পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
মোৰ মাতৃমুখ দৰ্শন

প্ৰায় এই বাবে বুলিছোঁ যে দিনৌ চাৰি সাজকৈ খাই বদ্অ‌ভ্যাসত পৰা আমাৰ লগত যি আছিল, সি নিঃ+ৰস সন্ধিৰ “ৰ”ৰ আগৰ পৰা বিসৰ্গ লোপ হৈ নীৰস হোৱাৰ দৰে এসাজতে নীৰস হৈ লুপ্ত হৈ গ’ল। পেছেঞ্জাৰ গাডীত ডাইনিং কাৰ নাথাকে। বাটৰ দুঠাইত এঠাইত যি “ৰিফ্ৰেছমেণ্ট ৰুম” আছে, সেইবোৰে পেছেঞ্জাৰ গাডীৰ অধীনতা স্বীকাৰ নকৰে। তথাপি গাৰ্ডক কৈ খৰগ্ পুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰলৈ মই টেলিগ্ৰাফ কৰিলোঁ, যাতে আমালৈ অলপ আহাৰৰ আযোজন কৰি থয। কিন্তু ক’ৰ টেলিগ্ৰাম ক’লৈ গল, তাৰ কৰ্ত্তা কৰ্ম কৰণ অধিকৰণসকলেহে জানে। সেই দুই ঠাইতে ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰে আমালৈ একো আয়োজনকে নকৰি, টেলিগ্ৰাফ নাই পোৱা বুলি কৈ গা সাৰিলে; যদিও আমি আমাৰ পেটৰ ভোকক তেনেকৈ কিবা এটা কৈফিয়ৎ গি গা সাৰিব নোৱাৰিলোহঁক। ফুটা নাৱত চিৰচিৰকে পানী সোমোৱাদি ওৰে দিনটো আমাৰ পেটত ভোকে চিৰচিৰাই আছিল। নাৱৰীয়াই নাৱৰ ফুটাত ফটা কানিৰ সোপা দিযাদি ষ্টেছনত বিক্ৰী কৰা কচুৰি, শিঙৰা এসোপাকৈ কিনি লৈ আমি যদিও ভোকৰ ফুটাত সোপা দিবলৈ ধৰিলোঁ, কিন্তু গাখীৰৰ হেঁপাহ ঘোলে কেনেকৈ পলুৱায? তেনে অৱস্থাৰেই ভোকত লেকাত লাগি গৈ আমি ৰাতি কলিকতা পালোগৈ। যত উঠিলোঁগৈ, তাত লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই খাই পেটক প্ৰবোধ দি সেই ৰাতিৰ নিমিত্তে শুই থাকিলোঁহক। কবলৈ পাহৰিছোঁ যে বাটত আমাৰ অশান্তি বাহিৰে ভিতৰে সমানে চলিছিল। মগনিযাৰে বাটৰ এফালৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে মাগি পইচা বুটলি ফুৰাদি পেছেঞ্জাৰে গাড়ীযে প্ৰায় সকলো ষ্টেছনতে ৰৈ ৰৈ যাত্ৰী বুটুলি ফুৰে। আমি ঝাৰসোগোড়াৰ পৰা যাওঁতে আমাৰ দ্বিতীয় শ্ৰেণীৰ খোঁটালীত আন কোনো নাছিল। কিন্তু লাহে লাহে আমাৰ গাড়ীখনে দুজন এজনকৈ যাত্ৰী বুটলি আমাৰ খোঁটালী ভৰাই পেলালে। আটাইতকৈ আহুকালৰ কথা হৈছিল, বাটৰ এটা ষ্টেছনত। উঠিব নোৱাৰা বৰ নৰিয়া পৰা ল’ৰা এটাক মাক-বাপেকে কোলাত লৈ, দুটা-তিনিটা মানুহৰে সৈতে আমাৰ খোঁটালীত সোমালহি। ল’ৰাটোক কলিকতাত চিকিৎসা কৰাবলৈ লৈ গৈছিল। তেওঁলোক সোমায়েই খোটালীটোৰ খিড়ীকি দুৱাৰবোৰ মাৰি দিলে,—ফলত, যাত্ৰীৰে খুন্দ খোৱা খোঁটালীটো চিৰাজদ্দৌলাৰ অন্ধকুপ যেন হ’ল। ভদ্ৰতা আৰু পৰহিতৰ অনুৰোধত আমি জুলুম নীৰৱে সহিবলগীয়াত পৰিছিলো।



  • (বাঁহী-১১শ ৫ম সংখ্যা, ১৮৫২শক। অ-২৭)