বোৰৰ ওপৰত গুলী চলাই নৈ, বিল, পুখুৰীবাসী ‘লয়েল’ প্ৰাণীবোৰৰ শান্তি ৰক্ষাৰ নিমিতে ‘ল কণ্ড অৰ্ডৰ'ৰ সন্মান ৰক্ষা কাৰ্য্যত অভ্যস্ত হলোঁ। আমাৰ ঘৰৰ ৰাণীৰ অনুগ্ৰহ-নিগ্ৰহৰ ওপৰত এই লেখকৰ ভোজানানন্দ বা নিৰানন্দ ঘটে। তেখেত আৰু তেখেতৰ লোণ খোৱা ভৃত্যবৃন্দই এই শান্তি ৰক্ষকৰ “বিক্ৰম দেখি, পৰম বিস্ময় মনে” আহ্লাদেৰে চৰাইৰ মঙহ লগে ভাগে ভোজন কৰি তৃপ্তি লাভ কৰি শান্তিৰক্ষকক উৎসাহিত কৰিবলৈ ধৰিলে। ফলত অচিৰতে এই বৃত্তান্ত লেখক এজন লেখত লব- লগীয়া চিকাৰী হৈ উঠিল।
চৰাই মৰাৰ পিচতে যেতিয়া চৰাইটো ধৰি তুলি আনো—বিশেষকৈ হাইঠা, তাৰ ৰক্তাক্ত শৰীৰ দেখি তেতিয়াও মোৰ মনতো যে ভালকৈয়ে আঁচোৰ লাগি ৰক্তৰ ফল্গু নৈ নবৈছিল এনে নহয়। মনটো দৃঢ় কৰিবৰ নিমিত্তে কালিদাসৰ শকুন্তলা নাটকৰ পৰা দিনদিয়েক এই শ্লোকটো মাতিবলৈ ধৰিলোঁ;-
মেদশ্ছেদকৃশোদৰং লঘু ভবত্যুৎসাহযোগ্যং বপুঃ
সত্ত্বানামপি লক্ষতে বিকৃতিমচ্চিত্তং-ক্ৰোধষোঃ।
উৎকৰ্ষঃ স চ ধস্বিনাং মদিষবঃ সিধ্যন্তি লক্ষে চলে।
মিথ্যৈব ব্যসনং বদন্তি মৃগয়ামীদৃগ্বিনোদঃ কুতঃ।।
অৰ্থাৎ,মৃগযাৰ দ্বাৰা মেদ কমি যোৱা বাবে পেট সৰু হয়, শৰীৰ পাতল আৰু উৎসাহবিশিষ্ট হয় আৰু জীৱবোৰৰ ভয় আৰু ক্ৰোধ হলে সিহঁতৰ কেনেকুৱা চিত্তবিকাৰ হয়, সেইবোৰো জানিব পৰা যায় আৰু জন্তুবোৰ লৰি যাওঁতে লক্ষ্যভেদ কৰিব পাৰিলে, চিকাৰীৰ মনত আনন্দও হয়। এতেকে মনুপ্ৰভৃতি শাস্ত্ৰকাৰসকলে যে মৃগয়াক ব্যসন বুলি দোষ দিছে, সেইটো অ্ৰযথাৰ্থ। মৃগযাৰ নিচিনা আমোদ আন একোতে নাই।
আচৰিত শ্লোক-মন্ত্ৰৰ মহা গুণ পৰিলক্ষিত হ’ল আৰু জীৱ-জন্তুৰ শৰীৰ দেখিলে, মোৰ মনত ফুটা পানীজোলাবোৰ কাঠ বান্ধিবলৈ ধৰিলে। সেই পৰিমিত মই চাৰিঠেঙীয়া জন্তুৰ ওপৰত গুলি চলাবলৈ চল পোৱা নাছিলোঁ। হাবিলৈ যাওঁ কিন্তু মোৰ লগত যোৱা চাপৰাচীৰ কান্ধত সদায় বন্দুক দিহে যাওঁ, “পাদমেকং ন গমিষ্যামি।”
এদিন পৱা আঠমান বজাত হাবিৰ পৰা, টঙাত উঠি সম্বলপুৰৰ ফালে আহিছিলো। হাবিৰ মাজৰ বাটতে দেখিলোঁ মোৰ আগেদি আলিৰ ইপাৰৰ পৰা সিপাৰলৈ প্ৰকাণ্ড শিং থকা ফুটুকাফুটুকী পহু এটা যাব লাগিছে আৰু পাছে পাছে পাঁচজনী মাইকী পহু। মোৰ টঙাৰ গৰু খেদোৱা মানুহটোৱে হঠাৎ টঙাখন ৰাখি মোক কলে, “হুজুৰ। চিতল চিতল মাৰিয়ে।” মই লৰালৰিকৈ বন্দুকটো লৈ টঙাৰ পৰা ভূমিস্থ হলোঁ। পহু কেইটাই ভেলেঙা লাগি মোৰ ফালে চাই ৰ’ল। ভাবিলোঁ একে গুলীয়ে মতাটো ওফৰাই দিওঁ। চৰকাৰী আইনমতে মাইকী পহু মাৰিব নাপায়। মই বন্দুকতো মতা পহুটোৰ ফালে টোৱাই বন্দৰ ঘোৰাটো তুলি ৰৈ