পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
পৰিশিষ্ট


হৃষ্টপুষ্ট লোক তাত সদায়।
বসনে-ভূষণে ভূষিত কায়।
বেদবিদ বিপ্ৰ আছে অপাৰ।
প্ৰত্যহ অগ্নিহোত্ৰ সিজে তাৰ॥
সদায় নুগুচে শাস্ত্ৰ আলাপ।
বেদধ্বনি শুনি পলায় পাপ॥
ক্ষেত্ৰত আছে যত নাৰীগণ।
সবাৰৰ গাৱে শোভে আভৰণ।
আয়ত লোচন পদ্মৰ পাসি।
নুগুচে মুখত ঈষত হাসি॥
ৰূপে বিদ্যাধৰী সম সাক্ষাত।
কৰন্ত লয়লাসে আয়াযাত॥

 অৱশ্যে এই বৰ্ণনা কটক পুৰীৰ মহানদীৰ পাৰৰ। কিন্তু সম্বলপুৰৰ মহানদীৰে শেহডোখৰ কটকপুৰীৰ কাষৰ মহানদী। গতিকে এই বৰ্ণনাৰ দুই চাৰি অনা সম্বলপুৰৰ মহানদীৰ ভাগত দিলেও অযথা নহয়।

 আম গছৰ তলত সুন্দৰ শীতল ছাঁত আমালৈ ভাতপানী ৰান্ধিবাঢ়ি আৰু আন সকলো আৱশ্যকীয় দিহা কৰি ৰাখিবলৈ পুৱাই আমাৰ সেই বাহিৰলৈ লগুৱা আৰু ৰান্ধনি পঠিয়াই দিয়া হৈছিল। আমি দহমান বজাত সেইখিনি পালোঁগৈ। আমাৰ দলত ভদ্ৰলোক আৰু ভদ্ৰমহিলা প্ৰায় ন-দহজন। তাৰে ভিতৰৰ চাৰিজন আচল মৃগয়ালোলুপ আৰু আনবোৰ বনভোজন আৰু আমাৰ চিকাৰৰ উত্তেজনা আৰু ফল- ভোজন প্ৰয়াসী। এজন কি দুজন এই দুই বিষয়তো উদাসী আছিল। তেওঁলোক আমাৰ লগত কিয় গৈছিল ক’ব নোৱাৰোঁ। বোধকৰোঁ তেওঁলোকৰ মনস্কামনা মাথোন পৰিভ্ৰমন আৰু বিশুদ্ধ বায়ু ভক্ষণ আছিল। মহিলাসকলৰ পত্নীসকলে পত্যানুগমন আৰু দুহিতাসকলে পিতৃৰ হৰ্ষবৰ্ধন কৰি সেই যাত্ৰাৰ শ্ৰীবৰ্দ্ধন কৰিছিল। পুৰুষ ডাঙৰীয়াসকলৰ ভিতৰৰ এজন ছবজজ, এজন এছিষ্টেন্ট ছৰ্জ্জন আৰু এজন আবকাৰিৰ অধিকাৰ। বাকীসকল চৰ্কাৰী হিচাপত নামনাচৰ।

 আমি পৰিবাৰবৰ্গক, অ-মৃগয়াশীলসকলক আৰু, উদাসীন কেইজনক মহানদীৰ পাৰৰ প্ৰকাণ্ড আমগছৰ তলৰ বাহৰতে, নৈসৰ্গিক শোভা পৰিদৰ্শন কৰিবৰ সুবিধা দি মুকলিমুৰীয়াকৈ এৰি থৈ লৰালৰিকৈ চাহ-জলপান খাইবৈ আমাৰ চিকাৰৰ ঠাইলৈ পদব্ৰজে গতি কৰিলোঁ। আমাৰ বাহৰৰ পৰা এমাইলমান দূৰত আমাৰ চিকাৰৰ ঠাই, আৰু এটা পৰ্ব্বতৰ পাদদেশত। প্ৰায় বাৰবজাত আমি চিকাৰী চাৰিজনে নিজৰ নিজৰ নিৰ্দ্দিষ্ট চাঙত উঠি, হাতত বন্দুক লৈ. আমাৰ আগত ওলাব বুলি আশা কৰি জন্তুৰ ওপৰত শৰ সন্ধান কৰিবলৈ অৰ্থাৎ বন্দুকৰ গুলী বৰষিবলৈ আশা-টপালি ৰ’লোঁ। সেই দিনা মোৰ হাতত ৫০০ নম্বৰ এক্সপ্ৰেছ বন্দুক। আমাৰ লগৰীয়া