পানীৰাম মজুৰি লৈ লোকৰ বন বাৰি আগৰ দৰে আজিও কৰে ফুৰে নে? সিহঁতৰ ঘৰত লগৰীয়া বনুৱা জুৰ্মনেই বা কত? তাহানি ভিনিহিদেউ মুক্তানাথ ফুকনৰ ঘৰত লিগিৰী এজনী আছিল। তাইৰ নাম ভদৰী। ফুকনৰ ল'ৰাটো আমাৰ ঘৰলৈ আহি, উলটি যোৱাত পলম হলে তাই ফুকনৰ ঘৰৰ পাছফালৰ বাৰীৰ পৰাই চিঞৰিছিল—“অ বব লুপি! আহ ঐ।” আজি আমাৰ শিৱসাগৰৰ ঘৰলৈ গ'লে তাইৰ সেই ৰিং শুনিম নে? বিদ্যাধৰ চিৰস্তাদাৰ ভিনিহিৰ ঘৰত দুজনী বেটী। আছিল। এজনীৰ নাম সৰুকণ, আনজনীৰ নাম গেলী। সিহঁতলৈকো মনত পৰিল। মৰিদিখৌত আজিকালিও অনেক মানুহ গোট খাই পল বাবলৈ আহে নে? আৰু তাহানিৰ নিচিনাকৈ উকিয়াই চাৰিওফালৰ পল বোৱা মানুহক সিহঁতে মাতে নে? মই তাহানি মৰিদিখৌত জাৰকালি দল চেলাই মাছ ধৰিছিলো। আজিকালিও সেই দৰে কোনোবাই মাছ কাছ ধৰে নে? মৰিদিখৌৰ পাৰৰ সেই বৰ পলাশজোপাত আজিও সেইদৰে গছ ভৰি পলাশ ফুল ফুলে নে? মানুহব ল’ৰাকালডোখৰ কল্পনাৰ ৰামধন। কত ৰকম উজ্জ্বল ৰহণেৰে যে সেই ডোখৰ কাল ৰহণোৱা হয় তাৰ লেখজোখ নাই। মানুহৰ মুখে শুনিছিলো যে আৰিমত্ত বজাই সোণ আৰ ৰূপেৰে খুন্দ খুৱাই ভৰাই দি তেওৰ নাওখন এই মৰিদিখৌতে বুৰাই থৈ পৃথিৱী এৰি স্বগ লৈ গুচি গৈছিল। এতিয়াও হেনো বিচাৰিলে পানীৰ তলত বোকাত পোত গৈ থকা নাওখন পোৱা যাব পাৰে। এডাল সোণৰ শিকলিৰে হেনো নাওখন পাৰৰ হিজল গছজোপাত আজিলৈকে বন্ধা আছে। মই কতদিন মৰিদিখৌব পাৰে পাৰে সেই নাওখনৰ ফুট উলিয়াবলৈ ডাঙৰ ডাঙৰ গছৰ গুৰিত চাই ফুৰিছিলো যদি শিকলিডাল চকুত পৰে। মনৰ ভাব এনেটো যে এনাও সোণ-ৰূপ পাই একেবাৰেই মই ধনৰ গছৰ আগত নিশ্চয় উঠিব পাৰিম। কিন্তু মই নিজে উঠিবলৈ মোৰ সেই চেষ্টা নহয়, মোৰ দেউতাক আৰু মই ভাল পোৱা আমাৰ ঘৰলৈ অহাযোৱা কৰা দেউতাব বন্ধু- বান্ধৱসকলক তুলিবলৈহে। সেইসকলৰ ভিতৰত মান্যবৰ গঙ্গাগোবিন্দ ফুকনো এজন আছিল। আৰু ভাৱিছিলো, দেউতাৰ ধাৰবোৰ মই তেনেহলে মাৰি দি দেউতাক নিশ্চিত কৰিব পাৰিম আৰ মোৰ মাতৃদেৱী আৰু বৌসকলৰ গাবোৰ ভাল ভাল কাপোকানি গহনাৰে ভৰাই দিব পাৰিম। এই কেইটা কাৰ্যৰ পিছত আনন্দ মনেৰে মই এই পৃথিৱীত ঘুৰি ফুৰিম। আৰ শেষত বঢ়া বয়স ডোখৰৰ তিনি ভাগৰ এভাগ আমাৰ গুৰুঘৰ বদলা আতৰি থান কমলাবাৰীত আৰু এভাগ জগন্নাথ ক্ষেত্ৰত আৰু এভাগ বৃন্দাবনত কটাই দিম। এনে মতলব কৰি কাকো নোকোৱাকৈ মই দিনে মৰিদিখৌ পাৰে পাৰে হাবিয়ে-বননিযে বৰ বৰ গছবোেৰৰ গুৰিবোৰলৈ চকু দি ঘুৰি ফুৰিছিলো। আমিও ৰজাৰ সাধুটো যিসকলে জানে, তেওঁলোকলৈ নহয়, নজনাসকললৈ তাৰ সংক্ষেপ বিৱৰণ তলত দিলোঁ।
আমিও ৰজা মইমত্ত ৰজাৰ পুতেক। মইমত্ত নিজ ৰাজ্য ৰত্নপুৰত ৰাজত্ব কৰি, তেওঁৰ পুতেক আৰিমত্তক বিশ্বনাথত ৰজা কৰি দিলে। আজিকালি যাক মাজুলী বলে তাতেই ৰত্নপুৰ ৰাজ্য আছিল। অলপ আগৰ পৰা কথাটো কওঁ। মইমত্তৰ