পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
পৰিশিষ্ট


কল্পনা, অনুমান, ব্যাখ্যাবাদ, বিচাৰ, সিদ্ধান্ত আৰু মত থিয় কৰি দেখুৱাবলৈ ধৰিলে। —কিম্বদন্তিত প্ৰচলিত শ্ৰীযুত হোলা কোন আছিল, কব নোৱাৰোঁ, কিন্তু বৰ্ত্তমান ক্ষেত্ৰত যে তস্য ভ্ৰাতা শ্ৰীমান মোলা—এই প্ৰবন্ধ লিখক—সোঁ‌শৰীৰে বিদ্যমান আছিল, সেইটো নিৰ্ভুল আৰু তেঁ‌ৱেই মোলাৰ ভূমিকাৰ ভাও অতি সূচাৰুৰূপে দিছিল। তেওঁ নিজে ভাবিবই নোৱাৰিছিল আৰু আনে কলেও নামানিছিল যে তেওঁৰ দেখাত অতি নিৰ্দোষী ভৃত্যমণ্ডলীমেই এই চৌৰ্যাভিনয় নাটকৰ প্ৰধান অভিনেতা অভিনেত্ৰী। পুলিচত খবৰ দিয়া হ’ল। পুলীচে বৃত্তান্ত শুনি আদ্যোপান্ত ঘটনা- ৱলী ৰিজাই মিলাই ভৃত্যমণ্ডলীৰ প্ৰশ্নোত্তৰ লেখি লৈ বিচাৰ বিবেচনা কৰি সিহঁ‌তৰ ওপৰতে সম্পূৰ্ণে সন্দেহৰ চকু দিলে। আনকি দুই এটাক গিৰিপ্তাৰ কৰি লৈ যাবও খুজিলে; কিন্তু মিষ্টৰ মোলাই সেই সন্দেহৰ কথা শুনি জিকজিকাই উঠিল আৰু পুলিচক সেই ফালে মুখকে কৰিব নিদিলে। কাৰণ তেওঁৰ বিশ্বাস আছিল, তেওঁৰ ভৃত্যমণ্ডলটি আকাশৰ সপ্তৰ্ষিমণ্ডলৰে তেওঁৰ ঘৰত দ্বিতীয় তাঙৰণ। তেওঁৰ গঢ় দেখি পুলিচ বিৰক্ত হৈ উভতি গুচি গ’ল, আৰু তাৰ পিছতো সেই নাটকৰ নিৰ্ব্বিঘাত অভিনয় দিনৌ চলিবলৈ ধৰিলে। দিনৌ পুৱা নতুন নতুন গঢ়েৰে চুৰি আত্মপ্ৰকাশিত হবলৈ ধৰিলে। এদিন নহয়, দুদিন নহয় দীঘল তিনিমাহ সেইদৰে চলিল। শেষত বন্ধু-বান্ধৱৰ পৰামৰ্শ গ্ৰহণ কৰি বজাৰৰপৰা এটা বন্দুক কিনি আনিলো— চোৰক ভয় দেখুৱালৈ। বাস্তৱিকতে মোৰ হাতত বন্দুক দেখি প্ৰথমতে চোৰ-সংঘ সশঙ্কিত হ’ল; আৰু সিহঁ‌তে সিহঁ‌তৰ অভিনয়, বন্ধ নহয়, স্থগিত কৰি, বন্দুকধাৰী গিৰিহঁ‌তৰ অলেখলেখ চাবলৈ ধৰিলে। দুদিন চাৰিদিনৰ মূৰতে তীক্ষ্ণবুদ্ধিসম্পন্ন ভৃত্যমণ্ডলীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে হাৰিণাৰ মূৰত প্ৰকাণ্ড শিং যেনে সিহঁ‌তৰ গৰাকীৰ হাততো বিভীষণ বন্দুক তেনে। নিশ্চয় সিহঁ‌তে সেইদেখি গৰাকীৰ চকুৰ আঁ‌ৰত গৰাকীজনৰ চিকাৰ-কৌশলৰ প্ৰতি নিজৰ নিজৰ বৃদ্ধাঙ্গুষ্ঠি প্ৰদৰ্শন কৰি সন্মান প্ৰদৰ্শন নকৰি নাথাকিছিল। ফলত স্থগিত নাটকৰ পুনৰাভিনয় মহাসমাৰোহেৰে চলিল।

 ইয়াৰ পিছত অনেক ঘটনা ঘটিছিল, সেইবোৰ লিখি এই প্ৰবন্ধৰ কলেবৰ বৃদ্ধি কৰিবলৈ গ’লে আলহীক ভোজ খাবলৈ মাতি, মহাভাৰতৰ অধ্যায় এটাকে মাথোন শুনাই খুৱাবলৈ পাহৰি বিদায় দিয়াৰ নিচিনা হ’ব। আৰু ‘আৱাহন’ৰ পাঠক- পাঠিকাই মৃগয়া লেখকৰ ব্যৱহাৰ দেখি তেওঁক গালি পাৰি নিজৰ নিজৰ ঘৰলৈ উভতি গৈ, ঘৰত থকা কোমল চাউল একোমুঠিকেই লৰালৰিকৈ তিয়াই হুটাকৈয়ে খাব লাগিব, নাইবা টেকেলিত থকা লোৱাপিঠাগুৰিত পানী দি এখামোচ গুৰ সানি ভোজন কৰি শয়ন কৰিব লাগিব। মুঠতে কওঁ যে আগ্নেয়াস্ত্ৰ অথাৎ বন্দুকৰে সৈতে মোৰ এই প্ৰথম পৰিচয়। প্ৰথম দৰ্শনত ওপজা প্ৰেম প্ৰায়ে নিটিকে। কিন্তু মোৰ এই প্ৰেম, অকল টিকিল যে এনে নহয় শেহত ই ঘনিষ্ঠতাত পৰিণত হ’ল অৰ্থাৎ হলিগলি অৱস্থাত পৰিলগৈ।