শলিয়াই কুটি খাস্তাং কৰিলে। মোৰ হেঁপাহৰ শিৱসাগৰ বৃন্দাবন পুৰি ছাই হ’ল। সেই প্ৰকাণ্ড ধ্বংসৰ বাতৰি মোক দিবলৈ তাৰ ছাইবোৰহে মোৰ চাৰিওফালে উৰি ফুৰিছে। শ্লোক মনত পৰিল :
যদুপতেঃ ক্বগতা মথুৰাপুৰী।
ৰঘুপতেঃ ক্বগতোত্তৰ কোশল।
যৎপৎ থকা ঠাইলৈ উলটি গ’লোঁ।
ওপৰত উল্লেখ কৰা বিষাদৰ কথাবোৰ আঁতৰাই থৈ কওঁ যে মই শিৱসাগৰ সোমোৱা মুহুৰ্তৰ পৰা মোৰ প্ৰতি শিৱসাগৰৰ মানুহৰ মৰমচেনেহ আদৰ অভ্যৰ্থনাৰ অন্ত নপৰিল। সাহিত্য সভা, বিদ্যাপীঠ, শঙ্কৰ সমিতি প্ৰভৃতি কেইবাখনো সভা- সমিতিওঁ তেওঁলোকে মোক সমাদৰ আৰু মৰম বিতৰণ কৰি ধন্য কৰিছিল। তেওঁলোকৰ আগত মই কৃতাঞ্জলি কৰি কৃতজ্ঞতা জনাবলৈ থিয় হ’লোঁ।
১৫ অক্টোবৰৰ দিনা আমি শিৱসাগৰ পাইছিলোগৈ। ১৭ অক্টোবৰৰ দিনা শিৱসাগৰ এৰি মটৰেৰেই যোৰহাটৰমুৱা হ’লোঁ। *
অক্টোবৰৰ সোতৰ তাৰিখে যোৰহাট পালোগৈ। যোৰহাট পাবলৈ তিনিমাইলমান বাট আছে, এনেতে দেখিলোঁ, সেইফালৰ পৰা খনচেৰেক মটৰগাড়ী আমাৰ ফালে আহিব লাগিছে। অলপৰ পিছতে দেখিলোঁ, যোৰহাটৰ গণ্যমান্যসকলৰ ভিতৰত, মোৰ পুৰণি বন্ধু জনচেৰেক আমাক আগবঢ়াই নিবলৈ আহিছে। তেওলোকৰ মোৰ প্ৰতি মৰম আৰু আগ্ৰহ দেখি সঁচাকৈযে মোৰ চিত্ত আনন্দত গদ্গদ্ হ’ল। ঈৰৰৰ অশেষ কৰুণা যে তেওঁলোকৰ এই নগন্য বন্ধুৱে তেওঁৰ দীঘল প্ৰৱসুৱা জীৱনত কোনো গৰ্হিত কাম কৰি তেওঁৰ অসমীযা ভাই বন্ধুসকলৰ স্নেহ আৰু শ্ৰদ্ধা হেৰুৱা নাছিল সঁচাকৈযে অসমৰ ভিতৰলৈ মই যিমান সোমাই গৈছিলোঁ মোৰ স্বদেশী ভাই সকলৰ মোৰ প্ৰতি সৰল সদয আৰু স্নেহপূৰ্ণ ব্যৱহাৰ দেখি মোৰ বুকুখন দিনকদিনে ডাঠ হৈ গৈছিল।
যোৰহাট ডাকঙবলাত আমি উঠিলোহকগৈ। ডাকঙবলা পোৱা মুহুৰ্ত্তৰ পৰা আমাক লগ ধৰিবলৈ অহা যোৰহাটবাসী ভাই বন্ধুসকলৰ অবিৰাম সোঁত আমি তাত থকা কেইদিন আমাৰ ফালে বৈছিল। পিছ দিনা ওঠৰ তাৰিখে চন্দ্ৰকান্ত সন্দিকৈ হলত বিৰাট সভা পাতি মোক অভ্যৰ্থনা কৰিবৰ আয়োজন কৰা হ’ল। সেই সভালৈ গৈ মই দেখিলো যে মানুহেৰে সভাঘৰ অকল ভৰি পৰিছে এনে নহয়, সভাঘৰৰ বাহিৰতো মানুহে ছাটি পৰিছে। সভাঘৰৰ ভিতৰত মানুহৰ ছাটি পৰিছে। সভা- ঘৰৰ ভিতৰত মানুহৰ যেনেকৈ পয়োভৰ সঙ্গীত বিয়াহ গোৱা ইত্যাদি উৎসৱৰো তেনেকৈ পযোভৰ। মই অকলে নিমন্ত্ৰিত হৈ গৈছিলোঁ। মোৰ সহধৰ্ম্মিনী, জীহঁত আৰু জোঁৱাই নিমন্ত্ৰিত হোৱা নাছিল। কিয় ক’ব নোৱাৰে। সভাত বৰধলৰ নিচিনা সেই আনন্দোৎসৱ দেখি, তাৰ ভাগ মোৰ সহধৰ্ম্মিনী আৰু জী-জোঁৱায়ে
- বাঁহী—২০ বছৰ, ৮ম সংখ্যা, বহাগ ১৮৫২ শক। অ হা