি সৰি যোৱা চিঞৰেৰে তাৰ প্ৰতিবাদ কৰা আজিও মোৰ মনত আছে। *


  • বহিী—২৯শ বছৰ, ৮ম সংখ্যা, চ’ত ১৮৫২ শক। অ-হা

২য-৮

[ ২১৪ ]

পঞ্চম আধ্যা

 শিবসাগৰ হাইস্কুলত হেডমাষ্টৰ চন্দ্ৰমোহন গোস্বামী, চেকেণ্ড মাষ্টৰ বিষ্ণুচন্দ্ৰ চক্ৰৱৰ্ত্তী, সংস্কৃতৰ পণ্ডিত প্ৰসন্নকুমাৰ আচাৰ্য্য আৰু ধৰ্ম্মেশ্বৰ মাষ্টৰে আজিও পঢ়ায নে? নপঢ়ায নিশ্চয়, বোধকৰোঁ তেওঁলোক মৰিহাজি গ’ল। সনাতন নন্দীযে তলৰ শ্ৰেণীত ঘনে ঘনে আহি এক্‌টিং কৰি পঢ়ায় নে? তেওঁৰ মাক অসমীযা আৰু বাপেক বঙালী আছিল। মানুহজন বেছ আমোদপ্ৰিয আছিল। অক্ষয়কুমাৰ ঘোষ আৰু বিনোদলাল ঘোষে আজিও শিৱসাগৰত ওকালতি কৰে নে? অক্ষযবাবু হাতমুকলি আৰু বহল মনৰ মানুহ আছিল। তেওঁ প্ৰচুৰ ধন উপাৰ্জ্জন কৰিছিল কিন্তু ৰাখিব নোৱাৰিলে। কৃষ্ণানন্দ গোহাঁইৰ দেউতাক, আৰু তিৰু কাকতি প্ৰভৃতি শিৱসাগৰৰ কাষৰে পাঁজৰে থকা বিশিষ্ট ভদ্ৰলোকসকলে আমাৰ দেউতাৰে সৈতে দেখা কৰিবলৈ মাজে মাজে তাহানি আমাৰ ঘৰলৈ আহিছিল। তেওঁলোক নিশ্চয ইহসংসাৰত নাই। শিৱসাগৰত থকা আদৰ্শ-বঙ্গ-বিদ্যালয় আৰু তাৰ হেডপণ্ডিত প্ৰাণকৃষ্ণ কৰ বাবু ক’ত? তাহানি মই সৰুতে বঙলা স্কুলত পঢ়োতে এদিন মোৰ পেট কামুৰিছে বুলি তেওঁৰ ওচৰত ছুটি লবলৈ যাওঁতে, তেওঁ মোক সুধিছিল “আজি তুমি কিমান কোমল চাউল খালা?” দ’লৰ টিনাই ঠাকুৰ আৰু নগৰ মহল মৌজাদাৰ বৰঠাকুৰ ক’ত? বপুৰা টিনাই ঠাকুৰ। তেওঁ দিনে দুপৰীযা খাই বৈ উঠি এঘুমটি শোৱা অভ্যাস কৰি লৈছিল। কেতিয়াবা শুবলৈ নোপোৱাকৈ কৰবালৈ যাব লাগিলে তেওঁ খোজ কাঢ়িযেই টোপনিযাই গৈছিল। তেওঁৰ কাৰ্যপ্ৰণালী আছিল এনেকুৱা :—

 তেওঁ এশ কি দুশ খোজৰ বাটডোখৰ এবাৰ চকুমেলি চাই লৈ তাৰ পিছত চকু মুদি খোজ কাঢিছিল। যেতিয়াই তেওঁৰ জোখৰ বাটছোৱা পৰে, তেওঁ চকু মেলে। আৰু আকৌ এছোৱা চাই লৈ চকু মুদি খোজ কাঢ়িবলৈ ধৰে। কামটো বুধিযকৰ কাম নহয়নে বাৰু? তেতিযাৰ দিনত মটৰগাড়ীৰ দৌৰাত্ম নাছিল, নতুবা এই প্ৰণালী অচল হলহেঁতেন নিশ্চয। যাওক। আজিকালি অৰ্জ্জুনগুৰিত কোন কোন আছে? পূজনীয় প্ৰাণনাথ বেজবৰুৱা আৰু তেওঁৰ পুতেক লক্ষ্মীনাথ, কাশীনাথ তাত আছে নে? আহি, আমাৰ ঘৰৰ পুখুৰীপাৰত থাকে নে? তেখেতৰ পুতেক শ্ৰদ্ধাস্পদ শ্ৰীযুত নিত্যানন্দ গোসাঁই মোৰ সুহৃদ আছিল। বোধকৰো তেওঁ আজিকালি অধিকাৰৰ পদত।

 আৰু ক’ত মানুহৰ কথা মনত পৰিল। দিখৌৰ কাষত হৰদেউ খাটনিয়াৰ, যোগৰাম পোদ্দাৰ ইত্যাদিলৈ। আমাৰ ঘৰৰ ঘৰগিৰিয়নী ঘিণলাগী বাই, লইভা বেজিনীলৈ। তেওঁলোকে বেজিনীৰ ব্যৱসায আজিও শিৱসাগৰত কৰি ফুৰি নে? আজিও বুদু ভকতে বাঢ়ৈৰ কাম আৰু লগে লগে কাছাৰী ঘৰৰ আগত 'টাউট’ৰ কাম কৰে নে? মণিৰাম আৰু ধূলিৰাম ডাক-হৰকৰাই আজিও শিৱসাগৰত ডাকৰ চিঠি বিলায় নে? দিখৌৰ পাৰহাটত ৰঙাই ঘাটৈয়ে নাও পাৰ কৰিছিল। ইমান দিনে সেই ঘাটৈ তাত আছে নে? গোলাম পাৰ্টিৰ ৰঙামুৱা পিথু আৰু তাৰ পুতেক [ ২১৫ ] পানীৰাম মজুৰি লৈ লোকৰ বন বাৰি আগৰ দৰে আজিও কৰে ফুৰে নে? সিহঁতৰ ঘৰত লগৰীয়া বনুৱা জুৰ্‌মনেই বা কত? তাহানি ভিনিহিদেউ মুক্তানাথ ফুকনৰ ঘৰত লিগিৰী এজনী আছিল। তাইৰ নাম ভদৰী। ফুকনৰ ল'ৰাটো আমাৰ ঘৰলৈ আহি, উলটি যোৱাত পলম হলে তাই ফুকনৰ ঘৰৰ পাছফালৰ বাৰীৰ পৰাই চিঞৰিছিল—“অ বব লুপি! আহ ঐ।” আজি আমাৰ শিৱসাগৰৰ ঘৰলৈ গ'লে তাইৰ সেই ৰিং শুনিম নে? বিদ্যাধৰ চিৰস্তাদাৰ ভিনিহিৰ ঘৰত দুজনী বেটী। আছিল। এজনীৰ নাম সৰুকণ, আনজনীৰ নাম গেলী। সিহঁতলৈকো মনত পৰিল। মৰিদিখৌত আজিকালিও অনেক মানুহ গোট খাই পল বাবলৈ আহে নে? আৰু তাহানিৰ নিচিনাকৈ উকিয়াই চাৰিওফালৰ পল বোৱা মানুহক সিহঁতে মাতে নে? মই তাহানি মৰিদিখৌত জাৰকালি দল চেলাই মাছ ধৰিছিলো। আজিকালিও সেই দৰে কোনোবাই মাছ কাছ ধৰে নে? মৰিদিখৌৰ পাৰৰ সেই বৰ পলাশজোপাত আজিও সেইদৰে গছ ভৰি পলাশ ফুল ফুলে নে? মানুহব ল’ৰাকালডোখৰ কল্পনাৰ ৰামধন। কত ৰকম উজ্জ্বল ৰহণেৰে যে সেই ডোখৰ কাল ৰহণোৱা হয় তাৰ লেখজোখ নাই। মানুহৰ মুখে শুনিছিলো যে আৰিমত্ত বজাই সোণ আৰ ৰূপেৰে খুন্দ খুৱাই ভৰাই দি তেওৰ নাওখন এই মৰিদিখৌতে বুৰাই থৈ পৃথিৱী এৰি স্বগ লৈ গুচি গৈছিল। এতিয়াও হেনো বিচাৰিলে পানীৰ তলত বোকাত পোত গৈ থকা নাওখন পোৱা যাব পাৰে। এডাল সোণৰ শিকলিৰে হেনো নাওখন পাৰৰ হিজল গছজোপাত আজিলৈকে বন্ধা আছে। মই কতদিন মৰিদিখৌব পাৰে পাৰে সেই নাওখনৰ ফুট উলিয়াবলৈ ডাঙৰ ডাঙৰ গছৰ গুৰিত চাই ফুৰিছিলো যদি শিকলিডাল চকুত পৰে। মনৰ ভাব এনেটো যে এনাও সোণ-ৰূপ পাই একেবাৰেই মই ধনৰ গছৰ আগত নিশ্চয় উঠিব পাৰিম। কিন্তু মই নিজে উঠিবলৈ মোৰ সেই চেষ্টা নহয়, মোৰ দেউতাক আৰু মই ভাল পোৱা আমাৰ ঘৰলৈ অহাযোৱা কৰা দেউতাব বন্ধু- বান্ধৱসকলক তুলিবলৈহে। সেইসকলৰ ভিতৰত মান্যবৰ গঙ্গাগোবিন্দ ফুকনো এজন আছিল। আৰু ভাৱিছিলো, দেউতাৰ ধাৰবোৰ মই তেনেহলে মাৰি দি দেউতাক নিশ্চিত কৰিব পাৰিম আৰ মোৰ মাতৃদেৱী আৰু বৌসকলৰ গাবোৰ ভাল ভাল কাপোকানি গহনাৰে ভৰাই দিব পাৰিম। এই কেইটা কাৰ্যৰ পিছত আনন্দ মনেৰে মই এই পৃথিৱীত ঘুৰি ফুৰিম। আৰ শেষত বঢ়া বয়স ডোখৰৰ তিনি ভাগৰ এভাগ আমাৰ গুৰুঘৰ বদলা আতৰি থান কমলাবাৰীত আৰু এভাগ জগন্নাথ ক্ষেত্ৰত আৰু এভাগ বৃন্দাবনত কটাই দিম। এনে মতলব কৰি কাকো নোকোৱাকৈ মই দিনে মৰিদিখৌ পাৰে পাৰে হাবিয়ে-বননিযে বৰ বৰ গছবোেৰৰ গুৰিবোৰলৈ চকু দি ঘুৰি ফুৰিছিলো। আমিও ৰজাৰ সাধুটো যিসকলে জানে, তেওঁলোকলৈ নহয়, নজনাসকললৈ তাৰ সংক্ষেপ বিৱৰণ তলত দিলোঁ।

 আমিও ৰজা মইমত্ত ৰজাৰ পুতেক। মইমত্ত নিজ ৰাজ্য ৰত্নপুৰত ৰাজত্ব কৰি, তেওঁৰ পুতেক আৰিমত্তক বিশ্বনাথত ৰজা কৰি দিলে। আজিকালি যাক মাজুলী বলে তাতেই ৰত্নপুৰ ৰাজ্য আছিল। অলপ আগৰ পৰা কথাটো কওঁ। মইমত্তৰ [ ২১৬ ] দুজন পুতেক হৈছিল। এজনৰ নাম নাগমত্ত আৰু আনজনৰ নাম আৰিমত্ত। কিন্তু দুই ভায়েকৰ মাজত মিলাপ্ৰীতি নথকা দেখি বুঢ়া মইমত্ত ৰজাই ভাবিলে যে তেওঁ জীযাই থাকোঁতেই দুই পুতেকক দুখন ৰাজ্যত সুকীয়াকৈ বহুৱাই দি যোৱা ভাল নতুবা দুয়ো দন্দ-হাই কৰি ৰাজ্য ধ্বংস কৰিব। ইযাকে ভাবি তেওঁ তেওঁৰ মন্ত্ৰী মনোছৰক পঠিয়াই দি বিশ্বনাথ পৰ্ব্বতৰ অলপ পশ্চিমত ব্ৰহ্মপুত্ৰৰ উত্তৰত আৰু দীক্‌ৰাই নদীৰ কিছু দক্ষিণত এখন নগৰ সজাই দিযালে। নগৰখনৰ নাম বিশ্বনাথ থলে। নাগমত্তক সেই ৰাজ্য ও ৰজা পাতি মইমত্তই আৰিমত্তক নিজৰ লগত ৰত্নপুৰতে ৰাখিলে। বুঢ়াৰজাই বযবস্তু সকলোকে সমানে দুভাগ কৰি দুই পুতেকক দিলে। নাগমত্তই বিশ্বনাথতে নাগেশ্বৰ নামে শিল্প স্থাপন কৰি ৰাজত্ব কৰিবলৈ ধৰিলে। কিন্তু দৈৱদুৰ্ব্বিপাকত কুৰি বছৰ বযসতে নাগমত্ত পৰলোকলৈ গ’ল। বুঢ়া ৰজাই কান্দিকাটি বৰ শোক কৰি তেওঁৰ দ্বিতীযজন পুতেক আৰিমত্তক বিশ্বনাথত ৰজা পাতিলে। ৰত্নপুৰত বুঢ়া ৰজা মইমত্ত। আৰিমত্ত অপুত্ৰক।

 এদিন মইমত্ত ৰজাই পুতেকক চাবলৈ বিশ্বনাথকৈ গ’ল। পুতেকে বাপেকক পাই অতি আদৰ ভক্তি কৰি ৰাজ্যত ৰাখিলে। এদিন মইমত্তে আৰিমত্তক ক’লে—“বোপা! নাগমত্ত মৰিবৰে পৰা মই বেজাৰত মৃগযা কৰা নাই। ক্ষত্ৰিযৰ ধৰ্ম্ম মৃগয়া কৰা সেইদেখি আজি মই তোমাৰ সৈতে মৃগযা কৰিবলৈ যাব খুজিছোঁ, ব’লা। পশুৰ মাংসৰে মাংস সৰ্ব্বকা শ্ৰাদ্ধ কৰিলে অশেষ পুণ্য হয। বাপেকৰ কথা শুনি আৰিমত্তই আনন্দেৰে বাপেকক লগত লৈ মৃগযালৈ যাবলৈ প্ৰস্তুত হ’ল। এই খবৰ শুনি বুঢ়া মন্ত্ৰী মনোহৰে ৰজাৰ আগত মিনতি কৰি কলে—“স্বৰ্গদেউ। বন্দীৰ দোষ মৰিষণ কৰিব, একেষাৰ কথা কওঁ। শাস্ত্ৰত কৈছে পিতা আৰু পুত্ৰই লগ লাগি ব্যাধৰ কাৰ্য কৰাটো গৰ্তি। দ্যুত-ক্ৰীড়া, ধন ধাৰে দিয়া আৰু নিয়া, পাশা, দবা আৰু পাঁচি ইত্যাদি খেল পিতা-পুত্ৰৰ ভিতৰত অকৰ্ত্তব্য।” কিন্তু মন্ত্ৰীৰ এই হাকবচন বাপেক-পুতেক দুযো নুশুনি মৃগযা কৰিবলৈ গ’ল। দুয়ো যাঠী, শেল শূল আৰু নানা ৰকম অস্ত্ৰ লৈ সসৈন্যে ঘোৰ অৰণ্যত প্ৰৱেশ কৰি অলেখ জন্তু বধ কৰিলে। বাঘ ভালুক, বৰা, ম’হ, গড়, মেঠোনৰ পৰা আৰম্ভ কৰি শহা পহুলৈকে মাৰি দমাই পেলালে। ইয়াৰ পিছত দৈৱ-দুৰ্ব্বিপাকত আৰিমত্তই এটা হৰিণা পহুলৈ কাঁৰ মাৰি পঠিযালত, পহুটোৰ গাত নালাগি কাঁৰপাত বাপেক মইমত্তৰ গাত লাগিল আৰু বাপেকৰ মৃত্যু ঘটিল। আৰিমত্তৰ গাত পিতৃবধ পাতক লাগিল। তেওঁ কান্দিকাটি নগৰলৈ উভতি আহি ব্ৰাহ্মণসকলক মাতি আনি তেওঁক পৰাচিত কৰাই পাতকৰ পৰা উদ্ধাৰ কৰিবলৈ কালত, ব্ৰাহ্মণসকলে একবাক্যে ৰজাক কলে যে আমি ইয়াৰ পৰাচিত কৰিব নোৱাৰে। ইয়াৰ পৰাচিত তুষানলত প্ৰাণত্যাগ। তাৰ পিছত আৰিমত্তই ৰত্নপুৰত মন্ত্ৰীৰ পুতেক মনোহৰৰ গাত ৰাজ্য পালন কৰিবৰ ভাৰ দি আৰু বিশ্বনাথত বুঢ়া মন্ত্ৰীৰ গাত ভাৰ দি জগন্নাথ ক্ষেত্ৰলৈ গ’ল। বাটত সাক্ষিগোপাল পাওঁতেই তেওঁ দেখিলে যে তেওঁৰ গাত কুষ্ঠ ব্যাধি ওলাল আৰু স্বপ্নত জগন্নাথে পাণ্ডাক আদেশ দিলে যে পিতৃবধী আৰিমত্তক যেন জগন্নাথলৈ যাব দিয়া নহয়। আৰিমত্ত ব্যৰ্থ [ ২১৭ ] মনোৰথ হৈ উভতি আহি গঙ্গাত তেওঁৰ ধনসোণ সমৰ্পি পাপৰ পৰা অব্যাহতি পাবৰ চেষ্টা কৰাত গঙ্গাযো তেওঁৰ ধনসোণ দলিযাই পেলাই তেওঁক বিমুখ কৰিলে। ইযাৰ পিছত তেওঁ নিৰূপায হৈ বিশ্বনাথলৈ উভতি আহিল। তেওঁৰ মনত সুখ নাই। তেওঁ ভাবিলে তেওঁৰ ভনীযেক ভেলাদৈক ব্ৰহ্মপুত্ৰই বিয়া কৰিছে যেতিয়া, ব্ৰহ্মপুত্ৰৰ ওচৰলৈকে যাওঁ যদি ব্ৰহ্মকুণ্ডত তেওঁৰ পাপমুক্ত হ’ব পাৰে। ইহাকে ভাবি তেওঁ নাৱেৰে উজাই চৌখান ৰাজ্য পালেগৈ আৰু তাৰ পিছত মিছিমিৰ ৰাজ্যত প্ৰৱেশ কৰিলে। লগত অসংখ্য ধনসোণ তেওঁ লৈ গৈছিল, ব্ৰহ্মপুত্ৰক দিবলৈ। কিন্তু দুখৰ কথা-ব্ৰহ্মপুত্ৰইও ধনসোণ নলৈ তেওঁক পাপমুক্ত কৰিবলৈ অস্বীকাৰ কৰিলে। ৰজাই দুখ মনেৰে উভতি আহি দিখৌত সোমাল। তেওঁ প্ৰবাদ শুনিছিল যে যেতিযা দিখৌৰ গৰা খহিব, পানীত কুহিমাছ হব আৰু পাৰত ঝাওবন গজিব তেতিযা দিখৌ গঙ্গাৰ সমান হ’ব। এই কথা হেনো পূ্ৰ্ব্বত বশিষ্ঠ মুনিযে কৈছিল। দিখৌৰ তেনে হোৱা দেখি, তেওঁ উজাই গৈ শিৱসাগৰৰ ( পিছৰ কালত শিৱসাগৰ নাম পোৱা) ওচৰৰ দিখৌত তেওঁৰ অনা ধনসোণ নাওখনেৰে সৈতে বুৰাই দি শিকলি এডালেৰে সেই বুৰা নাওখন এজোপা হিজল গছত বান্ধি থৈ পানীত পৰি মৰিল। দিখৌৱে সেইদেখি সেই ঠাইক এৰি আনফালে বৈ গ’ল আৰু দিখৌৰ সেই দোখৰেই মৰিদিখৌ নাম পালে। মই কত দিন সেই হিজলজোপা অকলে অকলে বিচাৰিছিলো আৰু নাপায ব্যৰ্থ মনোৰথ হৈ ঘৰলৈ উভতি গৈছিলো। তাহানি দোক্‌মিকালিতে মই হাতত কুকি লৈ নিজৰ ফুলবাৰী আৰু লোকৰ ফুলনিবাৰীতো সোমাই গোসাঁই-পূজালৈ ফুল তুলিছিলো। আজিকালি ল’ৰাবোৰে তেনে কৰে নে? তাহানি মাঘৰ বিহুত মই আনৰে সৈতে হাঁহকণী যুঁজাই- ছিলো। চ’তৰ বিহুত প্ৰায গোটেই মাহ জুৰি পঁচি খেলিছিলো। এতিযা তেনে ৰং-ধেমালি শিৱসাগৰত আছে নে? ৰাজহুৱা নামঘৰত বৰসবাহ পূজা আদি উৎসব হযনে? নিশ্চয় কালৰ গৰাহত এইবোৰৰ সৰহখিনি সোমাই নাইকিযা হৈছে চাগৈ। যি হওক আজি শিৱসাগৰ মোৰ মনত তীৰ্থস্থান হৈ পৰিছে। শিৱসাগৰৰ সীমা পালেই, মই এবাৰ মটৰগাডীৰ পৰা নামি মোৰ শিৰত শিৱসাগৰৰ ধূলি এচিকটা লম। নিশ্চয় মোৰ কাৰ্য্য দেখি লগৰীযাসকলে হাঁহিব। হাঁহে হাঁহিব তথাপি লম।

 এনেবোৰ ভাবে মোৰ মনটো তলওপৰ কৰি গৈছে। এনেতে দিছাং নৈ পালোঁগৈ। দিছাং শব্দটো শুনিয়েই মোৰ মনটো প্ৰসন্ন হৈ পৰিল। এই নৈখনেই নে সেই দিছাং- যাৰ মুখত মই ডাকজাহাজত উঠি ১৮৮৬ খৃষ্টাব্দত কলিকতালৈ গৈছিলোঁ। শিৱ- সাগৰৰ ঘৰৰ পৰা দিছাংমুখলৈ আহোঁতে আৰু তাৰ পৰা মাজে মাজে কলিকতাৰ পৰা মাজে মাজে কলিকতাৰ পৰা আহি শিৱসাগৰলৈ যাওঁতে প্ৰত্যেক বাৰতে মোৰ কি কি দুখ হৈছিল সকলোবোৰে শাৰী পাতি মোৰ মনৰ আগত থিয় হ'ল। ঘাইকৈ, যিবাৰ দিছাং মুখৰ পৰা পাৰিছিলো আৰু যিটো গমনৰ কথা মই কৃপাবৰ বৰুৱাৰ ওভতনি কিতাপত ওলোৱা “অশ্বাৰোহণ পৰ্ব্বত লেখিছিলো। দিছাং পাৰ হোৱাৰ পিছৰ পৰাই মোৰ শিৱসাগৰ পালোঁহি পালোঁহি লাগিল। কিছুমান বেলিৰ মূৰত [ ২১৮ ] সঁচাকৈয়ে বৰপুখুৰীৰ পাৰৰ ডাকবঙলাত আমাৰ গাড়ীখন ৰ’লগৈ। আমি গাড়ীৰ পৰা নামি ডাকবঙলাত সোমাই তাতে থাকিবৰ দিহা কৰিলোঁ। ছব্ ডিভিজনেল অফিচৰ হাকিম ভুঞা সহধৰ্ম্মিণীৰে সৈতে দিনচেৰেকৰ নিমিত্তে তাতে আছিল। তেওঁ- লোকেই আমাক আদৰ অভ্যৰ্থনা কৰি আমাৰ ডাকবঙলা বাস সুখকৰ কৰি দিলে।

 মোৰ হেঁপাহৰ বৰপুখুৰীটো দেখিলোঁ। তাৰ পানী আগৰ দৰেই চপ্ চপীয়া আৰু সুনিৰ্ম্মল। আগৰ দৰেই তাত বনৰীযা ৰাজহাঁহ চৰি আছে, আৰু সেই দৃশ্যই দৰ্শকৰ মন মোহিছে। কিন্তু তাৰ পাৰ কেইটাৰ কি দুৰৱস্থা! যি বৰপুখুৰীৰ ইটাগুৰীযা ৰঙা পাৰৰ বাটত বেজী এটা পৰিলেও সেই আগৰ আমাৰ দিনত অনাযাসে বুটলি লব পাৰি তেনে পাৰৰ, ঘাইকৈ উত্তৰ আৰু পশ্চিম পাৰ বাট দুটাৰ অৱস্থা কি লৈলৈ, থৈথৈ! পাৰঁৰ কাষৰ পানীত চাৰিওফালে ঘাঁহবনৰ মহা পযোভৰ। সেইবোৰে জুৰি সিহতৰ অখণ্ড প্ৰতাপ বিস্তাৰ কৰি বৰপুখুৰীৰ পুত আশীৰ্ব্বাদত শিৱসাগৰৰ মানুহে কি জাৰকালি, কি ঘামকালি কি বাৰিষাকালি সুস্থ শৰীৰ আৰু সুদীৰ্ঘ জীৱন লাভ কৰি আছে, সেই বৰ পুখুৰীৰ প্ৰতি শিৱসাগৰীযাই ৰজাঘৰ আৰু প্ৰজাঘৰৰ এনে আওহেলা। সেই বেজাইৰ কথা থবলৈ ঠাই নাই। শিৱসাগৰ প্ৰধান চহৰ গুচি মহকুমা হ’ল যদি হ’ল, সেইবুলি শিৱসাগৰীযাই শিৱসাগৰখন আৰু বৰপুখুৰীৰ পাৰকেইটা বাতিবুতি অঁতাইপিতাই চিকুণাই ৰাখিব নোৱাৰিলে, শিৱসাগৰীযাৰ মান কোনটো আমাৰ ভিতৰত থাকিব? হেৰা শিৱসাগৰীযা! তুমি মোক কোৱাচোন তোমাক সুধিছোঁ জয়মতী উৎসৱ কৰোঁতে শিৱসাগৰীযাৰ জযসাগৰ আজিও জহন্নামলৈ যোবা অৱস্থাতে। শিৱসাগৰকো তেওঁলোকে বাযেক জযসাগৰৰ বাটলৈ ঠেলি পঠিযালে শিৱসাগৰীযাৰ যশস্য শিকিযাত তুলি থ’ব লাগিব। মিউনিছিপেলিটী আৰু ডিষ্ট্ৰিক্ট বোৰ সভ্য আৰু সভাপতি প্ৰকৃত Civic duty লৈ অৰ্থাৎ নাগৰিক কৰ্তব্যলৈ পিঠি দি আন প্ৰকাৰে প্ৰভুসকলৰ প্ৰিযপাত্ৰ হৈ উপাধি আৰু যহলৈ হাত মেলাটোৱেই শিৱসাগৰীযাৰ এক মাথোন কৰ্ত্তব্য নে? ছৌল তিনিটাক জানিবা দৌলৰ ভিতৰৰ অধিষ্ঠাতৃ দেৱতা তিনিজনেই আগৰ দৰেই ৰাখি থৈছে, বৰপুখুৰীটোক ৰক্ষাৰ ভাৰ ভিতৰত থকা জলকোঁৱৰৰ হাতত দিযেই শিৱসাগৰীযা নিশ্চিন্ত নেকি?

 আবেলি আমাৰ পুৰণি ঘৰ চাবলৈ গ’লো। দৌলৰ মুখৰ পৰা আমোলাপটিৰ ফালে যোৱা পোন বাটটোক পাহৰিবৰ উপায় নাই। কিন্তু যেতিযা ৰোহিণীকুমাৰ বোপাই মটৰ গাড়ীখন বাঁওফালৰ এপিনে সুমাবলৈ নিলে, মই তেওঁক সুধিলোঁ ক’লৈ নিছা? তেওঁ ক'লে—“আপোনালোকৰ ঘৰলৈ যোৱা এইটোৱেই বাট।” মই দৃঢ়- ভাবে কলো “নহয”। তেওঁ ক’লে—“হয়”। তথাপি মোৰ সন্দেহ নগল। এঘবৰ দুৱাৰমুখত যেতিযা গাডীখন ৰলগৈ, মই নামি মানুহ এটাক সুধিলোঁ, “এইটো কাৰ ঘৰ ককাই?” সি মোৰ ককাইদেউৰ নাম কল’তহে মোৰ ভ্ৰমদূৰ হ’ল। হৰি হৰি! এযেই নে প্ৰকাণ্ড টোলেৰেঘৰবাৰীৰ অৱস্থা! আমাৰ টোললৈ সোমোৱা বাটৰমুখত থকা সেই [ ২১৯ ] ওখ বাটচৰাটো ক’লৈ গ’ল? তাৰ পৰা ঘৰলৈকে দীঘলীয়া বাটৰ দুই কাষে থকা দুশাৰী নাহৰ গছ নেদেখোঁ দেখোন? বাটৰ মুখৰ সেই প্ৰকাণ্ড জৰী গছজোপা কোনে চুৰ কৰিলে? দেউতাৰ দৰবৰ ঘৰ, চৰাঘৰ, গোসাঁইঘৰ, ৰান্ধনিঘৰ, মাৰলঘৰ, বৰঘৰ প্ৰভৃতি ক’ত মাৰ গ’ল? দৰবৰ ঘৰৰ সমুখত থকা কাঞ্চনফুল গছজোপাৰ দেখোন চিনমোকাম নাই। বৰঘৰৰ মূধৰ ফালে থকা বৰ আম গছজোপা দেখোন লুপ্ত। তাৰ পৰা পাৰি ডাঙৰ পকা আম খোৱা মোৰ এতিয়াও মনত আছে। ভিতৰৰ ফালে সোমাই গৈ দেখিলোঁ পুখুৰীটোৰ নান্নং নবস্ত্ৰং নৰবাৰিপাত্ৰং অৱস্থা। তাৰ দেখোন জকাটোহে বাকাটোহে বাকী। পুখুৰীৰ পাৰ কেইটা খহি জহি পুখুৰীটো দেখোন পুখুৰী গুচি ডাঙৰ খাল নে ডোং কিবা এটাতহে পৰিণত হবলৈ গ’ল। মোৰ সৰুকালত এই পুখুৰীযেই অশেষ লীলাখেলাৰ থল আছিল বুলি আজি মই শপত খাই ক’ব পাৰো নে? যিটো পুখুৰীত মই শপত খাই ক'ব পাৰো নে। যিটো পুখুৰীত মই সাঁতুৰি, জপিযাই খৰ মাৰি বুৰ মাৰি, নাও খেলাই তোলপাৰ লগাই দিছিলোঁ, সেইটো পুখুৰী সঁচাকৈযে এইটোৱেই নে? পাৰৰ তেঁতেলীজোপাই বা গ’ল ক’লৈ? তামোল গছ আৰু কঠাল গছজোপাক বা কোন অজগৰে গিলিলে? যি তেঁতেলীজোপাৰ ডালত মই দুপৰীযা ফস্তি জুৰি শুই থাকি, আবেলি সেই আৰাম পৰিহাৰ কৰি উঠি তাৰ পৰা জাপ মাৰি পুখুৰীত পৰি নানা বিধ জলক্ৰীড়া কৰিছিলো, সেই তেঁতেলীৰ অন্তৰ্দ্ধান মোৰ পক্ষে নিতান্ত অসহ্য। আমাৰ ঘৰৰ কাক সুধিম—হেৰা অমুক। হেৰা তমুক। তোমালোকে জানা যদি কোৱাচোন এই পুখুৰীৰ আদখিনি গা আবৰি থকা সেই মোৰ মৰমৰ তেঁতেলীজোপা ক’লৈ গ’ল? এনে বেজাৰ বুকুত লৈযেই বঙালী পৰিব্ৰাজক কৃষ্ণপ্ৰসন্ন সেনে যমুনা নৈখন দেখি গাইছিল —“যমুনে। এই কি তুমি সেই যমুনা প্ৰবাহিনী।” ইত্যাদি। ইযাৰ পিছত আমাৰ মাজুককাইদেও ৰাযছাহাব শ্ৰীযুত জগন্নাথ বেজবৰুবা আৰু তেওঁৰ পুতেক নাতিয়েকহঁতক চাই, তেওঁৰ তাতে অলপ বহি জিৰাই শতাই বাহিৰলৈ আহি চহৰ ঘূৰিবলৈ গ’লোঁ। কিন্তু চহৰৰ যলৈকে যাওঁ, ত’তে আগৰ চিন-চাব একো নেদেখোঁ। অৱশ্যে উদ্গ‌তিৰ ফলত যে পুৰণি চিন-চাব নাইকিযা হৈছে নহয অধোগতিৰ বলতহে। ডিবুৰুগডৰ পৰা আহোঁতে বাটত মই যিবোৰ চিত্ৰ মনত আঁকি আহিলো, সেইবোৰ সেপাই মচ খালে। মোৰ আগত এখন আচহুৱা ডালদৰিদ্ৰ শিৱসাগৰ হাজিৰ হ’লহি। বিৰক্ত হৈ মনৰ ভিতৰতে ক'লোঁ—“ৱেল! হাম এহি শিৱসাগৰ নাহি মাংতা! হামাৰা পুৰণা শিৱসাগৰকু দেখলেও’’ কোনে মোৰ কথা শুনে! কোনেই বা এই ফপহুৱা হাকিমৰ হুকুম তামিল কৰে!!

 আগৰ তৰফৰ মানুহ যাক মই চিনিছিলো জানিছিলো, তাৰ দুজন কি এজনৰ বাহিৰে কোনো নাই। মোৰ মনৰ পটত চিত্ৰিত হৈ থকা শিৱসাগৰক কালৰ অনন্ত কোটী উযে খাই ধ্বংস কৰিলে। মোৰ বুকুৰ জপাত সুমাই থোৱা শিৱসাগৰক নিগনি [ ২২০ ] শলিয়াই কুটি খাস্তাং কৰিলে। মোৰ হেঁপাহৰ শিৱসাগৰ বৃন্দাবন পুৰি ছাই হ’ল। সেই প্ৰকাণ্ড ধ্বংসৰ বাতৰি মোক দিবলৈ তাৰ ছাইবোৰহে মোৰ চাৰিওফালে উৰি ফুৰিছে। শ্লোক মনত পৰিল :

 যদুপতেঃ ক্বগতা মথুৰাপুৰী।
ৰঘুপতেঃ ক্বগতোত্তৰ কোশল।

যৎপৎ থকা ঠাইলৈ উলটি গ’লোঁ।

 ওপৰত উল্লেখ কৰা বিষাদৰ কথাবোৰ আঁতৰাই থৈ কওঁ যে মই শিৱসাগৰ সোমোৱা মুহুৰ্তৰ পৰা মোৰ প্ৰতি শিৱসাগৰৰ মানুহৰ মৰমচেনেহ আদৰ অভ্যৰ্থনাৰ অন্ত নপৰিল। সাহিত্য সভা, বিদ্যাপীঠ, শঙ্কৰ সমিতি প্ৰভৃতি কেইবাখনো সভা- সমিতিওঁ তেওঁলোকে মোক সমাদৰ আৰু মৰম বিতৰণ কৰি ধন্য কৰিছিল। তেওঁলোকৰ আগত মই কৃতাঞ্জলি কৰি কৃতজ্ঞতা জনাবলৈ থিয় হ’লোঁ।

 ১৫ অক্টোবৰৰ দিনা আমি শিৱসাগৰ পাইছিলোগৈ। ১৭ অক্টোবৰৰ দিনা শিৱসাগৰ এৰি মটৰেৰেই যোৰহাটৰমুৱা হ’লোঁ। *

 অক্টোবৰৰ সোতৰ তাৰিখে যোৰহাট পালোগৈ। যোৰহাট পাবলৈ তিনিমাইলমান বাট আছে, এনেতে দেখিলোঁ, সেইফালৰ পৰা খনচেৰেক মটৰগাড়ী আমাৰ ফালে আহিব লাগিছে। অলপৰ পিছতে দেখিলোঁ, যোৰহাটৰ গণ্যমান্যসকলৰ ভিতৰত, মোৰ পুৰণি বন্ধু জনচেৰেক আমাক আগবঢ়াই নিবলৈ আহিছে। তেওলোকৰ মোৰ প্ৰতি মৰম আৰু আগ্ৰহ দেখি সঁচাকৈযে মোৰ চিত্ত আনন্দত গদ্‌গদ্‌ হ’ল। ঈৰৰৰ অশেষ কৰুণা যে তেওঁলোকৰ এই নগন্য বন্ধুৱে তেওঁৰ দীঘল প্ৰৱসুৱা জীৱনত কোনো গৰ্হিত কাম কৰি তেওঁৰ অসমীযা ভাই বন্ধুসকলৰ স্নেহ আৰু শ্ৰদ্ধা হেৰুৱা নাছিল সঁচাকৈযে অসমৰ ভিতৰলৈ মই যিমান সোমাই গৈছিলোঁ মোৰ স্বদেশী ভাই সকলৰ মোৰ প্ৰতি সৰল সদয আৰু স্নেহপূৰ্ণ ব্যৱহাৰ দেখি মোৰ বুকুখন দিনকদিনে ডাঠ হৈ গৈছিল।

 যোৰহাট ডাকঙবলাত আমি উঠিলোহকগৈ। ডাকঙবলা পোৱা মুহুৰ্ত্তৰ পৰা আমাক লগ ধৰিবলৈ অহা যোৰহাটবাসী ভাই বন্ধুসকলৰ অবিৰাম সোঁত আমি তাত থকা কেইদিন আমাৰ ফালে বৈছিল। পিছ দিনা ওঠৰ তাৰিখে চন্দ্ৰকান্ত সন্দিকৈ হলত বিৰাট সভা পাতি মোক অভ্যৰ্থনা কৰিবৰ আয়োজন কৰা হ’ল। সেই সভালৈ গৈ মই দেখিলো যে মানুহেৰে সভাঘৰ অকল ভৰি পৰিছে এনে নহয়, সভাঘৰৰ বাহিৰতো মানুহে ছাটি পৰিছে। সভাঘৰৰ ভিতৰত মানুহৰ ছাটি পৰিছে। সভা- ঘৰৰ ভিতৰত মানুহৰ যেনেকৈ পয়োভৰ সঙ্গীত বিয়াহ গোৱা ইত্যাদি উৎসৱৰো তেনেকৈ পযোভৰ। মই অকলে নিমন্ত্ৰিত হৈ গৈছিলোঁ। মোৰ সহধৰ্ম্মিনী, জীহঁত আৰু জোঁৱাই নিমন্ত্ৰিত হোৱা নাছিল। কিয় ক’ব নোৱাৰে। সভাত বৰধলৰ নিচিনা সেই আনন্দোৎসৱ দেখি, তাৰ ভাগ মোৰ সহধৰ্ম্মিনী আৰু জী-জোঁৱায়ে


  • বাঁহী—২০ বছৰ, ৮ম সংখ্যা, বহাগ ১৮৫২ শক। অ হা [ ২২১ ] নোপোৱাত মোৰ মন অলপ ক্ষুন্ন হৈছিল আৰু সেই কথা মই উদ্যোগ কৰ্ত্তাসকলক জনাইছিলো। বোধকৰোঁ তেওঁলোকৰ পাহৰণি নাইবা মতামানুহেৰে সৈতে তিৰোতাসকল একে সভাতে নবহা কিবা নিযমৰ নিমিত্তে কিজানি তেনে হৈছিল। যি হওক সভাৰ কাৰ্য অতি আনন্দকল্লোলৰ ভিতৰত সম্পাদিত হৈ গ’ল। বদন বৰফুকনৰ সম্পৰ্কে এটা গীত শ্ৰীযুত শশীচন্দ্ৰ বৰবৰুৱাকে প্ৰমুখ্য কবি জনচেৰেক ডেকাই বিবাহ গোৱাৰ গঢ়েৰে গাইছিল। বস্তুটি অতি উপদেয হৈছিল। পাহৰণিৰ দৌৰাত্ম মোৰ ওপৰত অতি ভীষণ। সেই গীত বা কৱিতাটোৰ ৰচনাৰ কথাবোৰ মোৰ চিনাকি চিনাকি যেন লাগিছিল অথচ কোনো পধ্যে মনত পেলাব নোৱাৰিছিলো, আগেয়ে ক’ত শুনিছিলো। সভা ভাগিযোৱাৰ পিছত যেতিযা শ্ৰীযুত শশীন্দ্ৰ বৰবৰুৱাক তেওঁলোকৰ গীত-নৃত্য আৰু অভিনয়ৰ উৎকৰ্ষৰ বিষযে কৈ মই তেওঁক সেই গীতটো কাৰ দ্বাৰা ৰচিত বুলি সুধিলোঁ, তেওঁ ক’লে যে সেইটো হেনো মোৰ ৰচনা। মই অবাক হলোঁ। তেতিযাহে মোৰ মনত পৰিল যে কথাটো হয়। কিন্তু এই লেখকৰ প্ৰতি পাহৰণিৰ কি পেংলাই।

 ১৯ অক্টোবৰত সেই চন্দ্ৰকান্ত হলতে ৰাজহুৱা চাহ-জলপানৰ আয়োজন বুজনকৈযে হৈছিল। সেই দিনা অৱশ্যে মোৰ সহধৰ্ম্মিনী আৰু জী-জোঁৱাইহঁতো নিমন্ত্ৰিত হৈ গৈছিল। সেই দিনাও যোৰহাট বাসীৰ আনন্দ আৰু মোলৈ শ্ৰদ্ধা তেওঁলোকৰ সঙ্গীত, অভিনয আৰু বক্তৃতাদিত সৰ্ব্বতোভাৱে পৰিস্ফুট হৈ প্ৰকাশ পাইছিল। সঙ্গীতজ্ঞ বন্ধুবৰ শ্ৰীযুত কীৰ্ত্তিনাথ বৰদলৈয়ে আগদিনাৰ দৰে অসমীযা পুৰণি ৰাগ-ৰাগিণীক প্ৰতিমূৰ্ত্তি প্ৰদান কৰি তেওঁৰ ছাত্ৰীসকলৰ দ্বাৰাই গোৱাই আমাক মুগ্ধ কৰিছিল। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যেন তেওঁক দীৰ্ঘজীৱী কৰি ৰাখি অসমীয়া পুৰণি গীত-মাতক আৰু সজীৱ কৰি তুলিব পৰা কৰে। অসমত প্ৰচলিত পুৰণি ৰাগ-ৰাগিণীৰে সৈতে অসমীযা সঙ্গীত পুনৰ্জ্জীৱিত হৈ উঠাটো দেখি গ’লে মোৰ জীৱন ধন্য হ’ব বলি মই নিশ্চয়কৈ ভাবোঁ। কুৰি অক্টোবৰৰ দিনা বেজবৰুৱা হাইস্কুলৰ ছাত্ৰ আৰু শিক্ষকসকলৰ অভ্যৰ্থনা, অভিনন্দন ইত্যাদি মহোৎসৱৰ বৰষুণেৰে সৈতে প্ৰকৃতিযে বৰষা বৰষুণকো আমি শিৰোধাৰ্য্য কৰিলোঁ। দুটাৰ অতিশয্যাত আমাৰ অন্তৰ বাহিৰ অভিষিক্ত হৈ পৰিছিল। কিন্তু প্ৰকৃতিৰটো যেই কিবা নহওঁক ছাতৰ আৰু শিক্ষকসকলৰ বৰষুণত মৰম শ্ৰদ্ধা আৰু আন্তৰিকতাৰ জীজ্ থকা নিমিত্তে প্ৰকৃতিৰ নিষ্ঠুৰ বৰষুণতো আমি সেঙেতা লগা নাছিলোঁ। বাহিৰৰ ধাৰাসাৰ বৰষুণৰ যেতিযা ওৰ পৰিল, ভিতৰত বৰষুণত তপত হৈ থকা আমি বাহিৰলৈ ওলাই প্ৰকৃতিৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম চাৰিওফালে আমাৰ বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰি আমাক মৰমৰ উমেৰে তপত কৰি থোৱা ছাতৰ আৰু শিক্ষক বন্ধুসকলক আমাৰ শলাগ জনাই, বাহিৰত থাকি তিতিবুৰি জুৰুলা হৈ কানীয়াৰ দৰে চকু মুদি থকা মটৰক কদৰ্থনা কৰি তাতে উঠি গোলাঘাটলৈ যাত্ৰা কৰিলোঁ।

 গধূলি গোলাঘাট পালোঁগৈ। তাতে গোলাঘাটবাসী বন্ধু-বান্ধৱৰ মহাসমাৰোহ। [ ২২২ ] গোলাঘাটৰ ডাকবঙলাতে অৱস্থান কৰি, ভতিজা কৃষ্ণনাথৰ ঘৰত নানা বিধ অসমীয়া আঞ্জাৰ সহায়েৰে ভাত উদৰস্থ কৰি তৃপ্তি লভি, তাৰ পিছত ৰাতি গোলাঘটীয়া ডেকাসকলৰ ৰঙ্গশালাত অভিনয দেখি সন্তোষ আৰু পথশ্ৰমৰ ভাগৰ আৰু তাৰ ফল টোপনিক বকুত বান্ধি লৈ উলটি আহি শুই থাকি ৰাতিটো পৰমানন্দেৰে কটাই দিলোঁহক।

 পিছ দিনা আবেলি গোলাঘাটত পুৰুষ আৰু মহিলাসকলৰ সম্মিলিত সভাৰ অধিবেশন। ফুল বাগিচাৰ মাজত মুকলি আকাশ আৰু মুকলি বতাহৰ বিপুল অথচ মধুৰ মৃদুল সাহায্যত আমি সমবেত ভদ্ৰলোক ভদ্ৰমহিলা আৰু ছাত্ৰসকলৰ মাজত বহি চাহ-পিঠাপনা প্ৰভৃতি সুমিষ্ট আহাৰেৰে সৈতে সুমধুৰ সঙ্গীত আৰু ডেকা আৰু ল’ৰা এটিযে লগলাগি কৰা হাস্যৰসপূণ ভাও উপভোগ কৰি পুৰুষ মহিলা আৰু ছাত্ৰসকলৰ প্ৰদত্ত অভিনন্দন পত্ৰ গ্ৰহণ কৰি সন্ধ্যা লাগি ভগা সমত যোবহাটলৈ উভতি আহিবৰ নিমিত্তে পুনৰ মটৰাৰোহন কৰিলোঁ। সেইদিনা দীপান্বিতা আছিল। বাটৰ মানুহৰ ঘৰৰ আগত দিয়া নানা ৰকম চাকিৰ বিতোপন পোহৰ চাই চাই, ৰাতি ন মান বজাত আমি আকৌ যোৰহাট পালোঁহি।

 যোৰহাটত সেই দিনা ৰাতি আমাৰ ডেকা বন্ধুসকলে মহা আড়ম্বৰে থিযেটাৰ পাতি আমাক অতি আগ্ৰহেৰে নিমন্ত্ৰণ কৰিছিল দেখি আমি গোলাঘাটত আৰু নাথাকি ততাতৈয়াকৈ সেই ৰাতিয়েই গোলাঘাটৰ পৰা যোৰহাটলৈ উভতি আহিছিলোঁ। মোৰ ভতিজা শ্ৰীমান দেবেন্দ্ৰনাথৰ ঘৰত আমি খাইবৈ ৰাতি এঘাৰমান বজাত থিয়েটাৰ চাবলৈ গলোঁহক। থিয়েটাৰ ঘৰত মানুহ খোন্দ খোৱা। যোৰহাটৰ শীৰ্ষস্থানীয় গণ্যমান্য মানুহৰ পৰা আৰম্ভ কৰি সকলো তৰপৰ মানুহেৰে সভাঘৰ পৰিপূৰ্ণ। কেইবাটাও বছ বছা দৃশ্যৰ অভিনয় কৰি দেখুৱাই অভিনেতাসকলে দৰ্শকসকলৰ মন মুহি পেলাইছিল। শ্ৰীমান পাৰ্ব্বতী প্ৰসাদ বৰুৱাই নটৰাজৰ নৃত্য দেখুৱাই সঁচাকৈয়ে আমাৰ বিস্ময় আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। অসমীয়া ডেকা এজনৰ এনে কৃতিত্ব দেখি সঁচাকৈয়ে মই নিজকে গৌৰৱান্বিত বিবেচনা কৰিছিলোঁ আৰু মোৰ সধৰ্ম্মিনীক কৈছিলোঁ যে তেওঁলোকৰ বঙ্গদেশত পাৰ্বতি প্ৰসাদে এই কাৰ্য্যত তেওঁৰ সহধৰ্ম্মিসকলেৰে সৈতে সমানে জোৰ মাৰিব পাৰিব। পাৰ্বতী বোপাক মই অন্তৰেৰে সৈতে আশীৰ্ব্বাদ কৰি সুচাওঁ, অসমৰ ডাঙৰ ডাঙৰ সত্ৰবোৰত, ঘাইকৈ কমলাবাৰী সত্ৰত পুৰণি কালৰে পৰা প্ৰচলিত Classic চালিনাচ, জুমুৰা নাচকে আদি কৰি নটুৱাৰ নাচবোৰ তেওঁ আয়ত্ত কৰি সেইবোৰ সত্ৰৰ চাৰিবেৰৰ ভিতৰৰ পৰা বাহিৰলৈ আনি অসমীয়া অতুলনীয় নৃত্যকলা জগতবাসীৰ চক্ষুগোচৰ কৰে যেন।

 ৰঙ্গশালত অভিনয় আৰু নৃত্যৰ সামৰণিৰ পিছত দুৰ্ভাগ্যক্ৰমে এটি ঘটনা ঘটিল। অভিনেতা ডেকাসকলে “কৃপাবৰ বৰুৱাৰ ওভতনি” বুলি এটা প্ৰহসন নে কি সেই ৰঙ্গমঞ্চতে আৰম্ভ কৰি দিলে। দৰ্শকসকলে ভাবিছিল আৰু ময়ো ভাবিছিলোঁ যে মোৰ দ্বাৰাই ৰচিত কৃপাবৰ বৰুৱাৰ ওভতনি নাম দি প্ৰহসনৰ নিচিনা কিবা এটা নতুন বস্তু [ ২২৩ ] ৰচনা কৰি তাৰে অভিনয় কৰি আমাক দেখুৱাইছে। তেওঁলোকৰ উদ্দেশ্য যে সজ আৰু আমাক আমোদ দিবলৈকে যে তেওঁলোকে সেই নতুন কৃপাবৰবৰুৱাৰ ওভোতনি চৰ্জ্জন কৰিছিল, তাত মোৰ এধানমানো সন্দেহ নাই। কিন্তু বঙালীয়ে কোৱাৰ দৰে শিৱ গাঢ়োঁতে বান্দৰ হৈ উঠিল। মই যিমান দূৰ বুজিছো তেওঁলোকে প্ৰথমডোখৰত বোধকৰো কৃপাবৰ বৰুৱাৰ বিপক্ষ দল, এটা সৃষ্টি কৰি সেই দলৰ হতুৱাই কৃপাবৰ ৰচোঁতাৰ গ্লানি গোৱাই তাৰ পিছত গ্লানিকাৰকবোৰক কথাই জোৰাই জোখাই উত্তৰ কৃপাবৰানুৰাগী এদলৰ হতুৱাই দিয়াই চুঙা চাই সোপা দিব খুজিছিল। কিন্তু প্ৰথম দলৰ বাক্যবচন শুনি আৰু, সেই অনুযায়ী অভিনয় দেখিয়েই দৰ্শকসকলে পিছলৈ বাট নাচাই উত্তেজিত হৈ উঠল। বাস্তবিকতে তেওঁলোকৰ ভিতৰত প্ৰবল চাঞ্চল্যই দেখা দিলে। খন্তেকতে থিয়েটাঘৰ ইংৰাজীত কবৰ নিচিনা Regular Pandemonium অৰ্থাৎ উচ্ছৃখলতাৰ স্থান হৈ উঠিল। ফলত সেই প্ৰহসনৰ অভিনয় ততালিকে বন্ধ কৰি দিয়া হ’ল। অভিনেতাসকলৰ অনেকে ৰঙ্গমঞ্চৰ পৰা নামি আহি মোৰ ওচৰত দুখ আৰু অনুশোচনা প্ৰকাশ কৰিবলৈ ধৰিলে। বন্ধুবৰ শ্ৰীযুত পূৰ্ণানন্দ পাঠকে যোৰহাটৰ ভদ্ৰলোকসকলৰ হকে সেই কাৰ্য্যত দুখ প্ৰকাশ কৰি থিয হৈ কিছু কথা ক’লে। ময়ো তেওঁলোকৰ অনুশোচনাত সহানুভূতি প্ৰকাশ কৰি কলোঁ যে মই সমূলি বেয়া পোৱা নাই , কাৰণ মই বুজিছোঁ যে তেওঁলোকৰ অনিচ্ছাতে কৰবাত কিবা অলপ কেৰোণ লগাত এনে হৈ উঠল। তেওঁলোকে সজ উদ্দেশ্য লৈ তেনেকুৱা কৰিবলৈ গৈছিল। কিন্তু দৈব্যক্ৰমে তাৰ ফল বিপৰীত হৈ পৰিল। বাস্তৱিকতে আনন্দৰ এৱা গাখীৰ কঁৰীয়াত দৈবাৎ গোবৰ পৰি গাখীৰ কঁৰীয়া নষ্ট হ’ল বুলি মই নিশ্চয় বুজিছিলোঁ। তেওঁলোকে ইমান আগ্ৰহকে তেওঁ- লোকৰ মাজলৈ মোক মাতি আনি যে মোৰ কিবা অপমানজনক কাৰ্য্য কৰিবলৈ যাব, এনেটো ভবাই ভযানক ভুল। তেওঁলোকৰ অনেকক মই ভালকৈ জানো আৰু তেওঁ- লোকৰ মৰম আৰু শ্ৰদ্ধা মই সদায় পাই আহিছোঁ। এতিয়াওঁ কওঁ যে দৰ্শকসকলে প্ৰহসনটোৰ পাছৰছোৱালৈ যদি ধৈৰ্য্য ধৰি অপেক্ষা কৰি থাকিব পাৰিলেহেতেন যি হওঁক যোৰহাটৰ আদৰ অভ্যৰ্থনা আমোদ আহ্লাদৰ অন্ত সেই ৰাতিয়েই পৰিল আৰু পিছদিনা পুৱাই মোৰ ল’ৰাকালৰ পৰা অন্তৰঙ্গ বন্ধু ৰায় বাহাদুৰ শ্ৰীযুত কৃষ্ণকুমাৰ বৰুৱা ডাঙৰীয়াৰ ঘৰত অতি আনন্দেৰে জা-জলপান খাই আমি শিৱসাগৰলৈ উভতি গলোঁহক।

 এইখিনিতে কওঁ যে গোলাঘাটত যদিও আমি ২৪ ঘণ্টাহে আছিলোঁ, তাৰ ভদ্ৰলোক ভদ্ৰমহিলা আৰু ছাতৰসকলৰ আতিথ্য আৰু সমাদৰ আমি পাহৰিব নোৱাৰো। আমি গোলাঘাট পোৱা দিনাৰ ৰাতিয়েই ডেকাসকলৰ ৰঙ্গশালত ’নৰকাসুৰ’ নাটৰ অভিনয় দেখিলো আৰু পিছদিনা আমি উভতি যোৰহাটলৈ বুলি মটৰ গাড়ীত উঠালৈকে তেওঁলোকৰ মৰম শ্ৰদ্ধা আৰু সমাদৰ সাগৰত বুৰি আহিলোঁ। সেই স্মৃতি অতীব সুখকৰ। গোলাঘাটত মোৰ মাতৃদেৱীৰ তিৰোভাব। তাতে মোৰ
[ ২২৪ ] অতি চেনেহৰ ককাইদেউ শ্ৰীনাথ তেওঁৰ সহধৰ্ম্মিনী আৰু সন্তানেৰে সৈতে ইনফ্লুয়েঞ্জা ৰোগত পৰি অকালতে ঢুকায়। তাতে তেওঁৰ সুকীৰ্ত্তি “শ্ৰীনাথ বেজবৰুৱা স্কুল” স্থাপিত আৰু তেওঁৰ সৌম্যদৰ্শন পুতেক শ্ৰীমান কৃষ্ণ নাথৰ দ্বাৰাই পৰিচালিত হৈ আছে। তাতে মোৰ জ্যেষ্ঠ সহোদৰ গোবিন্দ বেজবৰুৱাই প্ৰথমতে ডাঙৰকৈ স্কুল পাতে। ইত্যাদি কাৰণত গোলাঘাট মোৰ পক্ষে তীৰ্থস্থান বুলিয়েই হয়। অতি সন্তোষৰ কথা যে গোলাঘাটবাসীৰ ডেকাসকলৰ যত্নত আগৰ হাবি-বননিৰে গোকাট যেন দেখা গোলাঘাট আজি সুন্দৰ চহৰ হৈ পৰিছে। সঁচাকৈয়ে গোলাঘাটৰ শ্ৰীবৃদ্ধি দেখি মোৰ বৰ সন্তোষ আৰু সন্তোষৰ কথা যে গোলাঘাটতো ভদ্ৰমহিলাসকল ডিব্ৰুগড়ীয়া ভদ্ৰমহিলাসকলৰ Progressive অথাৎ ক্ৰমশঃ অগ্ৰগামী।*


  • বাহী-২০শ বছৰ, ২য় সংখ্যা, ১৮৫৩শক। অ-হা [ ২২৫ ]  বাইশ অক্টোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰৰ ডাকবঙালত

ঠাই ললোঁগৈ। দেখিলোঁ ডাকবঙলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাৰ- ভূক্ত হৈ আছে। খান্‌ছামাক সুধিলোঁ, সেইখোটালি দুটাত কোন আছে? খানছামাটো অসমীযা। সি এজনৰ নাম ক’লে—“অৰ ডাক্তৰ,’। আঁচ মাৰি লুপ্ত কৰি দিয়া অসমীয়া শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো Insect। অৱশ্যে এই ইংৰাজী শব্দটোৰ অসমীয়া অনুবাদটোহে নি ব্যৱহাৰ কৰিছিল যাক মই অসম এৰি আহিবৰে পৰা আজি দকুৰি বছৰ শুনা নাছিলোঁ, মাথোন হেমকোষত হে নিবাস কৰা দেখিছিলোঁ। হঠাৎ আজি মই সেই শব্দটো ডাকবঙালাৰ লগুৱাৰ মুখত ওলোৱা শুনি স্তম্ভিত হ’লোঁ। ভাবিলোঁ, সি সেই ভদ্ৰলোকজনক উপলুঙা কৰি তেনেকৈ কৈছে নেকি? তাৰ পিছত তাক ভালকৈ সেই মানুহজনৰ কাম-কাজৰ আঁতি-গুৰি সুধিহে বুজিব পাৰিলোঁ, সি কি কৈছে। যি হওক, এই প্ৰৱন্ধ পঢ়োতাসকলে মোৰ এইষাৰ শ্লীলতাবৰ্জিত কথাৰ ইঙ্গিতৰ নিমিত্তে মোক ক্ষমা কৰিব। সত্য ঘটনা লিপিবদ্ধ কৰিবলৈ গৈহে মই এই ফেচাজগৰ লগাইছোঁ। “ইঙ্গিত্ং হৃদগতে ভাৰো বহিৰা কাৰ আকৃতিঃ” যদিও সি মোৰ আচল হৃদগত ভাব নহয়।

 আবেলি শিৱসাগৰৰ মহিলা সমিতিৰ সভালৈ যাবলৈ নিমন্ত্ৰন আহিল। তাৰ পিছত ছাত্ৰসকলৰ সভালৈ। সভা সমিতিযে মোক আমুৱাই পেলাইছিল। কিন্তু কি কৰোঁ ,মোৰ দেশৰ আই, বাই, ভনী, জী, নাতিনীসকলৰ আহ্বান আৰু; পঢ়াশালিৰ ছাতৰসকলৰ আমন্ত্ৰণ অগ্ৰাহ্য কৰাটো অসম্ভৱ। সভালৈ গৈ দেখিলো বিৰাট আয়োজন। সভাঘৰ সজাই পৰাই ৰমক-জমককৈ ৰখা হৈছে আৰু পুৰুষ মহিলা- সকলেৰে সভাঘৰ ভৰি পৰিছে। যোৰহাটত মহিলা বিবৰ্জিত (যদিও পুৰুষৰ লেখ কম আছিল) এই মহিলা বিপুল সভাত বিৰাট সমাৰোহ দেখি সন্তোষ লভিলোঁ। স্নেহপদ শ্ৰীযুত কুলধৰ চলিহা সভাপতিৰ আসনত। উমান পাই আহিছোঁ, তেওঁ আৰু তেওঁৰ সুযোগ্য ভ্ৰাতা শ্ৰীযুত পদধৰ চলিহা সদায় মোৰ পক্ষপাতী। গতিকে সভাপতিৰ মুখৰ পৰা ওলোৱা মোৰ বিযয়ে যি কেইষাৰ মৰম সনা কথা সুধিলো, সেই কেইষাৰ গুণিলো আৰু; কিজানি অতিৰঞ্জিতেই, ইয়াকে ভাবি পাহৰিব নোৱাৰিলো। যি হওক, যি হওক, কিন্তু মোৰ মৰমৰ শিৱসাগৰব আইসকলৰ অভ্যৰ্থনা অভিনন্দন আদি আজি মই ক’ত লওঁ, ক’ত থওঁ? তেওঁলোকে আগ্ৰহ কৰি দিয়া অভিনন্দন পত্ৰৰ উত্তৰ স্বৰূপে আষাৰচেৰেক কিবা কিবি কলোঁ। কলোঁ নুবুলি, লেবলেবালো বুলিয়েই কিজানি ঠিক হব। সম্ভৱতঃ মোৰ কথাবোৰে তেওঁ- লোকক আমনি লগাইছিল। যি হওক শিৱসাগৰীয়া আইসকলে জানি থব যে তেওঁ- লোকৰ আদৰ অভ্যৰ্থনাত মই ইমান অভিভূত হৈ পৰিছিলোঁ যে বুঢ়া চকুযোৰ খৰালি চেঁচেঁৰা পৰা সুঁতিৰ নিচিনা দেখিহে, নতুবা তাৰপৰা আনন্দাশ্ৰুৰ ধল বৈ অহা [ ২২৬ ] তেওঁলোকে দেখিলেহেঁঁতেন। সভাত সৰু ল’ৰা-ছোৱালী অভিনয় আচল অসমীয়া সুৰেৰে ছোৱালীবিলাকৰ নাম, সঙ্গীত যি হৈছিল, সেইবোৰেও মোক নথৈ সন্তোষ দিছিল। শিক্ষিতা কম বয়সীয়া মহিলা এজনাই সুন্দৰ কবিতা এটি ৰচনা কৰি, ভালকৈ লেখি, লেখাখনত আজিকালি বন্ধোৱা ছবিৰ দৰে কাচ আৰু বাও দি, পঢ়ি মোক উপহাৰ দিছিল। সেই মহিলাটিয়ে আগৰ সভা এখনতো তেনেকৈয়ে তেওঁৰ ৰচিত কবিতা এটি মোক দিছিল। দুইটি কবিতাৰ ৰচনা সুন্দৰ। অসমীযা কম বয়সীয়া মহিলা এজনাই এনে কবিতা ৰচনা কৰিব পৰা ক্ষমতা দেখি মই সন্তোষ পাইছিলো। দুইটি কবিতা আদৰেৰে মই মোৰ ঘৰৰ বেৰত আঁৰি থৈছোঁ। মহিলাজনাৰ নাম শ্ৰীমতী গোলাপলতা দাসী আৰু তেওঁ মহিলা সমিতিৰ সভ্যা।

 মহিলাসকলৰ সভা ভঙ্গ হোৱাৰ পিছত তাতে ছাত্ৰসকলৰ সভা জয়মতী নাটৰ পৰা দুটা এটা দৃশ্যৰ অভিনয়, বেৰিষ্টাৰ তাৰাপ্ৰসাদ চলিহৰৈ ঘৰৰ সৰু ল’ৰাটিয়ে সুস্বৰেৰে গোৱা বৰগীত ইত্যাদিৰে সেই সভা মনোৰম হৈ পৰিছিল। তেওঁলোকৰ অভিনন্দন পত্ৰৰ উত্তৰতো মই আষাৰ চেৰেক ক’বলগীয়াত পৰিছিলো। মোৰ দেশৰ আশাৰ স্থল উঠি অহা ছাতৰসকলৰ মঙ্গলৰ নিমিত্তে ঈশ্ববৰৰ চৰণত প্ৰাৰ্থনা কৰি শিৱ- সাগৰৰ আনন্দ উৎসৱৰ সমাপতিত উপস্থিত হ’লোঁ। পিছদিনা আবেলি মটৰেৰেই আমি ডিবুৰুলৈ উভতি গুচি আহিলাঁ।

 চৌব্বিশ আৰু পাঁচিশ অক্টোবৰ ডিবুৰুগৰতে কটাই, চাব্বিশ অক্টোবৰত পুৱাই, তিনিচুকীয়াৰ ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ নিমিত্তে তিনিচুকীয়ালৈ গ’লো। তিনি- চুকীযাত শ্ৰীযুত সোমেশ্বৰ বৰুৱাকে প্ৰমূখ্য কৰি গণ্যমান্য ভদ্ৰলোকসকলৰ সমাদৰ লভি আবেলি বেলিকা মোৰ পৰম বন্ধু শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনীকান্ত বৰদলৈ ডাঙৰীযাৰ সভাপতিত্বত, পুৰুষ আৰু মহিলাৰ সম্মিলিত সভাত উপস্থিত হৈ, ডেকা সকলৰ অভিনয় আৰু সৰু সৰু ছোৱালীবোৰৰ সঙ্গীত আৰু অভিবাদন মহিলা আৰু পুৰুষসকলৰ সুকীয়া সুকীয়া অভিনন্দন পত্ৰ গ্ৰহণ কৰি সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি সেই ৰাতিযেই ডিবুৰুগড়লৈ উভতি আহিলো। তিনিচুকীয়াৰ সেই সভাৰ ৰঙ্গমঞ্চত ডেকাজনচেৰেকে জয়মতী নাটৰ পৰা দুটা দৃশ্য এনেকৈ অভিনয় কৰি দেখুৱাইছিল যে তাৰ তেনে সৰ্বাঙ্গসুন্দৰ অভিনয় মই আগেয়ে ক’তো দেখা নাছিলোঁ অতি হষ চিত্তেৰে মই তেওঁলোকৰ সেই সুন্দৰ অভিনয় উপভোগ কৰিলোঁ।

 সাতাইশ অক্টোবৰত ডিবুৰুগৰীযা বন্ধু-বান্ধৱসকলৰ পৰা বেজাৰ মনেৰে বিদায় লৈ, ৰাতি ৰেলত উঠি গুৱাহাটীৰ ফালে যাত্ৰা কৰিলোঁ। আঠাইশ অক্টোবৰ সন্ধ্যা বেলিকা গুৱাহাটী পাই, আকৌ আল ল কলেজৰ প্ৰিঞ্চিপেল স্নেহাস্পদ জ্ঞানদাভিৰাম বৰুৱাৰ ঘৰত আলহী হ’লো। ঘোৰা দৌৰৰ ঘুৰণীয়া চকৰৰ য’ৰ পৰা ছুটি মেলিছিলোঁ মেলিছিলো, আকৌ সেইখিনিকে পালোহি। “জ্ঞান বোপা" আৰু “মাজিৱে” ভাগৰি অহা ঘোৰাক ঠাণ্ডা কৰি তহলাই আনি যতন কৰি “দানা পান।” খাবলৈ দিলে। আকৌ গুৱাহাটীত সভা সমিতি উদ্যোগ হ’ল। ২৯ তাৰিখে আৰ্ল ল কলেজৰ ছাতৰসকলে আৰম্ভ কৰি সভা পাতি এই লেখকক অভিনন্দন পত্ৰ প্ৰদান কৰি [ ২২৭ ] সম্মানিত কৰিলে। সেই সভাপতি হৈছিল মোৰ পুৰণি বন্ধু শ্ৰদ্ধাস্পদ মন্ত্ৰী ৰাষ বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা ডাঙৰীযা। নগৰৰ অনেক গণ্যমান্য মানুহ সভাত উপস্থিত আছিল। কিন্তু হায। মোৰ “মিতা” শ্ৰদ্ধাস্পদ লক্ষীপ্ৰসাদ বৰুৱা বিশিষ্ট বন্ধু প্ৰত্নতত্ত্বজ্ঞ পণ্ডিত হেমচন্দ্ৰ গোসাঁই, অমাষিক মিষ্টভাষী সুবিখ্যাত সাহিত্যিক সত্যনাথ বৰা ক’ত! আজি যাক সমাদৰ দেখুৱাবৰ অৰ্থে গুৱাহাটীত সভা বহিছে, তেওঁলোক এই পুৰীত থকাহেঁতেন নিশ্চয বিশিষ্ট সমজুৱাসকলৰ ভিতৰত তেওঁলোকৰ প্ৰসন্ন মুখ তেওঁ দেখিবলৈ পালেহেঁতেন। সভাত অসমীষা সঙ্গীত, বৰগীত, আবৃত্তি বক্তৃতা, প্ৰভৃতি যথাৰীতি চলি সকলোকে আনন্দ বৰ্দ্ধন কৰিছিল। কনকলাল বৰুৱা ডাঙৰীযাৰ সুন্দৰ সাৰুৱা বক্তৃতাই সকলোকে সন্তোষ প্ৰদান কৰিছিল। উত্তৰত মই অনেক বছৰৰ মূৰত মোৰ মাতৃভূমি অসম দেখি, নানা বিষয়ত মোৰ কেনে লাগিছিল, তাৰ বিষয়ে অলপ অচৰপকৈ সভাৰ উদ্যোগীকসকললৈ শলাগৰ শৰাই আগবঢ়াই সেই দিনাৰ কাৰ্য্য সুসাঙ্গ কৰিলোঁ।

 পিছদিনা ৩০ অক্টোবৰ তাৰিখে মোৰ কলিকতালৈ উভতি যাবৰ কথা। পুৱা আল ল কলেজৰ ছাত্ৰসকলে আমাৰ ছবি তুলিলে। জুম পাতি থকা ছবি। গুৱাহাটীৰ গৱৰ্ণমেন্ট স্কুলৰ ছাতৰসকলৰ বিশেষ অনুৰোধত আবেলি তেওঁলোকৰ সভালৈ গ’লো। ছাতৰ আৰু শিক্ষক সকলৰ আদৰ অভ্যৰ্থনাত বিশেষ সন্তোষ লাভ কৰি তেওঁলোকক মোৰ শলাগ জনাই, বক্তৃতাৰ গঢ়েৰে আষাৰচেৰেক কৈ, তেওঁলোকৰ ওচৰত মেলানি মাগি থকা ঠাইলৈ উভতি আহি অলপ আহাৰ কৰি মটৰেৰে পাণ্ডুলৈ গৈ পাৰ হৈ ৰেলত উঠিলোগৈ। মোৰ মনত এটি বিষাদ ৰ’ল। সোণাৰাম হাইস্কুলৰ ছাতৰ আৰু শিক্ষকসকলে বৰ আগ্ৰহ কৰি তালৈ যাবলৈ মোক মাতিছিল। কিন্তু সেইদিনাই ওপৰত কৈ অহা কাৰ্য্যবোৰ সমাপন কৰি উভতি যাবলৈ ৰেল ধৰিব লগীয়া হোৱাত সমযৰ নাটনিত পৰি, তেওঁলোকক বিমুখ কৰিবলৈ বাধ্য হলোঁ দেখি মই মনত নথৈ বেজাৰ পাইছিলো। আশাকৰৰ মোৰ অৱস্থাটো বুজি তেওঁলোকে মোক ক্ষমা কৰিছে।

 ছাতৰসকলৰ সভাত এটি অতি কম বয়সীয়া লৰাই (শিশু বুলিলেই হয়) হাৰ্ম্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল। মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোগৈ। তাহানি কলিকতাত “মাষ্টৰ মদন” বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ। আজি অসমীয় “মাষ্টৰ মদনক” দেখি বৰ সন্তোষ পালোঁ।

 মুঠতে এইবাৰ মাতৃমুখ দৰ্শন কৰি মোৰ অশেষ অপৰাধৰ নিমিত্তে মই মাতৃৰ চৰণত পৰি ক্ষমা মাগি, তেওঁৰ আশীৰ্বাদ শিৰত লৈ, কিছুকালৰ নিমিত্তে আকৌ মাতৃভূমি পৰিত্যাগ কৰি, বিদেশত থকা মোৰ কাৰ্য্যক্ষেত্ৰলৈ উভতিলোঁ। ভালেখিনি পৰলৈকে ৰেলগাড়ীত মোৰ মনটো বিষাদৰ ডাৱৰে ওন্দোলাই থৈছিল।

* * *