পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় আধ্যা

 একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোৰ অতি প্ৰিয় দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। সেই হাস্যবদন দুখনৰ গৰাকী “মাজিউ” আৰু “জ্ঞান। তেওঁলোকে আগেয়েই আমি অহা খবৰ পাই আমাক লৈ যাবলৈ আহিছিল। “মাজিউ” আৰু “জ্ঞান” এই দুটা গুৱাহাটীৰ দুজন প্ৰখ্যাত লোকৰ নাম,—অৱশ্যে সুকীয়াকৈ মোৰ নিমিত্তে। মই তেওঁলোকক সেই সেই নামেৰে মাতি সুখ পাওঁ দেখি তেওঁলোকৰ জনাজাত ডাঙৰ নামে তাত ব্যাঘাত নজন্মায। মাজিউ নামটো সুকবি সুবিখ্যাত চাহখেতিযক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ আৰু জ্ঞান নামটো আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিঞ্চিপাল উদাৰহৃদয় মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ- এট্-লৰ। এই দুটি উজ্জল তৰাই মোৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছে। সেইদেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই মোৰ মনত সুখৰ লহৰী উঠে। তেওঁলোকৰ ঘৰ মোৰ নিজৰ ঘৰ হৈ পৰে। তেওঁলোকৰ আদৰ’ যত্ন আৰু মৰমে মোৰ জয় পৰা জীৱনটোত জীপ দি ঠন ধৰায।

 আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে। তাৰে গোটাদিয়েক হৈছে এই, (১) প্ৰাকৃতিক সৌন্দৰ্য্য (২) ঐতিহাসিক উৎকৰ্ষ (৩) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা। অসমীয়াৰ জীৱন-বেদৰ পাত এইবোৰে প্ৰথমতে গুৱাহাটীতেই মকলি কৰি দেখুৱায়। কালৰ পীড়ণত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীণ। তথাপি গুৱাহাটীৰ বুকুত সেইবোৰ অবিলুপ্ত। অসমযাত্ৰী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে বৰং যিমানকৈ চকু মেলে সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা, অশ্বক্লান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যই সেই বিদেশীৰ চকুত জলক লগাব। তীৰ্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থ স্পৃহা গুৱাহাটীয়ে পলুৱাব। পৰিশ্ৰমী প্ৰত্নতাত্বিকক প্ৰাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি মনত বিস্ময় লগাই দিব। কৱিৰ হৃদযৰ কোমল কুসুমকলি গুৱাহাটীয়ে ফুলাই দি তেওঁৰ জীৱন আমোলমোল কৰি দিব আৰ পিছত সেই কৱিৰ ৰচনাই কাব্যৰসৰ মন্দাকিনী নমাই বোৱাই আনি কাব্যমোদীসকলৰ অন্তঃকৰণ সজীৱ সচেতন কৰি দিব। তত্ব আৰু তথ্যানুসন্ধিৎসৰ আগত বৰভঁৰালৰ বৰদুৱাৰ মেলি দি অক্ষয ৰত্নৰাজি প্ৰকাশ কৰি দিব গুৱাহাটীয়ে। এনেকুৱা গুৱাহাটীয়ে যে অসমৰ আন সকলোবোৰ জিলাতকৈ এই লেখকৰ মনত বেছি প্ৰভাৱ বিস্তাৰ কৰিব, তাত আশ্চৰ্য্য কি?

 সম্বলপুৰতে মোৰ গাত ঘুঘুয়া জ্বৰে বাহ লৈছিল। ডাক্তৰৰ দ্বাৰা তাৰ নামকৰণ হৈছিল ‘মেলেৰিয়া’। সকলোৱে জানে যে এই লেখক বেজবৰুৱা ঘৰৰ ল’ৰা।