পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
মোৰ জীৱন-সোঁৱৰণ

আমি আছিলোঁহক। বেচেৰা অকালত কালৰ গৰাহত পৰিল। দ্বাৰকেশ্বৰৰ মাক মোৰ মোমাইৰ জীয়েক আছিল।

 দুৰ্গেশ্বৰ চিৰস্তাদাৰৰ কথাতে এইখিনিতে আৰু এটা ঘটনা মোৰ মনত পৰিল। এবাৰ মই দিছাংমুখৰ ঘাটত কলিকতালৈ যোৱা জাহাজ ধৰি কলিকতালৈ যাবলৈ আহিছিলো। লগত মোৰ ককাইদেউ এজন আহিছিল। দিছাংমুখৰ ‘ফ্লটিং ডাক- বঙলা’তে আমি জাহাজলৈ বাট চাই তাতে আমাৰ আহাৰ কাৰ্য্য সমাপণ কৰিলোঁহক। ককাইদেউ জনে আগগুৰি নাভাবি, ডাকবঙলাৰ খানচামাৰ ওপৰত খং কৰি তাৰ বিৰুদ্ধে ভিজিটৰ্চ বুকত অৰ্থাৎ যাত্ৰীসকলৰ মতামত লেখি থবলৈ থকা কিতাপত লেখিলে,—Rice bad অৰ্থাৎ ভাত বেযা। সেইষাৰ লেখি তেওঁ সম্পূৰ্ণৰূপে তলত নিজৰ নামটোও চহী কৰিলে। ককাইদেৱে তাত কি লেখিছিল মই দেখাই নাছিলোঁ। জাহাজ আহিলত মই জাহাজত উঠি কলিকতালৈ গলোঁ আৰু তেওঁ ঘৰলৈ গ’ল। ইয়াৰ কিছুমান দিনৰ পিছত হেনো চিৰস্তাদাৰ দুৰ্গেশ্বৰ শৰ্মা এবাৰ দিছাং মুখলৈ আহোঁতে সেই কিতাপখনত সেই লেখা দেখিবলৈ পালে, আৰু শিৱসাগৰলৈ উভতি গৈ সেই কথা লৈ মহা গোলমাল লগাই দিলে। মই কলিকতাত থাকোঁতে সেই খবৰ পাই নথৈ হাঁহিছিলো। ককাইদেৱে কি সন্তোষজনক উত্তৰ দি সেই আহুকালৰ হাত সাৰিছিল, মই অৱশ্যে কব নোৱাৰোঁ। ঠিক এই শাৰীৰে এটা ঘটনা মই শিৱসাগৰত থাকোঁতেই হৈছিল। শিৱসাগৰত ঢাকাৰ মুছলমান বেপাৰীৰ কেইবাখনো দোকান আছিল। এখন দোকানৰ বেপাৰীটোৰ নাম আছিল ইমু। আমাৰ শিৱসাগৰত ব্ৰাহ্মণ ডেকা এজনে বোধকৰো লোভ সামৰিব নোৱাবি এদিন ইমুৰ দোকানৰ পৰা এটীন বিস্কুট কিনি আনিলে। তেওঁ যদি তাৰ দাম নগদ দিলেহেঁতেন, তেন্তে কাৰো সাধ্য নাছিল সেই কাৰ্য্য জানিবলৈ। কিন্তু তেওঁ উঠনাৰ বহীত বিস্কুট বুলি লেখি দি চহী কৰি গুচি আহিল। পৰিল কাৰবাৰ চকুত সেইটো। আৰু বপুৰা যায় ক’লৈ? সেই কথা লৈ নগৰ গোটেইখন তোলপাৰ লাগিল। ডেকাজনক, সমাজৰ গুৰিযাল সকলে চেপি ধৰিলত, তেওঁ ক’লে—“বিস্কুট” লেখা নাছিল, “জিন্ কোট” লেখিছিল , কাৰণ তেওঁ সেই দোকানৰ পৰা জিন কাপোৰৰ কোট অৰ্থাৎ চোলা এটাহে আনিছিল যিটো তেওঁ দিনৌ পিন্ধি ফুৰিছে, বিস্কুট তেওঁ কিয় কিনিবলৈ যাব, যিটো বস্তু হাতেৰেই নোছোৱে।”

 টেপু মাষ্টৰ নামতহে টেপু কিন্তু দেখিবলৈ বৰ ভইব মানুহ আৰু আমি স্কুলীযা ল’ৰাৰ মানত তেওঁ দ্বিতীয় টিপু চুলতান আছিল। তেওঁৰ ভয়ত আমি স্কুলত কঁপি থাকোঁ। তেওঁৰ হাতত খোৱা কোবকেইটা মোৰ আজিও মনত আছে আৰু আজিও মোৰ হাতত তলুৱাখন ফৰফৰাইছে যেন লাগে, অৱশ্যে যদিও মই আনবোৰ ল’ৰাতকৈ কম মাৰ খাইছিলোঁ। ত্ৰিলোচন নাজিৰ আৰু ভায়েক পৰমা আৰু নাজিৰ পুতেক সহদেৱ পণ্ডিতে আজিও শিৱসাগৰৰ আমোলাপটীত শৰাধ, শান্তিকৰম, তিলহোম প্ৰভৃতি বামুণীয়া পুৰোহিতালি কাৰ্য্যবোৰ কৰি ফুৰে নে? নাজিৰ সেইবোৰ কাৰ্য্যত বৰ পটু আৰু বিধিব্যৱস্থাত বৰ পণ্ডিত আছিল?