পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
পৰিশিষ্ট

আহি কলে যে সি নলা এটাত বাঘ এটা শুই থকা দেখিছে। কথাটো শুনিয়েই খেদা কৰোঁতাবোৰৰ ভিতৰৰ টেঙৰ কেইটাই লৰি গছত উঠিল। গোটাচেৰেক বিম্বাশবদে ওখ পৰ্ব্বতৰ টিং পালেগৈ, চিকাৰী কেইজনৰ ভিতৰৰ কোনো কোনো নিজৰ পুৰণি চাঙত পুনৰ উপবিষ্ট হ’ল। মই আৰু আন এজনে সেই মহাজনসকলৰ বাটে নগৈ, হাতত ৰাইফল লৈ আমাক খবৰ দিযা মানুহটোক লগত লৈ এখোজ খোজ কৈ অতি সাৱধানে বাঘ থকা নলাৰ ফালে যাবলৈ ধৰিলোঁ। মোৰ লগৰীয়া বন্ধুজন মোৰ আগত, মই পাছত। সেই ঠাইত উপস্থিত হৈযেই বন্ধুজনে হাবি-বনেৰে ঢাক খাই থকা নলাৰ ভিতৰলৈ জুমি চাই দেখিলে যে হয, বাঘ এটা তাতে শুই আছে। তেওঁ মোক সাৱধান হৈ বন্দুক সাজু, কৰি তেওঁৰ লগে লগে আগবাঢ়িবলৈ কৈ জন্তুটোৰ গাত ওপৰাউপৰিকৈ দুটা গুলী মাৰিলে। বাঘ নাম পোবা জন্তুটোৱে গুলী খাই ৰাম- বিষ্ণু, একোকে নুবুলি ঘোৰ আমাৰ লগৰীযা মানুহটোৱে লাহে লাহে ভালকৈ জুমি জুমি সেই জন্তুটোৰ ফালে চাই থিৰাং কৰিলে, যে আৰু কোনো ভষ নাই, বন ৰজা মৰি কাঠ হ’ল। খেদা কৰা মানুহ গোটাচেৰেক আমাৰ ওচৰলৈ আগবাঢি আহিল। সিহঁতৰ ভিতৰৰ সাহিযাল দুটাই আগবাঢ়ি গৈ বনবজাৰ মৃত দেহ টানি বাহিৰলৈ উলিয়াই আনিলত দেখা গল যে এইটো বাঘ নহয, বোন্দাও নহয়, বাঘব খৰিভাৰী হাযেনাহে। তেতিযা আমাৰ ভিতৰত হাঁহিৰ ৰোল উঠিল। হাযেনাক আমাৰ অসমত কি বোলে পাহৰিলোঁ। বঙলা ভাষা হেঁডেল। বাস্তৱিকতে হাযেনাক দূৰৰ পৰা ঢেকীযাপতীযা বাঘটো যেন দেখি। বাঘৰ গাত ঢেকীযাৰ নিচিনা কাপ কাপ যেনেকৈ থাকে, হাযেনাৰ গাতো প্ৰায তেনেকুৱাই। যি হক সেই দিনাৰ বাঘ-চিকাৰ সেই ভেকোভাওনাতে ওৰ পৰিল।

 এদিন দুপৰীযা খাইবৈ উঠি মই মোৰ লডলডি নামৰ জংঘলৰ বঙলাতে বহি আছোঁ, এনেতে এছিষ্টেন্ট কৰ্নজৰ্ভেটৰ অৱ ফৰেষ্ট তেওঁৰ থকা ঠাই চামুণ্ডাৰ পৰা ঘপহ্‌ কৰি তাতে ওলালহি। চামুণ্ডা লডলডিৰ পৰা পাঁচ মাইল দূৰত্ব। তেওঁক দেখি মই আচৰিত হৈ অভিবাদন কৰি, তেওঁৰ মুখলৈ চালত তেওঁ কলে, আপোনাক মই এতিযাই লৈ যাবলৈ আহিছোঁ, বলক। চামুগুৰি ফৰেষ্ট বঙলাৰ পৰা প্ৰায আধামাইল দূৰত গ’ল ৰাতি বাঘে এটা গৰু মাৰি থৈছে। আজি সন্ধ্যাবেলিকা বাঘটো নিশ্চয় সেই গৰুটো খাবলৈ আকৌ আহিব। মই তাৰ ওচৰৰে গছ এজোপাত চাং এখন বান্ধিবলৈ মোৰ মানুহক লগাই দি আহিছোঁ। আমি দুযো তাতে বহি আজি নিশ্চয় বাঘটো মাৰিমহঁক। খবৰটো-শুনি বৰ উৎসাহেৰে মই তেওঁৰ লগত তেতিযাই চামুণ্ডালৈ আহি আবেলি চাৰিমান বজাত তেওঁৰ সৈতে সেই চাঙত উঠি বন্দুক হাতত লৈ বহিলোঁ। তেতিযাৰ পৰা নিসাৰসাৰে বহি আছোঁ, ৰাতি ন মান বাজিলগৈ কিন্তু বাঘ ভাযাই অনুগ্ৰহ কৰি দেখা নিদিলে। আমি বুজিব পাৰিছিলো যে বাঘটো ওচৰতে কৰবাত লুকাই আছে। কিন্তু কেনেবাকৈ সি আমি সেই চাঙত বহি থকাটো গম পাই ওলোৱা নাই। বাঘটো বাট চাই আমনি লাগি ৰাতি ন মান বজাত আমি চাঙৰ ওপৰৰ পৰা নামি ঘৰলৈ উভতিবলৈ মন কৰিলোঁ।