পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
পৰিশিষ্ট

ময়ো লগে লগে নামিলো। আমাৰ লগত যোৱা চাপৰাচীটো আমাৰ অলপ আগে আগে গৈছিল। সি হঠাৎ থমকি ৰৈ লাহে লাহে আমাৰ ফালে উভতি আহি আমাক ক'লে, “হুজুৰ! “বৰা বৰা।” আমি দয়ো কুজা হৈ আগবাঢ়ি গৈ জুপি জপি চাই দেখিলোঁ যে হয়—অনেক বৰা-গাহৰি। দুযো বন্দুকৰ ঘোঁৰা তুলি দুটালৈ গুলী মাৰিব খুজিছো এনেতে আন এটা চাপৰাচী লৰি আহি আমাক ক’লে “হুজুৰ! নামাৰিব, নামাৰিব। সেই জাক ঘৰচীয়া গাহৰি।” আমি হঠাৎ ক্ষান্ত দি উঠি চাওঁ হয ঘৰচীয়া গাহৰিহে। তাৰ পিছতে দূৰত তাৰ ৰখীয়া এটাকো দেখিলোঁ। এক নিমিষৰ নিমিত্তে আমি সেই ভুলৰ হাত সাৰিলোঁ। নতুবা তাৰ গৰাকীক দুটা গাহৰিৰ বেচ ক্ষতিপূৰণেৰে সৈতে দিব লাগিলহোঁতেন। অৱশ্যে সেই নিৰ্জ্জন হাবিৰ ভিতৰত যে কোনোবাই এজাক গাহৰি লৈ চৰাব, সেইটো সহজে মনত নেখেলায়। *


  • ‘আৱাহন’ৰ ২য় বছৰৰ (১৮৫২-৫৩শক) পাঁচ সংখ্যাত প্ৰকাশ হোৱা প্ৰৱন্ধ। (অ-২)