আছোঁ, কিন্তু গুলী এৰি দিয়া নাই। টঙাৱালাটোয়ে ব্যস্ত হৈ ফুচফুচাই ক’লে, “হুজুৰ! ফায়াৰ কৰিয়ে, কৰিয়ে।” মই কিন্তু ফায়াৰ নকৰি পহুকেইটাৰ আলেখলেখ চাই সামাজিক তত্ত্বৰ মীমাংসাত প্ৰবৃ্ত্ত হলোঁ। যথা মই কি কৰিবলৈ গৈছোঁ। শিঙাল মতা পহুটো Polygamous অৰ্থাৎ বহুবিবাহকাৰী। যদি তাক নিষ্ঠুৰভাৱে হত্যা কৰোঁ, তেন্তে তাৰ এই পঞ্চ মহিষী অনাথা বিধবা হব। ভাৰতৰ পৰা এতিয়াও পলিগেমিৰ অৰ্থাৎ বহুবিবাহৰ উচ্ছেদ সাধন হোৱা নাই; এতেকে ইয়াৰে বা দোষ কি? ক্ষন্তেকৰ উত্তেজনা আৰু সুখৰ নিমিত্তে এনে পাপ কাৰ্য্য কৰাটো মোৰ উচিত হবনে? স্বামীৰ অবিহনে অনাথা অবলাহঁতৰ কি গতি হব? ইয়াকে ভাবি থাকোঁতে সিফালে বঙালী বল্লালী কুলিন প্ৰথা সমৰ্থক শিঙাল পহুটোৱে একে ডেৱেই হাবিত প্ৰৱেশ কৰিলে, আৰু পত্নীবৃন্দইও ততালিকে স্বামীৰ অনুগমন কৰিলে। মই ভোটা হৈ দাৰ্শনিক চিন্তাৰ গতি অতি তীব্ৰভাৱে অৱৰোধ কৰি পুনৰায় টঙাৰোহণ কৰিলোঁ। তাৰ পিছত ভালেখিনি পৰলৈকে মই টঙাৱালাটোৰ মুখৰ ফালে চোৱা নাছিলোঁ। হঠাৎ এবাৰ তাৰ মুখত মোৰ চকু পৰা মাত্ৰকে দেখিলোঁ, তাত মোৰ প্ৰতি বিৰক্তি আৰু সম্ভৱতঃ ঘৃণাৰ ভাব।
১৯১৭ খৃষ্টাব্দৰ অক্টোবৰ মাহত প্ৰথমতে মই মেঘপাল নামৰ ঠাই এডোখৰৰ এখন জংঘলত মোৰ কাম আৰম্ভ কৰিলোঁ। মেঘপাল সম্বলপুৰৰ পৰা প্ৰায় ত্ৰিশ মাইল দূৰত। তাৰ জংঘলখনৰ নাম পৰ্চলিখানম। পৰ্চলি ডাঙৰ জংঘল। তাতে তিনি বছৰ মোৰ কাম চলিছিল। ঘাইকৈ ৰেলত ব্যৱহাৰ হোৱা শ্লিপৰ গৰুৰ গাডীৰে সম্বলপুৰৰ ৰেলৰ ষ্টেছনৰ কাষৰ আমাৰ কাঠৰ ডিপোলৈ পঠিয়াই, তাত ৰেলৰ ইঞ্জিনিয়েৰৰ দ্বাৰাই পাছ কৰাই দিয়াটোৱেই মোৰ ঘাই কাম আছিল। কওঁতে একে উশাহতে কথাবোৰ কৈ গলোঁ কিন্তু কাৰ্যত ই বাৰিষা ভৰা ব্ৰহ্মপুত্ৰত চুচীয়া নাৱেৰে পাৰি দিয়াৰ নিচিনা। ইমান আহুকলীয়া কাম যে, সেই আহুকালবোৰৰ কথা ক’লে ওৰ নপৰে।
মোৰ হেডকোৱাৰ্টৰ অৰ্থাৎ আচল থকা ঠাই হল সম্বলপুৰ। মেঘপাললৈ গৈ তাতো এটা ডাঙৰ বঙলা সজাই লৈছিলোঁ। বঙলাটো ভালকৈয়ে কৰাইছিলো, কাৰণ সি অন্ততঃ তিনি বছৰ বাসোপযোগী হব লাগিব আৰু তাৰ উপৰি বাৰ্ড কোম্পানীৰ বৰচাহাব মাজে মাজে আহি তাত থাকি হাবিৰ কাম পৰীক্ষা আৰু সেই সুযোেগতে চিকাৰ কৰিবলৈ আহিবৰ কথা। কাৰ্য্যত তেনে ঘটিছিলো।
মাহেকত তিনি-চাৰিবাৰকৈ সম্বলপুৰৰ পৰা মেঘপাললৈ গৈছিলো। যাবৰ বাহন টঙা। টঙা হৈছে, বলদ গৰু এহালেৰে টনা, এইফালে আৰু চেণ্ট্ৰেল প্ৰভিঞ্চৰ ফালে প্ৰচলিত এবিধ গাড়ী। ভাল বলদ গৰুহাল হলে, টঙাক ঘোঁৰাৰ গাড়ীয়েও চেৰ পেলাব নোৱাৰে। আজিকালিহে মটৰ গাড়ীয়ে দেশ জুৰি পৰিছে। কিন্তু সেই কালত টঙাৰ চল্তিহে বেছি আহিল। পৰ্ব্বতীয়া ঠাইত ঘোৰাৰ গাড়ীতকৈ গৰুৰ টঙাহে যেছি কাৰ্য্যকৰী। শিলনি বাটত ঘোঁৰা সোনকালে খোৰা হয়; কিন্তু গৰু নিপৰোৱা। মই টঙাৰে সম্বলপুৰৰ পৰা মেঘপাললৈ দুদিনে গৈছিলোঁ আৰু দুদিনে