পঞ্চম আধ্যা
শিবসাগৰ হাইস্কুলত হেডমাষ্টৰ চন্দ্ৰমোহন গোস্বামী, চেকেণ্ড মাষ্টৰ বিষ্ণুচন্দ্ৰ চক্ৰৱৰ্ত্তী, সংস্কৃতৰ পণ্ডিত প্ৰসন্নকুমাৰ আচাৰ্য্য আৰু ধৰ্ম্মেশ্বৰ মাষ্টৰে আজিও পঢ়ায নে? নপঢ়ায নিশ্চয়, বোধকৰোঁ তেওঁলোক মৰিহাজি গ’ল। সনাতন নন্দীযে তলৰ শ্ৰেণীত ঘনে ঘনে আহি এক্টিং কৰি পঢ়ায় নে? তেওঁৰ মাক অসমীযা আৰু বাপেক বঙালী আছিল। মানুহজন বেছ আমোদপ্ৰিয আছিল। অক্ষয়কুমাৰ ঘোষ আৰু বিনোদলাল ঘোষে আজিও শিৱসাগৰত ওকালতি কৰে নে? অক্ষযবাবু হাতমুকলি আৰু বহল মনৰ মানুহ আছিল। তেওঁ প্ৰচুৰ ধন উপাৰ্জ্জন কৰিছিল কিন্তু ৰাখিব নোৱাৰিলে। কৃষ্ণানন্দ গোহাঁইৰ দেউতাক, আৰু তিৰু কাকতি প্ৰভৃতি শিৱসাগৰৰ কাষৰে পাঁজৰে থকা বিশিষ্ট ভদ্ৰলোকসকলে আমাৰ দেউতাৰে সৈতে দেখা কৰিবলৈ মাজে মাজে তাহানি আমাৰ ঘৰলৈ আহিছিল। তেওঁলোক নিশ্চয ইহসংসাৰত নাই। শিৱসাগৰত থকা আদৰ্শ-বঙ্গ-বিদ্যালয় আৰু তাৰ হেডপণ্ডিত প্ৰাণকৃষ্ণ কৰ বাবু ক’ত? তাহানি মই সৰুতে বঙলা স্কুলত পঢ়োতে এদিন মোৰ পেট কামুৰিছে বুলি তেওঁৰ ওচৰত ছুটি লবলৈ যাওঁতে, তেওঁ মোক সুধিছিল “আজি তুমি কিমান কোমল চাউল খালা?” দ’লৰ টিনাই ঠাকুৰ আৰু নগৰ মহল মৌজাদাৰ বৰঠাকুৰ ক’ত? বপুৰা টিনাই ঠাকুৰ। তেওঁ দিনে দুপৰীযা খাই বৈ উঠি এঘুমটি শোৱা অভ্যাস কৰি লৈছিল। কেতিয়াবা শুবলৈ নোপোৱাকৈ কৰবালৈ যাব লাগিলে তেওঁ খোজ কাঢ়িযেই টোপনিযাই গৈছিল। তেওঁৰ কাৰ্যপ্ৰণালী আছিল এনেকুৱা :—
তেওঁ এশ কি দুশ খোজৰ বাটডোখৰ এবাৰ চকুমেলি চাই লৈ তাৰ পিছত চকু মুদি খোজ কাঢিছিল। যেতিয়াই তেওঁৰ জোখৰ বাটছোৱা পৰে, তেওঁ চকু মেলে। আৰু আকৌ এছোৱা চাই লৈ চকু মুদি খোজ কাঢ়িবলৈ ধৰে। কামটো বুধিযকৰ কাম নহয়নে বাৰু? তেতিযাৰ দিনত মটৰগাড়ীৰ দৌৰাত্ম নাছিল, নতুবা এই প্ৰণালী অচল হলহেঁতেন নিশ্চয। যাওক। আজিকালি অৰ্জ্জুনগুৰিত কোন কোন আছে? পূজনীয় প্ৰাণনাথ বেজবৰুৱা আৰু তেওঁৰ পুতেক লক্ষ্মীনাথ, কাশীনাথ তাত আছে নে? আহি, আমাৰ ঘৰৰ পুখুৰীপাৰত থাকে নে? তেখেতৰ পুতেক শ্ৰদ্ধাস্পদ শ্ৰীযুত নিত্যানন্দ গোসাঁই মোৰ সুহৃদ আছিল। বোধকৰো তেওঁ আজিকালি অধিকাৰৰ পদত।
আৰু ক’ত মানুহৰ কথা মনত পৰিল। দিখৌৰ কাষত হৰদেউ খাটনিয়াৰ, যোগৰাম পোদ্দাৰ ইত্যাদিলৈ। আমাৰ ঘৰৰ ঘৰগিৰিয়নী ঘিণলাগী বাই, লইভা বেজিনীলৈ। তেওঁলোকে বেজিনীৰ ব্যৱসায আজিও শিৱসাগৰত কৰি ফুৰি নে? আজিও বুদু ভকতে বাঢ়ৈৰ কাম আৰু লগে লগে কাছাৰী ঘৰৰ আগত 'টাউট’ৰ কাম কৰে নে? মণিৰাম আৰু ধূলিৰাম ডাক-হৰকৰাই আজিও শিৱসাগৰত ডাকৰ চিঠি বিলায় নে? দিখৌৰ পাৰহাটত ৰঙাই ঘাটৈয়ে নাও পাৰ কৰিছিল। ইমান দিনে সেই ঘাটৈ তাত আছে নে? গোলাম পাৰ্টিৰ ৰঙামুৱা পিথু আৰু তাৰ পুতেক