পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
মোৰ জীৱন-সোৱৰণ

ভোজৰ আয়োজন কৰিছিল যেন পাওঁ। আমাৰ ডিবুৰু গমন আৰু ইন্দ্ৰৰ ভোজৰ আযোজন এই দুটা একো সময়তে পৰাটো কাকতালী সংযোগ বুলিয়েই ধৰিব পাৰি। স্বগ খনৰ আয়তন কিমান, কব নোৱাৰো আৰু সেই বৰভোজৰ কোন বস্তু ক’ত থৈছিল, তাকো ক’ব নোৱাৰো। আমি তাহানি কলিকতাত থাকোঁতে দেখিছিলো, ডাঙৰ বিয়া সবাহত নিমন্ত্ৰিতসকলক খুৱাই-বুৱাই সুকলমে কাৰ্য সমাধা কৰিবৰ নিমিত্তে কৰ্ম্মকৰ্ত্তাই আহল-বহল ডাঙৰ ঘৰ ভেৰোণীয়াকৈ লৈ ডাঙৰ ৰভা পাতি সভা কৰে। ডিবুৰুগড়ত বৰষুণৰ কোব দেখি অকস্মাতে মোৰ মনত খেলাইছিল যে ইন্দ্ৰদেৱৰাজে তেওঁৰ ভোজত ব্যৱহাৰ্য পানাৰ বৰজকাটো ডিবুৰুগড়তে পাতিছিল। ইন্দ্ৰৰ কেইকুৰি পানীভাৰী আছে, সম্ভেদ নাজানো। কিন্তু কাৰ্য দেখি কুৰিৰ কথাই নাই, লাখচেৰেকৰ ওপৰেহে থকা যেন লাগে। যদি এই অনুমান সঁচা তেন্তে কি কম, কি শুনিবা।—গুৰিপৰুৱাৰ লানি যেন হৈ সেই ভাৰীবোৰে ভাৰে ভাৰে অবিৰাম পানী আনি সেই ডিবুৰৰগড়ত বহুৱা জকাত ঢালিছিল। অৱশ্যে এইবোৰ অনুমানৰহে কথা। এনে শাৰীৰ কথাৰ সঁচামিছা কোনো বাপৰ পোৱে প্ৰমাণ কৰিব নোৱাৰে।

 মই ডিবুৰুত দুদিন থকাৰ পিছতে গুৱাহাটীত টেপা খাই থকা আৰু এৰি অহা জ্বৰ আকৌ মোৰ গাত লম্ভিল। সি তাৰ কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ গৈছিল বুলি মই আগৰ প্ৰৱন্ধত কৈ আহিছোঁ। কোনে জানে—হয়তো পাপিষ্ঠ কৰ্পটিযে মোৰ গাত চৰি সুবিধা দেখি গুৱাহাটীতে এৰি থৈ অহা সেই তাৰ জ্বৰ বন্ধুক বিজুলী বাতৰি দি মাতি আনিলে? বিৰা গমনৰ দিনবাৰ চোৱাৰ দস্তুৰ এই জ্বৰৰ নাই। তাক ঔচ বুলিলেই হ‘ল আৰু সি লৰি আহি গা জুৰি বহেহি। জী-জোঁৱায়ে আমাক তেওঁলোকৰ মাজত পাই আনন্দৰ প্ৰেৰণাত দিনৌ আমালৈ হাঁহ মাৰি ভাত খুৱাবৰ আযোজন কৰিছিল। সঙ্গীসকলে তাৰ সদ্ব্যৱহাৰ কৰে, কিন্তু মই বেচেৰাই কোনো দিনা এটেপা-আদ্‌টেপা খাওঁ, কোনো দিন ভাতৰ পাতৰ আগত বহি টোপালি বাওঁ, সেপ ঢোকোঁ আৰু তৎপশ্চাৎ উঠি গৈ শয়ন কৰোঁ। বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ পৰাও সততে ভোজনৰ সাগ্ৰহ নিমন্ত্ৰণ পাওঁ, কিন্তু মোৰ দ্বাৰাই নিমন্ত্ৰণ ৰক্ষণহে হয, ভক্ষণ নহয, কাৰণ মই যে অক্ষম অৰ্থাৎ Hors do combat থেৰোগেৰোকৈ কোনো দিনা তেনে নিমন্ত্ৰণলৈ যাওঁ, কোনো দিনা নাযাওঁ আৰু গলেও আহাৰৰ আযোজনৰূপী নৈৰ পাৰতে বহি তাৰ ফেনফোতোকৰ চাই থাকোঁ, নহলে কেতিযাবা তাৰে দুচলু-এচলু পানী পানী কৰোঁ। নাইবা শিৰত লওঁ আৰু মোৰ আগতে সেই ওফোন্দা লৈযে মোৰ Patronage অৰ্থাৎ অনুগ্ৰহ নিগ্ৰহ লৈ Cate নকৰি অৰ্থাৎ অপেক্ষা নাৰাখি বেগেৰে দুইপাৰ ছাদি বৈ গৈ থাকে। এনেকুৱা অৱস্থা হৈছিল মোৰ।

 দুৰ্গাপূজাৰ দিনচেৰেকৰ আগতে আমি ডিবুৰু পাইছিলো। ডিবুৰুগৰীয়া ৰাইজৰ উছাহ আনন্দৰ কল্লোলৰ মাজত থিয়েটাৰ গান-বাজনা ইত্যাদিৰে পূজা মহাসমাৰোহেৰে সম্পাদিত হৈ গ‘ল। নৰিয়া গাৰেই দুদিন এদিন মই তেওঁলোকৰ