পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
মোৰ জীৱন-সোঁৱৰণ

তাৰ দুকাষে বিষ্ণুদ’ল আৰু দেৱীদ’ল দুটাই আজিও তোমাৰ মূৰত তিৰবিৰাই নিশ্চয় আছে। তোমাৰ কোলাত বহল বৰদলৰ পথাৰখনৰ ওপৰত থকা নানা বৰণীয়া পকা ধানৰ ওপৰত আজিও বতাহে ঢৌৱাই যায় নে? গা শাঁতকৈ লৈ যোৱা বশিষ্ঠী-গঙ্গা দিখৌৰ খবৰ কি? নিশ্চয় দিখৌৱে আগৰ দৰেই বৈ থাকি শিৱসাগৰীয়াৰ আয়ুশ্ৰী বৃদ্ধি কৰিব লাগিছে। আহা সেই দিখৌ! যি দিখৌত সততে নাদুৰি সাঁতুৰি মই অপাৰ আনন্দ লাভ কৰিছিলো। আজিও মোৰ মনত আছে—বাৰিষা দুই পাৰ উপচি যোৱা দিখৌত কেনেকৈ মই সাঁতুৰি ইপাৰ সিপাৰ হৈছিলো। তেতিয়া দিখৌৰ ঘাটৰ ঘাটে আছিল ৰঙাই। ৰঙাই ডাঙৰ-দীঘল মানুহটো। তাৰ বৰণটোও বগা। মই তাক মাতিছিলো ৰঙাই ৰাজখোৱা বুলি। সেইদৰে সম্বন্ধ ধৰি মতাৰ উদ্দেশ্যটো মাথোন ঘাটৈৰ মনত সন্তোষ দি পইচা নিযাৰিকৈ নিনিয়াকৈ তাৰ পাৰনাৱত উঠি দিখৌৰ মাজ পাযেই মই নাৱৰ পৰা জাপ মাৰি দি পানীত সাঁতুৰি সিপাৰত উঠছিলোগৈ। একো একো দিন আনন্দৰ উদ্বেগত Somersault অৰ্থাৎ ওলোটা খৰ মাৰি নাৱৰ পৰা পানীত পৰি সাঁতুৰি নৈ পাৰ হৈছিলো। এটা কথা আজিলৈকে মনত আছে, এদিন আবেলি মই দিখৌৰ সিপাৰৰ পৰা নাৱত উঠি ইপাৰলৈ আহি আছোঁ। মোৰ লগত মোৰ ভাগিন ‘বন্ধু’ (শ্ৰীমান পদ্মনাথ ফুকন) আছিল। এনেতে ইপাৰে বন্ধুৰ দেউতাক মুক্তানাথ ফুকন ডাঙৰীযা ভিনিহিদেৱক দেখিলোঁ। ভযত আমাৰ মূৰৰ আগে জীৱ গ’ল। তেওঁ আমি শুনাকৈ কাৰবাক ক’লে,—“সৌৱা চোৱা-মোৰ বৰপুত্ৰ আৰু বেজবৰুৱাৰ-এ।” প বৰ্গৰ পঞ্চম বৰ্ণটোহে তেওঁ ব্যৱহাৰ কৰিছিল। মই আৰু কি কৰিম লাজতে টোটোৰা পৰিলোঁ। নিশ্চয় বসুই সেই দিনা দেউতাকৰ হাতত মাৰ খাইছিল। সেই দিনা আমি সিপাৰলৈ কিয গৈছিলোঁ, কাৰণটো কওঁ :—

 দিখৌৰ সিপাৰে শ্ৰীযুত শঙ্খধৰ বৰকাকতী উকিলৰ ঘৰ। তেওঁৰ বাৰীখন তামোলপাণ আৰু বগৰিৰে ডৰা। উকিলৰ পুতেক ত্ৰিনযন বৰকাকতীৰে সৈতে স্কুলত মই একে শ্ৰেণীতে পঢ়িছিলোঁ গতিকে তেওঁ মোৰ বন্ধু। তেওঁলোকৰ বাৰীত পকা বগৰী খাবলৈ আমি গৈছিলোঁ। বগৰী খাই যেনেকৈ মোৰ পেট ভৰিছিল, ভিনিহিদেৱৰ সেই গা বেজ-বেজাই যোৱা মাতষাৰ খাইও মোৰ ততোধিক হৈছিল। মই মনতে সংকল্প কৰিলোঁ যে মই আকৌ সেইদৰে বগৰি খাবলৈ যামেই, কিন্তু আৰু কাকো লগত লৈ নাযাওঁ।

 হে শিৱসাগৰ! তোমাৰ ভিতৰতে সম্ভ্ৰান্ত অসমীয়া ডাঙৰীযা সকলৰ গমগমীয়া বাসস্থান আছিল। আজি আকৌ মই সেইবোৰ দেখিমগৈ নহযনে? সেই ডাঙৰীযা- সকলৰ অনেক কিজানি আজিও শিৱসাগৰ অলঙ্কৃত কৰি ৰাখিছে। সিংহ যেন পুৰুষ, মোৰ পিতৃদেৱতা দীননাথ বেজবৰুৱাতো আজি শিৱসাগৰত নাই। হায়! তেওঁৰ চৰণত মূৰ থৈ সেৱা কৰি তেওঁৰ আশীৰ্ব্বাদ লবলৈ ক’ত পাম? দীননাথ বেজবৰুৱা দেউতাৰ শাস্ত্ৰজ্ঞান, ধৰ্ম্মনিষ্ঠা, কৰ্মকুশলতা আৰু ৰাজ্যৰ সাধাৰণ কাৰ্য্যত উৎসাহে সেই কালত শিৱসাগৰক অসমৰ ভিতৰত শ্ৰেষ্ঠ আসনৰ অধিকাৰী কৰি