পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
মোৰ মাতৃমুখ দৰ্শন

পৰিয়েই অমুক মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিবৰ ভযত, ধন আৰু নোটেৰে খুন্দা খাই থকা লোৰ পেৰাৰ সঁচাৰকাঠীটো নিজৰ গাৰুৰ তলত থৈ ডাক্তৰক নামাতি লেকেটীযা নৰিয়াত ভুগি মৰি যায আৰু এনে গঢ়ৰ শাওপাতত পৰিয়েই ছশ ৰূপ দৰ্ম্মহা পোৱা অমুক ছবজজে খৰচৰ ভযত জাৰকালি মাথোন ফটা কঁথা এখন গাত মেৰিয়াই লৈয়েই চালপীৰাত বহি জজমেন্ট লেখি জীৱন কটায়। সেইদেখি মুঠতে কওঁ যে মোৰ এই কাৰ্য গপ, অহঙ্কাৰ, অভিমান বা ওফোন্দৰ শাৰীৰ নহয। ই বিধিৰ বিতং বিধানং অদষ্টৰ ফল , বলৱন্ত নিয়তিৰ নিযমিত। ৰা্ৱণে কৰিবলৈ পাঙি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে, লোণ সাগৰখন সিঁচি পেলাই, লঙ্কাৰ চাৰিউফালে গাখীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে, ঠিক এনেকুৱা দৈব্যৰ বলতেই।  কোনো মানুহক সবাহলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰাই লৈ যোৱা, এই দুটাৰ ভিতৰত প্ৰভেদ বিস্তৰ। নিমন্ত্ৰণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আৰু সবাহত তেওঁৰ অপাৰ আনন্দ লাভৰ সম্পূৰ্ণ আগন্তুক থাকিলেও, অনেক সময়ত এলাহ, ভাগৰ, থেৰোগেৰো ইত্যাদি এশ এটা মনে গঢ়া আহুকাল তাৰ ভিতৰত সোমাই সেইবোৰে জুমুৰি দি ধৰি গোটেইখন খেলিমেলি লগাই তাত ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধৰি লৈ যাবলৈ অহা টেকেলাৰ লাখুটিৰ আগত সেই মকৰাজালবোৰ আৰু থাকিব নোৱাৰে। যাম, যোৱাটো উচিত, গলে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও ধুনপেচ মৰা গাভৰুৰ দলৰ দৰে তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভয প্ৰভৃতি নিগনি, শলিয়া, বিছা, চেলা, পইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবিৰ্ভাৱ হ’লে, সেই দলটি সম্ভৱতঃ ছেদেলি-ভেদেলি হব। “আহিবই লাগিব, এৰণ নাই” এইষাৰ “আহক, অহা উচিততকৈ” নিশ্চয় বলী। মাতৃভূমিযে এই চিৰপ্ৰৱসুৱাক সদায মাতি আছিল, কিন্তু সেই মতা ৰাজহুৱা ডাক। এই ডাক যদিও বিৰাট তথাপি সি নিৰ্দ্দিষ্ট আকৃতি গ্ৰহণ কৰি মোৰ আগত দেখা দিয়া নাছিল দেখি তাৰ শক্তি মোৰ পক্ষে বিক্ষিপ্ত আৰু দুৰ্ব্বল হৈ আছিল। বিষ্ণু সৰ্ব্বব্যাপী সৰ্ব্বস্থিত ব্যাপ্ত অৱস্থাত এই বিভূৰ শক্তি যদিও বিৰাট মহান, তথাপি সৰ্ব্বসাধাৰণ বিষয়ী সংসাৰীৰ পক্ষে সি ক্ষীণ। কিন্তু যেতিয়া তেওঁ ভক্তৰ আহ্বানত নিৰ্দ্দিষ্ট মু্ৰ্ত্তি পৰিগ্ৰহ কৰি বাহিৰ হ্ষ, তেতিয়া সি ঘোৰ নৰসিংহৰূপী; হিৰণ্যকশিপুৰ কালান্তক আৰু প্ৰ্হ্লাদৰ প্ৰশান্ত পুৰুষ তেতিয়া সেই শক্তি অগ্ৰাহ্য অমান্যৰ স্ফটিকৰ স্তম্ভৰ বাহিৰত। মাতৃৰ ব্যাপ্ত অশৰীৰ ডাকে তেতিয়া মূৰ্ত্তি পৰিগ্ৰহ কৰি বাজ হ’ল,তেতিষা আৰু এই অধম সন্তানৰ মুৰ তেওঁৰ চৰণত ভক্তি গদগদভাবে স্বভাৱতে নত হৈ পৰিল। তেতিযা এলাহ, অমনোষোগ, শৈথিল্য, সকলোবোৰ নৃসিংহৰ আগত দৈত্যেন্দ্ৰৰ নিচিনা ক্ষুদ্ৰাতিক্ষুদ্ৰ হৈ পৰিল।

“নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে।
লুকাই পতঙ্গ যেন অগনিত জাসে॥”

 দুৰ্গা পূজাৰ বন্ধত ৰেল কোম্পানীয়ে যাত্ৰীক ভেৰোণৰ সুবিধা কৰি দিয়া

২য়-৭