পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ মাতৃমুখ দৰ্শন
প্ৰথম আধ্যা

 ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দৰ্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলোঁ। কাৰ্যটো নিশ্চয় আপচু। কিন্তু কিয় যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিযৎ মই দিব নোৱাৰোঁ। মহাপুৰুষৰ কীৰ্ত্তনঘোষাত আছে,—

“নকৰিলো শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাপোট মোৰ ভৈল মহাভাৰ।।”

 ইত্যাদি পদবোৰো মোৰ বিষযে খটাই চলাই দিব পাৰি , মাথোন মাধৱৰ ঠাইত মাতৃ শব্দটো বহুৱাই দিলেই হব। সিদিনা শিৱসাগৰত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষযে কাৰণ এটা দিছিল,—মই হেনো গপ বা ওফোন্দ পাতিহে এনে কৰি আছিলোঁ। মই অৱশ্যে তেওঁক তেতিয়াই কৈ দিবলৈ নহ’ল, যে “ৰামশ্চন্দ্ৰ। সেইবোৰ একো নহয় দেওহে। গপো নহয় ওফোন্দো নহয়। হয় যদি ই এটা শাওপাতহে।” শাওপাতত পৰিলে মানুহে পানীত এডিঙিলৈকে নামিও পিয়াহত শুকাই মৰে। মহাত্মা কবীৰে কৈছিল,—

পানীমে মীন পিষাসী।
মোক শুনত শুনত লাগে হাসি।।”

 শাওপাত-সন্নিপাতে পোৱা দুটা প্ৰাণীযে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হবলৈ নাপাই, ওৰেৰাতি চিঞৰি কান্দি মৰে। এনেকুৱা শাওপাততে পৰিযেই একঠা মাটিৰ নিমিত্তে দুই ভাযে কিলাকিলি মৰামৰি গোচৰ ফৰিযাদ কৰি সৰ্ব্বস্বান্ত হৈ মৰে, তথাপি আপোচে মিতমাত কৰি মিলিজুলি পৈতৃক সম্পত্তি খাইমেলি থাকিব নোৱাৰে। এনে শাওপাতৰ নিমিত্তেই দু্ৰ্য্যোধনে পাঁচ পাণ্ডৱক পাঁচখন গাঁও দিযক ছাৰি বেজীৰ আগটোৱে ঢাকিব পৰা মাটিকণ পৰ্য্যন্ত নিদিওঁ বুলি যুঁজ কৰি মৰিল। শাওপাত বা খোদাৰ গজপত পৰি দুই ভাই হিন্দু, মুছলমানে ফুটুকাৰ ফেন সোপা বা নকটা খেৰৰ নশ-মুঠিৰ ভাগ বিচাৰি, মিছাতে দন্দহাই কটাকটি কৰি মৰি লোকৰ হাঁহিযাতৰ পাত্ৰ হব লাগিছে, তথাপি তেওঁলোকৰ গালৈ চেতনা অহা নাই। মথুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান ছমাইল কি দহ মাইল। বিধিৰ এনে বিধানতে পৰিযেই বৃন্দাবনচন্দ্ৰই এইফেৰাকে ডেই মথুৰাৰ পৰা গৈ বৃন্দাবনত মাক-বাপেক আৰু গোপীসকলক দেখা দিব পৰা নাছিল। সাঁতোৰা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাঠু পানীত পৰি বুৰি মৰে। বিধিলিপি অগ্ৰাহ্য কৰিব নোৱাৰিযে অমুক লক্ষ্যপতিযে ধনখৰচৰ ভযত লঘোনে থাকি আঠু্মুৰীয়া চুৰিয়া পিন্ধি জীৱন কটায়। এনে শাওপাতৰ পাকত