পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
মোৰ জীৱন-সোঁৱৰণ

হয়। প্ৰায়ে টেঙৰ মানুহ দুষ্ট, আৰু মূৰ্খ বা হোজা মানুহ ভাল হোৱা দেখি সাধাৰণতে মানুহৰ এনে ধাৰণা হয়। কিন্তু ওপৰত যাৰ কথা কৈছোঁ, সেইজন যেনে বিজ্ঞ, সুচতুৰ আৰু সুবুদ্ধিমান, তেনে ভদ্ৰ আৰু পোনপটিৰ। এইখিনিতে নিজৰ কথা একাষাৰ কবৰ মন গৈছে আৰু সেইফেৰা দায়ৰ নিমিত্তে পাঠকসকলৰ ওচৰত ক্ষমা মাগিলোঁ। অসমৰ কথা কব নোৱাৰোঁ, কিন্তু এই সুদৰ বিদেশতো এই বৃত্তান্ত লেখকৰ এটা খ্যাতি বা অখ্যাতি আছে যে তেওঁ ভাল মানুহ। নিশ্চয় তেওঁৰ গঢ়- গতি দেখি-শুনি মানুহে তেওঁক তেনেকুৱা বুলি ভাবিছে। কিন্তু যদিও সেই হিচাপত তেওঁক প্ৰযোগ কৰা ভাল মানুহ কথাষাৰ তেওঁ অস্বীকাৰ কৰি প্ৰতিবাদ কৰিবলৈ ইচ্ছা নকৰে, তথাপি প্ৰখৰ বুদ্ধি বা সুবিবেচনাৰ বিষয়ত তেওঁ যে সেই খিতাপ আৰ্জ্জিছে এনে নহয় বুলি তেওঁৰ ডাঠ বিশ্বাস। তেওঁৰ কথাৰ সমৰ্থক স্বৰূপে এইখিনিতে আকৌ এফেৰি পুৰণি কথাৰ অৱতাৰণা তেওঁ কৰিলে।

 মই বি-এ পৰীক্ষাত উঠাৰ পিছত দুবাৰ গৱৰ্ণমেণ্টৰ পৰা চাকৰিৰ আহ্বান পাওঁ। এবাৰ কমিছনৰ লটমেন জনছনৰ পৰা আৰু দ্বিতীয়বাৰ অসমৰ ছিফ্‌কমিছনৰ ছাৰ হেনৰী কটনৰ পৰা দুইবাৰৰ আহ্বান মই প্ৰত্যাখ্যান কৰিছিলো, কাৰণ মোৰ সৰুৰে পৰা ইচ্ছা যে হয আইন ব্যবসায়ী হম, নাইবা অইন ব্যৱসায়ী হম। মই আইনত বি- এল পৰীক্ষা দিছিলোঁ। কিন্তু মোৰে সৈতে প্ৰাষ ত্ৰিশজনমান পৰীক্ষাৰ্থী ছাতৰক য়ুনিভৰ্ছিটিয়ে অযথাৰ্থভাৱে ফেল কৰি দিযা বাবে, মই মোৰ আৰু লগৰীসকলৰ হৈ কলিকতাৰ হাইকোৰ্টত মোকৰ্দ্দমা কৰিছিলো, সেই মোকৰ্দ্দমাত অকল মষেই যে কিয় বাদী হৈছিলোঁ তাৰো অলপ ইতিহাস আছে। পৰীক্ষাত ফেল হোৱা মোৰ লগৰীযাসকলৰ সৰহ ভাগ কলিকতীযা ডাঙৰ মানুহৰ ল’ৰা। আমি লগলাগি উকিল বেৰিষ্টাৰ, এটৰ্ণিৰে সৈতে পৰাৰ্মশ কৰি যেতিয়া হাইকোৰ্টত মোকৰ্দ্দমা ৰুজু কৰিবলৈ ঠিক কৰিলো তেতিয়া মোৰ লগৰীষা আটাই কেউজন ছাতৰ বাদী হৈ গোচৰত নাম দিযাৰ পৰা পাছ হুহকি পৰিল। গছত তুলি দি গুৰি কাটি দিযাৰ নিচিনা তেওঁলোকৰ ব্যৱহাৰ দেখি মই অবাক হলোঁ। কিন্তু এবাৰ যেতিযা আগবাঢ়ি ওলালোঁ, মই কেতিযাও নেহোহকোঁ বলি দঢ়প্ৰতিজ্ঞা হলোঁ। সেই দেখি সেই মোকৰ্দ্দমাৰ মই অকলশৰীযা বাদী আৰু বাকী ছাতৰবোৰ মোৰ যুদ্ধৰ ফলভোক্তাবিলাষী। হাইকোৰ্টৰ পৰা য়ুনিভিৰ্টিৰ ওপৰত “ৰিট্‌ অব্ মেণ্ডেমাছ” বাহিৰ হ’ল। কিন্তু অন্তত মোকৰ্দ্দমাত মই হাৰিলোঁ। হৰাৰ প্ৰধান কাৰণ, য়ুনিভৰ্ছিটিৰ প্ৰেষ্টিজ্‌ ৰক্ষা। প্ৰেষ্টিজ মানে মান বা ইজ্জৎ। এই বলিশালত ন্যায নামৰ ছাগ বলি সদায় হৈ আহিব লাগিছে। গতিকে মোৰ মোকৰ্দ্দমাৰ ফল লাভত মই আচৰিত নহলোঁ।

 বিশ্ববিদ্যালয় সম্পৰ্ক পৰিত্যাগ কৰি ১৮৯৫ চনত দেখাশুনাকৈ মই ব্যৱসাষ জীৱন অৱলম্বন কৰিলোঁ। ব্যৱসায়ত অভিজ্ঞ লোক এজনেৰে সৈতে লগ লাগিলোঁ। সেই সময়ত অভিজ্ঞ জনৰ ব্যৱসায় কলিকতাত এটি সৰিযহতকৈও সৰু আছিল। আমি দুয়ো লগলাগি তাৰ শ্ৰীবৃদ্ধি সাধনত তৎপৰ হ’লোঁ। যুটীয়া পৰিশ্ৰমৰ ফলত লাহে