পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
মোৰ জীৱন-সোঁৱৰণ


জখলাত উঠাৰ বাবেই মোৰ তেনে হৈছিল। জখলাৰ আদখিনি বাটত থকা বপুৰা তহচিলদাৰকো, মই খহি পৰি মোৰ লগতে বগৰাই আনিলো। খন্তেকতে জখলাৰ গুৰিত মাটিত দুয়ো শোটমোট খাই পৰিলো। অৱশ্যে মই তহচিলদাৰৰ ওপৰত আৰু তহচিলদাৰ মোৰ তলত। সিফালে একচাইজে, মই দিয়া গুলী দুটাৰে ভালুকৰ প্ৰাণবায়ু, বহিৰ্গত কৰি দিলে; ভালুক মৰি বাগৰি পৰিল।

 ছব্‌ৰেজিষ্ট্ৰৰ খুহুটীয়া মানুহ। তেওঁ ধেমেলীয়া কথা কোৱাত কাজী। যেই ভালুকটো মৰিল, তেওঁ নিৰ্ভয় হ’ল আৰু তেওঁৰ হাঁহি আৰু পেংলাইৰ থুনপাকৰ মুখ মুকলি হ’ল। তেওঁৰ হাঁহিৰ প্ৰধান উপাদান হ’ল, ক্ষন্তেকৰ আগতে সংঘটিত মোৰ আৰু তহচিলদাৰৰ জোটাশলীয়া Somersault অৰ্থাৎ জখলাৰ পৰা ওলোটাখৰ। মহাআনন্দৰে চাঙৰ ওপৰৰ পৰাই এই বৃত্তান্তৰ অতিৰঞ্জিত বিশদ বৰ্ণনা একচাইজ ছুপাৰিণ্টেণ্ডেণ্টৰ আগত তেওঁ দিবলৈ ধৰিলে। কাৰণ একচাইজৰ চকু একেৰাহে ভালুকটোৰ ফালে থকাৰ নিমিত্তে তেওঁৰ পাছফালে ঘটা আমাৰ বিলাই- বিপত্তি তেওঁৰ চকুত নপৰিছিল। ঘটনাটোৰ চিত্ৰ-বিচিত্ৰ বৰ্ণনা ছব্‌ৰেজিষ্ট্ৰৰৰ মুখত শুনি আমাৰ দুইৰো হাঁহি উঠিছে অথচ মুখ লাজত ৰঙাও পৰিছে আৰু ছব্‌- ৰেজিষ্ট্ৰৰৰো ভালুক নমৰাৰ আগতে শেতা পৰি থকা মুখে তেনে বৰণকে ধৰিছে, অৱশ্যে সুকীয়া কাৰণত, অৰ্থাৎ হাঁহিত ঘটনাটো শুনি মিচিকিয়াই হাঁহি আৰু তাৰ আওভাও বুজি, একচাইজ ততালিকে আমাৰ সহায়ক হ’ল। তেওঁ চবৰেজিষ্টাৰক চাঙৰ পৰা নামি আহিবলৈ ক’লে আৰু চাঙৰ ওপৰত ছবৰেজিষ্টৰ বাবুৱে যি কীৰ্ত্তি কৰিছিল, তাৰ হাস্যজনক বৰ্ণনা তেওঁ আমাৰ আনন্দ বৰ্দ্ধন আৰু ছব্‌ৰেজিষ্ট্ৰৰৰ উল্লাস কৰ্তন কৰি দিবলৈ ধৰিলে হেনো চাঙত বহি থাকোতে ছবৰেষ্ট্ৰৰে এক্ চাইজ ছুপাৰিণ্টেণ্ডেণ্টক কুতুৰি আছিল, বাঘ বা ভালুক ওলালে যেন তাৰ ওপৰত এক্‌- চাইজে গুলী নচলায়। সিফালে ডেপুটি বাবুৰ গুলীৰ আৱাজ আৰু তেওঁ গুলীৱা জন্তুটোৰ ভীষণ চিঞৰ শুনি ছব্‌ৰেজিষ্ট্ৰৰ বাবুৱে হেনো বহি থকা চাং এৰি চাং-বন্ধা গছ-জোপাৰ গা বগাই গৈ তাৰ ওখ ডাল এটাত বহিছিলগৈ, একচাইজৰ হাকলৈ কাণ নিদি। আৰু হেনো নিজৰ কঁকালটো তেওঁ বান্ধি থৈছিল, কেনেবাকৈ ভয়ত তললৈ সৰি পৰে বুলি। এই বৃত্তান্ত শুনি ছব্‌ৰেজিষ্ট্ৰৰ বাবুৰ খৰচত আমাৰ কিৰীলিৰ জাউৰি উঠিল। আমি বাহিৰে সৈতে পেংলাই-হাঁহিৰ ধাৰ সুজা ললোঁ।

 কিছুমান বেলিৰ মূৰত ডেপুটীবাবু, তেওঁৰ চাঙৰ পৰা নামি আহিল আৰু দেখিলোঁ, তেওঁ এটা প্ৰকাণ্ড ভালুক মাৰি আনিছে। মই মৰা জন্তুটো দেখি তেওঁ কলে, সেইটো হেনো Mouse-deer; অৰ্থাৎ এন্দুৰৰ নিচিনা এবিধ সৰু পহু, আৰু সহজে দুষ্প্ৰাপ্য। তাৰ মঙহ ভক্ষ। পহুটো মই ঘৰলৈ আনি তাৰ ধুনীয়া ছালখন ক’লৈ গ’ল আৰু বিচাৰি নাপালোঁ , নতুবা প্ৰথম Trophy অৰ্থাৎ মোৰ চিকাৰৰ চিনস্বৰূপে ছালখন ভালকৈ ‘টন্‌” (Tan) কৰাই ৰাখিবৰ মোৰ মন আহিল। চাৰি ঠেঙীয়া জন্তুবধৰ এয়ে মোৰ প্ৰথম অধ্যায়।

 মই সদায় দেখি আহিছো যে ভালুক বৰ লেকেটা জীৱ। তাৰ মৰ্ম্মস্থানত গুলী