কালকুঞ্জ ও শোষক বধ
মহাভাৰতৰ বন পৰ্ব্বৰ অন্তৰ্গত
দ্ৰোপদী কৰ্ত্তৃক
কালকুঞ্জ ও শোষক বধ
সংগ্ৰাহক ও প্ৰকাশক
গুইয়া সত্ৰৰ
শ্ৰীকৃষ্ণদেৱ গোস্বামী।
স: ম: ফুলৰ হেড্ পণ্ডিত
বৰবৰী সত্ৰ
শ্ৰীহৰিশ্চন্দ্ৰ দেব গোস্বামী
হেড্ পণ্ডিত
মূল্য ১৲ এক টকা মাত্ৰ।
Printed by R L Sircar
Katyayani Machine Press
26, Cornwallis Street, Calcuta
এই পুথিখনি গুইয়া সত্ৰৰ শ্ৰীযুক্ত কৃষ্ণদেৱ গোস্বামীয়ে তেখেতৰ গাওৰ শ্ৰীবাঞ্চিৰাম কেওটৰ ঘৰত পাই, কিন্তু পুথিখনিৰ আগাগোৰা বহুত পাত নষ্ট হোৱাত সুবিধা কৰিব নোৱাৰি ১২৮ পদৰ পৰা ৫০৮ পদত অন্ত কৰি পুথিখনি লিখি মোক, চপাবলৈ দিয়ে। মোৰ মনৰ আশঙ্কা জন্মি এই পুথিখনি কত পাই বহুত বিচাৰ কৰি ওচৰৰ এজন মানুহৰ ঘৰত ওপৰৰ কেইটীমান পাত পোৱা হল। কিন্তু পেই পাতবোৰো পোকে খাই চিৰাচিৰ কৰা আছিল, ২।৩ জনে মীমাংসা কৰি ওপৰৰ ১ কৰ পৰ ১২৭ পদ পূৰাই চপা কৰা হল। বহুতদিন আগৰে পৰা চপা কৰাৰ মত কৰি এটা কপি লিখি ডিব্ৰুগৰৰ শ্ৰীযুত শিৱনাথ ভট্টাচাৰ্য্য মহাশয়ক সংশোধন কৰিব দিয়া হৈছিল। দুৰ্ভাগ্য বশতঃ তেখেতৰ হাতত কপিটো নষ্ট হোৱা বুলি লেখিলে। তাৰ পিচত ১৩৩৩ চনত মোৰ গৃহস্থি একেবাৰে লোপ পায়, সেই ঘটনা মোৰ প্ৰকাশিতগনক চৰিত বোলা পুথিত লিখা আছে। এতিয়া অল্প মনক শান্তিদি উক্ত গোস্বামীয়ে সৈতে এই কামত আগবঢ়া হল। পাঠক সকলে আসামৰ লোপ পোৱা সম্পত্তি এটা উদ্ধাৰ হল বুলি বিবেচনা কৰি একোখনি নি পাঠ কৰিলে আমাৰ যত্ন ও পৰিশ্ৰম সাফল হোৱা বুলি বিবেচনা কৰা হব।
প্ৰকাশক—
শ্ৰীহৰিশ্চন্দ্ৰ
বেদে ৰাসায়ণে চৈব পুৰাণে ভাৰতে তথা
আদি মধ্য বসানেষু হৰিঃ সৰ্ব্বত্ৰ গীয়তে
নাৰায়ণং নমস্কৃত্যং নৰঞ্চৈব নৰোওমং
দেবীসৰস্বতী ব্যাসং ততোজয় মুদিৰয়েৎ
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
আৰ কিছো কহিবোহো কথা পাণ্ডৱৰ॥
মহাঋষি ব্যাসৰ নিশৃক গুপ্য কথা।
পাপ দূৰ হয় আক শুনিলে সৰ্ব্বদা॥ ১
মহন্তৰ চৰিত্ৰ পৰম সুখকৰ।
সংসাৰৰ দুখ তাপ হৰে নিৰন্তৰ॥
সতেক শুনোহো মানে, তৃপিতি বাঢ়য়
সাবশেষে কহিয়োক আমাত বুজায়।
মোৰ দেহা পাপ ব্যাধি জৰি কৃত ভৈলা।
ইহাক শ্ৰবণে মোৰ দুখ দূৰ গৈলা॥
তিনি তাপ গুছে নষ্ট হয় ভৰ ৰোগ।
এতেকে ইহাক আবে শুনিবাক যোগ॥ ৩
এহিবুলি মৌন ভৈলা ৰাজা জন্মেজয়।
শুনি মুনি মহা প্ৰেমে প্ৰশংসা কৰয়॥
ধন্য পাণ্ডুবংশে ৰাজা ভৈলা উতপতি।
ধন্য ধন্য পৰীক্ষিত ৰাজাৰ সন্ততি॥৪
মহাৠষি ব্যাসে মোক পঢ়ায়া আচয়।
সমস্তে কহিবো ৰাজা তোমাত নিশ্চয়॥
সমস্ত লোকৰ শুনি মুকুতি মিলোক।
লোকক কৃপায়ে প্ৰভু শিখাইলন্ত মোক॥৫
কৃষ্ণক স্মৰিয়া প্ৰেমে গদ্ গদ্ কৰি।
ব্যাসৰ চৰণ দুই হৃদয়ত ধৰি॥
কহিবে লাগিলা কথা আতি বিভোপন।
পাণ্ডবৰ কথা আতি চৰিত্ৰ শোভন॥৬
মহাৰুচি কৰ কৃষ্ণ চৰিত্ৰ সহিত।
তাত মহাজনৰ আচয় কথা মৃত॥
শুনা পাচ কথা নৃপবৰ মহাশয়।
পাচৰ কাহিনি আবে কহিবো নিশ্চয়॥৭
এহিমতে যুধিষ্ঠিৰ ৰাজা মহা মতি।
যাতায়াত কৰি থাকে সহৰিস অতি॥
চাৰি ভাইসহ আৰ দ্ৰোপদ জীৱাৰী।
দাস দাসী সঙ্গে সবে আছে ৰঙ্গ কৰি॥৮
একদিন মহাৰাজ কুন্তীৰ তনয়।
ভীমক সম্বোধি হেন বচন বোলয়॥
শুনা বৃকোদৰ মোৰ বাক্য মনে ধৰ।
পূণ্য থান ভবৰ্ণব বন, মুখ্যত্তৰ॥৯
দুখ সুখ আত লভি আছো যত যত।
এক নমানোহো ধৰ্ম্ম হৈ আছে বেকত॥
কিন্তু পুন্য, খান মহন্তক দৰশন।
ইহাক মানোহো বাপু পৰম, শোভন॥১০
মহামুনি আস্তিক বৈষ্ণব শ্ৰেষ্ঠত্তৰ।
তাক দৰিশন হৈবে লাগয় সত্তৰ॥
কিমতে তাহাক আমি দেখিবাক পাও।
কিবা বুদ্ধি আছে বাপু তোমাত বিনাও॥১১
জলৰ, ভিতৰে, আছে ব্ৰহ্মক সমাধি।
কিমতে আনিব পাৰি ব্ৰহ্মতত্ত্ব বাধি॥
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
হেন শুনি ভীমবীৰে দিলেক উত্তব॥১২
শুনা মহাৰাজ ধৰ্ম্মময় কলেবৰ।
ইহাৰ উপায় আবে কৰিবো সত্তৰ॥
মাতিলন্ত দুই গোট নাগৰ দূতক।
শ্ৰীঘ্ৰে যাই জানা আবে পুণ্ডৰি নাগক॥
বহুদিন ভৈলা আত দূবশ মিলিব।
আমাৰ কাহিনি সবে ৰাজাহ কহিব॥১৩
সত্তৰে আসিওক নকৰি অবিলম্ব।
আমি আত থাকিবাক নাহিকে বিলম্ব॥
চল চল কৰি বীৰে আদেশ কৰিলা।
ৰাজাক প্ৰণামি দূত গমন কৰিলা॥১৪
কতিপয় দিনে যাই মণি দ্বীপ পাইলা।
ভীমৰ কাহিনি পুণ্ডাৰকাত জনাইলা॥
শুনি পুণ্ডৰিকে যাই ৰাজাত কহিলা।
চলিবাক ৰাজা তাক তথাকে বুলিলা॥১৫
বাযুবেগে আসি পাছে ভবৰ্ণব পাইলা।
ৰাজাক নমিয়া এক পাশ হুৱা ৰৈলা॥
অবনত ভাবে আছে পৰ্ব্বত আকাৰ।
মনুষ্যে দেখিলে আতি ভয়ে চমৎকাৰ॥১
মনত বোলন্ত ৰাজ কিনো নাগ গোট।
সুৰাসুৰ লোকত লগাইবে পাৰে চোট॥
নাজানো তাক কোন বিধাতা গঢ়িলা।
হেনয় শৰীৰ গোট বিচিত্ৰ কৰিলা॥১৭
সহস্ৰেক ফণা মণি প্ৰকাশ কৰয়।
ৰবিৰ কিৰণ যেন চাহন নজায়॥
গাৱৰ দৃপিতি চিত্ৰ বিচিত্ৰ কৰিলা।
ৰত্নময় হীৰা মণি বাখৰে গঢ়িলা॥১৮
পৃথিবী ভিতৰে যত ৰূপসি আচয়।
সবাহাতে চাৰ ইটো মোৰ মনে লয়॥
হাজাৰেক মুখে কাল বিশ বহে চানি।
প্ৰচণ্ড প্ৰতাপ আৰ মনক নজানি॥১৯
তৰঙ্গিণী জিনি চক্ষু চাহন নজায়।
মুহুৰ্ত্তেকে মাৰিলেক আমাৰ চাৰি ভায়॥
কালৰ মায়াক কোনে বুজিবাক পাৰে।
সিও বৈশ্য ভৈলা আবে আমা সৱাকাৰে॥২০
যেন মেৰু পৰ্ব্বত ৰহিয়া আছে এথা।
আস্তিকক আনিবাক কহিবোহো কথা॥
এহিমনে গুনি ৰাজা মাতিবে লাগিলা।
অবনত ভাবে চাৰি ভাতৃও শুনিলা॥২১
বদতি নৃপতি পুণ্ডৰীক নাগ ৰাজ।
তোমাক আনিয়া আছো শুনা যিবা কাজ॥
আমি বনবাসী ফল মুলেসে আহাৰ।
মহাসুখে আছো আবে প্ৰসাদে তোমাৰ॥২২
যেন আপুনাৰ ৰাজা কৰিছো নিবাস।
ইটো কথা আমাৰ নাহিকে কিছু ভাস॥
ইটো ভবাৰ্ণব বনে আসিলো যি কালত।
স্নান কৰি আসো গৈয়া আস্তিক হদত॥ ২৩
হেন মনে আসিয়া বহিলো এই বনে।
ইটো সৰোবৰ জলে কৰিবোহে স্নানে॥
অক্ষয় ভৈলেক তনু আৰ জল পানে।
গুচিল সকল ক্লেশ আছে যত মানে॥ ২৪
মহাঋষি আস্তিকক দেখিবাক প্ৰতি।
বৰ আসা আছে তাক অনি ওক মাতি।৷
ব্ৰহ্মময় মুনি তেওঁ ধ্যানত নিৰত।
যেনে তেনে মিলাওক আমাৰ আগত॥ ২৫
এহিবুলি মৌন ভৈলা যুধিষ্ঠিৰ ৰায়।
বুলিলন্ত পুন্দৰীকে অবনত কায়।৷
দেৱৰ অজ্ঞাক যত পাৰি বুদ্ধিবলে।
কৰিবোহো আমি আক জানিবা কেবলে॥ ২৬
সহস্ৰ হাতৰ জল মাজত আশ্ৰম।
আচন্ত আস্তিক কৰি ব্ৰহ্মক নিয়ম।৷
সমাধি ভাঙ্গিলে তেবে চাপিব ওচৰ।
তেবেসে কহিব পাৰি তোমাৰ গোচৰ॥ ২৭
ৰৰিষেক, মানে যেবে সমাধি নেভাগে।
তেবে কোন জন থাকিবন্ত তান আগে।৷
এহি বুলি ৰাজাক নমিলন্ত ভূমি চুই।
যেন মেৰু পৰ্ব্বত চলিলা ৰঙ্গ হুই॥২৮
কতক্ষণে হ্ৰদৰ সমিপ চাপিলেক।
পাৰত উঠিয়া গায় গোট চালিলেক॥
হাজাৰেকে ফণা মণি ওপৰক তুলি।
জাপ দিব মনে আছে চাহিয়া সমুলি॥২৯
আকাশত দেৱগণে চাহিয়া আচয়।
পুণ্ডৰীক নাগে হ্ৰদ উবাৰ কৰয়॥
মহাবেগে লেজ গোট ওপৰে ডালিয়া।
ফোকাৰ তেজিয়া আলাসিয়া লাম্ফ দিয়া॥৩০
হ্ৰদৰ মাজত পৰিলেক মহা বলী।
পৰ্ব্বত আকাৰ ঢৌ উঠিলা আফালি॥
কসতি বান্ধিছে, তাৰ পাৰ বহুতৰ।
তাহাৰ আণ্ডোলে তল গৈলা নিৰন্তৰ॥ ৩১
দিলা বুৰ বেগে লাঞ্জ কৰি এক ঠাই।
নিমিশেকে গৈয়া আস্তিকৰ ঠান পাই॥
ঋষিয়ে বোলয় শুনিয়োক জন্মেজয়।
বৈষ্ণৱৰ কোন স্থানে অসাধ্য আচয়॥৩২
কতকালে তান বানো সমাধি ভাগয়।
পাণ্ডৱৰ ভাগ্য হেতু হ্ৰদত আছয়॥
আগবাঢ়ি পুৰিকে সমিপ চাপিলা।
দেখি ঋষিৰাজে তাক বচন বুলিলা॥৩৩
চাপি আস নাগৰাজ নকৰা সংশয়।
কৈও প্ৰয়োজন আবে আমাত নিশ্চয়॥
অবনত ভাবে নমিলন্ত নাগৰাজ।
কহিবে লাগিলা নিজ প্ৰয়োজন কাজ॥৩৪
মহামুনি ব্যাসৰ তনয় তিনিজন।
ধৃতৰাষ্ট পাণ্ডু যে বিদুৰ তপোধন॥
হস্তিনা পুৰত ৰাজা ধৃতৰাষ্ট ভৈলা।
অন্ধৰাজ একশত পুত্ৰ জন্মাইলা॥৩৫
শ্ৰেষ্ঠ ভৈলা তান নাম থৈলা দুৰ্য্যোধন।
তাক পাতিলন্ত ৰাজা দুস্ত মুন্ত্ৰীগণ॥
ইন্দ্ৰ পস্থ স্থানে পাণ্ডু ৰাজা মহামতি।
পঞ্চগুটি পুত্ৰ ভৈলা তাহাৰ সন্ততি॥৩৬
যুধিষ্ঠিৰ, ভীম ষেণ, নকুল, সহদেৱ।
ধনঞ্জয় আৰ তাৰ সম নাহি কেৱ॥
দৈববলে পাণ্ডুৰাজা পৰলোকে গৈলা।
পঞ্চগুটি পুত্ৰ তাৰ চেবণ্ডিয়া ভৈলা॥৩৭
জ্যেষ্ঠ, যুধিষ্ঠিৰক পাতিলা মহী পতি।
আছে মহাশান্তি সতী দ্ৰোপদ দুহিতী॥
অযোণী সম্ভবা কন্যা যজ্ঞ মণ্ডপত।
মহা সুচৰিত্ৰ নাৰী তাহাৰ গৃহত॥৩৮
দুৰ্যোধন দ্বেস্য কৰে পঞ্চ পাণ্ডৱক।
কুট পাশা সাজি পাছে পঠাইলা বনক।৷
অনন্তৰে ভবাৰ্ণব বনক আসিল।
এত আসি বহুতৰ বিপদ মিলিলা।৷৩৯
তাহাৰ মধ্যম ভাতৃ ভীমক মাৰাত।
নাগৰাজা দুহিত্ৰিক দিলন্ত তাহাত।৷
দশধামী নামে এক নগৰ পাতিলা।
নাগ সেনা দিয়া সেহি কন্যা পাহে থৈলা॥৪০
যুধিষ্ঠিৰ ৰাজা তেও অসাত মজিলা।
তোমাক নিবাক লাগি আমাক বুলিলা।৷
এতিক্ষণে গুৰু বাপ যাইবাক লাগয়।
তেবে সবাহাৰ জানো মন পুৰ হয়॥৪১
শুনি ঋষি মনে পাছে বিমঋষ পাইলা।
আমাসাৰ কাৰ্য আসি সন্নিত চাপিলা॥
এহি বুলি মুনি পাছে উঠিলা সত্তৰ।
দণ্ড চাৰিমানে ভৈলা জলৰ ওপৰ।৷৪২
তান তেজে যেবে ধৰশিল বহু পুৰ।
পুণ্ডৰিক নাগ আসি পাইলা কত দূৰ।৷
চাৰি ভ্ৰাতৃ সমে যুধিষ্ঠিৰ মহীপাল।
ধুপ দ্বীপ ধৰি পাছে বজাইলা সকল॥৪৩
অনন্তৰে তীৰত উঠিলা মুনিবৰ।
চাৰি ভাই সমে ৰাজা চাপিলা ওছৰ॥
দিব্য কুশাসনে ঋষি বসিলন্ত পাচে।
ধুপ দ্বীপ নৈবেদ্যে নৃপতি পূজি আছে॥৪৪
তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ সুন্দৰ।
সকলো গাৱত শুক্ল লোম মনোহৰ॥
ষোঢ়স বছৰ যেন তৰুণ শৰীৰ।
মহা ধৃতি মন্ত আতি গহিন গম্ভীৰ॥৪৫
জতাৰ ওপৰে যেন অগণি জলয়।
সুন্দৰ বদন পূৰ্ণ চন্দ্ৰমা পৰায়॥
তিনি যুগে ভৈলা যেন সোৰস বছৰ।
ফুলি ফুলি আছে যেন ডাৰি নিৰন্তৰ॥৪৬
কতিত কপিন কন্ধে অজিন উত্তৰী।
তুলসি ৰুদ্ৰাক্ষ মালা গলে আছে ধৰি॥
অক্ষ মালা জপ কৰি ব্ৰহ্মাক ধিয়ান্ত।
যাত যাত কৰি গাৱে অগণি বজান্ত॥ ৪৭
চাহিবে নপাৰি চকু তিৰবিৰ কৰে।
চাৰি গাই সমে চাহি আছে নৃপবৰে॥
ঢৌত বৰ্ণ দান্ত ঘনে হাসন্ত প্ৰকৃতি।
হাসিতে বজায় অগণিৰ ফিৰিং গুটি৷৷ ৪৮
হেন ভাবে দেখি পাচে ৰাজা যুধিষ্ঠিৰ।
শিহৰি শৰীৰ ৰহিলন্ত মহাবীৰ।৷
বৈশস্পায়ন বদতি শুনিও জন্মেজয়।
ৰাজাক সাদৰি মুনি বুলিলন্ত তয়॥৪৯
শুনা মহাৰাজ ধৰ্ম্মপাল মহাশয়।
মহাধৰ্ম্মি তোমাসব দেৱৰ তনয়।৷
নুহি নুহি তোমাসব পাণ্ডুৰ তনয়।
ভৈলা কলিযুগ আসি জানিলোহো ময়৷৷ ৫০
কুন্তীকলা নামে অপেশ্বৰা আছিলন্ত।
কাৰণে আসিয়া তেওঁ মনুষ্য ভৈলন্ত।৷
পাঞ্চদেৱ হন্তে পাঞ্চজন উপগত।
দ্ৰৌপদ ৰাজাৰ ঘৰে যজ্ঞ লণ্ডপত৷৷ ৫২
যজ্ঞসেনী নামে মহামায়া বেক্ত ভৈলা।
এতেকেসে পাঞ্চজনে তাক বিহাইলা।৷
আৰু এক কথা কহো শুনা যুধিষ্ঠিৰ।
দুৰ্য্যোধন লগে আছে তোৰ এক বীৰ॥৫৩
তাৰ সম ধনুৰ্দ্ধৰ পৰাক্ৰমি নাই।
পৃথিবীৰ বহুভাৰ হৈয়াছে জণ্টাই।৷
আৰ এক কথা পোছো শুনা ধৰ্ম্মমতি।
কলিযুগে অবতাৰ কৃষ্ণৰ সম্পতি॥৫৪
হৈছেকি নতো হোৱে কহিওক আক।
যুধিষ্ঠিৰে বোলে দেব শুনিয়োক তাক॥
নৰৰূপে নাৰায়ণ মথুৰাত যাই।
হৰিবাক আছে ভাৰ উপঞ্জি কলাই॥৫৫
হেন শুনি মুনি বৰে নয়ন মুদিলা।
পূৰ্ণ ব্ৰহ্ম হৰিভাৰ গুছাবে আসিলা॥
নুহি নুহি আন পূৰ্ণ ব্ৰহ্ম যে নিশ্চয়।
ভকতৰ পদে তেন্তে মুৰ্ত্তিক ধৰয়॥ ৫৬
পৃথিবীৰ ভাৰ হৰি হুৱা অবতাৰ।
মহা দুখ বিনা শিবে সবে জগতৰ॥
যত দত্য দানবক কৰি বুন্দামাৰ।
দুস্ত ৰাজাগণকে সংহৰিবাৰ ম্বাৰ॥ ৫৭
যদুবংশ বিভুষণ সাগৰ মধ্যত।
পাতিছে নগৰ আতি আনন্দ মনত॥
পৃথিবী স্বৰ্গত যত আছে ভোগ মানে।
তাহাতে মিলায়ে আতি দেবসনাতনে॥৫৮
তোৰ পাঞ্চজনক যে পঠাইলা বনে।
বনৰ ভাৰক গুচাইবাৰ প্ৰভু মনে॥
যত দত্য-দানব বনত আছে আৰ।
তুমি সবে তাহাক কৰিবা বুন্দামাৰ॥ ৫৯
নুহি নুহি তোমাৰ যে বনক গমন।
ঈশ্বৰৰ ইৰ্চ্ছা তেসে আছা ইটো স্থান॥
ঘোৰ যুদ্ধ মিলিবেক বনতে তোমাৰ।
ৰাক্ষস দানব মানে মাৰিবা অপাৰ॥ ৬০
ব্ৰহ্মা আদি দেৱগণে অভিনন্দা কৰি।
মাৰাইবে ৰাক্ষস সবে তোমাক সাদৰি॥
বাৰাও, বছৰ মানে ভ্ৰমিবা বনক।
বনৰ ভাৰক আৰু গুচাইবা সবাক॥ ৬১
পাচে পাতালত গৈয়া দত্য সোনাচয়।
নিগুটি কৰিয়া তাক হইবাহা বিজয়॥
এহি মতে বনৰ গুচাইবা যত ভাৰ।
অভয় কাৰণে তোমাসাৰ অবতাৰ॥ ৬২
সেকালে ৰণত মাৰিবাহা ৰজাচয়।
অজ্ঞাত বছৰ আৰ বঞ্চিবা নিশ্চয়॥
বনবাস মুকুত হৈবাহা পঞ্চ ভাই।
ৰজাগণ কুৰুবল মাৰিবা সিঠাই॥ ৬৩
পাছে যুধিষ্ঠিৰ তুমি হৈবা মহা ৰাজা৷
খণ্ডিবে দুৰ্গতি সবে পালিবাহা প্ৰজা॥
এহি বুলি মুনি পাচে থমকি ৰহিলা
ভৱিষ্যত কথা আৰু কিচু নকহিলা॥ ৬৪
পাচকথা কহিলে মনত পাইব দুখ।
পাচে মুনিবৰে কিছু সঙ্কো ছিলা মুখ॥
বৈশপায়ন বদতি শুনিও নৃপবৰ।
আচষ্য মহিমা শুনি মুণি আস্তিকৰ॥ ৬৫
পাঞ্চ ভাই গাৱে গাৱে প্ৰণাম কৰিলা।
যত দুখ ক্লেশ মানে সমস্তে গুছিলা॥
দ্ৰোপদীও নমিলন্ত ঋষিৰ চৰণ।
পাঞ্চপতি সমে চিৰজীৱ বুলি কন॥ ৬৬
যুধিষ্ঠিৰে বোলে দেৱ তোমাক দেখিলো।
আমাৰ মনুশ্য দেহা সাম্ফল কৰিলো॥
ব্ৰহ্মা আদি দেৱগণে নেদেখে তোমাক।
হেনয় মুনিয়ে দেখা দিলাহা আমাক॥ ৬৭
কিন্তু আবে পোছো আমি তোমাক সম্প্ৰতি।
কি কাৰণে ইঠানত আছা মহামতি॥
শুনি মুণি বোলন্ত নেশোধা ইটো কাজ।
তোমাসাৰ কাৰ নেসে আছো মহাৰাজ॥ ৬৮
আৰ নসুধিলে ৰাজা মুণি নকহিলা।
বৰ লোৱা বুলি পাছে তাক প্ৰবোধিলা॥
ৰাজায়ে বোলন্ত যদি মোক দিবা বৰ।
নচাৰোক মতি সদা কৃষ্ণ চৰণৰ॥ ৬৯
স্মৰণ মাত্ৰকে যেন লগতে মিলয়।
কৃষ্ণয়ে নেৰয় যেন সদায় হৃদয়॥
চাৰি গুটি ভাতৃ আৰ দ্ৰোপদ নন্দিনী
কুশলে ৰহোক যেন নাপায় বিঘিনি॥ ৭০
এহি বৰ সিদ্ধি হৈব লভিধা কৃষ্ণক
খন্তে কতো হৰিয়ে নেৰন্ত ভকটক॥
কিন্তু তেও ভকতিৰ বশ্য নিৰন্তৰ।
এতেকে সে সিদ্ধি হৌক তবু নিজবৰ॥ ৭১
অনন্তৰে মুনিবৰ মৌন হুৱা ৰৈলা
যাইবাক লাগিয়া তাৰ মন আসি ভৈলা॥
সবাহাৰ আগত ভৈলন্ত অন্তৰ্ধ্যান।
নাহি কয় মুনি তেবে ভৈলা সুধাথান॥ ৭২
অচিন্ত প্ৰভাব মুণি অক্ষ এৰে সৰি।
যুধিষ্ঠিৰ ৰাজা সুমৰন্ত হৰি হৰি॥
পুণ্ডৰিকা নাগক মাতিলা মহাৰাজ।
তোমাৰ প্ৰাসাদে সবে সিদ্ধি ভৈলা কাজ॥ ৭৩
হেন মহা ব্ৰহ্মময় মুণিকেহো নাই।
পৰম ভাগ্য সে আৰু দেখিবাক পাই
এহিমতে মনে আনো অভিনন্দা কৰি।
গৃহক লৰিলা পাছে ৰামকৃষ্ণ স্মৰি॥৭৪
বৈসান পায়ন বাদতি শুনিও নৃপবৰ।
সবে মন পুৰ ভৈলা পাঞ্চ পাণ্ডবৰ॥
কৃষ্ণক লভিয়া মহন্তক দৰশন।
শুমৰি শুমৰি পাণ্ডবৰ ৰঙ্গ মন॥ ৭৫
গৃহে গৈয়া যুধিষ্ঠিৰ নৃপতি বসিলা।
চাৰি বীৰে পুণ্ডৰিকে কাবৰি ৰহিলা॥
অনন্তৰে কুন্তিসুতে পুণ্ডৰিক চাই।
কহিবে লাগিলা কথা মনে অবগায়॥৭৬
শুনা নাগৰাজা আবে আমাৰ বচন।
সকলো প্ৰকাৰে সিজিলেক প্ৰয়োজন॥
কতকাল আছো আমি তোমাৰ ঠানত।
মহাভাগ্য কৰি আৱে আছো যেন মত॥৭৭
কিন্তু বনবাসীৰ নুহিকে ইটো কাজ।
নিৰন্তৰ ফুৰিবে লাগয় বন মাজ॥
ফল মূল আহাৰ কৰিবে নিৰন্তৰ।
গৃহৰ সুখক এৰি হৈবে বনচৰ॥৭৮
সমস্তে তীৰ্থত ফুৰি কৰিবেক স্নান।
মনে অভিমানে, কিচু নকৰিবে আনে।
ৰৌদ্ৰ বৰিশণ বতাহক সহিবেক।
মহন্তক দৰশণ সদায় হৈবেক॥ ৭৯
তেবেসে হইব বন বাসিৰ যুগুত।
অন্তকালে হৈব তাৰ সৰিৰ মুকুত॥
আমি সব আছো যেন আপোন ৰাজ্যত।
বনধৰ্ম্ম পৰিহৰি জীবে কেন, মত॥৮০
আস্তিকক দেখিলো কৰিলো হ্ৰদে স্নান।
তাহাৰ ফলক লভি আছো বিদ্যামান॥
সবে কাৰ্য্যসিদ্ধি ভৈলা পুৰ ভৈলা মন।
আবে আন বনে আমি কৰিবো গমন॥৮১
এহি বুলি মহাৰাজ আৰ নকহিলা।
হেন শুনি বৃকোদৰে বচন বুলিলা॥
তুমি সে আমাৰ নিজ হোৱা অধিকাৰ।
কোন জনে বাধিবেক বচন তোমাৰ॥৮২
যেহি বোলা সেহি কৰে বচন তোমাৰ।
আমাৰ মনৰ একো নাহিকে বিচাৰ॥
হেন শুনি পুণ্ডৰিকে বোলে সাবধানে।
কিয়নো নাথাকা ইটো মহা পুণ্যথানে॥৮৩
আস্তিক হ্ৰদৰ সম একো তীৰ্থ নাই।
আত থাকি দিব্যৰূপে বৈকুণ্ঠক যাই॥
আৰু যদি আস্তিকক পায় দৰিশণ।
কোনে সীমা কৰিবেক তাৰ পূণ্যগণ..৮৪
আমাৰ বচন যেবে নামানা মনত।
লওক প্ৰমাণ আৰ যমৰ বাক্যত॥
অনন্তৰ আগে যম ৰাজাৰ ৱচন।
বোলন্ত আমাৰ কিচু নাহি প্ৰয়োজন॥৮৫
যত লোকে স্নান কৰে আমাক নাপায়।
দিব্য বিমানত চৰি বৈবুণ্ঠক যায়॥
আমাসাৰ পৰা আৰ নাহি দুখিজন।
হেন জানি প্ৰভু আবে কৰা যেন মন॥৮৬
হেন শুনি সঙ্কৰসনে বোলে তাক চাই।
বোলে তোমাসাৰ সম নাই যমৰাই॥
যাওক গৃহক মনে নকৰিও কষ্ট।
এতেকে লোকৰ কাৰ্য্য কৰিবাহো নষ্ট॥৮৭
হেন শুনি যমৰাজা ৰাজ্যে চলি গৈলা
পাচে সঙ্কৰ সনে মোক মাতি আদেশিলা॥
চলিও পুণ্ডৰি তুমি ভবাৰ্ণব বন।
যিতো তীৰ্থবাসী তাক কৰিয়োক চন॥৮৮
তাৰপৰা লোক আৰ নাসে ইঠানক।
পালাহা প্ৰয়াণ আত তোমাৰ সবাক॥
হেন মহা পূণ্য থান এৰি কিকাৰণ।
কোন কাৰে চলিবাক খোজাআন বন॥৮৯
বাঢ়য় বছৰ আত জাক নিৰন্তৰ।
পাচে লৈয়া যাইবো আমি হষ্ঠিনা নগৰ॥
এক খানিতেকে বিনাসিবো কৌৰবক।
দণ্ডেচত্ৰে তোমাক কৰিবো অভিষেক॥৯০
হেন মত আমাৰ মনত দেখো ভাল।
যেন মত যোগ্য আবে কৰা মহীপাল॥
হেন শুনি ধৰ্ম্ম ৰাজা বুলিলা দুনাই।
ভাল কহিলাহা পুণ্ডৰিক নাগৰাই॥৯১
কিন্তু আমি ফুৰিবে লাগয় বনে বন।
এক থানে নহে বন শাস্ত্ৰৰ বচন॥
বৈশান পায়ন বদতি শুনিও জন্মে জয়।
ঈশ্বৰৰ ইচ্ছা কোনে বাধিবে পাৰয়॥৯২
জাৰ হৰণৰ হেতু বন পাণ্ডবৰ।
তাক নজানয় কতো অল্প মতি নৰ॥
মহাজন সকলে জানিয়া থাকে মনে।
লৈয়োক প্ৰমাণ আৰু আস্তিক বচনে॥৯৩
ৰাজাৰ বচন হেন নিশ্চয় জানিয়া।
ভিমসেনে মাতিলেক ৰাজাক নমিয়া॥
আদেসিয়ো দাদা ভযু যদি আজ্ঞা হয়।
তুমি যি কহিবা তাক কৰিবে লাগয়॥৯৪
যুধিষ্ঠিৰ বদতি শুনিয়ো বৃকোদৰ।
শুনা পুণ্ডৰিক ধনঞ্জয় বীৰবৰ॥
কত কাল আছো আমি মহা সুখ কৰি।
বনবাসী নহো হেন মনে আছো ধৰি॥৯৫
এতেকে সে ইটো সুখ ত্যজিবে লাগয়।
নাগৰাজ বাসুকীত কহিও বুজায়।
ভিমসেন তুমি দশ ধানিপুৰে যাহা।
দাস দাসী লোক সব ভালে থৈই আহা॥৯৬
নিয়মে ৰাখিয়ো যত লোক নিৰন্তৰ।
তুমি থাকি বাহা ঘোৰ বনৰ ভিতৰ॥
নিজকৰ্ম্ম কৰি ৰাখিয়োক নিতি যত।
নকৰিবা আপোন কামত বুদ্ধি হত॥৯৫
ৰাজাক প্ৰণমি পুণ্ডৰিক চলিযান্ত॥
নাগৰাজ বাসুকিত সমস্তে কহিবন্ত॥
ভীমশেন দশ ধানি নগৰক গৈলা।
দাস দাসী নিয়া সবে নিয়োজিয়া থৈলা॥ ৯৮
কতিপয় দিন থাকি আলি বৃকোদৰ।
ৰাজাত কহিলা পূৰ্ব্বাপৰ নিৰন্তৰ॥
তথাতে আছিল দিন চাৰি পাঞ্চ মান।
নিশ্চয় কৰিলা মন চলিবাক আন॥৯৯
মুনিয়ে বোলয় বিষ্ণু ৰাতৰ তনয়।
মহাৰাজ কুণ্ডিসুত জগতে বিজয়॥
প্ৰভাতে উঠিয়া স্নান তৰ্পন কৰিলা।
দেৱ পিতৃ তুষি নিজ অন্নক ভুঞ্জিলা॥১০০
অনন্তৰে চাৰিবীৰে কৰিলা ভোজন।
দ্ৰৌপদীয়ে ভুঞ্জি থালি মাজিলা তেখন॥
সাজ হৈয়া চলি গৈলা যুধিষ্ঠিৰ ৰাই।
কান্দে দাসদাসী সবে তাসম্বাক চাই॥১০১
আমাক লগতে নিয়া আই পটেশ্বৰী।
ফুৰিবো বনত তোমাসাক সেৱা কৰি॥
প্ৰবোধন্ত দ্ৰৌপদী থাকিয়োক সবে জাই।
দশধানি পুৰত আপুন সুখ পাই॥১০২
এহি সেৱা কৰা সবে আচুকী কুমাৰী।
থাকিয়োক সবে অতি মহা সুখ কৰি॥
কতবা কালৰ সবে গৃহ বাৰি এৰিলন্ত।
যুধিষ্ঠিৰ মহাৰাজ চলিয়া গৈলন্ত॥১০৩
দাসদাসী সব চলি দশধ্যানি গৈলা।
সিদিনাক ধৰি সিটো থান শূণ্য ভৈলা।
জয় নৰনাৰায়ন ৰাজা মধ্যে সাৰ।
বিপ্ৰ বৈষ্ণবক পালি দুস্তক বিনাসি।
জিনিলা সকল ৰাজ্য নিজ বলে সানি॥
জাচক সাবা পৰাং মুখ নকৰয়।
যেহি যিবা খোজে তাক প্ৰতেক দিবন্ত॥১০৫
অনন্তৰে শুনান্ত ভাৰত বিচক্ষণ।
ক্ষমা বস্তু দাতাৱন্ত ধিৰ বুদ্ধিমান॥
হেনয় ৰাজাৰ আজ্ঞা পলায়া যতনে।
বিৰচিলো যম পৰ্ব্ব কথা সাবধানে॥১০৬
বহু শাস্ত্ৰ তৰ্ক বাক্য কৰি দৈপায়নে।
থৈলন্ত লিখিয়া তাৰু পৰম যতনে॥
বিচক্ষণ পণ্ডিতে নপায় তত্তসাৰ।
আমি কি কহিবো তাক বালক আচাৰ॥১০৭
ৰচি লোহো আ়জ্ঞা পায় তথাপি পয়াৰ।
বনপৰ্ব, কাল কুঞ্জ বধ নাম যাৰ॥
যানি বুদ্ধ জন, মোৰ নধৰিবা দোষ।
মহন্তৰ কথা শুনি হয়োক সন্তোষ॥১০৮
আজি, কালি কৰি যায় মনুষ্য শৰীৰ।
পদ্ম পত্ৰ জল যেন সমকে অথিৰ।
হেন জানি ইহাক শ্ৰনণ কবিয়োক।
কৃষ্ণ কথা শ্ৰৱণে গুচয় ভয় শোক॥১০৯
বিষ্ণু বৈষ্ণবৰ কথা অতি ৰুচিকয়।
দুয়ো কথা শ্ৰেষ্ট *****************
তোমার চরণে যিটো একান্ত শরণ।
কায়বাক্য মনে যিবা ভজে সৰ্ব্বক্ষণ॥১১০
আৰ কোন বস্তু তাক দিয়ে আপোনাক।
পাণ্ডবতে প্ৰমান যে দেখিয়ো ইহাক॥
ভকতিত বৈশ্য হৈয়া বনত ফুৰন্ত।
অৰ্জ্জুনৰ ৰথৰ সাৰথি ভগবন্ত॥৯১১
দেখা কেন ভক্তিৰ অধিন বনমালি।
সৰ্ব্ব কালে থাকন্ত সন্তৰ আজ্ঞাপালি॥
হেনয় কৃষ্ণৰ পাৱ নচাৰোক মতি।
দাস কৰি মোক কিনিয়োক লক্ষ্মীপতি॥১১২
পৰম আতুর মই অধম মুগুধ,
দেহ প্ৰাণ আমাৰ যে সকল অসুদ্ধ॥
সুদ্ধ কৰি মোক ভক্তিধনে কিনিয়োক।
ৰাতুল চৰণে মোৰ সদা মতি হৌক॥১১৩
বিষয় চিন্তায়ে মোৰ তনু ভৈলা ক্ষীণ।
তোমাৰ চৰণ চিন্তিলোহো ৰাত্ৰিদিন॥
ভৃত্য বুলি লোৱা ইতো দোষ ক্ষমা কৰি।
পলাওক পাতেক ডাকি বোলা হৰি হৰি॥১১৪
[ ২৪ ]
চবি।
ৰাজাক সম্বোধি পাচে কহিবে লাগিলা কথা
শুনিয়ো ৰাজেন্দ্ৰ মহাশয়।
আগ ভৈলা ভীমসেন মত্ত হস্তি সম যেন
তাৰ পাচে নৃপতি চলয়॥
নকুল সহদেৱ দুই মাজত চলিয়া জান্ত
তান পাচে দ্ৰোপদ নন্দিনী।
গাণ্ডিব ধনুক ধৰি যেন মহা সিংহ চলে
নেৰন্ত সদা ৰাম কৃষ্ণ বাণি॥১১৫
কত দূৰ যাই পাচে জিৰাইলন্ত মহাৰাজ
পূৰ্ব্ব পৰ কৰিয়া বিচাৰ।
অনন্তৰে গৈয়া পাচে কেশৰী তীৰ কপাইলা
শুকুমল মহানীৰ ধাৰ॥
সেহি বেলা যুধিষ্ঠিৰ কহিবে লাগিলা কথা
এহিতো কেশৰী তীৰ্থ বৰ।
আত স্নান দান কৰি হোয়ে আতি মহাযুদ্ধ
ভোগ ভুঞ্জি অক্ষয় স্বৰ্গৰ॥১১৬
তাৰ তীৰ তীৰে যেবে চয় জন চলি যান্ত
গধুলিকা সময় মিলিলা।
নদীৰ কাশৰে পাচে এক বৃক্ষতলে যায়
ৰহিবাৰ গৃহক নিৰ্ম্মিলা॥
পত্ৰ আনি যত্ন কৰি তাহাতে মহিলা ৰাজা
চাৰি বীৰে পহৰা ধৰিলা।
ৰাম কৃষ্ণ বুলি ৰাজা মন এক বাণি কৰি
কিছু মান নিদ্ৰাক কৰিলা॥ ১১৭
অনন্তৰে ৰজণি যে প্ৰভাতে উঠিয়া পাচে
স্নাণ পান তৰ্পণ কৰিলা।
দেৱ পিতৃ অৰ্চ্ছা কৰি কৃষ্ণ কৃষ্ণ নাম স্মৰি
পথ ধৰি তীৰত চলিলা॥
কৰদূৰ যাই পাচে জিৰাই ৰহিলা ৰাজা
বোলে যাও কমল বনক।
মৰু নামে মহামুনি তথাতে আছন্ত ভালে
যাইবে আমি তাক চাহিবাক॥১১৮
এহি বুলি ধিৰে ধিৰে চলি তীৰে তীৰে
কুন্তিসুত যুধিষ্ঠিৰ ৰাই।
নদী নদ গিৰিবৰ খাল জোঙ নিৰন্তৰ
এৰাই আতি পথ বহি যাই॥
দিন চাৰি পাঞ্চ মানে কমল বনক পাইলা
মৰু ঋষিৰ আশ্ৰম দেখিলা।
অনন্তৰে গৈয়া পাছে মহাৰাজ ধৰ্ম্মসুত
মুনিৰ থানত প্ৰবেশিলা॥১১৯
শিষ্যগণে আবৰিয়া বসিয়া আছন্ত ৰঙ্গে
কত দূৰে ৰাজাক দেখিলা।
কোন পাঞ্চ জন ইতো বীৰবেশে পৰাক্ৰমে
আমাৰ থানত প্ৰৱেশিলা॥
আৰু এক জন দেখো সুন্দৰ ৰমণী আছে
তুভুবনে নাই সমসৰ।
শিষ্যগণে বোলে দেযৱ তোমাক চাহিবে লাগি
শচী সমে আসে পুৰন্দৰ॥
কতজনে বোলে নুহি কোন এক ৰাজা আসে
আমাৰ দেৱক চাহিবাৰে।
এতেক বোলন্ত যাই সন্নিত চাম্পিল ৰাজা
দেখি আতি হৰিষ অন্তৰে॥
তাসম্বাক দেখি মুণি আসন আনিয়া দিলা
গৌৰবে বসিলা নৰশ্বৰ।
অনন্তৰে মহামুনি পুচিবে লাগিলা বাণি
আসি আচা কোনবা থানৰ॥১২১
কোন বংশে ভৈলা জাত কোন তুমি পাঞ্চ জন
দেখো এক ৰমণী লগত।
কিবা চন্দ্ৰ কিবা ইন্দ্ৰ কিবা আলি আচ কোন
কহিয়োক আমাৰ আগত॥
যুধিষ্ঠিৰ নৃপতিয়ে অবনত ভাবে ৰৈলা
কহিবে লাগিলা বৃকোদৰ।
ব্য়াসৰ তনয় যিটো পাণ্ডু ৰাা মহাশয়
তাৰ পুত্ৰ ধৰ্ম্ম নৃপবৰ॥১২২
ইন্দ্ৰপ্ৰস্থ নগৰত মহাৰাজ যুধিষ্ঠিৰ
তাৰ ভাতৃ আমি চাৰিজন।
মোৰ নাম ভীমষেন মোত চোত ধনঞ্জয়
আৰু দুই পৰম বোজন॥
দোপদ ৰজাৰ আতি যজ্ঞমমণ্ডলৰ মাজে
অগণি কুণ্ডত যাত ভৈলা।
মহা মুনিগনে পাছে গণতি কৰিয়া আছে
যজ্ঞষেণী নামক যে থৈলা॥১২৩
মস্য ভেদি ৰাজা জিণি আনিলন্ত ধনঞ্জয়
মাতৃ বাক্যে পাঞ্চে বিতাইলো।
দুৰ্জ্জোধন ৰাজা সমে পাখাত হাৰিয়া পাচে
ৰাজা সমে বনক চলিলো॥
বাড়য় বহু মানে বনত ফুৰিবে লাগে
আৰু বৰিষেক অজ্ঞাত।
ঋষিগণ সম্ভাসিয়া তীৰ্থ সব স্নান কৰি
ভ্ৰমি ফুৰো দাৰুণ বনত॥১২৪
তোমাক দেখিবে লাগি আস্তিকৰ হ্ৰদহন্তে
হৈ আছে আমাসাৰ ৰণ।
কতবা দিনেসে মিলি আসি আসি বনে বনে
ভৈলো তোমাসাৰ দৰষণ॥
হেম শুনি মুণিবৰে প্ৰশংসা কৰিয়া বোলে
বৰভাগ্য মিলিলা আমাৰ।
তোমাসাৰ পাঞ্চ ভাই দেব বিষ্যে উৎপত্তি
দৰষণ ভৈলোহো তোমাৰ॥১২৫
মোৰ থানে তোমা সব থাকিয়োক মহাসুখে
প্ৰতিপাল কৰিয়া যতনে।
দেবৰ প্ৰাৰ্থন্তে আসি বনত প্ৰবেশ ভৈলা
তোমাসাৰ সবে পাঞ্চজনে॥
নাহি নাহি দুৰ্জ্জোধন ৰজাৰ যতেক দোষ
ঈশ্বৰৰ ইচ্ছা হৈয়াচয়।
তোমাসাৰ যত কাৰ্য্য আনে কিছু নজানয়
ব্ৰহ্মা হৰে ইহাক জানয়॥১২৬
এহি মতে মুণিবৰে আন নানা আস্বাসিয়া
পাণ্ডব গণক বুলিলন্ত।
হেন মতে পাঞ্চ ভাই পৰম আনন্দ মনে
ঋষিৰ শৰীৰ চাহিলন্ত॥
সিৰে ভয়ানক জটা যেন অগনিৰ চটা
ভকৰ ভকৰ বহি যান।
তপ্ত সুবৰ্ণৰ বৰ্ণ দেখি যেন বসুগুটি
আলতাকে নিন্দে দুই কান॥১২৭
সত্য যুগে জাত হয় তথাপিতো দেখি যেন
বয়শত সোৰষ বছৰ।
হাতৰ পাৱৰ নখ ফুলি ফুলি আছে আতি
তথাপিতো যেন বাছয় বছৰ॥
নমো নমো দামোদৰ জগতৰ বিঘ্ন হৰ
ভকত অভয় দাতাদেৱ।
বন পৰ্ব্ব কথা চবি ৰাম সৰস্বতি কবি
কৃষ্ণৰ চৰণে কৰি সেৱ॥১২৮
জয় জয় নাৰায়ণ ভকটৰ প্ৰিয় ধন
কৃষ্ণ নামে সংসাৰ তৰয়।
আন সব পৰিহৰি ৰাম নাম সঙ্গে কৰি
ভবসিন্ধু পাৰ হে হৱয়॥
স
শ্ৰীহৰিচন্দ্ৰ দেবে মিনতি কৰিয়া বোলে
শুনা যত সভাসদ লোক।
ৰাম নাম কৰি সাৰ হৰি হৰি বোলা সবে
কলিৰ যে পাতেক খণ্ডোক॥১২৯
পদ।
বৈসম্পায়ন বদতি শুনিও নৰেশ্বৰ।
ঋষিৰ ৰূপক দেখি কুন্তীৰ কুমাৰ॥
মৌনে ৰহিয়াছে সবে বিস্ময় মনত।
তলমুণ্ড হুয়া সবে কৰি অবনত॥১৩০
হাস্য কৰি বোলে মুনি কিনো শুভদিন।
মহাভাৰ দূৰ হোৱে আৰ পাওঁ চিন॥
এহিভাবে প্ৰশংসা কৰিয়া বাৰে বাৰ।
দিলা বাসাঘৰ তাসম্বাক বহিবাৰ। ১৩১
অনন্তৰে পাঞ্চভাই তথাতে ৰহিলা।
কতোদিন মানে তাত আনন্দে বঞ্চিলা॥
বহুতৰ কথা ঋষি কহিয়া থাকন্ত।
কতো কতো জামাল সংহিত বখানন্ত॥১৩২
এহিমতে আছে যেবে একপক্ষ মান।
ঋষিত মেলানি লৈলা ভাই পাঞ্চজন॥
নৃপতি বদতি দেৱ তোমাত বিনাওঁ।
আজ্ঞা কৰা আমি আবে কোন থানে যাও॥১৩৩
তুমি হেন মহন্তক হৈয়া দৰিশন।
ফুৰিবোহোঁ আমি সব হেন লয় মন॥
অগস্তিৰ উলক দেখিবে ইচ্ছাবৰ।
তযু দৰষণে পাইলো আনন্দ বিস্তৰ॥১৩৪
ক্ষেত্ৰসব স্নানি প্ৰণামিয়া মহন্তক।
ফুৰিবোহোঁ হেন মতে সকল বনক॥
ঋষিয়ে বোলন্ত ভাল হেন লয় মনে।
বৈষ্ণবক দৰশণ ভাগ্যৰ কাৰণে॥১৩৫
ধন্য মহাৰাজা ধন্য সাৰ্থক জীৱন।
পৰম সৌভাগ্য তুমি আসিছাহা বন॥
- ** অপচয় আছে বহু **।
- ** অপচয় আছে বহু **।
ৰাক্ষস পিশাচ ** আছয় বিস্তৰ॥
তাহক বিনাশ কৰি বনত ফুৰিবা।
দেৱ ব্ৰাহ্মণেৰ বৰ দুখক খণ্ডিবা॥
যমদগ্নি পৰ্শুৰাম মাৰ্কণ্ডয় ক্ষষি।
অগস্তি গাল্লব আদি চাহিবা হৰিষি॥১৩৭
কিন্তু উত্তৰৰ ভাগে কৰিবা গমন।
পশ্চিমক নেযাবাহা আছে ম্লেচ্ছগণ॥
মহাদুষ্ট ম্লেচ্ছ সেনা অক্ষয় অব্যয়।
দেবীৰ বৰত য়িতো বাঢ়িয়া আছয়॥১৩৮
হেন শুনি দুনাই যুধিষ্ঠিৰে কথা কয়।
কোন ম্লেচ্ছ সেনা কেনে বাঢ়িয়া আছয়॥
কেন মতে মহামায়া তাক বৰ দিলা।
ইসব কাহিনী শুনিবাৰ ইচ্ছা ভৈলা॥১৩৯
মুনিয়ে বোলন্ত ৰাজা শুনিয়োক কাজ।
যজ্ঞ আৰম্ভিলা দক্ষৰাজে পাই লাজ॥
দক্ষৰ দুহিতা সতী জায়া মহেশৰ।
পিতৃৰ গৃহক গৈলা আনন্দ বিস্তৰ॥১৪০
স্বামীৰ ভাগক নেদেখিয়া মহাসতী।
শোকে অপমানে পাচে প্ৰাণ ত্যজিলন্তি॥
এহি কথা শুনি হৰে ভাৰ্য্যাৰ মৰণ।
কৰিলন্ত মহাদুখে শোক ঘনে ঘন॥১৪১
দুই নাসিকাৰ হন্তে ম্লেচ্ছা বাছিআইলা।
তাত হন্তে দুই গুটি বালক জন্মিলা।
সুহনি আকাৰ তাৰ মুখ গোট ভৈলা॥ ১৪২
দুইখানি বালক দেখিতে দুৰ্ব্বিনয়।
উচপিচ কৰি কান্দে কেৱে নিনিৱয়॥
সৰিংশ্ৰবা নামে এক যোগিনী আছিলা।
পুত্ৰভাবে তাই দুই শিশুক তুলিলা॥ ১৪৩
পাচে হেমৱন্তু জীউ ভৈলন্ত পাৰ্ব্বতী॥
হৰক দিলন্ত বিহা কৰি মহাপ্ৰীতি॥
দেবীক সেবন্ত শিশু মহাদুখ পাই।
বোলে আমাসাক তুমি বৰ দিয়া আই॥ ১৪৪
ইতিনি লোকত দেৱ দৈত্য মনুষ্যত।
নাহিকে মৰণ মাগো তযু চৰণত॥
দেবী বোলে ইতোবৰ অতি শ্ৰেষ্ঠত্তৰ।
বিনাশ চিন্তিবে খোজা সবে জগতৰ॥ ১৪৫
তথাপি তোহোক দৱা কৰিবোহো আবে।
এতেকে তেহোক মই বৰ দিব লাগে॥
কাতো হন্তে মৃত্যু নাই বৰ দিলোঁ মই৷
দূৰহন্তে ভক্ষদ্ৰব্য মিলিব নিশ্চয়॥ ১৪৬
যিটো খুজিলিহি মই দিলোঁ সেহিবৰ।
কৈলাশৰ পৰা আবে সত্তৰে অন্তৰ॥
উত্তৰ সাগৰ তীৰে বহিয়োক যাই।
আৰ এক বব ছিদ্ৰ শুনা কহোঁ তাত।
কদাচিতে নিচিন্তিবা লোকৰ অহিত॥
লোকৰ অহিত যদি অল্পই চিন্তিব।
স্ত্ৰীৰ হাতত তেবে মৰণ মিলিব॥১৪৮
মুনিহ শকতি স্ত্ৰী ধনুবান ধৰি।
অৱশ্যে জানিবা যমপুৰে যাইবা মৰি৷।
মুণিয়ে কহয় কথা শুনে পাঞ্চ ভাই।
দ্ৰৌপদীও শুনিয়া আছয় সেহি ঠাই॥১৪৯
অৰ্জ্জুনক অল্প কৰি বোলে বৰ নাৰী।
কোন স্ত্ৰী যুজিবেক হাতে ধনু ধৰি॥
ধনঞ্জয় বোলে শুনা, শুনিয়ো সুন্দৰী।
তুমিও বুজিবা ঘোৰ হাতে ধনু ধৰি॥১৫০
এহিবুলি মৌনে ৰহিলন্ত দুয়োজন।
পাছৰ কথাক আৰু কৰিলন্ত মন॥
বৈসম্পায়ন বদতি শুনিয়ো জন্মিজয়।
যুধিষ্ঠিৰে বোলে গুৰু কহিয়ো নিশ্চয়॥১৫১
পূনৰূপি ঋষি কথা কহিবাক লৈলা।
কালকুঞ্জ কোষক দুহান নাম ভৈলা॥
বৰ গোট কালকুঞ্জ সৰুটী শোষক।
হৰক প্ৰণামি পুনঃ মাগয় বৰক॥১৫২
দিয়ো ইষ্ট বৰ প্ৰভু দেব পশুপতি।
দিয়ো আৰ সৈন্য সব আমাৰ সংহতি॥
মহেশে বোলন্ত দেবী বৰ দি আছয়।
মই বৰ দিবে আৰ যোগ্য নাহি কয়॥১৫৩
তথাপিতো তোক বৰ দিওঁ যেন মত।
প্ৰথমত ভুত ম্লেচ্ছ তিনিকোটী শত॥
তোক সেবা কৰি সদা থাকিবে সতত।
বাসা কৰি থাকা গৈয়া সাগৰ তীৰত॥১৫৪
এহি বুলি তাহাক খেদিলা শূলধৰ।
মেচ্ছ সেনা লৈয়া ৰৈলা সাগৰৰ তীৰ॥
লোক সকলক সিতে উপদ্ৰব কৰে।
দেবীৰ বৰত সিতো হাম্বাৰিয়া ফুৰে॥১৫৫
পূৰ্ব্বে মহেশ্বৰে তাত কহিছে বুজাই।
লোক উপদ্ৰব যদি কৰা কোন ঠাই॥
আমি যদি শুনো তোৰ নহৈবেক ভাল।
তোহোৰ সম্বন্ধে মই হৈবো যমকাল॥১৫৬
এতেকে সে কিছু গৈয়া মাগিয়া ফুৰয়।
তথাপিতো মাজে মাজে লোকক পীৰয়॥
মদ্য মাংস খাই কিল কিল কৰি থাকে।
দিনে ৰাতি ম্লেচ্ছগণে সেৱয় কৰি তাহাকে॥১২৭
গৰ মধ্যত শিহু ঘৰিয়াল যত।
ধৰি ধৰি সিসবক খাৱয় সতত॥
হস্তী মৃগ মানুষ পাৱয় যত যত।
ঢুকিয়া পাৱয় এক প্ৰহৰৰ পথ॥ ১৫৮
সুহুনি আকাৰ মুখে কামোৰ মাৰয়।
তেজপানী মাংস মানে শোহামাৰি খায়॥
এহিমতে ম্লেচ্ছসেনা আছে অযুতেক॥
নজানিয়া পসে যদি নেৰয় তাহাক॥১৫৯
এহিবুলি মুনিবৰে কহিলন্ত যত।
সংক্ষেপে পদত তাৰ লেখা দিবো কত॥
বৈসম্পায়ন বদতি শুনিয়ো নৃপবৰ।
মুনিয়ে কহন্ত কথা আৰ নিৰন্তৰ॥ ১৬০
নিতে নিতে শুনিয়া থাকন্ত পঞ্চ ভাই।
তাহান সঙ্গত সুখে আছে ৰঙ্গ চাই॥
একদিনা নৰনাথে কৰিলা বিদায়।
আন থানে ফুৰোঁগৈ আমি পাঞ্চ ভাই॥১৬১
মুনিয়ে বোলন্ত ভাল কৰিলা গমন।
মহালাভ হোৱে মহন্তক দৰশন॥
এহিমতে মুণি হৈতে মেলানি লৈলন্ত!
প্ৰভাতে উঠিয়া মান দান কৰিলন্ত॥১৬২
দেৱক পিতৃক অৰ্চ্চি অন্নজল খাই।
ঋষিক প্ৰণাম কৰি চলে পঞ্চভাই॥
যুধিষ্ঠিৰ ৰজা যাই কৃষ্ণক সুমৰি।
চাৰি ভাই যাই আৰু দ্ৰুপদ জিয়াৰী॥ ১৬৩
গধুলিকা বেলা যথা তথাতে ৰহন্ত!
বিংশতি দিবসমানে চলিয়া গৈলন্ত॥
তাতে আছে কোমল মলয়া চল পাই।
তাত আছে সুৰভি মুনিৰ নিজ ঠাই॥ ১৬৪
তাহাত স্নানিয়া মুণি আশ্ৰমে পশিলা।
ঋষি সমে কতমান দিবস আছিলা॥
তাহাত পাইলন্ত গৈয়া বৰক বনক।
বিশ্বামিত্ৰ আদি কৰি দেখিলা সবাক॥ ১৬৫
সম্যবন পাইলা যাই তাহাৰ পাচত।
পন্থ হেৰুৱাইলা ৰাজ্য সেহি সময়ত॥
উত্তেৰ বহিবে লাগে পশ্চিমে বহিলা।
এতেকেসে তাসম্বাৰ বিপাক মিলিলা॥ ১৬৬
যাৰ যিবা হৈবে গুচাইবেক কোনজনে।
বিধাতা লিখিছে তাক খণ্ডাইবেক কোনে॥
পাঞ্চ পাণ্ডবৰ মহা বিপাক মিলিলা।
ম্লেচ্ছসনা বিনাশিবে হৰিণে আনিলা॥ ১৬৭
দেখা জন্মিজয় কেনে মায়া ঈশ্বৰৰ।
ম্লেচ্ছসেনা থাকে হেন দেখি দামোদৰ॥
পাণ্ডবক পন্থ হেৰুৱাই দুখ দিলা।
দ্ৰৌপদীৰ হাতে পাচে তাহাক মাৰিলা॥ ১৬৮
শুনি পৰীক্ষিত সুতে মুণিত পোচন্ত।
কিমতে দ্ৰৌপদী ম্লেচ্ছসেনা মাৰিলন্ত॥
আৰ কেনমতে পাঞ্চবীৰক হিংসিলা।
কেনমতে দ্ৰৌপদীয়ে তাহাক মাৰিলা॥ ১৬৯
কহিয়োক মমআগে কথা নিৰন্তৰ।
হেনকথা শুনি মুনি দিলেক উত্তৰ॥
শুনিয়োক ৰাজা ইতো কথাৰ নিশ্চয়।
তোমাৰ মনৰ ইতো গুছাওঁ সংশয়॥ ১৭০
যুধিষ্ঠিৰ ৰাজা পাচে পন্থক পাহৰি।
পশ্চিমক মনে ৰাজা যাই পন্থ ধৰি॥
সৌবীৰ এৰাই ম্লেচ্ছ দেশ সমীপত।
গধুলিকা বেলা যাই মিলিল তহিত॥ ১৭১
দশদণ্ডমান পথ ম্লেচ্ছ দেশ হৈতে।
তথা বিমঙ্গল দেখিলন্ত অপৰ্য্যন্তে॥
হালধি ৰুধিৰ বৃষ্টি কৰিলা তহিত।
পঞ্চভাই পাণ্ডৱৰ মৃত্যু সন্নিকট॥ ১৭২
অস্তাগত দিবাকৰ ৰহিলা তথাত॥
পত্ৰগৃহ সাজি ৰাজা ৰহিলা তথাত॥
চাৰি ভাই চাৰিভিতি আবৰি ধৰিলা।
খানিতেক মান ৰাজা তাহত শুইলা॥ ১৭৩
জাগিয়া উঠিলা ৰাজা কৃষ্ণ কৃষ্ণস্মৰি।
পাচে ভীমসেনক মাতিলা অল্প কৰি॥
বদতি নৃপতি বাপু শুনা বৃকোদৰ।
ভ্ৰমিয়া ফুৰোহোঁ আমি ক্ষেত্ৰ নিৰন্তৰ॥ ১৭৪
অসংখ্যাত মহা মহা ঋষিগণ যত।
তাসম্বাক চাহি আমি ফুৰোহোঁ সতত॥
অগস্তিৰ স্থানক যাইবাৰ ভৈলা মন।
কতবা দিনৰ পন্থ পৰম গহন॥ ১৭৫
মোৰ গাৱে উতপাত কিসক কৰয়।
অসুখ অশান্তি অম্লপানী নুৰুচয়॥
ভবাৰ্ণব বনে যেন মৰণ মিলিলা।
সেহিমত ভাবে মোৰ সবেও ফলিলা॥ ১৭৬
হেন শুনি ভীমসেনে বুলিলা বচন।
কৰ্ম্মক গুছাইবে দাদা পাৰে কোনজন॥
যেেহি লিখি আছে দাদা ললাতে আমাৰ।
সেহি হব আত কিছু নাহি প্ৰতিকাৰ॥ ১১৭৭
যতে যিবা কৰন্ত হোৱয় সেহি কাজ।
এৰাইতে নপাৰি গৈলা ব্ৰাহ্মণ সমাজ॥
আয়ুহীন ৰোগীক যতেক দাৰু দেই।
ৰাখিবে নপাৰে তাক যমে লৈয়া যাই॥১৭৮
এতেকেসে পূৰ্ব্ব কৰ্ম্ম হৈয়া আছে যত।
নোজানে মিলয় সিতো মনুষ্য লোকত॥
ইতে বৃক্ষে লাগে সুখ দুখ দুই ফল।
আৰ্জ্জিবে লাগয় তাক ভুঞ্জিবে সকল॥১৭৯
আমাৰ দশাত খেদ কৰিবে নলাগে।
বেহি আছে সেহি হৈব নিজ কৰ্ম্মভাগে॥
এহিমতে আহি পাচে ৰজনী পুহাইলা।
ভগবন্ত আদিত্য আসিয়া ব্যক্ত ভৈলা॥১৮০
শ্লেচ্ছদেশ কাষৰে বহয় ক্ষীৰ নদী।
মহাখৰত্তৰে সাগৰত পৰে ভে।দি।
দণ্ড চাৰিমানে গৈয়া তাক লাগ পাই।
স্নান কৰিবাক লাগি গৈলা পঞ্চভাই॥১৮১
দ্ৰোপদীও গৈয়া তাৰ তীৰত ৰহিলা।
স্নানপান তৰ্পণযে নৃপতি কৰিলা॥
অনন্তৰ চাৰিবীৰে স্নানিলন্ত যাই।
তীৰত চৰিয়া গই কৌতুকক পাই॥১৮২
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
সেহিবেলা মেচ্ছে ঘ্ৰাণ পাই মনুষ্যৰ॥
ঈশ্বৰৰ ইচ্ছা কৰ্ম্ম হুয়া আছে জানি।
ম্লেচ্ছ নাসিবাক হৰি মিলাইলেক আনি॥১৮৩
শুনা সভাসদ বনপৰ্ব্ব কথা সাৰ।
পাণ্ডবৰ হাতে হৰি খণ্ডাই ভূমিভাৰ॥
অঘটন কথাক ঘটন কৰে হৰি।
জগতৰ দুখছয় গুছে কেন কৰি॥১৮৪
হেন জানি কৰা হৰি চৰণে ভকতি।
ইতো ঘোৰ কলিযুগে আন নাহি গতি॥
বিষ্ণু বৈষ্ণবৰ কথা কৰিয়ো শ্ৰবন।
পাপৰ ভণ্ডাৰ নাশ হোৱে কতোক্ষণ॥১৮৫
ধনজন গৰ্ব্বে অন্ধ হোৱে যিতোজন।
ৰামকৃষ্ণ হৰিনাম নকৰে কীৰ্ত্তন॥
ধনজন সকলে ইহাতে ৰৈবে পৰি।
একলা যাইবা মাথো যমপুৰে চলি॥১৮৬
যমৰ কিঙ্কৰে ধৰি যাতনা ভুঞ্জাই।
সচা মিচা বুলি ৰাখন্তাও কেহো নাই॥
হে প্ৰভু নাৰায়ণ মই ভক্তি হীন।
নিজ ভৃত্য কৰি মোক ভক্তিধনে কিণ॥১৮৭
তুমি অগতিৰ গতি শুনিয়াছো নাম।
কহয় ভাৰতচন্দ্ৰে বোলা ৰাম ৰাম॥ ১৮৮
⸻
দুলড়ী।
নিগদতি মুনি শুনা আতপৰ
পাচ কথা বিতোপন।
স্নান পান কৰি ৰাজা যুধিষ্ঠিৰ
কৰিলা পুনঃ গমন। ১৮৯
নদী তীৰ এৰি পথ ধৰিলন্ত
নিকুঞ্জ বনৰ ভিতি।
সেহি সময়ত অপায় মিললা
শুণিয়ো তাক সম্প্ৰতি॥১৯০
আগে ভীমসেন চলে সিংহ যেন
ঙ্কন্ধে গদা ভয়ঙ্কৰ।
হাতে খৰ্গ ধৰি চলে সেহি বীৰ
দেখিতে ভয় লোকৰ॥ ১৯১
তাহান পাচত চলে ধীৰে ধীৰে
যুধিষ্ঠিৰ মহীপতি।
নকুল সহদেৱ দুহান চলয়
ধনুৰ্ব্বান ধৰি আতি॥ ১৯২
অৰ্জ্জুনৰ আগে চলন্ত দ্ৰৌপদী
অতি সুকোমল কায়।
ইতিনি ভুবণে তেওঁৰ সদৃশ
ৰমণী সুন্দৰী নাই॥ ১৯৩
তাহান পাচত বীৰ ধনঞ্জয়
যেন মত্ত গজৰাজ।
হাতত গাণ্ডীব পিঠে ধনুটোন
খৰ্গ হৃদয়ৰ মাজ। ১৯৪
চাৰিদিশে ফুৰি মুণ্ডতুলি চাই
পাণ্ডবক ভেট পাইলা।
আথে বেথে গই ৰজাৰ আগত
প্ৰহৰীয়ে জান দিলা॥ ১৯৫
শুনা সুৰেশ্বৰ আমাৰ সমীপ
মনুষ্য আসি মিলিলা।
এহিবুলি সিটো ৰজাৰ আগত
আৰু কহিবাক লৈলা। ১৯৬
পাচোতা পৰম সুন্দৰ পুৰুষ
এগোটা সুন্দৰী নাৰী।
পৰম বিভূতি দেখিয়া তাহাৰ
ধৰিতে চিত্ত নপাৰি॥ ১৯৭
শুনি কালকুঞ্জে আথে বেথে উঠি
শোষকত কথা কয়।
পুৰুষ সবক ভক্ষণ কৰিয়া
আনিবে নাৰী লাগয়॥ ১৯৮
এহিমতে সিতো মনত হৰিসে
চলিবে মন কৰিলা।
হৃষ্টপুষ্ট কৈৰ মনুষ্য আসিয়া
আমাৰ স্থানে মিলিলা। ১৯৯
এহি শুনি পাচে হাস্য কৰি যাই
কতোক্ষণে ভেট পাইলা।
চাৰি দণ্ডমান বেলাৰ শথক
মুখখান মেলি দিলা॥ ২০০
ভীমৰ গাৱত কামোৰ ভেদিয়া
হুম্পিলেক বৰ ৰাগে।
মহা আৰ্ত্তৰাবে আটা সেক দিয়া
পৰিলা ৰাজাৰ আগে॥ ২০১
দেখি নৰনাথে আথে বেথে কৰি
ভীমক সাবতি ধৰি।
কি ভৈলা বুলিয়া মুখক চাহিয়া
মাতে বৰ টান কৰি॥ ২০২
সিটো দুৰাচাৰে ভীমক ভুঞ্জিয়া
নৃপতিক মন দিলা।
আকেসে শোণিত আচোত কৰিয়া
ৰাজাৰ শৰীৰ পিলা॥ ২০৩
দুয়ো ভাইক খাই মহাতুষ্ট হই
দ্ৰৌপদীক মন কৰি।
শোষকেয়ো পাচে মাদ্ৰীসুত দুইকো
হুম্পিলা ৰুধিৰ ধৰি॥ ২০৪
হেন দেখি এভো ধনঞ্জয় বীৰে
গাণ্ডীবত গুণ দিলা।
শৰক জুৰিবে খোজন্তে তাহাৰ
জীবন গোট শুষিলা ॥ ২০৫
দেখা জম্মিজয় দৈবৰ গতিত
মহন্তৰ দুখ দেখা।
ইটো সংসাৰত মনুষ্যৰ ঘোৰ
বিষয়ৰ কেনে লেখা॥ ২০৬
পৰম বৈষ্ণব যুধিষ্ঠীৰ ৰাই
মুখত নেৰন্ত নাম।
তাহান দুখক দেখা ঠাই ঠাই
ঈশ্বৰৰ হেন কাম॥ ২০৭
পদ।
যেবে পাঞ্চ ভাইক শুষি স্নেচ্ছে বিনাশিলা।
একালসৰ হই মাত্ৰ দ্ৰৌপদী ৰহিলা॥
যেন বজ্ৰপাতে মাত হৰিলা মুখৰ।
থিয় হৈয়া ৰহিলেক তথা একালসৰ ॥২০৮
পৰিলেক পাঞ্চভাই ধৰণী মধ্যত।
দেখি সমস্তৰ লাগি গৈলা ভয়ভীত॥
প্ৰভাহীন ভৈলাসূৰ্য্য় নবহে পবন।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত সিদ্ধমুনি গণ॥ ২০৯
সেহিবেলা পাচে অসুৰৰ দুই ভাই।
দ্ৰৌপদীৰ সমীপত ৰহিলন্ত যাই॥
বিকৃত কুৰূপ মুখে বচন বোলয়।
দেখি ৰাজ্ঞসেনী চকু মুদিয়া ৰহয়॥ ২১০
বিভঞ্জ কুভঞ্জ আতি গন্ধ বিপৰীত।
নাক ফুটি যায় থিৰ নাথাকয় চিত্ত॥
সুচিৰ আকাৰ মুখ দেখি ভয়ঙ্কৰ।
শোষা মাৰি তেজ খাইলা পাঞ্চ পাণ্ডবৰ॥২১১
যেন শুস্ককাষ্ঠ পৰি ৰৈলা ধৰনীত।
হেন কালকুঞ্জ কথা পোচে দ্ৰৌপদীত॥
শুনিয়ো সুন্দৰী তই কহ যান্ত কৰি।
কোন পাঞ্চজন ইটো পৰি আছে মৰি॥ ২১২
তই আসাম্বাৰ সম্বন্ধত হোৱা কোন।
যোৰ বনে তোমাসব ফুৰা কিকাৰণ॥
ইসব মৰিল তই যাবি কোন ঠাই।
কহৰে সুন্দৰী আবে আমাত বুজাই॥ ২১৩
হেন শুনি দ্ৰৌপদী মনত গুণি পাইলা।
আমাৰ স্বামীক এহি দুই গোটে খাইলা॥
আৰ পাপীসব মোক নাখাস কিসক।
কহিবে লাগিলা কৃষ্ণা সম্বুধি ম্লেচ্ছক॥ ২১৪
শুনিয়াছা পাণ্ডুপুত্ৰ সবে ধৰ্ম্মৰাই।
পাশাখেলি বনক আসিলা পাঞ্চ ভাই॥
দ্ৰুপদ ৰজাৰ আমি দুহিতা স্নেহৰ।
পাঞ্চ পাণ্ডবৰ নাৰী আমি আনন্দৰ॥ ২১৫
মায়াকৰি স্বামীসব অসুৰে খাইলেক।
কোনকামে পাপী জানো নাখায় আমাক॥
হেনশুনি মাতিলেক শোষক দুৰ্জ্জন।
আমিয়ে খাইলো গালি পাৰা কিকাৰণ॥ ২১৬
তোক ৰাখিলোহো আৰে ৰাজাকেসে চাই।
তোক লৈয়া পাইবো মই আমাৰ যে ঠাই॥
শুনিয়ো মানুষী তই বিষাদ নকয়।
আমাৰ ৰাজ্যত হৈব সুখ বহুতৰ॥ ২১৭
মৰিলেক তোৰ বনবাসী বনাহৰী।
তাহাক লাগিয়া খেদ এৰা বৰনাৰী॥
দ্ৰৌপদী বোলন্ত আবে শুনা অন্ত্যজাতি।
কেনে মোক বিগুতিয়া মাতাৱস অতি॥২১৮
নীচ হুয়া কৰা হেন মহত্ব অপাৰ।
মেহোৰ স্বামীক খায়া আহা দুৰাচাৰ॥
কোনে আবে প্ৰতিকাৰ কৰিবেক তোক।
স্বামীৰ লগত হেৰা খাই মাৰা মোক॥ ২১৯
মোক নখাৱস যদি দূৰ হুয়া ষাস।
সমুলঞ্চে তোহোৰ ভঙ্গিৰো সৰে ভাষ॥
হেন শুনি কালকুঞ্জে মাতে সেহি ঠাই।
মোৰ সম মহাৰাজা ত্ৰিভুবনে নাই॥ ২২০
দেবলোকে খাতয় আনক কেনে লেখা।
মোহোৰ নগৰ পশি আপুনিও দেখা॥
দুইশ হাজাৰ নাৰী মোহোৰ আছয়।
সবাহাৰে মুখ্য় তোক কৰিবো নিশ্চয়॥ ২২১
দেবৰ ভুষণ ৰত্ন অলঙ্কাৰ।
তোহোক পিন্ধাইবো একো নালাগে বিচাৰ॥
চতুৰ্দ্দোলে উঠি যাইবা ৰত্ন অলঙ্কাৰ।
চলা বান্ধৈ মহাৰঙ্গে গৃহক আমাৰ॥ ২২২
পুনঃ যাজ্ঞসেনী হেন দিলেক উত্তৰ।
এতেক বচন আৰ নোবোলা বৰ্ব্বৰ॥
স্বামীৰ লগত এই সহগামী হওঁ।
জঞ্জাল নাপাত পাপী চিতাক সজাওঁ॥ ২২৩
পাণ্ডবৰ ভাৰ্য্য়াক বাঞ্চস নীচজনে।
মৰিৱা নাজাস ইতো লাজৰ কাৰণে॥
হেন শুনি মহাখঙ্গে কাঁপে কুঞ্জকাল।
ধৰিবাক মনে খেদি যাই তত্তকাল॥ ২২৪
তাহাৰ গন্ধত আতি নাক ফুটি যাই।
দেখি যাজ্ঞসেনী মনে গুণে সেহি ঠাই॥
মোক বলে ধৰি ইতো কৰিবে বিতাল।
দিবো লৰ ধৰিবাক নাপাৰে সফল॥ ২২৫
এহিবুলি মহাবেগে দিলেক লৰৰ।
দেখিয়া দানবে খেদি যাই খৰত্তৰ॥
বৈসম্পায়ন বদতি শুনিয়ো জন্মিজয়।
দ্ৰৌপদীৰ দেখা কেনে ভৈলা দুখচয়॥ ২২৬
অযুত হস্তীৰ বল উঠিলা গাৱত।
বিদ্যুৎ সঞ্চাৰ বেগে লাগিলা চলিত॥
প্ৰত্যেক ভৰিত ভূমি কাম্পে ঘনে ঘনে।
অসুৰেও খেদি যাই ধৰিবাক মনে॥২২৭
হেন দেখি শোষকে মনত শুনি পাই।
স্ত্ৰীৰ হাতত আমাসাৰ প্ৰাণ যাই॥
যদি গাৱচালি বল কৰে বৰনাৰী।
তেবে আমি আক আৰু এৰাইতে নপাৰি ॥২২৮
আত অনন্তৰে সিতো ভৈলা কতোদূৰ।
শোষকেও বোলে দাদা যাইবো যমপুৰ॥
এহি শুনি পাচে সিতো দিলেক লৱৰ।
খেদি আগবাঢ়ি গৈয়া ধৰিলা সওৰ॥২২৯
শুনা মহাবীৰ হেন কৰা কেনে মন।
মনত নপৰে দেৱী আইৰ বচন॥
স্ত্ৰীৰ হাতত মৃত্যু হৈবে বুলিলন্ত।
এতেকেসে তোৰা আজি এৰিয়া আসন্ত॥ ২৩০
এহি কথা শুনি পাচে ম্লেচ্ছ ক্ৰুৰগণ।
পালতিল শুনি সিতো ভ্ৰাতৃৰ বচন॥
অনন্তৰে দুই ভাই নগৰে পশিলা।
সেনাগণ আনি হেন আদেশ কৰিলা ॥২৩১
শুনা শুনা প্ৰথমতে যত বীৰচয়।
মনুষ্য নাৰীক ধৰি আনিবা নিশ্চয়॥
অবলা মনুষ্য নাৰী বলে নধৰিব।
সাৱধানে ধৰিবাহা প্ৰাপক তেজিৰ॥২৩২
ঋষিয়ে বোলন্ত জন্মিজয়ৰ আগত।
পাচক লাগিয়া যাজ্ঞেসেনী চাহিলন্ত॥
জগৰে পীড়িত হুয় বৃক্ষৰ তলত।
ৰামকৃষ্ণ নাম মাত্ৰ উচ্চৰে মনত॥২৩৩
নাম উচ্চাৰণতে আসিলা নাৰায়ণ।
দ্ৰৌপদীৰ হৃদিগত ভৈলেক তেখন॥
ভয়দুখ নিবৰিলা হৰৰিত মন।
যেন স্বামী মৰা নাই আনন্দিত মন॥২৩৪
আকাশৰ পৰা দিব্য কবচ পৰিলা।
কাল তুপি আমি দেবীৰ মাখাত পৰিলা।
কবচ দেখিয়া মনে গুনিবে লাগিলা।
এক ঋষি বৰ্তমান কহিয়া আছিলা ২৩৫
তখাতে বুলিলা মোৰ বাৰী ধনঞ্জয়।
সেই সব কথা মোৰ ফলিলা নিশ্চয়॥
হা হৰি কিনো মোৰ বিপাক লাগিলা।
নাজানো বিধাতা মোৰ কপালে লিখিলা॥২৩৬
আতহন্তে আকাশত বচন শুনয়৷
দ্ৰূপদ নন্দিনী হেৰা দেব বাক্য হয়॥
ইতো কবচক পিন্ধি বীৰবেশ ধৰি।
দেৱৰ কাৰ্য্যক সাধিয়োক যত্ন কৰি॥২৩৭
জীবেক তোমাৰ স্বামী নকৰা সংশয়।
দেবতা সকলে গৈয়া ৰাখিয়া আছয়॥
অৰ্জ্জুনৰ ধনু গাণ্ডীবক হাতে ধৰি।
স্বামী বৈৰী ম্লেচ্ছক বধিয়ো শীঘ্ৰ কৰি॥২৩৮
বৈশম্পায়ন বদতি শুনিয়ে নৰেশ্বৰ।
পিঙ্গামহী দ্ৰৌপদীৰ মহিমা ভাঙ্গৰ॥
দেবৰ বচন শুনি মনে শুনিলন্ত।
মৰু ঋষি বচনক সাদৰি লৈলন্ত।২৩৯
স্নান কৰি কৃষ্ণ স্মৰি সঞ্জমন ভৈলা।
যাঠিমোণ শৰতাৰ কবচ পিন্ধিলা॥
কলা টুপি মাথাত কৰিলা পৰিধান।
ধৰিবে গৈলন্ত অৰ্জনৰ ধনুধান॥ ২৪০
যধাতে আছন্ত পৰি বীৰ ধনঞ্জয়।
গাণ্ডীব ধনুষে তথা পৰিয়া আছয়॥
অৰ্জ্জুনক প্ৰণামিলা জানুশিৰ ছুই।
পিঠিত তুলিয়া বান্ধিলন্ত টোন দুই॥ ২৪১
ৰাম কৰে ধনুখান তুলিয়া ধৰিলা।
গুণ পাছ দিয়া ধনু টঙ্কাৰ কৰিলা॥
শবদে পুৰিল সব ধৰনী মণ্ডল।
শুনিয়া দেৱৰ মনে ভৈলা কৌতুহল ॥২৪২
বীৰ বেশ ধনু সিতো পৰম সুঠান।
যাক ছুইবে নপাৰয় মহাবীৰগণ॥
দ্ৰূপদ নন্দিনী সেহি ধনুগোট ধৰি।
ফুৰাইবে লাগিলা অতি চক্রাকাৰ কৰি ॥২৪৩
বলৱন্ত কুমাৰে ফুৰাৱে যেন চাক।
যাজ্ঞসেনী সেহিমতে ধনুদিলে পাক॥
আকাশ চানিয়া দেবগণ আসিলন্ত।
শটীসমে ইন্দ্র ঐৰাৱতে বহিলন্ত॥ ২৪৪
আনদেবগণে নাৰী সঙ্গত কৰিয়া।
দ্রৌপদীৰ যুদ্ধ চাইবে আকাশে ৰহিয়া॥
সিদ্ধমুনি বিদ্যাধৰ গন্ধর্ব্ব চাৰণ।
অশ্বিনীকুমাৰ আৰু অষ্টবসুগণ ॥২৪৫
তিৰীৰ যুদ্ধক নতু দেখে একোজন।
এভেকে আসিলা সবে কৰি ৰঙ্গমন॥
কালাতক ৰুদ্ৰ যেন দেখি লাগে ভয়৷।
প্রত্যেক ভৰিত তুমি ঘনে কম্পিষাই ॥২৪৬
যেন পুৰ্ব্বে মহামায়া গুভ নিশুন্তক।
বধিয়া ৰাখিল দেব খণ্ডিয়া দুখক॥
সেহিমতে যাজ্ঞসেনী ম্লেচ্ছ বধিৰাক।
দেবৰ বচন পালি খেদি যাই তাক ॥২৪৭
বৈশম্পায়ন বঙ্গতি শুনিয়ো নৃপবৰ।
দ্ৰৌপদীৰ আশ্চৰ্য্য মহিমা ভয়ঙ্কৰ॥
কালকুঞ্জ দুৰাচাৰে ম্লেচ্ছ সেনা যত।
বিচাৰ কৰিতে লাগি পালা সমন্ত॥ ২৪৮
সিসবে বিচাৰি নপাইলেক দ্ৰৌপদীক।
ভয়ানক বীৰ এক দেখিলা প্ৰত্যেক॥
ভয়ে চমকিলা সবে প্ৰথমৰ দল।
আথে ব্যখে নগৰত পশিল সকল॥ ২৪৯
অবনত ভাবে কথা কহে জানুপাৰি।
মনুষ্য নাৰীক আমি ন পাইলো বিচাৰি॥
আৰ এক বিভব দেখিলো সিঠাইত।
নাৰী কি পুৰুষ একো নুবুজিলো তত্ত্ব॥ ২৫০
ভয়ানক ধনু হাতে ধৰিয়া আছয়।
তাহান বেশক দেৰি লাগে মহাভয়॥
কৱট কুণ্ডল সব অলঙ্কাৰ জ্বলে।
হেন বেশ নাহি দেখি ইতো বৰিতিলে॥২৫১,
আমাক ফুজয় কিবা দেবকো যুজয় ।
কহিবে নপাবি তাক একোৱে নিশ্চয়॥
এহি কথা শুনি কুপিলেক দুৰাচাৰ ।
কিবা কহ ইতো সবে নুবুজাহো আৰ॥ ২৫২
সেহিবেলা দ্রুপদ নন্দিনী মহাসতী।
ৰখিয়া সেনাক শৰ হানিলা তহিতি॥
কাটন ফুটন শৰ বীৰ অৰ্জ্জুনৰ।
ছেদি ভেদি নেই ম্লেচ্ছ সেনা নিৰন্তৰ॥ ২৫৩
ৰাজাৰ আগত বেগে কহিলন্ত যাই।
শুনা ৰাজা বীৰ এক আইলা এহি ঠাই।
বাহিৰত যত সৈন্য আছিল তোমাৰ।
যমক দিলন্ত তাৰ নাহি অধিকাৰ ॥২৫৪
হেনশুনি দাৰুণ অসুৰে কোপ কৰি।
জায়েকক পাঞ্চিলেক বৰ ৰাগ কৰি॥
সৈণ্যগণ লৈয়া তাক বিচাৰি আনহ।
যদি লাগ পাই তাক সত্তৰে মাৰহ ॥২৫৫
হেন শুনি শােষৰে পৰিধা শূল ধৰি।
অসংখ্য প্রথমৰ সৈন্য লগ কৰি॥
গিৰ গিৰ কৰি শবে বজাইলেক যাই।
হেন অদ্ভুত সেনা ক’তাে দেখা নাই ॥২৫৬
কাৰো এক ভৰি কাৰো কোৱে তিনি চাৰি।
দুই তিনি মুখ কাৰাে চালিতে নপাবি॥
কতো সিংহমূখি কতো বাখৰ আকাৰ।
হকিমুখ গােমুখ দেখিতে চমৎকাৰ ॥২৫৭
নেউল কুকুৰ কতো শুকৰৰ মূখ।
পর্ব্বত আকাৰ দেহা দেখি লাগে ॥
মস্ত মাংস ৰুধিৰে আহাৰ নিৰন্তৰ।
মায়াৰূপ ধৰি খাইলেক সমস্তৰ ॥২৫৮
যেনকাল মেঘখণ্ড দেখি লাগে ভয়।
তুৰুশিলা বিনে আৰু অন্ত্র নাহি কয়॥
লক্ষ, কোটী হাজাৰে হাজাৰে চলি যাই ।
দেখি দেবগণে অতি পাইলা মহাভয় ॥২৫৯
দেন সেনা নতু দেখি তিনিও লােকত।
সমকে খাইতে পাৰে একে খানিকত॥
একে দ্রৌপদীৱে আক কিবা কৰিবেক।
ইহাক জোকাই যেবে সবে মাশিবেক ॥২৬০
এহিমতে কথা কহে দেবগণ যত।
উধায়া ৰহিল সবে মেঘৰ আৰত ॥
প্রভাহীন ভৈলা সূৰ্য্য চলে ধীৰে ধীৰ।
দ্রৌপদী দেখিলা সেনা দুৰ্জ্জয় গম্ভীৰ॥ ২৬১
আহি কৃষ্ণ ত্ৰাহি কৃষ্ণ বুলি উচ্চাৰিলা।
মহাক্ৰোধ কৰি পুনু কাটাসেক দিলা॥
জগতৰ লোকৰ কাণও দিলা তাল।
অমৰ সৈন্যত লাগি গৈলা কোলাহল॥২৬২
পৃথিবীৰ লোকৰ লাগিলা হুলস্থুল।
সাগৰৰ জলে বৰ লাগিল আস্ফাল।
অযুত হস্তিৰ বল মহা পৰাক্ৰম।
দ্ৰোপদীৰ গাৱে থিত ভৈলা অতিক্ৰম॥২৬৩
আটাশকে লোক সকলৰ কয় ভৈলা।
প্ৰলয় কালত যেন হৰে ডাক দিলা॥
বৈসম্পায়ণ বদতি শুনিয়ো জম্মিজয়।
ৰণত সম্মুখ তৈলা স্ৰেপদী নিশ্চয়॥২৬৪
কৰকৰ মৰমৰি চোবাৱে দশন।
দামীৰ মৰণ শোকে দহয় জীৱন॥
ক্ৰোধে ম্লেচ্ছ সেনাক দহিবে যেন চান্ত।
আজুৰিয়া লৈলাঙ শৰ কামুৰিয়া দান্ত॥২৬৫
কাটন ফুটন শৰ গুণত জুৰিলা।
এক পাতে দুইপাত কৰি প্ৰহাৰিলা॥
সসৈন্যৰ মাজত পৰন্ত পৰচয়।
কাতিমাৰি নেই ততো নকৰে সংশয়॥২৬৬
কিল কিল কৰি ৰিজ দিলা ভয়ঙ্কৰ।
শিল বৃক্ষ মাৰে হানি চাপিয়া ওচৰ॥
দ্ৰৌপদীৰ গাৱ ঢাকি প্ৰহাৰ কৰয়।
ব্ৰহ্ম কবচ পাৰ উফৰিয়া যাই॥২৬৭
দেখি যাজ্ঞসেনী মহাবেগে চলি গৈলা।
দশঙ্কৰী বান পুনু প্ৰহাৰ কৰিলা॥
ম্লেচ্ছ সেনাক মাৰি কৰে বুন্দামাৰ।
তথাপিতো পাচ ভৰি ন কৰয় আৰ॥২৬৮
খেদি আসে দ্ৰৌপদীক বেঢ়ি নিৰন্তৰ।
ছেদি জেদি নেই পুনু দ্ৰৌপদীৰ শৰ॥
দ্ৰৌপদীক বেঢ়িলন্ত চতুৰ্ভিতি বাই।
খৰমাৰ কৰি শক্তি মহাবেগে ধাই॥২৬৯
দেখি দেবগণে বোলে ভৈলা বিপৰ্যয়।
দ্ৰৌপদীক বেঢিলেক ম্লেছু সেনাচয়।
একাল পৰে কি কৰিবো অনেক সেনা।
হাহাকাৰ কৰে দেবে দুখক অনেক॥ ২৭০
হেন দেখি যাজ্ঞসেনী মহাদুখ কৰি
অনেক হানিলা শৰ বাবে কৰি।
আগৰ খিহি লেনা হেৰু আছিলা।
নিগুটি কৰিয়া দেবী কাটিলা।২৭১
কতো আধাকাটা হুয়া ভূমিত বাগৰে।
অন্তৰিয়া যাই কতো মৰিক ডৰে॥
দ্রৌপদীৰ গাৱত কতো প্ৰহাৰ কৰয়।
কবচ প্রভাবে সতী পীড়া নপাৱই ॥২৭২
সন্নিত চাপিয়া ধনুখান দেবী ধৰি।
কোবাইবে লাগিলা অতি চণ্ডনাদ কৰি॥
অযুত নিযুত সেনা মাৰিলা কোবাই ।
কতোদূৰে শোষক দানবে আছে চাই ॥২৭৩
অনেক সহস্ৰ সেনা মৰিবাক দেখি।
মনে মহাদুখ কৰি চাহন্ত নিৰেখি॥
পৰম দাৰুণ ভাবে মাৰে সেনাগণ
তিৰী কি পুৰুষ একো নুবুজি কাৰণ॥ ২৭৪
এহি বুলি বেগধৰি সৈন্য পাচ কৰি।
আগ ভেণ্টি বেলা ভয়ানক শূল ফৰ।
প্রলয় কালত যেন প্ৰজা সংহতি।
শূলধৰি শঙ্কৰে ভৈলন্ত উপস্থিত ॥২৭৫
সেহিমতে তাহাক দেখিয়া লাগে ডৰ।
দ্ৰৌপদীক চাহি পাচে দিলেক উত্তৰ॥
কোন তুমি কোন মতে মাৰ সৈন্যগণ।
কিসক চিন্তিলি আসি আপুন মৰণ॥২৭৬
সুৰাসুৰে যাহাৰ ভয়ত তৰাতৰ৷
তােমাৰ নাহিকে জানো মৰণক ডৰ ॥
হেন শুনি দ্রৌপদীয়ে মাতে বৰ ৰাগে।
পাপীষ্ঠ দানব মুনিষালি মােৰ আগে ॥২৭৭
আজি তােৰ যতেক ভাবনা কৰো চুৰ।
সবে দানবক মাৰি নিবো যমপুৰ॥
এহি বুলি বামহাতে ধৰি ধনুখান।
প্ৰহাৰিবে লাগি গৈলা দাৰুণ সন্ধান ॥২৭৮
ইপাত হানয় আৰুপাত তাৰ কাচে।
লাহৰি লাহৰি শৰ ৰাই আগে পাচে॥
অনন্তৰে চাৰিপাত নৰাচ হানিলা।
মহাবেগে যাই তাৰ গাৱত পৰিল। ২৭৯
চাৰিগােট সর্প যেন গর্ত্তত পশিলা।
শৰ পাই দৈত্য গােটে কম্পিবে লাগিলা॥
দেখিয়া ত্রিদশে জয় জয় কৰিলন্ত।
দৌপদীৰ মাৰে পুষ্প বৃষ্টি কৰিলন্ত ।২৮০
আচোতে ঘামিলা দৈত্য ৰুধিক ৰহয়।
যেন মেৰু মান্দাৰৰ গেৰু নিজৰয়॥
ঢলপল কৰি যেবে খানিক আছিল।
কিছুমানে সুস্থ হুয়া অগনি জ্বলিলা॥ ২৮১
আটাসেক দিয়া খঙ্গে পৰিঘা ছানিলা
গিৰিসিত কৰি পাচে ধৰণী লৰিল ॥
ভয় হুয়া চমকিয়া গৈলা নিৰন্তৰ।
পৰিবাক দেখি পাচে জীউ দ্ৰূপদৰ ॥২৮২
দেবগণে বােলে আবে সমুলে বুৰিলা।
পৰিঘাৰ বাৱে বাজ্ঞসেনী নাশ ভৈলা ॥
এহিমতে দেবাসুৰে কৰে হাহাকাৰ।
আকাশত অগ্নি জ্বলে দেখি ভয়ঙ্কৰ॥২৮৩
যাজ্ঞেসেনী বোলে কৃষ্ণ বিষ্ণু গদাধৰ।
পাথগুটি পাণ্ডবযে তােমাৰ কিঙ্কৰ॥
সঙ্কট বেলাত তুমি সবে ৰক্ষাকৰ।
বাৰে বাৰে নাথ দেৱ আমাক উদ্ধাৰ ॥২৮
তিৰীৰ কাৰুণ্যে কৃপা ভৈলা মাধৱৰ।
হৃদয়ত থাকি বুদ্ধি বঢ়াইলা মনৰ॥
হৰি সুপ্রসন্নত বুদ্ধিত না ঘাটিলা।
দুইহাতে ধনুখান তুলিয়া ধৰিলা ॥২৮৫
দেওদিয়া আগবাঢ়ি কোব এক দিলা ।
তিনিখণ্ড হুয়া ভাঙ্গি মাটিত পৰিলা॥
পৰিঘাক নাশ দেখি দেবতা সকল।
জয় জয় ব্যদ্যভণ্ড কৰে কৌতুহল॥২৮৬
দেখি দানবৰ বৰ মনত সংশয়।
গােসানীৰ বাক্য জানাে সম্প্রতি কলয়॥
পৰিবা বিনাশ ভৈলা শুলে হানি মাৰোঁ।।
মানব মাৰিলা যত তাৰ মান সাৰো॥ ২৮৭
শূলপাত জ্বলে যেন বিধুম অগনি।
লহ লহ কৰে জিহ্বা দেখি শঙ্কামান॥
এহিমতে আৰু শৰ হানিতে নিদিলা।
দুর্গা দুর্গা বুলি খঙ্গে দেও এক দিলা ॥২৮৮
কাম্পয় মেদিনীখান তাহাৰ আস্ফাল।
শূলে হানি তােক মাৰিবো তত্ত্বকাল ॥
ডাক দিয়ে বোলে অৰে শুনৰে মানুষী।
এহি শূলঘাৱে তই মৰিবি আপুনি ॥২৮৯
তাৰ ভয়ে দেখি যেবে সুৰাসুৰ গণ।
মহাভয়ে তৰাতৰি কৰিলা বিমন॥
জানাে যাজ্ঞসেনী শূলঘাৱে নাশ হয়।
কিবা দুৰাচাৰ মৰি যাই যমালয় ॥২৯০
এহিমতে দেবলোকে কৰে হাহাকাৰ।
দেবনাৰীগণে দুখ কৰয় অপাৰ॥
অনন্তৰে যাজ্ঞসেনী মনত বােলয় ।
পৰিবাৰ যাৱে কৃষ্ণদেৱে ৰখিচয়॥ ২৯১
দুৰাচাৰে কৰিলেক শৰক প্ৰহাৰ।
আক নাশ কৰিবোহোঁ কেমন প্ৰকাৰ॥
আতহন্তে টোনত চাহিলা বৰনাৰী।
উঠি আহে শৰপাত অতি শীঘ্ৰ কৰি॥ ২৯২
মনত হৰিষে শৰ তুলি আনিলন্ত।
জয়কৃষ্ণ বুলি উচ্চাৰিলা অপৰ্য্যন্ত॥
বৈসম্পায়ন বদতি শুনিও জন্মিজয়।
শৰপাত জুৰিলন্ত ধৰনী কাম্পয়॥২৯৩
দেবতা সকলে আতি কৰে জয় জয়।
বাঢ়িবে লাগিলা শৰ দেখি লাগে ভয়॥
মুহুৰ্ত্তেকে মেক মন্দাৰৰ সম লৈলা।
অদভূত দেখি দেবী গুণিবাক লৈলা ।।২৯৪
কিনো আচৰিত ইতো মহ শৰৰ।
ত্ৰৈলোক্য দহিবে পাৰে ইতো অস্ত্ৰধৰ॥
এহি বুলি তান মন কৰিয়া তানয়।
ভৰি গিৰ নাথাকয় ধৰনী লৰয়॥ ২৯৫
যেন সাগৰত মহানাৱে ভয় পাই।
ইতিতি উঠয় সিতো সিতিতি বহয়॥
সেহিমতে শৰৰ সন্ধানে মনীলৰে৷
ত্ৰিদশ দেৱতা আতি ভয় ভৈলা বৰে॥ ২৯৬
শূলক উচ্চায়া পাচে দানব দুৰ্জ্জন।
দ্ৰৌপদীক হানিলেক কৰি ক্ৰোধমন॥
আকাশ চানিয়া শূল বেগ ধৰি যাই।
জাত জাত কৰি সবে অগণি উধাই॥২৯৭
হেন দেখি যাজ্ঞসেনী আজুৰিয়া জানি।
মেৰুগিৰি যেন ক'লা কৰে বান খানি॥
আকাশ চানিয়া সতী প্ৰহৰিলা বান।
তলবল কৰিয়া লৰিলা মহীখান॥২৯৮
অৰ্জ্জুনৰ ব্ৰহ্মবান মুক্তিমন্ত হই।
আকাশে উৰা ৰবিপায় মহা ভয়॥
ভকভক্ত কৰি পাচে অগনি বজাই।
যেন মেৰুগিৰি গোট আকাশে উধাই॥২৯৯
ভয় হুয়া বসুমতী চমকি ৰহিলা।
শূল ব্ৰহ্মবান দুয়ো একস্থান ভৈলা॥
আকাশতে শূলক কৰিলা সাত খণ্ড।
ভুমিত পৰিলা সিতো হুয়া লণ্ডভণ্ড॥৩০০
শূলকাতি শৰপাত পুনঃ খেজি যাই।
শোষকৰ শিৰ কাতিলেক জন্তাৰাই॥
শিৰশ্ছেদ ভৈলা বীৰ গিৰিসিত কৰি।
দাৰুণ পিশাচ যমপুৰে গৈলা মৰি॥৩০১
ৰাক্ষসক মাৰি শৰে শীঘ্ৰেবেগে যাই।
স্নান কৰি আসি টোনে থাকিলা লুকাই॥
বৈসম্পায়ন বদতি শুনিয়ো নৰবৰ।
অদ্ভুত মহিমা সিতো পাণ্ডব সবাৰ॥৩০২
দ্ৰৌপদীক বাক্য মৃত্তে দেবে পুজিলন্ত।
সুৰভি কুঙ্কুম মাথে পুষ্প বৰিষন্ত॥
সেহি বেলা তাৰ যত লগৰী আাছয়।
দ্ৰৌপদীক ধাইলা সবে কৰি বীপৰ্য্যই॥৩০৩
বৃক্ষ শিলা দলি হানি নিসন্ধি কৰিলা।
পৰ্ব্বতক বেঢ়ি যেন মেঘে বৰিশিলা॥
গিৰ গিৰ কৰি সৰ গাৱত পৰয়।
কবচ প্ৰভাবে সতী পীৰা নপাৱয়॥ ৩০৪
পাচে দেবী শৰ আনি গুণত যুৰিলা।
কাটন ফুটন বান প্ৰহাৰ কৰিলা॥
পৰ্ব্বত দোহাৰ কৰে অৰ্জ্জুনৰ শৰে।
ধাত ২ কৰি সবে ম্লেচ্ছ সেনা মৰে॥৩০৫
একে একে কালে কাতে সহস্ৰ সংখ্যাত।
কৰদ্ধ শৰীৰ সবে পৰে ধাত ধাত॥
পুনঃ পুনঃ প্ৰহাৰয় মহাশৰ চয়।
যেন বায়ু নেই পকাফলক সৰাই॥৩০৬
ৰঙ্গচাই আছে দ্ৰুপদৰ জীউ আই।
কতোহো পলায় কতো মৰি মৰি যাই॥
দণ্ডদুই মানে সব সেনা নাশ ভৈলা।
পলাই যাই তাৰ অধিকাৰী আগে কৈলা॥৩০৭
শুনিয়োক ম্লেচ্ছদেৱ সংশয় ডাঙ্গৰ।
কৈৰ মানুষী তাই বীৰ ভয়ঙ্কৰ॥
ধুনুবান ধৰি সবে লোক বিনাশিলা।
তযু ভ্ৰাতৃক মহাবীৰে শূল প্ৰহাৰিলা॥৩০৮
ব্ৰহ্মবান হানি শূল কাটি আকাশত।
তোমাৰ ভ্ৰাতৃক কাটি পেলাইলা তহিত॥
আৰু যত বীৰ মানে সবাকো কাটিলা।
কি কহিব কথা দেব সমূলে বুৰিলা॥৩০৯
মুনিয়ে বোলন্ত কথা শুনা জন্মিজয়৷।
শুনি কালকুঞ্জ বীৰে নামাতি আছয়॥
কিবা সোপানত কিবা আছে সচিতত।
যমক দেখিয়া একো নপাৱয় তত্ত্ব॥৩১০
কোকাৰি কোকাৰি সিতো কান্দিবে লাগিলা।
ভ্ৰাতৃৰ গুণক বৰ্ণাই বিলাপ কৰিলা॥
শুনা সভাসদ ইতো বনপৰ্ব্ব নাম।
ভুকুতি মুকুতি জাত মিলে অবিশ্ৰাম ॥৩১১
মহাজন পাণ্ডৱৰ চৰিত্ৰ শােভন।
আক একমনে সবে কৰিয়ো শ্ৰবণ॥
দুৰ্ঘোৰ সংসাৰে ইতো ঔষধ পৰম।
ইহ পৰলােকে গুছে যত সব শ্ৰম ॥৩১২
বোলয় ভাৰত চন্দ্রে আমি অল্পমতি ।
ভক্তিধানে কিনি মােক লােৱা লক্ষ্মীপতি॥
সুখে দুখে মুখে নচাৰোক গুণনাম।
সভাসদ লােকে ডাকি বােলা ৰান ৰাম ॥৩১৩
—
ছবি।
ঋষিয়ে বােলয় কথা শুনা ৰাজা জন্মিজয়
ভ্রাতৃৰ মৰণ শুনি তথা।
আসনত ঢলি পৰি হাহা প্রাণ ভাই বুলি
কান্দিবে লাগিলা কহি কথা ॥৩১৪
পিতৃমাতৃহীন আমি দুইগুটি চাওৱাল
দেব দেবীৰ সঙ্গত আছিলো।
সুৰাসুৰ লােকত যে অজয় অমৰ ভৈলোঁ,
হেন মহা কৰক লভিলোঁ॥ ৩১৫
কিন্তু মহামায়া নাই হেনমহা ছিদ্ৰ খৈলা,
তিৰি জনা ধনুৰ্ব্বান ধৰি।
বলি মহাযুদ্ধ কৰে তেবে বুদ্ধিবলে ঘাটি,
অবশ্যে তহঁত যাবি মৰি॥ ৩১৬
সেহি বাক্য কলিলেক মোৰ ভ্ৰাতৃ মৰিলেক,
আজি মোক কিয় না মাৰিলা।
নাজানোহোইতো গোটে, মানুষী নাৰীক অনে,
কোথা হন্তে আসিয়া মিলিলা॥ ৩১৭
বেঢ়ি ধৰি কি কাৰণে বৰ বৰ বীৰগণে
মানুষী নাৰীক নামাৰিলা।
আনত নাহিকে ছিদ্ৰ, আমি দুই ভাই মাত্ৰ,
ইতো কথা দেবীও বুলিলা ॥৩১৮
এহি বুলি মহাক্ৰোধে সভাক চাহিয়া দৃষ্টে,
হাত তুলি গৰ্জ্জি বাৰম্বাৰ।
পাত্ৰ মিত্ৰ নিৰন্তৰে ভয়ে চমকিয়া সবে,
হৃদয় কম্পিলা সাবাহাৰ ॥৩১৯
ক্ৰোধৰ বেগত আতি বাঢ়িবে লাগিলা দুষ্ট,
দেবদেবী কাকো নামানয়।
দুৰাচাৰ দানবক কালে গ্ৰাসিলেক আসি
নিন্দাবাণী সবাকো বোলয় ॥৩২০
শুন অৰে বীৰচয়, মোৰ বাক্য মনে লয়,
এতিক্ষণে সাহা নিৰন্তৰ।
পাচক নুগুণি কেৱে বিঘিনি পাতিৰো যেবে
মানুষী নাৰীক বেঢ়ি ধৰ॥৩২১
যদি পাৰা শূলে জানি নুহি শিলবৃক্ষ হানি,
তেবে গুছে মোৰ হৃদিশাল।
নামাৰি নাকাটি যেবে যদি ধৰিবাক পাৰা
ইহাৰ সমান নাহি ভাল॥৩২২
তোমাৰ পাচত আমি শূলত শকতি ধৰি,
চলি যাই কৰোঁ প্ৰতিকাৰ।
কাহাৰ গহত জানো অল্পমতি নাৰি গোটে
মাৰিলেক ভ্ৰাতৃ আমাৰা ॥৩২৩
চলচল নিৰন্তৰ মানুষীক বেঢ়ি ধৰ,
পাচ নুগুছিবে একোজন।
তাইৰ লগে যদি দেবে সভাই ভজাই আসি
তাহাক মাৰিবো এতিক্ষণ॥ ৩২৪
এহিমতে তৰাতৰি প্ৰচণ্ড আদেশ পাই
বৰ ম্লেচ্ছ সেনাচয়।
হাতে বৃক্ষ শিলা ধৰি বেগে সিংহনাদ কৰি
খেদি খাই ধৰণী কম্পাই ॥৩২৫
জুম জুম কৰি সবে স্নেচ্ছ সেনা বাজ তৈলা,
কালকুঞ্জ পাছত চলয়।
এক ম্লেচ্ছ কন্ধে চৰি পৰ্ব্বত সমান আসে
বিমঙ্গল সবক দেখয়॥৩২৬
আকাশ ঢাকিয়া গৃধ্ৰে মাথাৰ উপৰে চৰি
আটাস পায় নিৰন্তৰ।
কাক সবে ঘন ঘন, মুখ চাই ৰটে অতি
হোৱা হোৱা নাদ শৃগাঙ্গৰ॥৩২৭
সৈন্যক ঢাকিয়া ঘোৰ, হালধি ৰুধিৰ বৃষ্টি,
অন্ধকাৰ বতাহ সোসাই।
যুজক চলন্ত বেগে, আকাশত দেখে কতো,
একে লগে জ্বলে সূৰ্য্য দুই ॥৩২৮
এহিমতে দুষ্টজনে, চলি যাই তেতিক্ষণে,
ৰণ ধৰণীত প্ৰবেশিলা।
লক্ষ কোটী ম্লেচ্ছগণ, ঠিহ মাৰি চলি যাই,
মাৰিবাক লাগি নিকলিলা॥৩২৯
⸻
পদ।
বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
অনন্তৰে ৰনভূমি সবে পাইলা যাই॥
দলদোপ কৰে মহী নসহয় ভাৰ।
দেখিয়া চমক বৰ লাগিলা দেবৰ।।৩৩০
জানো আই যাজ্ঞসেনী বলে নপাৰয়।
দুষ্ট ম্লেচ্ছ সেনা দেখি লাগে মহাভয়॥
সহায় নাহিকে একালসৰে মহামতী।
মৰিয়া পৰিয়া আছে তাতে পাঞ্চপতি ।।৩৩১
সেহিবেলা যাজ্ঞসেনী দেখিলেক পাচে।
কালি পিম্পৰাৰ মেন শাৰি পাতি আছে॥
পূৰ্ব্বে ৰাম সেনা যেন বানৰ সকলে।
শিল তৰু ধৰি যেন যুযিবাক চলে॥ ৩৩২
সেহিমতে প্ৰথমৰ যত সৈন্য চয়।
তৰু শিলা ধৰি সবে ৰণক চলয়॥
এক মুখ দুই মুখ কাৰো চাৰিখান।
কাৰো প্ৰস্থ কাৰো দীৰ্ঘ কুলা হেন কান॥৩৩৩
বিকট দৰ্শন কাৰো অটালৰ গৰ।
মুণ্ডগোট সৰু গাৱ গোট ভয়ঙ্কৰ॥
কাৰো আৰু ভেৰু যেন পতি গোট মান।
কাৰো দুই কাৰো তিনি দেখি বিদ্যমান॥৩৩৪
আচোক যুজিবো পুৰুষৰ দেখি ভয়।
তিৰি জনে দেখিলেই প্ৰাণৰ সংশয়॥
পৰ্ব্বত আকাৰ দেহা আকাশত চৰা।
গৰগৰ কৰি গৰ্জ্জে যোজনৰ পৰা॥ ৩৩৫
কাৰো হাতে পৰ্ব্বত কাহাৰো তৰুশিলা।
যেহেন গোৱালে ধৰি আছে দাঙ্গদিলা॥
লাটিম আকাৰ কৰি পৰ্ব্বত ফুৰয়।
পাক লাগি মেঘ সব আকাশে উধাই॥৩৩৬
ভয়ত তৰস হুয়া দেৱগণ যত।
লুকাই ৰহিলা সবে মেঘৰ আৰত॥
মুনিয়ে বোলন্ত আবে শুনা জন্মিজয়।
সৈন্য দেখি দ্ৰৌপদীৰ ভৈলা মহাভয়॥৩৩৭
হাহৰি কিনো মোৰ মৰণৰ ঘাত।
আজি সে জানিলোঁ মই যাইবো যমবাত॥
এক এক মহাবীৰ দেখিতে ৰাস।
কোনে কৰিবেক তাক যুজিবাক সাস॥ ৩৩৮
দেবদৈত্য দানব গন্ধৰ্ব্ব নাগচয়।
সব ছন্তে ইছাক যুজিবে নপাৰয়॥
একে মই তিৰি জাতি কোমল শৰীৰ।
কিমতে যুজিবো তাক মন নোহে থিৰ॥৩৩৯
স্বামীৰ লগতে অনুগামী গৈলোহন্তে।
তেবে কেন দেববাক্য পৰিলা মনতে॥
ত্ৰিভুবন বিজয়ী গাণ্ডীব ধনুশৰ।
কোনবেলা মাৱিবে লাগয় কোন শৰ॥৩৪০
তাহাক নাজানো মই নাজানো মন্ত্ৰক।
কোন অস্ত্ৰ হানিবেক কোনবা লোকক॥
যুদ্ধ এলিলেই মোক মোচাৰি মাৰিব।
শাল আৰু তৰুঘাৱে মোৰ প্ৰাণ যাইব॥৩৪১
যিহৌক সিহৌক ভাগ্যে কৰিবো সমৰ।
জীৱন মৰণ বাত হৈতো মনুষ্যৰ॥
কিন্তু কৃষ্ণ চৰণক মচাৰক মতি।
জনমে জনমে মাধৱে সে মোৰ গতি॥৩৪২
পাণ্ডৱ হৈবন্ত স্বামী সকলো কালত।
নচাৰোক মতি মোৰ তাহাৰ সেৱাত॥
সঙ্কত বেলাত মোক প্ৰভু নাৰায়ণে।
অনাথ নাৰীক মোক ৰাখিয়ো চৰণে॥৩৪৩
এহিমতে আনো নানা মিনতি কৰিলা।
দ্ৰৌপদীৰ হৃদয়ত ধৰি প্ৰবেশিলা॥
বুদ্ধবল তেজবল শক্তিবল চয়।
তাহান গাৱত আসি ভৈলা অৰ্ব্বুদয়॥৩৪৪
বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
দ্ৰৌপদীৰ মহিমাক চাহান নযাই॥
ত্ৰিপুৰ দহিবে লাগি শঙ্কৰ আসিলা।
ম্লেচ্ছসেনা বধিবাক তেমনে বাঢ়িলা॥৩৪৫
আঢাসেক দিয়া ধনু টঙ্কাৰ কৰিলা।
দিসবিদিসৰ ৰণভূমি প্ৰকাশিলা॥
হেন দেখি ম্লেচ্ছসেনা সিংহনাদ কৰি।
সমৰক ধাইলা সবে বৃক্ষশিলা ধৰি॥৩৪৬
পৰ্ব্বতক বেঢ়ি যেন মেঘে বৰিষয়।
গিৰিস গিৰিস কৰি আসিয়া পৰয়॥
শৰ হানিবাৰ একো নপাই যতনে।
কৃষ্ণনাম গোবিন্দ সুমৰে ঘনে ঘনে॥৩৪৭
দুই দণ্ডমানে পাচে ৰহিয়া আছিলা।
শিলবৃক্ষ হানি ম্লেচ্ছ সেনা ভাগৰিলা॥
অনন্তৰে যাজ্ঞসেনী শৰ প্ৰহাৰিলা।
প্ৰথম সেনাক বেগে কাটিয়া পেলাইলা॥৩৪৮
পৰ্ব্বত গহবৰ কাৰো চাৰি পাঞ্চমুখ।
কাটি গিৰসিত কৰি কৰয় বিমূখ॥
পুনঃ পুনঃ শৰহানি দিশক পুৰিলা।
ম্লেচ্ছ সেনা সব কাটি নিসন্ধি কৰিলা॥৩৪৯
আগবাঢ়ি যাই যত প্ৰথম সকল।
খঙ্গে যাজ্ঞসেনী শৰ হানয় কেবল॥
দীঘল তিখাল শৰ মহা ভয়ঙ্কৰ।
কাতি মাৰি চুৰ্ণ কৰি নেই নিৰন্তৰ॥৩৫০
হেন দেখি কালকুঞ্জে লৈয়া তৰুশাল।
সৈন্য সৰ পাচ কৰি আগ হুয়া গৈল॥
ক্ৰোধ কৰি চাই বোলে চক্ষুক ৰঙ্গাই।
পৰ্ব্বত সমান দেহা দেখি ভয় পাই॥৩৫১
শুনা অবে কৈৰ আসি মোৰ সেনাগণ।
আমাৰ ভ্ৰাতৃক মাৰি আছা কি কাৰণ॥
বজ্ৰে বান্ধি আছে তোৰ শৰীৰৰ কাই।
কালকুঞ্জ ৰাক্ষসক কিছুভয় নাই॥৩৫২
কিবা দেব কিবা দেবী কিবা নৰনাৰী।
আমাৰ আগত কথা কহা জান্ত কৰি॥
ন কহিলে আজি তোক নিবো যমপুৰ।
কাত গছ তোহোৰ ভাবনা কৰোঁ চৰ॥৩৫৩
বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
উচিত বচন তাক যাতে সেহি ঠাই॥
শুনা অৰে কালকুঞ্জ ম্লেচ্চ দুৰাচাৰ।
ধুধিষ্ঠিৰ ৰাজাৰ ঘৰণী মই সাৰ॥৩৫৪
আমাৰ স্বামীক দুষ্ট খায়া আছা তই।
তোহোৰ ভ্ৰাতৃক আবে মাৰি আছো মই॥
মাৰি আছো তোৰ আৰু সেনাগণ যত।
ঢকুৱা ফালস কেনে মোহোৰ আগত॥ ৩৫৫
নিলাজ পিশাচ তোৰ লাজ নাহি কয়।
মোহোৰ হাতত তুই যাবি যমালয়॥
হেন শুনি কালকূঞ্জে মনত গুণিলা।
দ্ৰৌপদীক তিৰি হেন বেশত জানিলা॥৩৫৬
তিৰি বা পুৰুষ আগে চিনিতে নপাৰে।
তিৰি হেন পাচে সে বুজিলা সাৰে সাৰে॥
মোহোৰ ভ্ৰাতৃক জালে মাৰি অহয়।
গোলাণীৰ বাক্য আবে আগয় নিশ্চয়॥ ৩৫৭
ত্ৰৈলোক্য বিজয় বীৰ আমি দুই ভাই।
তিনিও লোকত কোনো বুজস্তায়ো নাই॥
কি বৰ ধিক্কাৰ মোৰ হইলা মৰণ।
সকল বিফত নাৰীৰ হাতত মৰণ॥৩৫৮
ধিক বল পৰাক্ৰম ধিক শূল শাল।
লেচঙ্গ সবাৰ তেমন যেন জুইশাল॥
যিহৌক সিহৌক ৰণ কৰিবে লাগয়।
জিনিলেও যশ নাই হাৰিলেকো নয়॥৩৫৯
তথাপিতো যেন হোৌক মোৰ কৰ্ম্মভাগে।
প্ৰাণৰ কাৰণে যুদ্ধ কৰিবাক লাগে॥
এহিবুলি মহাক্ৰোধে শালবৃক্ষ তুলি।
দ্ৰৌপদীৰ গাৱত হানিলা হোস বুলি॥৩৬০
যাজ্ঞসেনী দেখে শালবৃক্ষ খেদি আসে।
শৰহানি তাহাক কাটিলা অপ্ৰয়াসে॥
পুনৰূপি হানিলা দাৰুণ শিলাখণ্ড।
শৰে হানি তাহাক কৰিলা লণ্ড ভণ্ড॥ ৩৬১
অসংখ্যাত শিলাবৃষ্টি কৰে বাৰে বাৰে।
শৰে হানি যাজ্ঞসেনী তাহাক নিবাৰে৷
পাচে দ্ৰুপদৰ জীউ হিদ্ৰ এক পাইলা।
প্ৰচণ্ড গোটক শৰ হানিয়া পঠাইলা॥ ৩৬২
বিস্বাদ শবদ বেগে শৰপাত যাই।
তাহাৰ হিয়াত পৰিলক খকৰাই॥
পুঙ্খমানে তলগৈলা দেখি ভয় ভীত।
হলাহলি কৰি বহয় বিপৰীত॥ ৩৬৩
যমক দেখিয়া বীৰ নয়ন মুদিল।
বামাহাতে শৰপাত আজুৰি কাৰিল॥
শৰ কাঢ়ি কিতাইলেক ম্লেচ্ছ সেনাৰৰ।
যোৰ পৰ্ব্বতৰ খণ্ড কৰিলা প্ৰহাৰ॥৩৬৪
যোজনেক শিতোমহা শিলাখণ্ড বৰ।
সবে বোলে যাজ্ঞসেনী যাইবে যমঘৰ॥
কৃষ্ণ বিষ্ণু নুমৰণ কৰি বৰনাৰী।
আথেবেথে ধনুখান পেলাইলা আচাৰি॥৩৬৫
হৰি সুপ্ৰসন্নত বুদ্ধিত নাঘাতিলা।
দুইহাতে শিলাখন পন্থত ধৰিলা॥
পাক দিয়া দেবী পাচে আলগাই থেলি।
তাহাক লাগিয়া পুনঃ হানিলস্ত ডলি॥৩৬৬
হেন দেখি দানবৰ শৰীৰ কম্পিলা।
গদাঘোট ধৰি আগবাঢ়ি দেও দিলা॥
গদাই কোবাই ভাঙ্গিলেক শিলবৰ।
অদ্ভুত মহিমা সিতো দ্ৰুপদ জিউৰ॥৩৬৭
দেবগণে জোকাৰযে পাৰয় উৰুলি।
সুৰভি কুসুম মাথে সিঞ্চিলা সমুলি॥
ধন্য ধন্য দ্ৰৌপদীক প্ৰশংসা কৰয়।
ৰবি তলে যাৰ সম বীৰ নাহি কয়॥ ৩৬৮
অল্পন্তৰে দানবে মমত গুনিলেক।
নাৰীগোটে আমাসাক ভঙ্গালাই প্ৰত্যেক॥
ভালেহে মাৰিলে ভ্ৰাতৃ মোক সেহিমত।
ময়ো মৰি যাওঁ হেৰা এইৰ হাতত॥ ৩৬৯
এহিবুলি পুনঃ বৃক্ষ শিলা বৰষিলা।
দ্ৰৌপদীৰ গাৱ ঢাকি পৰিবে লাগিলা॥
চিওি ভাঙ্গি সন্নাহ পৰিলা নিৰন্তৰ।
কৃষ্ণ বিষ্ণু নাম সুমবন্ত গদাধৰ॥৩৭০
মোক ৰক্ষা কৰা প্ৰভু দেৱ নাৰায়ণে।
অবাধা দাসীক মোক খিয়ো চলে॥
দ্ৰৌপদীৰ কাৰু নিয়া ভগৱন্ত।
অন্তৰিক্ষে গৰুড়ক পাঞ্চিয়া দিলন্ত॥৩৭১
যাবে যাজ্ঞসেনী পিশাচিক নৱধয়।
মোহোৰ বচনে আবে ৰাখিয়ে নিশ্চয়॥
স্বামীৰ বচন হেন গৰুড়ে শুনিলা।
আৰ্থে বেৰ্থে গৈয়া বেগে ঢাকিয়া ধৰিলা॥৩৭২
যত শিলবৃক্ষ পৰ্ব্বতক প্ৰহাৰয়।
গৰুড় পাখাত আসি নিধলে পৰয়॥
গিৰিস গিৰিস আতি শবদ বাজয়।
দেখিয়া ত্ৰিদশ লদেবে ভৈলা মহাভয়॥৩৭৩
ঢাকিলেক দশোদিশ ৰবিৰ কিৰণ।
দেখ দেবগণে দুৰ কৰিলা বিমন॥
হাহা যাজ্ঞসেনী আই আমাৰ বাক্যত।
বিপাকে মৰিলা শিলাবৃক্ষ প্ৰহাৰত॥৩৭৪
শিলাবৃক্ষ প্ৰহাৰত কিছুই নভৈলা।
পৰ্ব্বত সমান কৰি গৱে পৰি ৰৈলা॥
গৰুড়ৰ গাৱত পৰয় শিলাচয়।
ত্ৰিদশ দেবতাগণে তাক নজানয়॥৩৭৫
দুইদণ্ড মান শিলাবৃক্ষ প্ৰহাৰিলা।
বোলে মানুসৰ নাৰী নিশ্চয় মৰিলা॥
অন্তৰিলা গৰুড় ভেলেক সুপ্ৰসন্ন।
প্ৰকাশিত ভৈলা ৰবি বয় পবন॥৩৭৬
উঠিয়া দ্ৰৌপদী ধনু টঙ্কাৰ কৰিলা।
টোন হন্তে শৰ আনি গুণত পুৰিল॥
গৃহক বাইবা দিতে উদ্যম জুৰিলা।
পালতিয়া দেখে পুনঃ আসিয়া মিলিলা॥ ৩৭৭
কিনো অদভুত কথা ইটো গুৰুতৰ।
পৰম দুৰ্জ্জন ইতো নাৰী মনুষ্যৰ॥
এত শিলা তৰু যাৱে নমৰি ৰহিলা।
পুনঃ বুজিবাক মনে খেদিয়া আসিলা॥৩৭৮
অনুমানে জানো কোনো দেবতাৰ মায়া।
হেন কি শকতি আছে মনুষ্যৰ জায়া॥
এহিবুলি ক্ৰোধ কৰি খেদিয়া আসিলা।
অনন্তৰে বৰ নাৰী শৰ প্ৰহাৰিলা॥৩৭৯
প্ৰহাৰিলা শৰ তাৰ বল নাজানয়৷
প্ৰলয়ৰ মেঘ যেন গৰ্জ্জিয়া চলয়॥
আকাশ ঢাকিয়া শৰপাত যাই চানি।
তাক নিবাৰিলা সিতো শেলপাত হানি॥৩৮০
পুনঃ যাজ্ঞসেমীয়ে শৰক প্ৰহাৰিলা।
আৰ্থ বেৰ্থ কৰি হাসি বচন বুলিলা॥
মই নাজানোে একো শৰৰ মহত্ব।
কোন বেলা কোম শৰ মাৰিবে শকত॥৩৮১
আপোনাৰ গুণে যেতে দেবত গাঞ্জীব।
দানব গোটৰ আবে চাৰাওক জীৱ॥
এতহন্তে শৰপাত তাক লগ পাই।
বাহৰ মধ্যত বিন্ধিলেক খকৰাই॥৩৮২
কাতি হুয়া গিৰাসাই উৰুৰি পৰিলা।
বিঙ্গ পাৰি যাজ্ঞসেনী হাসিবে লাগিলা।
দেখি ইন্দ্ৰে গন্ধৰ্ব্ব ৰাজাক আদেশিলা।
দ্ৰৌপদীৰ সাবাদক অপেশ্বৰী ছিলা॥ ৩৮৩
বিমানে থাকিয়া সবে চাপৰি বজাই।
দ্রৌপদীৰ অৱস্থাক বড়াইলেক যাই॥
চাপৰি বজায় সবে জয় কৃষ্ণ বুলি।
বিমানে আবৰি সবে ৰৈলা ভৰি পুৰি॥ ৩৮৪
সেহিবেলা প্রমথ সকলে চাহি আছে।
আপােন ৰাজাৰ দুখ দেখিলেক পাচে॥
বৃক্ষশিলা ধৰি সবে আগবাঢ়ি গৈলা।
দ্রৌপদীক চাহি সবে প্রহাৰিৰে লৈলা ॥৩৮৫
নাই বুলি ৰাৱ তেজি ধনু আজুৰিলা।
গােট গােট কৰি শৰ প্ৰহাৰিবে লৈলা ॥
কাটন ফুটন শৰ দীঘল ডাঙ্গৰ।
হংস কঙ্ক পাখি চাইবে গাণ্ঠি সুবর্ণৰ ॥৩৮৬
লহ লহ কৰে জিহ্বা সৰ্পৰ আকাৰ।
আছোক যুজিবাে দেখি লাগে চমৎকাৰ ॥
সিংহৰ বিক্ৰম কৰি শৰ প্রহাৰয়।
ছেদি ভেদি প্রথম ম্লেচ্ছক বিনাশয় ॥৩৮৭
যেন মত্ত হস্তীক কেশৰী লাগ পাই।
সমন্তকে মাৰি বিনাশয় একে ঠাই ॥
দ্ৰুপদ নন্দিনী সতী সেইমত ভাৱে।
ম্লেচ্ছ সেনা সব বিনাশিলা একে ঠাৱে ॥৩৮৮
গোটেক নৰৈলা তাত সমন্তে মাৰিলা।
উপায় কৰিয়া হৰি ভাৰ সংহাৰিলা॥
অপেশ্বৰাগণে দ্ৰৌপদীক লাগ পাই।
আনন্দ বঢ়াই দিলা চাপৰি বজাই॥৩৮৯
ৰদমন হুয়া দেবী তথাতে আছিলা।
অনন্তৰে গধুলিকা সময় মিলিলা॥
ইন্দ্ৰে আদেশিলা চন্দ্ৰ শুনিয়ো বচন।
পাঞ্চ ভাইৰ গাৱে কৰা অমৃত সিঞ্চন॥ ৩৯০
দ্ৰৌপদীক অমৃত পায়স খুৱাইয়োক।
পাঞ্চ ভাইক এক ঠাই কৰি ৰাখিয়োক।
বাসবৰ বচন শুনিয়া শূলদ্ধৰ।
অমৃত পায়স আনি ভুঞ্জাইলা সত্বৰ॥৩৯১
পাঞ্চ পাণ্ডবক একঠায়ে ৰাখিলন্ত।
অপেশ্বৰা সঙ্গে দ্ৰৌপদীও বহিলন্ত॥
জন্মিজয় বোলে গুৰু মিলিলা সংশয়।
পিতামহী প্ৰৌপদীয়ে সৈন্যক মাৰয়॥৩৯২
তেবে কালকুঞ্জ বীৰ কোথাত আছিলা।
পুনৰূপি চাপি সিতো ৰণ নকৰিলা।
কিবা শৰ ছেটি পাই নিজ ঘৰে গৈলা।
কিবাঁ তীৰ অন্তৰিয়া অন্য ৰৈলা॥৩৯৩
ইতো কথা গুৰু বাপ কহিয়ো আমাত।
পিতামহ মহন্তৰ মহিমা সাক্ষাত॥
হেন শুনি মুনিবৰে কহিবে লাগিলা।
বজ্ৰাজৰ জীয়া কালকুঞ্জে বিবাহিলা॥ ৩৯৪
মেঘিনীয়ে মহাদুষ্ট মায়াক জানয়।
তাইৰ জয়ে দেবাসুৰ থৰতে কাম্পয়॥
দুই সহস্ৰেক নাৰী সতিনী যাহাৰ।
সবাৰ উপৰি তাই সুভাগ নুসাৰ॥৩৯৫
ষেহিবেলা কালকুঞ্জে তাইক ক্ৰীৰয়৷
তাই কালকুঞ্জৰ যে অৰ্দ্ধ দেহা হয়॥
শৰ ঘাৱ পায়া পাচে ম্লেচ্ছ দুৰাচাৰ।
খানিতেক থাকি গৈলা গৃহে আপোনাৰ॥৩৯৬
গধুলি বেলাত নিজ ঘৰে নপশিলা।
নাৰীগণ আসিতাক আগবাঢ়ি নিলা॥
শৰীৰ ঢাকিয়া ৰক্ত বহে ধাৰাসাৰে।
মহা বেদনাত সিতো নিশ্বাস ফোকাৰে ॥৩৯৭
আৰ্ধ বেৰ্থ কৰি পাচে বজ্ৰাঙ্গৰ জীয়া।
কেন হেন মত ভাৱ তোমাৰে দেখিয়া॥
সুৰাসুৰে কাম্পে যাৰ মহিমা প্ৰচণ্ড।
হেনয় জনক কোনে কৰিলেক দণ্ড॥৩৯৮
কতনো শকতি তযু ভ্ৰাতৃক মাৰিলা।
নাজানো কি তাৰ গাৱ বজ্ৰদি বান্ধিলা॥
কোন বীৰ কোন থান হন্তে আসিলেক।
দেব কি মনুষ্য তাক নজানে প্ৰত্যেক॥৩৯৯
আমাৰ উপৰে ইতো বীৰ উপজিলা।
আমাক তোমাক ভয় তাহাৰ নভৈলা॥
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
হেন শুনি কালকুঞ্জে দিলন্ত উত্তৰ ॥ ৪০০
বীৰ নুহিকয় সিতো নুহি দেববৰ।
দ্ৰৌপদী নামত তাই নাৰী পাণ্ডবৰ॥
পাঞ্চ পাণ্ডবক আগে আমিয়ে ভুঞ্জিলোঁ৷
তাৰ খঙ্গে মোৰ প্ৰাণ ভ্ৰাতৃক মাৰাইলোঁ।৪০১
কোনোবা দেবতা কহি আছয় তাহাত।
দেবীৰ শাপত মৃত্যু নাৰীৰ হাতত॥
এতেকেসে আমাক মাৰিবে নিষ্ট কৰি।
তাতেসে গৃহক মই আইলোঁ বেগ ধৰি॥৪০২
হেন শুনি মেঘী পাচে দিলন্ত উত্তৰ।
এতমান বল সাহ নাৰী মনুষ্যৰ॥
তুমি থাকা প্ৰাণনাথ আমি চলি চাওঁ।
মানুষ নাৰীৰ বল কণ্টলিয়া চাওঁ॥৪০৩
কথাপাতি দুখ চিন্তাই ৰজনী বঞ্চিলা।
দেবীবাক্য পূর্ব্বকথা ভাৰ্য্যাত কহিলা।
শুনি তাই বোলে তুমি ঘৰে থাকা ভালে।
মানুষীক খাই মই আসো সােনকালে॥৪০৪
ত্ৰিদিশে নেজানে মায়া জানো যেভমান।
গিলিবাক পাৰোঁ মই ত্রিজগত খান ॥
প্রভাতে লৰিলা তাই জকমক কৰি।
ডাকিনীগণৰ তেবে স্কন্ধে যাই চৰি॥৪০৫
অনন্তৰে ৰণ ভূমিখান পাইলেক।
গাণ্ডি মুশু তেজমানে সবাকো খাইলেক॥
দুর্গাক স্মৰিয়া বৰ দেই দ্রৌপদীক।
যাহাৰ প্ৰসাদে আমি ভুঞ্জিলোঁ অধিক ॥৪০৬
এহিমতে হাৰমুণ্ড চোবাৱন্তে যাই।
চেলেকি তুলিলা সবে নিৰন্তৰে খাই॥
কাৰো পুত্র কাৰো নাতি কাৰো প্রিয়পতি।
বিচাৰ নকৰি খাই পাপীষ্ঠা দুৰ্ম্মতি॥৪০৭
ছলছল বুলি তাই আগক ডকাই।
হাওৰে নাৰিকা জীয়া কিসক চোবাই॥
দ্ৰৌপদ ৰাজাৰ জীক দৰিশন পাইলা।
কিল কিল কৰি সবে ভাবিবাক লৈলা॥৪০৮
দেখি অপেশ্বৰাগণে ভয়ত কাম্পয়।
বিমানে থাকিয়া সবে অন্তৰিয়া যাই॥
মেঘী দেখে পাণ্ডৰী ক্ষত্রিয় বেশ ধৰি।
তিৰি কি পুৰুষ একো চিনিতে নপাৰি॥৪০৯
ভয়ানক ধনুর্ব্বান দেখি লাগে ভয়।
ভালেতো মোহোৰ দেৱৰ তাক মাৰিচয় ॥
সমীপ চাপিয়া পাচে মাটিত নামিলা।
তাইক দেখি দ্রৌপদীৰ হৃদয় কম্পিলা ॥৪১০
কিনো ইতো ৰক্ষসী মোহোক খাইবে জানো
ইহাৰ গাৱক দেথি বৰ ভয় মানো॥
সেহিবেলা তাই পাচে বচন বােলয় ।
শুনৰে মানুষী নকৰাহো কাকো ভয় ॥৪১১
কোন গােটে তােৰ গাৱ বস্ত্রে বান্ধিকে
ভালমতে মই আজি তোক দেওঁ সেক॥
দ্রৌপদীৰ সন্নিত চাপিলা খেদি যাই
দেখা পাণ্ডবীৰ কেনে মিলিলা সংশয়॥৪১২
হেন সানি ভজিয়াে কৃষ্ণৰ দুচৰাণে।
কৃষ্ণ কিনে সংশয় খণ্ডাইবে পাৰে কোণে॥
মহন্তৰ দুখ দেখা ঈশ্বৰ ইচ্ছাত৷
XXX ॥ ৪১৩
ইহলোকে পৰলোকে হৰি দে বান্ধৱ।
পাণ্ডবর দু বড় হয়ো মাধৱ॥
শুনা সভাসদ পদ মনিচন্দ্ৰ ঘোষ।
মিলয় মুকুতি সুখ হৰে কৰি দোষ॥৪১৪
মহন্তু পাণ্ডবে বৈশ্য কৰিছে হৰিক।
বৈষ্ণবক দেৰে হৰি প্ৰাণতো অধিক॥
ভজিলে মাত্ৰকে প্ৰভু ধৰে মোৰ বুলি।
এহিজানি কৃষ্ণ পাবে ভজিয়ো সমূলি॥৪১৫
মই মহা দীন হীন অধম পামৰ।
মোক পৰিত্ৰাণ কৰা প্ৰভু গদাধৰ॥
বদহি ভাৰতচত্ৰে মুকুল কিঙ্কৰ৷
ক্ষমা বা তুটা দোষ মই অধমৰ॥৪১৬
কৰযোৰ কৰি কৰোঁ বৈষ্ণবক তুতি।
অগধ্য গহন কথা আমি অল্পমতি॥
পদ ৰচনাত দোষ মোৰ যিতো হয়।
মহাজন সবাৰযে ক্ষমা নুগুছয়॥৪১৭
শাস্ত্ৰে কহে মহন্তৰ ক্ষমাত সাধন।
এতেকেসে মোৰ দোষ ক্ষমা সৰ্ব্বজন॥
আজি কালি কিবা কৈত মিলয় মৰণ।
কৃষ্ণৰ অভয় পদে পুশিলো শৰণ॥৪১৮
ভেজা ভাষাভুব যত বিষয়ৰ কাম।
খণ্ডেক অপদ ডাকি বোলা ৰাম ৰাম॥৪১৯
—
অনন্তৰে যাজ্ঞসেনী, | আছিলন্ত মনে গুনি। | |
কিনো মোৰ ভৈলা কষ্ট, | স্বামী সব ভৈলা নষ্ট। | |
লাজ কাজ এৰিলোহোঁ, | শৰ ধনু ধৰিলোহোঁ৷ | |
মাৰিলোহোঁ ম্লেচ্ছগণ, | ভুতদায়া কৰি চন॥৪২০ | |
কাটন মাৰণ ধৰ্ম্ম, | ক্ষত্ৰিয়ৰ নিজ কৰ্ম্ম। | |
নিৰ্দ্দয়া স্বৰূপ হুয়া, | কাতি মাৰি বশ্যকায়া। | |
তাসম্বাৰ এহিবন | আমি নাৰী অল্পজুন। | |
স্বামী সেবা মাত্ৰ কাজ, | থাকিবেক গৃহ মাজ॥৪২১ | |
ভুতদয়া নাছাৰিবো, | স্বামীৰ সোত ৰৈবো। | |
পুত্ৰবতে প্ৰাজাগণ, | পালিবেক ৰঙ্গমন। | |
অন্তকালে স্বামী পদে, | অনুগামী যাই বলে। | |
স্বামীৰ সঙ্গত মন, | নযাই যিতো নাৰীজন॥ ৪২২ | |
পুংচলিৰ জনা কাৰ্য্য, | হাসিবেক সবে ৰাজ্য। | |
স্বামী নাহিকে তাৱ, | ইতে নৰকাতাঠাৱ। | |
হাঁ বিধি কি বিল, | শান্তিধৰ্ম্ম বিনাশিলা। | |
মিলিলা মৰণ মোৰ, | আইলা ৰাক্ষসিনী বোৰ॥৪২৩ |
এইক আবে কি কৰিবো, | কেনমতে বিনাশিবাে॥ | |
পলাই সাৰিবে টান, | ধৰিবেক বিদ্যমান৷ | |
এক গৰাসতে খাইবো, | হাৰে মুণ্ডে চোবাইবাে॥ | |
লােকত কীৰিতি ৰৈবো, | মহাকুখ্যাতিও হৈবো৷৪২৪ | |
যি হৌক সি হৌক ভাগে | শৰ প্ৰহাৰিব লাগে ॥ | |
মায়াবী ৰাক্ষসী জাতি, | কৰিবেক মায়াআতি৷ | |
নিগদতি মুনিবৰ, | এহিবুলি ধনুশৰ ॥ | |
ধৰিলেক বৰনাৰী, | প্রচণ্ড আটাস পাৰি৷ ৪২৫ | |
কৃষ্ণ কৃষ্ণ উচ্চাৰিয়া, | ঘোৰবান প্ৰহাৰিলা॥ | |
তিশাল বিষাল বান, | ছুইনে মাত্র হৰে প্রাণ। | |
হেনবান হানিলেক, | হৃদয়ত পৰিলেক॥ | |
উফৰি পৰিলা শৰ, | ভয়ভৈলা নিৰন্তৰ। ৪২৬ | |
আৰু পাত প্রহাৰিলা, | সিয়ো পৰি নাশ ভৈলা॥ | |
দ্রৌপদীক খেদি গৈলা, | যাজ্ঞসেনী ভয় ভৈলা। | |
হৰাইলা চুৰুতি জ্ঞান, | নৰহয় যেন প্রাণ ॥ | |
মনে দৃঢ় কৰিলন্ত, | ধনুধৰি তুলিলন্ত৷ ৪২৭ | |
সন্নিতট ভেট পাই, | উপৰক তুলি চাই॥ | |
কৰকৰি চোবাই দান্ত, | যেন তেলিয়াৰ জান্ত। | |
মাথাত কামােৰ দিম, | মৰমৰি চোবাই নিম॥ | |
এহিমতে দৃঢ় কৰি, | খেদি পাইলা বেঙ্গধৰি । ৪২৮ |
যাজ্ঞসেনী দেখি হেন, | মহাভয় কৰি মন। | |
দুইহাতে তুলি ধৰি, | দিলে কোব্টান কৰি॥ | |
গিৰিসাই পৰিলেক, | মহাশব্দ উঠিলেক। | |
জিনিলা দ্ৰৌপদী নাৰী, | ৰাক্ষসিনী গৈলা মৰি॥ ৪২৯ | |
শুনিয়ােক সভাসদ, | বনপৰ্ব্ব পূর্ণপদ। | |
পুৰ হৈবাে মনস্কাম, | পুৰিবো আপদ দাম॥ | |
জুমুৰি ভাৰতচন্দ্ৰে, | বিৰচিলা পদবন্ধে ! | |
তেজি বিষয়ৰ কাম, | ডাকি বােলা ৰাম ৰাম। ৪৩০ |
—*—
পদ।
বৈসম্পায়ন বদতি শুনিয়াে নৃপবৰ।
মায়াবী ৰাক্ষসী তাই মায়াত প্ৰখৰ॥
ছিদ্রচাই ষঙ্কিকাৰ শৰীৰ ধৰিলা।
নাশপথে বেগধৰি গৰ্ভত পশিলা॥ ৪৩১
উপদ্রব কৰিবে লাগিলা গর্ভেপশি।
তেজ মাংস খাইবেক লাগিলা ৰাক্ষসী॥
পীৰাপাই দ্ৰৌপদী উফৰি পৰিলন্ত।
ত্ৰাহিকৃষ্ণ বুলি সতী মুৰ্চ্ছিতা ভৈলন্ত ॥৪৩২
কতোবেলি মুৰ্চ্ছা গৈয়া পৰি ৰহিছিলা
চেতন লভিয়া কষ্ণ বুলি ডাকদিলা॥
দ্ৰৌপদীৰ কাৰুণ্যত দেব সনাতন।
চক্ৰধৰি গৰ্ভত পশিলা তেতিক্ষণ॥ ৪৩৩
দেখণ্ড মাধবে দ্ৰৌপদীক বেঢ়ি খাই।
চক্ৰধৰি হৰি পাচে দেখিলন্ত যাই॥
ৰাক্ষসী দেখিয়া চক্ৰ পৰম প্ৰচণ্ড।
এতিক্ষণে মোহোক কৰিবো খণ্ড খণ্ড॥৩৩৪
মহাভয়ে ৰাক্ষসী বজাইলা বাহিৰত।
উঠিলেক দ্ৰৌপদী কৃষ্ণৰ প্ৰসাদত॥
বোলে যাজ্ঞসেনী ক্ৰোধে ধৰি ধনুশৰ।
ৰাক্ষসীক মাৰি দুখ এৰাইবো সত্তৰ॥ ৪৩৫
এহিবুলি ধনুধৰি কৃষ্ণ সুমৰিলা।
পৰম প্ৰচণ্ড বেগে ক্ৰোধিয়া ৰহিলা॥
দুৰ্জ্জয় গাণ্ডীব ধনু ধৰি বৰনাৰী।
অক্ষয় টোনত শৰ নপাৱে বিচাৰি॥ ৪৩৬
পাচে এক গোট শৰ উপৰে উঠিলা।
যিতো বান অমৃত মথন্তে উপজিলা।
অসোধনে অৰ্জ্জুনৰ টোনত আছয়।
তাহাৰ মহিমা ধমঞ্জয় না জানয়॥৪৩৭
মায়াৰূপী শৰ সিতো তিৰিৰ আকাৰ।
দৃঢ় দেহা ধৰি আছে পৰম দুৰ্ব্বাৰ॥
শুনি জন্মিজয় কৰযোৰে পুচিলন্ত।
কহিয়োক গুৰুবাপ তাহাৰ বৃতান্ত॥ ৪৩৮
কৈত পাইলা সিতো শৰ পৰম দুৰ্ব্বাৰ।
কিয় পিতামহে সিতো নাজানয় শৰ॥
ইহাক শুনিবে আতি মনত উৎসব।
আৰ আদিঅন্ত কথা কহিয়ো বান্ধব॥ ৪৩৯
হেন শুনি মুনিবৰে কহিলা তাহাক।
দেবদৈত্য গৈলেক সাগৰ মথিবাক॥
মথিলা সাগৰ সবে দ্ৰব্য উপজিলা।
ভাগে ভাগে বস্তু সবে দেবগণে নিলা। ৪৪০
ঐৰাবত হস্তী আৰ উচ্চৈশ্ৰবা হয়।
উপজিলা পাৰিজাত পুষ্প অতিশয়॥
তাত পাচে অপেস্বৰা সব উপজিলা ৷
তিৰিময় শৰপাত লগতে উঠিলা॥ ৪৪১
কালমুখী শৰপাত পৰম সুন্দৰ।
অপেস্বৰা পাচে বাজ ভৈলেক সত্বৰ।
স্বৰ্গৰ ভুষণ যত দিব্য কণ্ঠাগণ।
বাসবে নিলন্ত তাক কৰি ৰঙ্গমন॥ ৪৪২
কালমুখী অস্ত্ৰবৰ অল্প দেখি মনে।
তাক বাঞ্চা নকৰিলা একো দেবগণে॥
ব্ৰহ্মাক উপেক্ষি বহি আছে সেহি থানে।
অগনি খুজিয়া পাচে নিলা সেহিবানে ॥৪৪৩
কতোকাল মান বহ্ণি থানত আহিলা।
অনন্তৰে কলিযুগ আসিয়া মিলিলা॥
অগনিয়ে অৰ্জ্জুনক ধনুটোন দিলা।
সেহিবান পাচে অগ্নিদেবে পাসৰিলা ॥৪৪৪
অৰ্জ্জুনৰ আগে নকহিলা তাৰগুণ।
কৃশ হৈয়া টোনে পশি আছয় আপোন॥
একোথামে প্ৰহাৰ নকৰে ধনঞ্জয়।
নিৰকুল ৰূপে বান টোনত আছয় ॥৪৪৫
মায়াময় শৰ সিতো মহিমা অযুত।
সামান্য মানিয়া নামাৰয় কুন্তীসুত॥
টোলহন্তে বাজ হৈয়া উঠিয়া আসয়।
দেখি যাজ্ঞসেনী তাক ধৰিলা নিশ্চয়॥ ৪৪৬
বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
সেহিবেলা ৰাক্ষসী ধৰিলা নিজকায়॥
মায়াকৰি জগতৰ গিলিবাক মনে।
ধৰিলেক নিজৰূপ তাই তেতিক্ষণে॥ ৪৪৭
পাতালক লাগি তাই বেন্তগোট যাই।
দশোদিশ জিনি বেগে শৰীৰ বঢ়াই॥
বিকট দশন যেন শালবৃক্ষ প্ৰায়।
অগনি সমান আক্ষি চাহন নজাই॥৪৪৮
আতিবৰ বেসে তাই বৰ আসৰিস।
কোনথানে যাইবে দেৱে নাপাৱন্ত দিশ॥
চন্দ্ৰসূৰ্য্য নিজতাপ এৰি অন্তৰিলা।
ভয়ে নৱগ্ৰহসব অন্তৰিয়া গৈলা॥৪৪৯
কৰপাৰি বহিলেক দিগ্গজ সকল।
নৰহয় ধৰণা কৰয় তলবল॥
ঢলপল কৰে সব পৰ্ব্বত সকল।
উঠি উঠি যাই সাতো সাগৰৰ জল॥৪৫০
দৌপদীৰ মনত মিলিলা মহাভয়।
সসাগৰা মহীসমে আমাক গিলয়॥
স্বৰ্গএৰি পলাই গৈলা দেৱতা সমস্ত।
একালসৰে মই কিবা কৰিবো শকত॥৪৫১
হে কৃষ্ণ! তুমি বিনে পৰিত্ৰান নাই।
গৰ্ভত ৰাখিলা মোক ৰাক্ষসীও খাই॥
নাজানোহো মই একো শৰৰ মহত্ত্ব।
কোন বেলা কোন শৰ মাৰিবে শকত॥৪৫২
তথাপিতো এহি শৰপাত হাতে পাই।
ইহাক হানিবো আজি ৰাক্ষসীক লই॥
এহিবুলি বানপাত ধৰি তেতিক্ষণে।
কৃষ্ণৰাম হৰি সুমৰন্ত ঘনে ঘনে॥৪৫৩
গুণত লগাইলা মাত্ৰ আৰ্থবেৰ্থ কৰি।
বাঢ়িবে লাগিল আতি দিব্যমূৰ্ত্তি ধৰি॥
মেৰু পৰ্ব্বতৰ সম ভৈলা কলেবৰ।
গাঠি গাঠি জিকি পাৰে হীৰা মানিকৰ॥৪৫৪
ৰত্ন বিৰঞ্চিত তাত ঘুগুৰা আৰিলা।
কঙ্কপক্ষী চাঁয়া তাত বিশিষ্ট বহিলা॥
প্ৰবন্ধে গড়িলা তাত দুইখানি হাত।
এহিমতে সজাইয়া ৰহিলা তথাত॥৪৫৫
তিশাল বিষাল খাণ্ডা দুইহাতে দিলা।
বিষময় মুখগোট পাচেসে সাজিলা॥
ৰেখাৰূপে খাণ্ড যেন তাহাত থাকয়।
বাৰিষাৰ বেলা মহা প্ৰচণ্ড হোৱয়॥৪৫৬
মেৰু মন্দাৰৰ সম ভৈলা কলেৱৰ।
দুইখান খৰ্গ যেন ত্ৰিশূল হৰৰ॥
চাহিবে নপাৰি আতি দেখিলাগে ভয়।
আজি গঢ়ি আছে যেন দেখিতে তেনয়॥৪৫৭
তাহাৰ ভৰক নসহয় মহীখণ্ড।
প্ৰকাশ কৰয় যেন আদিত্য প্ৰচণ্ড॥
অনন্তৰে বাহুমেলি দিগ্গজ ৰহিলা।
নাগলোক তৰাসয় ভয়ে চমকিলা॥ ৪৫৮
জোণ্টাজুণ্টি হুয়া সবে ভৈলা একাকাৰ।
দৈত্য দানবৰ ভয় মিলিলা ডাঙ্গৰ॥
সাত সাগৰত মোৰ ঢউ উথলিলা।
পৃথিবী কাটিয়া ঘোৰ জল নিকলিলা॥ ৪৫৯
মৎস্য যে মগৰ শিহু ঘৰিয়াল যত।
মৰিলা সকল সব ঢউৰ কোবত॥
স্বৰ্গচাৰি যাই ব্ৰহ্মা দেশৰ অস্তত।
লাগিলা চমক সব শৰৰ মহত্ত্ব॥ ৪৬০
ঋষিয়ে বোলন্ত শুনিয়োক জন্মিজয়।
হেন অদ্ভুত শৰ নতু দেখা নাই॥
মহাভৰে ধৰণী সম্যক যাই তল।
দ্ৰৌপদীও পৰম আক্ৰান্তে দিলা বল॥ ৪৬১
বামভৰি আগকৰি ডাহিন পাচত।
ভুমি থিৰ নোহে বল নপাৱে গাৱত॥
তথাপিতো মহাটান কৰি বল দিলা।
আটাসেক দিয়া দেবী শৰ প্ৰহাৰিলা॥৪৬২
মূৰ্ত্তিমন্ত শৰ সিতো লখ্য মাত্ৰ পাই।
বায়ুত অধিক কৰি আপুনি ছলয়॥
সুৰাসুৰ লোকে বোলে মিমিলা প্ৰলয়।
কোহো কোহো বোলে নুহি ভূমি উলটয়॥ ৪৬
এহিমতে আকাশ চানিয়া বহি যাই।
কতোবেলি ৰাক্ষসী নাৰীক লাগ পাই।
আকতুল্য ভয়ানক ক’তো দেখা নাই।
দুইখান খাণ্ডাধৰি কাতিয়া পেলাই॥৪৬৪
পৰ্ব্বত সমান একো ডোখৰ ছেদিলা।
দুইদণ্ড মানে সিতো ৰাক্ষসী পৰিলা॥
গিৰিসিত কৰি ধৰণীত পৰি গৈলা।
যোল্লহাত মান মহী নিম্ন হুয়া ৰৈলা॥৪৬৫
পৰিলা ৰাক্ষসী মুণ্ড চাণ্ডিবে লাগিলা।
বায়ুবেগে গৈয়া শৰে সাগৰে স্নানিলা॥
পুনৰূপি অৰ্জ্জুনৰ টোনত নাসিলা।
ব্ৰহ্মাৰ থানত গৈয়া উপেক্ষি ৰহিলা॥৪৬৬
শৰবৰ হানি পাছে দ্ৰুপদ নন্দিনী।
কাতিমাৰি বিনাশিলা পিশাচ যুগুনী।
শোনিতৰ কত নদী বহে সেই ঠাই।
দ্ৰৌপদীৰ মহিমা কহন নযাই॥৪৬৭
বৈসম্পায়ন বদতি শুনিয়ো জম্মিজয়।
যাজ্ঞসেনী দেববাক্য তথাতে আছয়॥
চুৰুতি লভিয়া দেবী জিৰাই ৰহিলা।
দেবতা সকলে মাথে পুষ্প বৰিষিলা॥ ৪৬৮
সাধু যাজ্ঞসেনী নোহে মানুষৰ নাৰী।
মহামায়া দেবী আসি আছে অবতৰি।
এতেকেসে যজ্ঞমণ্ডপত বাজ ভৈলা।
দেবকাৰ্য্য সাধিবাক নৰবেশে আইলা॥ ৪৬৯
এহিবুলি দেবসব তথাতে আছয়।
শুনিয়োক কথা পাচে ৰাজা জন্মিজয়॥
মেঘি পিশাচীক পাচে দ্ৰৌপদী মাৰিলা।
সুৰাসুৰ লোকত যে হৰিষ মিলিলা॥ ৪৭০
কালকুঞ্জে শুনি তাৰ ভাৰ্য্যাৰ মৰণ।
সৈন্যসব আগকৰি লৰিলা তেখন॥
ভাৰ্য্যা ভ্ৰাতৃ মাৰিলেক মই কি কৰিবো।
মানুষ নাৰীক মাৰি মান্যক সাধিবো॥ ৪৭১
এহিবুলি শেল শূল পৰিষক ধৰি।
মাৰ মাৰ কৰি আসিলেক তৰাতৰি॥
শোকে দুখে আসি পাচে তথাতে মিলিলা।
ক্ৰোধমনে দ্ৰৌপদীক বুলিবে লাগিলা॥ ৪৭২
হাওঁৰে মানুষী তই কিকাম কৰিলি।
ভাৰ্য্যা ভ্ৰাতৃমাৰি তই যশক লভিলি॥
মোহোৰ হাতত তই যাইবি কোন ঠাই।
ত্ৰিদশ দেৱৰ আৰে মুখে দিওঁ চাই॥ ৪৭৩
যাজ্ঞসেনী বোলে অৰে পিশাচ দাৰুণ।
আমাসাক হেন বানী বোলা কোনগুণ॥
ভাৰ্য্যা ভ্ৰাতৃ মাৰিলোহো তোৰ নাই লাজ।
তোহোক মাৰিবো আজি বুজ মায়েৰ কাজ॥৪৭৪
এতো প্ৰতি প্ৰতি বোলো গৃহ লাগি চল।
আপুনাৰ ধৰে যাই ৰহিয়ে নিস্ফল॥
হেন শুনি কালকুঞ্জ ক্ৰোধে কম্পিলেক।
তেতিক্ষণে দ্ৰৌপদীক শেল হানিলেক॥৪৭৫
দ্ৰৌপদীয়ো নৰাচ হানিলা ধৰি বেগে।
হানা শেলগোট বিনাশিলা সেহি ছেগে॥
সেহিবেলা দানবে হানিলা পৰিঘক।
দ্ৰৌপদীও হানিলা যে ঘোৰ ত্ৰিকণ্টক॥৪৭৬
কণ্টকে পৰিঘে এক ঠাই ভৈলা দুই।
ধৰণী পৰিলেক খণ্ড খণ্ড হুই॥
দেখি ম্লেচ্ছগোটে খঙ্গে মুণ্ড আস্ফালয়।
তিৰি গোটে হেন মহা বিৰতু কৰয়॥৪৭৭
শেল পৰিঘাক নষ্ট কৰিলা আমাৰ।
আছে আৰু শূলপাত ত্ৰিভুবন সাৰ॥
মহেশ্বৰে আমাক দি আছে দয়াওৰে।
হৰৰ ত্ৰিশূল যেন হােৱে ধাৰে সাৰে॥৪৭
এহি যদি নষ্ট যাই মােহােৰ মৰণ।
মানুষী নাৰীৰ তেবে সাম্ফল জীবন॥
এহিবুলি দেবদেবী দুইকো সুমৰিলা।
আকাশক চাই যেন শূল প্রহাৰিলা ॥৪৭৯
লৰিলা ধৰণীখান তলবল কৰি ।
দেবাসুৰ নৰ ভয়ে গৈলা ডৰাডৰি॥
দেখি যাজ্ঞসেনী ভয়ে তৰাসিয়া গৈলা।
কিবা কৰিবেক মনে গুণিবাক লৈলা ॥৪৮০
দেবগণে বােলে আজি সমুলে বুৰয় ।
দানবৰ শুলাঘাৱে দ্রৌপদী মৰয়।
হেন দেখি বৰ নাৰী টোনত চাহিলা।
নিৰিতিৰ বানগােট আজৰি আনিলা॥৪৮১
শূলপাত আসে যদি পায়া মহাজয়।
ভকৰ ভকৰ কৰি অগনি জ্বলয়॥
বিশ্বকর্ম্মে নিৰ্ম্মিয়াছে বচনে হৰৰ।
বজ্ৰলােহাৰ মুখ দেখি লাগে ডৰ॥ ৪৮২
[১০৫]
সহ লহ কৰে যেন দূৰতে গিলয়।
তাক দেখি কোন বীৰে নকৰিবে ভয়॥
সুবৰ্ণ মানিকে তাৰ কৰিয়াছে কাম।
চিকিমিকি কৰে তাত নাহিকে উপাম॥৪৮
হেন শূলপাত আসে আকাশক গনি।
চাৰিও দিশক চানি বায়ে অগনি॥
দেখি যাজ্ঞসেনীয়ে হানিলা বাণ গোট।
ত্ৰিভুবন নসহে যাহাৰ মহাচোট॥৪৮৪
বিন্বাদ শবদে শৰপাত খেদি যাই।
আকাশ মধ্যত শূলপাত খেদি পাই॥
তিনি খণ্ড কৰি কাভি পেলাইল মহীত।
দেখি ম্লেচ্ছপতি আতি ভৈলা ভয়ভীত॥৪৮৫
বোলে মোৰ মৃত্যু আসি ভৈলা উপসন্ন।
নিশ্চয় ফলিলা মহাদেবীৰ বচন॥
শেল পৰিঘ আৰু শূল নাশ ভৈলা।
মন্ত্ৰহীন মোহাৰ শকতি দূৰে গৈলা॥৪৮৬
এইক মাৰিবে একো উপায় নপাইলে।
বলে ধৰি মাৰো মোৰ শত্ৰুক উঘালে॥
এহিবুলি বেগধৰি খেজিয়া আসিলা।
ধৰিবাক আসে দেখি দ্ৰৌপদী ডৰিলা॥৪৮৭
[১০৬]
আথেবেৰ্থে কৰি শৰ হানিলা অনেক।
তাক নগণিয়া সিতো যায় প্ৰত্যেক॥
হৰাইলা চুৰুতি যাজ্ঞসেনীৰ গাৱত।
ধনুখান তুলি ধৰি লৈলেক হাতত॥৪৮৮
খেদি আসি অসুৰে সমীপ যেবে পাইলা।
ধনু ধৰি পাচে এক কোবক বসাইল॥
ধৰিবাক মনে হাত মেলিবে খুজিলা।
প্ৰচণ্ড কোবত তাৰ দুইহাত ভাঙ্গিল॥৪৮৯
পুনঃ তাক লৰিবে নেদিলা বৰনাৰা।
ভাঙ্গিলেক মুণ্ডগোট আউৰ কোব মাৰি॥
মুণ্ডভাঙ্গি গৈলা সিতো উফৰি পৰিলা।
খানিতেক থাকি যমপুৰে চলি গৈলা॥৪৯০
পৰ্বত আকাৰ দেহ তাৰ পৰিলেক।
সুৰাসুৰ লোকে তাক দেখিলা প্ৰত্যেক॥
বৈসম্পায়ন বদতি শুনিয়ো নৃপবৰ।
অদ্ভুত মহিমা সিতে দ্ৰুপদ জীয়াৰ॥৪৯১
মাৰিলেক ম্লেচ্ছ সব ভাৰ পৃথিবীৰ।
থাকিলা কীৰিতি সিতো পাঞ্চালী দেবী॥
দেবলোকে প্ৰশংসন্তে বোলয় বচন।
মাথে পুষ্প বৰিষিলা সিদ্ধ মুনিগণ॥৪৯২
[ ১০৭ ]
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি কুবেৰ বৰুণ।
অস্বীণীকুমাৰ আৰু অষ্টবসুগণ॥
সবে আসি কতো দূৰে ৰৈলা আলাগতে।
দ্ৰুপদ জীয়াক সবে প্ৰশংসি সততে॥৪৯৩
যাজ্ঞসেনী নাৰী যেবে ৰণজয় ভৈলা।
অনন্তৰ দেবৰাজে বুলিবাক লৈলা॥
শুনিয়োক আই কৰিলাহা উপকাৰ।
তিনিয়ো লোকৰ দুখ গুছাইলা সবাৰ॥৪৯৪
লোৱা বৰ দেওঁ যিতো মনে আছে ইচ্ছা।
গুৰুত্তৰ কৰ্ম্ম তুমি আপুনি কৰিছা॥
প্ৰণাম কৰিয়া পাচে অবনত ভাৱে।
ধীৰে ধীৰে বৰনাৰী মাতে সেহি ঠাৱে॥৪৯৫
তোমোৰা দেবতা সব পৰ উপকাৰী।
আমি বনৱাসী আৰু অনাথিতি নাৰী।
পাঞ্চজন পাণ্ডব জীয়োক দিয়া বৰ।
এহিমানে তোমাসাক কৰোহোঁ কাতৰ॥৪৯৬
আনবৰ আমাক কিসক লাগিচয়।
সবে বৰ পাওঁ তেবে পাণ্ডব জীবয়॥
জীয়োক পাণ্ডব বুলি ইন্দ্ৰে বৰ দিলা।
অশ্বিনীকুমাৰ তুইকো আদেশ কৰিলা॥৪৯৭
মহা ঔষধীক দিলা বিশল্য কৰণী।
পাঞ্চৰ শৰীৰ ভেদি ৰাহিলেক চানি॥
ঢালিলা অমৃত বৃষ্টি সবাৰ গাৱত।
সুস্থ্য হুয়া উঠি উঠি বসিলা তথাত॥৪৯৮
যেন নিদ্ৰা জাগিয়া উঠিলা শয়ন।
বিষনাশ কৰিলেক অশ্বিনী কুমাৰ॥
বজ্ৰময় দেহা অতি অষ্টগুণে বল।
কৃষ্ণ কৃষ্ণ সুমৰিয়া ৰহিলা কেবল॥৪৯৯
দেবাঙ্গ বসন ৰত্নময় অলঙ্কাৰ।
দ্ৰৌপদীক দিলা ইন্দ্ৰে কৰিলা সৎকাৰ॥।
যুধিষ্ঠিৰ নৃপতিক নুবুলি বচন।
আপুনাৰ থানে চলি গৈলা দেৱগণ॥৫০০
দ্ৰোপদীয়ো পাঞ্চ পাণ্ডবৰ সন্নিতত।
ৰহিয়াছে মহাদুখ কৰিয়া মনত॥
জিলা পাঞ্চপতি মোৰ খণ্ডিলা নিকাৰ।
এহিবুলি বৰনাৰী হৰিষ অপাৰ॥৫০১
দেবাতাৰ বৰে দেবী অধিকে জ্বলন্ত।
যুধিষ্ঠিৰে ঘনে ঘনে তাহাক চাহন্ত॥
পাঞ্চবীৰ বসিয়া আছন্ত ৰঙ্গমনে।
কৃষ্ণ কৃষ্ণ নাম সুমৰন্ত ঘনে ঘনে॥৫০২
অনন্তৰে যুধিষ্ঠিৰে বোলয় বচন।
কোন থানে আমি আহি আছো কোন বন॥
যেন কতো কালনিদ্ৰা কৰিয়াছো দুখে।
জাগিয়া আছোহোঁ দেখো আমি বৰ সুখে॥৫০৩
কহিয়োক জানা সবে ইহাৰ কাৰণ।
আমাৰ বৃত্তান্ত যেন কহিয়ো লক্ষণ॥
অৰ্জ্জুনে বোলন্ত নাজানোহো আৰ কাজ।
আমাৰ বিপত্তি যেন ভৈলা মহাভাগ॥ ৫০৪
ইহাৰ কাৰণ জানে দ্ৰুপদ জিয়াৰী।
আনে ভালমন্দ কিছো কহিতে নাপাৰি॥
ঋষিয়ে বোলন্ত জানা ৰাজা জন্মিজয়।
ভকতৰ মৃত্যু আবে কোথাতে আছয়॥ ৫০৫
পাণ্ডবৰ কষ্ট দুখ খণ্ডিলাহা হৰি।
ভকতক ৰাখি ফুৰে মহা যত্ন কৰি৷।
হেন জানি কৃষ্ণপাৱে কৰিয়ো ভকতি।
হৰি বিনে আন কেৱে নপাবয় গতি॥ ৫০৬
শুনা সভাসদ পদ বৈষ্ণব চৰিত।
ইসে সুখ দিবে জানা দুৰ্ঘোৰ কলিত॥
যিতো বিষয়ৰ আসে নভজে হৰিক।
কালে উৰুৱাই নিব অপেক্ষিব কিক॥৫০৭
ধনজন দিয়া তেবে কৰিব ৰক্ষণ।
মই বৰ মানুষ বুলিয়া গৰ্ব্বমান॥
সিতো গৰ্ব্বচুৰ হৈব দুতৰ হাতত।
ধনজন সবে পৰি ৰব ইথানত॥ ৫০৮
হেনজানি নৰলোক হৰিক ভঞ্জিয়ো।
বিষয়ৰ লতপত দূৰত তেজিয়ো॥
পৰম বান্ধব জানা মাধবৰ নাম।
তাতে বৈষ্ণবৰ নাম গোৱা অবিশ্ৰাম॥৫০৯
জানিয়া যতনে তৰিবাৰ কৰা কাম।
লাগোক পাপত জুই বোলা ৰাম ৰাম॥ ৫১০
⸻
দুলৰি।
নিগদতি মুনি শুনা জন্মিজয়,
যেন কথা ভৈলা পাচে।
যুধিষ্ঠিৰ ৰাজা এক মন কৰি
দ্ৰৌপদীক চাহি আছে॥ ৫১১
অল্প অল্প কৰি কৃষ্ণক সুমৰি
কুন্তী সুত ধৰ্ম্ম ৰাই।
বোলন্ত দ্ৰৌপদী কহিওক কেন
আমাত কথা বুজাই॥ ৫১২
শুনি যাজ্ঞসেনী যমক দেখিয়া
শোকে বিয়া কুল ভৈলা।
দুখক সুমৰি মকমকি কৰি
কান্দিবে দেবী লাগিলা॥৫১৩
চাৰিও ভাতৃৰ নয়ন সজ্জল
দ্ৰৌপদীৰ দেখি দুখ।
যুধিষ্ঠিৰ ৰাজা ঘুৰি ঘূৰি চাৱে
চাৰিও ভাতৃৰ মুখ॥৫১৪
কতো বেলিমানে কান্দিবৰ নাৰী
মুখ আখি মুচিলন্ত।
পূৰ্ব্বাপৰ যত বৃতান্ত সকল
কহিবাক লাগিলন্ত॥৫১৫
বদতি দ্ৰৌপদী আজি সাত দিন
মৰি আছা পাঞ্চ ভাই।
তোমাৰ মৰণে আমাৰ বিলাই
কোনে কহি অন্ত পাই॥৫১৬
এহি ম্লেচ্ছ দেশ পৰম দাৰুণ
আছে তাত দুই ভাই।
বৰ কাল কুঞ্জ শোষক কনিষ্ঠ
বলে সমশৰ নাই॥৫১৭
দেব মনুষ্যত অবধ্য শৰীৰ
দুৰ্গাৰ বৰত আতি।
প্ৰহৰেক পন্থ হাতে ঢুকি পায়
তেজ খাই ক্ৰূৰ মতি॥৫১৮
তোমাৰ পাঞ্চ শুষি খাইলেক
অনাথিনী ভৈলো আসি।
পাপীষ্ঠ ৰাক্ষসে মোহোক নখালে
ভৈলো মই অধোগামী॥৫১৯
আমাক নিবাক তাৰ দুই ভাই
আসিলেক কাচি পাৰি।
গাৱৰ শকতি দিলোহোলৱৰ
নপাইলে মোক বিচাৰি॥৫২০
এক বৃক্ষতলে বসিয়া আছিলোঁ
দুখৰ নাহিকে অন্ত।
কবচ সন্নাহা সহিতে তহিত
আকাশ বাণি ভৈলন্ত॥৫১১
গাণ্ডীব ধনুক ধৰি বৰ নাৰী
ম্লেচ্ছৰ সৈন্য মাৰিও।
তোমাৰ স্বামীক আমি জীয়াই দিবো
দেৱৰ কাৰ্য্যক সাধিও॥ ৫২২
শুনিওক আই হেলা পৰিহৰি
দেবৰ বচন কৰা।
স্ত্ৰীৰ হাতত তাহাৰ মৰণ
বিলম্বক পৰিহৰা॥৫২২
ইন্দ্ৰ আদি কৰি সকলে আসিয়া
ভাৰ্য্যা গণ সঙ্গে কৰি।
অপেশ্বৰাগণ ৰহিলা বিমানে
তোমাক সবে আবৰি॥৪২৪
তাসম্বাৰ বাক্য নমস্কাৰ কৰি
গাণ্ডীব ধনু ধৰিলোঁ॥
দেবৰ বৰত বল পৰাক্ৰম
সমস্ত মই লভিলো॥৫২৫
অসংখ্য হাজাৰ ম্লেচ্ছক বিনাশ
কৰিলোহোঁ এহি ঠাই।
সৈন্য বধ শুনি বজাই আসিলা
দানবৰ সৰু ভাই॥৫২৬
বৃক্ষ শিলা হানি আমাক বধিবে
কৰিলা বৰ যতন।
এক শৰ হানি কৰিলোঁ বিনাশ
কৃষ্ণক সেবি চৰণ॥৫২৭
তাত পাচে তাৰ বৰ ভাতৃ গোট
কাল কুঞ্জ নাম তাৰ।
প্ৰচণ্ডেক দল লগত আসিল
প্ৰথম ষাঠি হাজাৰ॥২৮
শিলা বৃক্ষ হানি আমাক পুতিব
হেনয় তাহাৰ মনে।
সন্নাহা চিগিল গাৱৰ বেগত
অন্তৰিলোঁ তেতিক্ষণে॥৫২
মৰিলা মানুষী বুলিয়া দানবে
ৰঙ্গ ভৈলা বহুতৰ।
পাচে সৈন্য সব পঠায়া দিলেক
তাহাৰ আপোন ঘৰ॥৫৩০
পাছে মোক দেখি দাৰুণ দানবে
শুন শেল প্ৰহাৰিলা।
ব্ৰহ্ম বাণ গৈয়া তাহাৰ সকলো
মহত্ত চুৰ কৰিলা॥৫৩১
নাজানোহো বাণ টোনহন্তে সিতো
আপুনি উঠি আসয়।
মহা বল তাৰ সবে নাশ কৰি
চলিয়া গৈলা নিশ্চয়॥৫৩২
মেথী নামে তাৰ ধৰণী আছয়
মায়াত অতি দুৰ্ব্বাৰ।
তাইৰ তলত সৈন্য আছিলেক
প্ৰথম লক্ষ হাজাৰ॥৫৩৩
শিলাদলি হানি আমাক ঢাকিলে
গায় দেখি লাগে ভয়।
তাহাৰ প্ৰহাৰে আমাৰ শৰীৰে
মহা পিৰা লাগি চয়॥৫৩৪
নাৰায়ণ শৰে দেবৰ বচনে
বিনাশন্ত নিৰন্তৰ।
মেথী পিশাচীয়ে আমাক খাইবাক
চাপিলা আসি ওচৰ॥৫৩৫
ধনু তুলি ধৰি দিলো এক কোব
মায়া যে মৰিলা তাই।
কতোবেলি মোৰ গৰ্ভত পশিলা
তেজ মাংস হাৰা খাই॥৫৩৬
চক্ৰ ধৰি হৰি তাহাত আমাক
ৰাখিলন্ত কৃপাময়।
পেটৰ বজায় বাঢ়িবে লাগিলা
তিনিও লোক গিলয়॥৫৩৭
কালমুৰি সৰে তাইক বিনাশিলো
মাধৱৰ প্ৰসাদত।
তাইৰ বধ শুনি আসিলেক খঙ্গে
কাল কুঞ্জ দুস্ত চিত্ত॥৫৩৮
মহা পৰাক্ৰমে ঘোৰ শৰ হানি
তাহাক কৰিলো চন্ন।
আমাক চাহিতে ওচৰ চাপিল
ইন্দ্ৰ আদি দেৱগণ॥৫৩১
বৰ লৈবে লাগি আমাক বুলিলা
খুজিলোহো এহি বৰ।
পিশাচে খাইবাৰ স্বামী যে আমাৰ
জীৱন হৌক সত্তৰ॥৫৪
পাছে তোমাসাক জীয়ালে আসিয়া
অশ্বিনী কুমাৰ দুই।
এতেকেসে জানো তুমি সব জীলা
পৰম আনন্দ হুই॥৫৪১
হেন দেখি সবে দেবগণ গৈলা
হৈল কাৰ্য্য সুশোভন।
দেৱ কাৰ্য্য সাধি তোমাৰ সবৰ
সাম্ফল ভৈলা জীৱন॥৫৪২
শুনা সভাসদ হুয়া নিসবদ
পুণ্য কথা বিতোপন।
আপদ দুৰ্গতি সবে নষ্ট হয়
ইহাক কৰি শ্ৰৱণ॥৫৪৩
বোলন্ত ভাৰতে পৰম ৰহস্য
আক শুনি সুখ পায়।
দ্বৈপায়ণ মুনি বৈশন পায়নক
আপুনি আছে বঢ়াই॥৫৪৪
মাৰ্কণ্ডেয় ঋষি ধৰ্ম্ম পক্ষি আগে
ইহাক কহি আচন্ত।
জন্মেজয় আগে ভাৰ্গে কহিলন্ত
প্ৰচাৰ আবে ভৈলন্ত॥৫৪৫
হেন জানি সবে মহন্ত সকলে
মোক নিন্দা নকৰিও।
ইহকালে হিত পৰকালে বিত্ত
সংসাৰ সাগৰ নাও॥৫৪৬
নাহি ভয় লেশ ঢৌউ দৃষ্ট হয়
নিৰ্ভয় মনে ফুৰয়।
আপদ বিঘিনী সবে দূৰ হয়
কালেও থাকে দৰায়॥৫৪৭
নাম হৰি পদ পঙ্কজ যুগল
দণ্ডৱত সতবাৰ।
তেজি অন কাম বোলা ৰাম ৰাম
যতলোক সময্যাৰ॥৫৪৮
পদ।
ঋষিয়ে বোলন্ত পৰিক্ষিতৰ তনয়।
দ্ৰৌপদী কহিলা পাঞ্চ ভাতৃ শুনিচয়॥
শুনি তাসম্বাৰ মহা বিস্ময় মনত।
বোলে কিনো আচৰিত তিৰিৰ মহত্ব॥৫৪৯
ভবাৰ্ণৰ বনে আমাসাৰ মৃত্ত্যু ভৈলা।
প্ৰাণ পৰিশ্ৰমে ভীমে আমাক জীয়াইলা॥
ইয়ো বাৰ পথ চাৰি বিপথে আসিলো।
ম্লেচ্ছে খাইলেক তাত নিশ্চয় মৰিলো॥৫৫০
দেব বাক্য ধৰি আমাসাক জীৱাই লন্ত।
পূৰ্ব্বে মৰু ঋষি এহি কথা কহিলন্ত॥
আমাকেসে প্ৰতি মুণি সংক্ষেপে কহিলা।
বৈষ্ণবৰ বাক্য হৰি সবে সাফলিলা॥৫৫১
সাধু সাধু দ্ৰুপদ নন্দিনী বৰ নাৰী।
তযু ভাগ্য যত তাক কহিতে নপাৰি॥
তোমাৰ প্ৰসাদে আমি জীলো পাঞ্চ ভাই।
দ্ৰৌপদীক প্ৰসংশিলা যুধিষ্ঠিৰ ৰাই॥৫২
অৰ্জ্জুনে বোলন্ত দাদা আগে আছো জানি।
মঞ্চঋষি ইটোকথা কহিলা যৈসানি॥
দ্ৰৌপদীৰ যুদ্ধ হৈব ম্লেচ্ছসেনা সঙ্গে।
আমাৰ কল্যান হৈব দেৱতাৰ ৰঙ্গে॥৫৫০
সহদেবে বোলে ইটো আচৰিত নই।
ঈশ্বৰৰ ইচ্ছা ইটো পূৰ্ব্বে আছে হুই॥
পুৰ্ব্বে মহামায়া ইটো কথা জানিচয়।
তাতে দ্ৰৌপদী হস্তে মৰিয়া আছয়॥৫৫৪
সিকাৰণে তিৰীৰ হাতত মৰিলন্ত।
দেবীৰ বচনমাত্ৰ সত্য কৰাইলন্ত।
এহিমতে আনো নানা কহি কথামাত।
দুতয় প্ৰহৰ মান আচয় তথাত॥৫৫৫
চাৰিদণ্ড বেলা আছে দেখি নৰ ৰাই।
ভীমক চাহিয়া হেন বুলিলা বুজাই॥
পথ চাৰি আসি ম্লেচ্ছ সেনাত পশিলো।
পালতিয়া চলো বুলি তোমাত পুছিলো॥৫৫৬
ইটো পথে বহুত্তৰ ফুৰিবে লাগয়।
আছয় কমল বন লক্ষ্মীৰ নিলয়॥
তাক দৰশনে স্নান কৰিবাক ভাল।
আছে কৰ্ণদত্ত মুনি তপস্বী বিশাল॥৫৫৭
তাক দৰশনে হব পুণ্য অৰ্ব্বুদয়।
সেহি বেলা ভীমসেন কহিবে লাগয়॥
বৃকোদৰে বোলে কি আমাৰ ফুৰণ।
যেনে তেনে হৈবে লাগে দূৰ্গতি তাৰণ॥৫৫৮
দ্ৰৌপদী বোলন্ত প্ৰভু কহিও নিশ্চয়।
কিমতে কমল বনে লক্ষ্মীৰ নিলয়॥
কোন কালে লক্ষ্মী তাত নিবাস কৰিলা।
বৈকুণ্ঠক এৰি কেনে ইহাক আসিলা॥৫৫৯
যুধিষ্ঠিৰে বোলে শুণিয়োক যাজ্ঞসেনী।
ভীষ্ম পিতামহে মোত কহিছে আপুনি॥
গজেন্দ্ৰক উদ্ধাৰিতে কৰি আতি মন।
হৰি মেধা বিপ্ৰঘৰে ভৈলা উতপন॥৫৬০
লক্ষ্মী আসি কমল বনত ৰহিলন্ত।
অযুত বছৰ মানে তথাতে আছন্ত।
মনুষ্যৰ মানে গৈল অযুত বছৰ।
লক্ষ্মীৰ মনত জীনা ক্ষেনেক মাতৰ॥৫৬১
কল্পিত বৈকুণ্ঠ পাছে হৰি সাজিলন্ত।
জগত জননী মায়ে তাহাক গৈলন্ত।
এতেকে কমল বৰ লক্ষ্মীৰ আলয়।
মনুষ্য শকতি তাক যাইবে নপাৰয়॥১২
আমি মহা যত্ন কৰি তাক যাইবো আগে।
স্নান দান তৰ্পন কৰিবো তাত লাগে॥
চন্দ্ৰভগা সৰোবৰ তাৰ মুক্ষ নাম।
আছে কৰ্ণদত্ত মুনি নাহিকে উপাম॥৫৩
কৰ্ণদত্ত দৰশণ চন্দ্ৰ ভদ্ৰা স্নান।
মহাপূণ্য কীৰ্ত্তিতাত হোৱে বিদ্যমান॥
এতেকেলে যাইবে লগে আমি সেহি ঠাই।
পৰম ভাগ্যেসে গৈয়া পাৱে সেহি ঠাই। ৫৬৪
কহিলোঁহো যেন মত বনৰ কাৰণ।
শুনি দ্ৰৌপদীৰ অতি ভৈলাৰঙ্গ মন॥
বৈসম্পায়ন বদতি শুনিও নৰৰাই।
পাণ্ডবৰ যশৰাসি কহন নযায়॥ ৫
পাচে গধূলিকা বেলা তথাতে মিলিলা।
কতখানি গৈয়া পাচে আন আচৰিলা॥
বঞ্চিলা ৰজনী পচে যুধিষ্ঠিৰ ৰাই।
প্ৰহৰি ধৰিলা চাৰিভিতি চাৰি ভাই॥ ৫৬৬
এৰাইলা দূৰ্গতি সব ছয়োজনে আতি।
অনন্তৰে আসি পুনু পুহাইল ৰাতি॥
উঠিয়া পৰিলা পাচে কুষ্ণ নাম স্মৰি।
স্নানি পান তৰ্পণ কৰিৰে মন কৰি।. ৫৬৭
পাচে সোনাকাঞ্চি নদী দেখি লণ্ড যাই।
পৰম গহন অতি তাৰ তীৰ পাই॥
প্ৰচণ্ড প্ৰতাপ নদী পৰে সাগৰত।
বোলে আমি হিববাহো ইহাৰ তীৰত॥ ৫৬৮
এহি বুলি স্নান পান অৰ্পণ কৰিলা।
দেৱ পিতৃ অৰ্চ্ছা কৰি তীৰত উঠিলা॥
পাছে তাৰ তীৰে তীৰ কৰিলা গমন।
দুই তিনি চাৰি দিন থাকে ৰঙ্গ মন॥ ৫৬৯
কতোদিন যান্তে এক অপায় মিলিলা।
নদী তীৰে গৃহ কৰি নৃপতি ৰহিলা॥
নকুল সহদেৱ দুই মৃগ মাৰিবাৰ।
নকুল সহদেব দুয়ো ভৈলা আগুলাৰ॥ ৫৭
অঙ্কুশিৰা নামে এক যক্ষ দুৰাসয়।
কুশক বনৰ সিতো অধিকাৰী হয়॥
সিংহ বাঘ মনুষ্য দেৱতা নাগচয়।
তাহাৰ ভয়ত সিতো বনে নপশয়॥৫৭১
পৰ্ব্বত আকাৰ দেহা আঙ্গাৰৰ বৰ্ণ।
দেখি শ্ৰুতি হৰে আতি দুইখান কৰ্ণ॥
শালবৃক্ষ সম দুই খান বাহু তাৰ।
চক্ষু দেখি লাগে ভয় অগ্নি সমসৰ॥ ৫৭২
মহা ভয়ানক বেশে সুতিয়া আছয়।
মৃগ মাৰি ফুৰে দুয়ো মাদৃৰ তনয়॥
অকম্মাতে যক্ষক দেখিলা দুয়ো ভাই।
যেন গিৰি গোট বহি তথাতে আছয়॥ ৫৭৩
দেখি দুই বীৰে পাচে সঙ্কুচিত মনে।
ধনুতুলি ধৰি শৰ যুৰিলা তেখনে।
দেখিয়া যক্ষৰ আতি ক্ৰোধজলি গৈলা।
কোনতই বুলি পাচে সুধিবাক লৈলা॥ ৫৭৪
ইটোমোৰ বনে কোন ফুৰা ধনু ধৰি।
আজি আমি তোহোক ভুঞ্জিবো নিষ্ঠ কৰি।
জন্ম বংশ গোত্ৰ তোৰ কহিয়ো সত্তৰ।
কিবা হেতু ফুৰা ইটো বনৰ ভিতৰ॥ ৫৭৫
মনুষ্য খাইবাৰ মোৰ ইচ্ছা হুয়াছই।
তোমাৰ দুহাঙ্ক দেখি আনন্দ মিলয়॥
হেন শুনি সহদেবে দিল সমিধান।
শুনৰে অসুৰ কহো আমাৰ প্ৰমান॥ ৫৭
[ ১২৪ ]
পাণ্ডুবংশে ৰাজা যুধিষ্ঠিৰ বাৰ নাম।
তাহাৰ কনিষ্ঠ আমি দুই অনুপাম।
আমা সাত শ্ৰেষ্ঠ আছে আৰ দুই ভাই।
ভীম ধনঞ্জয় বলে যাৰ সম নাই॥৫৭৭
সোনকাঞ্চি নদী তীৰে আচন্ত নৃপতি।
আমি দুই আইলো মৃগ মাৰিবাক প্ৰতি॥
হেনশুনি অঙ্গুশিৰা মনে ৰঙ্গ বৰ।
পাঞ্চ মানুষক আকি ভুঞ্জিবো সত্তৰ॥৫৭৮
ইহাক খাহন্তে সিতো তিনি পলাই যাই।
মোহোৰ হাতত সাৰিবেক কোন ঠাই॥
বলাই ঘটাই বিধাতায়ে আনি দিলা।
কষ্টপুস্ত মানুষক আহাৰ মিলাইলা॥৫৭৯
ঋষিয়ে বোলন্ত শুনা ৰাজা জন্মেঞ্জয়।
পাণ্ডবৰ মহিমাক বক্ষে নজানয়॥
যেন কাল সৰ্পক মুগুধ কোন নৰে।
জৰি বুলি তাহাক ধৰিবে যত্ন কৰে॥৫৮০
সেহিমতে যক্ষ মন কৰি পণ্ডিবক।
ধৰিবাক মনে আতি চান্ত নকুলক॥
তোমাসাক কহো কথা শুনিয়োক সাৰ।
মোৰ বনে আসাতই মৃগ মাৰি বাৰ॥৫৮১
সত্তৰে অন্তৰ ঐৰ মৃগ পৰিহৰ।
আপোনাৰ প্ৰাণ ৰাখি নিজ পথ ধৰ॥
যদি মোৰ বচন নকৰা এতিক্ষণ।
শুল ঘাৱে জীৱ যাইদ নিশ্চয় বচন॥ ৫২
নকুলে বোলয় অৰে ভৰোয়াস কাক।
মৃগ এৰি নধাইবোহো ধৰি তোৰ বাক॥
যদি আমাসাক তই জোকাস পামৰ।
মহাশৰ ঘাৱে মাৰি নিবো যমঘৰ॥ ৫৩
এহি বুলি শৰ যুৰি ধনুত আচয়।
তিনি পাট শৰ তেবে যক্ষক মাৰয়॥
বৰ বেগে শৰ গৈয়া গাৱত পৰিলা।
নকুলৰ সৰে গৈয়া ছাল নিবিন্ধিলা॥ ৫৮৪
পুনুৰূপি হাণিলেক আৰু নবশৰ।
দীঘল ডাঙ্গৰ শৰ দেখি লাগে ডৰ॥
তথাপিতো যক্ষ ছাল লোম নলৰয়।
মনে মনে গুনিয়া লাগিলা মহাভয়॥৫৮৫
নেভেদিলা শৰ দেখি দাৰুণে চোৱাই।
মাদৃসুত বীৰক বধিবে খেদি যাই॥
দেখি ধনু তুলি ধৰি কোব এক দিলা।
গুণগাছ চিঙি ধনু উফৰি পৰিলা॥
দেখি সহদেবে চাৰি শৰ প্ৰহৰিলা।
যক্ষৰ গাৱত গৈয়া সন্ধানে পৰিলা॥
চাৰি গোট সৰ্প যেন পশিলা গৰ্ত্তত।
হুসকিয়া ৰৈলা সিতো ভৰি পাঞ্চশত॥ ৫৮৭
আৰু সহদেবে তাক লৰিবে নেদিলা।
খুৰবান হানি তাৰ মাথাক চেদিলা॥
পৰিলেক যক্ষ গোট পৰ্ব্বত আকাৰ।
একখণ্ড ধৰণী কম্পিলা নিৰন্তৰ॥ ৫৮৮
যক্ষক মাৰিয়া পাছে গধূলি বেলাত।
মাৰিয়া অনেক পশু মিলিলা তথাত॥
দেখি যুধিষ্ঠিৰৰ যে আনন্দিত মন।
নকুল সহদেৱক চাহন্ত ঘনে ঘন॥ ৫৮৯
এহিমতে ৰাজা ৰঙ্গে ৰজনী বঞ্চিলা।
দিনদশ মান পাচে তথাতে ৰহিলা॥
অনন্তৰে কমল বনক যাইবে মন।
পৰম কৌতুকে ৰাজা কৰিলা গমন॥৫৯০
পাইলন্ত মলয়া চল মহাৰম্য স্থান।
তাহাক এৰাই গৈলা কতো দূৰমান॥
নদী সৰোবৰ যত পৰ্ব্বত গহন।
চন্দ্ৰপ্ৰভা সৰোবৰ ভৈলা দৰশন॥৫৯১
হৰিৰ নিৰ্ম্মল সিটো দিব্য সৰোবৰ।
ৰত্নময় খাতখৰি চাৰিয়ো পাৰৰ॥
পুষ্পচয় আছে তাত দেখি বিতোপন।
বাৰ মাস বসন্ত তাত ৰহে সৰ্ব্বক্ষণ॥৫৯২
পৃথিবী মধ্যত ফুল পুষ্প আছে যত।
সবাহাকে পাই তাক সকলো কালত॥
সিংহ বাঘ ভালুক যতেক পক্ষিচয়।
থানৰ প্ৰভাবে কেৱে কাকো নিপিৰয়॥
কৰ্ণদন্ত মুনিৰ যে মহিমা অপাৰ।
দূৰতে পৰিয়া কৰিলন্ত নমস্কাৰ॥ ৫৯৩
কৰ্ণদত্ত ঋষিৰ ব্ৰহ্মচন্দ্ৰ শিষ্য বৰ।
সত্তৰি হাজাৰ শিষ্য আতি মুখ্যতৰ॥
তাহাঙ্ক চাহিয়া মুনি বুলিলা বচন।
ব্যাসৰ ঔৰষে ভৈলা পুত্ৰ তিনি জন॥৫৯৪
দুইজন ৰাজা ভৈলা মহত্ত অনেক।
বৰ গোট দুই আখি ভৈলেক অন্ধক॥
হস্তিনা পুৰিৰ ৰাজা শতপুত্ৰ তাৰ।
চোট গোট ইন্দ্ৰপ্ৰস্থে ৰাজা অনিৰ্ব্বাৰ॥৫৯৫
কুন্তকলা অপেশ্বৰী আসি সেহি ঠাই।
আপোনাৰ দোষে মনুষ্যৰ ৰূপ পাই॥
তান্ত পাঞ্চ পুত্ৰ যাত মহাবলবন্ত।
তিনিজন একঠাই তাহাতে ভৈলন্ত॥৫৯৬
ব্ৰহ্মায়ে প্ৰাৰ্থিলা দুখ দেখি পৃথিবীৰ।
দেবতা সকলে পাইলা শষ্য শৰীৰ॥
পুৰ্ণব্ৰহ্ম আসি দৈবকীত জন্মিলন্ত।
গোপৰূপে নন্দৰ গৃহত বাঢ়িলন্ত॥ ৪৯৭
মেঘ বক পুতনা কংসৰ লৈলা প্ৰাণ।
যতেক দানব দৈত্য কৰিলা ণিৰ্জ্জান॥
দন্তবক্ৰ শিশুপাল পাৰিসদ দুই।
সিদ্ধ সাপ পায়া পৃথিবীত যাত হুই॥ ৫৯৮
দৈত্য দানবৰ আৰু ভৈলা নৰ জন্ম।
নৰৰূপ ধৰি তাক মাৰি অনুক্ৰম॥
সাগৰ মাজত পাতি নগৰ বিশেষ।
গৃহাশ্ৰম ধৰ্ম্ম প্ৰবৰ্ত্তান্ত হৃষিকেশ॥ ৫৯৯
পৃথিবীৰ মহাভাৰ দূৰ কৰিলন্ত।
বনৰ ভাৰক দেখি মনে গুণিলন্ত॥
নৰৰূপে মহাদেৱ তান পাঞ্চ ভাই।
যজ্ঞমণ্ডপত দেবী উপজিলা যাই॥ ৬০০
পাঞ্চজনে বিহা কৰি আছে এক নাৰী।
দেৱমুনি সবে দিয়া আছে ভাগ কৰি॥
কুৰুবংশ সমে কুট পাশাখেলাৱয়।
বনৰ ভাৰক প্ৰভু হৰিবাক লয়॥ ৬০১
নৰৰূপে নাৰায়নে বনক পঠাইলা।
এতেকেসে ভাৰ্য্যা সমে পাখন মাইল।
তাসস্থাৰ শবণ মহা বিতোপ।
আক গাই শুনি হৈ বৈকুণ্ঠে গমন॥ ৬০২
দেৱগণে অভিনন্দা কৰয় তাহাক।
সূৰ্য্যে থাল দিয়া আছে অন্ন ভুঞ্জিবাক॥
অক্ষয় অমৃত অন্ন শত কৌতিমান।
অজৰ অভক্ষ চন্দ্ৰে অমৃতক দান॥ ৬০৩
এতেকেসে বনে বনে ফুৰে পাঞ্চ ভাই।
দেবগণ সদা তাৰ লগত সহায়॥
পূৰ্ণব্ৰহ্ম হৰি সঙ্গ নচাৰে তিলেক।
হৃদয়ত ব্যক্ত হৈয়া থাকয় প্ৰত্যেক॥ ৬০৪
কিৰ্ম্মিৰাৰ বদ্ধ সংঙ্খ ধবল মুকুট।
অগ্নিকেতু অসুৰক মাৰি কুন্তিসুত॥
ভবাৰ্ণব বনে মৃত্ত্যুভয় এৰাই লন্ত।
পাতালৰ নাগগণ ভীমে মাৰিলন্ত॥ ৬০৫
মৰুঋষি আশ্ৰমত কত দিনমান।
মহাভাৰ ম্লেচ্ছসেনা কৰিলা নিৰ্য্যান॥
দেবীৰ বৰত পুৰুষৰ হাতে তাৰ।
নাহিকয় মৃত্ত্য আৰু জানা সাৰে সাৰ॥৬০৬
মহামায়া আসি যজ্ঞমণ্ডপত থিত।
মহাযুদ্ধ কৰি দেবী মাৰিলা তহিত॥
আনৰ কিবল শক্তি ইমান হোৱয়।
সামান্য নাৰীয়ে তাক দেখিলে মৰয়॥৬০৭
হেনয় সবাক মাৰি আছে বৰ নাৰী।
তাকনো মানুষী বুলিবেক কেন কৰি॥
কতিপয় দিনে আসে থানক আমাৰ।
আজি তাক দৰশন হৈবো সাৰে সাৰ॥৬০৮
ব্ৰহ্মচন্দ্ৰ বোলে দেৱ মনুষ্য-শকতি।
কেন মতে ইটো থানে কৰিবেক গতি॥
লক্ষীৰ গোৱালি থান দেবৰ নিৰ্ম্মাণ।
দেবতাৰ অগম্য নাহিকে পৰিমাণ॥৬০৯
মানুষ পাণ্ডব কেনে ইহাত পশিব।
আৰু নাৰী সঙ্গে তাক কেনে পাৰ হৈব॥
ঋষিয়ে বোলন্ত গুণা ৰাজা মহাশয়।
ঈশ্বৰৰ অংশ পাঞ্চ পাণ্ডুৰ তনয়॥ ৬১০
অযোনীত জাত শুদ্ধ যজ্ঞমণ্ডপত।
বিশেষত মহামায়া ভৈলা উপগত॥
চৰণত চৰাচৰ তাহান পালন।
ইহাক আসিব সিটো আপোনাৰ বন॥৬১১
মহন্ত পাণ্ডবগণ ভকত একান্ত।
জ্ঞানশীল ধৰ্ম্মৰাজ পৰম মহন্ত॥
যাহাক ৰাখিয়া হৰি ফুৰে অনুক্ষণ।
তাহাক মানুষ বোলে কোন মূঢ়জন॥ ৬১২
হেন জানি তুমি সব আক এতিক্ষণ।
ক্ষণিতেকে তাসম্বাক পাইবা দৰিশণ॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
ব্ৰহ্মময় ঋষি সিটো সকলো জানয়॥ ৬১৩
জগতৰে থিতি তিনি জানে মুনিবৰ।
ব্ৰহ্মাৰ নাহিকে জানা বাহিৰ ভিতৰ॥
আজন্ম প্ৰভৃতি পাণ্ডবৰ জন্ম কৈলা।
ঈশ্বৰ অংশ যেন ইহাক জানিলা॥ ৬১৪
দেখা কেন বৈষ্ণবৰ পৰম মহত্ত।
মনুষ্য শৰীৰে বেক্ত হোৱে বৈকুণ্ঠত॥
এহিসে আচৰ্য্য ইটে। জানা মহীপতি।
পাণ্ডবৰ যশৰাশি বহিবে সম্প্ৰতি॥ ৬১৫
হেন জানি বুদ্ধজন তেজি আন মন।
তাসম্বাৰ চৰিত্ৰক কৰিও শ্ৰবন॥
হৈবে শুদ্ধ দেহ লভিবাহা ৰাজ্যভাৰ।
সুদ্ধকীৰ্ত্তি যশ ৰহিবেক তোমাৰ॥৬১৬
শুনা সভাসদ বনপৰ্ব্ব কথা সাৰ।
ৰহস্যৰো ৰহস্য নাহিকে আতপৰ॥
গুছে ভবভয় পাৱে পৰম মুকুতি।
সফল সাস্ত্ৰৰ ইতো পৰম যুকুতি॥ ৬১৭
এক মন কৰি ভজা দৈবকী নন্দন।
তাহাৰ কৃপাত হৈব সংসাৰ মোচন॥
কহয় ভাৰতচন্দ্ৰে এহি মুলকাম।
পতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥৬১৮
⸻⸻
ছবি
অনন্তৰে মহাৰাজা কুন্তীসুত যুধিষ্ঠিৰ
চাৰিদিশ চাহি চলি যায়।
শুক্ল কটিকৰ সিটো ভূমিখান বান্ধি আছে
পদুলি চৌপন্থ বান্ধিছয়॥
পদ্মৰ মাজত জানা লক্ষ্মীৰ মন্দিৰে আছে
যেন চন্দ্ৰ মণ্ডলৰ কান্তি।
সুবৰ্ণৰ পদ্মগণ গৃহক আবৰি আছে
সাৰি সাৰি ধৰি আতি পান্তি॥৬১৯
ব্ৰহ্মময় মহাস্থান ভ্ৰমৰাৰ মধু পান
কোকিলৰ কুহু কুহু নাদ।
অসংখ্যাত ৰাজহংস ৰাম ৰাম কৰি থাকে
বসন্তৰ মধুৰ সম্বাদ॥
দেখি ৰাজা সবহিতি জানু পাৰি প্ৰণামিলা
গোসানীৰ মন্দিৰক চাই।
ব্ৰহ্মতে শিৰুজহুয়া যত মহাজন আছে
তাসম্বাক প্ৰণামিল যাই॥৬২০
কতো বেলি মানে যাই ঋষিৰ আশ্ৰম দেখি
প্ৰকাশিত আতি জাতিস্কাৰ।
দীৰ্ঘ প্ৰস্থে যোজনেক উশ্ৰিত সুন্দৰ জ্বলে
ব্ৰহ্মময় মন্দিৰ অপাৰ॥
পুষ্পবন কুশবন নানা মত প্ৰকাশয়
পক্ষী সবে লৱে হৰি নাম।
পশু সব সুকোমল সবে পানী ভুঞ্জি ৰছে
কাকো কেৱে নকৰে হিংসন॥৬২১
পুষ্পৰ সুৰভি গন্ধে মন মোহয় আতি
ফলসব আমোদিত বাসে।
মহা ব্ৰহ্ম চাৰি সবো সদায় ব্ৰহ্মক চিন্তে
দৰশণে শোক দুখ নাশে॥
এহি মতে পাঞ্চ ভাই মহাৰঙ্গে বহি যায়
ঋষিৰ আশ্ৰমে উঠলন্ত
শুক্ল স্ফটিকৰ বৰ্ণ প্ৰকাশ কৰয় আতি
যেন হৰ কৈলাসে আচন্ত॥৬২২
কদম্ব বৃক্ষৰ তলে শিষ্য সব বসি আছে
নাহি গৃহ মণ্ডপ আবাস
দীৰ্ঘ প্ৰস্থে একদণ্ড মানৰ প্ৰমান হবে
ৰবিশশী নবহে বতাস॥
অযুতেক শিষ্য সমে ব্ৰহ্মময় বৃক্ষতলে
বসি আছে ব্ৰহ্মক ধিয়াই।
শিষ্য সকলৰ আগে বেদ বাখ্যা কৰি থাকে
অমৃততো স্বাদ আতি পাই॥৬২৩
থুলন্তৰ জটা গোট বৃহত শৰীৰ বৰ
শোভন সুন্দৰ হস্তদুটী।
দিব্য সিংহাসনে বসি কৰে মালা জপ্য কৰি
যেহেন ৰুধিৰ পৰে ফুটি॥
যাহাৰ তপৰ সীমা নজানয় ব্ৰহ্ম হৰে
ব্ৰহ্মা সৃষ্টি কৰিতে সমৰ্থ।
চাৰি বেদ চৈধ্য শাস্ত্ৰ কণ্ঠত কৰয় বাস
শিষ্য সবে গুণে সব অৰ্থ॥৬২৪
হেন সময়ত পাচে যুধিষ্ঠিৰ নৰ ৰাই
ভাৰ্য্যা ভাতৃ সমে মিলিলন্ত।
অসংখ্যাত শিষ্য সঙ্গে কৰ্ণদত্ত মুণিবৰে
কতদূৰ মানে দেখিলন্ত॥
ধীৰে ধীৰে গৈয়া পাচে জানু পাৰি প্ৰণামিলা।
দেখি ঋষি আসন দিয়াইলা।
আসনক মান্য কৰি মহাৰাজ কুন্তীসুত
হাত দিয়া মাটিত বসিলা॥৬২৫
হাস্য কৰি মুণিবৰে ব্ৰহ্ম চন্দ্ৰক যে চাই
বুলিলন্ত ৰাজাক বচন॥
দেবকাৰ্য্য সাধিবাক লাগি ভাতৃ ভাৰ্য্যা সমে
কৰিলাহা বনক গমন॥
যত যত ক্লেশচয় পাইলাহা বলও তুমি
তাক আমি জানি আছো ভালে।
তোমাসাৰ যসকীৰ্তি ৰহিলন্ত নিৰন্তৰে
যাবে চন্দ্ৰ দিবাকৰ জ্বলে॥৬২৬
আমাৰ থানক আবে বৰ শ্ৰমে আসিলাহা
ম্লেচ্ছে পীৰা কৰিলা বহুত।
পাঞ্চ ভাইৰ মৃত্যু ভৈলা দেবকাৰ্য্য নষ্ট গৈলা
যাজ্ঞসেনী কৰিলা মুকুত॥
দিব্য ধনুৰ্ব্বান ধৰি মই ম্লেচ্ছ নাশ কৰি
দেব বৰে স্বামীক জীয়াই।
দুৰ্গতি এৰাই পাচে সোন কাঞ্চি নদী তৰি
আমাসাক দেখিলা বোপাই॥৬২৭
ইটো মহাস্থান বৰ দেবতাৰ অগোচৰ
বৰ ভাগ্য বলে সে পাৱয়।
তোমাসাৰ পাঞ্চ ভাই মনুষ্য শকতি নহে
দেবতাতো উত্তম নিশ্চয়॥
এহি মতে মুণিবৰে তাসম্বাক দয়াত্তৰে
বহিবাৰ থান এক দিলা।
নাহি ক্ষুধা তৃষ্ণা ভয় জন্ম মৃত্যু জৰা নাই
এহি সমে তাহাত ৰহিলা॥৬২৮
দুলৰি
নমো হৰিপদ পঙ্কজ পৰম
দুখচয় বিনাশন।
পৰম মধুৰ মুকুতি ধৰিয়া
গুচায় ভক্তৰ শ্ৰম॥
হেনয় অৰুণ মধুৰ ভুজাঙ্গ
মকৰন্দ মধু পান।
সদায় তাহাত মজিয়া ৰহোক
কৰি তাহাক পালন॥৬২৯
নৰ নাৰায়ণ নৃপতি প্ৰধান
ৰবিতলে সম নাই।
জপে গুণে ধীৰ গহীন গম্ভীৰ
কৃষ্ণক চিন্তে সদায়॥
বৈষ্ণব বিপ্ৰ সদা আৰাধন্ত
বাচকৰ পুৰি মন।
সৰ্ব্বক্ষণে কাজ নামক নেৰন্ত
কৃষ্ণৰ দুই চৰণ।। ৬৩০
ধৰ্ম্ম ন্যায় নীতি লোকৰ প্ৰবৃত্তি
বঢ়াৱত দিনে ৰাতি।
নাহি দণ্ড বন্ধ ৰ তাৰ সব
যেহি দিবা দেন্ত আতি॥
জম্বুদ্বীপে ৰাজা যতমান আছে
সবাকো জিনিয়া মন
কীমৰূপ মধ্যে মহন্ত সবক
যজ্ঞ কৰি বিভুষণ॥৬৬১
বহুত শাস্ত্ৰৰ সম্মত আচয়
ৰহস্য আতি পৰম
মুখ্য মুখ্য চাই বিৰচিলো আমি
কৰি আতি অনুক্ৰম॥
পদ ৰচনাত যিটো কিছু দোষ
ক্ষমিওক মহাজন।
মই কৃষ্ণ ভূত্য এতমান কৃত
অৰ্পিলো কৃষ্ণ চৰণ॥৬৩২
সভাসদ সবে শুণা নিশবদে
পৰিহৰা আন কাম।
এৰিয়া দুৰ্গতি লভিবা মুকুতি
বেঢ়ি বোলা ৰাম ৰাম॥
পদ
জন্মিজয় ৰাজাত কহন্ত মুণিবৰে।
অদ্ভুত মহিমা সিটো পাঞ্চ পাণ্ডবৰে॥
যাত পালিবাক নপাৰয় দেৱচয়
মনুষ্য শৰীৰে সবে তাহাত পলয়॥ ৬২৩
বৈশম্পায়ন বদয়ো শুনিও জন্মিজয়,
মহন্ত চৰিত্ৰ আত মহিমা আছয়॥
দেখা কেন কৰ্ণদত্ত মুণিয়ে কহিলা।
ব্ৰহ্মময় মুণিতেতো সমস্তে জানিলা। ৬৩৪
এহি মতে তথাতে পাণ্ডব যেবে আছে।
শুনিয়োক যেন কথা ভৈলাতাত পাছে।
কমলা বৈকুণ্ঠে মহা সুখতে আছন্ত৷
সেহি দিনা যুধিষ্ঠিৰে বাক্য বুলিলন্ত। ৬০৫
শুনা বৃকোদৰ ধনঞ্জয় ছোট দুই।
কমলা বৈকুণ্ঠে আছে আনন্দিত হুই।
ঋষি সম্ভাসিয়া ফুৰিবাক লাগে বন।
তেবেসে আমাৰ সবে সিজে প্ৰয়োজন ৬৩৬
সুখ ভূঞ্জি ফুৰিলে নহয় একো কাজ।
বনবাসী তপস্বীৰ সবে সুখ বাজ৷
হেন জানি ভাতৃগণ কৰিয়ো যতন।
প্ৰতাততে চলিবে লাগয় আন বন। ৬৩৭
গৌতমক চাহি অগষ্টিক দৰিশন।
পাছে ব্ৰহ্মক্ষেত্ৰে মাৰি কৰিবো গমন।
এহিমতে আলোচন কৰি পাঞ্চ ভাই৷
আনদিনা চলি গৈলা ঋষিত মেলাই॥ ৬৩৮
জানু পাৰি প্ৰণামিলা উঠি ছয়োজন।
মুনিয়ে আশীস কৰিলন্ত ৰঙ্গ মন॥
কবচ পঢ়িয়া শিষ্যে বেদ যন্ত্ৰ স্মৰি।
ৰাজাক আশীষ দিলা উৰ্দ্ধবাহু কৰি॥৬৩৯
পাচ কৰি কৰি চলি যান্ত ছয়োজন।
চক্ষুদৃষ্টি যত মান দেখিল থান॥
অনন্তৰে ৰাজা পাইলা বৰাহ পৰ্ব্বত।
আছন্ত মাণ্ডবী ঋষি ঈশ্বৰ চিন্তাত॥৬৪০
তাহাত যে আছিলন্ত বৰাহ ঈশ্বৰ।
তথাক পাইলন্ত গই ৰাজা যুধিষ্ঠিৰ॥
পৃথিবী উদ্ধাৰ বেলা ভাহাত আছিলা।
সেহি সৰস্বতী জলে আচন্ত কৰিলা॥৬৪১
বৰাহ হৰিয়ে তাৰ জল পান কৈলা।
ব্ৰহ্মা আদি দেৱগণ তথাত আছিলা॥
সেহিতো বৰাহ গিৰি পুণ্যৰ আলয়
মহামুনি সবে তাত যজ্ঞ আচৰয়॥৬৪২
সৰস্বতী নদী বিষ্ণুপদী সম সৰ।
যাত স্নান কৰে সিদ্ধদেৱ বিদ্যাধৰ॥
সতাধিক সহস্ৰ হাজাৰ মুনিচয়।
লোকৰ অশ্ৰুতে মহাযজ্ঞ আচৰয়॥৬৪৩
সেহি থান পাইলা যুধিষ্ঠিৰ মহাঞ্জসি।
ধীৰে ধীৰে চলি যাই আশ্ৰমত পসি॥
ফলে ফুলে জাতিস্কাৰ গহন অপাৰ।
নামত কাঞ্চন বন দেখি চমৎকাৰ॥৬৪৪
তৃতীয় দিবস মানে তথাত আছিলা।
অনন্তৰে পাচে ঋষি সত্ৰক দেখিলা॥
কৃতাঞ্জলি কৰিয়া নমিলা মহীপতি।
পুনৰূপি ছয়োজনে কৰিলেক গতি॥৬৪৫
কতদুৰ গৈয়া পাছে ৰজনী মিলিলা।
পত্ৰ গৃহ সাজি ৰাজা তথাত ৰহিলা॥
প্ৰভাতে উঠিয়া ৰাজা কৰি স্নান পান।
দেৱ পিতৃ অৰ্চ্ছি পুনু কৰিলা গমন॥৬৪৬
নদ নদী সৰোবৰ পৰ্ব্বত অপাৰ।
এৰিয়া চলয় পাঞ্চ পাণ্ডুৰ কুমাৰ॥
কত দুই পৰ কতো তিনি পৰ যায়।
গৃহ কৰি ৰহে তদ্ৰত্তৰ বনচায়॥৬৪৭
বৃকোদৰে মৃগ মাৰি তথাত আনয়।
নকুল সহদেৱ দুয়ো বাচিয়া দিৱস॥
দ্ৰৌপদী ৰন্ধন কৰে নৃপতি ভুঞ্জয়।
তাত পায়ে চাৰি ভাতৃ ভোজন কৰয়॥৬৪৮
শেষত ভোজন কৰে দ্ৰুপদ জীয়াৰী।
এহিমতে ৰহি যান্ত মহাৰঙ্গ কৰি॥
কতদিনে পাইলা গই শ্ৰীফল বনক।
পাৰ্ব্বতী মহেশে যাক নচাৰে ক্ষনেক॥ ৬৪৯
বিন্দু নদী বহে তাক চৌভিতি আবৰি।
বহিলন্ত তাত গৈয়া পৰম সদৰি॥
বিন্দু তীৰ্থে স্নান কৰি ৰাজা যুধিষ্ঠিৰ।
কৃষ্ণক অৰ্চ্ছনা কৰিলাহা মহা ধীৰ॥ ৬৫০
শ্ৰীফল বনক এৰি পাইলা ক্ষুদ্ৰ স্থান।
আছয় গাল্বব মুণি তাৰ সমিধান॥
মুনিৰ আশ্ৰমে গৈয়া উপসন্ন ভৈলা।
কথা মাতে মুনি সমে সিদিনা ৰাইলা॥ ৬৫১
মুনিয়ে বোল তাসম্বাৰ শ্ৰীক ছাই।
বনবাসী হেন কিচু বুজন নজায়॥
মুনি সমে কথা মাতে ৰজনী বঞ্চিলা।
আৰ দিনা ৰাজা পাছে মুনিত পুছিলা॥ ৬৫২
অগষ্টি বাউলৰ স্থানে যাইবে মন কৰো।
কোন দিশে আছে কেনমতে পথ ধৰো॥
ৰাজাক সম্বোধি পাছে মুনিয়ে কহয়।
মলয় গিৰিৰ গুৰু অগষ্টি আছয়॥ ৬৫৩
উত্তৰ এৰিয়া পূৰ্ব্ব প্ৰদেশে নাইবৰা।
দুই দিশ মধ্যে আছে পথক ধৰিবা॥
তিনিপক্ষ মানে পাই মলয় পৰ্ব্বত।
আছে মহা ঋষি বৰ দক্ষিণ কোনত॥ ৬৫৫
মন্ন নদী বহে চাৰু ৰস চন্দনৰ।
ব্ৰহ্মক্ষেত্ৰে পৰে যাই পৰ্ব্বত নিৰ্জৰ॥
তাহাক চাৰিয়া পাইবা অগষ্টিৰ স্থান।
তাইৰ সত্ৰত মুনি আছে বহুমান॥ ৬৫৬
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
মলয় গিৰিক গৈলা পাণ্ডুৰ তনয়॥
পাণ্ডৱৰ মহিমাৰ শকতি অপাৰ।
তাক কহিবাক লাগি শকতি কাহাৰ॥ ৬৫৭
মুখ্য মুখ্য চাই কিছু কহিলো তোমাত।
মহাগুৰু ব্যাসে যেন কহিছে আমাত॥
পাণ্ডবৰ যশকৃৰ্ত্তি কৃষ্ণে সে বঢ়ান্ত।
অনুমাত্ৰ পাণ্ডৱক কৃষ্ণে নচাৰন্ত॥ ৬৫৮
একমনে যিতো জনে কৰয় শ্ৰবন।
ৰাজশ্ৰীক পায় আৰ গুছে পাপগণ॥
কৃষ্ণ পাণ্ডৱৰ কথা চৰিত্ৰ শোভন।
আৰু এক চিত্তমনে শুণে যিটোজন॥ ৬৫৯
শুনিয়োক তাসম্বাৰ সিদ্ধি যত কাম।
বাসৰ বচন ইতো পৰম উত্তম॥
ৰাজাগণে শুনি সাৰ্ব্ব ভৌমক পাৱয়।
নৱ নৱৰাজ্য সিটো সহজে লভয়॥৬৬০
ক্ষেত্ৰগণে শুনি বল বুদ্ধিক বাঢ়য়।
সকল সংগ্ৰামে সিতো হোৱয় বিজয়॥
বৈশ্য় সবে শুনি ধন ধান্যক লভয়।
বৈন্ধ্যা সবে শুনে যেবে পুত্ৰ ওপজয়॥৬৬১
ব্ৰাহ্মণ সকলে যদি শুনে বা পঢ়য়।
সবে শাস্ত্ৰ জানে মহামান্যক লভয়॥
হেনজানি ৰাজা একমনে শুনিয়োক।
আকলন্তে যিবা সেহি জানা মুৰ্খ লোক॥৬৬
ব্যাস মহা ঋষিৰ যে নৃশ্ৰীক বচন।
ইহাক অন্যথা নুবুলিবা বুদ্ধজন॥
শুনা সভাসদ বন পৰ্ব্ব কথা সাৰ।
কালকুঞ্জ বধ কথা ৰহস্য অপাৰ॥৬৬৩
আক এক চিত্তমনে কৰিয়োক পান।
নাবিকে ৰহস্য কথা ইহাৰ সমান
মহাপুৰানৰ কথা ইহাত আছয়।
ভাগবত শাস্ত্ৰ আত মিশ্ৰিত হোৱয়॥৬৬৪
নিতে কৰ্ণভৰি আৰু কৰিয়োক পান।
ইহকালে সুখ পাছে বৈকুণ্ঠত স্থান॥
নমো নমো নাৰায়ন অচ্যুত মাধৱ।
দিয়োক সুবুদ্ধি মোক বঢ়ায়া উৎসব॥৬৬৫
নানান শাস্ত্ৰৰ ইতো পৰম গহন।
আৰ অৰ্থ পাইবো কেনে আমি অল্পজন॥
তথাপিতো কৃষ্ণদেৱে মন সমৰ্পিলোঁ।
সেই বুদ্ধিবলে ইতো পয়াৰ ৰচিলোঁ॥৬৬৬
ইহাক শুনিয়ো মোৰ দোষক নচায়।
হেৰ আজি কালি কৰি ব্যৰ্থে আয়ু যায়॥
কৃষ্ণৰ চৰনে যান্তে ভকতি কৰিয়ো।
ভাৰত শ্ৰবন কৰি তৰণী লভিয়ো॥৬৬৭
অপ্ৰয়াসে পাইবা ঘোৰ সংসাৰৰ পাৰ।
আত পৰে আন জানা বুদ্ধি নাহি আৰ॥
বোলয় ভাৰতচন্দ্ৰ মই বৰ দীন।
ভক্তিধনে দাস কৰি লোৱা নাৰায়ন॥৬৬৮
শুনিআছো প্ৰভু তুমি পতিতৰ গতি।
ভাৰত পূৰাণে আক কহিছে সম্প্ৰতি॥
এতেকে তোমাৰ পাৱে কৰোহোঁ কাতৰ।
তুমি সে আত্মমা বন্ধু সবে জগতৰ॥৬১
জানি দয়াশীল মোক দয়া কৰিয়োক।
জন্মে জন্মে তোমায় চণে ৰতি হৌক॥
হে! দামোদৰ দেৱ মাগো এই বৰ।
মুখে নাম হৃদি জপ সঙ্গ ভকতৰ॥৬৬৯
আন বৰ নমাগোহো দিয়া এহি কাম।
সামাজিক লোকে ডাকি বোলা ৰাম ৰাম॥
সমাপ্ত
পুৱাৰ গীত
১। অ, এ, প্ৰাণ চৰিহে, আজু কেনে নুপুহে ৰজনী,
পদ। প্ৰথম প্ৰহৰ কালা শুগন্ধি পুষ্পেৰ মালা,
লাশ কৰি আছো বাত চাই।
পাৱৰ খৰম যুৰি আগবাঢ়ি আছো ধৰি
ৰৈলা কানু পৰনাৰী পাই॥
দ্বিতীয় প্ৰহৰ ৰাতি সয্যা মাজে আছো শুতি
মনে মনে বৰি আশা কৰি।
পৰক আশা যাৰ, নিস্ফল জীৱন তাৰ,
কেনে অভাগী নগৈলো মৰি॥
তৃতীয় প্ৰহৰ গৈলা তথাপিতো নাসিলেক
পৰ নাৰী পাই ভৈলা ৰতি।
হৰি হৰি দৈব বিধি কোনে ৰাকিলেক নিখি
মিছাতে বঞ্চিলো ইটো ৰাতি॥
চতুৰ্থ প্ৰহৰ গৈলা আদিত্য উদয় ভৈলা,
দুখনিশি ভৈলা সমাপন।
কৃষ্ণ কথা সাৰ কৰি হে দেৱ শ্ৰীহৰি
ইতো দুখ পৰম গহন॥
২। অহে মুৰুগা আফালি মাৰিবো তোক।
হে মুৰুগা মোচাৰি মাৰিবো তোক॥
ৰাতি নৌ পুৱাতে তই ডাক দিলি
প্ৰভু এৰি গৈলা মোক॥
পদ । একে পালঙ্কিতে শুতিয়া আছিলো
বদনে চুম্বন দিয়া।
ৰাতি নৌ পুৱাতে তই পাপি ডাকিলি
প্ৰভু গৈলা মোক এৰিয়া॥
শ্যামল সুন্দৰ কমল নয়ন
আৰকি দেখিবো মুখ।
কৃষ্ণ পত্নীগনে কান্দে শোকাৰুণে
কি ভৈলা ললাতে দুখ॥
কৃষ্ণ পত্নীগণে কান্দে শোকাৰুণে
মুৰুগাক পাৰে গালি।
কহে দেৱ হৰি নকৰা বিশাদ
কৃষ্ণক পাইবা গধূলি॥
[ ১৪৫ ]
ৰাধা ধেমালি গীত
লোকে বেৰৌ বেৰৌৰে,বেৰৌৰে গকুলেৰ লোক ২
চোৰ সোমাল ৰাধাৰ মন্দিৰে।
ইও বোলে বেৰৌ বেৰৌ সিও বোলে বেৰৌ
বেৰৌৰে গকুলৰ লোক ২ চোৰ সোমাল ৰাধাৰ
মন্দিৰে॥
শাহু নাই শহুৰ নাই, ননন নাই ঘৰে
মধ্য ৰাত্ৰি বংশিবাৱে ৰাধাৰ মন্দিৰে।
ঘট মট কৰি বুঢ়ী, শিকিয়াৰ কাটিলা জৰি,
দুৱাৰ বান্ধিলা টান কৰি
কোন চোৰ সোমাইছা ঘৰে এৰিয়া নেদিবো তোৰে
বুঢ়ীৰ হাতৰ যাইবি চাৰি।
তুহৰ জুইত ফুঙ্ক দিলা কণ্ঠ ধোৱা নিৰোধিলা
কাহে বুঢ়ী খহুৰ খহুৰ কৰি।
ৰাধাৰ কতাৰি ধৰি, বেৰোৱাৰ মুঠা ফালি
বাজ হৈলা দেৱ শ্ৰীহৰি॥
ধৰ ধৰ কৰি বুঢ়ী কানাইক নিলে খেদি
ফিৰি আসি নন্দেৰ কানাই বুঢ়ীক মাৰে লাঠি॥
পুনুৰুপি হৰি আসি ভিতৰ দুৱাৰে পশি
শৃঙ্গাৰ কৰিলা বনমালী
কহয় শ্ৰীহৰি দেৱে ত্ৰিদশে ভনিলা সবে
এই গীত ৰাধাৰ ধেমালী॥
৪। অহে শ্যাম মুৰুলি অম্বৰ দিয়া হে
শ্যাম মুৰুলি অম্বৰ দিয়া—
সাত পাঞ্চ গোপী জলত নামিলোঁ
তীৰতে অম্বৰ থৈ।
ছাৱাল দেখিয়া লজ্জা নকৰিলো
সি গৈলা অম্বৰলৈ॥
একণ্ঠ পানীত মজিয়া বহিলোঁ
জাৰে কাম্পে আমাৰ হিয়া।
কাও বাও কৰো দান্তে তৃণ ধৰো,
অম্বৰ পেলাই দিয়া॥
এক হন্তে গোপী অঙ্গক ঢাকিয়া
এক হস্তে কৰে জোৰ।
কদম্বৰ পৰাই কানাই বোলয়
সিও খানি হস্ত তোল॥
যাৰ যিবা বস্ত্ৰ লোৱা চিনি চিনি
বুলিলো নিশ্চয় কৰি।
এই কথা শুনি গৈলা গোপীগণ
হাতে কৃতাঞ্জলি কৰি।
কহে হৰিদেবে এ প্ৰাণেৰ বান্ধবে
শিশু গোবিন্দৰ লীলা।
গোপৰ তুতিত কৃষ্ণ তুষ্ট ভৈলা
অম্বৰ পেলাই দিল॥
জুনা
৫। বাপু মোহন মুৰালি বাচি এৰিলি কত
আমি সবে গোপী ভাল মতে জানো বাচি এৰিলি যত
অহৰিএ গধুলি বেলিকা ফুৰিব গৈছিলা
হাতে মোহন বাচি লৈ।
কাবাৰ গৃহত ৰঞ্জনী বঞ্চিলা
বাচি আহিলা থৈই
এৰিলা এৰিলা এত দোষ নাই
এতিয়া আনাগৈ বাচি।
তুমিও যুবত ৰাধাও যুবতী
দেখিলে উঠিবে হাঁচি॥
নতুন যুবতী প্ৰেমে মগ্ন হৈয়া
ৰজনী কৰিলা ক্ষয়।
চালৰ বেচাত বাচি খুহি থই
আসিলা সুধা হাত লৈই॥
শিখাত সিন্দুৰ দেখিহে গোপাল
আঞ্চলে তামোলৰ পিক
এই বেশে তুমি গৃহক নাযাবা
মায়ে দিব ধিক ধিক
যমুনাৰ জলে পখালি আহাগৈ
লম্পত চিহ্ন গুছাই।
ছাৱালৰ বেশ ধৰিয়া কানাই
মাৱত লৱণু মাগই॥
কহে দেৱ হৰি শুনা সাৰ কৰি
ই কথা বাৰি ডাঙ্গৰ।
গোপীৰ গৃহত বংশী এৰি আহি
কি বুলি দিব উত্তৰ॥
৬। লৰু ধৰি ধৰি যশোৱা মাৱে
খেদে পাচে পাচে
জাপ দিদি মদন মুৰালি উঠে কদম গাছে।
যশোদায় বোলে নন্দসুত তোৰ মাঠা খাম পূত
ঠেং ভাঙ্গি থম খোৰা কৰি
পৰৰ বস্তু দেখিলেও নানা হেন কৰিম তোক
মোহাৰি ভাঙ্গিম হাত ভৰি।
আই ধৰ বাই ধৰ যদুমণি মাৰে লৰ
কোনে পাৰাহ মোক ধৰিদি
ভাণ্ডা ভাঙ্গি লয়নু খায় খেদা মাৰিলে পলাই যায়
ইয়াৰ উপায় হব কি॥
কহয় শ্ৰীহৰি দেৱ শুণা মোৰ বন্ধু সবে
কৃষ্ণৰ শিশু লীলা চৰিত্ৰ।
নৰনাৰী সবে সুখে কৃষ্ণ নাম গোৱা মুখে
তেবে সবে হৈবাহ পবিত্ৰ॥
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )