বাইশ অক্টোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰৰ ডাকবঙালত ঠাই ললোঁগৈ। দেখিলোঁ ডাকবঙলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাৰ- ভূক্ত হৈ আছে। খান্ছামাক সুধিলোঁ, সেইখোটালি দুটাত কোন আছে? খানছামাটো অসমীযা। সি এজনৰ নাম ক’লে—“অৰ ডাক্তৰ,’। আঁচ মাৰি লুপ্ত কৰি দিয়া অসমীয়া শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো Insect। অৱশ্যে এই ইংৰাজী শব্দটোৰ অসমীয়া অনুবাদটোহে নি ব্যৱহাৰ কৰিছিল যাক মই অসম এৰি আহিবৰে পৰা আজি দকুৰি বছৰ শুনা নাছিলোঁ, মাথোন হেমকোষত হে নিবাস কৰা দেখিছিলোঁ। হঠাৎ আজি মই সেই শব্দটো ডাকবঙালাৰ লগুৱাৰ মুখত ওলোৱা শুনি স্তম্ভিত হ’লোঁ। ভাবিলোঁ, সি সেই ভদ্ৰলোকজনক উপলুঙা কৰি তেনেকৈ কৈছে নেকি? তাৰ পিছত তাক ভালকৈ সেই মানুহজনৰ কাম-কাজৰ আঁতি-গুৰি সুধিহে বুজিব পাৰিলোঁ, সি কি কৈছে। যি হওক, এই প্ৰৱন্ধ পঢ়োতাসকলে মোৰ এইষাৰ শ্লীলতাবৰ্জিত কথাৰ ইঙ্গিতৰ নিমিত্তে মোক ক্ষমা কৰিব। সত্য ঘটনা লিপিবদ্ধ কৰিবলৈ গৈহে মই এই ফেচাজগৰ লগাইছোঁ। “ইঙ্গিত্ং হৃদগতে ভাৰো বহিৰা কাৰ আকৃতিঃ” যদিও সি মোৰ আচল হৃদগত ভাব নহয়।
আবেলি শিৱসাগৰৰ মহিলা সমিতিৰ সভালৈ যাবলৈ নিমন্ত্ৰন আহিল। তাৰ পিছত ছাত্ৰসকলৰ সভালৈ। সভা সমিতিযে মোক আমুৱাই পেলাইছিল। কিন্তু কি কৰোঁ ,মোৰ দেশৰ আই, বাই, ভনী, জী, নাতিনীসকলৰ আহ্বান আৰু; পঢ়াশালিৰ ছাতৰসকলৰ আমন্ত্ৰণ অগ্ৰাহ্য কৰাটো অসম্ভৱ। সভালৈ গৈ দেখিলো বিৰাট আয়োজন। সভাঘৰ সজাই পৰাই ৰমক-জমককৈ ৰখা হৈছে আৰু পুৰুষ মহিলা- সকলেৰে সভাঘৰ ভৰি পৰিছে। যোৰহাটত মহিলা বিবৰ্জিত (যদিও পুৰুষৰ লেখ কম আছিল) এই মহিলা বিপুল সভাত বিৰাট সমাৰোহ দেখি সন্তোষ লভিলোঁ। স্নেহপদ শ্ৰীযুত কুলধৰ চলিহা সভাপতিৰ আসনত। উমান পাই আহিছোঁ, তেওঁ আৰু তেওঁৰ সুযোগ্য ভ্ৰাতা শ্ৰীযুত পদধৰ চলিহা সদায় মোৰ পক্ষপাতী। গতিকে সভাপতিৰ মুখৰ পৰা ওলোৱা মোৰ বিযয়ে যি কেইষাৰ মৰম সনা কথা সুধিলো, সেই কেইষাৰ গুণিলো আৰু; কিজানি অতিৰঞ্জিতেই, ইয়াকে ভাবি পাহৰিব নোৱাৰিলো। যি হওক, যি হওক, কিন্তু মোৰ মৰমৰ শিৱসাগৰব আইসকলৰ অভ্যৰ্থনা অভিনন্দন আদি আজি মই ক’ত লওঁ, ক’ত থওঁ? তেওঁলোকে আগ্ৰহ কৰি দিয়া অভিনন্দন পত্ৰৰ উত্তৰ স্বৰূপে আষাৰচেৰেক কিবা কিবি কলোঁ। কলোঁ নুবুলি, লেবলেবালো বুলিয়েই কিজানি ঠিক হব। সম্ভৱতঃ মোৰ কথাবোৰে তেওঁ- লোকক আমনি লগাইছিল। যি হওক শিৱসাগৰীয়া আইসকলে জানি থব যে তেওঁ- লোকৰ আদৰ অভ্যৰ্থনাত মই ইমান অভিভূত হৈ পৰিছিলোঁ যে বুঢ়া চকুযোৰ খৰালি চেঁচেঁৰা পৰা সুঁতিৰ নিচিনা দেখিহে, নতুবা তাৰপৰা আনন্দাশ্ৰুৰ ধল বৈ অহা