মোৰ জীৱন-সোঁৱৰণ/দ্বিতীয় ভাগ
[ ১০১ ]
দ্বিতীয় ভাগ
৷৷প্ৰথম আধ্যা৷৷
মোৰ জীৱন-সোঁৱৰণ, দ্বাদশ বছৰৰ “বাঁহী’’ৰ (১৮৪৪ শক) আহিন মাহৰ ষষ্ঠ সংখ্যাত লেখিবলৈ আৰম্ভ কৰি প্ৰায় মাহে মাহে লেখি, চতুৰ্দশ বছৰৰ (১৮৪৬ শক) আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আৰু নেলেখোঁ বুলি ভাবি মই এৰি দিছিলোঁ। তাৰ কাৰণ কেইবাটাও আছিল আৰু আজিও যে সেইকেইটা নাইকিয়া হৈছে, এনে নহয়। তথাপি জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰে হৈছে দেখি লেখিবলৈ বহিলোঁ। তেতিয়াৰেপৰা আজিলৈকে মোৰ শুভাকাঙ্ক্ষী বন্ধুসকলৰ ভিতৰৰ অনেকে মোক নেৰা-নেপেৰাকৈ ধৰি আছে, ’লেখিবই লাগিব, নেলেখিলে আমি নেৰোঁ।’ মোৰ অতি মৰমৰ শ্ৰদ্ধাম্পদ বন্ধু এজনে অলপতে মোৰপৰা লেখিম এই প্ৰতিশ্ৰুতি লৈহে এৰিছে। অগত্যা লেখিবলৈ আকৌ আৰম্ভ কৰিলোঁ অৰ্থাৎ কথাতে কোৱাৰ দৰে মই “পুনৰেৱ পাপী, পুনৰেৱ দৰিদ্ৰ”, হবলগীয়াত পৰিলোঁ যেতিয়া হোৱাই যাওক। মোৰ জীৱন-বৃত্তান্ত শুনি কাৰ কি উপকাৰ হয়, হৈ থাওক, মোৰ আপত্তি নাই। পাতনি-স্বৰূপে এইকেষাৰ কথাকে কৈ কাপ ধৰা গ’ল।
কলেজত শেহছোৱা—১৮৯০ খ্ৰীষ্টাব্দত মই কলিকতাৰ এছেমব্লি কলেজৰপৰা বি-এ পৰীক্ষা দি ঘৰমূৱা হৈ আমাৰ শিৱসাগৰৰ ঘৰলৈ উভতি গলোঁ। আন আন অসমীয়া ছাতৰৰ দৰে বছৰে বছৰে ঘৰলৈ যোৱাৰ অভ্যাস মোৰ নাছিল। একো একোটি পৰীক্ষাৰ পিছত অৰ্থাৎ বছৰে বছৰেহে মই ঘৰলৈ গৈছিলোঁ। ঘৰলৈ মোৰ মৰম কম আছিল, বুলিয়ে তেনে কৰিছিলোঁ, সেইটো নহয়; মাথোন অনৰ্থক ধন খৰচ হোৱাৰ ভয়। আৰু এটি কাৰণ—পৰীক্ষা দি আহৰি হৈ লৈ কলিকতাত থাকি কলেজৰ চাৰি দুৱাৰ বাহিৰ ওলাই আন আন উপযোগী জ্ঞান আৰ্জি লোৱাৰ লোভ। কলেজৰ চাৰি দুৱাৰৰ ভিতৰত কলেজৰ কিতাপ আৰু কিতাপত ব্যাখ্যা দিয়া জ্ঞানত পকিও যে মানুহে মানুহ-মুৱা হব নোৱাৰে এই জ্ঞান সহজে মোৰ মনত উদয় হৈছিল।
শিৱসাগৰৰ ঘৰত মই এমাহমান থকাৰ পিছতে এদিন হঠাৎ মোৰ নামে এখন টেলিগ্ৰাম অৰ্থাৎ বিজুলী ডাকৰ বাতৰি আহিল। মোৰ ককাইদেও এজনে বাটতে পিয়নৰ হাতৰ টেলিগ্ৰামখন লৈ পঢ়ি, উধাতু খাই লৰি আহি ক’লে, “Lakshmi you are graduated!” অৰ্থাৎ “লক্ষ্মী, তুমি গ্ৰেজুৱেট হ’লা, অৰ্থাৎ বি-এ পৰীক্ষাত উঠিলা।”, মই টেলিগ্ৰামখন হাতত লৈ পঢ়িলোঁ। তাত লেখা আছিল “Lakshminath and Kailash are graduated” কৈলাসচন্দ্ৰ শৰ্মা বৰুৱা নগাঁৱৰ। মোৰ মনত উলাহৰ কেনে ভাব হৈছিল, অনুমানসাপেক্ষ। পিতৃদেৱতা দুপৰীয়াৰ ভোজনৰ পিছত বৰঘৰৰ মুখৰ বাৰাণ্ডাত থকা পাটিত পৰি আছিল। খবৰটো তেওঁৰ কাণত পৰিলত তেওঁ এক চাবেই উঠি গোসঁই-ঘৰত সোমালগৈ আৰু [ ১০৪ ] তাত থকা থাপনাৰ ফালে মূৰ থৈ সাষ্টাঙ্গে সেৱা কৰিলে। থাপনা মানে কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী পুথি থৈ, তাৰ ওপৰত পাহে পাহে সোণ আৰু ৰূপৰ ফুল লগোৱা বগা কাপোৰ এখন দি ঢাকি থোৱা বস্তু। এই থাপনাই আমাৰ গোসাঁই ঘৰৰ ভিতৰত পূূবফালে এমূৰত সোঁঁ-মাজতে শ্ৰেষ্ঠ আসন সিংহাসন অধিকাৰ কৰি আছিল। থাপনাৰ সোঁফালে একে শাৰীতে সুকীয়াকৈ শালগ্ৰামসমূহ ৰখা হৈছিল; আৰু তাৰ পূূূজা পিতৃদেৱতাই নিতৌ নিজে কৰিছিল। থাপনাৰ বাওঁফালে একে শাৰীতে সুকীয়াকৈ ক’লা শিলৰ ডাঙৰ কৃষ্ণমূৰ্ত্তি এটা খোৱা হৈছিল; আৰু সেই মূৰ্ত্তিৰ পূজা আমাৰ ঘৰতে ব্ৰাক্ষ্মণ এজনৰ দ্বাৰাই দিনৌ নিয়মিত ৰূপে কৰোৱা হৈছিল। মাহ-চাউল-ফলৰ শৰাই সদায় থাপনাৰ সিংহাসনৰ আগত থোৱা হৈছিল। থাপনাৰ ফালে মুখ কৰি নাম গোৱাসকলে দিনৌ তিনি প্ৰসঙ্গ কৰিছিল। দেউতাই পূজা কৰি থাকোঁতেই নাম-লগোৱাই থাপনাৰ আগত, কিছু দূৰত বহি, হাতত ভোৰ-তাল লৈ দৈনিক প্ৰসঙ্গ অৰ্থাৎ নাম গোৱা আৰম্ভ কৰিছিল; আৰু নামত যোগ দিয়া আন আন মানুহে দুফালে দুশাৰী হৈ সেই নাম গাইছিল। দেউতাই পূজা সাঙ্গ কৰি সোঁফালৰ নাম-গোৱাসকলৰ শৰীতে এমূৰে বহি, আগতে ঠগিত থকা কীৰ্ত্তন ঘোষা পুথি মেলি তাৰপৰা কীৰ্ত্তন-ঘোষা লগাই দিছিল। সেই ঘোষা নাম- লগোৱাৰ ভোৰ-তালেৰে সৈতে আৰু দুফালে শাৰী নাম-গোৱা ভকতৰ হাত- চাপৰিৰে সৈতে সমাপন হৈ প্ৰসঙ্গ কৰা হৈছিল; আমাৰ ঘৰত এইটো নিত্য-নৈমিত্তিক ব্যাপাৰ আছিল আৰু দিনৌ কম পক্ষে তিনিবাৰকৈ। এয়ে সংক্ষেপ বৰ্ণনা।
এতিয়া আগৰ কথালৈ যাওঁ। পিতৃদেৱতাই গোসাঁই-ঘৰত থাপনাৰ আগত সাষ্টাঙ্গে প্ৰণিপাত কৰাৰ পিছত, গোসাঁই-ঘৰৰ ভিতৰতে আঁৰি খোৱা বৰকাঁহখন, যাক নাম-প্ৰসঙ্গৰ অন্তত বজোৱা হয়—নিজেই বজাবলৈ ধৰিলে। তাৰ পিছত তেওঁ বাহিৰলৈ আহি মোৰ মূৰত হাত দি মোক আৰ্শীবাদ কৰিলে আৰু আদৰ কৰি মূূূৰ শূঙিলে। দেখিলোঁ তেওঁৰ চকু সেমেকা। পিতৃদেৱতা গহীন-গম্ভীৰ প্ৰকৃতিৰ লোক আছিল। তেওঁ নিজৰ পুতেক এজনৰ মত্যু-শয্যাৰ কাষত বহি উচ্চৈঃস্বৰে ঈশ্বৰৰ নাম সোঁৱৰাওঁতেও তেওঁৰ চকুত পানী এটোপাল দেখাৰ কথা আমি কোনেও ক’ব নোৱাৰোঁ। সেই দেখিয়েই সেইদিনৰ এই কথাই মোৰ মনত ইমানকৈ সাঁচ বহুৱালে।
সেই সময়ত অসমত বি-এ “পাছ” কৰাটো অসাধাৰণ ব্যাপাৰ আছিল। সুবিখ্যাত জগন্নাথ বৰুৱাই তেতিয়া অসমত বি-এ জগন্নাথ। যদিও আনন্দৰাম বৰুৱা তেওঁৰ আগৰেই বি-এ হৈছিল, তথাপি আনন্দৰামে চিভিল চাৰ্ভিচ “পাছ” কৰি “চিভিলিয়ান” হৈছিল দেখি দেখি সেই সৰু খ্যাতি তল পৰি, তেওৰ চিভিলিয়ান বৰ খ্যাতি ওপৰ উঠিল আৰু সেই দেখিয়েই অসমত প্ৰথম বি-এ “পাছ” বুলি জগন্নাথ বৰুৱা “বি-এ জগন্নাথ” নামেৰে বিখ্যাত হৈছিল। মোৰ আগেয়ে অৱশ্যে অনেকে বি-এ “পাছ” কৰিছিল; আৰু তেওঁলোক যদিও পৰি মৰা বিধৰ নাছিল, তথাপি সেই সময়লৈকে “বি-এ পাছ” নামৰ পদাৰ্থটো অপদাৰ্থত পৰা [ ১০৫ ] নাহিল। আজিকালি দুখৰ কথা আৰু কি কম, কোনে শুনিব? সকলোৱে চকুৰ আগতে দেখিছে যে একোজন ডেকাই প্ৰাণ পাত কৰি বি-এ মহলাত উঠি ত্ৰিশ-টকীয়া চাকৰি এটা পাবলৈকো হাবাথুৰি খাই ফুৰি অকৃতকাৰ্য্য হয়। তেতিয়া আসাম গৱৰ্ণমেণ্টে বি-এ পাছক চৰকাৰী চাকৰি স্ব-ইচ্ছাতে যাচিছিল। আৰু যেই সেই চাকৰি নহয়—একষ্ট্ৰা এছিষ্টেণ্টৰ পদ; অৱশ্যে “প্ৰবেশ্যনেৰি’’। মোকো এবাৰ নহয়, দুবাৰ সেই পদ যাচিছিল। কিন্তু মই নললোঁ। অৱশ্যে নলৈ ভালকে কৰিলোঁ নে “আহাম্মকী’’কে কৰিলোঁ, আজি মই নকওঁ। লোকে মোৰ স্বভাৱৰ বিষয়ে কি বিশ্লেষণ কৰি থৈছে, মই ক’ব নোৱাৰোঁ; কিন্তু মই নিজে যিটো কৰি থৈছোঁ, সেইটো শুধেই হওক বা অশুধেই হওক, মই কওঁ; যথা—মই গোঙোৰা স্বভাৱৰ মনুষ্য। স্বাধীনতা-হীনতাতকৈ মোৰ মৃত্যু শ্ৰেষ্ঠতৰ বুলি মই সদায় ভাবি আহিছোঁ। মোৰ তেতিয়া অন্তৰৰ গুঢ়াতিগুহ্য প্ৰদেশৰপৰা এই ভাব আৰু সঙ্কল্প ওলাইছিল যে মই স্বাধীনভাৱে পৰিশ্ৰম কৰি এমুঠি ভাত খাম, পৰৰ গোলামী কৰি নহয়। তেনেহলেই মই তৰি যাম। স্বাধীন ব্যৱসায় বা চেষ্টাত মই যদি বৰ ডাঙৰ হব পাৰোঁ ভালেই, নহলে নাই; তথাপি পেটে-ভাতে খাই খাকি তেনে জীৱন যাপন কৰাটোৱেই মোৰ উচ্চ আকাঙ্ক্ষা আছিল; আৰু আজিও আছে। সেইদেখি মই আসাম গৱৰ্ণমেণ্টৰ যচা চাকৰি নললোঁ।
বি. এল. পৰীক্ষা পাছ কৰাৰ পিছতে কলিকতাৰ হাইকোৰ্টত উকীল হব পৰাৰ নিমিত্তে মই ৰিপন কলেজৰ ল ক্লাছত নাম লগালোঁ; আৰু লগতে প্ৰেছিডেন্সি কলেজত এম. এ. পৰীক্ষাৰ নিমিত্তে পঢ়িবলৈ ধৰিলোঁ। অৰ্থাৎ একে দলিতে পাৰোঁ যদি দুটা চৰাই মাৰোঁ,—এই ফন্দি। ওপৰৰ কথাৰ কোবত ক’বলৈ পাহৰিছোঁ যে, আসাম গৱৰ্ণমেণ্টে যচা চাকৰি মই নোলোৱা বাবে, মোৰ পিতৃদেৱতা আৰু ঘাইকৈ বৰ ককাইদেও গোবিন্দ বেজবৰুৱা মোৰ ওপৰত যথেষ্ট বিৰক্ত হৈছিল। কিন্তু গোঙোৰাতো গোঙোৰাই। সি শুনে কাৰ কথা? যাওক।
হাইকোৰ্টত টুইডেল্ নামেৰে এজন এংলো ইণ্ডিয়ান উকীল আছিল৷ যোগাৰ-যন্ত্ৰ কৰি মই তেওঁৰ “আৰ্টিকোল ক্লাৰ্ক” হলোঁ; যাতে বি, এল, পৰীক্ষাত উঠি হাইকোৰ্টৰ এডভোকেট হোৱাত পলম নঘটে। মোৰ দিন আনন্দেৰে যাবলৈ ধৰিলে। টুইভেল বুঢ়া মানহ। বুঢ়াই মোক মৰম কৰি আইনৰ কামকাজ শিকাবলৈ ধৰিলে। কিন্তু দুখৰ কথা কি কম। মই ছমাহমান তেওঁৰ তলত কাম শিকাৰ পিছতে বুঢ়া মৰি থাকিল। তাৰ পিছত, হাইকোৰ্টৰ নামজ্বলা উকীল, দিগম্বৰ চাটুৰ্জ্জীৰ ওচৰ চাপি, তেওঁৰ আৰ্টিকেল ক্লাৰ্ক হলোঁ। তেওঁৰ ঘৰ কলিকতাৰ ভবানীপুৰত আছিল। মোৰ কপালৰ কথা আৰু কি কম? মোৰ কপালেই নিশ্চয় বেয়া; আৰু দিগম্বৰ বাবুৰ কপালখন নিশ্চয় ভাল; তেওঁ তাৰ কিছুদিনৰ পাছতে হাইকোৰ্টৰ জজৰ চকীত উঠিল। মোৰ মনত বিৰক্তি লাগিল। বোলে, “আইৰ ঘৰলৈ যাম, দুই হাতে খাম; বিধতাই বোলে মই তোৰ পিছে পিছে যাম।” এই কথা তেতিয়া [ ১০৬ ] মোৰ মনত পৰিল। তথাপি শৰ্মা “নছাৰন্তি নহটন্তি।” ইফালে বি, এল, পৰীক্ষালৈ ৰীতিমতে পঢ়ি আছিলোঁ।
তেতিয়া মই দিনে হাইকোৰ্টলৈ গৈছিলো। হাইকোৰ্ট জজৰ আদালতত মোকৰ্দ্দমাৰ বিচাৰ, উকীল আৰু বেৰিষ্টাৰৰ বক্তৃতা আৰু “চৱাল জবাব” অতি মনোযোগৰে মই শুনিছিলোঁ; কাৰণ মোৰ হেপাহ হৈছিল, হওঁতে ময়ো যেন এদিন, সেই কালত প্ৰসিদ্ধ ডব্লিউ, চি, বানুৰ্জ্জী, মনোমোহন ঘোষ, স্যাৰ গ্ৰিফিথ্ ইভাঞ্চ, এল. পিউ, আনন্দমোহন বোস আৰু কোনোবা কাচিৎ হাইকোৰ্টলৈ অহা লালমোহন ঘোষ আৰু উকীলৰ ভিতৰত স্যাৰ ৰাসবিহাৰী ঘোষ, ডাক্তৰ গুৰদাস বানুৰ্জ্জী প্ৰভৃতি বিখ্যাত আইনজ্ঞসকলৰ নিচিনা হব পাৰোঁ। এডভোকেট জেনেৰেল স্যাৰ চাৰ্লচ পল, ষ্টেণ্ডিং কাউন্সিল ফিলিপ্স বেৰিষ্টাৰবোৰৰ ভিতৰত “বাঘ” (tiger) নামত খ্যাত জেক্সন, বেৰিষ্টাৰ ইভাৰ ভায়েক বেৰিষ্টাৰ পিউ, ইত্যাদিৰ মোকৰ্দ্দমা পৰিচালনাৰ আৰু তৰ্কাতৰ্কি মই নথৈ উপভোগ কৰি শিকিবলৈ চেষ্টা কৰিছিলো। তেতিয়া উঠি অহা বেৰিষ্টাৰ মিষ্টৰ এছ্. পি. সিংহ (পিছত লৰ্ড সিংহ), মিষ্টৰ এ. চৌধুৰী ( পিছত স্যাৰ আশুতোষ চৌধুৰী জজ), ব্যোমকেশ চক্ৰৱৰ্ত্তী, এইসকলেও মোৰ মনোযোগ বৰকৈ আকৰ্ষণ কৰিছিল। পিছৰ কালত হাইকোৰ্টত নাম-জ্বলা বেৰিষ্টাৰ বি. চি. মিত্ৰ ( পিছত স্যাৰ বিনোদচন্দ্ৰ মিত্ৰ) আৰু তেওঁৰ ভায়েক প্ৰভাসচন্দ্ৰ মিত্ৰ (স্যাৰ প্ৰভাস মিত্ৰ) মোৰ লগৰীয়া আৰু সমনীয়া আছিল। তেৰাঁ মোৰ মনোযোগ সিমানকৈ আকৰ্ষণ কৰা নাছিল। সেই কালত হাইকোৰ্টৰ “বাৰ” উজ্জ্বল নক্ষত্ৰসকলৰ থুপি আছিল আৰু তুলনাত “বেঞ্চ’’ হীন পোহৰ আছিল। মোৰ সেইডোখৰ হাইকোৰ্টীয়া জীৱনত ঘটা অনেক ঘটনাৰ ভিতৰত হাঁহি উঠা সৰু ঘটনা এটা আজিলৈকে ভালকৈ মোৰ মনত আছে। হৰি চাটুৰ্জ্জী নামেৰে হাইকোৰ্টৰ উকীল এজনেৰে সৈতে মোৰ মধ্যম ৰকমৰ চিনা-পৰিচয় হৈছিল। এদিন হাইকোৰ্টৰ দুমহলাৰ বাৰাণ্ডাত টহলি ফুৰিছোঁ, এনেতে তেওঁক দেখা পালো। মই আগ বাঢ়ি গৈ তেওঁক মোৰ নমস্কাৰ জনাই, কথা কবলৈ ধৰিলো৷ তেওঁ মোৰ মুখৰ ফালে ৰ লাগি এনেকৈ চাই ৰ’ল যে তেওঁ যেন মোক কেতিয়াও দেখা নাছিল। তেওঁৰ তেনে ভাবলৈ মন নিদি, মই হাঁহি হাঁহি অনৰ্গল কথা কৈয়ে গৈছোঁ। শেষত তেওঁ মোক ক’লে, “মশায় মাফ কৰবেন, আমিতো আপনাকে চিনি না। আপনি হয়তো আমাকে আমাৰ ভাই মনে কৰছেন। আমাৰ ভায়েৰ নাম হৰি। আমাৰ নাম হৰ :” এই বুলি তেওঁ মোক তাতে এৰি গুচি গ’ল। মই লাজতে তলমূৰ কৰিলো; আৰু তেওঁৰ ওচৰত ক্ষমা মাগিবলৈকো সময় নাপালো। পিছত শুনিবলৈ পালো যে হৰি আৰু হৰ চাটুৰ্জ্জী সঁচাকৈয়ে যঁজা; আৰু দুয়ো হাইকোৰ্টৰ উকীল। তেনে ভুল মোৰ পূৰ্বৱৰ্ত্তী পূৰ্বপুৰুষ অনেকে হেনো কৰিছিল। ৰহস্যটোৰ সম্ভেদ পাই মোৰ মনে ঠন ধৰিলে। ভাবিলো, হৰি-হৰৰ লীলাৰ কথা এনেকুৱাই হয়।
এই কথা লেখি যাওঁতেই আৰু এনেকুৱা ঘটনাৰে কথা এটা মনত পৰিছে; তাকেই [ ১০৭ ] এইখিনিতে কৈ থওঁ। সেই কালত মোৰ থিয়েটাৰ চাৱা বায়ুও চুৰ্চুৰীয়া বিধৰ নাছিল। কেতিয়াবা কেতিয়াবা সেই চুৰ্চুৰীয়া বায়ুৱেই বাঢ়ি গৈ, আমাৰ পূৰ্ববঙ্গ- দেশীয় লোকসকলেৰে সৈতে মোক সমানে উৰাই নিয়াত ক্ৰুতি নকৰিছিল। আজিকালিৰ কথা মই কব নোৱাৰোঁ; কিন্তু তেতিয়া দেখিছিলোঁ পূৰ্ববঙ্গীয়সকলৰ অনেক কলিকতাত থিয়েটাৰ চাবলৈ বুলি আহি দিনৰ দুই-তিনি বজাত শিয়ালদহ ৰেলৰ ষ্টেশ্যনত নামি, ভেৰোণীয়া গাড়ীত উঠি পোন পটিয়েদি গৈ কলিকতাৰ উত্তৰ অঞ্চলত থকা “ষ্টাৰ”, “বেঙ্গল” আৰু “নেশ্যনেল” নামৰ থিয়েটাৰত নামি, টিকিট কিনি, তাত দিনৰ চাৰি বজাৰপৰা (ঘাইকৈ শনিবৰীয়া দিনত) আৰম্ভ হোৱা থিয়েটাৰত বহি, এটাৰ পাছত এটাকৈ নাটৰ ভাওনা হেপাহ পলুৱাই চাই, পিছ দিনাৰ পুৱাৰ কুকুৰা ডাকৰ সময়ত থিয়েটাৰৰ ভাওনাৰ ওৰ পৰিলে তাৰপৰা ওলাই আহি “থাৰ্ডক্লাছ” ভেৰেণীয়া গাড়ী এখনত উঠি, গঙ্গাস্নান কৰি, আকৌ শিয়ালদহলৈ গৈ, তেওঁলোকৰ “নিজ বাসভূমি’’ৰ ফালে গতি কৰা ৰেলত উঠিছিল। ময়ো কোনোবা-কাচিৎ সেই “ওখ আৰ্হি” আগত লৈ ওৰে ৰাতিটো থিয়েটাৰ চাই, পিছদিনা পুৱা আমি থকা মেছ বা ছাত্ৰাবাসত ওলাইছিলোঁহি। তেনে ‘সদ্ কৰ্ম্মৰ অনুতাপত দগ্ধ হৈ’’ পোন্ধৰ দিনমান থাকি, আকৌ যে তেনে কৰ্ম্ম নকৰিছিলো, এনে নহয়। মোৰ বুজন-নিগত মনৰ স্বভাৱ আছিল অনুতাপত পোৰা আৰু কিছু কালৰ পিছত সময়ৰ জীপ পাই আকৌ ঠন ধৰি উঠা। তেতিয়া ভাবিছিলো, এওঁলোক পূৰ্ববঙ্গীয় low-lander ( লো-লেণ্ডাৰ); মই তাৰো ওপৰৰ highlander (হাই-লেণ্ডাৰ); মই হুঁহকিম কিয়। পদ্মাতকৈ পাটকাই ওখ।
ষ্টাৰ থিযেটাৰত এজন ভাল “এক্টৰ” অথাৎ ভাৱৰীয়া আছিল; তেওঁৰ নামটো মই পাহৰিলো; কিন্তু উপাধিটো হলে মনত আছে। তেওঁৰ উপাধিটো চাটুৰ্জ্জী। মুঠতে মোক চাৰিওফালে চাটুৰ্জ্জীযেই পাইছিল বুলিব লাগে। তাৰ কাৰণ, তেতিয়া মোৰ সাৰুৱা মনত ওলাইছিল যে চাটুজ্জীও কাশ্যপ গোত্ৰৰ মানুহ; আৰু মোৰো গোত্ৰটো কাশ্যপ। ইংৰাজীত কবৰ নিচিনা-“Like attracts like” আৰু অসমীয়াত কবৰ নিচিনা “চোৰেহে চোৰৰ ঠেং দেখে।” এতেকে সগোত্ৰ জ্ঞাতি-ভাৱে মোৰ মন নাটানিব কিয়? ঈশ্বৰৰ ৰাজ্যত কোন প্ৰাণী ডাঙৰ-সৰু নহয়; সকলো এক হিচাপে সমান। সকলোৰে হৃদয়ত একেজন পৰমাত্মা নানাৰূপে আছে। সেই দেখি আমাৰ কীৰ্ত্তন-ঘোষাত কৈছে—
কুকুৰ শৃগাল গন্দৰ্ভৰো আত্মা ৰাম।
জানি জানি সবাহাঙ্ক কৰিবা প্ৰণাম।
কুকুৰৰ গোত্ৰ কি? আনে নাজানিলেও মই জানোঁ। কুকুৰৰ গোত্ৰ কাশ্যপ। কাশ্যাপৰ পত্নীসকলৰ নাম—অদিতি, দিতি, দনু, কাষ্ঠা, অৰিষ্ঠা, সুৰসা, ইলা, মুনি, ক্ৰধবশা, তাম্ৰা, সুৰভি, সৰমা আৰু তিমি। সৰমাৰপৰা সাৰমেয়। অৰ্থাৎ শ্বাপদবোৰ সৰমাৰ পুত্ৰ। কুকুৰো সাৰমেয়। যিমান দূৰতে থাকক কুকুৰে [ ১০৮ ] একেদিনাই গঙ্গাস্নান কৰি আহিব পাৰিলেহেঁতেন, যদি তাৰ সগোত্ৰ জ্ঞাতি-ভাইবোৰে বাটতে তাক লগ পাই আমনি নকৰিলেহেঁতেন। এইটো মই মনে পাতি কোৱা কথা নহয়; আমাৰ অসমত পুৰণি কালৰেপৰা চলি অহা প্ৰবাদ। সেই দেখিহে মোৰ সগোত্ৰ কাশ্যপ-গোত্ৰীয়। চাটুৰ্জ্জী জ্ঞাতিৰে সৈতে মাজে মাজে মোৰ বাটকেৰা লাগিছিল। ষ্টাৰ থিয়েটাৰৰ ভাৱৰীয়া চাটুৰ্জ্জীজন “কমিক্ এক্টৰ” অৰ্থাৎ ধেমেলীয়া ভাও দিয়াত বৰ পটু আহিল। ধেমেলীয়া ভাওৰ ফালে সদায় মোৰ পক্ষপাত থকা কথাটো আনে নাজানিলেও মই জানোঁ। সেই দেখি মই সেই চাটুৰ্জ্জীৰে সৈতে মাজে সময়ে চিনাকি হৈছিলোঁ। এদিন কলিকতাৰ শ্যামবজাৰ ষ্ট্ৰীটত থকা, মোৰ বঙ্গালী বন্ধু, এজনৰ ঘৰত বহি মই কথা-বাৰ্ত্তা পাতি থাকোঁতেই ষ্টাৰ থিয়েটাৰৰ চাটুৰ্জ্জী ভাৱৰীয়াক তাতে ওলোৱাগৈ দেখিছিলো। তেওঁ আগেয়ে মোৰ চিনাকি ভাবি, মই তেওঁৰে সৈতে কথা কবলৈ ধৰিলো আৰু সেই কথাৰ মাজত ষ্টাৰত তেওঁ বিতোপন ভাও দিয়াৰ কথা উলিয়ালো। তেওঁ অবাক হৈ মোৰ মুখৰ ফালে চাই আছিল। মোৰ কথাৰ সোঁত বন্ধ হলত, তেও লাহেকৈ উঠি গুচি গ’ল। যাবৰ সময়ত কৈ গ’ল, “মশায়, আপুনি ভুল কৰেছেন, আমি ষ্টাৰে একটিং কৰি না।” মই কাঁহ পৰি জীণ গলো। পিছত মোৰবন্ধুজনে ক’লে যে “থিয়েটাৰত একটিং কৰাজন এওঁ নহয়; এওঁ তেওঁৰ ভায়েক, আৰু দুয়ো যঁজা। আপুনি কৰাৰ নিচিনা ভুল অনেকে কৰে।” মই উশাহ পাই মোৰ বন্ধুক প্ৰশ্ন কৰিলো, “এওঁলোক দুইজনৰ ঘৈণীয়েক দুজনীয়ে এনে আহুকাল চম্ভালে কেনেকৈ?’’ বন্ধুৱে হাঁহি উত্তৰ দিলে-“প্ৰথমেই সেই বিষয়ে অনেক কমেডি অৱ এৰৰ্চ হৈছিল। তাৰ পিছত দুইজনৰ গাত বেলেগ বেলেগ চিন-চাবৰ দিহা কৰি সেই শ্ৰম-ৰঙ্গৰ সমাধান কৰা হ’ল।” আমাৰ “শ্ৰম-ৰঙ্গ” নাটৰ কামৰূপীয়া নিৰঞ্জন আৰু মায়াপুৰীয়া নিৰঞ্জনৰ কথা মোৰ মনত পৰিল।
প্ৰেছিডেন্সি কলেজত আমাক ইংৰাজী সাহিত্য পঢ়ুৱাইলি সুবিখ্যাত প্ৰফেছৰ চাৰ্লচ টনিয়ে (Tawney) : তেওঁ কেনে বিদ্বান আৰু নামজ্বলা প্ৰফেছৰ আছিল, সেই কালত কলিকতা য়ুনিভাৰছিটিৰে সৈতে সম্বন্ধ থকা সকলো মানুহে জানিছিল। আজিও টনি চাহাবৰ নাম কলিকতাত অনেকে পাহৰা নাই। শ্যেক্সপীয়েৰ পঢ়াওঁতা অধ্যাপক তেতিয়া তেওঁৰ সমনীয়া কোনো নাছিল। তেওঁ ক্লাছলৈ আহি, চকীখনত বহী কাৰোফালে কেৰাহিকৈ নাচাই অনৰ্গল পঢ়াই গৈছিল। ভাল ছাতৰে তেওঁ দিয়া “নোট’’ লেখি গৈছিল। ফাকিদাৰবোৰ সেই “নোট” পিছত হস্তগত কৰিবলৈ মনতে পাঙি থৈ কোনোৱে টোপনিয়াই, কোনোৱে আনৰ ফালে চাই ফিচিঙা-ফিচিং কৰি, কোনোৱে আকাশ-পাতাল ভাবি সেই ঘণ্টাটো কটাই দিছিল। মই অৱশ্যে এই পিছৰ ফলৰ ভিতৰত নাছিলো; কাৰণ মই আচহুৱা আৰু মোৰ স্বভাৱো তেনে নাছিল। ক্লাছত মোৰ সহপাঠীসকলৰ ভিতৰত জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ দুজন ডেকা আছিল। এজনৰ নাম ক্ষিতীন্দ্ৰনাথ ঠাকুৰ, আনজনৰ নাম সুধীন্দ্ৰনাথ ঠাকুৰ। তেতিয়া তেওঁলোকেৰে সৈতে মুখ দেখাদেখি চিনাকি বাহিৰে মোৰ বিশেষ ঘনিষ্ঠতা নাছিল। বিধিৰ বিধানত কিছু দিনৰ পাছত তেওঁলোক দুয়ো মোৰ [ ১০৯ ] brother-in-law অৰ্থাৎ জেঠেৰীৰ ঠাই অধিকাৰ কৰিলে আৰু মই তেওঁলোকৰ পৰিবাৰ-ভুক্ত হলোঁ।
মই আইন পঢ়িছিলো ৰিপন কলেজত। আমাৰ এজন অধ্যাপক আছিল বিখ্যাত বিদ্বান পণ্ডিত কৃষ্ণকমল ভট্টাচাৰ্য্য। তেওঁৰ স্বাস্থ্য ভাল নাছিল। তেওঁৰ টপা মূৰটো ৰ’দৰ দৌৰাত্ম্যৰপৰা সৰুৱাবৰ নিমিত্তে তেওঁ কেনেকৈ ব্যগ্ৰ হৈ ক্লাছৰ খোঁটালীৰ ভিতৰলৈকে ছাতিটো মেলি মূৰৰ ওপৰত ধৰি সোমাইছিল, সেইটো মোৰ আজিলৈকে মনত আছে। “হিন্দু ল”ত অভিজ্ঞ গোপালচন্দ্ৰ সৰকাৰ শাস্ত্ৰীয়ে আৰু গুৰুদাস বানুৰ্জ্জীয়েও (পিছত জষ্টিচ স্যাৰ গুৰুদাস বন্দ্যোপাধ্যায়) আমাক মাজে মাজে
পঢ়ুৱাইছিল। [ ১১০ ]মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, —ভালকৈ কব নোৱাৰো, “এৰেবিয়ান-নাইটছ” অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কান্ধত উঠিল, তাক একোপধ্যেই দলিয়াই পেলাব নোৱাৰা হলোঁ। সেই বস্তুটোৰ নাম বিয়া। কাব্য আৰু উপন্যাসে মৌখিক দান-পত্ৰত বিয়াৰ যৌতুক স্বৰূপে দিব খোজা বস্তুবোৰে অৱশ্যে তেতিয়া মোৰ সেই মন ৰঙ কৰি যে নথৈছিল এনে নহয়; তথাপি যাক বিয়াৰ বায়ু বোলো, সেই বায়ুৱে মোৰ মূৰত দীঘলীয়াকৈ ঠাই লৈ মোক বায়ুৱা কৰিছিল বুলি মই কব নোৱাৰোঁ। বিপদ বুজি সেই অলিয়া বলিয়া দক্ষিণ বতাহৰ প্ৰৱেশদ্বাৰ যথাসাধ্য মই বন্ধ কৰি থবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু, থলেকি হ’ব? লোকে ঠেলি-হেঁচুকি দুৱাৰখন যিমান পাৰে মেলি দি মোক কিছু পৰিমাণে বায়ুৱা কৰিবলৈ ত্ৰুটি নকৰিছিল। মই সংকল্প কৰিছিলোঁ যে পঢ়া-শুনা শেষ কৰি, যেতিয়া মই আৰ্জ্জি খাব পৰা হ'ম আৰু মোৰ সহধৰ্ম্মিণীকো খুৱাই-বুৱাই সুখত ৰাখিব পৰা হ'ম, তেতিয়াহে মই বিয়াৰ ভাবনা ভাবিম। কিন্তু পঞ্চচক্ৰত ভগৱানো ভূত-হয় বুলি বঙ্গলাত কোৱা কথা এষাৰ আছে। মোকো তেনে চক্ৰত পেলাই ভূত-যোনিত স্থান দিবলৈ সকলো লাগি গ'ল। দেখিলোঁ, আকাশে-পাতালে মোৰ বিয়াৰ কথা। কলিকতাৰপৰা ঘৰলৈ উভতি গলোঁ; তাতো মোৰ বিয়াৰ কথা। সম্বন্ধীয়া স্ত্ৰী-মহামণ্ডলীত মোৰ বিয়াৰ আন্দোলন। বেজাৰৰ কথা এইটোৱেই যে মই নেদেখিলোঁ মোৰ মাতৃদেৱীয়ে সেই মহা মণ্ডলৰ সভানেত্ৰীৰ বাব লৈছিল। পোন-পটীয়ে তেওঁলোকে দুৰ্গ ভেদ কৰিব নোৱাৰি, কুট-নীতি অৱলম্বন কৰিবলৈ ধৰিলেটি বিয়াৰ দুৰ্গ ভেদত স্ত্ৰী-জাতি, ঠিক যেন জাপানী সেনাপতি জেনাৰেল নোগি। যি হওক মই মুখৰ মহলা মাৰি মহা মণ্ডলৰ সভ্যাসকলক কিছুদুৰ বিমুখ কৰি সাৰি কলিকতালৈ গুচি আহিলোঁ। কিন্তু ভূতে মোৰ পিছ নেৰিলে। দেখিলোঁ কলিকতাতো মোৰ পিছত সেই ভূত আনফালে—মই যে সেইদৰে সকলোৰ স্পৃহনীয়, বৰণীয় আৰু গ্ৰহণীয় হৈ পৰিছো, সেই ভাবেও মোৰ মনত গন্ধৰ্ব-পৰ্বত তুলি দিলে আৰু তাৰপৰ সন্তোষৰ শীতল নিজৰ ববলৈ ধৰিলে, অৱস্থা কাহিল হৈ উঠিল; তথাপিও মই মনত বল বান্ধি বিয়াৰ বিৰুদ্ধে দুহতীয়া খাপৰ হাতত ললোঁ। যেয়ে মোৰ বিয়াৰ প্ৰস্তাৱ কৰে বা সঙ্কেত দিয়ে, তাকে একেষাৰেৰে কৈ দিওঁ “নকৰাওঁ।” মই সেইদৰে কবলৈ শিকি থৈছিলোঁ আমাৰ “মনপুৰ কাই” ৰ পৰা। মোৰ জীৱন-সোঁৱৰণ পঢ়োঁতা সকলে সুধিব পাৰে এই “মনপুৰ কাই” আকৌ কোন? এই কাই এই আখ্যানৰ ভিতৰত ক'ৰপৰা সোমালহি।” উত্তৰটো সেই দেখি আগতে দি থওঁ। আমাৰ শিৱসাগৰৰ ঘৰত অনেক কালৰপৰা পুৰণি লগুৱা এটা আছিল, তাৰ নাম মনপুৰ। তাৰ ঘৰ যোৰহাটৰ কাষৰ চাওখাত মৌজাত। সৰুৰেপৰা [ ১১১ ] সি আমাৰ ঘৰতে থাকি লগুৱা কাম কৰি আদহীয়া হৈছিল, তথাপি দৈৱ-দুৰ্ব্বিপাকত তাৰ বিয়া হোৱা নাছিল। সি বয়সত মোতকৈ চাৰি গুণমান ডাঙৰ আছিল দেখি মই তাক ‘মনপুৰ কাই’ অৰ্থাৎ ককাই বুলিছিলোঁ আৰু মোৰ সমনীয়া তৰপৰ ল'ৰায়ে সেইদৰে তাক মাতিছিল। শেহত সি তাৰ কপালৰ ওপৰত ইমান disgusted অৰ্থাৎ বিৰক্ত হৈ উঠিছিল যে আমি তাক কেতিয়াবা বিয়াৰ কথা ক'লে, সি একে আষাৰেই খাটাংকৈ উত্তৰ দিছিল আমাক ছোৱালী নেলা।” “নেলাটো” “নেলাগে” ৰ সংক্ষিপ্ত সংস্কৰণ। উপমাটো যদিও মোৰ গাত সমুলি নাখাটে, তথাপি তাৰ মুখৰ কথাষাৰ শিকি থৈছিলো।
গুৱাহাটীৰ ৰাধাচৰণ বৰুৱাৰ ভায়েক উমাচৰণ বৰুৱা তেতিয়া কিছুদিন কলিকতাবাসী হৈ আছিল। ৰাধাচৰণ বৰুৱাই অসম এৰি কিছুকাল গুপ্তভাৱে থাকি আৰ, চি, বেঞ্জামিন নাম লৈ দিল্লী প্ৰভৃতি ঠাইত ব্যৱসায়-বাণিজ্য কৰি আছিল। অনেক কালৰ পিছত তেওঁ দেখা দিছিল আৰু ভায়েক উমাচৰণ বৰুৱাক তেওঁ ব্যৱসায় সম্পৰ্কত আনি কলিকতাত থৈছিল। উমাচৰণ বৰুৱা বৰ সাদৰী মানুহ আছিল আৰু তেওঁ মোক বৰ ভাল পাইছিল। কলিকতাৰ ডাঙৰ ডাঙৰ বাঙ্গালী মানুহেৰে সৈতে তেওঁৰ জনা-শুনা আছিল। মুখাৰ্জ্জী উপাধিধাৰী ডাঙৰ মানুহ এজনেৰে সৈতে তেওঁ কলিকতাত একেলগে পঢ়িছিল আৰু বন্ধুত্বও কৰিছিল। উমাচৰণ বৰুৱা কলিকতাৰ ‘চাৰ্কুলাৰ ৰোড’ত এটা ভেৰোণীয়া ঘৰত আছিল, যদিও তেতিয়া তেওঁ বিবাহিত। মই সততে তেওঁৰ ঘৰলৈ গৈছিলো। এদিন বৰুৱাৰ বন্ধু মুখাৰ্জ্জীৰে সৈতে তাতে মোৰ চিনা-পৰিচয় হৈছিল। তাৰ দিনচেৰেকৰ পিছত উমা বৰুৱাই হাঁহি হাঁহি মোক ক'লে, “মুখাৰ্জীৰ দুজনী বিবাহ-যোগ্য ছোৱালী আছে, আৰু মুখাৰ্জ্জীয়ে বিযা দিবলৈ দৰা বিচাৰি ফুৰিছে। তোমাক দেখি তেওঁৰ বৰ পছন্দ হৈছে। তেওঁ তোমাক আতি-গুৰি সুধি লৈ তেওঁৰ এজনী ছোৱালী তোমাকে বিয়া দিব খুজিছে; ধন-বস্তুও খুব দিব। তোমাৰ কি মত?” কথাটো শুনি মই চমক্ খাই গ'লো। ভাবিলো, কি বিপদ। বিয়াৰ নামত দুষ্টগ্ৰহে মোক নেৰা হ’ল দেখিছো। মোৰ সোঁৱৰণীখনকে এবাৰ কাৰবাৰ হতুৱাই চোৱামনেকি?
বৰুৱাৰ সেই কথাষাৰ পাতলাই দিলো। তাৰ পাছতো কিছুমান দিনলৈকে বৰুৱাৰ সেই কথাটো মোৰ কাণত কুহুলিয়াই আছিল। যেতিয়া তেওঁ খাটাংকৈ বুজিলে যে “মিঞা গৰৰাজী” তেতিয়া তেওঁ “চহৰকা কাজী”ৰ বাবটো ইস্তফা দি পেলালে। সিফালে আসামৰপৰাও থাকি থাকি, বিয়াৰ প্ৰস্তাৱবোৰ নানান বাটেদি মোৰ কাষলৈ আহিবলৈ ধৰিলে। মই কিন্তু অচল-অটল ‘ৰক অৱ-গ্ৰিৱেল্টৰ।’ আইন আৰু এম, এ, পঢ়াত মুৰ পুতি লাগিলোঁ। তথাপি সৈ কাঢ়ি কওঁ যে চৌব্বিশ-পঁচিশ বছৰীয়া ডেকা মই, ওপৰা-ওপৰিকৈ বিয়াৰ সুখৰ প্ৰলোভনৰ ঢৌৱে এইদৰে মোৰ মনভেটিৰ তলখন খান্দি কিছু পৰিমাণে হেলেক্লেক্ কৰি পেলাইছিল। [ ১১২ ] ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ পৰিয়ালেৰে সৈতে আমাৰ ঘনিষ্ঠ বন্ধুুুুত্ব আছিল। সুখৰ বিষয়, আজিও আছে। আগৰৱালা ডাঙৰীয়াৰে সৈতে এসময়ত মোৰ বৰ ককাইদেও গোবিন্দ বেজবৰুৱাই মহীশুৰ পৰ্য্যন্ত প্ৰায় গোটেই ভাৰতত ভ্ৰমণ কৰিছিল আৰু সম্ভৱতঃ আগৰৱালা ডাঙৰীয়াৰ খৰচতে। মই কলিকতালৈ অহাৰ পিছতে, তেখেতৰ মাজু পুতেক মোৰ সমান বয়সীয়া শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে মোৰ এনে বন্ধুত্ব হয় যে তাত এটোপাও পানী সৰকিব নোৱাৰিছিল। আজি আমি দুয়ো বুঢ়াৰ নিচিনা হলোহক তাত ফাকটি নাই, দুয়োৰো জীৱনত অলেখ পৰিৱৰ্তন ঘটিল; কিন্তু ঈশ্বৰৰ কৃপাত সেই বন্ধুত্বৰ পৰিৱৰ্তন আজিলৈকে চুলি এডালৰ সমানো ঘটা নাই আৰু ঘটিবৰ ভয়ো মোৰ মনত নাই। কেতিয়াবা ঘটে যদিও, সি আৰু গোটহে মাৰিব বুলি মোৰ বিশ্বাস। ইংৰাজী সাহিত্য-চৰ্চ্চা, সংস্কৃত সাহিত্য-চৰ্চ্চা আৰু ঘাইকৈ অসমীয়া ভাষা আৰু সাহিত্য উন্নতিৰ হাবিলাসেই, জয়জয়তে আমাৰ ভিতৰত বন্ধুত্বৰ সুত্ৰপাত কৰে। তাৰ ফলত ‘জোনাকী’ নামৰ মাহেকীয়া কাকতৰ জন্ম আৰু বৃদ্ধি হ’ল। কিছুকালৰ পিছত তাৰ যি ক্ষয়টো হৈছিল সি আমাৰ হাতৰপৰা গৈ। মিষ্টভাষী হাঁহি-মুখীয়া চন্দ্ৰ কুমাৰে প্ৰথম দৰ্শনতে মোৰ মন অধিকাৰ কৰি পেলালে। ইংৰাজীত “love at first sight” বোলাৰ নিচিনা কথাই। সেই দিন ধৰি আজিলৈকে সেই বন্ধুুুুুত্বও চিঁচিঁৱা নাই। চিঁচিঁৱা শব্দটো ব্যৱহাৰ কিয় কৰিলো, তাৰ কাৰণ, লোকৰ এষাৰ কথা আছে যে, “তিনি কুৰি বছৰৰ মূৰতহে খোলাকাটিয়ে চিঁচিঁয়ায়” অথাৎ খোলা disintegrate হবলৈ অৰ্থাৎ জহি যাবৰ ফালে যাবলৈ, কমপক্ষেও তাৰ তিনি কুৰি বছৰ লাগে, সি এনে এটা টান বস্তু। এতেকে আমি দুয়ো জীয়াই থকা কাল-ডোখৰত আমাৰ বন্ধুত্বৰ চিঁচিঁয়াৰ কোনো আশঙ্কা নাই।
কলিকতাৰ বৰবজাৰত অৰ্ম্মেনিয়ান স্ট্ৰীটৰ ১০ নম্বৰ ঘৰটো হৰি বিলাস আগৰৱালা ডাঙৰীয়াৰ বাণিজ্য-ব্যৱসায়ৰ আৰু বাসস্থানৰ "কুঠী” আছিল। এজন অসমীয়াৰ কলিকতাত তেনে এটা বৰ কুঠী বৰবজাৰত থকা দেখি মোৰ মনটো জাতীয় গৌৰৱত ওফন্দি পৰিছিল।
চন্দ্ৰকুুুমাৰ হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ মাজু পুতেক, সেই দেখি তেওঁলোকৰ ঘৰৰ সকলোৱে তেওঁক “মাজিউ” বুলি মাতে; ময়ো সেই মাতকে ললোঁ। আজি পৰিমিত মোৰ মুখত সেই মাত আৰু তেওঁৰ মুখত মোৰ প্ৰতি ওলোৱা “বেজ”মাতে দেনা-পাওনা সমান কৰি থৈছে। মই আহৰি পালেই ১০ নম্বৰ আৰ্ম্মেনিয়ান স্ট্ৰীটলৈ তিক তিক কৈ লগ ধৰো; আৰু, তেওঁ আহৰি পালেই মই থকা ঠাইত ওলায়হি। মুঠতে আমি দুটালৈ ভিতৰত বন্ধুত্বাৰ বাণিজ্যত “বিলাত বাকী” পৰিবলৈ নিদিছিলোঁ। মাজিউৰ ঘৰত আমাৰ মুখত সাহিত্য চৰ্চ্চা, পেটত নানাবিধ আহাৰ চৰ্চ্চা চলিছিল, এই মাথোন প্ৰভেদ। কিছু দিনৰ পিছত বন্ধুবৰ (পণ্ডিত) হেমচন্দ্ৰ গোস্বামীও আমাৰ ভিতৰত সোমাল আৰু, আমি নিৰহ-নিপানীকে ত্ৰিনিটি হলোঁহক অৰ্থাৎ একেই তিনি, তিনিয়েই এক। [ ১১৩ ] বৈকুুুুুুণ্ঠনাথ নামৰ এজন বৃৃৃৃদ্ধ বঙ্গালী ভদ্ৰলোক ১০ নম্বৰ আৰ্ম্মেনিয়ান ষ্ট্ৰীটলৈ মাজে-সময়ে যোৱা মই দেখিছিলোঁ। তেওঁ ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ কিছুদূৰ প্ৰিয়পাত্ৰ আছিল ; সেই দেখি পুতেকসকলেও তেওঁক ভাল পাইছিল৷ বৈকণ্ঠ বাবু জোড়া-সাঁকোৰ ঠাকুুৰ পৰিবাৰৰ ভিতৰতো ঘুৰি ফুৰা উপাসক শ্ৰেণীৰ মানুহ আছিল। গুৰিতে কেনেকৈ মই নাজানো, তেৱেঁই “ঠাকুৰবাড়ী”ত মোৰ বিবাহৰ প্ৰস্তাৱটো আনি মাজিউৰ আগত “পেচ” কৰিলে। তাৰ পিচত ঘটা নানা বিষয় কথাৰ ভিতৰলৈ নগৈ, চমুকৈ কওঁ যে “ঠাকুৰ বাড়ী”ত মোৰ বিবাহ একপ্ৰকাৰ স্থিৰীকৃত হ'ল। সেই বিষয়ে বিচাৰ, বিবেচনা, সিদ্ধান্ত আৰু সংকল্পত মোৰ প্ৰিয়তম বন্ধু “মাজিউ” আৰু “হেম গোসাঁই” মোৰ সোঁহাত আৰু বাওঁহাত আছিল। আৰু এজন চকা চমকাকৈ দূৰত আছিল, তেওঁৰ নাম যজ্ঞেশ্বৰ নেওগ৷ অৱশ্যে তেওঁ আমাৰ ভিতৰুৱা বৃত্তৰ বাহিৰত।
যি কন্যাটিৰে সৈতে মোৰ বিয়াৰ কথা হ'ল, তেওঁৰ “ফটোগ্ৰাফ” অৰ্থাৎ ছবি এখন মোৰ হস্তগত হ'ল। তেওঁৰ বিদ্যা, বুদ্ধি, গুণ, শীলৰ বৰ্ণনাও মোৰ কৰ্ণগোচৰ হ'ল। ঈশ্বৰে জানে কিয়—মোৰ মনে তেওঁক মোৰ জীৱনৰ সহচৰী সহধৰ্ম্মিণী স্বৰূপে বৰণ কৰিলে। তেওঁৰ সেই ছবিটোৱে মোৰ মূৰ-শিতানৰ গাৰুটোৰ তলত ঠাই ল'লে৷ দিনে দিনে মোৰ মনৰ সংকল্প দৃঢ় হৈ আহিল। আজি-কালিৰ শিক্ষিত-শিক্ষিতা ডেকা ডেকেৰীসকলে শুনি Shocked নহ'লেও আচৰিত মানিব যে বিয়াৰ আগ মুহূৰ্ত্তলৈকে আমাৰ ভিতৰত “কোৰ্টশ্বিপ” অৰ্থাৎ বিয়াৰ উমেদাৰি চলা নাছিল, পৰস্পৰৰ চিত্তাকৰ্ষণৰ নিমিত্তে মায়াৰ খেলৰ ভাৱনা কৰা হোৱা নাছিল; পূূূূূূূূৰ্ব্বৰাগৰ উমা জুইকুৰা ফুৱাই ফুৱাই জ্বলোৱা হোৱা নাছিল; কাৰণ আমাৰ দুয়োৰো তেনেকুুুৱা বস্তুলৈ কোনো আগ্ৰহ নাছিল, থকাহেঁতেন সেই ভাৱনা সমাপিত হোৱাত কোনো ব্যাঘাতো নহ'লহেঁতেন; কিয়নো, সেই পৰিবাৰত মৰ্য্যাদা, সম্মান আৰু শীলতা ৰাখি তেনে কাৰ্য্য একেবাৰেই নিষেধ (taboo) নাছিল। মই তেওঁক চিত্ৰত দেখিলোঁ সুন্দৰী আৰু বিশ্বস্ত লোকৰ বৰ্ণনাত শুনিলোঁ সুন্দৰী, সুশীলা আৰু ঘাইকৈ ধৰ্ম্ম-প্ৰৱণা;—সেয়েই মোৰ নিমিত্তে প্ৰচুৰ।
এই পৃথিৱীখন যে প্ৰতাৰকৰ পৃথিৱী, এই ধাৰণা মোৰ কেতিয়াও হোৱা নাই আৰু কিজানি নহয়ো৷ প্ৰতাৰক অৱশ্যে আছে; কিন্তু ইমান সহজ নহয় যে ধনিষ্ঠ আৰু ন্যায়ৱন্তসকলক সিহঁতে উটাই নিব পাৰে।
এইখিনিতে কোনোবাই মোক সুধিব পাৰে, যে “তুমি ইয়াৰ আগতে ঢোলৰ মাৰিডাল হাতত লৈ ইমানকৈ যে বজাই কৈছিলা যে তুমি নিজে আৰ্জ্জি খাব পৰা নহলে বিয়া নকৰোৱা; সেই কথাষাৰ কোনটো আধাৰ তললৈ গ'ল? মই উত্তৰ দিম,—"ঠিক কৈছা মোৰ ভাইটি! সি মোৰ আখলত থকা বৰ আখাটোৰ তললৈকে গ'ল। কিন্তু মই ইচ্ছা কৰি মোৰ তালৈ পঠিওৱা নাছিলোঁ; বাহিৰত বলা বলী বতাহৰ ঢৌৱে কোবাই নি তাৰ তেনে গতি কৰিলে। “Man proposes, God disposes" বোলা ইংৰাজী কথাষাৰ পাহৰিলে নচলিব৷ ঈশ্বৰৰ ইচ্ছাৰ আগত আমি বালি-চাহী৷ [ ১১৪ ] নৰমনিছৰ ইচ্ছা কোন কূটা? আসামতো মোৰ বিয়াৰ প্ৰস্তাৱৰ প্ৰৱল ঢৌৰ কোব ইমানকৈ উঠিছিল আৰু তাক চালনাৰ ভাৰ মোৰ পুজনীয়া মাতৃদেৱী আৰু ভ্ৰাতাসকলে এনেকৈ কৈছিল যে সেই ঢৌৱে কোবাই অচিৰতে মোৰ বিয়াৰ বিৰোধী সংকল্পৰ তিল-ফুল কলপটুৱা সোপাকে যে এদিন উটাই লৈ যাব সেইটো মোৰ মনত চেবাই আছিল। আকৌ সেই দেখি কওঁ-ঈশ্বৰৰ ইচ্ছাত সকলো হয়। There is Divinity even in the fall of a sparrow—মহাকবি শ্বেক্সপীয়েৰৰ কথা। অসমীয়া বুঢ়া মানুহৰ কথা হৈছে,—“যি পূৰ্ব্বে জন্মত যাৰ তিল-মাহ খাই আহিছে, তাৰে সৈতে সেইজনৰ বিয়া।”
১৮৯১ খ্ৰীষ্টাব্দত মহা মহা বাৰুণীত পিতৃদেৱতাই মোৰ মাতৃদেৱী আৰু দুজন পুতেকেৰে সৈতে গঙ্গাস্নান কৰিবলৈ কলিকতালৈ আহিছিল। মই মেডিকেল স্ট্ৰীটত এটা ঘৰ ভেৰোণীয়াকৈ লৈ তেওঁলোকক তাতে থাকিবলৈ দিহা কৰি দিছিলো; তেওঁলোকে কলিকতা পোৱাৰ পিছদিনাই মোৰ কাণ সমনীয়া সৰু ভাই লক্ষ্মণ তাতে মাউৰত পৰিল আৰু বাৰ ঘণ্টাৰ ভিতৰতে ঢুকাল। আমি কি শোক-সাগৰত বুৰিলোহঁক অন্তৰ্য্যামীজনেহে জানে। লক্ষ্ণণক কান্ধত লৈ নিমতলা ঘাটত পুৰি আহিলোগৈ। মাতৃদেৱী শোকত জলকা লাগিল। পিতৃদেৱতা যদিও আন্তৰিক শোকত ম্ৰিয়মান হৈছিল, তথাপি তেওঁ ধৈৰ্য্য ধৰি নিজক থিয় ৰাখি আমাক সান্তনা দিবলৈ ধৰিলে। গঙ্গাগোবিন্দ ফুকন (জি, জি, ফকন) বেজবৰুৱা পৰিয়ালৰ চিৰকলীয়া বন্ধু। তেওঁ ওৰে ৰাতি লক্ষ্মণৰ নৰিয়াত পৰ দি আছিল লক্ষ্মণৰ মৃত্যুত শোক সামৰিব নোৱাৰি, সেই গহীন গম্ভীৰ পুৰুষজনে তিৰোতাই কন্দাদি যেনেকৈ কান্দিছিল, সেই হৃদয়-বিদাৰক দৃশ্য আজিলৈকে মোৰ মনত আছে।
পিতৃদেৱতাই যদিও আমাৰ শোকৰ বাহ্যিক কাৰ্য্যাৱলীত যোগ দিয়া নাছিল তথাপি মোৰ বুজিবলৈ বাকী নাছিল যে, তেওঁৰ হিয়া চুচুৰ্মৈ হৈ গৈছিল। লক্ষ্মণৰ মত্যুত তেওঁৰ জীৱনৰ এক মাথোন আশাৰ পুলিটি সমূলঞ্চে বিনষ্ট হ’ল। পাশ্চাত্য শিক্ষাই তেওঁৰ আনবোৰ ল’ৰাৰ বিপৰ্য্যয় ঘটোৱা দেখি তেওঁ পুৰণি আসামৰ চিৰপ্ৰৱাহিত শিক্ষা-দীক্ষা আৰু ঘাইকৈ আমাৰ বংশত অসমৰ “বুঢ়াভগনীয়া ৰজা”ৰ দিনৰেপৰা ধাৰাবাহিক ৰূপে চলি অহা আয়ুৰ্ব্বেদিক বিদ্যা অক্ষুন্ন ৰাখিবৰ মনেৰে পিতৃদেৱতাই অতি যত্ন কৰি নিজৰ মনৰ নিচিনাকৈ শিক্ষা দি লক্ষ্ণণকে প্ৰস্তুত কৰিছিল। তেওঁৰ চকুৰ আগতে সেই লক্ষ্মণৰ মৃত্যু। গঙ্গাগোবিন্দ ফুকনক তেওঁ এষাৰ মাথোন কথা কৈছিল, “ঈশ্বৰৰ ইচ্ছা যে আসামত আমাৰ বংশত অত কালৰপৰা প্ৰচলিত আয়ুৰ্ব্বেদ বিদ্যা লোপ পাব লাগে।”
বাৰুণীত স্নান কাৰ্য্যাদি সমাপন কৰি পিতৃদেৱতা সপৰিবাৰে অসমলৈ উভতি গ’ল; তাৰ এমাহমানৰ পিছতে, মোৰ বৰককাইদেও গোবিন্দচন্দ্ৰ বেজবৰুৱাৰপৰা এদিন হঠাৎ এখন টেলিগ্ৰাম পালো, যথা—“Your marriage settled with - s daughter, come immediately.” অৰ্থাৎ অমুকৰ জীয়েকেৰে সৈতে তোমাৰ বিয়াৰ [ ১১৫ ] ঠিক হৈছে, তৎক্ষণাত আহিবা। উত্তৰত মই টেলিগ্রাম কৰিলাে - “My marriage settled with Maharsi Devendranath Tagore's grand-daughter" মানে মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ নাতিনীয়েকেৰে সৈতে মােৰ বিয়া ঠিক হৈছে। ইয়াৰ পিছত কত’খন টেলিগ্রাম দুই ফালৰপৰা আহিল গ’ল ঠিক নাই। শেহৰখনলিখিলাে— “My marriage will be celebrated tomorrow positively” —১৮৯১ খীষ্টাব্দৰ মার্চ মহাৰ ১১ তাৰিখে মােৰ বিয়াৰ এই খবৰে ৰংপুৰ, যােৰহাট, গােলাঘাটত কত কল্পনা-জল্পনাৰ আন্দোলন সষ্টি কৰিলে, সেইবােৰৰ বিৱৰণ দি আৰু প্ৰৱন্ধ নিদীঘলাওঁ। তেতিয়া কলিকতাত থকা গঙ্গাগােবিন্দ ফুকনলৈকো আমাৰ ঘৰৰপৰা বিয়া ভাঙি দিবলৈ কেইবাখনাে টেলিগ্রাম আহিছিল। তেওঁ সেই সম্পৰ্কে কি কৰিছিল —মই নাজানো। তেওঁ নিমন্ত্রিত হৈও মােৰ বিয়ালৈ অহা নাছিল। কিন্তু বিয়াৰ দিনচেৰেকৰ পাছত তেওঁ আৰু তেওঁৰ গৃহিণীয়ে আমাৰ দুইকো তেওঁ থকা ঘৰত খাবলৈ মাতিছিল আৰু আমাক বৰ আদৰ-সাদৰ কৰিছিল। ইংৰাজ কবি গল্ড্ স্মিথৰ “ডেজৰ্টেড ভিলেজ্” নামৰ কিতাপখন তেওঁলােকে বিয়াৰ যৌতুক-স্বৰূপে মােক দিছিল। বাহাদুৰ গুণাভিৰাম বৰুৱাও সেই সময়ত সস্ত্রীক কলিকতাতে আছিল। তেওঁৰ ল’ৰা-ছােৱালীকেইটিও তেওঁৰ লগতে আছিল। তেওঁলােককো নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু বিয়া-ঘৰত দেখিবলৈ নাপালাে। তেৱোঁ বিয়াৰ কিছুমান দিনৰ পিছত তেওঁলােকৰ ঘৰত সস্ত্রীক মােক নিমন্ত্ৰণ কৰি বৰ মৰম-চেনেহ কৰি খুৱাইছিল। তেতিয়া কলিকতাত থকা প্রায় সকলােবােৰ অসমীয়া ছাতৰে বিয়ালৈ আহি ভুৰি-ভােজন কৰি পৰিতুষ্ট হৈ গৈছিল।
এইখিনিতে এটা কথাৰ উল্লেখ কৰা উচিত যেন পাইছোঁ ; কাৰণ ঘাই ঘটনা মই লুকঢুক নকৰো। অৱশ্যে সৰু-সুৰা কথা পাহৰণিৰ বুকত সােমাই যােৱাৰ বাবে কেতিয়াবা কওঁতে ভুলো হব পাৰে।
মই তেতিয়া কলিকতাৰ শানকিভাঙ্গা নামৰ ঠাইৰ ২নং ভবানী চৰণ দত্তৰ গলিত, জনচেৰেক বাছকবনীয়া অসমীয়া ছাতৰেৰে সৈতে ‘মেছ’ কৰি একেলগে আছিলো। “ঠাকুবাড়ী”ত যেতিয়া মােৰ বিয়া একৰকম ঠিক হ’ল মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ এজন বিশ্বস্ত কৰ্ম্মচাৰীয়ে মােৰ থকা ঠাই ২নং ভবানীচৰণ দত্তৰ লেনৰ ঘৰলৈ আহি, মােক বিশ্বাসতে সুধিছিল, বিয়াত মােৰ ফালৰপৰা condition অৰ্থাৎ দাবী কি ? অৰ্থাৎ মই কিমান টকা বিচাৰো ? মােৰ অবিদিত নাছিল যে বঙ্গদেশত দৰাৰ ফালৰপৰা ছােৱালীৰ অভিভাৱকৰপৰা ধন-বিত বিচৰা হয়; আৰু, সেই ধন দিয়া আৰু লােৱাৰ দৰ-দস্তুৰৰ এটা মীমাংসা হলেহে বিয়া হয়। সেইটোৱে অতি জঘন্য কু-প্রথা, আন নালাগে বঙ্গালীসকলেও স্বীকাৰ কৰে, কিন্তু মুখেৰে স্বীকাৰ কৰিলে কি হ’ব? কাৰ্য্যত, আন নালাগে বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা পােৱা বি. এ., এম, এ, ‘পাছ’ কৰাসকলৰ ভিতৰতাে সি প্রবলভাৱে চলি আছে। তাৰ ফলত, অলেখ মজলীয়া তৰপৰ বঙ্গালী সর্বস্বান্ত হৈছে; আৰু কেইবাটাও অতি শােচনীয় ঘটনা হৈ যোৱাৰ বাতৰি কাকত পত্ৰত ছপা হৈ ওলাইছে; যেনে - কিছু কালৰ [ ১১৬ ] আগতে ঘটা স্নেহলতাৰ এইত জাহ; আৰু সিদিনাও চাৰিজনী অবিবাহিতা বায়েক-ভনীয়েকে বাপেকক ধ্বংসৰপৰা ৰক্ষা কৰিবলৈ স্ব-ইচ্ছাতে কানি পান আৰু আত্মহত্যা কৰা। মই সেই কৰ্ম্মচাৰীজনক উত্তৰ দিলো,“—আসামত অসমীয়া মানুহৰ ভিতৰত ধন লৈ হোৱালী বিয়া কৰোৱা প্ৰথা নাই। অসমীয়াই অন্তৰেৰে সৈতে তেনেকুৱা প্ৰথাক ঘিণ কৰে। মই বঙ্গদেশৰ ভিতৰত শিক্ষিত সুমাৰ্জিত আৰু শ্ৰেষ্ঠ পৰিৱাৰত বিবাহ সম্বন্ধেৰে বান্ধ খাবৰ নিমিত্তেহে প্ৰস্তুত হৈছোঁ; বণিয়াৰ দৰে ধন-বিত বিচাৰি সেই কাৰ্য্য কৰিবলৈ ওলোৱা নাই।”
মোৰ উত্তৰটো শনি কৰ্ম্মচাৰীজনৰ মুখখন জামৰি গ’ল। তেওঁ ক্ষমা-প্ৰাৰ্থনা কৰি উঠি গুচি গ’ল; অৱশ্যে মোক মহামূৰ্খ বিদেশী অসমীয়া বুলি পেটে পেটে ভাবিছিলনে নাই, মই কব নোৱাৰোঁ। মোৰ বিয়াৰ পিছত মোৰ সহধৰ্ম্মিণীৰ মুখৰপৰা শুনিছিলোঁ যে “কৰ্তামশায়” অৰ্থাৎ তেওঁৰ ককাদেউতাক মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে মোক দিবলৈ দহ হাজাৰ টকা তেওঁৰ কাছাৰীৰ খাজাঞ্চিৰ হতুৱাই টোপোলা বন্ধোৱাই থৈছিল। তেওঁলোকৰ পৰিয়ালত আগে-পিছে জোঁৱায়েকে তেনেকৈ টকা লয়; তেহেলৈ সেইজন ‘বিলাত-ফেৰ্ত্তা’ই হওক বা স্বদেশতে বংশমৰ্য্যাদা আৰু লেখা-পঢ়াত জিলিকাই হওক। মই নলওঁ বুলিলোঁ দেখি সেই টকা দিয়া নহ’ল। গৃহিণীৰ কথা শুনি মই দুঃখিত হোৱা দূৰত থাকক, আত্মগৌৰৱ অনুভৱ কৰি মিচিক কৰে মাথোন হাঁহিলোঁ। ৰায়বাহাদুৰ গুণাভিৰাম বৰা ডাঙৰীয়াই খুব সম্ভৱ, কেনেবাকৈ এই কথাৰ সম্ভেদ পাইছিল। তেওঁৰ ঘৰত মোক সস্ত্ৰীক নিমন্ত্ৰণ কৰি খুউৱা দিনা, তেওঁ তেওঁৰ হাতৰ তলুৱাখন মেলি ঠোলা পাতি দেখুৱাই মোক আকাৰে-ইঙ্গিতে এইদৰে কৈছিল-“আমি বামুণ মানুহ। বামুণে সদায় সোঁহাতৰ তলুৱাখন ঠোলা পাতি হয়। লুটিয়াই উবুৰিকৈ নথয়।” সেইদিনাও সেই কথাত মোৰ মুখত মিচিকিয়া হাঁহি বিৰিঙিল।
মই বিয়াৰ দিনাহে, আমাৰ অসমীয়া মাতেৰে কবলৈ গলে, “হোমৰ গুৰি”ত প্ৰথমতে মোৰ ভাবী সহধৰ্ম্মিণীৰ মুখখন দেখিছিলোঁ। অৱশ্যে আমাৰ বিয়াত “হোম-পোৰা” হোৱা নাছিল। কাৰণ আদি ব্ৰাহ্মসমাজৰ বিধি মতে আমাৰ বিয়া হৈছিল; তাত হোম পুৰি বিয়া দিয়াৰ বিধান নাই, শালগ্ৰাম আৰু হোমৰ বাহিৰে হিন্দু, বিয়াৰ সকলো আচাৰৰ ব্যৱস্থা তাত আছে।
কেশববাবুৰ “নব-বিধান”ত আৰু সাধাৰণ ‘ব্ৰহ্মসমাজ’ত প্ৰচলিত ৰেজিষ্টাৰী বিয়াও “আদি-ব্ৰাহ্মসমাজ”ত নাই। সেই দেখি, আদি-ব্ৰাহ্মসমাজৰ আন আন কাৰ্য্যতো হিন্দুৰ ৰীতি-নীতিলৈ সৰহীয়া পক্ষপাত দেখি সাধাৰণ ব্ৰাহ্মসমাজৰ বৰকৈ আগ বাঢ়োতা go-ahead সকলে আদি-ব্ৰাহ্মসমাজক হিন্দু-সমাজ বুলি ইতিকিং কৰে। সুখৰ বিষয় যে আদি-ব্ৰাহ্মসমাজভুক্তসকলে সেই ইতিকিং compliment অৰ্থাৎ নিন্দা নুবলি বন্দনা বুলিহে লয়। আজিলৈকে চেঞ্চাছ ৰিপৰ্টোত আদি ব্ৰাহ্মসমাজৰ মানুহে নিজক হিন্দু বুলি লেখাইহে গৌৰৱ অনুভৱ কৰে। মহৰ্ষিৰ মুখ্য idea বা ভাবেই গুৰিৰেপৰা তেনেকুৱা। আদি সমাজ বৈদিক কালৰ অপৌত্তলিক আৰ্য্য [ ১১৭ ] হিন্দু সমাজৰ আৰ্হিত গঠিত। বেদ আৰু উপনিষদ তাৰ ভেঁটি। বদ-উপনিষদৰ সাৰ ভাগ গ্ৰহণ আৰু অলাগতিয়াল ভাগ বৰ্জ্জন-অৱশ্যে অবজ্ঞাভাৱে বৰ্জ্জন নহয়। মহৰ্ষিৰ এই মূল ভেঁটিৰপৰা ফাটি নৱবিধান আৰু সাধাৰণ সমাজ হ’ল; যেতিয়া প্ৰথমতে কেশৱচন্দ্ৰ সেনে আৰু তাৰ পিছত তেওৰ লগৰীয়াসকলে মহৰ্ষিৰ আদৰ্শ গ্ৰহণ কৰিব নোৱাৰা হ'ল। দয়ানন্দ সৰস্বতীৰ আৰ্য্য সমাজেৰে সৈতে আদি সমাজৰ পোন্ধৰ অনা মিল , মাথোন আৰ্য্য সমাজৰ সিদ্ধান্ত যে বেদ একেবাৰে সকলো বিষয়তে অভ্ৰান্ত আৰু হোম সকলোৰে কৰ্তব্য, ঘাইকৈ এই দুটাত বিভিন্নতা। মোৰ বিয়াত “সপ্তপদী গমন”, “স্ত্ৰী-আচাৰ”, “শুভদৃষ্টি” আৰু, হিন্দুৰ বিয়াৰ বিধিত অনুষ্ঠেয় প্ৰায় সকলোবোৰ বৈদিক মন্ত্ৰৰ সমাবেশ আছিল; মুঠতে সি শালগ্ৰাম আৰু, হোম-বিহীন হিন্দু, বিয়া। বিয়াৰ বেদীৰ কাষত প্ৰথমতে মোৰ ভাবী সহধৰ্ম্মিণীকে দেখিলোঁ। আৰু তাৰ পিছত কাপোৰৰ ঢাকোনৰ তলত “শুভদৃষ্টিত”।
আমাৰ সপ্তপদী গমনৰ পিছত কাপোেৰৰ ঢাকোনৰ তলত দুয়ো থিয়, কাপোৰৰ আঁৰৰ ভিতৰত আনৰ দৃষ্টিৰ প্ৰৱেশ-নিষেধ , এনে অৱস্থাত আমাৰ দুইৰো যেতিয়া শুভদৃষ্টি ঘটিল, মোৰ সহধৰ্ম্মিণীয়ে ফিক্ কৰে হাঁহি পেলালে। তেওঁৰ তেনে অৱস্থা দেখি মোৰো মুখত তেনে হাঁহি বিৰিঙি উঠিল। সিফালে আমাক বৰণ কৰিবলৈ তাত সমবেত মহিলাসকলে—
আয় ৰে আয় সোনাৰ জামাই
বৰণ কৰি শাঁখ বাজায়ে।
দেখো যেন যেয়ো নাকো
সান্না তলায় মন হাৰায়ে।”
হঠাৎ মনত পৰি, বিয়াৰ কিছুমান দিনৰ পিছত এদিন মোৰ গৃহিণীক সুধিছিলোঁ, তেওঁ বিয়াৰ দিনা সেই শুভদৃষ্টিৰ সময়ত সেইদৰে হাঁহিছিল কিয়? তেওঁ মোক উত্তৰ দিলে—বিয়াৰ অনেক দিনৰ আগতে তোমাক মই এদিন সপোনত দেখিছিলোঁ। মই সামাজিকত দেখা মুখখনেৰে সৈতে তোমাক হবহুকৈ মিলি মোৱা দেখি মোৰ হাঁহি উঠিছিল। সন্দিগ্ধ চিত্তৰ (sceptic) মানুহে কথাষাৰ পতিয়াবলৈ টান পাব বুলি মই বুজিছোঁ; মই কিন্তু নাপাওঁ। তাৰ কাৰণ বিয়াৰ দিনাৰপৰা আজিলৈকে মই নানা বিষয়ত আৰু, নানা অৱস্থাত দেখি আহিছোঁ যে তেওঁ কেতিয়াও মিছা কথা নকয়; আৰু সদায় ধৰ্ম্মভীৰু (pious)। জোড়াসাঁকোৰ পৰিয়ালৰ ভিতৰতো তেওঁৰ সেই সুখ্যাতি আছে। মোৰ কথাষাৰ পক্ষপাতমুলক বুলি যাৰ পতিয়াবৰ মন নাযায়, সেইজনে নপতিয়ালেও মই বেয়া নাপাওঁ, মই মোৰ জ্ঞান-বিশ্বাসমতে কৈ থলোঁ মাথোন। মোৰ সৈতে তেওঁৰ বিয়াৰ সম্বন্ধ হোৱাৰ আগেয়ে কেইবাবাৰো একোজন কৃতী শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ ডেকাৰে সৈতে তেওঁৰ বিবাহৰ সম্বন্ধ প্ৰস্তাৱ হৈছিল। প্ৰত্যেক বাৰতে তেওঁ দৃঢ়ভাৱে অসম্মতি প্ৰকাশ কৰিছিল। কিন্তু কিয় কব পৰা নাযায়, মোৰ বেলিকা তেওঁ একেষাৰতে হুঁ; বুলি সম্মতি দিলে। অথচ তেওঁ মোক চৰ্ম্ম-চকুৰে আগেয়ে কেতিয়াও দেখা নাছিল। এই প্ৰহেলিকাৰ তাৎপৰ্য্য
২য়-২
বিয়াৰ তিনি দিনৰ পিছত ২নং ভবানীচৰণ দত্ত লেনৰ ঘৰলৈ মই উভতি আহিলোঁ আৰু আগৰ দৰে থাকিবলৈ ধৰিলোঁ। মোক উভতি অহা দেখি মোৰ মেছৰ লগৰীয়াসকলে আচৰিত মানিলে, কাৰণ তেওঁলোকে ভাবিছিল যে সজাৰপৰা ওলাই যোৱা এই চৰাইটো আকৌ উভতি নাহে। অৰ্থাৎ তেওঁলোকে ভাবিছিল, মই শহুৰৰ ঘৰতে বসতি কৰিম। ঠাকুৰ পৰিয়ালৰ জোঁৱাইৰ সম্পৰ্কে তেওঁলোকৰ তেনে ধাৰণা হোৱাটো আচৰিত কথা নহয়। আহি মই দুই হাত মেলি তেওঁলোকক আকোঁৱাল মাৰি ধৰিলোঁহি; ভাবাৰ্থ — মই আগেয়ে যেনেকৈ তোমালোকৰ আছিলোঁ, এতিয়াও তেনে; তোমালোকে মোক সামৰি লোৱাঁহক।
ওপৰত কৈ আহিছো, ১৮৯১ গ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ১১ তাৰিখে মোৰ বিয়া হয়। সেই কালত ঠাকুৰ পৰিয়ালৰ মুকুট-মণি মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ জীয়াই আছিল। তেতিয়া তেওঁ নিজা ঘৰ জোড়াসাঁকোত নাথাকি পাৰ্ক ষ্ট্ৰীটত এটা প্ৰকাণ্ড ঘৰ কেৰেয়া কৰি লৈ তাতে আছিল। জোড়াসাঁকোৰ ঘৰত তেতিয়া তেওঁৰ বৃহৎ পৰিবাৰ— পুতেক, নাতি-নাতিনী প্ৰভৃতিৰে ভৰপুৰ; ঠিক যেন ডাঙৰ মৌচাক এটাত মৌ-মাখিৰ থুপ। পাৰ্ক ষ্ট্ৰীটৰ ঘৰত মহৰ্ষিৰে সৈতে তেওঁৰ বৰ পুতেক সুবিখ্যাত দাৰ্শনিক দ্বিজেন্দ্ৰনাথ ঠাকুৰ; “অশ্ৰুমতী”, “সৰোজিনী” প্ৰভৃতি নাটক-প্ৰণেতা আৰু প্ৰথমতে কলিকতাত স্বদেশী জাহাজ চলাওঁতা পঞ্চম পুতেক জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ, মহৰ্ষিৰ বিধবা বৰ জীয়েক সৌদামিনী দেৱী আছিল। জোড়াসাঁকোৰ ঘৰত মহৰ্ষিৰ নুমলীয়া পুতেক ৰবীন্দ্ৰনাথ ঠাকুৰ (পিছত বিশ্ববিখ্যাত কবি), চতুৰ্থ পুতেক বীৰেন্দ্ৰনাথ ঠাকুৰ (যি প্ৰতিভাশালী সন্তান বলেন্দ্ৰনাথ ঠাকুৰৰ বাপেক) আৰু ষষ্ঠ পুতেক সৌমেন্দ্ৰনাথ ঠাকুৰ। মহৰ্ষিৰ তৃতীয় পুতেক হেমেন্দ্ৰনাথ ঠাকুৰৰ বিধবা পত্নী মোৰ শাহু আই, তেওঁৰ তিনি পুতেক হিতেন্দ্ৰ, ক্ষিতীন্দ্ৰ, ঋতেন্দ্ৰ আৰু জীয়েকহঁতৰে সৈতে তাতে। সৌদামিনী দেৱীৰ পুতেক সত্যপ্ৰকাশ গাঙ্গুলী সপৰিবাৰে সেই ঘৰতে আৰু মহৰ্ষিৰ এজন জোঁৱায়েক যদুনাথ মুখাৰ্জ্জী সপৰিয়ালে তাতে বাস কৰিছিল। কাৰেঙৰ নিচিনা সেই বিৰাট ঘৰখন সাজ-পাৰ, দাৰোৱান, চন্তৰী, কৰ্ম্মচাৰীৰে সৈতে তেতিয়া এটা বিৰাট ব্যাপাৰ। মহৰ্ষিৰ জমিদাৰী কছাৰীও সেই টোলৰ ভিতৰতে। মহৰ্ষিৰ পৰিয়ালৰে ভিতৰুৱা গগনেন্দ্ৰনাথ ঠাকুৰ। কলাবিদ অবনীন্দ্ৰনাথ ঠাকুৰ (পিছত চি. আই. ই) আৰু ভায়েক সমৰেন্দ্ৰনাথ ঠাকুৰো সপৰিবাৰে সেই প্ৰকাণ্ড টোলৰ ভিতৰতে।
অনেক বছৰৰ পিছত জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ ভিতৰত এইখন বিয়া; সেই [ ১১৯ ] দেখি এইখন বিয়াই পৰিবাৰৰ সকলোৰে মন আকৰ্ষণ কৰিছিল আৰু, মোৰো ভাগ্যত সকলোৰেপৰা আদৰ-সাদৰ লাভ হৈছিল। সুবিখ্যাত বেৰিষ্টাৰ এ চৌধৰীৰ (পিছত কলিকতা হাইকোৰ্টৰ জজ স্যৰ আশুতোষ চৌধুৰী) সহধৰ্ম্মিণী প্ৰতিভা দেৱী মোৰ ভাৰ্য্যাৰ আপোন বায়েক। প্ৰতিভা দেৱীৰ বিয়াৰ প্ৰায় ৮৷ ৯ বছৰৰ পিছত এইখন বিয়া। এই দীঘলীয়া ব্যৱধানে মোক সুবিধা কৰি দিছিল। সকলো ফালৰপৰা আমাৰ নিমন্ত্ৰণ, পাৰ্টি ইত্যাদিৰ জাউৰি উঠিবলৈ ধৰিলে। মহৰ্ষিৰ মাজু পুতেক পুজনীয় সত্যেন্দ্ৰনাথ ঠাকুৰ ভাৰতীয়ৰ ভিতৰত প্ৰথম চিভিলিয়ান। তেওঁৰ সহধৰ্ম্মিণী শ্ৰীমতী জ্ঞানদানন্দিনী দেৱীয়ে, পুতেক সুৰেন্দ্ৰনাথ ঠাকুৰ আৰু, জীয়েক ইন্দিৰা দেৱীৰে সৈতে, কলিকতা ময়দানৰ দক্ষিণ ফালে “বিৰ্জিতলা” বা ব্ৰজতলা নামৰ ঠাইত সুকীয়াকৈ এটা প্ৰকাণ্ড ঘৰত বাস কৰিছিল। দিনৌ আবেলি আৰু গধুলি তাত কলিকতা হাইকোৰ্টৰ জজ, বেৰিষ্টাৰ আৰু আন আন বৰলোকৰ সমাগম হৈছিল। টেনিছ পাৰ্টি, খেল, সঙ্গীত প্ৰভৃতি তাত দৈনিক ব্যাপাৰ বুলিলেই হ’ব। তালৈকো মোৰ প্ৰায় সততে গতি-বিধি আছিল।
এটা কথা মনত পৰিছে, এইখিনিতে কৈ থওঁ। তেতিয়া আমাৰ বিলাতৰ “কুপৰ্ছ হিল” কলেজত পঢ়ি “পাছ” কৰি অহা ইঞ্জিনীয়ৰ বলিনাৰায়ণ বৰা কলিকতাতে আছিলহি। তেতিয়া তেওঁ কামৰপৰা অৱসৰ লৈয়েই নে, তাৰ আগলিতে আছিলহি মোৰ মনত নাই। তেওঁৰ সৈতে “মিচেজ” সত্যেন্দ্ৰনাথ ঠাকুৰৰ চিনাকি আছিল। বৰা ডাঙৰীয়াও মাজে মাজে বিৰ্জিতলাত সমাগত হৈছিল। “মেজ মাই” অৰ্থাৎ মিচেজ সত্যেন্দ্ৰনাথ ঠাকুৰে অসমীয়া বৰাৰে সৈতে তেওঁলোকৰ অসমীয়া ন জোঁৱাইক লগ লগাই দিবৰ মনেৰে এদিন ডাঙৰ “ডিনাৰ পাৰ্টি” এটা দি বৰা ডাঙৰীয়াক নিমন্ত্ৰণ কৰিলে। বৰাই নিমন্ত্ৰণ গ্ৰহণ কৰি যাম বলি উত্তৰ দিলে। তাৰ পিছত কিয় জনা নগ’ল, তেওঁ নাহিল আৰু কাৰণো নজনালে। ডিনাৰ কাল উকলি গ’ল, উপস্থিত সকলো আলহীয়ে তেওঁলৈ বাট চাই আছে, কিন্তু তেওঁ নোলালহি। মিচেজ ঠাকুৰে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ উদ্দেশ্যটোৱেই বোধকৰো ব্যৰ্থ হ’ল দেখি। মোৰ মনত তেতিয়া খেলোৱা কথাটোও এইখিনিতে কৈ দিওঁ, যদিও সি সম্ভৱতঃ ভুল। বৰা ডাঙৰীয়া বিলাতফেৰৎ, গৱৰ্ণমেণ্টৰ ভব্য-গব্য কৰ্ম্মচাৰী, মই এটা সামান্য কলেজৰ ষ্টু়ডেন্ট। পিছত বৰা ডাঙৰীয়াই মিচেজ ঠাকুৰৰ ভিতৰুৱা উদ্দেশ্যটো সম্ভৱতঃ বুজিব পাৰি কিজানি তেনে কৰিলে। আকৌ কওঁ, তেতিয়া মোৰ এই অনুমানটো সম্ভৱতঃ ভুলেই।
মহৰ্ষি তেতিয়া পাৰ্ক ষ্ট্ৰীটত আছিল বুলি ওপৰত কৈ আহিছোঁ। পিছত তেওঁক ইচ্ছা অনুসাৰে আমি দুয়ো formally তেওঁৰ আশীৰ্ব্বাদ লবলৈ গলোঁ। তেওঁ মোক আশীৰ্ব্বাদ কৰি সোণৰ কলম এটা দি ক’লে,-“তোমাৰ এই কলম থেকে সুনিপুণ লেখা বেৰুবে।” নাতিনীয়েকৰ মুৰত হাত দি আশীৰ্ব্বাদ কৰি হাতত সুন্দৰ গোলাপ ফুল এপাহ দি কলে—“তোমাৰ যশ সৌৰভ এই ফুলেৰ সৌৰভেৰ মতো চতুৰ্দ্দিকে বিস্তাৰ হবে।”[ ১২০ ] ঈশ্বৰে জানে প্ৰকৃত ঋষি-সদৃশ এইজন মহাপুৰুষৰ বাক্য আমাৰ জীৱনত ফলিয়াইছে নে নাই।
অনেক দিনৰ পিছত, সেই সুবৃহৎ পৰিবাৰৰ ভিতৰত হোৱা এই বিয়াৰ উদ্দীপনা সেই পৰিবাৰৰ সুশিক্ষিত সুমাৰ্জ্জিত ডেকাসকলৰ মনত অনেক বাটেদি অনেক দিনলৈকে চলিছিল। তেওঁলোকৰ ভিতৰত নৱ নৱ উন্মেষণাৰ কাৰ্য্য সংসাধিত হৈছিল। তাৰে দুটা-চাৰিটাৰ মাথোন উল্লেখ কৰিম। উঠি অহা ডেকা কবি পূজনীয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰাই আগেয়ে ৰচিত “মায়াৰ খেলা” নামৰ নাটকৰ অভিনয় হৈছিল মিচেজ সত্যেন্দ্ৰনাথ ঠাকুৰৰ বিৰ্জিতলাৰ ঘৰত। কবিবৰে তেওঁৰ গুণাকৰ ককায়েক জ্যোতিৰিন্দ্ৰেৰে সৈতে সেই নাটকৰ অভিনয়ত ভাও লৈছিল। তিৰোতাৰ ভিতৰত সত্যেন্দ্ৰনাথ ঠাকুৰৰ বিদুষী গ্ৰেজুৱেট কন্যা শ্ৰীমতী ইন্দিৰা দেৱী, ভাৰতীয় সম্পাদিকা, মহৰ্ষি কন্যা স্বৰ্ণ কুমাৰী দেৱীৰ গ্ৰেজুৱেট জীয়েক শ্ৰীমতী সৰলা ঘোষাল আৰু; ঠাকুৰ পৰিবাৰৰ সঙ্গীতজ্ঞ আন আন মহিলাসকল আছিল। মোৰ নৱ পৰিণীতা ভাৰ্য্যা প্ৰজ্ঞাসুন্দৰীও তেওঁৰ ভনীয়েকসকলেৰে সৈতে অভিনয়ৰ ভিতৰত আছিল। প্ৰজ্ঞা তেতিয়া বিবাহিতা দেখি মোৰ অনুমতি গ্ৰহণ কৰা হৈছিল। কোৱা বাহুল্য যে মই আনন্দেৰে অনুমতি দিছিলোঁ। বাচক-বনীয়া অভিজাত শ্ৰেণীৰ দৰ্শকেৰে ভাওনা ঘৰ ভৰি পৰিছিল। অভিনয় দেখি আৰু, তাৰ পিছত আহাৰাদি কৰি সকলোৱে পৰম প্ৰীতি লভি ঘৰাঘৰ গৈছিল।
সুধীন্দ্ৰনাথ ঠাকুৰ, বলেন্দ্ৰনাথ ঠাকুৰ প্ৰভৃতি ডেকাসকলে “সুহৃদ সমিতি” জোড়াসাঁকোৰ ঘৰতে পাতিলে; আমি আটাইবোৰ সেই সমিতিৰ সভ্য হলোঁহক। বাহিৰৰ দুই চাৰিজন ডেকা শিক্ষিত বন্ধুকো তাত স্থান দিয়া হৈছিল। সপ্তাহৰ ভিতৰত এদিনকৈ তাৰ অধিবেশন হৈছিল। সভাৰ উদ্দেশ্য সভ্যসকলৰ ভিতৰত মিলা-প্ৰীতিৰ ভাব বঢ়োৱা। উপায়—সাহিত্য চৰ্চ্চা আৰু অন্তত মধুৰ প্ৰীতি-ভোজন। সমিতিৰ কেইবাখনো অধিবেশন হৈছিল। তাত সভ্যসকলৰ দ্বাৰাই ৰচিত ইংৰাজী আৰু বঙলা ভাষাত ৰচনা পঠিত হৈছিল আৰু তাৰ সমালোচনা চলিছিল। তাৰপৰাই “সাধনা” নামৰ বঙলা মাহেকীয়া কাকতৰ জন্ম হয়। তাৰ সম্পাদকৰ পদত সুধীন্দ্ৰনাথ ঠাকুৰক বহুৱা হৈছিল। কিছুদিনৰ পিছত সুধীন্দ্ৰনাথৰ ঠাই কবীন্দ্ৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে ল’লে। “সাধনাই” বঙ্গলা মাহেকীয়া কাকতবোৰৰ ভিতৰত শ্ৰেষ্ঠ আসন অধিকাৰ কৰিছিল। কিছুকালৰ পিছত “সাধনা” অন্তৰ্দ্ধান হ’ল। সমসাময়িক নহলেও প্ৰায় অগাপিছাকৈ সেই পৰিবাৰৰপৰা আৰু এখন মাহেকীয়া বঙলা কাকতৰ জন্ম হৈছিল। তাৰ গুৰি ধৰোঁতা আছিল—মোৰ নিজ জেঠেৰী—হিতেন্দ্ৰনাথ ঠাকুৰ, ক্ষিতীন্দ্ৰনাথ ঠাকুৰ আৰু ঋতেন্দ্ৰনাথ ঠাকুৰ। সম্পাদিকাৰ আসনত মোৰ সহধৰ্ম্মিণী শ্ৰীমতী প্ৰজ্ঞাসুন্দৰী দেৱী। এবছৰমানৰ পিছত সেইখন কাকতো শুন্যত বিলয়প্ৰাপ্ত হল।
শহুৰৰ ঘৰৰ এই সাহিত্যিক মহিলা আৰু পুৰুষসকলে অসমীয়া ভাষা আৰু বঙ্গলা ভাষাৰ পাৰ্থক্য আৰু, বাঙ্গলা ভাষাৰ শ্ৰেষ্ঠত্বৰ বিষয় লাহে লাহে মোৰে সৈতে আলোচনাত প্ৰবৃত্ত হবলৈ ধৰিলে। তেওঁলোকেই আগবাঢ়ি আহি মোক তৰ্ক যুদ্ধত [ ১২১ ] সোমাই ললে। অগত্যা মই সোমাবলগীয়াত পৰিলোঁ , যদিও তেনে unpleasant অৰ্থাৎ অপ্ৰীতিকৰ কাৰ্য্যত সোমাবৰ মন মোৰ সমুলি নাছিল। তেওঁলোকে ভাবিছিল, পুৰ্ব্ববঙ্গৰ ভাষাও যেনেকৈ নদীয়া-শান্তিপুৰ কলিকতীয়া ভাষাৰ এটা বেবেৰিবাং অৱস্থা বা দুৰৱস্থা, অসমীয়া ভাষাও তেনে। তেওঁলোকৰ ইচ্ছা, মই অসমীয়া ভাষাৰ হকে চেষ্টা চৰিত্ৰ পৰিত্যাগ কৰি বঙ্গভাষাৰ উন্নতি কামনাত লাগি যাওঁ। তাৰ গুৰিত এনে এটা ভাবো আছিল যে তেওঁলোকৰ পৰিবৰ-ভুক্ত জোঁৱাই মই যেন সম্পূৰ্ণৰূপে বঙ্গালী হৈ যাওঁ। কিন্তু, লাহে লাহে তেওঁলোকে দেখিবলৈ পালে যে ইংৰাজীত কবৰ নিচিনা “They have caught a Tartar in me,” মই অজীণপাতকী হৈ দেখা দিলোঁ। তেওঁলোকৰ সুখৰ সপোনত ব্যাঘাত ঘটিল, মই তেওঁলোকক নিৰাশ কৰিলোঁ। মোৰ সাজ-পাৰো তেওঁলোকে তেওঁলোকৰ পৰিবাৰত প্ৰচলিত সাজ-পাৰৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল; তাতো মই তেওঁলোকক নিৰাশ কৰিলোঁ। অসমীয়া ভাষাৰ হকে মোৰ হাতত ডাঙৰ ৰামটাঙোনডাল দেখি তেওঁলোকৰ মন ভাগি গ’ল। দিনে দিনে ভাষাৰ তৰ্কৰ পথাৰখন বহল হৈ যাবলৈ ধৰিলে আৰু, ডেকাদলৰ অধিপতি “ৰবিকাকাইও” গতি বিষম দেখি মৌনাৱলম্বন কৰিলে। এই খণ্ড-যুদ্ধৰ প্ৰণালীৰ সেইখিনিতে অৱসান। তেতিয়াৰেপৰা আজি এই বুঢ়া বয়সলৈকে ডাঙৰ ঠাকুৰে তেওঁৰ পোহ নোলোৱা জোঁৱায়েকেৰে সৈতে সেই বিষয়ে তৰ্ক কৰা এৰি দিলে আৰু মোৰ আগত কোনো মন্তব্যও প্ৰকাশ কৰা নাই। মাথোন এবাৰ শ্বিলঙত এষাৰ কথা তেওঁ মোক কৈছিল অলপ বেজাৰ মিহলিকৈ “তোমৰাইতো আসামকে বাৰ কৰে নিয়ে বাংলা ভাষাৰ পৰিসৰ কমিয়ে দিলে। বই লিখে ছাপা কৰতে গ্ৰন্থকাৰদেৰ আৰ উৎসাহ থাকে কোথায়?” তেওঁ মোৰ গুৰুজন। কোনো তৰ্ক নকৰি মনে মনে থাকিলোঁ। কাৰণ তেনে অপকৰ্ম্ম (?) যদি হৈছে, অকল মোৰেপৰাই হোৱা নাই, মোৰ লগত বিস্তৰ বাহুবলী ৰণুৱা আছে, মই তাৰ ভিতৰত ৰণুৱা যদিও, এটা ক্ষুদ্ৰাতিক্ষুদ্ৰ ৰণুৱা মাথোন।
মোক ষোল অনা বঙ্গালী কৰিবলৈ মোৰ সাহিত্যিক জেঠেৰী সকলৰ আৰু, খুলশালীসকলৰ ইমান আগ্ৰহ হৈছিল যে কবলৈ গলেও মোৰ হাঁহি উঠে। সেই কথাটো পিছলৈ থৈ তাৰ আগতে, মই কবলৈ পাহৰি অহা এটা কথা কওঁ। মোৰে সৈতে মোৰ সাহিত্যিক জেঠেৰী সকলৰ তৰ্ক বাঢ়ি গৈ যেতিয়া “ৰবিকাকা”ৰ কাষ পালেগৈ এদিন শহুৰ জোঁৱাইৰ ভিতৰত লাগিল সৰু-সুৰা তৰ্ক যুদ্ধ এখন। তৰ্কৰ পিছতো দুদিন চাৰিদিনলৈকে তাৰ কৰ্পটি চলিছিল। তাৰ পিছত মুখৰ তৰ্ক স্থগিত হ’ল আৰু “ভাৰতী” কাকতত “ৰবিকাকা’’ই অসমীয়া ভাষাৰ ওপৰত মন্তব্য প্ৰকাশ কৰি এটা প্ৰবন্ধ লেখিলে। মই লেখিলোঁ তাৰ প্ৰতিবাদ এটা আৰু দিলোঁ পঠিয়াই “ভাৰতীত” ছপাবলৈ। প্ৰতিবাদ প্ৰবন্ধটো খৰা-মুৰা হৈ “ভাৰতীত” ছপা হ’ল। সিফালে “পুণ্য”তো মোৰ প্ৰতিবাদ প্ৰবন্ধ ওলাল। সেইখিনিতে দুই ফালৰ তৰ্কযুদ্ধৰ ওৰ। মোৰ ঘৈণীৰ ফালৰ কুটুমসকলে দেখিলে যে এইটো জাতি কৰিব নোৱাৰা জেব্ৰাৰ (zebra) জাতীয় জোঁৱাই। তেওঁলোক নিশ্চেষ্ট হ’ল।
ওপৰত উল্লেখ কৰা হাঁহি উঠা কথাটোলৈ এতিয়া আহোঁ।—“পুণ্য” কাকতত [ ১২২ ] ওলোৱা মোৰ প্ৰবন্ধৰ তলত মোৰ নামটিৰে সৈতে দিয়া “বেজবৰুৱা” উপাধিটো সলাই তেওঁলোকে “বিদ্যাবৰ্য্য” কৰি ছপালে। মই নথৈ হাঁহিলোঁ। গ’ল কথা গুচিল। মুঠতে কাৰো লগত জীণ যাব নোৱাৰা এই দুৰ্ভগীয়া অজীণপাতকীয়ে ঘৰত আৰু পৰত সকলোকে নিৰাশ কৰিলে।
বিয়াৰ দুমাহমানৰ পিছতে মই অকলেই আমাৰ শিৱসাগৰৰ ঘৰলৈ গ’লো। পিতৃ- দেৱতাই আৰু মাতৃদেৱীয়ে মোক পাই নথৈ সন্তোষ পালে। তেওঁলোকৰ মনত হেৰোৱা ৰতন মোক পাই তেওঁলোকৰ বুকুত সামৰি ললে, যদিও orthodox অৰ্থাৎ প্ৰাচীন মতাৱলম্বী নৈষ্ঠিক তৰপৰ অগ্ৰণী আছিল, তথাপি তেওঁৰ গাত এটা মহৎ গুণ আছিল। তেও সকলো কথা দকৈ ভাবি-চিন্তি চাই মনতে তাৰ সমালোচনা কৰি উদাৰ ভাৱ অবলম্বন কৰিব পাৰিছিল। সেই দেখি তেওঁক দেখা কৰিবলৈ আহোঁতা ভদ্ৰ- লোকসকলৰ আগত মোৰ বিয়াৰ কথা সম্পৰ্কে ওলোৱা কথাত উদাৰ মত প্ৰকাশ কৰা মই নিজ কাণেৰই শুনিবলৈ পাইছিলোঁ। মাতৃদেৱী বৰ হোজা আছিল। তেওঁ মোক পুনৰাই পাই তেওঁৰ হেৰোৱা বস্তু আকৌ তেওঁৰ হাতলৈ উভতি অহা যেন লাগিছিল। মোৰ বিয়াৰ বাতৰি শুনি তেওঁ শিৱসাগৰৰ কালীপ্ৰসাদ চলিহা প্ৰভৃতি ডাঙৰ লোকসকলক মতাই আনি হেনো পৰামৰ্শ সুধিছিল—কলিকতাৰ ঠাকুৰসকলৰ ওপৰত কেনেকৈ ডাঙৰ মোকৰ্দ্দমা এটা কৰি ক্ষতিপুৰণেৰে সৈতে তেওৰ ল’ৰাটোক “দখল” কৰি লব পাৰিব। এবাৰ নহয়, কেইবাবাৰো তেওঁ সেইদৰে সঁচাকৈ ভাবি হেনো পৰামৰ্শ বিচাৰিছিল। তেওঁ ভাবিছিল ঠাকুৰহঁতে প্ৰবঞ্চনা কৰি তেওঁৰ হোজা ল’ৰাটোক ভুলাই তেওঁৰ বুকুৰপৰা কাঢ়ি নি ঘৰজোঁৱাই কৰি ল'লে। এতেকে এনে অন্যায় অধৰমৰ প্ৰতিকাৰ হবই লাগিব।
মোক ঘৰ জোঁৱাই কৰাৰ সম্পৰ্কে এটা ইতিহাস অৱশ্যে আছিল। মাতৃদেৱীৰ মনত সেই কথাটো আমাৰ জনচেৰেক বন্ধুৱে অতি প্ৰবন্ধ কৰি সুমাই দি, তেওক দুখ দি আত্মসুখ অনুভৱ কৰিছিল। ঘটনাটো মই শিৱসাগৰ পায়েই তেওঁৰ মুখৰপৰাই তলত দিয়াদৰে শুনিলোঁ। মানুহ কেইজনৰ নাম নাকাঢ়োঁ , কাৰণ সেইকেইজন আজি ইহ- জগতত নাই।—“যিদিনাই তই তাঁৰেৰে দিয়া বাতৰি শিৱসাগৰ পালেহি সেইদিনাই সি চাৰিওফালে বিয়পি পৰিল। দেউতাৰ আৰু মই শোকত বিয়াকুল হলোঁ। চহৰৰ মানুহৰ মুখে মুখে ৰৌঢ়ি ফুটি গ’ল। বঙ্গালীপটিতো তুমুল আন্দোলন চলিল। কলিকতাৰ ঠাকুৰসকল বঙ্গালীৰ শিৰৰ মুকুট , এনে হেন ঠাকুৰৰ ঘৰত অসমীয়া এটাৰ বিয়া। নানা কথা-বাৰ্তা চলিবলৈ ধৰিলে। আমাৰ কালীপ্ৰসাদ চলিহা বোপাই শিৱসাগৰৰ চিভিল চাৰ্জ্জন কলিকতীয়া বঙ্গালী হেমচন্দ্ৰ বন্দোপাধ্যায়ৰ ওচৰলৈ গ’ল, কথাটোৰ ভু লবলৈ। বানুৰ্জ্জীয়ে চলিহাক ক’লে—'কলিকতাৰ জোড়াসাঁকোত কেইবাঘৰো ঠাকুৰ আছে, তাতে কোনোবা ছালছিগা ভিকহু এঘৰত খুব সম্ভব এইখন বিয়া৷’ কালী বোপাৰপৰা কথাটো শুনি মোৰ আমঠু ক’লা পৰি গ’ল। ডাক্তৰ চাহাবে আৰু কৈছিল হেনো, “দেবেন্দ্ৰনাথ ঠাকুৰৰ ঘৰত যদি বিয়া হৈছে, তেন্তে তাত হেনো তই ঘৰজোঁৱাই সোমাইছ; নহ’লে বিয়া হোৱা অসম্ভৱ।” [ ১২৩ ] ইয়াৰ কিছুদিনৰ পিছত হেনো শিৱসাগৰৰ জনদিয়েক অসমীয়া ছাতৰ কলিকতাৰ পৰা উভতি গলত, মাতৃদেৱীয়ে তাৰে এজনক মতাই নি মোৰ কথা সুধিছিল। সেইজন আমাৰ পৰিয়ালৰে সৈতে বিয়া-বাৰুৰ সম্বন্ধ থকা ডেকা। তেওঁ হেনো মাতৃদেৱীক কৈছিল, “লক্ষীনাথ ঠাকুৰৰ ঘৰত ঘৰ-জোঁৱাই চাপি থকাটো সঁচা, যদিও সি সেইটো লুকাবলৈ মাজে মাজে অসমীয়া ল’ৰাৰ মেছত থাকেগৈ। সি শহুৰেকৰ ঘৰলৈ গলে দুৱৰীৰ হাতত নিজৰ নাম লেখি টিকিট অৰ্থাৎ কাৰ্ড পঠিয়াই নিদিলে ভিতৰ সোমাব নোৱাৰে। ভিতৰৰপৰা হুকুম নহালৈকে বাহিৰত ৰৈ থাকিব লাগে।”
এই সম্বাদদাতা বন্ধুজন আজি ইহসংসাৰত নাই। তেওঁ নিশ্চয় ক্ষমাৰ পাত্ৰ।
অনেক দিনৰ পিছত মোৰ বঙ্গালী বন্ধু এজনেৰে সৈতে কলিকতাৰ শ্যামবজাৰৰ ফালে পুৱা ৯ মান বজাত খোজ কাঢ়ি ফুৰিবলৈ গৈছিলোঁ। বন্ধুজনে দূৰৰপৰা মোক আঙুলিয়াই দেখুৱালে—“সৌটো ডাক্তৰ হেমচন্দ্ৰ বানুৰ্জ্জীৰ ঘৰ। তেওঁ আপোনাৰ শিৱসাগৰতে চিভিল চাৰ্জ্জন হৈ আছিল, এতিয়া অৱসৰ লৈ আহিছে।” মোৰ কৌতুহল হ’ল। আমি তেওঁৰ ঘৰৰ কাষেদি যাবলৈ ধৰিলোঁ। মোৰ চকুত পৰিল—পেটুৱা বঙ্গালী এজনে উদং গাৰে একোছা লগুণ ডিঙিত ওলমাই, ঘৰৰ পিৰালিতে বহি লগুৱা এটাৰ হতুৱাই গাত তেল ঘঁহাইছে। বন্ধুজনে কলে, ’সেইজনেই হেমবাবু।’ এৱেঁই নে সেই শিৱসাগৰৰ ফিটফাট বানুৰ্জ্জী চাহাব। তাত তেওঁৰ চাহাবীয়ে য়ুৰোপীয় চাহাবকো হৰুৱাইছিল।
মোৰ বিযাৰ ছমাহমানৰ পিছত এদিন কলিকতাত মোৰ গুৰুদেৱ চন্দ্ৰমোহন গোস্বামী হেডমাষ্টৰেৰে সৈতে দেখা হৈছিল। তেওঁ মোক মৰমকৈ কৈছিল—“তুমি ঠাকুৰবাড়ীতে বিয়ে কৰেছ, আমি খুব খুসী হয়েছি। কিন্তু নিজেৰ বংশেৰ সম্মান ঠিক ৰেখে চলো। তুমি তাদেৰ বলে দিও—তোমাৰ যেমন বেঙ্গলে বড়লোক, আমৰাও আসামে তেমন। কোন বিষয়েই হীনতা স্বীকাৰ কৰোনা।”
গুৰুদেৱক কৃতজ্ঞতা জনাই প্ৰণাম কৰিলোঁ। ওখ শাৰীৰ বঙ্গালীৰ অন্তঃকৰণ কেনে মহৎ৷
শিৱসাগৰৰপৰা যোৰহাটলৈ গলোঁ। তাত তেতিয়া মুৰ (Moor) চাহাব চবডিভিজনেল অফিচাৰ। এই মুৰ মোৰ পিতৃদেৱতাই হাতেৰে গঢ়া মানুহ। তেজপুৰত পিতৃদেৱতা একষ্ট্ৰা এছিষ্টেণ্ট কমিছনাৰ হৈ থাকোঁতে মুৰে তেওঁৰ তলত কেৰাণীৰ কাম কৰিছিল। ’বগা ছাল’ৰ উন্নতি শীঘ্ৰে হয়। মই শিৱসাগৰলৈ উভতি অহা বাতৰি শুনি মুৰে যোৰহাটত মোৰ ককাইদেউক অসমীয়াতে কৈছিল, “সেই চপনীয়াটো হেনো শিৱসাগৰলৈ উভতি আহিছে। ইয়ালৈ আহে যদি মোৰ ওচৰলৈ
তাক পঠিয়াই দিবা।’’ সুখৰ বিষয়, মই যোৰহাটলৈ গলোঁ, কিন্তু মুৰৰ ওচৰলৈ নগলোঁ৷ [ ১২৪ ]তৃতীয় আধ্যা
[ এই আধ্যাৰ ভিতৰুৱা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত থোৰতে কোৱা কথা এটাৰ মুকলি ব্যাখ্যা স্নেহাস্পদ শ্ৰীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিষ্টাৰ) পৰা পাইছোঁ। তেওঁ লিখিছে—
“আপোনাৰ বিযাৰ সময়ত মোৰ পিতৃদেৱতা আৰু মাতৃদেৱী মোৰ ককাইদেও কৰুণাভিৰাম বৰুৱাৰ সৈতে উত্তৰ-পশ্চিম ভাৰতত ফুৰিবলৈ গৈছিল। মোৰ বাইদেও স্বৰ্ণলতাক জীয়েকহঁতেৰে সৈতে কলিকতাৰ ডাক্তৰ মোহিনী মোহন বসুৰ ঘৰত আৰু, মোক আৰু মাজু ককাইদেও কমলাক, তেতিয়া কলিকতাত থকা মাণিকচন্দ্ৰ বৰুৱাৰ ঘৰত দেউতাই থৈ গৈছিল। কমলাই আৰু মই সুকীয়াকৈ আপোনাৰ বিয়াৰ নিমন্ত্ৰণকাৰ্ড একোখন পাইছিলোঁ আৰু পাই ৰং পাইছিলোঁ। আপুনি আমাক আপুনি বুলি সম্বোধন কৰা দেখি ৰঙত আমি দুয়ো ওফন্দি উঠিছিলোঁ। শ্ৰীযুত কনকলাল বৰুৱা (ৰাযবাহাদুৰ )আৰু কাপ্টানেৰে (ভুবনচন্দ্ৰ বৰুৱা) সৈতে আমি শানকিভাঙ্গাৰপৰা গৈ আপোনাৰ বিয়াত উপস্থিত হৈছিলোঁহক। আপোনাৰ লেখাত আছে যে আমাৰ দেউতাক আপুনি বিয়াত নেদেখিলে। সেই কথাটো স্পষ্ট নোহোৱা বাবে কোনোবাই ভাবিব পাৰে যে সেই বিযা দেউতাৰ অনভিপ্ৰেত আছিল, সেইদেখি তেওঁ বিয়ালৈ নগ’ল , তেনে নহয়। বৰং দেউতা আৰু আয়ে সেই বিয়াৰ সম্বন্ধত বৰ সন্তোষ পাইছিল।”
এই শুধৰণী—প্ৰকৃতপক্ষে ব্যাখ্যা, বৰ সাদৰেৰে মই গ্ৰহণ কৰি মোৰ “জীৱন- সোঁৱৰণ’’ৰপৰা আগৰ আধ্যাত যথাস্থানত সুমাই ললোঁ।—“সোঁৱৰণ” লেখক ]
কলেজ বন্ধ হলত, ২ নম্বৰ ভবানীচৰণ দত্তৰ গলিত থকা সেই মেছটো ভাগি গ’ল আৰু মেছনিবাসী ছাতৰসকল নিজৰ ঘৰলৈ উভতি গ’ল। মোৰ মনত আছে ডাঙৰীয়া গঙ্গাগোবিন্দ ফুকনে (জি, জি, ফুকন) আমি এৰাৰ দিনাৰেপৰা সেই ঘৰটো ঘৰৰ মালিকেৰে সৈতে নিজে থাকিবলৈ বন্দবস্ত কৰি লৈছে। তেতিয়া মাহ পুৰ হোৱা নাছিল দেখি, আমাৰ ঘৰৰ কেৰেয়াখিনিও তেওঁৰ হাততে দিলোঁহক, যাতে তেওঁ গোটেইটো মাহৰ কেৰেযা একেলগে ঘৰৰ মালিকক দিব পাৰে। তাৰ পিছত মই আৰু মাজিৱে (শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা) লগ লাগি শোভাৰাম বসাক লেনত ঘৰ এটা কেৰেয়া কৰি থাকিবলৈ ললোঁ। ঘৰটো দুমহলীয়া। তলৰ মহলাত চাকৰ-নাকৰ আৰু ওপৰ মহলাত আমি আছিলোঁহক। ওপৰত তিনিটা খোঁটালী, তলতো তেনেকুৱা। ওপৰৰ খোঁটালী তিনিটাৰ সমুখত দীঘলীয়া বাৰাণ্ডা। তাৰ সমুখত চোতাল আৰু চোতালৰ পিছতে ৰান্ধনিঘৰ। আমাক দুইটা খোঁটালীয়েই জোৰে দেখি, এঘৰৰ খোঁটালী এটা এজনক ভেৰোণীয়াকৈ দিলোঁ। সেই মানুহজনৰ নাম মহেন্দ্ৰনাথ গুপ্ত। তেওঁ কলিকতাৰ “মৰ্টন স্কুল”ৰ হেডমাষ্টৰ আছিল। তেওঁৰ ঘৰ ওচৰতে এঠাইত আছিল। খোঁটালীটো তেওঁ থাকিবলৈ লোৱা নাছিল; আৰু তাত নাথাকিছিলোঁ। [ ১২৫ ] দিনৌ দুবেলা তেওঁ তেওঁৰ থকা ঘৰৰপৰা আহি খোঁটালীটোত সোমাই সমুখৰ দুৱাৰখন মাৰি লৈ, ভিতৰত অকলে বহি, ঈশ্বৰৰ ধ্যান-ধাৰণা উপাসনা কৰিছিল। তেওঁ ৰামকৃষ্ণ পৰমহংসদেৱৰ এজন প্ৰধান শিষ্য আছিল “ম-কথিত” নাম দি “ৰামকৃষ্ণ কথামৃত” নামৰ পাঁচ খণ্ড কিতাপ ৰচনা কৰিছিল। মানুহজন বৰ ধৰ্ম্মপ্ৰৱণ আৰু নিৰ্ম্মল চৰিত্ৰৰ আছিল। মোৰে সৈতে তেওঁৰ বন্ধুত্বও দৃঢ় হৈছিল।
কিছুদিনৰ পাছত শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতা এৰি পাটনাত বি, এ পঢ়িবলৈ গ’ল। তেওঁৰ খোঁটালীটো তেওঁলোকৰ হৈয়েই আছিল। মাজে মাজে তেওঁৰ দেউতাক ডাঙৰীয়া হৰিবিলাস আগৰৱালা তাত থাকিছিলহি। পিছত শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালাই (ৰাযবাহাদুৰ) তাতে থাকি কলেজত পঢ়িছিল। মাজিৱে মযে তাৰেপৰাই পিছডোখৰত “জোনাকী” কাকত চলাইছিলোঁ। মাজিউ পাটনালৈ গলত শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালাক মই সহায়ক পালোঁ। ৺লক্ষেশ্বৰ শৰ্মা বি এ কিছুদিন আমাৰ লগতে আছিলহি। তেওঁকো মই সহায়কভাৱে পাইছিলো।
কেইমাহমানৰ পিছত মহেন্দ্ৰ বাবুৱে তেওঁৰ খোঁটালীটো এৰি দিলে। তাৰ পিছত ভোলানাথ বৰুৱা ডাঙৰীযা ( বি, বৰুৱা) সেই খোঁটালী-নিবাসী হ’ল। হৰেন্দ্ৰনাথ সেন (এইচ, এন্, সেন) নামৰ উকীল এজনো মাহচেৰেকৰ নিমিত্তে আমাৰ লগত আছিলহি। তেওঁ কলিকতা বিশ্ববিদ্যালযৰ “ডবল” এম্, এ, আইনত বি, এল্. আৰু পিছত বোধকৰো বেৰিষ্টাৰ হৈছিল। মানুহজন বিদ্বান; কিন্তু স্বভাৱটো খঙাল আছিল। খঙাল নুবুলি খিট্ খিটীয়া বুলিলেই বোধকৰোঁ ঠিক হ’ব। বিশ্ববিদ্যালয়ৰ মহলাত উঠিবলৈ দিনে-ৰাতিয়ে পঢ়ি থাকি কিতাপৰ পোক হলে, মানুহ যেনে হয়, তেওঁ তেনেকুৱাই হৈছিল। কথাই কথাই তেওঁৰ মূৰ তপত হৈ উঠিছিল আৰু চাকৰে তেওঁৰ মূৰত থপিয়াই দি দি সততে তেওঁক বিচি থাকিবলগীয়াত পৰিছিল। তেওঁ উজনী আসামতো কিছুদিন ওকালতি কৰিছিলগৈ। ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাই তেওঁক ভাল পাইছিল আৰু তেখেতৰ “চুপাৰিচতে” তেওঁক মই আমাৰ লগতে ৰাখিছিলোঁ। কিন্তু তেওঁ নিজৰ খিট্খিটিয়া স্বভাৱৰ নিমিত্তে সৰহ দিন আমাৰ লগত থাকিব নোৱাৰিলে। যাবৰ সময়ত আমাৰ সৈতে থকা আৰু খোৱাৰ খৰচৰ কাৰণে তেওঁৰ সৈতে মোৰ অলপ মনোমালিন্যও হৈছিল। কিছুদিনৰ পিছত শুনিলোঁ তেওঁ একেবাৰেই বিলাতবাসী হবলৈ বিলাতলৈ গুচি গ'ল।
আসামত মাণিকচন্দ্ৰ বৰুৱাৰে সৈতে কৰা তেওঁলোকৰ ডাঙৰ ব্যৱসায়টো বন্ধ হলত, ভোলানাথ বৰুৱা কলিকতালৈ গুচি আহিল। মোৰে সৈতে যদিও, আগেয়ে এই কলিকতাত অসমীয়া ছাতৰৰ মেছত থাকোঁতে, মাজে-সময়ে তেওঁৰ দেখা-শুনা আৰু অলপ-অচৰপ আলাপ-পৰিচয় হৈছিল; কিন্তু এতিয়াহে দুয়ো একেলগে থকাৰ নিমিত্তে, সি দিনে দিনে পৰিপূৰ্ণতা লাভ কৰিলে। ভোলানাথ বৰুৱা মানুহজন কেনে সৰবৰহী আৰু সুচতুৰ পকা ব্যৱসায়ী আছিল, তেওঁক দেখাসকলক সৰহকৈ কৈ দিবৰ আৱশ্যক নাই। মই তেতিয়াও কলেজীয়া জীৱনৰপৰা একেবাৰেই হাত ধুই নোলোৱা কেঁচা ডেকা ছাতৰ। তেওঁৰে সৈতে কথা-বাৰ্তা পাতি মিলি-জুলি মই একেবাৰেই তেওঁৰ [ ১২৬ ] ব্যৱহাৰত মুগ্ধ হৈ গলোঁ। দিনে দিনে তেওঁ মোৰ মনৰ চাৰিওটা ঢাপ ভালকৈ অধিকাৰ কৰিবলৈ ধৰিলে। সাংসাৰিক জীৱন-যাত্ৰা নিৰ্ব্বাহত তেওঁ পকা জুনা নাৰিকলটো যেন, আৰু মই কেঁচা ডাব। মোৰ সম্বল—কলেজত সংগ্ৰহ কৰা “পুস্তকস্থা বিদ্যা”, আকাশত চাং আৰু, অদূৰদৰ্শিতা। তেওঁৰ সম্বল জীৱন-যুদ্ধত যুঁজি- বাগি সংগ্ৰহ কৰা ব্যৱহাৰিক জ্ঞানৰ অভিজ্ঞতা আৰু বহুদৰ্শিতা। এনে বিপৰীত ধৰ্ম্মাৱলম্বী পদাৰ্থৰ ৰাসায়নিক সম্মিলন ঘটে, অৱশ্যে ভাল ৰাসায়নিক পণ্ডিতৰ হাতত। যি হওক, দুইৰো ভিতৰত বন্ধুতা আৰু সৌহাৰ্দ্দ্যৰ ঘনিষ্ঠতা শীঘ্ৰে সংঘটিত হ’ল। “ম’হতকৈও শিং চৰা” বোলা কথা এষাৰ অসমীয়াত আছে। তেতিয়া মোতকৈও মোৰ চাহাবী চৰা আছিল। সেইদেখি বৰুৱা ডাঙৰীয়াই প্ৰথম দিনাৰেপৰা মোক চাহাব চাহাব বুলি মাতিবলৈ ধৰাত মই বৃথা গৰ্বৰ টিঙত উঠি আত্মপ্ৰসাদ লাভ কৰিবলৈ ধৰিলোঁ। “জোনাকী”ত ওলোৱা মোৰ লেখাবোৰ পঢ়ি আগৰেপৰা মোৰ গঢ়-গতি, স্বভাৱ অনেকখিনি তেওঁ জানি থৈছিল। এতিয়া মোৰ সৈতে একেলগে থাকি বাকীখিনি তীক্ষবুদ্ধি-সম্পন্ন তেওঁৰ বুজিবলৈ পলম নালাগিল। খুহুটীয়া গল্প, ৰঙিয়াল কথা আৰু ঘাইকৈ লোকৰ মন আকৰ্ষণ কৰিব পৰা কথা আৰু ব্যৱহাৰেৰে তেওঁ মোক বশ কৰি পেলালে; মোৰ হৈ যোৱা বিয়া বিষয়তো তেওঁৰ উদাৰ মন্তব্য আদিয়ে মোৰ মনৰ প্ৰসন্নতা বৰকৈ বঢ়ালে; কাৰণ, সেই কাৰ্য্যৰ তীব্ৰ মন্তব্যহে অহুকাণে পহুকাণে মই শুনিবলৈ পাইছিলোঁ।
আমি একেলগে থকাৰ পোন্ধৰ দিনমানৰ পিছতে তেওঁ নৰিয়া পৰিল। সেই নৰিয়া দীঘলীয়াকৈ দুমাহমান আছিল। তেওঁ একপ্ৰকাৰ শষ্যাগত। সেই সময়ত মই বি, এল্, পৰীক্ষা দিবলৈ সাজু হৈছিলোঁ। পৰীক্ষালৈ অলপ দিনহে বাকী আছিল। পৰীক্ষাৰ কিতাপ পঢ়া কাৰ্য্য একতীয়াকৈ থৈ মই একাণপতীয়া হৈ তেওঁৰ পতি কৰিবলৈ লাগিলোঁ। সেইটোৱেই তেনে অৱস্থাত মোৰ কৰ্তব্য বুলি মোৰ ডাঠ বিশ্বাস হৈছিল। তেৱোঁ দিনে-ৰাতিয়ে প্ৰায় সকলো সময়তে মোক তেওঁৰ নৰিয়া-পাটীৰ কাষত বিচাৰিছিল। বিশ্ববিদ্যালয়ৰ পৰীক্ষা “পাছ” কৰা কাৰ্য্যত মই যে বৰ কাঠিয়ক ছাতৰ নাছিলোঁ, সেইটো মোৰ সম-সাময়িক শালচকুৱা সকলোৱেই দেখিছিল, মই নিজেও জানিছিলোঁ আৰু সেই জ্ঞান মোৰো কোনোকালে লুপ্ত হোৱা নাই। পৰীক্ষাত কোনোমতে কাণে কাণ মাৰিহে সাৰি যোৱা ছাতৰ মই। গতিকে এনে মৰামৰি কালতে এনে ব্যাপাৰ মোৰ পক্ষে সাংঘাতিক হৈ উঠিল। ফলত যি হবলগীয়া পেয়ে হ’ল। অৰ্থাৎ মই বি, এল, পৰীক্ষাত “স-সন্মানে ফেল মাৰিলোঁ।” বি, এল্, পৰীক্ষাত ঘটা বিৱৰণ আজি নিদি পিছৰ আধ্যালৈ থলোঁ। কিন্তু এম, এ, পৰীক্ষাৰ কথাটো আজিৰ আধ্যাতে কৈ থওঁ; কাৰণ দুইটা পৰীক্ষা সম্বন্ধত শালপতিয়েক বুলিব পাৰি। বি, এলৰ পিছত এম, এ, দিবলৈকো পৰীক্ষাৰ ঘৰত মই বহিছিলোঁ; আৰু কেয়োদিন ককাঁলত কমৰ বান্ধি দিছিলোঁও। কিন্তু “একে গছৰ পাণ, সি কিয় হব আন”—তাতে সসম্মানে ফেল। ইংৰাজী সাহিত্যত এম এ দিছিলোঁ। মোৰ অধ্যাপক আছিল, ইংৰাজী সাহিত্যত বিদ্যাৰ-জাহাজ চাৰ্লচ টনি [ ১২৭ ] চাহাব। পঢ়িছিলো ভালকৈ। তথাপিও তাত “ফেল”ৰ মাৰ খালো কিয়? কওঁ শুনা। তাত “এংলো-ছেক্সন” অসভ্য (অৱশ্যে “সভ্য” মোৰ পক্ষেহে) পদাৰ্থ (subject) এটা আছিল। তাৰে সৈতে মোৰ একোতে ৰাহি নাহিছিল। সেইদেখি মই তাক অগ্ৰাহ্য কৰি একপ্ৰকাৰ এৰি দিছিলো। ফলত সিয়েই মাৰিলে, মোৰ মুৰত মাৰ-ঘাত টাঙোন। মই টাঙোন খাই, টনি চাহাবৰ কাষত মোৰ দুখ নিবেদন কৰিছিলো। তেওঁ মোৰ দুখত দুখ প্ৰকাশ কৰিলে; আৰু তাতে তাৰ ওৰ পৰিল। যি বস্তুটোক মানুহে তুচ্ছ বুলি অগ্ৰাহ্য কৰে, সিয়েই বৰ হৈ তাক এসেকা দিয়ে। কংসই কৃষ্ণক গৰখীয়া ল’ৰা বলি তুচ্ছ তাচ্ছিল্য কৰি কৃষ্ণৰ হাততে প্ৰাণ এৰিলে। ৰাৱণে নৰ আৰু বান্দৰক অগ্ৰাহ্য কৰি, নৰ আৰু বান্দৰৰ হাততে সোণৰ লঙ্কাপুৰী, নিজৰ কুৰিটা চকুৰে আৰু কুৰিটা হাতেৰে সৈতে দহোটা মূৰ হেৰুৱালে। এয়েই “মৰেল্”, অৰ্থাৎ পিণ্ডিতাৰ্থ। [ ১২৮ ]॥ চতুৰ্থ আধ্যা ॥
(এই আধ্যা আৰম্ভ কৰাৰ আগতে আৰু এটা শুধৰণী ব্যাপাৰ সমুৰ্পস্থিত। এইবাৰ আমাৰ গৃহিণীৰ ফালৰপৰা। তেওঁ ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয় আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বহি মই লিখিবলৈ কাপ ধৰিছোঁ মাথোন, এনেতে তেওঁ মোৰ পিঠিৰফালে থিয় দি, “মেঘৰ গভীৰ ধ্বনি দিলে সমিধান”—“তোমাক কোনে ক’লে আমাৰ ‘পুণ্য’ কাকতখন মাথোন এবছৰ চলিছিল বুলি? ‘পুণ্য’ তিনি বছৰ ভালকৈ চলাৰ পিছতহে বন্ধ হৈছিল।” কথাষাৰ শুনি প্ৰথমতে মই উচাপ খাই উঠিছিলোঁ। তাৰ পিছত ভালকৈ ভাবি দেখিলোঁ হয়, তেওঁৰ কথাই ঠিক। মই মোৰ ভুল স্বীকাৰ কৰি সেইটো শুধৰাই দিবলৈ তেওঁক প্ৰতিশ্ৰুতি দিলোঁ। তাৰ পিছত, তেওঁৰপৰা প্ৰশ্ন আহিল, “তোমাৰ জীৱন-সোঁৱৰণত আমাৰ ভিতৰৰ ঘৰুৱা কথাবোৰ লেখিছা কিয়? যেনে—সপ্তপদী গমনৰ পিছত?”
মই সুধিলো, “সেই হাস্যৰসফেৰিৰ কথা কৈছানে? তুমি মোৰ তেনে দায় মাজে-সময়ে মৰিষণ কৰিব লাগিব। লেখিবৰ সময়ত মই ঘৰুৱা আৰু পৰুৱা কথা বাছি সুকীয়াকৈ উলিয়াব নোৱাৰোঁ, এয়ে মোৰ দোষ। সেইদেখি এনে বিভ্ৰাট ঘটিছে; আৰু আগলৈকো যে নঘটিব, সেইটো গা দাঙি মই ক’বও নোৱাৰোঁ। সেইবাবে বতৰৰ কথাষাৰ বতৰতে কৈ থলো। তোমালোকে মোৰ ভুল শুধৰাই দিলেই, আলহীও ৰব, চাউলো সিজিব আৰু গহস্থৰ অধৰমো নহব; এই কথা।)।
মই বি-এল, পৰীক্ষাত “সসম্মানে ফেল” হোৱা কাৰণটো কওঁ “আমি পৰীক্ষা দিয়াৰ পিছত “ছিণ্ডিকেটে মিটিং” কৰি বি-এল, পৰীক্ষাৰ “পাছ” মাৰ্কৰ থোপটো আৰু ওখ কৰি দিলে। আমি পৰীক্ষাত পোৱা নম্বৰে সেই থোপটো ঢুকি নোপোৱা হ’ল। অৱশ্যে পুৰণি নিয়মমতে আমি যি মাৰ্ক পাইছিলো সি আগৰ থোপটোত উঠিছিলগৈ আৰু সেই দেখি পৰীক্ষাত উঠিছিলোও। মোক লৈ প্ৰায় ৩০ জন ছাতৰ সেইদেখি ন নিয়মমতে “ফেলৰ” গাঁতত পৰিছিল। এই ৩০ জনৰ ভিতৰত কেইবাজনো ভাল ছাতৰ আছিল আৰু তেওঁলোক কলিকতাৰ অতি সাম্ভ্ৰান্ত ধনী মানুহৰ ঘৰৰ সন্তান। কলিকতা বিশ্ববিদ্যালয়ৰ ছিণ্ডিকেটৰ এনে মইমতালি দেখি আমি জঁকি উঠিলোঁহক। দিনৌ ভবানীপুৰত সেই ছাতৰ কেইজনৰ দেউতাক সকলৰ ঘৰত বৰ-চৰাত আমাৰ মেল বহিবলৈ ধৰিলে। ‘ছিনেট’ৰ সভ্য স্যৰ ৰমেশচন্দ্ৰ মিত্ৰ, ডবলিউ,চি বানুৰ্জ্জী, মনোমোহন ঘোষ বেৰিষ্টাৰ প্ৰভৃতিয়ে আমাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি আমাক সহায় কৰিছিল। আমাৰ বিপক্ষে ছিণ্ডিকেটৰ মেম্বৰ স্যৰ ৰাসবিহাৰী ঘোষ, কালীচৰণ বানুৰ্জ্জী, আশুতোষ মুখুৰ্জ্জী (পিছত স্যৰ) প্ৰভৃতি। আমি কলিকতা হাইকোৰ্টত কলিকতা য়ুনিভাৰ্ছিটিৰ ওপৰত মোকাৰ্দ্দমা কৰিবলৈ থিৰ কৰিলো, যাতে য়ুনিভাৰছিটিয়ে আমাক ‘পাচ কৰা’ ছাতৰৰ তালিকাৰ ভিতৰত সুমাই [ ১২৯ ] লবলৈ বাধ্য হয়। কঁকালত টঙালি বান্ধি আমি দুগুণ উৎসাহেৰে এই যুদ্ধত লাগি গলোহঁক। স্যৰ ৰমেশচন্দ্ৰ মিত্ৰৰ পুতেক বিনোদচন্দ্ৰ মিত্ৰ (পিছত স্যৰ আৰু এডভোকেট জেনেৰেল) আমাৰ কৰ্ণধাৰ হ’ল। বিনোদ মিত্ৰ যদিও আমি ফেল মৰা দলৰ ভিতৰৰ নহয়, কাৰণ তেওঁ আগৰ বছৰতে বি-এল পৰীক্ষাত উঠি তেতিয়া হাইকোৰ্টত ওকালতি কৰিছিল, তথাপি তেওঁ আৰু তেওঁৰ ভায়েক প্ৰভাস মিত্ৰ (পিছত স্যৰ) আমাৰ সহায়ক হৈ উঠিল। ভৱানীপুৰতে এজনৰ ঘৰত এটা ডাঙৰ ভোজৰ আয়োজন হ’ল। তালৈ আমাৰ ফলীয়া অনেক ডাঙৰ ডাঙৰ লোকক নিয়ন্ত্ৰণ কৰা হৈছিল—ভোজ বৰ সমাৰোহেৰে সম্পাদিত হ’ল, আৰু আমি ভোজ-ভাত খাই গাত বল বান্ধি ললোহক।
আৰ্জ্জিপত্ৰ (Plaint) প্ৰস্তুত হ’ল। আমাৰ ফালৰপৰা বেৰিষ্টাৰ এল্ পি পিউ, এ-চৌধুৰী, এছ-পি সিংহক নিযুক্ত কৰিবলৈ থিৰ হ’ল। শেহান্তৰত এটা বিষম সমস্যা উপস্থিত। আৰ্জ্জিপত্ৰত চহী কৰিবলৈ আমাৰ ভিতৰৰপৰা এঘাৰজন ছাতৰক ঠিক কৰা হ’ল। কিন্তু চহী কৰিবৰ সময়ত অ’ হৰি! কোনেও চহী কৰিব নোখোজে। এজন এজনকৈ আটাইকেইজনে পুলুকা মাৰিলে। কোনোৱে কয়, “বাবা মানা কৰেছেন,” কোনোৱে কয়, “মামা বলেছেন নৰেন খবৰ্দ্দাৰ। তুমি সহ্য কৰবে না” ইত্যাদি। ইমান দুখকৈ তৰি অনা তাঁতখন সেইখিনিতে সামৰিবলগীয়া হ’ল। মই আগবাঢ়ি ওলাই ক’লো, “আনে চহী দিয়ক বা নিদিয়ক, মই দিম।” চাৰিওফালৰপৰা মোৰ ওপৰত সাধুবাদৰ বৰষুণ পৰিবলৈ ধৰিলে। মোৰ অকলশৰীয়া চহীৰ ওপৰতে মোকৰ্দমাটো থিয় হৈ পৰিল। মোৰ চহীৰে সেই “প্লেইন্ট”খন দেখি বেৰিষ্টাৰ এ-চৌধুৰীয়ে কৈছিল, “দেখছি, একলা আমাদেৰ লক্ষ্মীনাথেৰই সহি।” তেওঁৰ ওচৰলৈ সেইখন লৈ যোৱা ছাতৰসকলে তাৰ উত্তৰত কি কৈছিল মই নাজানো। সেই বিষয়ে চৌধুৰীয়ে পিছত মোক এটা কথাও কোৱা নাছিল। তেওঁৰ দেশৰ বঙ্গালী ভাইসকলৰ তেনে ব্যৱহাৰ দেখি তেওঁ লজ্জিত আৰু দুঃখিত যে হৈছিল তাত সংশয় নাই। বিনোদ মিত্ৰই (স্যৰ বিন্দোদে) তেওঁৰ স্বদেশী ভ্ৰাতাসকলৰ এনে ব্যৱহাৰৰ কথা অনেক দিনলৈকে কিন্তু কৈ আছিল। আনকি, কিছুদিনৰ পিছত তেওঁ বিলাতলৈ গৈ বেৰিষ্টাৰ হৈ অহাৰ পিছতো, এদিন তেওঁ মোক ইণ্ডিয়া ক্লাবত দেখা পাই, আগবাঢ়ি আহি মোক কৰমৰ্দ্দন কৰি সেই কথা কৈ দুখ কৰিছিল।
আমাৰ মোকৰ্দ্দমাটো হাইকোৰ্টত জষ্টিছ ছেলৰ (Sale) আদালতত উঠিছিল। আমাৰ ফালৰ বেৰিষ্টাৰ আছিল—বেৰিষ্টাৰ পিউ চৌধুৰী আৰু সিংহ। সিফালত আছিল ষ্টেডিং কাউঞ্চিল ফিলিপ্স প্ৰভৃতি। ছিণ্ডিকেটৰ মেম্বৰ হিচাপে আমাৰ প্ৰতিবাদী ডাক্তৰ ৰাসবিহাৰী ঘোষ, কালীচৰণ বানুৰ্জ্জী, আশুতোেষ মুখুৰ্জ্জী প্ৰভৃতি। হাইকোৰ্টে কলিকতা য়ুনিভাছিটিৰ ওপৰত আমাৰ পক্ষে “ৰিট অব মেন্ডেমাছ”, (writ of Mandamus) “ইছু” কৰিলে, আমি আনন্দত নাচিবলৈ ধৰিলো। গোটেই কলিকতাত এটা “ছেন্ ছেছন” (sensation) অৰ্থাৎ উদ্বেগ লাগি পৰিল। তাৰ পিছত আমাৰ বিপক্ষ ক্ষমতাশালীসকলৰ ভিতৰত নানা চেষ্টা-চৰিত্ৰ চলিবলৈ [ ১৩০ ] ধৰিলে, যাতে য়ুনিভাৰ্ছিটিয়ে মোকৰ্দ্দমাত হাৰি প্ৰেস্টিজ (Prestige) অৰ্থাৎ মান নেহেৰুৱায়; ফলত জজ ছেলে আমাৰ বিপক্ষে ৰায় দিলে আৰু, আমি হাৰিলোঁ। মঠতে য়ুনিভাৰ্ছিটিৰ “প্ৰেষ্টিজৰ” আগত আমাক বলি দিয়া হ'ল। মোৰ ওপৰত মোকৰ্দ্দমাৰ খৰচো ডিগিৰি দিলে। যি হওক, আমাৰ এই আন্দোলনৰ ফলত, তিনি মাহৰ মূৰত য়ুনিভাৰ্ছিটিয়ে আকৌ এটা পুৰক বা পৰিশিষ্ট বি-এল পৰীক্ষা (Supplementary Examination) পাতিলে। সেই পৰীক্ষাত আনবোৰ ছাতৰেৰে সৈতে ময়ো পৰীক্ষা দিবলৈ বহিছিলো। কিন্তু প্ৰথমদিনাৰ পৰীক্ষাৰ প্ৰশ্নৰ কাকতৰ উত্তৰ দি আৰু, নগলোঁ। কাৰণ পৰীক্ষাৰ ঘৰত য়ুনিভাছিটিৰ কাৰ্য্যকাৰকবোৰে মোৰ ওপৰত এনেকৈ “নজৰ” দিবলৈ ধৰিলে, যেন মই এটা ‘দাগী চোৰ” হে তাত ওলাইছোঁগৈ। প্ৰশ্নৰ উত্তৰৰ কাকতবোৰ এজন কাৰ্যকাৰকৰ হাতত দি উঠিবলৈ গৈছোঁ, এনেতে অফিচৰে মোৰপৰা মোকৰ্দ্দমাত ডিগিৰি হোৱা খৰচৰ টকা দাবী (demand) কৰিলেহি। মোৰ টিকচি-বিকচি খং উঠি সেইজনক “চলা জাও” বুলি ডাবি দি গুচি আহিলোঁ। ভাবিলোঁ, ইহ'তে মোক আৰু পৰীক্ষাত কেতিয়াও “পাছ” নকৰে। তাকে ভাবি, কলিকতা য়ুনিভাৰ্ছিটিৰ চৰণত নমস্কাৰ কৰি মেলানি মাগি আৰু পৰীক্ষা দিবলৈ নগলো। মোৰ লগৰীয়াৰ ভিতৰৰ অনেক ছাতৰ সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল।
আমাৰ সেই পুৰণি ফকৰাটো মনত পৰিল,-
খাই কাৰ্শলা ডালত উঠিল।
কাঠি চেলেকাৰ মৰণ মিলিল॥
কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্ৰভাৱ বৰকৈ পৰিছিল। সেই পৰিবাৰৰ শিৰৰ মুকুট আৰু আসামত সৰ্ব্বজনবিদিত বুৰঞ্জীবিজ্ঞ পুৰুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা আছিল। তেওঁ দীৰ্ঘকাল আসামত, সৰহকৈ নগাঁৱত, একষ্ট্ৰা এছিষ্টেন্ট কমিছনাৰৰ কাম কৰি ১৮৯০ খ্ৰীষ্টাব্দত অৱসৰ লৈ কলিকতাত থাকিবলৈ আহে। কি সদানন্দময় পুৰুষ আছিল সেইজন। অৱসৰৰ দিনাৰেপৰা ঈশ্বৰৰ ইচ্ছাত তেওঁৰ কপালত এটাৰ পিছত এটাকৈ লেথাৰি নিছিগাকৈ যেন পাৰিবাৰিক দুৰ্ঘটনা ঘটিছিল, মনত পৰিলে আমঠু কলা পৰি আহে। আমি দেখি আচৰিত মানিছিলোঁ, তেওঁ এনে মহা-বিপদবোৰ প্ৰশান্ত মনেৰে সহি গৈছিল। এদিনলৈকে তেওঁৰ আনন্দময় মুখত আমি বিষাদৰ ছাঁ স্পষ্টকৈ পৰা দেখিবলৈ নাপাইছিলো। গীতাত স্থিতপ্ৰজ্ঞ মানুহৰ যি সংজ্ঞা দিছে অনেকখিনি তেওঁৰ গাতে আমি তেনে লক্ষণ দেখিবলৈ পাইছিলো; যেনে-
দুঃখেষ্বনুদ্বিগ্নমনাঃ সুখেষু বিগতস্পৃহাঃ।
বীতৰাগ-ভয়-ক্ৰোধঃ স্থিতধীৰ্মু, নিৰুচ্যতে॥
বাস্তৱিকতে, মোৰ জীৱনত এনে আনন্দময় অথচ স্থিতধী পুৰুষ মই আগেয়ে দৈৱাত্হে দেখিবলৈ পাইছিলো। ১৮৯০ খ্ৰীষ্টাব্দৰ ৩১ মাৰ্চত তেওঁ চৰকাৰী কামৰপৰা অৱসৰ গ্ৰহণ কৰে। সেইদিনাই কলিকতাত তেওঁৰ একমাত্ৰ জোঁৱায়েক ডাক্তৰ নন্দকুমাৰ ৰায়ৰ মত্যু হয়। পহিলা এপ্ৰিলৰ দিনা এই শোকৰ বাতৰি আসামত তেওঁলোকৰ কাণত পৰে। তেওঁৰ অতি মৰমৰ একেজনী জীয়েক স্বৰ্ণলতা অকালতে বিধৱা হ'ল। ইয়াৰ পিছত বৰুৱা ডাঙৰীয়া সপৰিবাৰে কলিকতালৈ আহি সুখেৰে জীৱনযাপন কৰিবলৈ আশা কৰি ভাল ঘৰ এটা কেৰেয়া কৰি লৈ থাকিবলৈ ধৰিলে আৰু ল'ৰাকেইটিক স্কুলত পঢ়িবলৈ দিলে। প্ৰথমতে মই ডাঙৰীয়াৰ সহধৰ্মিণীক ল'ৰা-ছোৱালীকেইটিৰে সৈতে কলিকতাৰ মানিকতলা ষ্টীটৰ ঘৰ এটাত দেখোঁ। সেইজনা সাদৰী মিষ্টভাষিণী মহিলাৰ স্মৃতি-পট মোৰ অন্তৰত আজিও মচ নোখোৱাকৈ আছে। আমাৰ বংশৰে সৈতে তেওঁৰ সম্পৰ্ক আছিল; আৰু, সম্বন্ধত মই তেওঁৰ মোমায়েক হওঁ দেখি মোক মোমাইদেও বুলি মিঠা সম্বোধন কৰিছিল। মাণিকতলা ষ্ট্ৰীটৰ ঘৰৰপৰা উঠি আহি তেওঁলোক ২৬ নম্বৰ স্কট্চ্ লেনত থাকেহি। তাতে ১৮৯২ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ২৬ তাৰিখ শনিবাৰৰ দিনা এই মহীয়সী মহিলাৰ মত্যু ঘটে। মৃত্যুৰ অলপ পাছতে মই তাত উপস্থিত হৈ সেই শোকাবহ দৃশ্য দেখিবলৈ পালোঁ। মোৰ চকুৰপৰা সৰ সৰ কৰে লো ওলাবলৈ ধৰিলে। দেখিলোঁ মৃত্যুশয্যাত পৰি থকা মাকৰ শৱটোৰ ভৰিৰ ওপৰত মুৰটো দি পৰি স্বৰ্ণলতাই বিনাই কান্দিব লাগিছে আৰু ল'ৰাকেইটিয়ে ফেকুৰিব লাগিছে। ডাঙৰীয়া গুণাভিৰাম বৰুৱা নিস্পন্দ নিৰ্বাক। [ ১৩২ ] পুতেক কমলা আৰু জ্ঞান তেতিয়া সৰু ল'ৰা। স্কুলৰপৰা আহি সিহঁতে দেখিলে যে সিহঁতৰ মাতৃদেৱী আৰু ইহসংসাৰত নাই। ডাঙৰীয়াৰ অন্তৰ যদিও শােক শেলত থকা-সৰকা হৈছিল, তথাপি তেওঁ অচল অটল। ধৈর্য্য তেওঁৰ অসীম। ব্রাহ্ম সমাজৰ আচাৰ্য্য পণ্ডিত শিবনাথ শাস্ত্রী প্রভৃতি ব্রাহ্মসকলে মৃতকৰ শৱ বেঢ়ি বহি আছে। এজনে ব্রাহ্মসঙ্গীত গাইছে-
ঐ যে দেখা যায় আনন্দধাম,
ভবজলধিৰ পাৰে।
ব্রাহ্মসকলে পৰামৰ্শ কৰি এখন গৰুৰ গাড়ীৰ ওপৰত শৱটো তুলি নিমতলা ঘাটত পুৰিবলৈ লৈ গ'ল। ডাঙৰীয়াই “নিবাত নিষ্কম্প তৰু”ৰ দৰে চাই আছিল মাথােন, সেই বন্দবস্তত একো হস্তক্ষেপ নকৰিছিল। মই বেজাৰ মনেৰে স্থানলৈ উভতি আহিলোঁ। ডাঙৰীয়াই গৃহিণীক নৰিয়াত কলিকতাৰ ডাঙৰ ডাঙৰ ডাক্তৰ আৰু, গঙ্গাপ্রসাদ আৰু দ্বাৰকা নাথ কবিৰাজ প্রভৃতিৰ দ্বাৰাই চিকিৎসা কৰােৱাইছিল; জল-বায়ু; পৰিবৰ্তনৰ নিমিত্তে গিৰিধি প্রভৃতি ঠাইত ফুৰাই আনিছিল। কিন্তু কালৰ হাতৰ-পৰা তেওঁক তেওঁ ৰক্ষা কৰিব নােৱাৰিলে। আজিকালি য'ত বঙ্গবাসী কলেজ হৈছে সেই ২৬ নম্বৰ স্কট্চ্ লেনৰ ঘৰতে ডাঙৰীয়ানীয়ে ইহসংসাৰ পৰিত্যাগ কৰি ডাঙৰীয়াক সেই বুঢ়া বয়সত অকলশৰীয়া কৰি আৰু ল'ৰা-ছােৱালীকেইটিক নিঠৰুৱা কৰি গুচি গ'ল। আমি তেতিয়া ৩ নম্বৰ ওল্ড বৈঠকখানাত আছিলাে। সেই বিপদৰ কেইদিন সৰু ল'ৰা কমলা আৰু জ্ঞানে গধুলি আমাৰ তাত খাইছিলগৈ।
ইয়াৰ কিছুদিন পিছত আমি ৩ নম্বৰ ওল্ড বৈঠকখানাৰ ঘৰ এৰি দিলত ডাঙৰীয়া
গুণাভিৰাম বৰুৱাই সেই ঘৰটো লৈ তাতে থাকেগৈ। মাহচেৰেক তাতে তেওঁলােক সুখেৰে আছিল, আকৌ বিপদে তেওঁলােকৰ লগ ললেগৈ। ডাঙৰীয়াৰ বৰ লৰাটি কৰুণা তাতে জৰত পৰিল। আকৌ ডাঙৰ ডাঙৰ ডাক্তৰ আৰু কবিৰাজৰ সমাৰােহ ঘটিল। ডাক্তৰ দেবেন্দ্রনাথ ৰায়, জহুৰুদ্দিন, মেকডনেন্ড ইত্যাদি। মেকডনেল্ডে কৰণাক সমুদ্রত ফৰাই আনিবলৈ পৰামৰ্শ দিলত, ডাঙৰীয়াই শ্ৰীযুত আনন্দচন্দ্র আগৰৱালাক (তেতিয়া কলেজৰ ছাত্ৰ পিছত ৰায়বাহাদুৰ) লগত দি কৰুণাক
জাহাজেৰে বৰ্ম্মা লৈ পঠিয়াই দিলে। জাহাজত অহা-যােৱা কেৰেয়া আদি ২৫০ টকা দি দুইকো পঠিওৱা হ’ল। যিদিনা কৰুণাক জাহাজত তুলি দি তেওঁ বৰ্ম্মালৈ পঠিয়ালে সেইদিনা ডাঙৰীয়াৰ অপাৰ আনন্দ। আচৰিত কথা, যি কেইদিন কৰুণা জাহাজত আছিল, কৰুণাৰ জ্বৰ হােৱা নাছিল। যাওঁতে চাৰিদিন, আহোঁতে চাৰিদিন। ৰেঙ্গুনত থাকোঁতে কৰুণাৰ গা ভালে আছিল। কিন্তু উভতি কলিকতা পালত আকৌ সেই আপদীয়া জ্বৰে কৰুণাক ধৰিলে। তাৰ পিছত কৰুণাক লগত লৈ
ডাঙৰীয়া পুৰুলিয়ালৈ গ'ল। সেই কালত পুৰুলিয়া বেঙ্গল-নাগপুৰ ৰেল কোম্পানীৰ এটা উঠি অহা ষ্টেচন আৰু স্বাস্থ্যকৰ ঠাই। তাতো একো উপকাৰ নােহােৱা দেখি, তেওঁ কৰণাক মধুপুৰলৈ লৈ গ'ল। ৩ নম্বৰ ওল্ড বৈঠকখানাৰ ঘৰতে তেওঁৰ বাকী ল’ৰা দুটি আৰু জীয়েক আছিল। পিছত কমলা আৰু জ্ঞানকো মধুপৰলৈ লৈ যােৱা হ'ল। কিছুদিনৰ পিছত কমলা আৰু জ্ঞান উভতি আহি, আমাৰ লগতে [ ১৩৩ ] শোভাৰাম বসাক লেনৰ ঘৰত থাকেহি! মধুপৰতে ১৮৯৩ খ্ৰীষ্টাব্দৰ ১২ জুলাইত কৰুণাৰ মৃত্যু হয়। কৰুণাৰ মত্যুৰ পিছত ডাঙৰীযা আমাৰ লগত শোভাৰাম বসাকৰ লেনত দুদিনমান থাকেহি। শ্ৰীযুত নবীনৰাম ফুকনো তেতিয়া তাতে আছিলহি। কৰুণাক যমৰ বুকুত দি ডাঙৰীয়া যেতিয়া আমাৰ কাষত ওলালহি, তেতিয়া আমি ভাবিছিলো এনে পুত্ৰ-শোক পাই অহা তেখেতৰ মুখলৈ আমি পোনে পোনে চাবই নোৱাৰিম। কিন্তু আমি দেখি অবাক হলোহক, তেখেতৰ মুখত বিষাদৰ কালিমাৰ সঁচকে নাই। সেই চিৰস্থায়ী সদানন্দ মুখ আগত বৰ্ত্তমান। তেতিয়াও তেখেতৰ মুখত কথাই কথাই হাঁহি আৰু খুহুটীয়া কথা অনৰ্গল চলিছে। কি আচৰিত সংযম! আজিও মোৰ মনত আছে, এদিন শ্ৰীযুত নবীন ফুকনৰ মুখখন তেওঁ গোমঠা দেখি ফুকনক গাড়ী এখনত তুলি লগত লৈ গৈ গ্ৰেট ইষ্টাৰ্ণ হোটেলৰপৰা পাঁচ টকা দি চাৰে পাঁচ টকা বেচৰ গোটাচেৰেক কামিজ কিনি দি তেওঁৰ মুখলৈ প্ৰসন্নতা আনিছিল আৰু, আগেয়েও হেনো কেইবাবাৰো ডাঙৰীযাই তেনে উপায়কে অৱলম্বন কৰিছিল। ডাঙৰীয়াৰ স্বভাৱ যে কাৰো মুখত তেওঁ বেজাৰৰ ভাব দেখিব নোৱাৰিছিল।
১৮৯৪ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ২৫ তাৰিখে, শনি কি ৰবিবাৰে, ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ ৮ নম্বৰ কলেজ স্কোয়াৰৰ ঘৰত মৃত্যু হয়। তেওঁ প্ৰায় ২১ দিন জ্বৰত ভুগিছিল। চিকিৎসাৰ কোনো অপ্ৰতুল নহৈছিল। ডাঙৰ মেকডনেল্ডেও চিকিৎসা কৰিছিল। কলিকতাবাসী কোনো কোনো অসমীয়া ছাতৰে তেওঁৰ নৰিয়াত পৰ দিছিল। ময়ো এৰাতি-দুৰাতি সেই কাৰ্য্য কৰিছিলো। অখণ্ডনীয় বিধিৰ লিখন, তেওঁ আৰু আৰোগ্য নহ’ল। কলিকতাবাসী অসমীয়া ছাতৰসকলে তেওঁৰ শৱ কান্ধত লৈ নিমতলা ঘাটত দাহ কৰি আহিলগৈ। অৱশ্যে সমবেত ব্ৰাহ্মসকলে আগৰ দৰে, অৰ্থাৎ তেওঁৰ গহিণীৰ শৱটো গাড়ীত তুলি নিয়াৰ দৰে নিবৰ যে প্ৰস্তাৱ নকৰিছিল এনে নহয়; কিন্তু এইবাৰ তেনে প্ৰস্তাৱ অসমীয়া সকলৰ দ্বাৰাই অগ্ৰাহ্য হ’ল। চৰকাৰী কামৰপৰা অৱসৰ লৈ এইজন পুৰুষ যদি অন্ততঃ আৰু দহ বছৰমান জীয়াই থাকিলহেঁতেন, তেওঁৰ দ্বাৰাই অসমৰ অনেক হিতকাৰ্য্য সাধিত হ’লহেঁতেন— ঘাইকৈ সাহিত্য ক্ষেত্ৰত। “জোনাকী” আৰু “বিজুলী”ত তেওঁ নিয়মমতে প্ৰবন্ধ লিখিছিল। “জোনাকী”ত ওলোৱা “আগৰ দিন এতিয়াৰ দিন” প্ৰবন্ধ যদি আৰু কিছুদিন তেওঁ লেখি যাব পাৰিলেহেঁতেন, তেন্তে বুৰঞ্জী সম্পৰ্কীয় অনেক নতুন কথা তেওঁ আমাক দি যাব পাৰিলেহেঁতেন। তেওঁ চৰকাৰৰ ঘৰৰ কামৰপৰা অৱসৰ লোৱা কালৰ সুবিধা অসমীয়াই হেঁপাহ পলুৱাই লবলৈ নাপালে; তেওঁ অৱসৰৰ শান্তি- সুখ ভোগ কৰিবলৈ নাপালে; নিষ্ঠুৰ কাল তাৰ বাদী হ’ল। আসামৰ কপালেই এনে দুৰ্ভগীয়া। সেই কালৰ ভিতৰতে, বিলাতৰপৰা কলিকতালৈ অহা Opium Commission অৰ্থাৎ কানি-প্ৰচলন-ৰহিতৰ বিষয়ে তদন্ত কৰিবলৈ অহা কমিটিৰ হাতত তেওঁ কানি বৰবিহৰ বিপক্ষে এখন অভিমত লেখি দিছিল। অভিমতখন লেখি এই লেখকক তেওঁ এবাৰ পঢ়িবলৈকো দিছিল। তেওঁ লেখা “কঠিন শব্দৰ ৰহস্য ব্যাখ্যা” পঢ়ি অসমীয়া কোন আছে যে আনন্দ উপভোগ নকৰাকৈ থাকিব পাৰে? তেওঁৰ আনন্দময় মনৰ সি এটা সৰু উঁহ মাথোন। তেওঁৰ উদাৰ অন্তঃকৰণে সৰু-বৰ
২য়-৩
ৰায়বাহাদুৰ ডাঙৰীয়াৰ মৃত্যুৰ পিছত ৰজনীনাথ ৰায়ে (Mr. R. N. Ray) কমলা আৰু জ্ঞানক স্বৰ্ণেৰে সৈতে তেওঁৰ “ৰিট্ৰিট” (The Retreat) বোলা ঘৰলৈ লৈ যায়। ৰজনীনাথ ৰায় ৰায়বাহাদুৰ ডাঙৰীয়াৰ জোঁৱায়েক ডাক্তৰ নন্দকুমাৰ ৰায়ৰ ককায়েক। তেওঁ গৱৰ্ণমেণ্টৰ এজন ডাঙৰ বিষয়া আছিল। এইডোখৰ কালতে এটা গলাগোপা (rumour) ওলাই আমাৰ মনত বৰকৈ কষ্ট দিছিল—বিশেষকৈ ডাঙৰীয়াৰ বিধৱা জীয়েক স্বৰ্ণক আৰু তেওঁৰ সৰু ভায়েক দুটিক। সেই গলাগোপাত ওলোৱা কথাটো প্ৰকৃততে সঁচা নে মিছা মই ভালকৈ ক’ব নোৱাৰোঁ; কিন্তু ৰায়বাহাদুৰ পৰিয়ালৰ হিতাকাক্ষী বঙ্গালীসকলেও শুনিবলৈ পাইছিল। গলাগোপাটো হৈছে— ৰায়বাহাদুৰৰ বংশৰে গণ্যমান্য মানুহ এজনে হেনো আদালতত গোচৰ এটা কৰি চেষ্টা কৰি চাবলৈ গৈছিল, যাতে ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সৈতে তেওঁৰ গৃহণীৰ বিবাহটো আইনমতে অসিদ্ধ প্ৰমাণিত হয়। তেনেহলে ডাঙৰীয়াৰ টকা-কড়ি বিষয় সম্পত্তিৰ উত্তৰাধিকাৰী কমলা আৰু জ্ঞান নহৈ তেওঁলোক হব পাৰে। ডাঙৰীয়াই কোনো উইল কৰি যোৱা নাছিল। বোধকৰোঁ তেওঁ সমাজিকতো ভবা নাছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিষয়-সম্পত্তি লৈ এনেকুৱা কোনো কথা উঠিব পাৰে। বাবু দুৰ্গামোহন দাস ডাঙৰীয়াৰ পৰিয়ালৰ এজন বিশিষ্ট বন্ধু আছিল। তেওঁ হাইকোৰ্টৰ এজন ডাঙৰ উকীল আছিল।
এদিন তেওঁ ৰজনী ৰায়ৰ ঘৰলৈ গৈ স্বৰ্ণলতাক ক’লে, “স্বৰ্ণ, তোমাদেৰ কোনও ভয় নেই। তোমাৰ ভাইদেও ভয় নেই। আমি তোমাদেৰ ইষ্টেটৰ এডমিনিস্ট্ৰেশনেৰ বন্দোবস্ত কৰেছি।” বাস্তৱিক তেওঁ তাকে কৰিছিলো। এনে বিষয়ত দুজন দুজন জামিন (surities) বা সাক্ষীৰ আৱশ্যক। এজন তেওঁ নিজে হৈছিল আৰু আনজন শ্ৰীযুত জগদীশ বসুকে (Sir Jagadish Bose) তেওঁ কৰি দিছিল, যদিও ছাৰ [ ১৩৫ ] জগদীশ সেই কাৰ্য্যৰ নিমিত্তে ইচ্ছুক নাছিল, কিন্তু দুৰ্গামোহন বাবুৰ অনুৰোধত মান্তি হবলগীয়াত পৰিছিল। হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ মিষ্টাৰ বেল চেম্বৰক দুৰ্গামোহন দাসে তালৈকে লৈ গৈ স্বৰ্ণক চিনাক্ত কৰি দিছিল আৰু কাকতত স্বৰ্ণৰ চহী দিয়াইছিল। দুৰ্গামোহন বাবুয়ে তেওঁৰ মৃত্যুৰ দিনলৈকে গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি সুকলমে “মেনেজ” কৰি আছিল।
ইয়াৰ কিছুদিনৰ পিছত চিৰকাল য়ুৰোপ-প্ৰবাসী শ্ৰীযুত ৰাধিকাৰাম ফুকন কলিকতাত ওলালহি। জনশ্ৰুতি যে তেওঁ বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি “মেনেজ” কৰিবলৈ, হাতত লবলৈ আহিছিল। কিন্তু দুৰ্গামোহন দাস এনে কঁকিলা-দাৰৰ পক্ষে ম’হৰ শিং। গতিকে ডাঙৰীয়াৰ বিষয়-সম্পত্তি লৈ আৰু কোনো গোলমাল নুঠিল।
কিছুদিনৰ পিছত স্বৰ্ণক ১৩ নম্বৰ কৰ্ণৱালিছ ষ্ট্ৰীটত থকা “ব্ৰাহ্ম গাৰ্লছ স্কুল”ত তেওঁৰ দুজনী জীয়েকৰ সৈতে থোৱা হ’ল আৰু; কমলা আৰু জ্ঞানক সাধাৰণ ব্ৰাহ্ম-সমাজৰ কাষত থকা “ব্ৰাহ্ম বইজ বোৰ্ডিং হাউছ”ত থোৱা হ’ল। দুখৰ কথা যে লৰা দুটি “ব্ৰাহ্ম বইজ বোৰ্ডিং হাউছ”ত থকাৰ এসপ্তাহমানৰ পিছতে কমলা জ্বৰত পৰিল। মই সততে ল’ৰা দুটিৰ আৰু স্বৰ্ণৰ বুজ-বাজ কৰিবলৈ গৈ আছিলোঁ। মোৰ আজিও মনত আছে, এদিন মই গ’লতে মোক কমলাই কান্দোনমুৱা হৈ ক’লে, “এইবাৰ মোৰ পাল।” কথাষাৰ শুনি মোৰ হিয়া ভাগি গ’ল। তথাপি মই যি পাৰোঁ কমলাক সান্তনা দি কথাষাৰ উৰাই দি কমলাৰ মনৰপৰা সেইটো ভাব গুচাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বেচ বুজিব পাৰিলোঁ বেচেৰীৰ মনৰপৰা সেই ভাব নগ’ল। ডাক্তৰ নীলৰতন সৰকাৰ আৰু ডাক্তৰ প্ৰাণকৃষ্ণ আচাৰ্য্যৰ পৰামৰ্শমতে কমলাক আৰু জ্ঞানক দাৰ্জিলিঙলৈ পঠিয়াই দি, “লুই জুবিলি ছেনিটেৰিয়ম”ত থোৱা হ’ল। তাত কমলাৰ বিশেষ উপকাৰ নোহোৱা দেখি, দুইকো কলিকতালৈ আনি বিৰ্জ্জিতলাত বাবু পাৰ্ব্বতী দাসৰ (পুৰ্ণিয়াৰ এজন উকীল) ঘৰ এটাৰ দুটা খোঁটালী আৰু, “বাথৰুম” এটা কেৰেয়া কৰি লৈ তাতে থাকিবলৈ দিয়া হ’ল। ডাক্তৰ ক্ৰম্বিৰ (Crombie) চিকিৎসা চলিল। চিকিৎসাত কোনো উপকাৰ হোৱা নেদেখি ডাক্তৰ ক্ৰম্বিৰ পৰামৰ্শমতে কমলাক এটোৱালৈ (Etawah) পঠিয়াই দিয়া গ’ল। লগত দাৰোৱান ৰামভৰোসাক দিয়া হ’ল আৰু ব্ৰাহ্ম ভদ্ৰলোক এজনক কুৰি টকা দৰমহাত নিযুক্ত কৰি পঠিওৱা হ’ল। এটোৱাৰপৰা কমলা বম্বেলৈ গ’ল। ৰজনী ৰায়ৰ পৰামৰ্শ মতে তাত কমলা ডাক্তৰ আত্মৰাম পাণ্ডুৰঙৰ চিকিৎসাৰ অধীনত ৰ’ল। তাত তেতিয়া আমাৰ শ্ৰীযুত মথুৰামোহন বৰুৱা আৰু শ্ৰীযুত জয়কৃষ্ণ দাসে ডাক্তৰী পঢ়িছিল। তেওঁলোকেও কমলাৰ বুজ-বাজ লৈছিল। কিন্তু একোতেই একো নহ’ল। বম্বেৰপৰা কমলাক আকৌ লৈ আহি কলিকতাৰ ভবানীপুৰত জগ বাবুৰ বজাৰৰ ওচৰত ঘৰ এটাত থোৱা হ’ল। তাত প্ৰায় চাৰি মাহ থৈ কমলাক হোমিওপাথি, এলোপাথি, কবিৰাজী চিকিৎসা কৰোৱা হ'ল। কলিকতাৰ ডাঙৰ কবিৰাজ দ্বাৰকানাথ ভিষগৰত্ন সেনৰ চিকিৎসাও চলিল। কিন্তু সকলোবোৰ ব্যৰ্থ হ’ল। [ ১৩৬ ]॥ষষ্ঠ আধ্যা॥
১৮৯৪ খ্ৰীষ্টাব্দৰ ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে সেই জয়জয় ময়ময় পৰিবাৰটোত চাৰিটা মত্যু। ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সন্তানৰ ভিতৰত ৰ’লগৈ জ্ঞানদাভিৰাম আৰু স্বৰ্ণলতা। এতিয়া আমাৰ সকলোৰে ঘাই চিন্তা হ’ল, কেনেকৈ জ্ঞানদাভিৰামক ৰক্ষা কৰা হব। তেওঁক সমুদ্ৰ-যাত্ৰা (sea-trip) এটা দিয়াই থিৰ হ’ল। লগত শিৱনাথ শাস্ত্ৰী মহাশয়ৰ জোঁৱাযেক ডাক্তৰ বিপিনবিহাৰী সৰকাৰক দিয়া হ’ল; কাৰণ ডাক্তৰ সৰকাৰৰো গা বেয়া আছিল। ব্ৰাহ্মসকলে ভাবিলে তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে তেওঁৰো পৰিৱৰ্তন হওক— বিশেষকৈ পৰৰ খৰচতে। জ্ঞানৰ বাঈদেৱেক কালীমাইচেনা পুতেক প্ৰিয়নাথেৰে সৈতে তেতিয়া তেওঁলোকৰ লগতে আছিল। প্ৰিয়নাথক আমি জ্ঞানৰ লগত দিবলৈ মনোনীত কৰিছিলোঁ। কিন্তু সেই দাবী ব্ৰাহ্মসকলৰ দ্বাৰাই অগ্ৰাহ্য হ’ল। বি আই এছ. এন, কোম্পানীৰ লাৱাডা (S S Lawada) জাহাজত দ্বিতীয় শ্ৰেণীৰ কেৰেয়া দি জ্ঞানক বিপিন বাবুৰ সৈতে মাদ্ৰাজেদি বোম্বাইলৈ পঠিয়াই দিয়া হ’ল। সেই যাত্ৰাত প্ৰায় এমাহ লাগিছিল। তাৰ পিছত তেওঁ মুঙ্গেৰত থাকিবলৈ আহিল।গুৱাহাটীৰ শ্ৰীযুত ৰাধাকান্ত বৰুৱা তেতিযা মুঙ্গেৰত আছিল। প্ৰথমতে তেওঁৰ লগতে জ্ঞান ৰ’লগৈ। পিছত সুকীয়াকৈ ঘৰ এটা কেৰেয়া কৰি আছিল। তাত থাকোঁতেই জ্ঞানে শুনিবলৈ পালে যে য়ুৰোপৰপৰা শ্ৰীযুত ৰাধিকা ফুকন কলিকতালৈ আহিছে, তেওঁলোকৰ বিষয়-সম্পত্তি হাতত লৈ “মেনেজ” কৰিবলৈ। ১৮৯৫ খ্ৰীষ্টাব্দৰ এপ্ৰিল কি মে’ মাহত জ্ঞান মুঙ্গেৰৰপৰা আহি শ্ৰীযুত জগদীশ বসু, আৰু তেওঁৰ পৰিয়ালেৰে সৈতে দাৰ্জ্জিলিঙলৈ যায়। তাৰ পিছত পোন্ধৰ বছৰ বয়সত ১৮৯৫ খ্ৰীষ্টাব্দত জ্ঞানে বি আই এছ এন, কোম্পানীৰ ‘ডনেৰা’ নামৰ জাহাজত উঠি বিলাতলৈ পঢ়িবলৈ যায়। বিলাতত শ্ৰীযুত জগদীশ বাবুৱে জ্ঞানৰ পঢ়া-শুনাৰ বন্দবস্ত কৰি দিয়াৰ কথা আছিল। কিন্তু বসুৱে গা লাগি সেই কাৰ্য্য কৰাতকৈ গা এৰা দি ফুৰাহে দেখা গৈছিল। ডাক্তৰৰ সূচনাতে (Suggestion) জ্ঞানে অক্সফোৰ্ড বা কেম্ব্ৰিজত পঢ়া প্ৰস্তাৱটো উলটি গৈছিল। সেইটো জ্ঞানৰ শিক্ষাৰ নিশ্চয় বিঘিনিজনকহে হৈ উঠিছিল। জ্ঞান বিলাতত থাকোঁতে এবাৰ কলিকতাত ডাক্তৰ জগদীশ বসুৱে মোক তেওঁৰ ঘৰলৈ মাতি নি, তেওঁৰ যে আৰু জ্ঞান সম্পৰ্কে কোনো কাৰ্য্য কৰিবৰ ইচ্ছা নাই, সেইটো মোক কৈ, সেই ভাৰ সম্পূৰ্ণৰূপে যে মই লোৱা উচিত, তেনে প্ৰস্তাৱ কৰিছিল।
বিলাতত গা-ভাল নথকা বাবে, জ্ঞান ১৮৯৮ খ্ৰীষ্টাব্দত কলিকতালৈ উভতি আহে। তেওঁ কিছুদিন হাওড়াৰ ৰোজমেৰি লেনৰ ঘৰত আমাৰ সৈতে থাকে আৰু তাৰ পিছত আমাৰ ঘৰৰ ওচৰতে বেষ্টিঞ্চ লেনত সৰু ঘৰ এটা কেৰেয়াকৈ লৈ থাকে। তাতে তেওঁ চাৰি-পাঁচমাহমান আছিল। স্বৰ্ণও প্ৰায় এমাহমান জ্ঞানৰ লগতে আছিলহি। তাৰ [ ১৩৭ ] পিছত ২৫০ নম্বৰ গ্ৰেন্ড ট্ৰাঙ্ক ৰোডত ঘৰ এটা লৈ জ্ঞান থাকেহি। ইয়াৰ কিছু কালৰ আগতে হুগলী কলেজৰ প্ৰিঞ্চিপেল গুণী আৰু বিদ্বান শ্ৰীযুত ক্ষীৰোদচন্দ্ৰ ৰায়চৌধুৰীৰে সৈতে স্বৰ্ণলতাৰ পুনৰ্ব্বাৰ বিবাহ হৈছিল। শিয়ালদহ ষ্টেশ্যনৰপৰা কিছুদূৰতে হেৰিছন ৰোডত ক্ষীৰোদ বাবুৱে জ্ঞানৰ নিমিত্তে (অৱশ্যে জ্ঞানৰ টকাৰেই) এটা পকাঘৰ সজায় , তাতে ক্ষীৰোদ বাবু আৰু স্বৰ্ণ কিছু দিন আছিল। ক্ষীৰোদ বাবু, হুগলী কলেজৰ পৰা, কটকৰ ৰেভেন্সা কলেজৰ প্ৰিঞ্চিপেল হৈ বদলি হৈ যায়। এদিন হেৰিছন ৰোডৰ ঘৰটোৰ তলত এন্দুৰ মৰা দেখি, স্বৰ্ণৰ ভাত-ৰান্ধনি বামুণটোক ঘৰটোৰ ৰখীয়া কৰি থৈ স্বৰ্ণক মই আমাৰ ঘৰত থওঁহি। দুদিনৰ পিছত তাতে সেই ৰখীয়া বামুণটো প্লেগত মৰে। তাৰ পাছত স্বৰ্ণ ছোৱালী দুটিৰ সৈতে ক্ষীৰোদ বাবুৰ লগলৈ কটকলৈ গুচি যায়।
ইয়াৰ কিছুদিনৰ পিছত জ্ঞান আসামলৈ যায়। পূজাৰ পিছত তেওঁ কলিকতালৈ উভতি আহি হাওড়াত আমাৰ ৰোজমেৰি লেনৰ ঘৰতে আমাৰে সৈতে থাকে। ১৯০৬ খ্ৰীষ্টাব্দত তেওঁ বালিগঞ্জৰ ঝাউতলা ৰোডৰ ঘৰ এটালৈ উঠি যায়। সেই বছৰতে তেওঁৰ বিয়া হয়। মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ বৰ পুতেক দাৰ্শনিক পণ্ডিত শ্ৰীযুত দ্বিজেন্দ্ৰনাথ ঠাকুৰৰ মাজু পুতেক শ্ৰীযুত অৰুণেন্দ্ৰনাথ ঠাকুৰৰ বৰ জীয়েক শ্ৰীমতী লতিকা দেৱীৰে সৈতে তেওঁৰ বিয়া হয়। মই সেই সময়ত শ্ৰীযুত ভোলানাথ বৰুৱাৰ (বি বৰুৱা) সৈতে কাশ্মীৰত আছিলোঁ।
মোৰ ককাইদেও ডাক্তৰ গোলাপচন্দ্ৰ বেজবৰুৱাই (ডাক্তৰ জি চি বেজবৰুৱা) বিলাতত ডাক্তৰী (L R. C. P আৰু, L F. P. S.) পাছ কৰি, অনেক বছৰ দক্ষিণ আমেৰিকাৰ ডামৰাৰা নামৰ ঠাইত থকা মাৰা চহৰত চিভিল ছাৰ্জ্জন হৈ কাম কৰিছিল। ১৫৷ ১৬ বছৰৰ পিছত তেওঁ অৱসৰ লৈ তাৰ পৰা গুচি আহি হাওড়াত আমাৰ লগতে আছিল। হাওড়া মিউনিচিপেলিটিৰ তেওঁ হেলথ-অফিচাৰৰ কাম পাই কাম কৰিছিল। কিছুদিনৰ পিছত তেওঁ আমাৰ লগৰপৰা গৈ শ্ৰীমান জ্ঞানদাভিৰামেৰে সৈতে হাওড়াতে গোলাবাৰী ৰোডৰ ৩৪ নম্বৰৰ ঘৰ এটা সুকীয়াকৈ লৈ থাকেগৈ। তাতে মোৰ ককাইদেওৰ বিয়া হয়। তেওঁৰ বিয়াৰ পিছত ওপৰত কৈ অহা বেষ্টিঞ্চ্ লেনৰ ঘৰলৈ আহে। ১৯০০ চনৰ মাৰ্চ্চ কি এপ্ৰিল মাহত, মই যেতিয়া শ্ৰীযুত ভোলানাথ বৰুৱাৰে সৈতে একেলগে হাওড়াৰ ডবচন, ৰোডত ঘৰ এটা কিনি তাক আৰু ভালকৈ সজাই-পৰাই লৈ তাত থাকিবলৈ, যিদিনা “গৃহ প্ৰবেশ” উৎসৱ কৰো সেইদিনা তাত জ্ঞান আৰু তেওঁৰ ভগ্নীপতি ক্ষীৰোদ বাবু, উপস্থিত থাকি সেই উৎসৱত যোগ দি আমাৰ আনন্দ বৰ্দ্ধন কৰিছিল। আদি ব্ৰাহ্মসমাজৰ পণ্ডিত প্ৰিয়নাথ শাস্ত্ৰীয়ে সেই উৎসৱত মন্ত্ৰপাঠ আদি কৰি সেই উৎসৱৰ কাৰ্য্য সম্পাদন কৰিছিল। ১৯০৮ খ্ৰীষ্টাব্দত শ্ৰীযুত ভোলানাথ বৰুৱা যেতিয়া বিলাতলৈ যাবলৈ ওলাল, জ্ঞানক তেওঁৰ পদ-প্ৰদৰ্শক সহায়ক-স্বৰূপে তেওঁ লগত লবৰ প্ৰস্তাৱ কৰিলত জ্ঞানো লগতে বিলাতলৈ গ'ল। অৱশ্যে জ্ঞানেও জাহাজৰ কেৰেয়া ইত্যাদি নিজে বহন কৰিছিল। [ ১৩৮ ] বি বৰুৱা বিলাতত প্ৰায় ছমাহমান আছিল। জ্ঞানে তাতে থাকি এইবাৰ বেৰিষ্টাৰী পৰীক্ষাত উঠি ১৯০৯ খ্ৰীষ্টাব্দত ডিচেম্বৰ মাহত কলিকতালৈ উভতি আহে।
মই গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে এইদৰে বহলাই লেখাৰ অভিপ্ৰায় এয়ে যে কেনেকৈ বিধিৰ বিড়ম্বনাত এনে এটা শ্ৰেষ্ঠ আৰু সুন্দৰ অসমীয়া পৰিয়াল অলপ কালৰ ভিতৰতে ভাগি-ছিগি গ’ল, সেইটো সকলোকে জনাব লাগে। আমি কত আশা কৰিছিলোঁ , আমাৰ আশা ঈশ্বৰৰ অলঙ্ঘ্য বিধানত অনেকখিনি ছেদ হ’ল। পুনৰবাৰ কওঁ, ডাঙৰীয়া গুণাভিৰাম বৰুৱাই অন্ততঃ আৰু দহ বছৰমান জীয়াই থাকি তেওঁৰ অৱসৰ কালৰ সুখ-শান্তি ভোগ কৰিবলৈ যদি পালেহেঁতেন তেওঁ অসমীয়াৰ মঙ্গলৰ অৰ্থে আৰু ঘাইকৈ অসমীয়া সাহিত্যৰ অৰ্থে কিমান কাম কৰি গ’লহেঁতেন, সেইটো সহজতে অনুমান কৰিব পাৰি। তেওঁৰ এটাইকেইটি ধুনীয়া পুতেক যদি কলিতে শুকাই নগৈ, সৰি নপৰি জীয়াই থাকিলেহেঁতেন, আমি আৰু দুটি অসমীয়াৰ আদৰৰ ধন জে বৰুৱা পালোহেঁতেন বুলি মোৰ বিশ্বাস। ঈশ্বৰৰ অশেষ কৃপা যে কোনোমতে চুকে-কোণে লাগি থাকি জ্ঞানদাভিৰাম বৰুৱা ৰ’ল যিজনেই আজি অসমীয়াৰ আদৰৰ আৰু গৌৰৱৰ বস্তু “প্ৰিঞ্চিপেল জে বৰুৱা। তেওঁ তেওঁৰ বৰণীয় পিতদেৱতাৰ ওখ মন আৰু বহল হৃদয়ৰ প্ৰকৃত উত্তৰাধিকাৰী নহয়নে? গোটেই আসামত উঠা প্ৰতিধ্বনিয়ে কৈছে, “হয়।” ঈশ্বৰে তেওঁক দীৰ্ঘজীৱি কৰি কুশলে ৰাখক, ঈশ্বৰৰ চৰণত এই জীৱন-সোঁৱৰণৰ লেখকৰ এয়ে আন্তৰিক প্ৰাৰ্থনা।
কলিকতা য়ুনিভাৰ্ছিটিৰ হাতত শেষত এইদৰে মাৰ খাই ধিক্কাৰ লাগি সেইফালে আৰু মুখ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ , আৰু স্বাধীনভাৱে ব্যৱসায়-বাণিজ্যবৃত্তিকে ধৰি জীৱন কটাবলৈ সঙ্কল্প কৰিলো। শ্ৰীযুত ভোলা নাথ বৰুৱাক মোৰ মনৰ কথা এদিন কলতে তেওঁ মোক আকোৱাল মাৰি ধৰিলে। তেওঁৰ সৈতে লগলাগি ব্যৱসায় কৰাকে স্থিৰ কৰি একান্তমনেৰে মই কাৰ্য্যত লাগি গলোঁ। তেওঁ গা ভাল পাই (১৮৯৩ খ্ৰীষ্টাব্দত) নৰিয়াৰপৰা উঠি সৰু-সুৰা ব্যৱসায়ত ধৰিছিল। প্ৰথমতে কলিকতাৰ মেকলিউড (Mc-Leod) কোম্পানীৰ তেওঁ বাৰচেৰেক গাৰো পৰ্বতৰপৰা অলপ-অচৰপ কপাহ আনি বেচিছিল। তাৰ পিছত “বি বাদাৰ্ছ” নাম দি, কলিকতাৰ বঙ্গলা বাতৰি কাকত সঞ্জীৱনীত বিজ্ঞাপন দিছিল যে, বি. ব্ৰাদাছ কোম্পানীয়ে চেগুণ কাঠৰ চ’তি, বৰগা, চৌকাঠ ইত্যাদি যাক লাগে, সোনকালে আৰু সস্তাত যোগাব। তেওঁৰ এই উদ্যম সফল নহ’ল। তাৰ পিছত তেওঁ ই আই আৰৰ আছান্সোল ষ্টেশ্যনত সৰু দুমহলীয়া ঘৰ এটা কেৰেয়াকৈ লৈ তাতে অসমৰ চাহ খুচুৰাকৈ বিক্ৰী কৰাত ধৰিছিল। চাহৰ লগতে দুইচাৰিডাল কাঠো বিক্ৰী কৰিবলৈ লৈ থৈছিল। বঙ্কুবিহাৰী কৰ নামৰ বঙ্গালী এজনক মাহে টকাচেৰেক দৰ্ম্মহাত সেই ব্যৱসায়ৰ কাৰ্য্যত তেওঁ ৰাখিছিল। তাৰ পিছত বেঙ্গল নাগপুৰ ষ্টেশ্যন গুইলকেৰ আৰু মনোহৰপুৰত সৰু-সুৰাকৈ ৰেলৰ স্লিপাৰৰ ব্যৱসায় কৰিবলৈ মনস্থ কৰি তেওঁ গৱৰ্ণমেন্ট [ ১৩৯ ] ফৰেষ্ট ডিপাৰ্টমেন্টৰপৰা তাকৰীয়াকৈ গছ “ৰয়েলটীত” বন্দবস্ত কৰি লৈ সেই কাৰ্য্যত হাত দিছিল। সেই কাৰ্য্যত তেওঁক সহায় কৰিবলৈ তেওঁলোকৰ বংশৰে গোপীনাথ বৰুৱা নামৰ এজনক আনি, শোভাৰাম বসাকৰ লেনৰ ঘৰতে আমাৰ লগতে থৈছিল। তেতিয়াৰ “জোনাকী” কাকত পঢ়েতাসকলে দেখিছিল যে মাহদিযয়েক গোপীনাথ বৰুৱাক মই “জোনাকী”ত “জোনাকী”ৰ প্ৰকাশক বুলি জাননী দিছিলোঁ। গোপীনাথ বৰুৱাক গ্ৰাহকলৈ “জোনাক” পঠিওৱা আৰু তাৰ হিচাপ ৰখা আদি কামত নিযুক্ত কৰিছিলোঁ। তাৰ পিছত গোপীনাথক বি বৰুৱাই গুইলকেৰ আৰু তাৰ পিছত মনোহৰপু লৰৰ তেওঁৰ ব্যৱসায়ত সহায় কৰিবলৈ লৈ গ'ল। তাৰ পিছতে মই বি বৰুৱাৰ ব্যৱসায়ৰ ভিতৰত প্ৰৱিষ্ট।
আমাৰ কাঠৰ ব্যৱসায় লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। বি বৰুৱাই সম্বন্ধত তেওঁৰ ভাগিনিয়েক একজিকিউটিভ ইঞ্জিনীযাব বলিনাৰায়ণ বৰাৰ ভায়েক শ্ৰীযুত মহীনাৰায়ণ বৰাক গুৱাহাটীৰপৰা আনিলে। মহীনাৰায়ণো মোৰ লগতে শোভাৰাম বসাকৰ ঘৰতে কিছুদিন ৰ’লহি।
কিছুমান দিনৰ পিছত বি বৰুৱা আৰু মই শোভাৰাম বসাক লেনৰ ঘৰ এৰি দি ১৪ নম্বৰ গোপীলেনৰ ঘৰ এটালৈ উঠি গলোঁ। মোৰ গৃহিণীকো তেওঁলোকৰ জোড়াসাঁকোৰ ঘৰ ৬ নম্বৰ দ্বাৰকানাথ ঠাকুৰৰ লেনৰপৰা তালৈ লৈ আহিলোঁ। গোপীকৃষ্ণ পালৰ লেনৰ আমাৰ ঘৰটো দুমহলীয়া আৰু ডাঙৰ আছিল। তাত সুকীয়া দুটা ফাল বা বিভাগ আছিল। ৰাজবাটৰ ফালে সমুখৰ ফালটোত বি. বৰুৱা আৰু ভিতৰ ফালে আমি থাকিবলৈ ললোঁ। আমাৰ খোৱা-বোৱা একেলগে চলিল। ইতিমধ্যত মহীনাৰাষণ বৰাক মনোহৰ ষ্টেশ্যনত থাকি কাম কৰিবলৈ পঠোৱা হ’ল। মোৰ কাৰ্য্য হ’ল কলিকতাৰ ফালে ব্যৱসায়ৰ সকলো কাম দেখা। মাজে মাজে অৱশ্যে বি. এন. আৰ লাইনত থকা আমাৰ ব্যৱসায়ৰ ষ্টেশ্যনবোৰলৈকো মই গৈছিলোঁ। বি বৰুৱাই লাইনৰ ফালে সকলোবোৰ ঠাইত ঘূৰি ফুৰিবলৈ ধৰিলে। দিনে দিনে আমাৰ ব্যৱসায়ে ঠন ধৰি আহিবলৈ ধৰিলে। মই কলিকতাৰ “ঠাকুৰবাৰীত” বিয়া কৰাইছিলো। খুব সম্ভৱ এই বাবেই কলিকতাৰ অভিজাত শ্ৰেণীৰ সৰহ ভাগ লোকৰ ঘৰ-দুৱাৰ মোলৈ মুকলি হৈছিল। অনেকৰে সৈতে মোৰ ভালকৈ চিনা-পৰিচয়ো হৈছিল আৰু তেওঁলোকৰপৰা মই আদৰ- সাদৰো পাইছিলো। বি. বৰুৱাই মোক তেওঁৰ নিজা ভায়েক বুলি সকলো ঠাইতে চিনাকি দিছিল। প্ৰথমডোখৰত সেই কথাকে যদিও মোৰ অলপ-অচৰপ খোকোজা লাগিছিল, তাৰ পিছত সেইটো মোৰ সহজ হৈ গ'ল আৰু ময়ো সেই সম্বন্ধকে ভালকৈ মানি চলিবলৈ ধৰিলোঁ। সেই সূত্ৰতে ওপৰত কোৱা অভিজাত শ্ৰেণীৰ দুৱাৰো তেওঁলৈকো মুকলি হৈ পৰিল। ব্যৱসায়ৰ সম্পৰ্কত বা মানুহক এনেই দেখা-শুনা কৰা সম্পৰ্কত আমি দুয়ো সদায় একেলগে ফুৰিছিলোঁ। কলিকতাৰ নিমতলাও কাঠৰ গোলাবোৰৰ ঘাই ঠাই। সেই গোলাবোৰৰ সৰহ ভাগেই তেতিয়া কাঠৰ ব্যৱসায়ী গিৰীশচন্দ্ৰ বোসৰ তলতীয়া আছিল। বাস্তৱিকতে চেগুণ কাঠৰ ব্যৱসায়ত [ ১৪০ ] গিৰীশ বাবু তেতিয়া একছত্ৰী ক্ষমতাশালী ৰজা আছিল বুলিলে বঢ়াই কোৱা নহয়। গিৰীশ বাবুৰ দিহা আৰু পৰামৰ্শ আনবোৰ কাঠৰ ব্যৱসায়ীয়ে মানি চলিছিল। গিৰীশ বাবুই প্ৰথমতে কলিকতাৰ সুপ্ৰসিদ্ধ তাৰকানাথ প্ৰামাণিকৰ পুতেক কালীকৃষ্ণ প্ৰামাণিকৰ “ফাৰ্মত” সামান্য চাকৰি কৰিছিল। তাৰ পাছত লাহে লাহে সুকীয়াকৈ নিজৰ বুদ্ধি আৰু কপালৰ বলত তেনে অৱস্থা পাইছিলগৈ। বি বৰুৱাই তেওঁৰ সৈতে চিনাকি হৈ লৈ, তেওঁৰ সম্পৰ্কতে অলপ-অচৰপ কাঠৰ ব্যৱসায়ত হাত দিলে। বি. বৰুৱা আৰু তেওঁৰ লগত মই গিৰীশ বাবুৰ কাষত গিৰীশবাবুৰ কাঠৰ গোলাত বহিছিলোঁগৈ। বি বৰুৱাই মোক গিৰীশ বাবুৰ আগত তেওঁৰ নিজা ভায়েক বুলি পৰিচিত কৰিছিল। শ্ৰীযুত কালীকৃষ্ণ প্ৰামাণিকেৰে সৈতেও আমাৰ ভালকৈ চিনাকি হৈছিল। প্ৰামাণিক আন আন ব্যৱসায়ৰ লগতে জাহাজ মেৰামত কৰা “ডক্” এটা হাওড়াত আছিল। "ডক্"টোৰ নাম কেলিডনিয়া ডক্ (Caledonia Dock)। ডক্ৰ মেনেজাৰ বৰ চাহাবজন য়ুৰোপীয়। এছিষ্টেন্ট মেনেজাৰ আছিল এজন বাঙ্গালী, তেওঁৰ নাম বাবু অতুলকৃষ্ণ ঘোষ। অতুল বাবুৰ নিচিনা ওখ মনৰ অমায়িক আৰু পৰোপকাৰী মানুহ বিৰল। কলিকতাৰ সুবিখ্যাত “গাইনোকোলজিষ্ট আৰু ধাত্ৰী-বিদ্যাত অপ্ৰতিদ্বন্দী ডাক্তৰ ছাৰ কেদাৰনাথ দাস (যাৰ অলপতে মৃত্যু হ’ল) অতুল বাবুৰ নিজা ভাগিনিয়েক আছিল। অচিৰতে অতুল বাবুৰ সৈতে আমাৰ ঘনিষ্ঠ বন্ধুত্ব সঙ্ঘটিত হ’ল। সুবিধা পালেই মই কেলিডনিয়া ডকলৈ গৈ অতুল বাবুৰ কাষত বহি তেওঁৰে সৈতে কথাবাৰ্তা পাতি আনন্দ উপভোগ কৰিছিলোঁ আৰু বি বৰুৱাও কলিকতালৈ আহিলেই আমি দুয়ো লগলাগি গৈছিলো। বুঢ়া কালীকৃষ্ণ প্ৰামাণিক আৰু তেওঁৰ তিনি পুতেক আশুতোষ, প্ৰমথ আৰু, মন্মথ প্ৰামাণিকৰে সৈতেও আমাৰ বন্ধুত্ব হৈছিল। মাজে মাজে আমি কালীকৃষ্ণ প্ৰামাণিকৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ প্ৰকাণ্ড ঘৰ কলিকতাৰ কাসাৰী-পাডাৰ বাৰাণসী ঘোষৰ ষ্ট্ৰীটত। কালীকৃষ্ণ প্ৰামাণিকৰ মোৰ প্ৰতি কথাবাৰ্তা বৰ স্নেহসূচক আছিল। তেৱোঁ জানিছিল যে ভোলানাথ আৰু লক্ষ্মীনাথ দুয়ো ককায়েক ভায়েক। প্ৰামাণিকেৰে সৈতে আমাৰ অলপ-অচৰপ ব্যৱসায়ৰ সম্পৰ্ক লগাই লোৱা হ'ল।
আমাৰ প্ৰথমডোখৰ ব্যৱসায়-জীৱনৰ পাঁচ বছৰমানলৈকে, কলিকতাত আমাৰ নিজৰ গাড়ী, ঘোঁৰা আৰু কেৰাণী-মহৰীৰ অস্তিত্ব সমূলি নাছিল। আমি "নিতাই গৌৰ দুইভায়ে” নিতৌ ট্ৰেমগাড়ীত বা পদব্ৰজে ফুৰিছিলোঁ। দুয়ো সকলোবোৰ ঠাইলৈকে একেলগে গৈছিলোঁ। বি বৰুৱাৰ গাত খাকী কোট (ডিঙ্গি নোখোলা) আৰু পট্লং, মূৰত ক'লা বা ছাই-বৰণীয়া টুপী এটা, হাতত ছাতি এটা আৰু মোৰ মূৰৰ পৰা ভৰিলৈকে পূৰা য়ুৰোপীয় সাজ। বি. বৰুৱাই ট্ৰেনৰপৰা নামি পদব্ৰজৰ আশ্ৰয় ললেই তেওঁৰ মুখত এই গানটো ওলাইছিল-
চল ৰে মন যাই ৰে কাশী
বাবা বিশ্বনাথকে দেখে আসি।
কাশী গেলে দেখতে পাব,
কত শত যোগী ঋষি।
মানুহক নানা কৌশলেৰে বশ কৰা বিদ্যাত বি বৰুৱা বৰ পটু আছিল। বেঙ্গল টিম্বাৰ ট্ৰেডিং কোম্পানীৰ ফৰেষ্ট মেনেজাৰ আছিল মিষ্টাৰ হুইফিন্ ( F D Whiffin )। তেওঁৰ হেড কোৱাৰ্টাৰ আছিল বি. এন্ আৰৰ ৰঘুনাথ পালী বা পানপোছ ষ্টেশ্যনত। তাত হুইফিন বব চাহাব আৰু ছোট চাহাব ৰাইট (C. H. Write) আৰু দুই-চাৰিজন যুৰোপীয় এছিষ্টেন্ট। হুইফিন, “আমীৰী মিজাজ’ৰ চাহাব আছিল। টকাটো ভঙাবলৈ দিলে, তাত যদি খুচুৰা পইচা থাকে, আনকি বাৰ আনাও, তেওঁ সেইবোৰ নুচুই তাতে এৰি থৈ সিকিটো লৈ গুচি আহিছিল। তেওঁৰ এই স্বভাৱৰ সুবিধা তেওঁৰ চাকৰ-নাকৰ আৰু কেৰাণী বাবু সকলে নলৈ নেৰিছিল। পানপোছাত তেওঁ থকা ঘৰ আৰু, টোলটো তেওঁ ৰম্যপুৰী কৰি ৰাখিছিল। বিলিয়াৰ্ড খেলা টেবুলকে আদি কৰি সকলোবোৰ বিলাতী খেলাৰ আহিলা-পাতি তেওঁ তাত ৰাখিছিল। সততে বঙালী য়ুৰোপীয়সকলৰ ভোজ আৰু নৃত্য চলিছিল। টোলৰ ভিতৰতে সৰু-সুৰা “জুৱলজিকেল গাৰ্ডেন” অথাৎ বনৰীয়া জীৱজন্তু ৰখা “চিৰিয়াখানা” তেওঁ কৰিছিল। কলিকতাৰ জাৰ্দ্দিন স্কিনাৰ কোম্পানী (Zardine Skinner & Co), বেঙ্গল টিম্বাৰ কোম্পানীৰ মেনেজিং এজেণ্টছ” কলিকতাৰ হেড্ অফিচত বেঙ্গল টিম্বাৰৰ বৰ চাহাব আছিল ষ্টুৱাৰ্ড (G. R. Steward )। বি বৰুৱাই লাহে লাহে হুইফিন চাহাবক সন্তুষ্ট কৰি বেঙ্গল টিম্বাৰৰ তলত ঠিকাদাৰ হৈ বেঙ্গল টিম্বাৰত স্লিপাৰ যোগাবলৈ বন্দবস্ত কৰিলে। ফাইনেন্স (Finance) অথাৎ জংঘল লোৱা আৰু; স্লিপাৰ কটোৱা প্ৰভৃতি সকলো খৰচ বেঙ্গল টিম্বাৰে সপ্তাহে বি বৰুৱা কোম্পানীক দিবলৈ ধৰিলে। চন্দননগৰ নিবাসী বাবু বটুকৃষ্ণ পাল নামেৰে বঙ্গালী এজনে বি এন আৰ লাইনত ঠিকাদাৰী কৰি কিছুদিন স্লিপাৰৰ কাম কৰি আছিল। তেওঁক বি বৰুৱা কোম্পানীৰ তলত ঠিকাদাৰ (sub-contractor) কৰি লোৱা হ'ল আৰু বি. বৰুৱা কোম্পানীয়ে “ফাইনেন্স" কৰিবলৈ ধৰিলে। বটুবাবু কৰ্মক্ষম আৰু উপযুক্ত ব্যৱসায়ী মানুহ আছিল। তেওঁক পাই আমাৰ কামৰ বৰ সুবিধা হল। মুঠতে বেঙ্গল টিম্বাৰে আমাক “ফাইনেন্স" কৰে আৰু আমি বটুবাবুক আৰু আন আন সৰু সৰু ঠিকাদাৰবোৰক "ফাইনেন্স” কৰোঁ আৰু সেইদৰে সংগ্ৰহ কৰি পোৱা স্লিপাৰ বেঙ্গল টিম্বাৰক যোগাওঁ। এনে প্ৰণালীৰে কাম চলি আমাৰ ব্যৱসায় বাঢ়ি আহিবলৈ ধৰিলে। গাংপৰ এখন “ফিউডেটেৰি ষ্টেট”। গাংপুৰৰ ৰজাৰে সৈতে ভালকৈ চিনাকি হৈ বন্ধুতা কৰি, বি বৰুৱাই তেওঁৰ ষ্টেট শাল কাঠৰ ভাল জংঘল এখন বন্দবস্ত কৰি ললে। বটুবাবুক সেই জংঘলত কাম কৰিবলৈ দিয়া হ'ল। বি বৰুৱা বি এন আৰ লাইনত দিনে-ৰাতিয়ে টাকুৰী ঘূৰাদি ঘূৰিবলৈ ধৰিলে। মই ঘাইকৈ, কলিকতাৰ য়ুৰোপীয় আৰু দেশী ব্যৱসায়ীসকলৰ “ফাৰ্ম"বোৰত ঘূৰিবলৈ ধৰিলোঁ। জাৰ্দ্দিন কোম্পানীৰ অফিচলৈ যোৱাটো মোৰ দৈনিক কাম আছিল। দুপৰীয়া একমান বজাৰপৰা কাঠৰ ব্যৱসায় কৰোঁতা দেশী [ ১৪২ ] মহাজনবোৰ জাৰ্দ্দিনৰ বেঙ্গল টিম্বাৰ অফিচত গোট খায়গৈ। বিপিনবিহাৰী দাস তাৰ হেড্ বাবু, আছিল। বিপিন বাবুৰ অফিচৰ খোটালীটোত বিপিন বাবুক বেঢ়ি সকলোবোৰ বহিছিল আৰু তাত কাঠ নামৰ ৰাজ-ভগনৰ কথাৰ পৰা আৰম্ভ কৰি কলথোকা বাদুলীয়ে খোৱাৰ শাৰীৰ সকলো চৰ্চা চলিছিল। বিপিন বাবুৰ কাষৰ “আড্ডা” তিনিমান বজাত ভাঙি আমি “গিলেণ্ডৰ আববুথনট কোম্পানী"ৰ কাঠৰ ডিপাৰ্টমেণ্টত বহিছিলোঁগৈ। তাৰ বৰ বাবু আছিল ক্ষেত্ৰ বাবু। তেওঁৰ ওচৰত কিন্তু বিপিন বাবুৰ কাষত হোৱাৰ নিচিনা “মজলিছ" নজমিছিল। অৱশ্যে কিছু দূৰ যে নহৈছিল এনে নহয়, কিন্তু সিমান সৰহ নহৈছিল। তাৰ পিছত জজ্জ হেণ্ডছন, মেকেঞ্জি লায়েল, ইত্যাদি কোম্পানীৰ অফিচলৈ গৈ, আমি পাঁচমান বজাত ঘৰাঘৰি গৈছিলোঁহক। তেতিযাও বি বৰুৱা কোম্পানীৰ নিজৰ নিজৰ গাডী-ঘোঁৰা নাছিল , কলিকতাৰ অফিচ নিজৰ থকা ঘৰতে আৰু আৰু অফিচ কেৰাণী-মহৰী-বিবৰ্জ্জিত।
দুবছৰমান আমি গোপীকৃষ্ণ পালৰ লেনত থকাৰ পিছত আমি তাৰপৰা বলৰাম দেব ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি গলোঁ । কলিকতাৰ আমাৰ হেড্ অফিচৰ হিচাপ-কিতাপ ৰখা আৰু আন আন সৰু-বৰ সকলো কাম অকল মোৰ দ্বাৰাই সম্পাদিত হৈছিল। পানপোছৰ বৰ চাহাব হুইফিন আৰু তেওঁৰ এছিষ্টেন্টবোৰলৈ, আন কি হুইফিন চাহাবৰ হেড্ ক্লাৰ্ক বাবু শ্যামলাল বানুৰ্জ্জীলৈকো, সততে ফল আৰু শাক-পাচলিৰ “ডালি’ কলিকতাৰপৰা পঠোৱা হৈছিল। মই ট্ৰেমত উঠি নিউ মাৰ্কেট নাইবা বৰবজাৰৰ পোষ্ট বজাৰলৈ গৈ, কি খৰালি কি বাৰিষা, ৰাশি ফল আৰু শাক-পাচলি কিনি কুলীৰ হতুৱাই পাচিত ভৰোৱাই ওপৰত থৈলা দি সিষাই, তাৰ ওপৰত নিজ হাতে নাম লিখি, কুলীৰ মুৰত তুলি দি, কুলীৰ লগতে খোজ কাঢ়ি গৈ হাওড়া ষ্টেশ্যনত “বুক” কৰি দি ঘৰলৈ আহিছিলোঁ। এনে কাৰ্য মাহেকত মই দহ-বাৰ বাৰ কৰিছিলোঁ। একো একোদিনা সেই কাৰ্য্য কৰিবলৈ পুৱাই ওলাই গৈ, আবেলি তিনি-মান বজাতহে মই ঘৰলৈ উভতি আহিছিলোঁ। বি এন আৰৰ মুখীয়াল ফিৰিঙ্গি বা যুৰোপীয়ান কৰ্মচাৰীসকললৈকো বি বৰুৱাৰ আদেশমতে এনে “বাস্কেট” পঠোৱা হৈছিল। বৰদিন অৰ্থাৎ খ্ৰীষ্টমাচৰ সময়তে সেইটো বৃহৎ ব্যাপাৰ হৈ উঠিছিল। নিউ মাৰ্কেটৰ "কেক্", ফল আৰু কবি আদি শাক-পাচলিৰ "বাস্কেট" পঠোৱাৰ অন্ত নাছিল। এইবোৰ কাৰ্য্য মই অতি আনন্দ মনেবে আৰু অদম্য উৎসাহেৰে কৰি গৈছিলোঁ , কাৰণ মোৰ দৃঢ় ধাৰণা হৈছিল যে এইবোৰ আমাৰ ব্যৱসায় গঢ়ি ডাঙৰ কৰিবৰ নিমিত্তে অত্যাৱশ্যকীয়। আকৌ কওঁ, মোক এইবোৰ কাৰ্য্যত সহায় কৰিবলৈ কেৰাণী বা চাপ্ৰাচী এটাও তেতিয়া কলিকতাত আমাৰ নাছিল। কম খৰচতে যাতে আমাৰ ব্যৱসায় চলে সেইটোৱেই মোৰ প্ৰধান ইচ্ছা।
অনেকে জানে আৰু বঙ্গদেশত প্ৰত্যেক শিক্ষিত পৰিয়ালৰ মানুহে জানে যে মোৰ সহধৰ্ম্মিণী ৰন্ধন-বিদ্যাত পৰিপক্ক। সৰুৰেপৰা সেই কাৰ্য্যলৈ তেওঁৰ মনৰ ঢাল। নতুন মালমছলাৰ সংযোগ-বিয়োগ কৰি তেওঁ সেইকালত অনেক ৰন্ধন-প্ৰণালী [ ১৪৩ ] উদ্ভাৱন কৰিছিল। তেওঁ যেতিয়া আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰলৈ আহিল, স্বভাৱতে আমাৰ খোৱা-লোৱাৰ উন্নতি শ্ৰেষ্ঠৰপৰা শ্ৰেষ্ঠতম হৈ পৰিলগৈ। যদিও আমাৰ সাধাৰণ ৰকমৰ ভাত-ৰান্ধনি এটা আছিল, তাকে হাতত লৈ, তেওঁ দিনে ইংৰাজী আৰু দেশী ৰন্ধা-বঢ়াৰ সুখাদ্য আহাৰ প্ৰস্তুত কৰিবলৈ ধৰিলে। বি.বৰুৱাই সুবিধা দেখি, আমাৰ ব্যৱসায়ৰ সম্পৰ্কীয় বন্ধুলোকসকলক নিমন্ত্ৰণ কৰি আমাৰ ঘৰত খুৱাই সন্তোষ প্ৰদান কৰিবলৈ ধৰিলে। আমাৰ ছাব-কন্ট্ৰেক্টৰ বাবু আৰু তেওঁৰ কাৰ্য্যকাৰসকলৰ ভুৰি-ভোজন মাহেকত তিনি-চাৰিবাৰকৈ আমাৰ ঘৰত চলিছিল। মুঠতে কলিকতাত আমাৰ ব্যবসায়ৰ সম্পৰ্কত মোৰ গৃহিণী সূপকাৰ; আৰু ময়েই ছোট চাহাব, ময়েই মেনেজাৰ, ময়েই একাউন্টেট, ময়েই কেৰাণী ইত্যাদি। অৰ্থাৎ বঙ্গলা ভাষাত কবৰ দৰে “জুতো সেলাই থেকে চণ্ডীপাঠ পৰ্য্যন্ত।” এদিনলৈকে তেনে কাৰ্য্যত মোৰ আৰু মোৰ গৃহিণীৰ মনত বিৰক্তিৰ ভাব নুপজিছিল। তাৰ কাৰণ, বি. বৰুৱা আমাৰ নিৰহ-নিপানী ভাই, তেওঁৰ ব্যৱসায়েই আমাৰ ব্যৱসায়, তেওঁৰ মঙ্গলেই আমাৰ মঙ্গল। মুঠতে, ভোলানাথ আৰু লক্ষীনাথ হৰি-হৰ আত্মা। বাস্তৱিকতে ব্যৱসায়ত অসমীয়াৰ নাম কলিকতাৰ ফালে সৰ্ব্বতোভাৱে যাতে ডাঙৰ হৈ উঠে, এয়েই আছিল মোৰ মনৰ প্ৰবল আকাঙ্ক্ষা।
ওপৰত গাংপুৰৰ ৰজাৰ কথা উল্লেখ কৰি আহিছোঁ। সেই কালত এই ফালৰ উডিয়া ৰজাবোৰ ইংৰাজ আমোলৰ সভ্যতাৰ হিচাপৰ ঢাপত সিমানকৈ উঠা নাছিল। তেওঁলোকৰ যদিও ইংৰাজ আৰু ঘাইকৈ বঙ্গালীক অনুকৰণ কৰিবলৈ চেষ্টা দেখা গৈছিল, তথাপি তেওঁলোক অনেক তলত পৰি আছিল। আজি-কালি অৱশ্যে সেই অৱস্থাৰ সলনি হৈ আহিছে। গাংপুৰৰ ৰজাৰে সৈতে যেতিয়া আমাৰ জনা-শুনা হ’ল আৰু তেওঁৰ ষ্টেটৰ জঙ্ঘলত আমাৰ কাম চলিল ৰজাক আৰু তেওঁৰ পুতেকহঁতক তেওঁলোকৰ লগৰীয়া দল-বলেৰে সৈতে বি বৰুৱাৰ ইচ্ছা, ৰজাক ভালকৈ বশ কৰাটো আৰু ৰজাক ৰাজকুমাৰবোৰৰে সৈতে বৰ্তমান প্ৰণালীৰ সভ্যতা শিকোৱা। সেই কাৰ্য্যৰ ভাৰ মোৰ আৰু মোৰ গৃহিণীৰ গাত পৰিছিল। মোৰ গৃহিণী ৰান্ধনিঘৰত আৰু মই বাহিৰত। আমি প্ৰাণ টাকি অতিথি-সেৱা কৰিছিলোঁহঁক। ৰজাৰ পুতেক এজাক। ৰজাৰ বৰপুতেক, মাজু পুতেক, বৰমাজু, সৰুমাজু, ইত্যাদি। বৰপুতেক যুৱৰাজ ‘টিকাযেৎ” বোলা হৈছিল। তাৰ পিছত এজন এজনকৈ এনেবোৰ নাম যথা-“মাজনুনু”, “ভুলকুনুনু” ইত্যাদি অনেক “নুনু”। মূৰত গুণাৰ বনকৰা মখমলৰ টুপী, গাত গুণাৰ বন-কৰা মখমলৰ চোলা আৰু ঠেঙাৰে সৈতে ৰজাই সন্তানবৃন্দেৰে পৰিবৃত হৈ যেতিয়া প্ৰথমতে আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰত প্ৰৱেশ কৰিলেহি, আমাৰ ওচৰ-চুবুৰীয়া বঙ্গালীসকলে উদগ্ৰীৱ হৈ আমাৰ ঘৰৰ ফালে দৃষ্টিপাত কৰিবলৈ ধৰিলে। তেওঁলোকৰ গৃহৰ অঙ্গনাসকলে ঘৰৰ খিড়িকীৰ জিলমিলি ঘনে ঘনে মেলি আৰু জপাই, জপাই আৰু মেলি জুমি জুমি নেত্ৰপাত কৰিবলৈ ধৰিলে। ল’ৰা-ছোৱালীৰ ভিতৰৰ ডাঙৰবোৰে সৰুবোৰক এইদৰে কোৱা মোৰ কাণত পৰিছিল, “আৰে ভাই পচা! দেখছিস, না এটা যাত্ৰাৰ দল। [ ১৪৪ ] আজকে এদেৰ বাড়ীতে যাত্ৰা হবে। হৈ হৈ ব্যাপাৰ ৰৈ ৰৈ কাণ্ড হবে। আজ ৰাত্ৰে দেখা যাবে এখন।”
এই সকলোবোৰকে খুৱাই-বুৱাই মই লগত লৈ দিনৌ কলিকতাত দেখুৱাবলগীয়া ঠাইবোৰ দেখুৱাই ফুৰিছিলোঁ। বছৰি এনেকুৱা “উৎসৱ” তিনি-চাৰি বাৰকৈ সম্পাদিত হৈছিল।
“Out of evil cometh good” বুলি এষাৰ ইংৰাজী প্ৰচলন আছে। গৃহিণীৰ বিশাল বিপুল ৰন্ধন-কাৰ্য্যৰপৰা এটা ডাঙৰ উপকাৰ হ’ল। তেওঁৰ দ্বাৰাই “আমিষ ও নিৰামিষ আহাৰ” নামৰ বৰ তিনি “ভলিউম” অৰ্থাৎ তিনিখণ্ড ৰন্ধা-বঢ়াৰ কিতাপ ৰচিত হ’ল। আজিও গোটেই বঙ্গদেশত সেই কিতাপ প্ৰচলিত। তাৰ আগেয়ে তেনে কিতাপ বঙ্গদেশত নাছিল বুলিলেই হয়। তাৰ আগতে বিপ্ৰদাস মুখুৰ্জ্জী নামেৰে এজনে “পাক-প্ৰণালী” নামেৰে সৰু কিতাপ এখন ৰচনা কৰিছিল যদিও “আমিষ ও নিৰামিষ" কিতাপেৰে সেইখনৰ তুলনাই নহয়।
আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থাকোঁতেই, আমেৰিকাৰপৰা ডাক্তৰ গোপালচন্দ্ৰ বেজবৰুৱা (Dr G C. Bezbaroa) আহি আমাৰ লগতে কিছুদিন আছিল। তাৰ পিছত তেওঁ S S Mersey নামৰ জাহাজত, কলিকতাৰ গাৰ্ডেন বিচপৰপৰা কুলীৰ তত্ত্বাবধায়ক ডাক্তৰস্বৰূপে কুলী লৈ আকৌ আমেৰিকালৈ যায়। প্ৰায় এবছৰ কি ডেৰ বছৰৰ মুৰতহে তেওঁ বিলাতেদি ঘুৰি আকৌ আমাৰ ঘৰলৈ আহে। অৱশ্যে তেতিয়া আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থকা নাছিলোঁ। তাৰপৰা ২৭ নম্বৰ বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি আহি, তাতে এবছৰমান থাকি হাওড়ালৈ উঠি গলোঁ। [ ১৪৫ ]॥ সপ্তম আধ্যা॥
গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি গলোঁ। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সৰু গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ; নিজৰ গাড়ীত উঠি অফিচলৈ যোৱা আৰু অলৈ তলৈ গৈ গা ঘেলোৱাত মনটোত কেনে সুত লাগি যায় তাৰ সোৱাদ মই লবলৈ পালোঁ। মই প্ৰথমদিনা গাড়ীত উঠি যাওঁতে কচোৱানটোৱে যেতিয়া মূৰত ডাঙৰ পাগুৰি মাৰি আৰু পাগুৰিটোৰ আগফালে গাড়ীৰ গৰাকীৰ নাম থকা পিতলৰ বৰ আখৰ লগাই, দীঘল চাপকনচোলা আৰু ঠেঙা পিন্ধি হাতত চাবুক লৈ ঘোঁৰা চলাইছিল আৰু চহিচটোৱে গাড়ীৰ পিছফালে হাকোটাত ধৰি থিয় হৈ, তেনেকুৱা পিতলৰ বৰ আখৰ পাগুৰিত লগাই, গাত কোট, কঁকালত ছালৰ কমৰবন্ধ মাৰি, তলডোখৰত খৰা পটলুং আৰু আঠুৰ তলৰপৰা সৰু গাঁঠিলৈকে কাপোৰ পটি বান্ধি “হেৰ ঐ চগৰৱাল। তফাৎ যাওঁ।” বুলি কলিকতাৰ বাটত মুহুৰ্মুহুৰ ৰিঙিয়াই গৈছিল, তেতিয়া মই মনত স্বৰ্গ লৈ যোৱা জখলাটোৰ কোনটো ওখ ঢাপত উঠি আছিলোঁ, ক’ব নোৱাৰোঁ। বাটত যাওঁতে থাকি থাকি মোৰ মনত খেলাইছিল “চিনাকি মানুহ লগ নাপাওঁ কিয়?” মোৰ মনৰ প্ৰসন্নতাবৰ্দ্ধক গাড়ী-ঘোঁৰাৰ কিবা যে বৈশিষ্ট্য আছিল এনে নহয় , তেনে গাড়ী-ঘোঁৰা কলিকতাৰ বাটত হেজাৰ বিজাৰ ঘুৰি ফুৰিছে, ঘাইকৈ অফিচ অঞ্চলত।
ক’বলৈ থাকি আহিল যে আমি গোপীকৃষ্ণ পাল লেনত থাকোঁতেই মোৰ প্ৰথমজনী ছোৱালী হয়। তাইৰ নাম থোৱা হৈছিল সুৰভি। সুৰভিৰ জন্মৰ কিছুদিনৰ আগতে মোৰ দেউতাৰ টান নৰিয়াৰ কথা শুনি মোৰ গৃহিণীক তেওঁলোকৰ ঘাই ঘৰ জোড়াসাঁকোতে থৈ মই শিৱসাগৰলৈ গলোঁ। মই শিৱসাগৰত মাথোন দহ-বাৰদিনহে আছিলোঁ। এনেতে আমাৰ ব্যৱসায়ৰ কোনো এটা জৰুৰী কামৰ নিমিত্তে শ্ৰীযুত ভোলানাথ বৰুৱাই মোক মাতি পঠিয়ায়। মই পিতৃদেৱতাক টেলিগ্ৰাফটো দেখুৱাই নৰিয়া-পাটীতে এৰি বিদায় লৈ কলিকতালৈ উভতি আহিলোঁ। মই গুচি অহাৰ পিছতে পিতৃদেৱতাই নাৱেৰে কমলাবাৰী সত্ৰলৈ গ’ল আৰু তাতে কিছুদিনৰ পাছতে ১৮৯৫ খ্ৰীষ্টাব্দৰ ২৭ মে তাৰিখে পৰলোকলৈ প্ৰয়াণ কৰে।
তেওঁ নিজ গুৰুৰ থান পুণ্যভূমি কমলাবাৰী সত্ৰত প্ৰাণ পৰিত্যাগ কৰিবৰ মনেৰেই তালৈ গৈছিল। তাতে তেওঁ যোগীজন-সুলভ ইচ্ছা মৃত্যুবৰণ কৰি তেওঁৰ নশ্বৰ দেহ পৰিত্যাগ কৰিলে। “Times of Assam” কাকতে তেওঁৰ মৃত্যুৰ বিষয়ে এইদৰে লেখিছিলঃ
His calmness and resignation to the will of God were, no doubt noble and pathetic in the presence of his Guru. When he saw the King of Terrors approach, he was all resignation to the divine will [ ১৪৬ ] and left this world in such a cheerful way as if he was going to visit a friend. He had his senses up to the last moment and performed all the rites that are necessary before the death of a devout Hindu. At last fixing his eyes towards Heaven he faintly repeated the prayer similar to “Unto Thy hands I commit my soul, for Thou hast redeemed me. O! Thou God of my salvation!” and then closed his eyes never to be opened again.
মোৰ গৃহিণী অকল ৰন্ধনবিদ্যাতে নহয়, চিত্ৰবিদ্যাতো নিপুণ। সেই কালত তেওঁ অনেক তৈল-চিত্ৰ (oil painting) আঁকিছিল। Portrait-painting অৰ্থাৎ মানুহৰ প্ৰতিকৃতি অঁকাতো তেওঁ নৈপুণ্য প্ৰকাশ কৰিছিল। পিতৃদেৱতাৰ ফটোগ্ৰাফ এখন চাই তাৰেপৰা পিতৃদেৱতাৰ এখন তৈলচিত্ৰ (oil painting) ডাঙৰকৈ (enlarge কৰি) তেওঁ আঁকিছিল। সেই ছবিখন মই শিৱসাগৰলৈ যাওঁতে লগত লৈ গৈছিলো। পিতৃদেৱতাক বোৱাৰীয়েকৰ ভক্তি উপহাৰৰ চিন-স্বৰূপে এখন বহুমূলীয়া বেনাৰছী ছিল্কৰ চুৰিয়াৰে সৈতে সেই ছবিখন দিছিলোঁ। সেই উপহাৰ পাই পিতৃদেৱতাই বৰ সন্তোষ মনেৰে বোৱাৰীয়েকক আৰ্শীবাদ দিবলৈ ধৰিলে। তেওঁ নৰিয়া গাৰেই গা ধুই উঠি সেই বেনাৰছী পাটৰ চুৰিয়াখন আনন্দেৰে পিন্ধি, আমাৰ গোসাঁইঘৰত নাম-প্ৰসঙ্গত বহিছিলগৈ। ছবিখন দেউতাই আমাৰ চ’ৰাঘৰৰ বৰ খুটা এটাত ভালকৈ অঁৰাই থোৱালে। সেই ছবিখন আজিলৈকে আমাৰ শিৱসাগৰৰ ঘৰত কিজানি আছে, কাৰণ আসাম সাহিত্য সন্মিলনীয়ে ১৮৫৩ শকৰ ১৩ পুহ, ইংৰাজী ১৯৩১ ডিচেম্বৰত মোক দিয়া অভিনন্দন-পত্ৰ লবলৈ যেতিয়া মই শিৱসাগৰলৈ গৈছিলোঁ তেতিয়াও সেইখন মই তাত দেখি আহিছিলোঁ।
পিতৃদেৱতাৰ মৃত্যু ১৮৯৫ খ্ৰীষ্টাব্দৰ ২৭ মেইত হয় বুলি ওপৰত মই কৈ আহিছোঁ। ঠিক তাৰ এমাহৰ পিছত অৰ্থাৎ জুনত, জোড়াসাঁকোৰ ঘৰতে সুৰভি ওপজে। মই অৱশ্যে তেতিয়া আসামৰপৰা কলিকতালৈ উভতি আহিছিলোঁ। সেই ছোৱালীটিয়েই মোৰ প্ৰথম কন্যা। নিজৰ ল’ৰা-ছোৱালীক আনৰ ল’ৰা-ছোৱালীতকৈ ভাল দেখাটো মানুহৰ স্বভাৱ। সেইদেখি যদি মই কওঁ যে মোৰ ছোৱালীটি দীপলিপ আছিল, সেই কথাৰ মূল্য নাই। কিন্তু দেখাতো দহে যদি তাকে কয়, তেন্তে সেই কথাটো উৰাই দিবৰ উপায় নাই। সেইবাবেই মই দহৰ লগত মিলি কওঁ যে, সেই সময়ত জোড়াসাঁকো ঠাকুৰ পৰিবাৰৰ ভিতৰত আৰু তেওঁলোকৰ সম্পৰ্কীয় কলিকতাৰ আন আন ঠাইত থকা সকলৰ ভিতৰতে তেনে দীপলিপ্ ছোৱালী নাছিল। ঘাইকৈ সেই দেখিয়েই সুৰভি সকলোৰে আতোল-তোল বস্তু হৈ মৰমৰ পাত্ৰ হৈ পৰিছিল। ঠিক পাঁচ বছৰ বয়সত সুৰভিৰ মৃত্যু হয়।
অলপ কালৰ ভিতৰতে তাই নিজৰ ৰূপৰ উপৰিও গুণৰ চিনাকি এনেকৈ দিছিল যে তাইক দেখাসকলে তাইৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। তাইৰ তিনি-চাৰি বছৰ বয়সতে ইংৰাজী Nursery Rhyme-অৰ ডাঙৰ কিতাপ এখন তাই মুখস্থ কৰি [ ১৪৭ ] পেলাইছিল। তাৰ উপৰি আন আন অনেক ইংৰাজী কবিতা তাই পঢ়াৰ পিছত সুঁৱৰি অনগল মাতি যাব পাৰিছিল। তাই “Twinkle, twinkle, little star” মাতোঁতে “টুনিকোল্ টুনিকোল্ লিটোল্ ষ্টাৰ” মাতিছিল; তথাপি, গোটেইটো কবিতা ক’তো খোকোজা নলগাকৈ মাতি গৈছিল। কোনো কাৰ্য্যৰ নিমিত্তে মানুহৰ শলাগ লওঁতে ইংৰাজীৰে “Thank you” বুলিবলৈ গৈ তাই “ফেঙ্ক ইউ” বুলিছিল। তথাপি সেই ভদ্ৰতাৰ কথাষাৰ তাই কেতিয়াও ব্যৱহাৰ কৰিবলৈ নাপাহৰিছিল। তাইৰ কথাবাৰ্তা অতি মিঠা, আৰু বয়সীয়া মানুহৰ দৰে সঙ্গত (sensible) আছিল। ভয় নামৰ বস্তুটোৰে সৈতে তাইৰ চিনাকি একেবাৰে নহৈছিল। এদিন মোৰ সৈতে আৰি মাৰি সেইকণ ছোৱালীয়ে আমাৰ ঘৰৰ এটা ঘোৰ এন্ধাৰ খোঁটালীত পোন্ধৰ মিনিট সোমাই আছিল। এবাৰলৈকে কোনো ভয়ৰ লক্ষণ প্ৰকাশ কৰা নাছিল। সেই খোঁটালীত এনে আন্ধাৰ যে দিনতে চাকি নহলে তাত সোমাব নোৱাৰি আৰু চাকি নোহোৱাকৈ সোমালে ডাঙৰ মানুহৰ গা চম্ চমাই যায়। সুৰভিয়ে মোৰে সৈতে সেই আঁৰিত জিকি মোৰপৰা এটকা ৰূপ ঘটিলে। বিধিৰ নিষ্ঠুৰ বিধানত তেনেজনী ছোৱালীক তাইৰ পাঁচ বছৰ বয়সতে মই হেৰুৱালোঁ। সুৰভিয়ে আমাৰ গোটেই হিয়াখনি জুৰি আছিল। তাই আমাৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি আমাক এৰি গুচি গ’ল। তাইৰ গঢ়-গতি দেখি সদায় মোৰ মনত চেবাই আছিল—যে এনেজনী ছোৱালী এই পথিৱীত থাকিলে হয়। সুৰভি জীয়াই থকাহেঁতেন আজি তাইৰ ৪১ বছৰ বয়স হ’লহেঁতেন। সুৰভিৰ মৃত্যুত ঠাকুৰ পৰিয়ালৰ আৰু তেওঁলোকৰ সকলো বন্ধু-বান্ধবৰ মুখ ক’লা পৰি গ’ল। সকলোৰে মনৰ ওপৰত যেন বিষাদৰ ক’লা কাপোৰ এখন পৰি গ’ল। মোৰ শালপতি শ্ৰীযুত আশুতোষ চৌধুৰী (পিছত হাইকোৰ্ট ৰ জজ স্যৰ আশুতোষ) ইমান গম্ভীৰ প্ৰকৃতিৰ মানুহ আছিল যে সুৰভি মৃত্যুৰ বাতৰি শুনি তেওঁৰো চকুৱেদি সৰ্ সৰ্ কৰে লো বৈ যাবলৈ ধৰিলে। মুঠতে সুৰভি আছিল a poem এটি কবিতা।
এদিন পুৱা দেখিলে, সুৰভিয়ে সেপ ঢুকিব নোৱাৰা হৈছে। তেতিয়াই ডাক্তৰক মাতি আনিলোঁ। ডাক্তৰে ডিঙিটো পৰীক্ষা কৰি চাই ক’লে ডিপ্ থিৰিয়া ৰোগ হৈছে। তেতিয়াই দৰব-পাতিৰ ব্যৱস্থা হ’ল। সেই কালত ডিপ্ থিৰিয়া ৰোগৰ দৰব এন্টিটক্সিন যে ওলোৱা নাছিল এনে নহয়, কিন্তু আমি যিজন ডাক্তৰক আমাৰ ঘৰুৱা চিকিৎসক (family physician) কৰি ৰাখিছিলোঁ, তেওঁ নজনাৰ বাবেই হওক বা পাহৰাৰ বাবেই হওক, সেই দৰবটো আনি ব্যৱহাৰ কৰা নহ’ল। মই আৰু মোৰ গৃহিণীয়েও তেতিয়া সেইটোৰ সম্ভেদ নাজানিছিলোঁ। সেই একেদিনৰ ভিতৰতে নৰিয়া দোপতদোপে বাঢ়িবলৈ ধৰিলে। মই নিৰুপায় হৈ আবেলি সুৰভিক লৈ জোড়াসাঁকোলৈ গলোঁ। মোৰ আজিও মনত আছে, বাটত গাড়ীত যাওঁতে সুৰভি মোৰ কোলাতে ঘোঁৰাৰ ফালে মুখ কৰি বহিছিল। গঙ্গাৰ পুল (Howrah Bridge) পাৰ হওঁতেই, তাই মোক ক’লে, “দেউতা, মই সমুখৰ ফালে বহোঁগৈ; তুমি বেয়া নাপাবা; মোৰ গাত চেঁচা বতাহ লাগিছে” এই বুলি তাই উঠি গৈ মোৰ ফালে মুখ কৰি সমুখৰ [ ১৪৮ ] আসনতে বহিলগৈ। তাই অৱশ্যে হিন্দী ভাষাত মোক সেই কথা কৈছিল, কাৰণ হিন্দী আৰু অলপ ইংৰাজীৰ বাহিৰে তাই আন ভাষা নাজানিছিল। সেইডোখৰ কালত মই সম্পূৰ্ণ চাহাবী ৰোগগ্ৰস্ত আছিলোঁ, সেইদেখি হিন্দুস্থানী আয়া ৰাখি সুৰভিক সেই আয়াৰ হাতত দি হিন্দুস্থানী ভাষা শিকোৱাই কোৱাই আত্ম-প্ৰসাদ লাভ কৰিছিলোঁ। যাওক সেই কথা।
সেই ৰাতিয়েই জোড়াসাঁকোতে সেই সোণৰ প্ৰতিমাটি হেৰুৱালোঁ। জীৱনত প্ৰথমতে আমি এই দাৰুণ শোক পালোঁ। মাকৰ আৰু মোৰ হিয়া ভাগি টুকৰাটুকুৰ হ’ল। ৰাতি শৱটো কোনে নি নিমতলা ঘাটত পুৰিলেগৈ আজিলৈকে মই ক’ব নোৱাৰোঁ, কাৰণ মোৰ তেতিয়া একপ্ৰকাৰ অজ্ঞান অৱস্থা। সুৰভিক যমৰ বুকুত দি পিছদিনা পুৱাই আমি দুয়ো জোড়াসাঁকোৰপৰা আমাৰ হাওড়াৰ শূন্য ঘৰলৈ উভতি আহিলোঁ। আমাৰ মনৰ অৱস্থা বৰ্ণনাতীত।
এই পৰিবৰ্ত্তনশীল জগতত কোনো বস্তুৱেই সদায় উগ্ৰ হৈ নাথাকে। ইংৰাজীত ক’বৰ দৰে “Time is a great healer”। লাহে লাহে আমি অনেকখিনি স্বাভাবিক অৱস্থাত পৰিলোঁহি। ভগৱদগীতা মোব জীৱনৰ সম্বল হ’ল। ঘাইকৈ গীতাৰ দ্বিতীয় অধ্যায়ৰ অষ্টাবিংশ শ্লোকটোৱে মোৰ মনটো ভালেখিনি থিৰ কৰিলে। শ্লোকটো—
অব্যক্তাদীনি ভূতানি ব্যক্তমধ্যানি ভাৰত।
অব্যক্তনিধনান্যেব তত্ৰ কা পৰিদেৱনা॥
অৰ্থাৎ প্ৰাণী বোৰ আদিতে অব্যক্ত;
মাথোন মাজতে ব্যক্ত অৰ্থাৎ প্ৰকাশিত,
আৰু মৰি গলেও আকৌ অব্যক্ত হয়।
এতেকে তাৰ নিমিত্তে শোক কিয়?
পুজনীয় ৺সত্যেন্দ্ৰনাথ ঠাকুৰৰ (ভাৰতীয়ৰ ভিতৰত প্ৰথম I.C.S, চিভিলিয়ান) জীয়েক শ্ৰদ্ধাস্পদা শ্ৰীমতী ইন্দিৰা দেৱীযে (বি, এ,), মই তলত তুলি দিয়া এই কবিতাটো সুৰভিৰ মৃত্যুত ৰচনা কৰি আমালৈ পঠিয়াই দিছিল—
সুৰভি ছিল তোমাৰ নাম,
তাই বুঝি ফুলেৰ মতন
সৌৰভ কৰিয়া বিতৰণ
দুদিনে ত্যজিলে মৰ্ত্ত্যধাম।
সে সৌৰভ চিৰদিন-ৰাত
ৰহিল মোদেৰ এই ঘৰে,
তুমি থাক দেৱতাৰ তৰে,
অমৰ অমল পাৰিজাত।
শ্ৰীইন্দিৰা দেবী
সেই কালত আমি সম্বলপুৰত মাজে মাজে ফুৰিবলৈ আহিছিলোঁ। সম্বলপুৰৰ গৱৰ্ণমেন্ট উকীল শ্ৰদ্ধাস্পদ ৺যোগেন্দ্ৰনাথ সেন এম, এ, বি, এল্ আৰু তেওঁৰ শিক্ষিতা [ ১৪৯ ] সহধৰ্ম্মিণী কবি আৰু গ্ৰন্থকৰ্ত্ৰী ৺সৰোজ কুমাৰী দেৱী আমাৰ বৰ বন্ধু আছিল। সেইদেখি তেওঁলোকৰ অনুৰোধত মাজে মাজে আমি সম্বলপুৰত ফুৰিবলৈ আহি তেওঁলোকৰ ঘৰতে আলহী হৈছিলোহঁক। মই সম্বলপুৰত ব্যৱসায়ৰ সম্পৰ্কে বসতি কৰিবলৈ অহাৰ এইটো অনেক আগৰ কথা। সৰোজকুমাৰী দেৱীয়ে সুৰভিক আগেয়ে দেখা নাছিল। মৃত্যুৰ পিছত সুৰভিৰ ছবি এখন দেখি তেওঁ স্বইচ্ছাতে, তলত দিয়া কবিতাটো ৰচনা কৰি আমাক দিছিল।
চিত্ৰ-দৰ্শনে
সহসা বেসুৰো কৰি দুটি হৃদি-বীণা
কোন নন্দনেৰ বনে,
খেলিতে মলয়া সনে,
গিয়েছে সুৰভি মেয়ে ভুলিয়ে আপনা।
এসেছিল পথ ভুলে,
মা বাপেৰ স্নেহ-কোলে,
সহসা ভেঙ্গেছে মোৰ খেলৰ বাসনা।
তাই সে গভীৰ ৰাতে
গেছে স্বৰগেৰ পথে,
ধৰাৰ বাঁধন খুলি স্নেহেৰ কামনা।
কবে এই ধৰা পৰে,
পাৰিজাত শোভা কৰে,
সুৰভি কে লভে কোথা, এ যে শুধু ভুল।
ত্ৰিদিবেৰ শোভাৰাশি,
ধৰায় কে দেবে আসি,
দৰিদ্ৰ মানব বুকে আকাঙ্ক্ষা বিপুল।
সুখেৰ স্বপন-প্ৰায়,
চকিতে মিলায় হায়,
শুধু, ভেঙ্গে দিয়ে গেল দুটি হৃদিকুল।
স্বৰ্গেৰ সুৰভি সে যে সুৰভিৰ প্ৰায়।
মধুৰ সুবাস ধাৰা,
ঢালিয়া জগতে সাৰা,
চলে গেছে মুগ্ধ কৰি মানৱ হিয়ায়
সুৰভি পৰশ কৰে,
কে কোথা পেয়েছে ভবে,
শুধু অনুভব কৰ শিৰায় শিৰায়।
স্মৃতিৰ নিৰালা ঘৰে,
২য়-৪
জাগাইয়া অশ্ৰু থৰে,
স্নেহ-মন্দাকিনী ধাৰে সিঞ্চিও তাহায়।
—শ্ৰীসৰোজকুমাৰী দেবী
কৃষ্ণনগৰৰ যদু পাল মাটিৰ মুৰ্ত্তি আৰু “পেৰিচ-প্লাষ্টৰ”ৰ মু্ৰ্ত্তি সজাত বৰ নিপুণ আছিল। তেওঁৰ হতুৱাই পেৰিচ প্লাষ্টৰেৰে মই সুৰভিৰ মুৰ্ত্তি (bust) এটা সজাইছিলোঁ। সুৰভিৰ ছবি এখন চাই যদু পালে সেই মু্ৰ্ত্তিটো সাজিছিল। মুৰ্ত্তিটো হুবহু হৈছিল। সেই মুৰ্ত্তিটো আজিও মোৰ চ’ৰাঘৰত (বৈঠকখানাত) আছে। মই বি, বৰুৱাৰ সৈতে হাওড়াৰ ডবছন ৰোডৰ ঘৰত থাকোঁতে, মন্দিৰৰ নিচিনা সৰু পকীঘৰ এটা সজাই সেই মুৰ্ত্তিটো তাতে থৈ দিছিলোঁ। মই যেতিযা বি, বৰুৱাৰ লগৰপৰা ফাটি সুকীয়াকৈ ৰোজমেৰি লেনত ঘৰ এটা কিনি থাকিবলৈ আহিলোঁ, সেই মুৰ্ত্তিটো ডব্ছন ৰোডৰ ঘৰৰপৰা তালৈ লৈ আহিলোঁ, আৰু মই অহাৰ পিছতে
সেই ক্ষুদ মন্দিৰটো বি, বৰুৱাই ভঙ্গাই মাটিৰে সৈতে সমান কৰি পেলালে। [ ১৫১ ]॥ অষ্টম আধ্যা॥
মাণিকচন্দ্ৰ বৰুৱা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকণি হৈ আসামত ওলালগৈ। শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাৰ ব্যৱসায়ত শ্ৰীযুত ভোলানাথ বৰুৱা যদিও দেখা শুনাকৈ অংশীদাৰ (partner) নাছিল, তথাপি তেৱোঁ সেই কোম্পানীৰ সম্পৰ্কত থকা মানুহ, তেওঁৰ এতিয়া ধন হৈছে, সেইদেখি তেওঁক ধৰিব পাৰিলেই কোম্পানীৰ পাওনাদাৰসকলৰ টকা ওলাব, ইয়াক ঠাৱৰ কৰি, পাওনাদাৰসকলে শ্ৰীযুত ভোলানাথ বৰুৱাকো সাঙ্গুৰি আদালতত টকা ডিগিৰি কৰালে। শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাৰ হাতত টকা নাই; কিন্তু শ্ৰীযুত ভোলানাথ বৰুৱাৰ হাতত আছে; কাৰণ ভোলানাথ বৰুৱাই কলিকতাত নকৈ ব্যৱসায় কৰি টকা-কড়ি কৰিছে; এতেকে ডিগিৰিটো কলিকতালৈ “ট্ৰেন্সফাৰ’’ কৰি অৰ্থাৎ তুলি আনিব পাৰিলেই ভোলানাথ বৰুৱাৰপৰাই সমুদায় টকাটো উলিয়াই লব পৰা যাব, এই মতলব পাওনাদাৰবোৰে পাঙিবলৈ ধৰিলে। স্কেলেন (Scallan) নামৰ এংলো-ইণ্ডিয়ান এজনে সেই পাওনা- দাৰবোৰৰ পৰা মাজতে কিছু, টকা ঘটিবৰ মন কৰি এই বিষয়ত তৎপৰ হৈ উঠিল। স্কেলেন গুৱাহাটীলৈ গৈ সংবাদদাতা-স্বৰূপে ষ্টেট্ছমেন, কাকতত এটা “পেৰেগ্ৰাফ” উলিয়ালে—তাত শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাৰ দেনাৰ হিচাপ দি, শ্ৰীযুত ভোলানাথ বৰুৱাৰ নামটোও উল্লেখ কৰি দিলে। আসামত ৰাষ্ট্ৰ হৈ গ’ল যে ভোলানাথ বৰুৱাই মাণিকচন্দ্ৰ বৰুৱা কোম্পানীৰ টকা লৈ আহি, সেই কোম্পানীক “ফেল” কৰি, নিজে কলিকতাত ব্যৱসায় কৰিছেগৈ। বৰুৱা কোম্পানীৰ পৰা ভোলানাথ বৰুৱাই টকা লৈ আহিছিল নে নাই আৰু সেইবাবে সেই কোম্পানী ফেল হৈছিল নে নাই, এই বিষযে কোনো ভু মই নাপাইছিলোঁ আৰু লোৱাও নাছিলোঁ। আজিলৈকে সেই বিষয়ে মই একো নাজানোঁ আৰু জানিবৰ আকাঙ্ক্ষাও মোৰ হোৱা নাই। বি, বৰুৱাই সেই কথা অস্বীকাৰ কৰি নিজেই মোক যি কৈছিল সেয়ে মোৰ পক্ষে যথেষ্ট হৈছিল বুলি মই বিবেচনা কৰিছিলোঁ; কাৰণ তেতিয়া তেওঁৰ ওপৰত মোৰ অগাধ বিশ্বাস; তাৰ উপৰি তেওঁ মোৰ সহোদৰ ভাই স্থানীয়। তেওঁক মই যেনেকৈ দেখিছিলোঁ, তেনেকৈয়ে নিজৰ মানুহ যেন বিবেচনা কৰি সামৰি লৈছিলোঁ। তেওঁৰ সম্মান ৰক্ষা কৰাটোৱেই মোৰ প্ৰথম আৰু প্ৰধান কাৰ্য্য বুলি মই ভাবিছিলোঁ; আৰু তাৰ অৰ্থে সততে মই যত্নশীল হৈ আছিলোঁ।
বি, বৰুৱা বেঙ্গল-নাগপুৰ লাইনৰপৰা মাজে মাজেহে কলিকতালৈ আহিছিল; আৰু আহিলে এদিন বা দুদিনতকৈ সৰহ দিন নাথাকিছিল। কলিকতাৰ সকলোবোৰ কাৰ্য্য দেখাৰ ভাৰ আছিল মোৰ গাত। কলিকতাত সদায় তেওঁ একপ্ৰকাৰে মোৰ গাৰ আঁৰত থাকি চলিছিল। আমাৰ ব্যৱসায়ৰ সকলো টকা-কড়ি বেঙ্কত মোৰ নামে থোৱা হৈছিল। কেইবাটাও বেঙ্কত টকা থোৱা হৈছিল, যেনে-Credit de Lyons, National Bank, Calcutta Bank, Hindusthan Bank, Hongkong & Shanghai Banking Corporation, ইত্যাদি। ওপৰত নাম দিয়া গোটাদেক [ ১৫২ ] বেঙ্কৰ অস্তিত্ব আজিকালি নাই। বেঙ্কৰ সকলোবোৰ কাৰ্য্যকে মই কৰিছিলোঁ। বি. বৰুৱাৰ অনুৰোধত মই মোৰ বেজবৰুৱা (Bezbaroa) উপাধিৰ বৰ্ণবিন্যাস (spelling) সলাই এল্. এন্. বি. বৰুৱা কৰিছিলোঁ, যেনে L. N. B. Boroah। বি. বৰুৱা সহোদৰ ভাইৰ বেজবৰুৱা উপাধি কেনেকৈ হ’ব? এইটো প্ৰশ্ন যাতে ব্যৱসায়-ক্ষেত্ৰত নুঠে আৰু যাতে আমাক জনাশুনা বঙ্গালী আৰু য়ুৰোপীয়সকলৰ যাতে মনত কোনো সন্দেহ নোপজে, তাৰ দিহা এইদৰে কৰা হৈছিল। মই ব্যৱসায় সম্পৰ্কে কাকত-পত্ৰত প্ৰথমতে L. N. Boroah & Co. চহী কৰিবলৈ ধৰিলোঁ। মোৰ শহুৰৰ ঘৰৰ নিতান্ত আপোন মানুহ কেইজনৰ বাহিৰে, আনে নাজানিছিল যে শ্ৰীযুত ভোলানাথ বৰুৱাৰ সৈতে মোৰ ৰক্তৰ সম্পৰ্ক নাই। শহুৰৰ ঘৰৰ সেই- সকলে আমাৰ দুইৰো ভিতৰত তেনে মিলা-প্ৰীতি আৰু চেনেহৰ ব্যৱহাৰ দেখি ভিতৰি সন্তোষ পাই বৰ আনন্দ প্ৰকাশ কৰিছিল। বি বৰুৱাই অকল আচৰণেই নহয়, মুখৰ কথাৰেও সকলোৰে আগত তাকে সম্পূৰ্ণ ৰূপে সমৰ্থন কৰি চলিছিল। আন কি, Jardini Skinner Company-ৰ পৰা আৰম্ভ কৰি সকলোৱে আমাৰ দুয়োৰে ভিতৰত সম্পৰ্কটো তেনেকুৱা বুলিহে থিৰাংকৈ জানিছিল। বি. টি টি কোম্পানীৰ কলিকতা অফিচৰ বৰচাহাব মিষ্টাৰ জে. আৰ. ষ্টুৱাৰ্টে (J. R. Stewart) দেখা হলেই মোক সুধিছিল, “How is your brother? When is he coming to Calcutta?” ইত্যাদি। কতবাৰ ব্যৱসায়-ক্ষেত্ৰত বি. বৰুৱাই নিজ মুখেৰেই কোৱা মই শুনিছিলোঁ—“আমি দুই ভাইহে মাথোন।”
আমি গোপীকৃষ্ণ পালৰ লেনত আৰু বলৰাম দে ষ্ট্ৰীটত থাকোঁতে, আন কি হাওড়াত ঘৰ কিনি লৈ থাকোঁতে, তাতে প্ৰথমডোখৰত বি বৰুৱাই আসামৰপৰা অহা, তেওঁৰ সম্পৰ্ক থকা বা নথকা কোনো অসমীয়া মানুহেৰে সৈতে দেখা নকৰিছিল, আন কি তেওঁক বিচাৰি আমাৰ ঘৰলৈ সেই মানুহ আহিলেও তেওঁ দেখা নিদিছিল। তেওঁৰ ককাইদেৱক শ্ৰীযুত হেমকান্ত বৰুৱা আমি বলৰাম দে ষ্ট্ৰীটত থাকোঁতে দুবাৰ নগাৱঁৰপৰা তেওঁক চাবলৈ আহিছিল। বি. বৰুৱাই তেওঁক দেখা নিদি মোৰ হতুৱাই কলিকতাৰ কালীঘাটত থোৱাই, কথাবাৰ্তা কোৱাই অলপ ধন-বিত দিয়াই ওভতাই পঠিয়াই দিছিল। হেমকান্ত বৰুৱাৰ পুতেক তেওঁৰ নিজা ভতিজা- সকলৰ প্ৰতিও তেওঁ কলিকতাত তেনে আচৰণকে কৰিছিল। সকলো সময়তে তেওঁ মোৰ আঁৰত থাকি, দূৰৰপৰা মোৰ হতুৱাই তেনেকুৱা সকলো লেঠা মৰাই চলিছিল। মোৰ লাভৰ ভিতৰত, তেওঁৰ বংশৰ সকলোৱে ভাবিছিল যে মহা স্বাৰ্থপৰ মহা ধূৰ্তং এই লক্ষ্মীনাথ বেজবৰুৱাৰ কুপৰামৰ্শ শুনিহে ভোলানাথ বৰুৱাই তেওঁলোকেৰে সৈতে তেনে ব্যৱহাৰ কৰিছিল। ইশ্বৰ সাক্ষী, মই সমূলি নিৰ্দ্দোষী আছিলোঁ। বৰং মই তেওঁৰ তেনে কাৰ্য্যত, তেওঁৰ নিৰ্দ্দেশ অনুসৰি চলিবলগীয়া হোৱাত বৰ আহুকাল আৰু অস্বস্তিহে অনুভৱ কৰিছিলোঁ। আসামৰপৰা কলিকতালৈ অহা প্ৰায় সকলোবোৰ মানুহৰ প্ৰতি, ঘাইকৈ গুৱাহাটীৰ, তেওঁৰ ব্যৱহাৰ তেনেকুৱাই আছিল। এক মাথোন ব্যতিক্ৰম ঘটিছিল শ্ৰীযুত বলিনাৰায়ণ বৰাৰ ভায়েক হৰ[ ১৫৩ ] নাৰায়ণ বৰাৰ আৰু আন দুজন-এজনৰ বেলিকা। তেওঁ তেনেকৈ চলাৰ আচল কাৰণটো যদিও তেওঁ নানা কৌশলেৰে ঢাকি থবলৈ চেষ্টা কৰিছিল, তথাপি যে মই বুজা নাছিলোঁ এনে নহয়। বুজিও, মোৰ অতি বুদ্ধিৰে সেই জ্ঞানৰ ওপৰত মূৰ্খতাৰ বৰকাপোৰ এখন দি তাক ঢাকি থৈ পোন পটিয়েদি ভাবি-মহা সুখ লভিছিলোঁ যে যদিও সেইটোও এটা কাৰণ, তথাপি ঘাই কাৰণটো হৈছে—মোৰ প্ৰতি তেওঁৰ প্ৰগাঢ় ভ্ৰাতৃস্নেহ নামৰ প্ৰেমৰ প্ৰেৰণাত, সেই প্ৰেৰণাৰ চালনাত তেওঁ নিজ বংশৰ নিজা মানুহকো বিসৰ্জন দি সেইদৰে চলিছে। কোনোবাই যদি এইখিনিতে মোক লাহেকৈ সোধে--“বেজ-বৰুৱাদেও, মূৰ্খ গছত লাগেনে?” মই তেওঁক নমস্কাৰ জনাই কম, “গছত নেলাগে দেও। কলিকতাৰ কলেজত লেখা-পঢ়া শিকি পণ্ডিত হৈ সেইজন তেওঁৰ আগতে থিয় দি আছে; আৰু সেইজনৰ নাম লক্ষ্মীনাথ বেজবৰুৱা।” মুঠতে, বিষ্ণুশৰ্মা পণ্ডিতৰ সগোত্ৰ লক্ষ্মীনাথ শৰ্মা নামৰ পণ্ডিতজন তেতিয়া সপ্তম স্বৰ্গত উঠি বহি আছিল।
ওপৰত কৈ আহিছোঁ যে কালীকৃষ্ণ প্ৰামাণিকৰ কেলেডনীয়া ডকৰ এছিষ্টেণ্ট মেনেজাৰ বাবু; অতুলকৃষ্ণ ঘোষেৰে সৈতে আমাৰ, বিশেষকৈ মোৰ খুব বন্ধুত্ব হৈছিল আৰু সেই বন্ধুত্বই প্ৰীতিত পৰিণত হৈছিলগৈ। তেওঁ কেনে ওখ মনৰ আৰু উদাৰ প্ৰকৃতিৰ মানুহ আছিল, সেইটোৰো উল্লেখ ওপৰত কৰি আহিছোঁ। এদিন গধূলি শ্ৰীযুত ভোলানাথ বৰুৱা আৰু মই আমাৰ ঘৰৰ গাড়ীত উঠি, মোৰ জী সুৰভিক লগত লৈ অতুল বাবুৰ সৈতে দেখা কৰিবলৈ তেওঁৰ হাওড়াৰ ঘৰলৈ গৈছিলোঁ। হাওড়াত কেলেডনীযা ডকৰ ওচৰত অতুল বৰাৰ ঘৰ। বি. বৰুৱাক সুৰভিয়ে “জেঠা“ বুলি মাতিছিল। অতুল বাবু যেতিয়া আমাৰ ঘনিষ্ঠৰূপে বন্ধু হ’ল, সুৰভিয়ে তেওঁকো “হাওড়াৰ জেঠা” বলি সম্বন্ধ ধৰি মাতিবলৈ ধৰিলে। অতুল বাবুৱে সুৰভিক বৰ মৰম কৰিছিল। সেইদিনা আমি অতুল বাবুৰ ঘৰত কিছুপৰ থাকি তেওঁৰ সৈতে কথা-বাৰ্ত্তা পাতি অঁতাই, পদূলিমুখত ৰৈ থকা আমাৰ গাড়ীত যেতিয়া উঠিবলৈ গলোঁ, অতুল বাবুৱেও আগ বঢ়াই থবলৈ লগতে আহিছিল। আমি ঠিক গাড়ীত উঠিবলৈ গৈছোঁ, এনেতে হঠাৎ সুৰভিয়ে অতুল বাবুক কলে “দেখ, হাওড়াৰ জেঠা। হাওড়াটা আমাৰ ভাল লাগে। কলকাতা আৰ ভাল লাগছে না। তোমাৰ বাড়ীৰ কাছেই আমাদেৰ জন্য একটা বাড়ী কিনে নাও; আমাৰা হাওড়াৰ চলে আস্ব।” সেই চাৰি বছৰীয়া ছোৱালীজনীৰ কথা শুনি অতুল বাবু অবাক্ হ’ল। আমিও আচৰিত মানিলোঁ। অতুল বাবুৱে তাইৰ গালত হাত ফুৰাই মৰম কৰি কলে, “মা, আমি নিশ্চয় বল্ছি, আমাৰ বাড়ীৰ কাছেই একটা বাড়ী ঠিক কৰে দিব। দিন খাতেকেৰ মধ্যেই।” আমি গাড়ীত উঠি গুচি আহিলোঁ। বাটত আহোঁতে বি. বৰুৱাই সুৰভিক সুধিলে, “হঠাৎ সেইদৰে অতুল বাবুক কবলৈ তোমাৰ মনত কেনেকৈ খেলালে?
সুৰভিয়ে একো উত্তৰ নিদি মিচিক্ কৰে হাঁহি মনে মনে থাকিল। অতুল বাবু হাওড়াত প্ৰতিপত্তিশালী (influential) আৰু জনপ্ৰিয় মানুহ [ ১৫৪ ] আছিল। কি য়ুৰোপীয়, কি ভাৰতীয় সকলোৱে তেওঁক শ্ৰদ্ধা কৰিছিল আৰু ভাল পাইছিল। সঁচাকৈয়ে সাদিনৰ ভিতৰতে তেওঁ আমালৈ ৩৭ নম্বৰ ডবছন ৰোডৰ ঘৰটো ঠিক কৰিলে। প্ৰায় আঢ়ৈ “একৰ” মাটিৰ সৈতে ডাঙৰ টোলেৰে সৈতে এক-মহলীয়া ঘৰটো দেখি আমাৰ বৰ মন খালে। ঘৰটো ডিক্সন (Mrs. Dickson) নামৰ এজনা মহিলাৰ। বাৰ হেজাৰ টকাত ঘৰটো কিনি লোৱা হ’ল। বি. বৰুৱাৰ নামতে দলীল লেখা হ’ল। সেইটো ঘাইকৈ মোৰ ইঙ্গিত। কাৰণ বি. বৰুৱা আমাৰ ভিতৰত মুখ্য মানুহ আৰু মোৰ “বৰ ভাই” আৰু বি বৰুৱাও মই, ময়েই বি. বৰুৱা। অবিবাহিত বি. বৰুৱাৰ মোৰ বাহিৰেতো আৰু কোনো নাই। এই ভাবেই তেতিয়া মোৰ গোটেইটো মন লোণত আচাৰৰ নেমুটেঙাটো খৰাই থোৱাদি খৰাই থৈছিল।
ঘৰটো কিনা হলতে মই লৰালৰিকৈ গোটেইটো ঘৰ ভালকৈ মেৰামত কৰাই, চূণ- কাম কৰাই, বৰণ দিয়াই ধুনীয়া কৰি পেলালোঁ। এমাহৰ ভিতৰতে কলিকতাৰ বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এৰি আমি তালৈ আহিলোঁহক। ১৯০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত মানুহ-বিহুৰ দিনা তাত আদি ব্ৰহ্ম সমাজৰ আচাৰ্য পণ্ডিত হেমচন্দ্ৰ বিদ্যাৰত্নৰ হতুৱাই উপাসনা কৰাই বন্ধু-বান্ধবেৰে সৈতে গৃহপ্ৰবেশ উৎসৱ সমাপন কৰিলোঁ। তাৰ পিছত দিনকদিনে ঘৰটো আৰু তাৰ চাৰিওফালে ইটাৰ বেৰ (compound wall), চাকৰ-নাকৰৰ ঘৰ, খোঁৰা-গাডীৰ ঘৰ, বহল বাট-পথ ফটক (gate ) ইত্যাদিবোৰ কৰোৱাত লাগি গলোঁ। তিনি মাহৰ ভিতৰতে সি ৰম্যপুৰী হৈ উঠিল। compound wall-অৰ ভিতৰতে সৰু পুখুৰী এটা আছিল, সেইটো পোতালোঁ। টেনিচ খেলিবলৈ “লন্টেনিচ গ্ৰাউন্ড” কৰালোঁ, দুকাষে বহিবলৈ বগা শিলৰ বেঞ্চ পতালোঁ। ফুল আৰু ফুলৰ বাগিচা কৰি জক্মকীয়া কৰি পেলালোঁ। তাৰ এবছৰৰ পিছতে ঘৰটো দুমহলীয়া কৰি তাৰ আৰু উন্নতি সাধন কৰিলোঁ। সমুখতে মুকলি ঠাইত আৰু পকীঘৰ এটা সজালোঁ, তাত বিলিয়াৰ্ড টেব্ল থৈ বিলিয়াৰ্ড খেলিবৰ দিহা কৰিবৰ মনেৰে। মই তেতিযা সদায় ইন্ডিয়া ক্লাবত বিলিয়াৰ্ড খেলিছিলোঁগৈ। সেই দেখি নিজৰ ঘৰতে বন্ধু-বান্ধবেৰে সৈতে সেই হেপাহ পলুৱাবৰ নিমিত্তে অতুল বাবুৰ পৰামৰ্শমতে সেই বিলিয়াৰ্ডৰ ঘৰটো সজোৱা হৈছিল। কিন্তু সেই ঘৰত আৰু বিলিয়াৰ্ড টেব্ল নুঠিল আৰু মোৰো সুহৃদ্বৰ অতুল বাবুৰো তাত বিলিয়াৰ্ড খেলা নহ'ল। আজিও হাওড়াত যি সেই ডবছন ৰোডৰ ঘৰটো দেখিছে সি বুজিব বাৰ হেজাৰ টকাত কিনা সেই ঘৰটোৰ কি উন্নতি কৰি মই তাক প্ৰায় লাখ টকা বেচৰ সম্পত্তি কৰি থৈ আহিছিলোঁ। কোনো ঠিকাদাৰৰ হাতত মই ঘৰটোৰ বিষয়ে কোনো কাৰ্য্যকে দিয়া নাছিলোঁ। ৰ'দ-বতাহ মূৰত লৈ মই দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি সেই কাৰ্য্য আনন্দ মনেৰে সমাপন কৰি তুলিছিলোঁ। আজিলৈকে সেই ঘৰৰ গাত, বাহিৰে- ভিতৰে, যি সৌন্দৰ্য্য বা দেখনিয়াৰ বস্তু আছে, সেই সকলোবোৰতে মোৰ হাতৰ এই পাঁচোটা আঙুলিৰ সাঁচ আছে আৰু গোটেইটো ঘৰ ভাঙি চুৰ্চুমৈ নকৰালৈকে সেই
সাঁচ নমৰে। [ ১৫৫ ]॥নবম আধ্যা॥
১৯০০ খ্ৰীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জনী জোৱালী শ্ৰীমতী অৰুণাৰ জন্ম হয়। সুৰভি তেতিয়া তাতে আছিল। অৰুণাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সুৰভিয়ে মোক কলে, —“চোৱাচোন দেউতা, ইয়াত সকলোৱে মোৰ ভনীটিক ক’লা বুলিছে। তুমি চাই যোৱাহি, তাই ক’লা নহয়; মাথোন মোতকৈ অলপ কম বগা! মই এই কথাকে লৈ আজি পুৱাৰেপৰা সকলোৰে সৈতে দ্বন্দ কৰি ফুৰিছোঁ”। মই সুৰভিৰ গালত হাত ফুৰাই মৰমকৈ তাইক কলোঁ, “মই চামগৈ এতিয়াই। আই তুমি বেজাৰ নেপাবা , তোমাৰ ভনীটি কেতিয়াও ক’লা হ’ব নোৱাৰে।”
অৰুণা ওপজাৰ ওঠৰ দিনৰ দিনা ৰাতি ৪ ডিচেম্বৰত সুৰভিয়ে আমাক শোক- সাগৰত বুৰাই চিৰকাললৈ এৰি থৈ গুচি গ’ল।
ইংৰাজীত এটা কথা আছে, Nothing succeeds like success অৰ্থাৎ সিদ্ধিয়ে সিদ্ধিৰ পিছ লয়। এইদৰে কলে বঢ়াই কোৱা নহব যে আমাৰ ব্যৱসায ন জোনৰ দৰে কলা কলাকৈ দিনৌ বাঢ়ি আহিবলৈ ধৰিলে। কলিকতাত কাঠৰ ব্যৱসায় কৰোঁতা দেশী মানুহৰ ভিতৰত কি মাৰোৱাৰি কি বঙালী আমাৰ ঠাই মুধচ চো চা হ'লগৈ। বাবু গিৰীশবোসৰ কথা ওপৰত উনুকিযাই আহিছোঁ। কলিকতাত কাঠৰ ব্যৱসায় কৰোঁতা সকলৰ ভিতৰত তেওঁৰ ঠাই তেতিযা টিঙত আছিল। এতিয়া তেওঁকো আমি ঢুকি পাওঁ পাওঁ যেন হলোঁগৈ। ইংৰাজী ফাৰ্ম্ম জাৰ্দ্দিন স্কীনৰ কোম্পানীৰ ঘৰত আমাৰ প্ৰতিপত্তি দেখি গিৰীশ বাবুৰ বুক কঁপি উঠিল। বৰ্মা যুদ্ধৰ সময়ত ক্ৰোড়পতি হোৱা মাৰোৱাৰী ভগৱান দাস বগুলা তেতিয়া জীয়াই নাছিল। তেওঁৰ ফাৰ্মৰো আগৰ প্ৰতিপত্তি কমি গৈছিল। চিমন্ লাল গেন্ধেৰীৱাল, মতিলাল ৰাধাকিষণ প্ৰভৃতি মাৰোৱাৰী ফাৰ্ম্মো বি. বৰুৱা কোম্পানীৰ কাষত হাত পাতিবলগীয়া অৱস্থাত পৰিলহি। কালীকৃষ্ণ প্ৰামাণিকৰ ফাৰ্ম্মৰো চাল তেতিয়া ভাটী বয়সৰ ফালে। ঈশ্বৰৰ অনুগ্ৰহত যেতিয়া আমাৰ ফাৰ্ম্মে এনে সৌভাগ্যৰ অৱস্থাৰ ফালে বাট ল’লে আমি দুয়ো পৰামৰ্শ কৰিলোঁ যে ব্যৱসায়ত, বিশেষকৈ চেগুণ কাঠৰ ব্যৱসায়ত বিশেষ পাৰদৰ্শী আৰু সকলো বিষযতে অভিজ্ঞ আৰু সকলোৰে শ্ৰদ্ধা আকৰ্ষণ কৰোঁতা বাবু অতুলকৃষ্ণ ঘোষক-যাৰ বিষয়ে আগেয়ে কৈ আহিছোঁ—যদি আমাৰ ফাৰ্মলৈ আমি আনি লব পাৰোঁ তেন্তে সোণত সুৱগা হোৱাদি হব; আৰু কলিকতাত আমাক কোনেও বলে নোৱাৰে। ইযাক থিৰ কৰি মই অতুল বাবুৰ কাণত আমাৰ মনৰ কথাটো লাহে লাহে কুহুলিয়াবলৈ ধৰিলোঁ। আগেয়ে কৈ আহিছোঁ যে মই অতুল বাবুৰ বিশেষভাৱে ভালপোৱাৰ পাত্ৰ হৈ পৰিছিলোঁ। ভোলানাথ, লক্ষ্মীনাথ এই “দুই ভাই”ৰ ওপৰত তেওঁৰ শ্ৰদ্ধা আৰু বিশ্বাসো বাঢ়ি আহিছিল। তেওঁ ভাবি- চিন্তি আমাৰ লগলৈ আহিবলৈকে সম্মত হ’ল। কালীকৃষ্ণ প্ৰামাণিকৰ ব্যৱসায়ো [ ১৫৬ ] তেতিয়া পৰি অহাৰ ফালে। সেই দেখি আমাৰ প্ৰস্তাৱত সম্মত হবলৈ অতুল বাবুৰ বিশেষ বাধা নাছিল; কিন্তু তেওঁ চিৰকাল কালীকৃষ্ণ প্ৰামাণিকৰ চাউল খাই আহিছে; সেই দেখি তেওঁলোকৰ খোলা মনেৰে দিয়া অনুমতি পোৱাটো তেওঁ অতি আৱশ্যকীয় বিবেচনা কৰিলে। কালীকৃষ্ণ প্ৰামাণিক আৰু তেওঁৰ পুতেককেইজন আমাৰো পৰম বন্ধু। সেই নিমিত্তে আমিও তেওঁলোকৰ অনুমতিসাপেক্ষ হলোঁহক। বুঢ়া কালীকৃষ্ণ প্ৰামাণিক বৰ উদাৰ মনৰ মানুহ আছিল। নৈষ্ঠিক হিন্দুৰ সকলো কাৰ্য্যকলাপ আৰু আচৰণত তেওঁৰ প্ৰগাঢ় অনুৰাগ আছিল। দেৱদ্বিজত তেওঁৰ অচলা ভক্তি। তেওঁৰ পিতৃদেৱতা তাৰকানাথ প্ৰামাণিকে নিজৰ ঘৰত এখন কাপোৰ পাতি তাৰ ওপৰত এক লক্ষ নিমন্ত্ৰিত ব্ৰাহ্মণৰ পদধূলি পেলোৱাই লৈ গোটাই সেই পদধুলি সোণৰ টেমা এটাৰ ভিতৰত ভৰাই থৈছিল আৰু সি তেওঁলোকৰ ঘৰত বহুমূলীয়া বস্তু বিবেচিত হৈ আজিও আছে। সেই ব্ৰাহ্মণৰ পদধূলি সকলো অশুভ বিধ্বংসকাৰী পৰম মঙ্গলময় বুলি তেওঁলোকে আজিও ভাবে। তেওঁৰ পুতেক- কেইজনো উদাৰ মনৰ মানুহ আৰু সম্পূৰ্ণ ভদ্ৰ আছিল। তাৰ উপৰি তেওঁলোকে তেওঁলোকৰ বিস্তৃত ব্যৱসায় সামৰি আনি সৰু কৰিবৰ মনো কৰিছিল। সেই দেখি অতুল বাবুক এৰি দিষাত আৰু বিশেষকৈ আমাৰ লগলৈ এৰি দিয়াত, তেওঁলোকৰ বিশেষ আপত্তিৰ কাৰণ নোলাল। তেওঁলোকে আনন্দ মনেৰে অতুল বাবুক আমাৰ লগলৈ আহিবলৈ এৰি দিলে। অতুল বাবু আমাৰ লগলৈ অহাৰ কিছুদিনৰ আগেয়ে তেওঁলোকৰ চেগুণ কাঠৰ ব্যৱসায় বিভাগত থকা বাবু কিশোৰীমোহন সিংহ আমাৰ লগলৈ আহিছিল। কিশোৰী বাবু কাঠৰ ব্যৱসায় আৰু হিচাপ-পত্ৰৰ কিতাপ দস্তুৰ মতে ৰখাত বৰ নিপুণ আছিল। তেওঁক পাই আমাৰ সন্তোষৰ জোখ বাঢ়ি গ’ল।
বি, এন্, আৰ্, লাইনত কৰা আমাৰ শালকাঠৰ ব্যৱসায়ৰ বিস্তৃতি আৰু বিপুলতা বুজিব পাৰি তাৰ সাদিনীয়া ( weekly) খৰচৰ টকাৰ হিচাপ শুনিলে। প্ৰত্যেক সপ্তাহতে মই কলিকতাৰপৰা তালৈ দহপোন্ধৰ হেজাৰৰ পৰা পঁচিশ-ত্ৰিশ হেজাৰলৈকে টকা পাঠিয়াইছিলোঁ। সাধাৰণতে আমাৰ কেৰাণী বা বিশ্বাসী চাপ্ৰাচীয়ে এই টকা লৈ গৈছিল। সৰহকৈ পঠাবৰ হলে মই নিজে সেই টকা লৈ গৈছিলোঁ। জঙ্ঘলৰ কাম গৱৰ্ণমেন্ট-কৰেঞ্চি নোটেৰে নচলে। তেতিয়াও নচলিছিল, আজিও আনকি এই সম্বলপুৰতে নচলে। নোট ভঙাই টকা, আধলি, সিকি, আদমহীয়া আৰু পইচা কৰি নপঠিয়ালে কাম অচল; কাৰণ অশিক্ষিত জঙ্ঘলী কৰতীয়া, গাৰোৱান আৰু কুলীয়ে নোটৰ মূল্য নুবুজে। সপ্তাহে সপ্তাহে দহ পোন্ধৰ হেজাৰ টকা ভঙাই লৈ গৈ ব্যৱসায় ক্ষেত্ৰত যোগোৱাটো কি মস্কিলৰ কথা, যাৰ সেইটো দেখা-শুনাৰ জ্ঞান নাথাকে সি ভালকৈ বুজিব নোৱাৰে। তাৰ উপৰি ৰেলত চোৰ- ডকাইতৰ ভীষণ ভয় আজিকালি যেনেকৈ আছে, তেতিয়াও আছিল। বৰং বেছিকৈহে। মই লগত এটিও জনপ্ৰাণী নোলোৱাকৈ, অৱশ্যে খৰচৰ ভয়ত ব্যয়-সঙ্কোচ (economy) কৰি মাহেকত দুবাৰ তিনিবাৰকৈ সেইদৰে বি, এন্, আৰ্, আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ [ ১৫৭ ] টকা লৈ গৈছিলোঁ। তেনে কাৰ্য্য কৰোতে দুবাৰ-এবাৰ যে মোৰ কোনো অঘটন ঘটা নাছিল, এনে নহয় , অৱশ্যে serious অৰ্থাৎ মাৰাত্মক বিধৰ নহয়। এবাৰ ১৯০২ খ্ৰীষ্টাব্দৰ মাৰ্চ্চ মাহৰ ৮ তাৰিখে মই কুৰি হেজাৰ টকা সেইদৰে লৈ যাওঁতে, ঝাড়- চোগোড়া ষ্টেচনত, য’ত মই নামিব লাগিছিল, নামিব নোৱাৰি ৰায়গড় ষ্টেচন পাইছিলোঁগৈ। ৰাতি একমান বজাত ৰেলগাড়ী তেতিয়া ঝাড়চোগোড়া ষ্টেচন পাইছিলগৈ। মই ওৰে দিনটো গাড়ীত গৈ ভাগৰি টোপনিত লালকাল হৈ পৰিছিলোঁ। গাড়ী কেতিয়া ঝাৰচোগোড়া পালেগৈ মোৰ গমকে নহ’ল। গাড়ীয়ে যেতিয়া ঝাৰ- চোগোড়া ষ্টেচন এৰি পোঁ কৰি দীঘলীয়া সুৰ ধৰি হুইচেল দিলে, তেতিয়াহে মোৰ টোপনি ভাগিল। মই খকৰ্-মকৰ্কৈ উঠি দেখিলোঁ, সৰ্ব্বনাশ। টকাৰ বাকচটোলৈ চাওঁ সি নিৰ্ব্বিঘিনিৰে আগৰ ঠাইতে বহি থাকি যেন মোৰ মুখৰ ফালে চাই কাঠহাঁহি হাঁহি কৈছে,—“বান্ধৈ আজি পৰিল ফান্দত। থাকা নাক ঘোৰ্ঘোৰাই বেঞ্চৰ ওপৰত চিত-ভোলোঙা খাই শুই।” অশান্তি-ব্যৰ্থতাত মোৰ মানসিক কষ্টৰ সীমা নোহোৱা হ’ল। সিফালে ৰেল কোম্পানীক ফাকি দিবৰ মনেৰে “বুক” নকৰাকৈ লগতে এটা লোৰ পেৰাত (steel trunk) এপেৰা টকা। পেৰাটো টকাৰ ভৰত ইমান গধুৰ হৈছে যে, মই টানি-আঁজুৰি তাক লৰাব চৰাবকে নোৱাৰোঁ। নিৰুপায় হৈ ভাবি বহি আছোঁ। ডাকগাড়ী চেঁকুৰি গৈ গৈ পিছৰটো ষ্টেচন ৰায়গড়ত ৰ’লগৈ। ঝাৰ- চোগোড়াৰপৰা ৰায়গড়লৈ প্ৰায় দুঘণ্টামানৰ বাট। তাত পাঁচ মিনিটৰ বেছি গাড়ী নাথাকে। সিফালে ৰাতি তিনিমান বাজিছে। ষ্টেচনত কুলী নাই। মই মৰো জীওঁ সোঁ আধিকৈ প্ৰাণৰ কাতৰে বল দি টকাৰ পেৰাটো টানি-আঁজুৰি চোঁচোৰাই নি কোনোমতে প্লেটফৰ্মত পেলাই নামি পৰিলোঁ। ষ্টেচন মাষ্টৰজন বঙ্গালী। মই মোৰ দুখ নিবেদন কৰি তেওঁৰ শৰণাপন্ন হলত, মোৰ প্ৰতি তেওঁৰ দয়া সম্পজিল। মোক যেনেমতে ৰাতিৰ ভিতৰতে ঝাৰচোগোড়ালৈ উভতি যাবৰ দিহা কৰি দিবলৈ মই তেওঁক খাটনি ধৰিলোঁ। তেওঁ মোক আশ্বাস দি ক’লে, যে এঘণ্টামানৰ পিছতে মালগাড়ী এখন ঝাৰচোগোড়াৰ ফালে যাব। তেওঁ সেই গাড়ীৰ ফিৰিঙ্গী গাৰ্ডজনক কৈ তাতে মোক পঠিয়াই দিব আৰু কুলী এটাৰ হতুৱাই পেৰাটো মালগাড়ীতে মোৰ লগতে তোলাই দিব। সেইমতেই কাম হ’ল। পিছদিনা পুৱা আঠমান বজাতহে মই ঝাৰচোগোড়া ষ্টেচনত ওলাব পাৰিলোঁহি। ঝাৰচোগোড়া ষ্টেচনত নামিহে, মোৰ মূৰটো গলধনৰ ওপৰত থিয় হৈ আছে নে নাই খেপিয়াই চাই জানিলোঁ যে আছে। সেইবাবে ঈশৰক ধন্যবাদ জ্ঞাপন কৰি থকা ঠাইলৈ খোজ ললোঁ। ৰায়গড় ষ্টেচনত তেতিয়া জন-প্ৰাণীৰ সমাগম বেছি নাছিল। ঝাৰচোগোড়া আৰু ৰায়গড়ৰ মাজৰ বাটডোখৰত মানুহতকৈ লক্ষ কোটি গুণে সৰহ হাবি-বনৰ বসতিহে আছিল। নিজান আন্ধাৰ ৰাতি কোনোবাই মোক সেইদৰে এপেৰা ৰূপ লৈ অকলে যোৱা-দেখি বাটতে ধৰি যদি টকাৰ লোভত “সি-কৰ্ম্ম” কৰিলেহেঁতেন, তেন্তে আজি চকীমেজত বহি জীৱন-সোঁৱৰণ লেখিবলৈ এই দুখীয়া অসমীয়া লক্ষ্মীনাথ বেজবৰুৱা বপুৰা আৰু
নাথাকিলহেঁতেন। [ ১৫৮ ]মোৰ ডায়েৰী (dairy) লেখা অৰ্থাৎ জীৱন-কাৰ্য্যৰ দৈনিক সংক্ষিপ্ত বিৱৰণ লেখা অভ্যাস বৰ চেলেংপেতেং। তথাপি মোৰ পুৰণি ডায়েৰীৰ পৰা কিছুমান কথা চমুকৈ ইয়াত দিওঁ এই বাবে যে তাৰ দ্বাৰাই অলপ বুজিবলৈ সুবিধা হব, তেতিয়া আমাৰ ব্যৱসায় কেনে ডাঙৰ হৈ পৰিছিল আৰু মোৰ জীৱন কেনে কাৰ্য্যময় আছিল।
১৮৯৯ খ্ৰীষ্টাব্দ ১৪ ফেব্ৰুৱাৰী-পুৱা বৰবজাৰৰ সূতাপটিলৈ গলোঁ। তাত দোকানীৰে সৈতে এই বন্দবস্ত কৰিলোঁ। ইত্যাদি। আবেলি, কাইলৈ ক্ষীৰোদচন্দ্ৰ ৰায় চৌধুৰীৰে সৈতে স্বৰ্ণলতাৰ বিয়াৰ দিহা কৰা গ'ল।
১৫ ফেব্ৰুৱাৰী—গধূলি স্বৰ্ণেৰে সৈতে (ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ বিধৱা জীয়েক) ক্ষীৰোদ বাবুৰ বিয়ালৈ গলোঁ। উপাসনাৰ পিছত ৰেজেষ্ট্ৰী হ’ল। ময়ো এজন সাক্ষী হলোঁ। পুৱা, হাওডাব শালিকিষালৈ গৈ— ইত্যাদি।
১৬ ফেব্ৰুৱাৰী-Credit Lyons বেঙ্কৰপৰা দহ হেজাৰ টকা আনিলোঁ, ঝাৰ- চোগোড়ালৈ যাত্ৰা কৰি, ৰাতি ১১ বজাত ঝাৰচোগোড়া পালোঁগৈ আচাঞ্চোললৈকে দ্বিতীয় শ্ৰেণীৰ গাড়ীত। তাৰপৰা ইণ্টাৰত। (তেতিয়া সেইদৰে ঘুৰিহে ঝাৰচো- গোড়ালৈ যাব পৰা আছিল।)
১৮ ফেব্ৰুৱাৰী-ঝাৰচোগোড়াত।
২০ ফেব্ৰুৱাৰী-ঝাৰচোগোড়া এৰি কলিকতালৈ যাত্ৰা। লগত বি, বৰুৱা আৰু গাংপুৰৰ টিকায়েৎ।
২১ ফেব্ৰুৱাৰী—আচাঞ্চোল ৩-৩০ বজাত আবেলি এৰি ৬-৩০ বজাত কলিকতা পালোঁহি।
২২ ফেব্ৰুৱাৰী-পুৱাই চেট্লাৰ হাটলৈ গলোঁ। গধুলি আৰু নোলালোঁ। বৰ ভাগৰ লাগিল। গদাধৰক (আমাৰ দোকানৰ কৰ্ম্মচাৰী) লগত লৈ হাটত বহুত বস্তু কিনিলোঁ।
২৩ ফেব্ৰুৱাৰী-পুৱা দিল্লীপাৰাৰ পৰা দোকানলৈ বস্তু কিনিলোঁ। শিৱসাগৰৰ স্কুলত মোৰ সহাধ্যাষী শুভেন্দুমোহন গোস্বামীক হঠাৎ তাতে লগ পাই ৰং লাগিল।
২৪ ফেব্ৰুৱাৰী-হাওড়াৰ কেলেডনীয়া ডকলৈ গৈ আচাঞ্চোলত আমাৰ ঘৰত কাম কৰিবলৈ গোটাচেৰেক ৰাজমিস্ত্ৰি বন্দবস্ত কৰিলোঁ। বেৰিষ্টাৰ জ্ঞানেন ৰায়ৰে (J N Roy) সৈতে দেখা হ’ল, তেওঁৰ সৈতে ‘বিজনেছ টক্” হ’ল।
২৫ ফেব্ৰুৱাৰী-পুৱা বহুবজাৰত “ড্ৰয়িংৰুম ছুট” এটা সম্বলপুৰৰ জে, এন, সেনলৈ কিনি পঠিয়াবৰ দিহা কৰি, আমাৰ “মিছলেনিয়ছ ষ্টোৰ”ৰ দোকানৰ হিচাপ চাবলৈ গলোঁ। আবেলি বৰবজাৰলৈ গৈ আমাৰ আমদা, বাৰ্ডৰফেলা (এন্, আৰৰ) অফিচলৈ দুটা লোৰ পেৰা কিনি পঠিয়াবলৈ দিহা কৰিলোঁ। [ ১৫৯ ] ২৭ ফেব্ৰুৱাৰী-বেঙ্কৰপৰা দহ হেজাৰ টকা লৈ আচাঞ্চোললৈ গধূলি ৬-৪২ মিনিটত ৰেলত যাত্ৰা কৰিলোঁ।
২৮ ফেব্ৰুৱাৰী—তাৰপৰা ভৱানীৰে সৈতে (বি. বৰুৱাৰ ভাগিনীয়েক) ঝাৰ- চোগোড়ালৈ যাবলৈ বি, এন্, আৰৰ গাড়ীত উঠিলোঁ। আজি কলিকতাত ইন্দিৰা দেৱীৰ সৈতে প্ৰমথ চৌধুৰীৰ বিয়া। মোৰ আৰু যোৱা নহ'ল।
১ মাৰ্চ্চ-কলিকতালৈ ৰাওনা হলোঁ। লগত জাৰ্দ্দিন কোম্পানীৰ ওপৰত ৭৫,০০০ হেজাৰ টকাৰ এখন হুন্ডি লৈ।
২ মাৰ্চ্চ-কলিকতাত।
৬ মাৰ্চ্চ—ষ্টীল ট্ৰাঙ্কৰ এটা consignment-অৰ নিমিত্তে “হৰিশ চন্দ্ৰ বোস কোম্পানী”ক অৰ্ডাৰ দিলোঁ।
১৭ মাৰ্চ্চ–আচাঞ্চোলৰ ঘৰৰ নিমিত্তে কৰগেটেড আইৰণ্ চিট কিনি পঠিয়ালোঁ।
২৫ মাৰ্চ্চ মোৰ বাইচিকোলখন মেৰামত কৰিবলৈ পঠিযালোঁ।
২৮ মাৰ্চ্চ-Watkins কোম্পানীক ৫০০ টকা গাংপুৰৰ ৰজাৰ হকে দিলোঁ হিঙ্গিৰ successions হিচাপত।
১২ এপ্ৰিল -গাংপুৰৰ ৰজাক দিবলৈ ১০০০ টকাৰ সোণ কিনি লৈ আচাঞ্চোলেদি ঝাৰচোগোড়ালৈ ৰাওনা হলোঁ।
১৬ এপ্ৰিল-হংকং বেঙ্কৰপৰা ১২৫০ টকা আনি গাংপুৰ ৰজাৰ হিচাপত Watking কোম্পানীক দিলোঁ।
২৮ এপ্ৰিল—শ্ৰীযুত তৰুণ ফুকনেৰে (বেৰিষ্টাৰ) সৈতে বাইচি- কোলত উঠি ইডেন গাৰ্ডেনৰ ফালে ফুৰিবলৈ গলোঁ।
২৯ এপ্ৰিল—পুৱা কেলেডনীষা ডকলৈ গলোঁ। গধুলি বাইচি-কোলৰ দোকানলৈ আৰু তাৰ পিছত বিলিয়াৰ্ড খেলিবলৈ ইন্ডিয়া ক্লাবলৈ গলোঁ।
৩০ এপ্ৰিল–আচাঞ্চোললৈ যাত্ৰা।
১ মেই—তাত কাৰ্য্য-পৰিদৰ্শন।
৩ মেই-পুৱা Mr P N. Bose-অক (সুবিখ্যাত প্ৰমথনাথ বসু) দেখা কৰি, আকৌ ৰাতিৰ গাড়ীত কলিকতালৈ উভতিলোঁ।
৮ মেই- অক্ষয় নন্দীযে ঝাৰচোগোডাৰপৰা ২৫,০০০ টকাৰ হুন্ডি এখন J S & Co. ৰ ওপৰত দিলেহি। সেইখন হংকং বেঙ্কলৈ পঠিয়াই ২৫,০০০ টকাৰ সৰু-বৰ নোট আনিলোঁ।
৯ মেই-বৰ্দ্ধমানত ঘৰটো চাবলৈ গলোঁ কিনিবৰ মনেৰে দুটা ঘৰ চালোঁ। ভাল নালাগিল।
১০ মেই—পুৱা ফলৰ basket ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। গধুলি ২৫,০০০ টকাৰ নোট লৈ ঝাৰচোগোড়ালৈ বুলি আচাঞ্চোললৈ ৰাওনা হলোঁ।
১১ মেই- ৰাতি ১১ বাজি ৩০ মিনিটত ঝাৰচোগোড়া পালেহি। বি, বৰুৱা পেন্দ্ৰাত (বি, এন্, আৰৰ ষ্টেচন এটা আছিল। [ ১৬০ ]
১৩ মেই-ঝাৰচোগোড়াতে গাংপুৰত ওকালতি কৰা উকীল (পিছত সম্বলপুৰত) বামাপদ চাটুৰ্জ্জীৰে সৈতে মোৰ চিনাজনা হ’ল।
১৬ মেই-বি, বৰুৱা পেন্দ্ৰাৰপৰা আহি ঝাৰচোগোড়া পালোহি।
১৭ মেই আচাঞ্চোললৈ ৰাওনা হলোঁ।
১৮ মেই—কলিকতালৈ বুলি পঞ্জাব মেলত উঠিলোঁ। ৰাতি আচাঞ্চোলত আঢ়ৈ বজাত। বৰ বেয়া সময়।
১৯ মেই—পুৱাতে কলিকতা।
২২ মেই—আকৌ আচাঞ্চোললৈ যাত্ৰা।
২৩ মেই—বি, বৰুৱাৰে সৈতে কলিকতালৈ উভতিলোঁ, আকৌ সেই আহুকলীয়া পঞ্জাৱ মেলতে।
২৪ মেই কলিকতাত ওলালোঁহি। বি, বৰুৱাৰ বৰ জ্বৰ উঠিল।
২৫ মেই-বি, বৰুৱাৰ বৰ জ্বৰ। টেম্পেৰেচৰ ১০৩ ডিগ্ৰী।
২৬ মেই-ডাঙৰ ৰছেলক (Dr, Russel ) চিকিৎসা কৰিবলৈ মতা হ’ল।
২৭ মেই-জ্বৰ কমিছে। ৰছেল আজিও আহিছে।
২৮ মেই—বি, বৰুৱাৰ জ্বৰ এৰিলে।
২৯ মেই—নিজে বজাৰলৈ গৈ আম কিনি পাচিত ভৰাই “পেক্” কৰি গাংপুৰলৈ পঠিষালোঁ।
৪ জুন-৪০০ “পিট্শ্ব” কৰত ঝাৰচোগোড়ালৈ পঠিয়ালোঁ।
৭ জুন-বি, বৰুৱা দাৰ্জিলিঙলৈ গ’ল।
৮ জুন-পুৱা “মিছেলেনিয়ছ ষ্টৰ্ছ”ৰ কাম চালোঁ। দুপৰীয়া কুক কোম্পানীৰ নীলামলৈ গৈ ঘুৰী এজনী ১১০ টকাত কিনিলোঁ।
১০ জুুন—আচাঞ্চোললৈ ১০,০০০ টকা লৈ গৈ সেইটো উমাচৰণ চৰকাৰৰ মাৰফৎ ঝাৰচোগোড়ালৈ পঠিয়াই ৰাতিয়েই উভতি আহিলোঁ।
১১ জুন-পুৱা কলিকতা পালোঁহি।
১২ জুন -বি-টি-টিৰ বৰচাহাব মিষ্টৰ হুইফিন্, আৰু শ্যাম বাবুক (হেড ক্লাৰ্ক ) হাওড়া ষ্টেচনৰপৰা আনিবলৈ গাড়ী পঠিয়ালোঁ। শ্যাম বাবু, আমাৰ ঘৰতে থাকিলহি; হুইফিন হোটেললৈ গ'ল।
১৫ জুন - শ্যাম বাবু, উভতি গ'ল।
১৬ জুন -গদাধৰেৰে সৈতে দোকানলৈ গৈ বস্তু কিনিলোঁ।
১৭ জুন—আজিও গদাধৰেৰে সৈতে দোকানলৈ গৈ বস্তু কিনিলোঁ, বাকীডোখৰ বলৰাম দে ষ্টীটৰ ঘৰত কটালোঁ।
২০ জুন—আচাঞ্চোলৰ কাম চাবলৈ আচাঞ্চোললৈ গলোঁ।
২২ জুন-আজি উভতি আহিলোঁ। কেলেডনীয়া ডকলৈ গলোঁ।
আচাঞ্চোলৰ মাটিৰ মেপ আৰু দলিল বি, বৰুৱালৈ (দাৰ্জ্জিলিঙত) পঠিয়াই দিলোঁ।[ ১৬১ ] ২৯ জুন—বি, বৰুৱা উভতি আহিল। সুৰভিৰ বৰ জ্বৰ।
৩০ জুন-বি, বৰুৱা আচাঞ্চোললৈ গ'ল। সুৰভিৰ জ্বৰ নাই।
১ জুলাই—হাজি নুৰ মহম্মদ আয়ুবক ৭,০০০ টকা দিলোঁ ঝাৰচোগোড়াৰপৰা অনা হুন্ডিৰ ওপৰত। ৰাতি দহ বজাৰ গাড়ীত আচাঞ্চোললৈ ৰাওনা হলোঁ।
৩ জুলাই-কলিকতালৈ উভতি আহিলোঁ।
২২ জুলাই—ভূতনাথ মুখুৰ্জ্জী বাবুৰে সৈতে কলিকতাৰপৰা ডমডমলৈ খোজ কাঢ়ি গলোঁ; আৰু খোজ কাঢ়ি উভতি আহিলোঁ। এইটো মোৰ বাহাদুৰি দেখুৱাবলৈ, কাৰণ ভূতনাথ বাবুৱে মোক কৈছিল যে মই খোজ কাঢ়িব নোৱাৰোঁ।
২ আগষ্ট-বনাই ষ্টেটৰ lease ছপা কৰিবলৈ দিলোঁ। হুইফিন্ চাহাবলৈ আমাৰ baskets পঠিয়ালোঁ। ৰাচিৰ কৈলাস বাবুলৈ ববৰৰ গাৰু এটা পঠিয়ালোঁ। গাংপুৰত মেজিষ্ট্ৰেট হৈ যাব খোজা দুজন এম্, এ, বি, এল্ ডেকাক পৰীক্ষা কৰি এজনক বাছি ললোঁ।
সেই কালত কলিকতাত বি, বৰুৱা কোম্পানীত মোৰ অকল শৰীয়া কাৰ্য্য- জীৱনৰ এইটো এবছৰৰ ভিতৰৰ ছমাহৰ সংক্ষিপ্ত চানেকি।
কিশোৰী বাবু আৰু তাৰ পিছত অতুল বাবু আমাৰ ফাৰ্ম্মলৈ অহাৰ পিছৰ ডোখৰ মোৰ জীৱনৰ নমুনা-স্বৰূপে ১৯০১ আৰু ১৯০২ খ্ৰীষ্টাব্দৰ এনে সংক্ষিপ্ত
বিৱৰণ পিছৰ আধ্যালৈ থলোঁ। [ ১৬২ ]॥ দশম আধ্যা॥
১৯০২ খ্ৰীষ্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীৱন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিৰ পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এৰি অহাৰ পিছত যিবোৰ মানুহে—যাৰে কথা শুনি হওক —মোৰ বিষয়ে মতামত প্ৰকাশ কৰিছিল, সেইবোৰে আচল কথা একোকে নাজানিছিল। আমাৰ কথাতে কয়, “যাৰ পো মেলত নাই, সি গোধীয়া”। মই যেতিয়া মেলত নাছিলোঁ, আৰু মোৰ পো বুলিবলৈকো ইহজন্মত এই পথিৱীত যেতিয়া কোনো নাই, মই গোধীয়া হ’বই লাগিব।
১৯০২ খ্ৰীষ্টাব্দ
১ জানুৱাৰী—মোৰ গৃহিণী “বেবী”ৰে সৈতে ঝাৰচোগোডালৈ গ’ল। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ৩৮ নম্বৰ ডবছন ৰোডৰ ঘৰত মোৰে সৈতে থাকিলহি।
১০ জানুৱাৰী—বি. বৰুৱা ঝাৰচোগোড়াৰ পৰা পালেহি। মই বেঙ্গল বেঙ্কৰ পৰা দহ হেজাৰ টকা আনিলোঁ। জাৰ্দ্দিনে দহ হেজাৰ টকাৰ চেক্ এখন দিছিল সেইখন বেঙ্গল বেঙ্কত জমা দিলোঁ।
১৪ জানুৱাৰী-২,০০০ টকা বেঙ্গল বেকৰ পৰা আনিলোঁ।
১৫ জানুৱাৰী—বি. বৰুৱাই ১,৫০০ টকা লৈ ঝাৰচোগোড়ালৈ গ’ল। মোৰ “জিপ ছি” নামৰ কুকুৰটোও তেওঁ লৈ গ’ল।
১৬ জানুৱাৰী—আমাৰ ঠিকাদাৰ বটু বাবুক ৫০০ টকা দিলোঁ।
১৭ জানুৱাৰী—বেঙ্গল বেকৰপৰা ১০,০০০ টকা আনিলোঁ।
১৮ জানুৱাৰী—J. S. Co-ৰ পৰা ১০,০০০ টকাৰ চেক্ পাই বেঙ্গল বেঙ্কত জমা দিলোঁ। বটু বাবুৰ হাতত দহ হেজাৰ টকা নগদ বি. বৰুৱালৈ পঠিয়াই দিলো। J S Co-ৰ নামত আমাৰ হৈ টিক্ টিম্বাৰৰ টেণ্ডাৰ দিবলৈ কিশোৰী বাবু লক্ষ্নৌলৈ গ’ল।
১৯ জানুৱাৰী—ঠিকাদাৰ অক্ষয় বাবুৰ হিছাপত ডাক্তৰ প্ৰাণকৃষ্ণ আচাৰ্য্যই মোক ১,৫০০ টকা দিলে।
২০ জানুৱাৰী—১,৫০০ টকা বেঙ্কত জমা দিলোঁ। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আজি অসমলৈ গ’ল।
২২ জানুৱাৰী—জাৰ্দ্দিনৰপৰা ১০,০০০ টকা আনিলোঁ।
২৫ জানুৱাৰী ১৫,০০০ টকা লৈ ঝাৰচোগোড়ালৈ গলোঁ। তাত গৃহিণী আৰু বেবী ভালে আছে দেখিলোঁ।
২৭ জানুৱাৰী—ঝাৰচোগোড়াৰ পৰা সম্বলপুৰলৈ সস্ত্ৰীক আনি জে. এন. সেনৰ (গবৰ্ণমেন্ট প্লীডৰ) ঘৰত ৰলোঁ। তেওঁলোকে বৰ আদৰ কৰি ৰাখিলে। টেনিছ খেলিলোঁ, আৰু সম্বলপুৰৰ অনেক ঠাই তেওঁলোকেৰে সৈতে ফুৰিলোঁ। [ ১৬৩ ] ২৮ ফেব্ৰুৱাৰী—সম্বলপুৰতে আৰু দুদিনমান থাকিবৰ মন গৈছিল; কিন্তু বি. বৰুৱাই মাতি পঠিয়ালে দেখি কলিকতালৈ উভতি যাবলৈ ঝাৰচোগোড়ালৈ গলোঁ। ২০,০০০ টকা বি. বৰুৱাক দিলোঁ।
৩০ জানুৱাৰী—ঝাৰচোগোড়াৰ পৰা আজিহে কলিকতালৈ ৰাওনা হলোঁ।
৩১ জানুৱাৰী—কলিকতাত জৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্ আনিলোঁ। ৬,০০০ বেঙ্কৰ পৰা draw কৰিলোঁ। তাৰ পিছত E. B. S. R. অৰ অফিচ শিয়ালদহলৈ গৈ টকা আনিবৰ চেষ্টা কৰি নাপালোঁ।
১ ফেব্ৰুৱাৰী—৬,০০০ টকা * পান্নালাল দাৰোৱানৰ হাতত ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। ১৫,০০০ বেকত জমা দিলোঁ।
২ ফেব্ৰুৱাৰী—বি. বি ঝাৰচোগোড়াৰ পৰা পালেহি। মই O. & R. R. কিটিং চাহাবক (Keatinge) আমাৰ আৰু জাৰ্দ্দিন স্কীনৰৰ চেগুণ কাঠ দেখুৱাবলৈ শিৱপুৰৰ টিম্বৰ ৱাৰ্ডলৈ গলোঁ।
৭ ফেব্ৰুৱাৰী—জাৰ্দ্দিনৰ পৰা ১৬,০০০ টকাৰ চেক পাই বেঙ্গল বেকত জমা দিলোঁ।
৮ ফেব্ৰুৱাৰী—বি. বৰুৱাই ১৬,০০০ টকা লৈ ঝাৰচোগোড়ালৈ গ’ল।
১৫ ফেব্ৰুৱাৰী—শাল স্লিপৰৰ হিচাপত জাৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্ পাই বেঙ্গল বেঙ্কত জমা দিলোঁ। বটু বাবুৰ হাতত ১০,০০০ টকা ঝাৰচোগোড়ালৈ পঠিয়ালোঁ।
১৭ ফেব্ৰুৱাৰী—বি. বৰুৱাৰ কথামতে শ্ৰীযুত এম. চি বৰুৱাক ২০০ টকা দিলোঁ।
১৯ ফেব্ৰুৱাৰী—এম-চি-বৰুৱা ভুৱনেৰে সৈতে আসামলৈ উভতি গ’ল।
২১ ফেব্ৰুৱাৰী—জাৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্ পালোঁ। কালীকৃষ্ণ প্ৰামাণিকৰ পৰা ৪,৬১০ টকা পালোঁ।
২২ ফেব্ৰুৱাৰী—১৫,০০০ টকাৰ চেক্ বেঙ্ক অব বেঙ্গলত জমা দিলোঁ। ৪.৬১০ টকাও। ৩,০০০ টকা শ্ৰীযুত ৰমাকান্ত বৰকাকতীক দিলোঁ, শ্ৰীযুত মাণিক বৰুৱাৰ বাবে—in full settlement of his claim—অৰ্থাৎ এম, চি বৰুৱাই ৰেমফ্ৰিক দিবলগীয়া ধাৰ শোধ। বি, বৰুৱা পুৱা পালেহি।
২৬ ফেব্ৰুৱাৰী—শিৱপুৰত মেকেঞ্জি লায়েলৰ হতুৱাই আমাৰ surplus অৰ্থাৎ ওপৰঞ্চি কাঠবোৰ নিলামত বেচালোঁ।
২৭ ফেব্ৰুৱাৰী—বেঙ্কৰ পৰা ১৫,০০০ আনিলোঁ।
২৮ ফেব্ৰুৱাৰী—জাৰ্দ্দিনে ১৫,০০০ দিলে। বি, বৰুৱাই সেই টকা লৈ গ’ল।
২ মাৰ্চ্চ—নতুন ঘৰ সজাবলৈ আজিৰ পৰা আৰম্ভ কৰিলোঁ।
- আমাৰ এই পান্নালাল দাৰোৱান আজিকালি এজন ডাঙৰ মাৰ্চেন্ট, এটা ফাৰ্ম্মৰ মালিক আৰু চাৰি পাঁচ লক্ষ টকাৰ অধিকাৰী। বি. এন. আৰৰ কুলুডা ষ্টেশ্যনত থাকে। [ ১৬৪ ] ৭ মাৰ্চ্চ—১৮,০০০ টকা বেঙ্গল বেঙ্কৰপৰা আনিলোঁ। ১৫,০০০ জাৰ্দ্দিনৰ পৰা
পাই বেঙ্কত জমা দিলোঁ।
৮ মাৰ্চ্চ—২০,০০০ টকা নগদ লৈ ঝাৰচোগোড়ালৈ গলোঁ। ৰাতি oveacarried হৈ ৰায়গড় পালোঁগৈ। মালগাড়ীতে উঠি পিছদিনাহে পুৱা অতি কষ্টেৰে ঝাৰচোগোড়া পালোঁহি। বৰ বিপদ গ’ল।
৯ মাৰ্চ্চ—আজি মোৰ গৃহিণীয়ে ঝাৰচোগোড়াৰ আমাৰ অফিচৰ কৰ্ম্মচাৰী, ঠিকাদাৰ আৰু ৰেলৱে বাবুবোৰক ভোজ দিলে। ডাঙৰ ভোজ। সকলো সন্তুষ্ট।
১০ মাৰ্চ্চ—সস্ত্ৰীক বেবীৰে সৈতে হাওড়ালৈ বুলি ঝাৰচোগোড়া এৰি আহিলোঁ।
১১ মাৰ্চ—হাওড়া পালোঁহি।
(দিনৌ এনে গঢ়ৰে কথা। সেইদেখি এইবাৰ জপিয়াই দেই যাম।)
২৮ মাৰ্চ্চ—বি, বৰুৱালৈ ১৫,০০০ টকা পঠিয়ালোঁ। কটকলৈ যাত্ৰা কৰিলোঁ।
২৯ মাৰ্চ্চ—ক্ষীৰোদ বাবুৰ ঘৰত উঠিলোঁ। স্বৰ্ণই মোক দেখি আৰু আনবোৰেও বৰ ৰং পালে।
৩০ মাৰ্চ্চ—ক্ষীৰোদ বাবুৰে সৈতে কটকত চাবলগীয়া ঠাইবোৰ চাই ফুৰিলোঁ। কদম-ৰচুল (মহম্মদৰ পদশিলা) চাবলৈকো গৈছিলোঁ।
৩১ মাৰ্চ্চ—পুৱা চাৰে ছয় বজাত কটক এৰি হাওড়ালৈ ৰাওনা হলোঁ। ৰাতি ৭ বজাত হাওড়া।
২ এপ্ৰিল—ঝাৰচোগোড়ালৈ যাবলৈ ৰেলত উঠিলোঁ।
৩ এপ্ৰিল—টিক্ টিম্বৰৰ অৰ্ডাৰ এটা (B N.R —এ দিয়া) বি, বৰুৱাই মোক দিলে। গধূলি ৮ বজাত হাওড়ালৈ বুলি গাড়ীত উঠিলোঁ।
৪ এপ্ৰিল—বেঙ্গল বেঙ্কৰপৰা ১০,০০০ টকা আনি ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। National Bank-অত চেক্ দি ২৫,০০০ টকা বেঙ্গল টিম্বৰ কোম্পানীক দিলোঁ। ১১,০০০ টকা Meckenzie Lyall & Co.-ক দিলোঁ, D.L মাৰ্কা teak timber সিঁহতৰপৰা কিনাৰ বেচ। কৰ্জন থিয়েটৰলৈ গলোঁ,--complimentary ticket পাই। শ্ৰীযুত হৰিপ্ৰসাদ নাথৰ পুতেক গুৱালপাৰাৰ পৰা আহি ওলালহি, শিয়ালদহত হৰি নাথেৰে সৈতে তেপঁক থৈ বি, বৰুৱালৈ খবৰ দিলোঁ।
১৪ এপ্ৰিল—শিবপুৰত আমাৰ টিম্বৰ য়াৰ্ডত সজা সুন্দৰ ঘৰত আজি আমাৰ প্ৰৱেশ। শিবপুৰত সকলোকে ডাঙৰ ডোজ এটা দিয়া গ’ল। সকলোৰে নথৈ সন্তোষ।
জোড়াসাঁকোত নৱবৰ্ষৰ উৎসৱৰ উপাসনালৈ গৈছিলোঁ। “কৰ্ত্তামশায়” মহৰ্ষিক প্ৰণাম কৰি তেওঁৰ ওচৰত বহিলত মহৰ্ষিয়ে মোক আৰু গৃহিণীক আশীৰ্ব্বাদ কৰিলে। মোক প্ৰশংসা কৰি কথা কৈছিল।
হাওড়াত আমাৰ ঘৰত “কলসী-উৎসৰ্গ” উৎসৱ কৰিলোঁ। পুৱা ৯ বজাত। “কৰ্ত্তা মশায়ে” পণ্ডিত হেমচন্দ্ৰ বিদ্যাৰত্নক সেই উৎসৱৰ কৰ্তব্য কাৰ্য্যবোৰ সমাপন কৰিবলৈ পঠিয়াই দিছিল। [ ১৬৫ ] গধূলি গঙ্গাৰ পুলৰ ওপৰেদি আমাৰ গাড়ীত যাওঁতে আজিও এটা দুৰ্ঘটনা ঘটিল। গাড়ীত মই, মোৰ গৃহিণী আৰু ‘দাদা’ (মোৰ গৃহিণীৰ ককাইদেৱেক হিতেন্দ্ৰনাথ ঠাকুৰ)। আমাৰ লেণ্ডুটনা ঘোঁৰাই উচপ খাই আন এখন গাড়ীত খুন্দা মাৰিলে। গাড়ী আৰু ঘোঁৰাৰ বিশেষ হানি হোৱা নাছিল। তথাপি গাড়ীখন পিছত আহিবলৈ তাতে এৰি, ভেৰোণীয়া গাড়ী এখনত উঠি ঘৰলৈ আহিলোঁ।
১৬ এপ্ৰিল—সম্বলপুৰৰপৰা সস্ত্ৰীক জে, এন, সেন আমাৰ ঘৰত। তাৰ পিছত খাই-বৈ তেওঁলোক দাৰ্জ্জিলিঙলৈ গ’ল। মই শিয়ালদহত তেওঁলোকক গাড়ীত তুলি দিলোঁ।
১৮ এপ্ৰিল—জাৰ্দ্দিনৰপৰা ১৫,০০০ টকাৰ চেক্ পাই বেঙ্গল বেঙ্কত জমা দিলোঁ। ১,২০০ টকা বেঙ্কৰপৰা আনি ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। ৩০০ টকা বি, বৰুৱাৰ instruction মতে ৰবিনাৰায়ণ বৰালৈ পঠিয়ালোঁ। জে, এন, সেনলৈ (দাৰ্জ্জিলিং) ২০০ টকা (তেওঁৰ টকা মোৰ হাতত আছিল) পঠিয়ালোঁ। প্ৰসাদদাস বৰালৰ অফিচত ২,০০০ টকাৰ কোম্পানীৰ কাগজ ভঙ্গালোঁ,—এশত ১৭ টকা ৭ আনা কৈ। মোট ২,০৩৭ টকা ৬ আনা পালোঁ। এইটো Teak Department-অৰ টকা।
১৯ এপ্ৰিল—বেঙ্গল বেঙ্কত ১৫,০০০ টকা দিলোঁ।
২৫ এপ্ৰিল–বেঙ্গল বেঙ্কৰ পৰা ৮,০০০ টকা আনিলোঁ।
২৬ এপ্ৰিল—আকৌ ২,০০০ আনিলোঁ। ঝাৰচোগোড়ালৈ ১০,০০০ টকা পঠিয়ালোঁ। বি, বৰুৱাৰ ভতিজাক চন্দ্ৰকান্ত অসমৰপৰা আহিছিল। তেওঁক নন্দকিশোৰৰ লগত ঝাৰচোগোড়ালৈ পঠিয়াই দিলোঁ। R.C. Naskar-অৰ পৰা দহ হেজাৰ ইটা কিনিলোঁ।
২৮ এপ্ৰিল—A.B.R-অৰ Mr. Cheshire-এ আজি আমাৰ স্লিপৰ “পাছ’’ কৰিলে। মই attend কৰিছিলোঁ।
২৯ এপ্ৰিল—নগাৱঁৰ পৰা গোলোকচন্দ্ৰ বৰুৱা (বি, বৰুৱাৰ ভতিজাক) আহিল। বি, বৰুৱাৰ কথামতে তেওঁক ঝাৰচোগোড়ালৈ পঠিয়াই দিলোঁ।
২১ মেই—শ্ৰীযুত জগন্নাথ বৰুৱা বিলাতত ৰজাৰ কৰোনেশ্যনৰ বাবে নিমন্ত্ৰিত হৈ আসামৰ পৰা আহিল, বিলাতলৈ যাবলৈ। আমাৰ ঘৰতে থাকি খোৱা-বোৱা কৰিলে। বি, বৰুৱা আহিল। তেওঁৰ নৰিয়া।
২৩ মেই—শ্ৰীযুত জগন্নাথ বৰুৱাৰে সৈতে ইন্ডিয়া ক্লাবলৈ গলোঁ। জাৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্ আনিলোঁ।
২৪ মেই—বেলিয়াঘাটৰ পৰা চূণ কিনিলোঁ।
২৫ মেই--হৰিনাথৰ হাতত ১০,০০০ টকা ঝাৰচোগোড়ালৈ পঠিয়ালোঁ।
২৮ মেই—জগন্নাথ বৰুৱা আজি বিলাতলৈ গ’ল। Chord Mailঅত বম্বেলৈ গ’ল, তাৰপৰা জাহাজত উঠিব।
১৬ জুন—জে, এন, সেন সস্ত্ৰীক দাৰ্জ্জিলিঙৰ পৰা আহি আমাৰ ঘৰত উঠিল।
২য়-৫
১৮ জুন—সেন সম্বলপুৰলৈ গ’ল।
২৬ জুন—সুকুমাৰ বেৰিষ্টাৰ আমাৰ ঘৰৰপৰা ব্ৰাহ্মপাৰাৰ ঘৰলৈ গ’ল।
২৭ জুন—বি, বৰুৱা বিলাসপুৰলৈ গ’ল। বেঙ্কত ১৫,০০০ টকা জমা দিলোঁ।
“ভাৰতী” নামৰ বঙ্গলা মাহেকীয়া কাকতত ওলোৱা “বৈদ্যজাতিৰ ইতিবৃত্ত” প্ৰৱন্ধৰ সমালোচনা এটা লেখি “ভাৰতী’’ত ছপা কৰিবলৈ পঠিয়ালোঁ।
১৩ আগষ্ট —ঘৰ সজাৰ কাম আজি শেষ হ’ল। খালি ৰং দিয়া আৰু “গ্লাছ” লগোৱা বাকী।
২ ছেপ্টেম্বৰ—জাৰ্দ্দিনৰপৰা ৬২,৫০০ টকা পালোঁ। তাৰেপৰা ২০,০০০ teak timber হিছাপত দিলোঁ।
৩ ছেপ্টেম্বৰ—“পুত্ৰৱান পিতা” নামৰ প্ৰৱন্ধ এটা লেখি ‘জোনাকী’ত ছপাবলৈ শ্ৰীযুত সত্যনাথ বৰালৈ (গুৱাহাটী) পঠিয়ালোঁ।
৪ ছেপ্টেম্বৰ—শ্ৰীজগন্নাথ বৰুৱা বিলাতৰপৰা উভতিল। লগত শ্ৰীযুত বুদ্ধীন্দ্ৰনাথ ভট্টাচায্যও। ভট্টাচাৰ্য্যৰে সৈতে কলিকতাৰ কলেজত একেলগে পঢ়িছিলো। দেখি ভাল লাগিল। ঝাৰচোগোড়া ষ্টেশ্যনৰপৰা বি বৰুৱা, ভুবনচন্দ্ৰ বৰুৱা, শ্ৰীযুত জগন্নাথ বৰুৱাৰে সৈতে একেলগে আহিছিল। জগন্নাথ বৰুৱাই আমাৰ ঘৰতে breakfast খালে। আবেলি তেওঁ ইন্ডিয়া ক্লাবত থাকিবলৈ গ’ল। আমি অসমীয়াসকলে তেওঁক হাওড়াৰ ৰেল ষ্টেশ্যনৰপৰা আনন্দ কৰি আগবঢ়াই আনিছিলোঁ।
১০ ছেপ্টেম্বৰ—শ্ৰীযুত জগন্নাথ বৰুৱা অসমলৈ ৰাওনা হ’ল। শিয়ালদহত আমি তেওঁক বিদায় দিলোঁ। তেওঁ ৰাতি দহ বজাত গোৱালন্দ মেইল গাড়ীত গ'ল।
২১ ছেপ্টেম্বৰ—বি. বৰুৱা বিলাসপুৰৰপৰা পালেহি। আজি অৰুণাৰ অন্নপ্ৰাশন উৎসৱ। পুৱায় কৰা হ’ল। জোড়াসাঁকোৰপৰা “কৰ্ত্তামহাশয়ে” পণ্ডিত হেমচন্দ্ৰ বিদ্যাৰত্নক আৰু এজনক পঠিয়াই দিছিল। বিদ্যাৰত্নই উপাসনাদি কাৰ্য কৰিলে। বি. বৰুৱাই অৰুণাৰ মুখত ভাত দিলে। গধূলি অনেক মানুহক ভোজ খুউৱা হ’ল। grand party হৈছিল। সকলো সুন্দৰভাৱে সম্পাদিত হ’ল।
২৩ ছেপ্টেম্বৰ—বি. বৰুৱা বিলাসপুৰলৈ গ’ল।
১০ অক্টোবৰ—মই আজি ৰাতি দহ বজাত গোয়ালন্দ মেইলত উঠি অসমলৈ যাত্ৰা কৰিলো।
১৩ অক্টোবৰ—পুৱা গোৱালন্দ জাহাজত উঠিলোঁ।
১৪ অক্টোবৰ—জাহাজত।
১৫ অক্টোবৰ—গুৱাহাটী। হেম গোসাঁই আৰু শ্ৰীযুত সত্যনাথ বৰাৰে সৈতে দেখা কৰিলোঁ। হেম গোসাঁয়ে মোক ডাক-বঙলাত খুৱাই A.B.R. গাড়ীত তুলি দিলে। [ ১৬৭ ] ১৬ অক্টোবৰ—গোলাঘাটত কমাৰবন্ধা আলি ষ্টেশ্যনত নামিলোঁ। শ্ৰীনাথ ককাইদেৱে তাৰেপৰা মোক আগবঢ়াই নিলে। তেওঁৰ ঘৰতে থাকিলোঁ। তাতে মাতৃদেৱীক দেখি মোৰ অপাৰ আনন্দ হ’ল।
১৭ অক্টোবৰ—গোলাঘাটত। তাতে ১৯ তাৰিখলৈকে আছিলোঁ।
২০ অক্টোবৰ—গোলাঘাট এৰি যোৰহাটলৈ গলোঁ। তাত ২৪ তাৰিখলৈকে শ্ৰীযুত গোবিন্দ ককাইদেৱৰ লগত আছিলোঁ।
২৩ অক্টোবৰ—শ্ৰীযুত জগন্নাথ বৰুৱাৰ ঘৰত গোবিন্দ ককাইদেওৰে সৈতে নিমন্ত্ৰণ খালোঁ। দুইৰো ভিতৰত কিছুদিনৰ পৰা হোৱা মনোমালিন্য গুচাই দুইকো ভালকৈ মিলাই দিলোঁ।
২৪ অক্টোবৰ—তাৰপৰা ককিলামুখত ‘পেঙ্গুইন’ নামৰ জাহাজত উঠি ডিবুৰুত। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই মোক জাহাজ ঘাটৰেপৰা আনিলেগৈ। ডিবুৰুত শ্ৰীযুত জগন্নাথ ককাইদেওৰ ঘৰত থাকিলোঁ।
শুনিলো গোলাঘাটত শ্ৰীনাথ ককাইদেওৰ ঘৈণীয়েক মোৰ বৌ, ল’ৰা এটা জন্ম হোৱাৰ পিছত ঢুকাল। বৰ বেজাৰ লাগিল।
২৬ অক্টোবৰ—ডিবুৰুগড় এৰি শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰে সৈতে তেওঁলোকৰ চাহ-বাগিচা তামোলবাৰীলৈ গলোঁ। তাত শ্ৰীযুত বিষ্ণু আগৰৱালাক লগ পালোঁ। তাত বৰ সুখেৰে ৩০ অক্টোবৰলৈকে আছিলোঁ। ৩০ তাৰিখে শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰে সৈতে ডিগবৈলৈ গলোঁ। তাত মোৰ ককাইদেও শ্ৰীযুত জষকৃষ্ণ বেজবৰুৱা আছিল। এৰাতি তেওঁৰ তাতে আছিলোঁ।
৩১ অক্টোবৰ—ডিবুৰুলৈ উভতি আহি চন্দ্ৰকুমাৰ আগৰৱালাৰ ঘৰত থাকিলোঁ। আগৰৱালাৰ মাকে মোক বৰ মৰম কৰি ৰাখিলে। তেওঁ মোৰ গৃহিণীলৈ পাটৰ ৰিহা-মেখেলা আৰু কাপোৰ দিলে। মোকো কাপোৰ দিলে। মোৰ “হৰিভকত“ শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্যক তাতে লগ পালোঁ।
২ নবেম্বৰ—ডিবুৰু এৰি ৰাতি ডাক জাহাজত শুলোঁহি , কাৰণ পুৱায় জাহাজ ভটীয়াই যাব। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাও মোৰ লগতে। জাহাজখনৰ নাম “বজাৰ্ড” (Buggard)। আগৰৱালা তেজপুৰত নামিব। অহাৰ আগতে ককাইদেও শ্ৰীযুত জগন্নাথ বেজবৰুৱাৰ তাত ভাত খাই আহিলোঁ।
৪ নবেম্বৰ—শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা তেজপুৰত নামি গ’ল। মই গুৱাহাটীৰ জাহাজ-ঘাট এৰাৰ আগতে ২-৩ মিনিটৰ নিমিত্তে হেমচন্দ্ৰ গোহাঁইক আকৌ লগ পাইছিলোঁ। সৰহ সময় কথা-বাৰ্ত্তা পাতিবলৈ নাপাই বেয়া লাগিল।
৬ নবেম্বৰ—গোৱালন্দ ঘাট। ৰেল আহোঁতে পোৰাদহ স্টেশ্যনত ই. বি. আৰৰ চিফ্ ইঞ্জিনিয়েৰ আৰু এজেন্ট ৰায়বাহাদুৰ বলৰামক তেওঁৰ চেলুন গাড়ীত দেখিলোঁ। তেওঁ আগ্ৰহকৈ মোক তেওঁৰ গাড়ীত তুলি ললে। শিয়ালদহলৈকে [ ১৬৮ ] তেওঁৰ লগতে আছিলোঁ৷ ষ্টেশ্যনত গৃহিণী আৰু বেবী অৰুণাক লগ পালোঁ।
১৩ ডিচেম্বৰ—বি. বৰুৱাই আহমদাবাদৰ কংগ্ৰেছলৈ যাব খোজাত তেজপুৰৰ শ্ৰীযুত পদ্মনাথ বৰালৈ মই টেলিগ্ৰাফ কৰিলোঁ যাতে তেওঁক ডেলিগেট কৰি দিয়ে।
১৯০৩ খ্ৰীষ্টাব্দতো এনেদৰেই কাম কৰি আছিলোঁ, আৰু আমাৰ ব্যৱসায় আৰু ডাঙৰ হৈছিল। কিন্তু এই বছৰৰ শেহৰ ফালে বি. বৰুৱা আৰু মোৰ ভিতৰত কলি প্ৰৱেশ কৰিলে। ভূইকঁপৰ গুমগুমনি এই ১৯০৩ চনৰ শেহৰ ডোখৰত শুনিলোঁ আৰু ১৯০৪ খ্ৰীষ্টাব্দত তাৰ জোঁকাৰত ইমান দিনৰেপৰা মই মনে-পতা ঘৰটো ভাগি পৰিল। অৱশ্যে তেতিয়াও মই কাম এইদৰেই শেহলৈকে কৰি আছিলোঁ। ১৯০৪ খ্ৰীষ্টাব্দত লেখা মোৰ ডায়েৰিৰ পাত ইংৰাজীত কবৰ নিচিনা dismal reading অৰ্থাৎ শোকাবহ।