পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
মোৰ জীৱন-সোৱৰণ

প্ৰকাশ পাব। এতিয়া কওঁ যে সেই প্ৰবল পৰাক্ৰমী টেকেলাটো হৈছে,—মোক ডিবুৰুলৈ নিবলৈ মোৰ মাজু জী-জোঁৱাইৰ আহ্বানৰ আগ্ৰহাতিশয্য। বোধকৰোঁ অনেকে জানে যে মোৰ মাজু ছোৱালীজনীক ডিবুৰুগড়ৰ সম্ভ্ৰান্ত পৰিয়াল এঘৰৰ সুশিক্ষিত ডেকা এজনলৈ বিয়া দিছোঁ। প্ৰায় দুবছৰ হব লগা হ’ল, মোক মোৰ জী-জোঁৱায়ে ডিবুৰুলৈ মাতি আছিল, কিন্তু মই নানা লেঠাত পৰি আজি যাম, কালি যামকৈ যাব পৰা নাছিলোঁ। এইবাৰ সেইদেখি তেওঁলোকৰ তাবেদাৰ ৰোহ, ঠেহ, অভিমান—এই তিনিউ আদালতৰ টেকেলা মোৰ আগত হাজিৰ হলহি। কাজেই এই বাৰ উপায় গৈ নিৰুপায়ৰ পদুলিমূৰ পালেগৈ। তাহানি হেনো এদিন পাৰ্ব্বতীয়ে মহাদেউক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং, ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ পানী খাই নোদোকাটো হৈ পৰিছে, তাৰেই হাল বাই খেতিবাতি কৰি এগাল ধানকে নাৰ্জে। ঘৈণীয়েকৰ এনে কদৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দঢ় সকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুক্ টুক্ কৰে গৈ খেতি কৰিবলৈ লাগি গ’ল। তেখেত হ’ল দেৱাদিদেৱ মহাদেৱ। তেখেতে খেতিত ধৰিলে আৰু ৰাইখ কি? খেতি কৰি উভৈনদী কৰি পেলালে। তেওঁৰ খোৱা-শোৱা গুচিল। আনকি ঘৰলৈ আহিবলৈকো তেওঁ পাহৰিলে। গিৰিযেক আকৰা মৈত উঠিল আৰু মৈৰ পৰা ননমাই হ’ল। গিৰিযেকক মাতি আনিবলৈ পাৰ্ব্বতীয়ে নন্দী ভৃঙ্গীকে আদি কৰি জোৰে-জোৰে মানুহ পঠিযায় হে পঠিযায়, গিৰিয়েক নাহে। একোকে উপায নাপাই পাৰ্ব্বতীযে নাৰদক বিপুৱা ধৰিলে। নাৰদে উভতি আহি কলে, যে মহাদেৱে কাৰো কথা নুশুনে, কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। অন্তত অনেক ভাবি-চিন্তি পাৰ্ব্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা চাৰ্জ্জন কৰি মহাদেউক আমনি কৰিবলৈ পঠিয়াই দিলে। তাৰ পিছতো হেনো হাহা হুহ নামৰ মানসপুত্ৰ দুটা চৰ্জি পঠিয়াইছিল। হাহা হুহুৱে কি কৰিলেগৈ আমাক নালাগে, কাৰণ আমাৰ আখ্যান নিমিত্তে মহ, ডাঁহ, চেৰেপা সৃষ্টিকাৰিণী পাৰ্ব্বতীস্বৰূপিনী আমাৰ ঘৰৰ ঘৈণী নহয়, সেইজনা আমাৰ আদৰৰ দুহিতাহে। যি হওক, হাহা হুহুলৈ মই বাটকে নাচালো, কাৰণ সিহঁতৰ অগ্ৰজ ডাঁহ, মহ, চেৰেপাই মোৰ পক্ষে যথেষ্ট হৈ পৰিছিল। লৰুৱাই ডিবুৰুগড়ত পেলাই দিলেগৈ।*
* বাহী-১৯শ বছৰ, ৬ষ্ঠ সংখ্যা, ১৮৫২ শক। অ-২২