পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
মোৰ জীৱন-সোঁ‌ৱৰণ

এজনে আন এটা বন্দুক লৈ সেইটো মোক দিছিল। সিফালে খেদা আৰম্ভ হ’ল। দেড়মাইলমান দূৰৰ পৰা বিটৰবোৰে খেদা কৰি আনিবলৈ ধৰিলে। পৰ্বতটোৰ ভৰিৰ তলতে মোৰ চাংখন। একমান বজাত খেদাকৰোঁ‌তাবোৰ কাষ চাপি আহিল। এনেতে শুকান পাতৰ খৰখৰনি মোৰ কাণত পৰিল। বুজিলোঁ পৰ্বতৰ টিঙৰপৰা মোৰ ফালে কিবা জন্তু এটা নামি আহিছে। মই বৰ ঘোঁ‌ৰাটো তুলি সেই ফালে মুখ কৰি গুলী মাৰিবলৈ সাজু হ’লো। মোৰ মুখত জিভাৰ ৰস কৰি গ’ল, বুকুত ধিপধিপনি উঠিল,আৰু ধিপধিপনিৰ ধ্বনি মোৰ কাণত পৰিবলৈ ধৰিলে। তেনেকুৱা Tense moment অত মানসিক উত্তেজনাৰ সন্ধিক্ষণত সদায় তেনে হয়। অকল মোৰেই যে তেনে হয় এনে নহয়। শুনিছো আনৰো আৰু মোতকৈ পকা চিকাৰীৰো তেনে হয়। খৰখৰনিৰ শব্দ ওচৰ চাপি আহিলত দেখিলোঁ এটা বৰ ডাঙৰ দঁ‌তাল বৰ পৰ্বতৰ গাৰ পৰা মোৰ ফাললৈ নামি আহিছে। বন্দুকটো ঠিককৈ টোৱাই লৈ বিম্বাশবদে দিলোঁ‌ গুলী মাৰি। একে গুলীতে বৰাটো মাটিত বাগৰি পৰি চটফটাবলৈ ধৰিলে। তাৰ গাৰ ওচৰৰ মাটিত তেজে ডোঙা বান্ধিলে। ক্ষন্তেকৰ পিছতে বৰাটোৱে বৰাহলীলা সমাপন কৰি নিসাৰসাৰ অৱস্থা বৰণ কৰিলে।

 খেদাৰ অন্তত চাৰিওফালৰ পৰা সকলো চাপি-কুচি আহিল আৰু দেখা গ’ল যে প্ৰকাণ্ড বৰা আৰু ভীষণ দঁ‌তাল। মোৰ লগৰীযা চিকাৰীসকলৰ কংগ্ৰেছুলেছন অৰ্থাৎ আনন্দ প্ৰকাশৰ অভিনন্দন মই আনন্দ মনেৰে গ্ৰহণ কৰিলোঁ‌। দুখৰ বিষয় লগৰীয়া চিকাৰী বন্ধুসকলে সেই দিনাখন একো নাপালে।

 চাৰিটা মানুহে সাঙী কৰি বৰাটো আমাৰ বাহৰলৈ যেতিয়া আনিলে, জন্তুটো দেখি বাহৰবাসীসকলৰ আনন্দ হ’ল। আবেলি প্ৰায় চাৰিবজাত বৰাটো আমাৰ বাহৰ পাইছিলহি। বৰাটো কোনে মাৰিলে বুলি বাহৰবাসীসকলে প্ৰশ্ন কৰিলত, তাক কঢ়িয়াই অনা মানুহ কেইটাক ক'লে—“বুঢ়া চাহাবে।” তাৰ মানে “ওল্ডমেন” চাহাব নহয়, বৰুৱা চাহাবে।” বুঢ়া চাহাব বৰুৱা চাহাবৰ অপভ্ৰংশ। মোৰ নামটো বৰুৱা চাহাব বুলি কোৱা শুনি ভাৰী কেইটাই তাৰ অৰ্থ বুঢ়াচাহাব কৰি পেলাইছিল। এইটো আজি দহ বছৰৰ আগৰ কথা (১৮৪২ শক )। আজিকালি ধৰ্ম্ম ৰাজ যমৰজাৰ পৰা তেওঁৰ “টিপাৰ্টি”, “উইডইনিং পাৰ্টি”, আৰু “ডিনৰপাটিলৈ’’ যিমানবোৰ বগা কাকতত লিখা নিমন্ত্ৰণ পত্ৰ পাইছো, দহ বছৰৰ আগেয়ে সিমান পোৱা নাছিলো। কথাষাৰ মুকলি কৰি ক’লে এনে হয় যে মোৰ মূৰৰ চেচুক ঠাইত লুকাইচুৰকৈ যদিও তেতিয়া দুডাল চাইডাল চুলি পকিছিল, সৰহ সংখ্যক চুলিযে নিজৰ স্বাভাৱিক বৰ্ণাশ্ৰমধৰ্ম্ম পৰিত্যাগ কৰি অধৰমী হোৱা নাছিল। সেই দেখি পাব্লিক অৰ্থাৎ ৰাইজৰ যেয়ে-সেয়ে মোক নিৰ্ভয়ে বুঢ়া বুলিবৰ অধিকাৰ তেতিয়াও লাভ কৰা নাছিল। ক্ৰোধান্ধ হৈ মোৰ কোনো বিপক্ষই মোৰ পাছত কেতিয়াবা মোক বুঢ়া-ঘুগুলাটো বুলিছিল যদি কিন্তু মৰ-সাহ দি মোৰ সমুখ হৈ সেই দুষ্কাৰ্য কোনোৱে কেতিয়াবা কৰাৰ কথা মই নাজানো।