পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিশিষ্ট

মোৰ মৃগয়া

(১)

 মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া;—যাৰ ভিতৰত জীৱহত্যা ব্যাপাৰটো ষোল অনা বৰ্ত্তমান। সৰুৰেপৰা জীৱহত্যা আৰু জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্ধিবলৈ বুলি অনা জীয়া কাৱৈ, মাগুৰ মাছ থেঁতেলাই মৰাটো মই কেতিয়াও নাচাইছিলো। বজাৰৰ পৰা জীয়া গৰৈ, চেঙেলি মাছ আনিলে, মই আইৰ গালি- শপনি খাইও, তালৈ কাণ নকৰি, লৰি সেইবোৰ লৈ গৈ আমাৰ পুখুৰীত মেলি দিছিলোঁ। হাঁহ, পাৰ, ছাগলীৰতো কথাই নাই, সেইবোৰ মৰাটো মই শুনাৰ বাহিৰে দেখাই নাছিলো। কাৰণ আমি মহাপুৰুষীয়া মানুহ। হাঁহ, পাৰ, ছাগলী খোৱাটো আমাৰ ঘৰত একেবাৰেই নিষেধ আছিল। ফলত ছাগলী খোৱা মানুহক মই পেটে পেটে ঘিণ কৰিছিলো। শাক্ত মানুহৰ ঘৰৰ ছোৱালী আমাৰ ঘৰলৈ পৰিলে সেই বোৱাৰী ছোৱালীক মই কথাই কথাই “ছাগলীখোৱা ঘৰৰ’’বুলি বাক্যবাণ প্ৰহাৰ কৰিবলৈ নেৰিছিলো। এনে সাত্ত্বিক মহাপুৰুষীয়া মোৰ আজি কি ভীষণ পৰিবৰ্ত্তন, ভাবিলে মই নিজেই আচৰিত মানো।

 আমাৰ ঘৰত বন্দুকৰ ব্যৱহাৰ নাছিল। পিতৃ দেৱতাই তেওঁৰ কোনো পুতেককে বন্দুক চুব নিদিছিল। শেহৰ ডোখৰত মাথোন মোৰ সৰু ভাই এটাই লুকাই চুৰকৈ কেতিয়াবা লোকৰ বন্দুক খুজি আনি অ’ত ত’ত এজাই দুজাই মাৰি হাতৰ খজুৱতি মাৰিছিল বুলি শুনিছিলো; কিন্তু সিয়ো পিতৃ দেৱতাৰ অবৰ্ত্তমানত। কলিকতাত থাকোঁতেও মই পূৰ্ব্বসংস্কাৰৰ বশত ভালেমান বছৰলৈকে বন্দুকত হাত নিদিছিলো। ঘটনাচক্ৰত পৰি কেনেকৈ মোৰ পৰিৱৰ্ত্তন ঘটিল, তাৰে পূৰ্ব্বাভাষ আজিৰ প্ৰবন্ধত দিম।

 ১৯১৪ খৃষ্টাব্দত য়ুৰোপত মহাযুদ্ধ আৰম্ভ হয়। সেই যুদ্ধত যেতিয়া বৃটিছে ফ্ৰান্স আৰু ৰুছিয়াৰ লগ লাগি জাৰ্ম্মানি, অষ্ট্ৰীয়া আৰু তুৰস্কৰ বিপক্ষে থিয় দিলে, সেই যুদ্ধখন এক প্ৰকাণ্ড কাণ্ড হৈ উঠিল। ভাৰতৰ প্ৰজাই নিজৰ ৰজা বৃটিছৰ নিমিত্তে ধন-জন, প্ৰাণ পাত কৰিবলৈ প্ৰস্তুত হ’ল। বিদেশ ফ্ৰান্সত একপক্ষে ভাৰতীয় সৈন্যই প্ৰথমতে বৃটিছৰ হকে প্ৰাণ দি প্ৰচণ্ড বেগেৰে বৈ অহা জাৰ্ম্মানীৰ সোঁতত ভেটা দিলে। স্বদেশত সকলো ভাৰতীয়ই যুদ্ধৰ হকে নিজৰ ধনৰ মোনাৰ মুখ মুকলি কৰি বৃটিছৰ ধনৰ ভঁৰালত ঢালি দিলে। ভাৰতীয় বীৰ জাতিৰ হাজাৰ হাজাৰ যুঁজাৰু বৃটিছৰ পতাকাৰ তলত যুঁজৰ নিমিত্তে থিয় হ’ল। বীৰ জাতি বুলি খ্যাতি নথকাসকলৰ অনেক ডেকাই আন নানা প্ৰকাৰে ৰণত সহায়ক হবৰ নিমিত্তে আগবাঢ়ি