পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
মোৰ জীৱন-সোঁৱৰণ

তথাপৰং হ’ব আৰু আমি চিকাৰী মেকুৰীৰ ভাগ্যত কোনো জন্তুৰ শিকিয়াই নিছিগে। খেদা প্ৰায় শেষ হবলগীয়া হ’ল। এনেতে হাবিখন খোজৰ দপদপনিত তলওপৰ কৰি কিবা ডাঙৰ জন্তু গোটাদিয়েক আমাৰ ফালে “লাঞ্জৰ ছাটিত মেঘ উডাই” অহা শুনিলো। মোৰ বন্ধুৰ চাংখন মোৰখন চাঙৰ পৰা দহ বেওমানৰ আগত আছিল। হঠাৎ তেওঁৰ বন্দুকৰ আৱাজ শুনিলো গুড়ুম। আকৌ শুনিলো গুড়ুম। মযো ইফালে ৰাইফল লৈ সষ্টম হলোঁ। এনেতে দেখিলোঁ, বিজুলীৰ বেগেৰে তিনিটা প্ৰকাণ্ড জন্তু লৰি মোৰ ফালে আহি ফালৰি কাটি মোৰ চাঙৰ কাষেদি গুচি গ’ল। কানিমুনি কৰি দিলো মাৰি এজাই। ঢাপলি মেলি যোৱা জন্তু কেইটা মুহূৰ্ত্ততে অদৃশ্য হ’ল।

 খেদা কৰা মানুহবোৰ লাহে লাহে মোৰ কাষ পালেহি আৰু মোৰ ওচৰ ওলালহি। মযো মোৰ চাঙৰ পৰা নামি আহিলোঁ আৰু বন্ধুৰে সৈতে কোৱামেলা কৰিবলৈ ধৰিলো যে আগৰ দুদিন কোনো জন্তু নোলালেই, আজি ওলাল যদিও আমি মাৰিব নোৱাৰিলোঁহক। এইদৰে দুয়ো কোৱা-মেলা কৰি থাকোতেই, আমাৰ পাছফালে কুৰি বেওমান দূৰৰপৰা গোটাচেৰেক মানুহ লৰি আহি আমাক বাতৰি দিলেহি যে ডাঙৰ জন্তু এটা শুকান নলা এটাৰ ভিতৰত পৰিছে। আমি বন্দুকত গুলী ভৰাই লৈ অতি সন্তৰ্পণে এখোজ দুখোজকৈ গৈ সেইখিনি পাই দেখিলোঁ যে মহিষাসুৰৰ জাতৰ বৰ ডাঙৰ জন্তু এটা তাত —

“ভূমিত পৰি আছে চেতন হৰি।
চক্ষু ওলোটাই আছাড়ে ভৰি।৷

 মই আকৌ এটা গুলী তাৰ গালৈ মাৰি দিব খোজোঁতেই লগৰীয়া মানুহ কেইটাই হাক দি ক’লে —“আৰু গুলী মাৰিবৰ সকাম নাই; সি মৰিল।’’ ময়ো দেখিলো, সিহঁতৰ কথা ঠিক।—

“মৰিল অসুৰ ছাদি ৰধিৰ।
বাজ ভৈল (বাহু,) প্ৰাণ ফাটি শৰীৰ৷৷”

 মই আগেয়ে তেনেকুৱা জন্তু দেখা নাছিলোঁ। সিহঁতে ক’লে সেইটো গযেল্‌। গযেলক ইংৰাজীত বাইছন বোলে। আমাৰ অসমীযাত বাইচনক বোধকৰোঁ মেঠোন বোলে। মোৰ বন্ধুজনে আনন্দত মোক কৰমৰ্দ্দন কৰিবলৈ কৰিলে। মই তেওঁক ক’লো “সম্ভৱতঃ আপোনাৰ গুলীতহে তাৰ প্ৰাণ গৈছে। বৰং মইহে আপোনাৰ কৰমৰ্দন কৰি আপোনাক মোৰ অভিনন্দন জনোৱা উচিত।” তেওঁ মোৰ কথাত প্ৰতিবাদ কৰি তেতিয়াই প্ৰমাণ কৰি দিলে যে তেওঁৰ গুলী তাৰ গাত লগা নাছিল; মোৰ গুলীহে লাগিছিল কাৰণ জন্তু কেইটা যিফালে মুখ কৰি লৰি আহিছিল, সিহঁতৰ সোঁফালৰ চাঙত মই বহিছিলোঁ আৰু বাঁওফালৰ চাঙত তেওঁ। যদিও তেওঁ দুটা গুলী মাৰিছিল তথাপি জন্তুটোৰ বাওঁফালৰ কোনো অঙ্গ-প্ৰত্যঙ্গত তেওঁৰ দুনলী