পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
পৰিশিষ্ট

আবৃত ৰাখি থমকি ৰল। মই তাৰ মূৰলৈ গুলী মাৰিবলৈ বন্দুকটো যেই টোৱইেছোঁ, মোৰ লগত বহি থকা এছিষ্টেণ্ট কনজৰ্ভেটৰ-অৱ্‌ ফৰেষ্টে হঠাৎ মোৰ হাতত থাপ মাৰি ধৰিলে। মই আচৰিত হৈ কাৰণ সুধিলত তেওঁ কলে, “অলপ পিছত”। বাঘটো আৰু অলপ আগবাঢিল আৰু মূৰটোৰে সৈতে তাৰ গলধনটো দেখা হল। মই গুলী মাৰিবলৈ আকৌ উদ্যম কৰাত তেওঁ আকৌ থাপ মাৰি মোৰ হাতত ধৰিলে। তেওঁৰ এনে অদ্ভুত ব্যৱহাৰত মই বিৰক্ত হৈ মোৰ হাতটো এৰি দিবলৈ কত বাৰ তেওঁক কলোঁ, কিন্তু একোতে তেওঁ হাতৰ খামোচ নেৰিলে। বাঘৰ কি গৰজ যে সি আমাৰ সেই বটা আজোৰৰ খকাখুন্দাখন শুনি আমালৈ ডিঙিটো পাতি বহি থাকিব। সি প্ৰকাণ্ড জাপ মাৰি পলাই গুচি গ’ল। এনে সুবিধাৰ অৱস্থাত মই বাঘটো মাৰিবলৈ নাপালোঁ দেখি মোৰ মনত বৰ বেযা লাগিল। সেই ভদ্ৰলোক- জনৰ তেনেকুৱা ব্যৱহাৰৰ মানে আন একো নহয মাথোন ভয় যদিও সেই কথা সৈ নাকাঢি লোকৰ আগত বাজে কাৰণ দেখুৱাইছিল। এই বাঘচিকাৰৰ এই ওনা এই দৰেই দেলে।

 মোৰ বাঘচিকাৰৰ ব্যৰ্থ প্ৰয়াসৰ বিষযে ঘটা অনেক ঘটনাৰ ওপৰেদি জপিয়াই গৈ আজি ছমাহৰ আগেযে ঘটা ঘটনা এটা মাথোন এইখিনিতে উল্লেখ কৰি আজিৰ প্ৰবন্ধৰ সামৰণি মাৰিম।

 মোৰ সহধৰ্ম্মিনী, বৰজোঁৱাই, বৰজী আৰু মই সম্বলপুৰৰ ডিপুটী কমিছনাৰৰ নিমন্ত্ৰিত অতিথি হৈ চামুগুৰি হাবিত চিকাৰ কৰিবলৈ গলোঁ। চামুণ্ডাত যদিও এটা ডাঙৰ ফৰেষ্ট বঙলা আছে তথাপি তিনি চাৰিটা সুন্দৰ তামিঘৰা তৰা হৈছিল। চিকাৰৰ এই দলটোত আছিল—সম্বলপুৰৰ ডিপুটী কমিছনাৰ, তেওঁৰ সহধৰ্ম্মিনী, তেওঁলোকৰ ল’ৰা-ছোৱালী, তিনিটি মোৰ বৰজোঁৱাই বৰজী, মোৰ সহধৰ্ম্মিনী মই, মোৰ সৰু সৰু নাতি-নাতিনী দুটা আৰু পুলিচৰ ছোট চাহাব। আমি তাত চাৰি দিন আছিলোঁহক। খোৱাবোৱা আৰু নানা আমোদ আহলাদৰ আড়ম্বৰ খুব হৈছিল। প্ৰত্যেক দিন আমি দুবাৰকৈ বাঘ, বৰা, ভালুক, পহু ইত্যাদি মাৰিবলৈ গৈছিলোঁ। আমি তালৈ যাবৰ আগদিনা বাঘ থকা ঠাইত এটা “কিল” (Kill ) অৰ্থাৎ জন্তুৰ টোপ বান্ধি থোৱা হৈছিল। সেই জন্তুটোক বাঘে মাৰিছিল। আমি যোৱা দিনা আকৌ এটা “কিল” বন্ধা হ’ল আৰু আমি গাইপতি একোখন সুকীযা চাঙত সন্ধ্যা লগাৰ পৰা বহি ৰাতি ন মান বজালৈকে বাঘলৈ খাপ দি আছিলোঁ, কিন্তু বাঘ নোলাল। ন বজাৰ পিছত আমি চাঙৰ পৰা নামি থকা ঠাইলৈ উভতি আহিলোঁ, কিন্তু “কিলটো” তাতে বান্ধি থৈ। পিছ দিনা পুৱা খবৰ পোৱা গ'ল যে আমি গুচি অহাৰ পিছত সেই দিনা আমি চিকাৰী কেইজনে আবেলি চাৰিমান বজাতে আমাৰ নিৰ্দ্দিষ্ট নিজ নিজ চাঙত বহি বাঘলৈ বাট চাই ৰলোহক। দিনৰ চাৰি বজাৰ পৰা ওৰে ৰাতি আৰু তাৰ পিছ দিনা পুৱা ছয়বজালৈকে আমি আমাৰ চাঙৰ ওপৰতে আছিলোঁহঁক। বাঘে কিন্তু আমাক দেখা নিদিলে। আমিও এৰিবৰ পাত্ৰ নহওঁ।