পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫৩ ]

অযুত হস্তীৰ বল উঠিলা গাৱত।
বিদ্যুৎ সঞ্চাৰ বেগে লাগিলা চলিত॥
প্ৰত্যেক ভৰিত ভূমি কাম্পে ঘনে ঘনে।
অসুৰেও খেদি যাই ধৰিবাক মনে॥২২৭
হেন দেখি শোষকে মনত শুনি পাই।
স্ত্ৰীৰ হাতত আমাসাৰ প্ৰাণ যাই॥
যদি গাৱচালি বল কৰে বৰনাৰী।
তেবে আমি আক আৰু এৰাইতে নপাৰি ॥২২৮
আত অনন্তৰে সিতো ভৈলা কতোদূৰ।
শোষকেও বোলে দাদা যাইবো যমপুৰ॥
এহি শুনি পাচে সিতো দিলেক লৱৰ।
খেদি আগবাঢ়ি গৈয়া ধৰিলা সওৰ॥২২৯
শুনা মহাবীৰ হেন কৰা কেনে মন।
মনত নপৰে দেৱী আইৰ বচন॥
স্ত্ৰীৰ হাতত মৃত্যু হৈবে বুলিলন্ত।
এতেকেসে তোৰা আজি এৰিয়া আসন্ত॥ ২৩০
এহি কথা শুনি পাচে ম্লেচ্ছ ক্ৰুৰগণ।
পালতিল শুনি সিতো ভ্ৰাতৃৰ বচন॥
অনন্তৰে দুই ভাই নগৰে পশিলা।
সেনাগণ আনি হেন আদেশ কৰিলা ॥২৩১