পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
মোৰ জীৱন-সোঁৱৰণ

আকৌ পিছ দিনা সন্ধ্যাৰ সময়ত আমি চাঙত উঠিলোঁগৈ। কিন্তু হঠাৎ এটা দুৰ্ঘটনা ঘটি সেই দিনাৰ সকলো প্ৰয়াস পণ্ড কৰি দিলে। আৰু সেই দুৰ্ঘটনাৰ কাৰণ মই। মই চাঙৰ উঠোঁতে গধূলি পাৰ হৈ যোৱা এন্ধাৰ। এন্ধাৰেমুধাৰে মই মোৰ ৰাইফলৰ মেগেজিনত চাৰিটা গুলী ভৰাই এটা বেৰেল অৰ্থাৎ নলীৰ ভিতৰত খাজিলোঁ। কিন্তু হঠাৎ গম পালোঁ যে গুলীবোৰ “জাম” হৈ গ’ল অৰ্থাৎ অলপো লৰচৰ নকৰা হ’ল আৰু ৰাইফেলটো বন্ধ নোহোৱা হ’ল। হাতেৰে খপিযাই ‘জাম’ গুচাবলৈ মই চেষ্টা কৰোতেঁইে হঠাৎ তাৰ পৰা এটা গুলীৰ আৱাজ হ’ল। মই ব্যতিব্যস্ত হৈ সেই ভুল শুধৰাবলৈ যাওঁতেই আকৌ এটা গলীৰ আৱাজ হ’ল। ভাগ্যে সেই গুলি দুটা যোৱা বাটেদি কোনো নাছিল, নতুবা ভয়ানক কাণ্ড হ’লহেঁতেন। গুলীৰ দুবাৰ আৱাজত গোটেই হাবি তল-ওপৰ লাগি পৰিল। ওচৰত বাঘ আছিল যদি (সম্ভৱতঃ আছিল) সি ঢাপলি মেলি দূৰ দূৰণি পালেগৈ। ইয়াৰ পিছত আৰু তাত চিকাৰৰ আশাত বহি থকাটো মিছা জানি আমি উভতি থকা ঠাইলৈ আহিলোঁহক। মোৰ দ্বাৰাই সেই বিপয্যয ঘটি সেই দিনাৰ চিকাৰ পণ্ড হৈ সকলোকে নিৰাশা কৰাত মই যে মনত কিমান লাজ আৰু দুখ পাইছিলো তাক কৈ এটাব নোৱাৰো। মোৰ মনত ইমান ধিক্কাৰ লাগিছিল যে “আজিৰ পৰা মোৰ ৰাইফলত হাত নিদিওঁ’’ বুলি মই সঙ্কল্প কৰিছিলো। অৱশ্যে সেই সঙ্কল্প আজিলৈকে লৰচৰ হোৱা নাই , পিছত কি হয় ক’ব নোৱাৰোঁ আৰু দুটা ক্ষুদ্ৰ ঘটনাৰ কথা ইযাৰ লগতে কৈ মোৰ মৃগয়াৰ ইতিহাসৰ ওৰ পেলাম।

 বহু দিনৰ আগৰ কথা। মই টঙাৰে মোৰ হাবিৰ পৰা উভতি সম্বলপুৰৰ ঘৰলৈ আহিব লাগিছোঁ। লগতে মোৰ সহধৰ্ম্মিনীও আছিল। এটা শুকান নলা পাৰ হৈ আহিছোঁ, এনেতে সেই নলাৰ ভিতৰতে অলপ দূৰত এদোঙা পানীত কিবা ডাঙৰ ক’লা জন্তু এটা মেৰ বান্ধি ওপঙি থকা যেন দেখিলোঁ। টঙাৰ গৰু খেদোৱা মানুহটোক টঙা ৰাখিবলৈ কৈ, সেইটো কি দূৰৰ পৰা চাই আহিবলৈ পঠিয়ালে। সি খুপি খুপি হাতত সাৰে ভৰিত সাৰে গৈ চাই উভতি আহি ক’লে যে সেইটো প্ৰকাণ্ড অজগৰ সাপ আধাৰি পকাই পানীত পৰি আছে। মই লৰালৰিকৈ মোৰ বন্দুকত গুলী সাজি লৈ লাহে লাহে গৰাইদি গৈ দিলোঁ গুলি। মোৰ গুলিটো তাৰ গাত পৰি ধুপচকৰে উঠিল। আৰু এগুলী মাৰিলোঁ। সেই গুলীটো পৰিও তেনেকুৱা শব্দ হল অথচ জন্তুটোৱে অলপো কেৰমেৰ কৰা নাই। মোৰ সন্দেহ হৈ ওচৰলৈ গৈ জুপি চাই দেখিলো যে সেইটো এটা মৰা শিয়ালৰ শৱ উখহি তেনেকৈ পৰি আছে। তেতিয়া আমাৰ যে হাঁহি উঠিল, কি কম!

 আৰু এটা ঘটনাৰ কথা কওঁ। আজি এবছৰমান হৈছে। মই মোৰ সহধৰ্ম্মিনী, মোৰ মাজুজোৱাই মাজুজীৰে সৈতে মোৰ জঙ্গলৰপৰা সম্বলপুৰৰ ফালে উভতি আহিছোঁ। আবেলি চাৰিমান বাজিছে। বাটৰ কাষৰ হাবিৰ ভিতৰৰ এখন বিলত কিছুমান হাঁহ পৰি থকা দেখি মোৰ মাজুজোঁৱায়ে হাতত বন্দুক লৈ হাঁহ মাৰিবলৈ নামিল।